“মহৎ লোকৰ বাণী”(-ঈশানজ্যোতি বৰা)

 

 

“ছাৰ, আমাৰ অঞ্চলৰ সাহিত্য-প্ৰেমীসকলে আলোচনী এখন প্ৰকাশৰ যো-জা চলাই আছোঁ ৷ আপোনাৰ পৰা লেখা এটা লাগিছিল ৷”

“কি লাগিছিল বুলিলা?”

“ছাৰ,লেখা এটা৷ মানে এইধৰক প্ৰৱন্ধ-নিৱন্ধ,গল্প-কবিতা,উপন্যাস ইত্যাদি ইত্যাদি৷”

“হমম ! চাহকণ খালানে? খালা নহয় ! এতিয়া দাঁতকেইটাই ঠিকে-ঠাকে কাম কৰি আছে যদি প্লেটত থকা বিস্কুটটো টুপুককৈ চোবোৱা আৰু সৌখন দুৱাৰ খোলায়েই আছে৷ পুতুককৈ গুচি যোৱা৷”

“হে:হে:হে:৷ ছাৰৰ ধেমালিবোৰ নগ’ল আৰু দেই৷হেহেহে:”

“হেহেয়াই থাকিব নালাগে৷ আই এম চিৰিয়াচ৷”

“ছাৰ, এইবোৰ আপুনি কি ক’ব লাগিছে !”

এসময়ৰ নাম-জ্বলা সাহিত্যিক গুণধৰ বৰকাকতীৰ আচহুৱা ব্যৱহাৰত মই আচৰিত নহৈ নোৱাৰিলোঁ৷

“ফৰাচী ভাষালৈ অনুবাদ কৰি দিম নেকি ! যি কৈছোঁ খাঁটি অসমীয়াতে কৈছোঁ৷”-মই কিবা এটা ক’বলৈ মুখ মেলাৰ আগতেই তেওঁ আকৌ ভেঁকাহি মাৰি উঠিল৷ কথাত বিদ্ৰুপৰ সুৰ৷

“তেনেকৈ নক’ব প্লিজ ছাৰ ! হয়তো আপুনি পাহৰিছে, কিন্তু আমি এতিয়াও পাহৰিব পৰা নাই অসমৰকাব্য-জগতত খলকনি তোলা আপোনাৰ সেই “তুমি,মই আৰু অসম চৰকাৰ” ৰোমান্টিক কবিতাটো৷ পাহৰিব পৰা নাইঅসমৰ বুদ্ধিজীৱী সমাজক তুলা-ধুনা দিয়া “অসমৰ বুদ্ধিজীৱিয়ে এনজয় কৰিবলৈ পাহৰিলে নেকি?” শীৰ্ষক তত্ত্ব-গধুৰ প্ৰৱন্ধটো৷ পাহৰিব পৰা নাই…” স্মৃতিৰ বৰপেৰাটো খুলি তেওঁক অতীত জীৱনৰ ৰোমাঞ্চকৰ দিনবোৰলৈ উভতাই নিবলৈ চেষ্টা কৰিলোঁ৷

কথা শেষ হ’বলৈ নাপালেই তেওঁ আকৌ মুখতে ধৰিলেহি-“হেৰা,হেৰালাউডস্পীকাৰ ,হ’ব দিয়া ৷ ইমান টেঁটুফালি মৰিব নালাগে ৷ সেইবোৰ ময়েই লিখিছিলোঁ৷ সঁচা কথা৷ কিন্তু এতিয়া সেই ৰামো নাই,ৰাৱণো নাই৷ মুঠতে একোৱেই নাই৷”

“কিয় ছাৰ,কিয় !আলোচনীৰ বাবে ইমান ধুনীয়া ধুনীয়া বিষয়-বস্তু দিছোঁ চাওকচোন৷” পকেটৰ পৰা কাগজৰ টুকুৰাটো উলিয়াই তেওঁক পঢ়ি শুনাবলৈ লাগিলোঁ৷“নাৰী অৰ্ধ-আকাশ৷সেইটো হৈছে মূল বিষয়৷ তাৰ লগতে আছেৰঙচঙীয়া ফাগুণ,বস্তুবাদী আধুনিক সমাজ আৰু সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিৱৰ্তন৷ মোৰ মতে আপুনি “অৰ্ধ-আকাশ” নামেৰে এটা কবিতা লিখি দশোদিশ কঁপাই দিয়ক৷ ৰাইজেও ভাল পাব৷ নহয় জানো?”

এইবাৰ ছাৰে ভেঁকাহি নামাৰিলে৷ ইতিকিঙো নকৰিলে৷ ছাৰৰ অভিব্যক্তিৰ নাটকীয়া পৰিৱৰ্তন ঘটিল৷ অথনিৰে পৰা গৰজি থকা সিংহটো এইবাৰ শান্ত আৰু স্থিৰ হৈ মোৰ আগত ধৰা দিলে ৷ সমুখৰ হালধীয়া পৰ্দাখনলৈ ছাৰে থৰ লাগি চাই আছে৷

“হমমম৷”মোলৈ চাই এইবাৰ ছাৰে এটা দীঘল হুমনিয়াহ কাঢ়িলে৷ “সেইদিনা মই আগফালৰ বাৰাণ্ডাতে বহি কবিতা এটা ৰচি আছিলোঁ৷”-অতীৰ বুৰঞ্জীৰ পাত লুটিয়াই ছাৰে ক’বলৈ ধৰিলে৷

“কোনদিনা ছাৰ?”-কোমল মাত এটা উলিয়াই মই সুধিলোঁ৷

“বিয়াৰ পাছত৷ মানে বিয়াৰ এসপ্তাহৰ পাছত৷ আগফালে বহি কবিতা এটা লিখি আছিলোঁ৷ সিফালৰ পৰা তেনেতে তেখেত আহি ওলাল৷ হাতত বজাৰৰ মোনাটো৷মোৰ হাতত কাগজখন দেখিয়েই তেওঁ টান মাৰি নিলে৷ চকুহাল ডাঙৰ কৰি কবিতাটো পঢ়িবলৈ ধৰিলে৷ পঢ়িতেওঁ কি বুজি পালে সেইয়া মোৰ বুজন সীমাৰ ভিতৰত নপৰে ৷সংসদত নেতাই কাৰোবাৰ গোপন নথি-পত্ৰ শূন্যত জোকাৰি যিদৰে দেশবাসীক নিশ্চিত বিপদৰ আগজাননী দিয়ে,তেনেকৈ আমাৰ এখেতেও কাগজখন জোকাৰি জোকাৰি ধৰিলে-“ এইবোৰ কি লিখিব লাগিছে ! কবিতা !তাকো ৰোমান্টিক!!হে পৰভু ! ক’তে মৰো মই!বিয়া পাতি সংসাৰ আৰম্ভ কৰিছে অথচ কবিতা লিখি গাভৰু ছোৱালীৰ হৃদয় তোলপাৰ লগোৱাৰ অসৎ কামনা-বাসনাবোৰ মনত এতিয়াও পুহি ৰাখিছে !ছি: আপুনি লাজো নাপায় নে ? থুই কটা ! টুটেলি দিজগাষ্টিং বুলি নকৈ নোৱাৰিলো! আপোনাৰ সেইডাল নাকেই নে চাকেই হে ! মোলৈ যদি সঁচা মৰম আছে ,তেন্তে সেইবোৰ এতিয়াই দলিয়াওক৷ আজি লোকেল মুৰ্গীৰ লেগ পিছ খাবলৈ মন গৈছে৷ বজাৰৰ পৰা এপাক আহকচোন৷” এইসোপা কথা কৈয়েই তেওঁ কাগজখন নি জুইত দাহ কৰিলেগৈ৷ আমাৰ সেই দল-সংগঠনে ৰে’ল বাজেটৰ প্ৰতিলিপি দাহ কৰাৰ দৰে৷ যি কি নহওক,বজাৰলৈ যোৱাৰ পৰম্পৰাটো সেইদিনা শুভাৰম্ভ হ’ল৷ তাৰপিছৰ পৰা এতিয়ালৈকে সেই পৰম্পৰাৰ কোনোকালেই তিলমানো হীন-দেড়ি হোৱা নাই৷ অন্তৰৰ পৰা ওলাই অহা সুক্ষ্ম অনুভূতিবোৰক বাঢ়নী এডালেৰে চিৰকাললৈ খেদি পত্নী-হৃদয়ৰ সুবৃহৎ অনুভূতিবোৰক ‘উষ্ম আদৰণি’জনাই বজাৰলৈ পৰুৱা লৰাদি তেতিয়াৰপৰা লৰ মাৰি আছোঁ৷”

“মানে ছাৰ আপুনি ক’ব বিচাৰিছে,সেইদিনাৰ পৰা আপুনি কবিতা লিখিবলৈ সমুলি বাদ দিলে ?”-কথাষাৰ সুধি ছাৰৰ চকুলৈ চালোঁ৷ ছাৰৰ চকু চলচলীয়া৷

“ঠিকেই ধৰিছা৷”-চশমাজোৰ ভালকৈ কাণত সোমোৱাই ছাৰে মোলৈ চাই উত্তৰ দিলে৷

“ঠিক আছে৷ কবিতা লিখিব নালাগে৷ বস্তুবাদী আধুনিক সমাজখনৰ বিষয়ে এটা সমালোচনাত্মক লেখাই লিখক৷ আপুনি পাৰিব ছাৰ,আপুনি পাৰিব৷”-কবিতাৰ পৰা ফালৰি কাটি এইবাৰ সমালোচনাৰ দিশে আগুৱাই গ’লো৷ মুঠৰ ওপৰত লেখা এটা নিনিয়াকৈ নেৰোঁ আজি৷ ছাৰক অলপ উৎসাহো দিলোঁ৷

“সেইটোও নহ’ব৷ মানে নোৱাৰিম৷”-

“কিয় ছাৰ !”- মোৰ উৎসাহভৰা কথাই ছাৰক উৎসাহী কৰিব নোৱাৰিলে৷ নিৰাশ হ’লো৷

“আগতে মই এজন ভাল সমালোচকেই আছিলোঁ৷ অন্তত: ভাষা-ব্যাকৰণত কিছু দখল আছিল৷ ভুল দেখিলে নকৈ থাকিব নোৱাৰিছিলোঁ৷ এওঁক বিয়া পাতি অনাৰ দুদিনৰ পিছৰ ঘটনা৷” ছাৰে পুনৰ অতীতৰ পাত মোকলালে৷ ময়ো কাণ পাতি শুনা লাগিলোঁ৷ “সেইদিনা এওঁ দিনত মাছ আৰু মাংসৰ আঞ্জা যোগাৰ কৰিছিল৷ বিয়া পতাৰ পাছত সেইসাজেই আছিল তেওঁৰ হাতেৰে খোৱা প্ৰথমসাজ ভাত৷ সেইদিনা সেইবোৰ খাই মোৰ মনত মৰম আৰু ভালপোৱাৰ জন্ম হোৱাৰ পৰিৱৰ্তে তীব্ৰ খং আৰু ক্ষোভৰহে জন্ম হ’ল৷ সেয়েহে,তেওঁলৈ উদ্দেশ্যি এটা সমালোচনা লিখিবলৈ বহিলোঁ৷নাম দিলোঁ-পত্নীৰ হাতেৰে প্ৰথমসাজ ভাত: এক চমু অৱলোকন৷ মই তাত লিখিলোঁ-

“হে হৰি, কৃপাৰ সাগৰ দৈৱকী নন্দন,এইখন অসমৰ মাটি ফুটি দিনক-দিনে কেনে বিচিত্ৰ প্ৰকৃতিৰ ৰান্ধনী বাহিৰ হ’ব লাগিছে চোৱা ! তাকে দেখি আমাৰ মনবোৰে দিক্-বিদিক সকলো হেৰুৱাই ফাট্ দিয়াবসুমতী পাতালে লুকাওঁ হেন কৰে৷ শ্ৰীমতি,হেৰা,প্ৰাণেশ্বৰী,বোলো কি ক’ম, কি শুনিবা ৷ কোনখন কাণেৰে শুনিবা !ৰন্ধন-প্ৰক্ৰিয়াত কোনোধৰণৰ পৰিপক্কতা, কোনোধৰণৰ সজীৱতাৰ চিন-চাব নাই৷দাইলত নিমখ নাই,ভাজিত নাই হালধি ৷ মাছবোৰ ভালকৈ সিজাই নাই৷ ভাতৰ পাতত বহিছোঁ মাছ খাওঁ বুলি৷ তেতিয়াহে দেখিলোঁ- মাছৰ বাকলিবোৰ ভালকৈ গুচোৱা হোৱাই নাই৷অ’ত-ত’ত দুই-এটা বাকলি তেতিয়াও লাগি আছে৷ জীৱনত এনে অভিজ্ঞতা আগতে হোৱা নাছিল৷ আজি তোমাৰ যাদুকৰী (নে প্ৰলয়ংকৰী?) দুহাতৰ জহত সেইভাগ অভিজ্ঞতাও হ’ল৷ মাংস ! সেইবোৰ মাংস নে জাৱৰ!! বিলাহী-গাজৰৰ চাট্‌নিত জলকীয়াৰ অনুপস্থিতিয়েমনোকষ্ট দিলে৷কণ-বিলাহীবোৰ ভালকৈ নাফালি দালিত দলিয়াই দিলা৷ সময়ৰ অভাৱ নেকি ! আলু-বেঙেনা পিটিকাত ধনিয়াৰ পাত নাই৷ পাত ছিঙিবলৈ এলাহ নেকি !শাক-পাচলিৰ নিৰ্বাচন ঠিকেই আছিল যদিও উপস্থাপন একেবাৰেই নিম্নখাপৰ৷ ৰন্ধনশৈলীতযথেষ্ট বিসংগতি দেখা গ’ল৷ মুঠৰ ওপৰত তুমি আজি দুপৰীয়া যিসাঁজ ভাত ৰান্ধি খুৱালা সেইসাজ ভাত কিজানি আমাৰ পথাৰত হাল বাবলৈ যোৱা বলধ গৰুকেইটাও মুখলৈ নি তৎমুহূৰ্ততে বমি কৰি উলিয়াই দিব৷ মোৰ কথা যদি শুনা,পাকৈত ৰান্ধনী হ’বলৈ তুমি অনেক অনুশীলন কৰিব লাগিব৷ তুমি এতিয়াও ৰান্ধনীৰ শাৰীলৈ অহাই নাই৷ বুজিলা যদি ভাল কৰিলা৷ নুবুজিলা যদি আকৌ পঢ়িবা৷”

protiva

“সেইবোৰ পঢ়ি বৌৰ মনত কি প্ৰতিক্ৰিয়া হ’ল?”

“নৰেণ মামাই শঁৰাই,জাপি বেচোঁতে অসমত যেনেকুৱা প্ৰতিক্ৰিয়া হৈছে,ঠিক তেনেকুৱা প্ৰতিক্ৰিয়াৰেই বৌয়েৰাই সেইমুহূৰ্তত দেখুৱাইছিল৷ নক’লেও হ’ব যে,সেইটোৱেই মোৰ জীৱনৰ অন্তিমটো সমালোচনা৷”

“বৰ বেয়া কথা হ’ল দেখোন৷”

“তোমাৰ বাবে বেয়া কথা৷ মোৰ বাবে ভাল কথাই৷ আহুকাল,বেমেজালিবোৰৰ পৰা আঁতৰত আছোঁ৷”

“ছাৰ,আপুনিতো আগতে ৰাজনৈতিক লেখাও লিখিছিল৷ সাম্প্ৰতিক অসমৰ ৰাজনৈতিক গতিবিধি লক্ষ্য কৰি আছে যদি সেই বিষয়ে বিশ্লেষণাত্মক লেখাকে লিখক৷”-কুঁহিয়াৰৰ ৰস পেৰাদি ছাৰক পেৰি আছোঁ৷ ৰসৰ নামত একোৱেই ওলোৱা নাই৷

“মানুহ মাৰিব খুজিছা! নিজৰেই গতিবিধিৰেই তৰণি পোৱা নাই৷ আজি বোলে অ’ত,কাইলৈ বোলে ত’ত৷ তুমি ৰাজনৈতিক গতিবিধি চোৱাৰ কথা কৈছা ৷”

“ছাৰ,ইমান দূৰ আহিলোঁ লেখা এটা বিচাৰি৷ এতিয়া সুদাহাতে উভতি যাবলৈ বেয়াই লাগিছে দেখোন৷”-মুখখন ফুলাই ছাৰক ক’লো৷

“হেৰা ৰ’বাচোন৷ এটা কথা ভাবিছোঁ৷ মহৎ লোকৰ বাণীকেইটামান দিব পাৰিম৷ লাগে যদি লোৱা,নালাগে যদি যোৱা৷ মোৰ হাতত এতিয়া তাৰ বাহিৰে আন একো সাহিত্য নাই৷”-ফুলি থকা মুখখন দেখি ছাৰৰ হৃদয়খন অলপ পাতলিল হ’বলা৷ কিন্তু প্ৰথিতযশা নামজ্বলা সাহিত্যিক বৰকাকতীয়ে এতিয়া “মহৎ লোকৰ বাণী” লিখিব ! এইবোৰ কেনে আজৱ কথা !

“ছাৰ, আপোনাৰ দৰে লেখকে সেইবোৰ লিখিব জানো ! স্কুল-কলেজৰ আলোচনীতহে সেইবোৰ থাকে৷মানুহে বা কি কয়!”

“হেৰা,মানুহে কি কয়,কি নকয়,সেইবোৰ মোৰ বিচাৰ্য বিষয় নহয়৷ মানুহৰ কথা শুনি আজিলৈকে যিমানবোৰ কাম কৰিলোঁ,সকলোবোৰ চুপাৰ-ডুপাৰ ফ্ল’প৷ মোৰ এইয়ে শেষ কথা৷ লোৱা যদি লোৱা,নোলোৱা যদি যোৱা৷ দুৱাৰ খোলায়েই আছে৷”-ছাৰে দুৱাৰখনৰ দিশে আঙুলিয়ালে৷

“হ’ব ছাৰ৷ তাকে দিয়ক ৷”কিছুপৰ ভাবি-গুণি মনৰ মাজতে অংক দুটামান কৰি ছাৰক সন্মতি প্ৰদান কৰিলোঁ৷

“ৰ’বা মই এতিয়াই দি আছোঁ৷”- আনন্দচিত্তে ছাৰো তেওঁৰ কোঠাৰ দিশে সোমাই গ’ল৷

কেইটামান মুহূৰ্তহে মাত্ৰ ৷ কাগজ এখিলা লৈ ছাৰ পুনৰ মোৰ সমুখত আবিৰ্ভাৱ হ’ল৷ ধন্যবাদসূচক হাঁহি এটা মাৰি ছাৰৰ পৰা কাগজখন গ্ৰহণ কৰিলোঁ ৷ ছাৰে আমাৰ বাবে কিনো মহৎ লোকৰ বাণী সংগ্ৰহ কৰিছে,চাওচোন৷ কাগজখনৰ আখৰবোৰত চকু ফুৰালোঁ৷

‘মহৎ লোকৰ বাণী’-সংগ্ৰাহক : গুণধৰ বৰকাকতী৷

ক)“মই জানো যে মই এজন বিবাহিত পুৰুষ৷ ইয়াৰ বাহিৰে আৰু মই একো নাজানো৷”-বিল্বেশ্বৰ খাটনিয়াৰ৷

খ)“একমাত্ৰ মানসিকভাৱে সবলজনেহে বিয়া পতাৰ পাছতো হাঁহি-ধেমালি কৰি থাকিব পাৰে৷”-ঘটোৎকচ ৰাইদিঙীয়া৷

গ)“এক পত্নী৷ দুই সন্তান৷ ইয়াৰ বাদে মই নিচিন্তো আন৷”-শ্ৰীশ্ৰীবৃন্দাবন ঠাকুৰীয়া৷

ঘ)“মোৰ সমুখত প্ৰতিমুহূৰ্ততে এটা লক্ষ্য থাকেই৷ সেই লক্ষ্যত মোৰ দৃষ্টি ইমানেই তীক্ষ্ন যে অইন কোনো বস্তু বা ব্যক্তিয়ে মোক বিপথে পৰিচালিত কৰিব নোৱাৰে৷ এইমুহূৰ্তত মোৰ লক্ষ্য- আবেলি পত্নীৰহাতত এখন ধুনীয়া শাৰী উপহাৰস্বৰূপে প্ৰদান কৰা ৷”-পৰমানন্দ হাজাৰীলাল৷

ঙ)“জীৱনত সফল হ’বলৈ হ’লে তিনিগৰাকী ব্যক্তিক সদায়েই সন্তুষ্ট কৰিব পাৰিব লাগিব-তোমাৰ বচ,তোমাৰ পত্নী আৰু তুমি বাকী খোৱা দোকানৰ মালিকজনক৷”-হৰ হৰ মহাজন৷

মহাত্মা গান্ধীৰ বাণী পঢ়িছোঁ,মাদাৰ টেৰেছাৰ বাণী পঢ়িছোঁ,বাণীকান্ত কাকতিৰ বাণী পঢ়িছোঁ;কিন্তু এই খাটনিয়াৰ,ৰাইদিঙীয়া,মহাজনৰ বাণী শুনা দেখোন মনতে নপৰে৷ কোন বাৰু এওঁলোক? বৰ সাংঘাতিক কথা কৈছে দেখোন৷ কোনোবা গুণী-মহৎ লোকেই হ’ব লাগিব৷

“হেৰা,তুমি দেখোন একেবাৰে থৰ লাগিলা ! ঠিকেই আছেতো ?”-ছাৰৰ মাতত বাস্তৱলৈ ঘূৰি আহিলোঁ৷

“ছাৰ, একদম বঢ়িয়া হৈছে৷ মানে মোৰ মন-মগজুক একেবাৰে লৰাই দিছে৷ ধন্যবাদ ছাৰ৷ আলোচনীখনৰ কপিটো মই বাৰু জিতৰ হাততে পঠাই দিম৷”মনৰ উৎসুকতা মনতেই জমা কৰি ৰাখিলোঁ৷ কি ঠিক, এইবোৰ সুধি গাই-বাই ছাৰক আমনি দি থাকিলে ছাৰে অস্বস্তিত পৰি কিজানি কাগজখন হাতৰপৰা কাঢ়ি নিয়ে ৷

ছাৰৰ ঘৰৰ পৰা ওলালোঁ৷ বাটতে ফটোষ্টেটৰ দোকান এখনত সোমাই মহৎ লোকৰ বাণীকেইটাৰ দুটামান ফটোকপি কৰি ল’লো৷মহৎ লোকৰ বাণীবোৰ বোলে অতি দৰকাৰী বস্তু৷ ঘৰত সদায় কৈয়েই থাকে, এইবোৰে জীৱনত হেনো মহৌষধৰ দৰে কাম কৰে৷দুটামান কপি লগৰ দুটামানকো বিলাব লাগিব৷ বিয়া পাতো পাতোকৈ আছে৷ –

—ঈশানজ্যোতি বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!