মৰমৰ জৰী (বি জে ৰঞ্জন)

ভোগালীৰ দোমাহীৰ দিনা।
ঘৰৰ আটায়ে চোতালত চকী, মুঢ়া আদি পাৰি গল্প কৰি আছোঁ। সময়ে সময়ে ‘গুৰা-আলা’ আদিৰ সান্দহ, চাহ, মাহ কড়াই আদি তপতে তপতে চলি আছে। অলস কিন্তু ফূৰ্তিভৰা এটা দিন। হঠাত মোৰ বাল্য বন্ধু এজন আহি ঘৰ সোমালাহি। মই অবাক। বন্ধুবৰ আজিকালি ইমানেই ব্যস্ত যে ৰাষ্টাত দেখিলে ভালকৈ মাত দিব দূৰৰ কথা, সেঙুন পেলাবলৈও বোলে আজিকালি তেখেতৰ সময়ৰ অভাৱ- সেইহেন মানুহ এজনৰ আজি আমাৰ ঘৰত পদাৰ্পণ! আহিল বাৰু। আমাৰ লগতে চোতালত বহিল। কথা লাহে-লাহে পাগ লাগিবলৈ ধৰিলে। তামোলৰ বাহিৰে একো নাখাওঁ বুলি দুই মিনিটৰ বাবে অহা বন্ধুয়ে দৈ-চিৰা, লাৰু-পিঠা আদি গ্ৰহণ কৰি যেতিয়া যাওঁ বুলি এসময়ত ঠিয় দিলে, তেতিয়ালৈ সি অহা প্ৰায় দুই ঘন্টামানে পাৰ হৈ গৈছিল। জপনাৰ কাষলৈ তাক আগবঢ়াই থবলৈ গলোঁ। যাবলৈ ওলাই সি কওঁ নকওঁকৈ ক’বলৈ ধৰিলে-“সিদিনা বাইদেউক ডি.চি. অফিচত লগ পাইছিলোঁ অ’। তেখেতক মই দেখাই নাছিলোঁ। হঠাত মোৰ হাতত ধৰি মানুহ এজনীয়ে মোক বাৰাণ্ডাৰ একাষলৈ টানি নিলে। মইতো আচৰিত। দেখোঁ যে তহঁতৰ মাৰ। বাইদেৱে মোৰ হাতত, চা ঠিক এনেকে ভাই, ধৰি পেলাই ক’লে-দিপুল, কোৱাচোন, তোমালোকে নো আজিকালি আমাৰ ঘৰলৈ কেলেই নোযোৱা হ’লা? আগতেতো সদায়ে গৈছিলা। অন্ততঃ মোৰ খবৰ এটাতো ল’বলৈ যাব পাৰা।”
মা ইস্কুলৰ মাষ্টৰণী আছিল বাবে লগ-বন্ধুবোৰে মাক আগৰ পৰাই বাইদেউ বুলি মাতিছিল। সি কৈ যাবলৈ ধৰিলে-“চাচোন, আমি নিজৰ নিজৰ জীৱনৰ সতে দৌৰি, টকা-পইচাৰ চিন্তাত তালু উদং কৰি ঘূৰি ফুৰোঁ। কিন্তু মৰম-ভৰা, খোলা মনৰ দুষাৰি মাত- এইবোৰ যে কিমান দৰকাৰী, কিমান আশীবাৰ্দৰ নিচিনা কেতিয়াও অনুভৱ নকৰোঁ। সঁচা কবলৈ গ’লে আজি মই তোক লগ কৰিবলৈ অহা নাছিলোঁ, একমাত্ৰ তহঁতৰ বাউদেউক বিহু বুলি মাত এষাৰ, আশীৰ্বাদ এটা ল’বলৈ আহিছিলোঁ।”

জীৱন-দৌৰত আমাৰ তাহানিৰ বন্ধু বৰ্গবোৰৰ মাজত সম্পৰ্কবোৰ গম নোপোৱাকৈ শিথিল হৈ যাবলৈ ধৰিছে। বিপৰীতধৰ্মী অৱস্থানৰ বাবে কোনোবাই যদি উত্তৰলৈ যাবলৈ বিচাৰিছে, আন কোনোবাই বা আকৌ দক্ষিণৰ বাদে আন কেনিও যাবলৈ নিবিচাৰিছে। কিন্তু মৰম-আদৰবোৰ! নোহোৱা হৈ গৈছেনে? নাই যোৱা।
বন্ধুৱে পুনঃ আৰম্ভ কৰিলে- “সিদিনা বাইদেউৰ চকু দুটা চলচলীয়া হৈ পৰা দেখিছিলোঁ। মনটো যে কেনেকুৱা লাগি গৈছিল! সঁচাকৈ মৰম, ভালপোৱা আদি মানুহে হাজাৰ টকা খৰচ কৰিলেও নাপায়……..বাদ দে, আহ বাইকত উঠ, বল পাণ খাই আহোঁ।”
দুয়োজনে এটা ঘন্টামান সময় পাণ খাই মটৰ চাইকেলেৰ চহৰখন ঘূৰি ফুৰিলোঁ, অতি-উৎসাহেৰে অ’ত-ত’ত যাবলৈ দুয়ো প্লেন- প্ৰগ্ৰেম কৰিলোঁ অলেখ, যদিও মোৰ দৰে সিও জানিলে এই দুই ডজনমান প্লেন-প্ৰগ্ৰেমৰ অন্ততঃ এটাও কাৰ্যকাৰী নহ’ব কোনো কালে, ঘূৰি-ফুৰি আহি সি মোক ঘৰৰ সন্মুখত নমাই দি ক’লে- “তহঁতৰ ঘৰলৈ আহি আজি বাইদেউক সেৱা কৰিবলৈ নাপালে মোৰ বিহুটো আধৰুৱা হৈ থাকিলহেঁতেন।”
—-
মামাৰ লগত এজন মানুহ। বিয়া এখনত। মোক মাতি নি মামাই মানুহজনক ক’বলৈ ধৰিলে-“হেৰ’, ইয়াৰ কথাই কৈ আছিলোঁ অ’ তোক।”
মানুহজনে মোৰ পিনে চাই আচৰিত হৈ ক’লে-“এওঁ! এওঁ ৰঞ্জন?”
মই তত-ভত একো ধৰিব পৰা নাছিলোঁ। মামাই মোক ক’বলৈ ধৰিলে-“এওঁক চিনি পাইছানে, সৰু থাকোতে যে তুমি আমি থকা সেই আমাৰ মেচলৈ গৈছিলা, তোমাক যে আমি অ-আ, ক-খ শিকাইছিলোঁ। তুমি যে আমাৰ মেচৰ পনীয়া দালি খাই ঘৰত গৈ কৈছিলা-মামাহঁতৰ মেচত শেৱালি ফুলৰ আঞ্জা খাই আহিছোঁ বুলি।”
দূৰ দূৰণিৰ কিছুমান অস্পষ্ট ধূসৰ ছবি মনলৈ ভাহি আহিল। কিমান বছৰ পুৰণি? হয়তো পঁচিশ, হয়তো ত্ৰিশ।
মানুহজনে মোলৈ একথিৰে চাই আছে- পকা চুলি আৰু বয়সৰ চাপে লাহে-লাহে কৈ খামুচিব ধৰা এখন সৰল মুখ, চকুত এক ধৰণৰ ব্যাকুলতা! কোন তাহানিতে সৰু ল’ৰা এজনক তেখেতে মৰম কৰিছিল, দিনটোৰ বিভিন্ন সময়ত মেচলৈ দৌৰি-দৌৰি যোৱা ল’ৰাটোক ইটো-সিটো বস্তু মৰম কৰি খাবলৈ দিছিল, কেতিয়াবা নেওতা লিখিবলৈও শিকাইছিল ল’ৰাটোক। সেই মৰম-চেনেহ আজিও যেন তেখেতৰ হৃদয়ত ক’ৰবাত লাগি ধৰি আছে, তাৰ ফলশ্ৰুতিতে তেখেতৰ মুখ মণ্ডলত অসম্ভৱ কোমলতাই বাৰে বাৰে খেলি যাবলৈ ধৰিছে।
মায়ে কাষলৈ আহি ক’লে- “সেই যে মোমায়েৰহঁতৰ লগত উঠা ফ’টোখন আমাৰ কোঠাৰ ৱালত ওলোমাই থোৱা আছে, তই আৰু ককায়েৰই যে একোটা টুপি পিন্ধিছিলি, তোৰ টুপিটো যে মূৰৰ ওপৰতেই ভাহি থাকিল।”
আচৰিত, আচৰিত! সকলো মনত পৰি গ’ল। মামাৰ লগৰ সেই মৰমীয়াল মামাজন, কিমান যে মৰম কৰিছিল আমাক। এবাৰ চিয়াঁহীৰ দোৱাত এটা তেওঁৰ টেবুলত পূৰা-পূৰি বগৰাই তেওঁৰ টেবুল-ক্লথৰ ৰঙেই সলনি কৰি দিছিলোঁ মই। নাই, গালি পৰাটো দূৰ, খং উঠাৰ চিনো দেখা নাছিলোঁ তেখেতৰ মুখত।
মামাজনে মোৰ বাহুত ধৰি মোলৈ চাই থাকিল আৰু ক’লে-“ইমান ডাঙৰ হ’লা তুমি।”
ময়ো তেখেতৰ চকুযুৰিলৈ চাই ৰলোঁ। লাহে-লাহে মই সৰু হৈ যাবলৈ ধৰিলোঁ, মোৰ বয়স কমি আহিবলৈ ধৰিলে, হঠাত মই সেই পাঁচ-সাত বছৰীয়া ল’ৰাজন হৈ পৰিলোঁ, মামাও ডেকাল’ৰাজন যেন হৈ পৰিল, এই যেন তেখেতে মোক দাঙি তুলি ল’ব কোঁচত আৰু সুধিব – “কোৱাচোন, আমাৰ মেচত আজি কি খালা? পনীয়া দালি নে শেৱালি ফুলৰ আঞ্জা?”
তেখেতৰ হাতৰ স্পৰ্শই ইতিমধ্যে বাহুৰে পাৰ হৈ মোৰ হৃদয় চুইছিলগৈ। বুকুখন বিষাই গ’ল নজনাকে। তেখেতে হাঁহি হাঁহি মোক ক’লে-“আমাৰ ঘৰলৈ আহিবা এদিন, আজিকালি আমি নগাঁৱত থাকোঁ নহয়।”
মনে মনে কলোঁ- মামা, আপুনি যতে নাথাকিলেও আপুনি মোৰ হৃদয়ত সদায়ে থাকিব, চিৰকাল আপুনি মোৰ মানসপটত ৰৈ যাব।
—-
আইতা- মৰমীয়াল এজনী আইতা। এতিয়াও কৰে বহুত মৰম। খালী দূৰত থকা বাবে বহুদিনলৈ তেওঁক লগ নাপাওঁ। কেতিয়াবা আইতাই কাৰোবাক খাতিৰ ধৰে- সৰু বাপুলৈ ফোন এটা লগাই দেচোন।
আইতাৰ মাতটো শুনি মনটো ভৰি যায়, কওঁ- “আইতা, তোমাক মই বহুত দিন দেখা নাই।”
আইতাই কয়- “বাপু, তোকো যে মই কিমান দিন দেখা নাই।” (হাঁহি উঠে, আইতাক মই নেদেখিলে মোকনো আইতাই কেনেকে দেখিব, মইতো টিভি চিৰিয়েল, নাটক আদি নকৰোঁ)।
আকৌ কওঁ- “আইতা, তোমাৰ মাতটো যে কিমান দিন শুনা নাই।”
আইতাই কয়-“হয়ো বাপু, ময়ো যে তোৰ মাতটো কিমান দিন শুনা নাই।”
অতি সহজ, অতি সৰল।
সেই আইতা, ভালকৈ ঘূৰা পকা, কাম আদি কৰিব পৰা দিনত আমাৰ ঘৰলৈ আহি আমাৰ এগণ্ডা ভাই-ভনিৰে ভৰি থকা ঘৰখনক কিমান প্ৰকাৰে, কিমান ধৰণে সহায় নকৰিছিল। আইতা আহিলেই তেওঁৰ মোনাৰ পৰা বিধে বিধে বাজ হৈছিল চুঙা পিঠা, কলপাতেৰে বন্ধা পিঠা, পিঠা-গুৰি আদি বিভিন্ন খাদ্য-সামগ্ৰী, লগতে ‘বাই-ডিফল্ট’ পাণ-তামোলৰ এখন ভ্ৰাম্যমান ‘এক্স-পো’।
—-
মোৰ ভিনিদেউ এজনে তেখেতৰ মাহীয়েক এজনীৰ কথা কৈছিল এনেদৰে-“আমি মাহীক এতিয়া চাওঁ, পাৰিলে সহায় আদিওঁ কৰো, কৰি ভালপাওঁ, মাহীক কেতিয়াও পাহৰিব নোৱাৰোঁ। এটা সময়ত আমাৰ ঘৰৰ অৱস্থা অতি বেয়া আছিল। মই সৰু থাকোতে এদিন পেচাব কৰি দিয়া ভাতো মাহীয়ে পানীৰে ধুই ধুই খাইছিল…..।”

—-
কোনোনো পাহৰিব পাৰে এইবোৰ কথা? মৰি গলেও কিজানি ‘মানুহে’ নাপাহৰে মানুহৰ মৰম। জীৱন যুঁজৰ কঠিন মুহূৰ্তত বিতৃষ্ণা লাগিলে যদি এইবোৰ মানুহৰ কথা মনলৈ আহে জীৱনৰ প্ৰতি আকৌ প্ৰেম হৈ যায়। কি এই মৰমৰ জৰী? দেখা-চেখাও নাপায়, কোমল-কোমল যেনো লাগে অথচ কিমান যে শক্তিশালী তাৰ বান্ধোন! আটাইতকৈ ডাঙৰ কথা- এই মৰম, এই ভালপোৱাৰ বান্ধোন কোনো চুক্তি বা যুক্তিৰ আধাৰত গঢ়িত নহয়। নিজস্ব প্ৰক্ৰিয়াৰে আৰম্ভ হৈ ই ৰৈ-বৈ যায় যুগৰ পৰা যুগলৈ, কলিজাৰ কোনোবা মৰম কঢ়িওৱা ধমনীৰ মাজেদি ই যে চিৰ প্ৰৱাহমান, যেন চকুৰে নেদেখা এখন নৈ……।

আমাৰ সকলোৰে মাজত থকা অদৃশ্য, মৰমৰ-সম্পৰ্কৰ জৰীডাল নিকপকপীয়া হওক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments