মই কবি নাছিলোঁ -(অচিন্ত্য বৰঠাকুৰ)

(কাব্য সাহিত্য বিশেষ)

মই কবি নাছিলোঁ
-অচিন্ত্য বৰঠাকুৰ
 

(১)
 
“…হাতীত উঠি পানীৰাম ঘৰলৈ যায়,
আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়…”
 
কবিতাৰ সৈত‌ে কেতিয়া প্ৰথম চিনাকী হৈছিলোঁ, সেয়া মনত নপৰে। সন্ধিয়া আইৰ কোলাত উঠি শুনা শিয়ালী খেদো‌ৱা নিচুকণি গীতেই আমাৰ জী‌ৱনত প্ৰথম কবিতা আছিল নে তাতোকৈও আগত কবিতাই আমাক স্পৰ্শ কৰিছিল, তাক জনাৰো উপায় নাই। মাত ফুটাৰ পিছৰ পৰা “বৰ বক কৰ ধৰ”, “লাই পুলি লৰাই ৰুলোঁ…”কে আদি কৰি এসোপামান ভাল লগা শব্দ সংহতিৰ জৰিয়তে কবিতাৰ মাজলৈ আনুস্থানিকভাবে কেনেদৰে সোমাই পৰিলোঁ, ততেই ধৰিব নো‌ৱাৰিলোঁ। ৰতনৰ দৰে কম গছ থকা নগৰ এখনত ঘৰ নোহো‌ৱাৰ আনন্দ অথবা গোটেই শুকুৰবাৰ ঘৰৰ মূধত পৰি থকা পাৰ চৰাইটোৰ বেদনাই কেতিয়াবা চুই গৈছিল আমাৰ শিশু মন। হাতীত উঠা পানীৰামৰ সন্ধানত বহুবোৰ আবেলিত আলিবাটলৈ জুমি চাবলৈ বাধ‌্য হৈ পৰিছিলোঁ কবিতাৰ আহ্বানতেই। স্কুলঘৰৰ চোতালত গছৰ তলত চিঞৰি চিঞৰি মুখস্ত গো‌ৱা কুঁহিপাঠৰ কোমল কবিতাৰ উমাল স্পৰ্শৰ মাজৰে পাৰ হৈ আহি স্বদেশপ্ৰেম, খেকেৰুপেটীয়া, অভিশপ্ত অজগৰ আৰু হৌম ডে’ ব্ৰট হাৰ ‌ওৱাৰিয়ৰ ডে’ডৰ মাজেৰে স্কুলীয়া জী‌ৱন শেষ হো‌ৱালৈকে কবিতাৰ মাজেৰে জী‌ৱনে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিলে। বিভিন্ন মঞ্চত পাঠ‌্যক্ৰমৰ ভিতৰৰ আৰু বাহিৰৰ অনেক কবিতা আবৃতি কৰি নাম-যশ আৰু মনৰ আনন্দ বুটলিলোঁ। জিকিৰ, বৰগীত আৰু ৰামায়ণ-মহাভাৰতৰ পাতৰ পৰা উঠাই অনা কবিতাক নিজৰ পাঠ‌্যপুথিৰ পদ‌্যাংশত পাই গৰ্বিত অনুভ‌ৱ কৰিলোঁ, যিবিলাকৰ সহায়ত বয়োজেষ্ঠ্যজনৰ সৈত‌েও আলোচনাত অংশগ্ৰহণ কৰাটোও সহজ হৈ পৰিছিল। কবিতাৰ ছন্দোবদ্ধ ৰূপ আৰু কথাংশৰ অবক্ৰ অৰ্থ আৰু গুৰুৰ শিক্ষাদানৰ কলাই স্কুলীয়া দিনত কবিতাক আমাৰ অন‌্যতম প্ৰিয় বিষয়লৈ পৰ্য‌বসিত কৰিছিল। পৰীক্ষাৰ বহীত পদ‌্যাংশৰ প্ৰশ্নোত্তৰে হয়তো পৰীক্ষককো নিৰাশ কৰা নাছিল। পাঠ‌্যপুথিৰ বাহিৰৰ বহুতো কবিতায়ো সমানেই আদৰ পাইছিল আমাৰ পৰা। ককাদেউতাৰ মুখত তেজীমলাৰ সাধুৰ মাজৰ কবিতাৰ সুৰে কেইবাবাৰো কন্দু‌ৱাই পেলাইছিল আমাক। ‘মমতাৰ চিঠি’য়ে বুকুত বহু‌ৱাইছিল অবুজ শোকৰ চাপ। কবিতা আৰু গীতৰ মাজৰ সীমা ৰেখাডাল মনত স্পষ্ট নহৈছিল, কবিতা কবিতা লগা ছন্দোবদ্ধ গীতবোৰো অতিকে আপোন হৈ পৰিছিল।
 
(২)
 
“পাখি লগা কাঁড়ৰ দৰে সময় উৰে, ঋতু আহে ঋতু যায়
যৌৱনে মাতে ৰিঙিয়ায়।
মলয়া আহে, যৌৱনক দি যায় ৰঙা গোলাপৰ গোন্ধ।….” (-কেতিয়াবা, নয়ন নীলিম।)
 
জী‌ৱনৰ মধুৰতম সময় যৌ‌ৱন। যৌ‌ৱনৰ কবিতাই সমাজ গঢ়িব পাৰে, মুক্তি আনিব পাৰে, পৰিবৰ্তনৰ জোঁ‌ৱাৰ আনিব পাৰে কিম্বা প্ৰেমৰ ফল্গুধাৰা বো‌ৱাই আনিব পাৰে নিষ্প্ৰাণ শিলৰ পৰাও। বিষ্ণু-জ‌্যোতিৰ যৌ‌ৱনৰ কবিতাই স্বাধীনতাৰ আহ্বান দিছিল, লক্ষ্মী-পাৰ্বতী-হেমৰ কবিতাই জাতীয় সাহিত‌্যৰ ভাণ্ডাৰ মজবুত কৰিছিল, লক্ষ‌্যধৰৰ কবিতাই লক্ষ‌্য দিছিল আৰু ভূপেনদাৰ কবিতাই গঢ়িছিল সমন্বয়ৰ সেঁতু।
ধাৰণা আছিল, স্কুলীয়া জীৱন অতিক্ৰম কৰি কলেজত ভৰি থোৱাৰ লগে লগেই যৌৱন আৰম্ভ হয়। যৌৱন, প্ৰেম আৰু কবিতা এটা আনটোৰ লগত অতি সুদৃঢ়ভাবে সংলগ্ন। যৌৱন হ’ল হাজাৰ কবিতাৰ সাৰুৱা জন্মস্থান আৰু নিৰংকুশ বিচৰণথলী। কিন্তু হাঁয়, যৌৱনৰ দুৱাৰদলিত ভৰি থোৱাৰ লগে লগেই কবিতাৰ ছন্দই যেন হঠাৎ এৰা দিলে আমাৰ সংগ। পাঠ্যপুথিত ভোকাতুৰ “কুকুৰ”ৰ দলৰ মাজত মাজত ছন্দ বিচাৰিবলৈ গৈ বাৰে বাৰে খালোঁ মুখ থেকেচা। খবৰকাগজ, আলোচনী, কিতাপ আৰু বিভিন্ন মাধ্যমত প্ৰকাশ হ’বলৈ ধৰা নিত্য-নতুন আধুনিক কবিতাৰ দুৰ্বোধ্যতাইও শংকিত কৰি তুলিলে আমাৰ অন্তৰ। আধুনিকতাৰ উৎপাতত যেন চৌদিশৰ পৰা আত্মগোপন কৰিলে আমাৰ অতিকে প্ৰিয় সহজ-সহজ কবিতাৰ শ্ৰুতিমধুৰ মিত্ৰাক্ষৰ ছন্দই। বৰ্তমানৰ মাজত মিত্ৰাক্ষৰ ছন্দৰ সন্ধানত হাঁহাকাৰ কৰিবলৈ ধৰিলে আমাৰ মন-প্ৰাণ। কবিতাৰ প্ৰতিটো শাৰীৰ অৰ্থ বিচাৰি অন্ধকাৰ দেখিলোঁ আমাৰ দৰে শতাধিক “যৌৱনপুষ্ট” ডেকা-গাভৰুৱে। কবিতাৰ গূঢ়াৰ্থ যে পোনপটীয়া নহৈ ইমান বক্ৰ হ’ব পাৰে, তাকো একো একোটা ঢুকি নোপোৱা কোণত, সেয়া মানি ল’বলৈ বহুখিনি সময়ৰ আবশ‌্যক হ’ল। পৰীক্ষাৰ বহীত পদ্যাংশৰ মূল্যাংকই উপহাস কৰিবলৈ লাগিল আমাৰ যৌৱনক। চৌদিশে কাব্য-সাহিত্যৰ এই দুৰ্গতি(!) দেখি জাতিটোৰ অন্ধকাৰ ভবিষ‌্যতৰ প্ৰতি আমৰ মন সন্দিহান হৈ উঠিছিল। এনে কবিতাই আকৌ কোনো সুৰাপায়ী যু‌ৱকৰ উদাত্ত কণ্ঠত গীতৰ ৰূপ পাই এচাম উশৃংখল(!) যু‌ৱক-যু‌ৱতীৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লভা দেখি পেটতে হাত-ভৰি লুকাবলৈ আৰম্ভ কৰিলে। কিন্তু কৰিব পৰাৰ ভিতৰত একো নাছিল। এসময়ত অনুভৱ কৰিবলৈ বাধ্য হ’লোঁ যে সৃষ্টিকৰ্তাই হয়তো আমাক কেৱল বিজ্ঞানৰে ছাত্ৰ হিচাবেহে এই ধৰালৈ পঠাইছে, কাব্য সাহিত্যৰ মাদকতা ল’বলৈ নহয়। মনৰ দুখ মনতে সামৰি আধুনিক কবিতাৰ পৰা নিৰাপদ দূৰত্বত অ‌ৱস্থান কৰি বিজ্ঞানৰ নিৰস পাঠ্যক্ৰমৰ মাজত কলেজীয়া যৌৱনকালক লীন নিয়াবলৈ যত্ন কৰিলোঁ। ছন্দবিহীন আধুনিক কবিতা আৰু আধুনিক কবি ক্ৰমান্বয়ে আমাৰ বাবে ব্যঙ্গাত্মক সমালোচনাৰ বিষয়বস্তু হ’বলৈ আৰম্ভ কৰিলে। সমুখলৈ অহা জনপ্ৰিয় আধুনিক কবি আৰু কবিতাও আমাৰ মনত হৈ পৰিল অলাগতীয়াল, অনৰ্থক। বছৰবোৰ আগবঢ়াৰ লগে লগে কবিতাৰ সৈতে থকা পাঠ্যক্ৰমৰ বাধ্য-বাধকতাই লগ এৰা দিলে। বেয়া নাপালোঁ, আমিও কবিতাক পাহৰিবলৈ যত্ন কৰিলোঁ। প্ৰেম নাহিল নে প্ৰেমে কবিতাৰ দৰে ঢুকি নোপোৱা একা-বেকা পথৰ স্পৰ্শাতীত দূৰত্বত অ‌ৱস্থান লো‌ৱা বাবে দেখাই নাপালোঁ; তাকো ধৰিব নোৱাৰিলোঁ। নতুন পুৰুষৰ প্ৰতিনিধি হৈয়ো কে‌ৱল পুৰণি কবিতা আৰু পুৰণি শিল্পীৰ পোনপটীয়া কথাৰ গীতসমূহকেই আমাৰ লগৰীয়া কৰি ৰাখিবলৈ বাধ‌্য হৈ পৰিলোঁ। বলিউদী গীতসমূহক আঁতৰাই অসমীয়া আধুনিক গীতে কলিজাত কোনো ঝংকাৰ তুলিবলৈ সক্ষম নহ’ল। ন-কবিতাৰ ন-সুৰৰ নতুন আৰ্হিৰে উজ্জীৱিত হৈ উঠা গায়ক জুবিনৰ জনপ্ৰিয় গীতে কেতিয়াবা সুৰৰ সোপানেদি কিবা কঢ়িয়াই আনিব পাৰে বুলিও বিশ্বাস নুপজিল। আধুনিক গীতত নিৰ্মলপ্ৰভা বৰদলৈ বা হীৰেন ভট্টাচাৰ্যৰ কবিতা আমাৰ বাবে হৈ পৰিল গুৰুত্বহীন একো একোটা নাম মাত্ৰ। সহিত‌্যৰ নতুনত্বৰ সোৱাদ আৰু যৌৱনৰ সাৰ্থকতা অনুভ‌ৱ কৰিবৰ কাৰণে একমাত্ৰ গদ‌্যসাহিত‌্যৰ ওপৰতেই নিৰ্ভৰ কৰিব লগাত পৰিলোঁ।
 
(৩)
 
“তোৰে মোৰে আলোকৰে যাত্ৰা, অব‌্যৰ্থ অব‌্যৰ্থ
আমি পালোঁ জী‌ৱনৰ অৰ্থ অভিন‌ৱ,
স্বাগত স্বাগত সতীৰ্থ….”
 
বৌদ্ধিক উত্তৰণৰ মহামন্ত্ৰেৰে সগৰ্ভা বিশ্ববিদ‌্যালয়ৰ জ‌্যোতি বাটচ’ৰাত খোদিত কবিতাশাৰীয়ে শিক্ষানুস্থানখনৰ চৌহদত প্ৰথম ভৰি থো‌ৱাৰ মুহূৰ্তটোত আমাৰ মনত অচিন পুলক জগাই তুলিলে। জী‌ৱনৰ অভিন‌ৱ অৰ্থ উদ্ঘাটনৰ অৰ্থে আলোকৰ যাত্ৰালৈ উষ্ম আদৰণি জনো‌ৱা জ‌্যোতিপ্ৰসাদৰ কবিতাই হয়তো এনেদৰেই বহুতো অভ‌্যাগতৰ মনত জগাই তোলে আলোকৰ যাত্ৰাৰ প্ৰতি দুৰ্নিবাৰ হেঁপাহ। কলেজীয়া কালত কবিতাৰ সৈতে তিক্ততাপূৰ্ণ বিচ্ছেদ ঘটাৰ পিছত সেইদিনা আকৌ এবাৰ অনুভ‌ৱ কৰিছিলোঁ পুৰণি কবিতাৰ প্ৰাসংগিকতা। বিশ্ববিদ‌্যালয়ৰ জী‌ৱন আৰম্ভ হৈছিল, পাঠ‌্যক্ৰমে গতি কৰিছিল, কিন্তু অনুভ‌ৱ কৰিছিলোঁ তাতকৈয়ো দ্ৰুত গতিত কাষেদি আগবঢ়া আন এক পৰিঘটনা। সেইখন জগতত সকলো‌ৱে উঠি পৰি লাগিছিল পাঠ‌্যক্ৰম বহিৰ্ভূত প্ৰতিভাৰ সাধনা আৰু প্ৰদৰ্শনত। সাহিত‌্য, সংগীত, কলা, অভিনয়, ক্ৰীড়া আৰু বহুত কিবা-কিবি ক্ষেত্ৰত থকা দখলেৰে সতীৰ্থসকল আগবাঢ়ি যাবলৈ লাগিল আৰু লগতে আমাকো চোঁচোৰাই নিয়াৰ প্ৰচেষ্টা চলালে। অগ্ৰজৰ দাবী আৰু সতীৰ্থৰ সহযোগত চকুৰ আগতে বহুতো সুপ্ত প্ৰতিভা জাগি উঠা দেখিবলৈ পালোঁ। লাহে লাহে নিজৰ মাজতো অনুভ‌ৱ কৰিলোঁ সেইখন জগতত নিজকে সন্নিবিষ্ট কৰাৰ তাড়না। বিশ্ববিদ‌্যালয় চৌহদত সাক্ষাৎ পালোঁ কেইবাজনো আধুনিক কবিক আৰু কেইবাটাও কাব‌্য সাহিত‌্য চৰ্চাৰ সন্ধিয়া। আধুনিক কবিক ব‌্যংগ কৰাৰ পৰিবেশ নাই তাত, বৰঞ্চ দেখা পাইছিলোঁ এক সুস্থ-শান্ত আৰু সৃষ্টিৰ বাতা‌ৱৰণ। আদিম কালৰ পৰা সাহিত‌্যই আজিৰ গতি পো‌ৱাত কবিতাই বহন কৰা গম্ভীৰ দায়িত্ব, বৈদিক কবিতাৰ মাধ‌্যমত ভাৰতীয় বিজ্ঞানক বান্ধি ৰখাৰ প্ৰচেষ্টা, সমাজ সংস্কাৰ আৰু স্বাধীনতাৰ আহ্বানত কবিতাৰ অহোপুৰুষাৰ্থ আদি তত্বগধূৰ কথাৰ উপৰিও কবিতাৰ আকৃতি, প্ৰকৃতি, প্ৰকাৰ আদিৰ বিষয়ে ধ্ৰুপদী ধ‌্যান-ধাৰণাৰ বাক‌্যসমূহ আধুনিক কবিৰ অধৰেৰে বাগৰি অহা দেখা পাই কবি আৰু কবিতাৰ ক্ষেত্ৰত মোৰ কলেজীয়া ধাৰণাৰ পুনৰীক্ষণ কৰিবলৈ বাধ‌্য হৈ পৰিলোঁ। ছাত্ৰাবাসত লগ পো‌ৱা সতীৰ্থ কবিয়ে ৰাতি ৰাতি আমালৈ আগবঢ়ালে আধুনিক কবিতাৰ অৰ্থোদ্ধাৰৰ কিটিপ। কবিতাৰ এটা এটা শাৰীত সোমাই থকা হাজাৰ পৃষ্ঠাৰ কিতাপ, এটা মাত্ৰ শব্দত সোমাই থকা বছৰ জোৰা হৃদয়ানুভূতি অথবা মাত্ৰ এটা শব্দৰ বাবে প্ৰক্ষেপ কৰা দহটা কাব‌্যিক শাৰীৰ ৰহস‌্যবোৰ লাহে লাহে অস্পষ্টৰ পৰা ধূসৰ হ’বলৈ আৰম্ভ কৰিলে। মূলভাবৰ ধূষৰতা হেনো আধুনিক কবিতাৰ বৈশিষ্ট। ইতিমধ‌্যে ৰসায়ণ শাস্ত্ৰত হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সূত্ৰৰ বহুল প্ৰয়োগৰ অভিজ্ঞতা আহৰণ কৰা হৈয়ে আছিল বাবে আধুনিক কবিতাৰ ক্ষেত্ৰত এয়া মানি লো‌ৱাত এইবাৰ মানসিক অন্তৰ্দ্বন্দৰ সৃষ্টি নহ’ল। এটা এটাকৈ লাহে লাহে বহুতো আধুনিক কবিতা পঢ়া হ’ল, কিন্তু সিবিলাকে ধ্ৰুপদী ব‌্যাকৰণ মনা-নমনাকলৈ এইবাৰ আৰু মনলৈ কোনো প্ৰশ্ন নহা হ’ল। আধুনিক কবিতাৰ এজন গুণমুগ্ধ হিচাবে আমাৰ নাম বন্ধুমহলত উচ্চাৰিত হ’বলৈ ধৰিলে। ছাত্ৰাবাসৰ ৰেগিং পৰ্বত অগ্ৰজৰ হুমকিত অভা‌ৱনীয়ভাবে আমাৰ কলমেৰেও সৰকিবলৈ ধৰিলে এক কল্পিত প্ৰেয়সীৰ বিৰহত লিখা এটা দুটা আধুনিক কবিতা। বুজা-নুবুজাৰ দোমাজা জাপি দিয়াত সফল নহ’লেও তেওঁলোকৰ মাজত চৰ্চাৰ আজুহাত উলিয়াবলৈ সক্ষম হ’ল মোৰ কবিতাই। বিশ্ববিদ‌্যালয়ৰ ডিগ্ৰী পাবলৈ তেতিয়াও বহু সময় বাকী আছিল, কিন্তু অনুধা‌ৱন কৰিছিলোঁ জী‌ৱনৰ অভিন‌ৱ অৰ্থ উদ্ধাৰৰ সপোন দেখুও‌ৱা বিশ্ববিদ‌্যালয়খনে আমাক এই পৰ্যন্ত অন্ততঃ এটা মানসিক খাদ‌্যৰ প্ৰয়োজনীয় অৰ্থ উদ্ধাৰৰ ক্ষেত্ৰত বাট দেখু‌ৱালে। জ‌্যোতি বাটচ’ৰাৰ অন‌্যফাকি কবিতাৰ অৰ্থ বুজিবলৈ তেতিয়া আৰু বিশেষ অসুবিধা নোপো‌ৱা হ’লোঁ:
 
“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে,
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে….”
 
(৪)
 
“… শিমলুৰ তুলাবোৰ উৰিছে, বসন্ত সিহঁতৰ ৰোৱাৰ সময় নহয়;
এয়াতো নতুনকৈ প্রেমত পৰা গাভৰুৱে গছকত যঁতৰ ভাঙি যোৱাৰ বতৰ….”
 
শিক্ষায়তনিক ডিগ্রীৰ লগতে বিশ্ববিদ্যালয়ৰ পৰিবেশে নিশ্চয়কৈ জীৱনৰ কিছুমান নেদেখা অংশৰ নতুন অর্থ গাঁঠি দি পঠিয়ালে। দূৰে দূৰে বিচৰণ কৰা প্রেমক স্পৰ্শ কৰাৰ সুযোগ তেতিয়াও নাহিল যদিও ইয়াৰ অনুভূতিত ফুলা অলেখ শতদল বা অনিয়ন্ত্রিতভাবে ঘূৰা ভূমণ্ডল দর্শন কৰাৰ সৌভাগ্য নিশ্চয় আহিল। পিছে, বিশ্ববিদ্যালয়ৰ পৰিবেশে আমাক এজন পাঠকলৈ ৰূপান্তৰিত কৰাত সক্ষম হ’ল যদিও অগ্রজৰ তাগিদা অবিহনে আমাৰ কবিতা লিখাৰ সামর্থ তেতিয়াও গঢ় লৈ নুঠিল। ছাত্রজীৱন সামৰি যথাযোগ্য কর্মসংস্থাপনৰ সন্ধানত যৌৱনৰ আন এচোৱা সময় কবিতাৰ পৰা পুনৰ আঁতৰি থাকিবলগীয়াত পৰিলোঁ। ৰোজগাৰৰ চিন্তাই আমাক খবৰ কাগজৰ দ্বিতীয় পৃষ্ঠাতেই দৃষ্টি সীমাবদ্ধ ৰাখিবলৈ বাধ্য কৰালে। ঘৰৰ পৰা নিয়া পইচাৰে কম্পিটিশ্যন চাক্সেছ নিকিনি কাব্যগ্রন্থ কিনাৰ আঁচনি অবৈধ যেন লাগিবলৈ ধৰিলে। বিভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে পাৰ হৈ অহাৰ পিছত এটা সময়ত যেনিবা ভাতমুঠিৰ অভাৱ অনুভৱ নোহোৱা হ’লগৈ। দেখিলোঁ, দীর্ঘদিন বিৰতিৰ পিছতো কবিতাৰ অনুভৱ একেবাৰে নির্মূল হোৱাগৈ নাই। ইতিমধ্যে ইণ্টাৰনেটে আৰু লাহে লাহে মোবাইল ফোনে বিস্তাৰ লাভ কৰিছিল। চছিয়েল নে’টৱর্কিং চাইটবোৰে জন্ম লাভ কৰিছিল আৰু SMSৰ জনপ্রিয়তা বাঢ়িবলৈ ধৰিছিল। কাকত-আলোচনীৰ উপৰি এইবিলাক মাধ্যমৰ যোগেদিও (ৰোমান লিপিত লিখা হ’লেও) লাহে লাহে এটা-দুটাকৈ নতুন নতুন কবিতা দেখা পাবলৈ ধৰিলোঁ। হেন সময়তে আগেয়ে নেদেখা এটি কন্যাৰ সৈতে কুণ্ডলীৰ ৰাহি অহা দেখি মাতৃ আজ্ঞাক্রমে আমাৰ বিবাহ স্থিৰ কৰা হ’ল। অৱধাৰিত ভাবেই পাৰাপাৰহীন প্রেমৰ সাগৰত ডুব যাবলৈ বাধ্য হৈ পৰিলোঁ। কবিতা কবিতা লগা সময়বোৰৰ সৈতে আৰম্ভ হ’ল আন এক জীৱন পৰিক্রমা।
 
(৫)
 
“তোমাৰ সেওঁতাত জিলিকিব আবেলি আবেলি ৰং,
ওৰণিৰ আঁৰত লাজুকী হাঁহিৰ ৰেশ,
দুচকুত এসাগৰ নীলা অয়স্কান্ত,
নিয়ন্ত্ৰণ হেৰু‌ৱাব মোৰ হৃদয় নৌকাই,
নিশাৰ আন্ধাৰবোৰো অসম্ভ‌ৱধৰণে মৰমীয়াল হৈ উঠিব
এক হো‌ৱা দুটি মতলীয়া প্ৰাণে দিগন্তৰ সীমালৈ ‌ঢাপলি মেলিব
…..
দোভাগ নিশা বিচনাত আৰু কিমান বাগৰ সলাম,
বুজা নে তুমিও সপোনৰ ভৰত টোপনি নহাৰ যান্ত্ৰণা??”
 
ৰোমাণ্টিক বাৰ্তালাপৰ অভ‌্যাস আগৰ পৰা নাছিল, সেয়ে ভ্ৰাম‌্যভাষৰ মাহেকীয়া আদেয়ৰ পৰিমানতো পৰিবৰ্তন অহা নাছিল। যন্ত্ৰটোত মাজে মাজে বাজি উঠা এটা বিশেষ সুৰৰ লগে লগে এসোপামান শব্দই আহি হৃদয়ত ভীৰ কৰিছিল, কিন্তু ওলাই আহিবৰ সময়ত সিবিলাকে নিজৰ মাজত হো‌ৱা প্ৰতিযোগিতাত জোট-পোট খাই তাতেই বাগৰি পৰিছিল। কথা পতাটোও এটা সহজ কাম নহয় বুলি তেতিয়াহে বুজিব পাৰিছিলোঁ। আধৰু‌ৱা ভাব বিনিময়েৰেই পাৰ হৈছিল সময়বোৰ। এদিন মনত পৰিল ছাত্ৰা‌ৱাসৰ এৰি অহা দিনবোৰলৈ, কবিতাৰ এটা এটা শাৰীয়ে হাজাৰ পৃষ্ঠাৰ কাহিনীকো সামৰিব পাৰে বুলি পগলা কবিয়ে দিয়া মন্তব‌্যলৈ। হৃদয়ত ভীৰ কৰা শব্দক বান্ধিবলৈ এইবাৰ নিজাকৈ অনুভ‌ৱ কৰিলোঁ সৃষ্টিৰ তাগিদা। পুৰণি অভিজ্ঞতাই পথ-প্ৰদৰ্শন কৰিলে, সৃষ্টি হ’ল কিছুমান নতুন নতুন কবিতাৰ। এছ.এম.এছ.ৰ জৰিয়তে লাভ কৰিলোঁ পাৰৰ পাখিত ফুলাম চিঠি বান্ধি পঠিওৱাৰ মাদকতা আৰু উত্তৰ নহালৈকে ৰূদ্ধশ্বাসে আপেক্ষা কৰাৰ উপন‌্যাসোপম অভিজ্ঞতা। কো‌ৱা হয়, প্ৰিয়জনৰ নাম বা স্মৃতি জড়িত থকা সকলো বস্তু‌ৱেই আদৰৰ, প্ৰেয়সীৰ ওচৰতো মোৰ কবিতাৰ গুৰুত্ব অপৰিসীম হৈ পৰিল আৰু আহিল ইটাৰ পিছত সিটোৰ অনুৰোধ। শব্দৰ কোবাল ‌ঢৌৰ ক‌ৱলত পৰি এইবাৰ পূৰ্বে কবিতাৰ সৈত‌ে কেতিয়াও অন্তৰঙ্গতা অনুভ‌ৱ নকৰা আমাৰ প্ৰেয়সীয়েও কবিতাক নতুনকৈ চাবলৈ শিকিলে, লিখিবলৈও সাহস গোটালে। সুখ-দুখ, হাঁহি-আনন্দ, মান-অভিমান, অসন্তুষ্টি আৰু খং…..সকলোবোৰ বিনিময় হ’বলৈ ধৰিলে একো একোটা কবিতাৰ জৰিয়তে। মানসিক দূৰত্ববোৰ দ্ৰুতগতিত কমি আহিবলৈ ধৰিলে। কবিতা আৰু এছ.এম.এছ.ৰ অবিহনে মিঠা সপোনৰ ভৰত টোপনি নহা ৰাতিবোৰ ইকাটি-সিকাটিকৈ পাৰ কৰাটো দুঃসাধ‌্য হৈ পৰিলহেঁতেন চাগৈ।
 
হোমৰ জুইক সাক্ষী কৰি “প্ৰেয়সী”ক গৃহিণী কৰি অনাৰ পিছত এইবাৰ ভৌগোলিক দূৰত্ববোৰো নাইকীয়া হৈ থাকিল। এছ.এম.এছ. আৰু কবিতাৰ প্ৰয়োজনবোৰ কমি আহিল। পাৰ ভঙা মৰমবোৰে এসময়ত দায়িত্বৰ ৰূপ ল’লে। সংসাৰৰ ধামখুমীয়াত পৰি সৃষ্টিৰ মন আৰু ক্ষণ লোপ পাবলৈ ধৰিলে। তাৰ মাজতেই এদিন উদ্ধাৰ কৰিলোঁ গৃহিণীৰ ডায়েৰীৰ পাতত সাঁচি ৰখা আমাৰ পুৰণি কবিতাবোৰ। “ধেই….. এইবোৰ সঁচাকৈ কবিতাই হ’ল নে?”, নিজকে কো‌ৱাদি কৈ উঠিলোঁ। প্ৰেমত মানুহ অন্ধ হৈ পৰে বুলি এনেই কো‌ৱা নহয়! কবিতা হ’বগৈ বুলি ভাবি এসময়ত বহুত কিবা কিবি শব্দ একজোঁট কৰি লিখি পেলাইছিলোঁ, পিছে সেইবিলাকে কেতিয়াও ছন্দ আৰু কবিতাৰ ব‌্যাকৰণ মানিবলৈ ইচ্ছাই নকৰিলে। কবিতাৰ নামত এনে ৰচনাই কে‌ৱল দুই প্ৰেমিক-প্ৰেমিকাৰ মনৰ বাতৰি কঢ়িও‌ৱাত হয়তো সফল হৈছিল, কিন্তু অন‌্য পাঠকৰ আগত ইহঁতৰ কাব‌্যিক মূল‌্য এটা মাত্ৰ প্ৰকাণ্ড শূন্যৰ বাদে আন একো নহ’ব। মনত পৰি গ’ল ববী বোলছবিৰ সেই বিখ‌্যাত গীতটোলৈ, “মে’ শ‌্যায়ৰ তো নহী/ মগৰ এ চনম/ যবচে’ তুমকো দে’খা/ মুঝকো শ্ব‌্যায়ৰী আ গয়ী”— যাক মই সদায় বেসুৰা বুলিয়েই আখ‌্যা দিছিলোঁ। জী‌ৱনৰ কোনো বিশেষ মুহূৰ্তত কবি হ’বলৈ চেষ্টা কৰি চাইছিলোঁ যদিও মই আচলতে কেতিয়াও কবি নাছিলোঁ, কবি হ’ব নো‌ৱাৰিলোঁ আৰু কবি হ’ব নো‌ৱাৰিমো কোনো কালে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক