মই উৰ্মিলা – মনমী ভট্টাচাৰ্য্য

দশৰথৰ পুত্ৰবধু
লক্ষ্মণৰ পৰিণীতা
মই উৰ্মিলা।

মোৰ বাবে অপেক্ষা এক শিল্প ।
চৈধ্যটা বসন্তৰ উন্মাদনা গৰকি
চৈধ্যটা শুষ্ক বৰ্ষা
হিমসনা গ্ৰীষ্ম নেওচি
মোৰ পুনৰ্জ্জন্ম ।

চৈধ্যটা শীতে মোহাৰি যোৱা জঠৰ যৌৱন মোৰ
বা-মাৰলি কুৰুকি যোৱা দেহত বন্যাৰ গেদ পৰি
নতুন জঁকাৰ জন্ম ,
মনৰ আউল বাউল চিন্তাৰে
গঢ় লয় যাৰ দেহৰ ভূগোল ।
লোতকেৰে নিমজ হোৱা
তিক্ত সত্তাৰ পাষাণ মানবী।
মই উৰ্মিলা ।
চিৰ উপেক্ষিতা উৰ্মিলা।

মোৰ কলিজাৰ ৰস শুহি
ফাগুনৰঙী হয় ঋতু
ঋতুমতী হয় ধৰা।
উভতনি সোঁতত বৈ অহা নৈখন
শত উজাগৰী নিশাৰ স্বপ্নবিলাস।
দিঠক মাথো চৈধ্যটা ফাগুনে ঘন কলা চুলিটাৰিত সানি যোৱা ৰূপালী আবিৰ ।
স্বামী মহান হ’ব ভাতৃভক্ত হৈ
জিলিকিব ইতিহাসত নাম।
মহান হোৱাৰ বাসনাত অসন্তুলিত সম্বন্ধ
ক্ষয়প্ৰাপ্ত নাৰীত্বৰ মান।
■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments