মৌতম আৰু এটি ৰূপ কথাৰ ইতি (ড° লোচন শইকীয়া)

চাকৰি জীৱনত কেইবাবাৰো মিজোৰামলৈ বেলেগ বেলেগ ঋতুত যাবলগীয়া হৈছিল৷ মিজো ভাষাত ‘মি’ মানে মানুহ, ‘জো’ মানে পাহাৰ, ‘ৰাম’ মানে ঠাই। পাহাৰীয়া ঠাইৰ মানুহ৷ ভাৰতৰে তিনি অংগপ্ৰদেশ অসম, মণিপুৰ আৰু ত্ৰিপুৰাই মিজোৰামৰ তিনি দিশ আগুৰি আছে৷ স্বাধীনোত্তৰ ভাৰতৰ এতিয়াৰ মিজোৰাম ১৯৭২ চনলৈকে লুচাই পাহাৰ জিলা নামেৰে অসমৰ ভৌগোলিক সীমাত আছিল৷ বৃটিছ শাসনৰ সময়ত লুচাই পাহাৰৰ মানুহৰ শিৰ-চিকাৰ ঘটনাৱলী লোম শিহৰণকাৰী৷

২০০৭ত খৰধৰকৈ আইজাল যাবলগীয়া হল৷ মোৰ প্ৰথম মিজোৰাম গমন৷ ডিচেম্বৰ মাহ৷ গুৱাহাটীৰ পৰা লেংপুই বিমানসেৱা৷ বিমানে লেংপুইৰ আকাশমাৰ্গ পাই কুঁৱলীৰ প্ৰকোপত লেংপুই এৰি পুনৰ গুৱাহাটীলৈ ঘূৰি গল৷ আইজাল গৈ পোৱা মোৰ বাবে জৰুৰী আছিল৷ গুৱাহাটীৰ গধূলিৰ বাছত উঠি শিলচৰহৈ, পুনৰ জীপত উঠি পিচদিনা আবেলি মই আইজালৰ আলহী গৃহৰ চাহৰ টেবুলত৷ এটা নিশা জিৰণি৷ পিছনিশা মিজোৰাম চৰকাৰৰ কিছু কৃষি বিষয়াৰ লগত আলোচনা চক্ৰ৷ পাহাৰীয়া ঠাইৰ কৃষিৰ বহু কথাই ভৈয়ামৰ লগত খাপ নাখায়৷ শিক্ষাৰ ক্ষেত্ৰত অতিকৈ আগবঢ়া মিজোৰাম৷ পূৰ্ণ শতাংশই শিক্ষিত৷ কৃষিক সৰ্ব্বাধিক গুৰুত্ত সহকাৰে লৈছে৷ সেইদৰে কামো কৰিছে৷bamboo_flower_wiki

যাত্ৰাত দেখিলো, মিজোৰামৰ বতৰৰ লগত খাপ খোৱা কিছুমান খেতি৷ গাড়ীৰ উইণ্ডস্ত্ৰীনৰ পৰা সুদূৰত পাহাৰৰ এটা ফাল দেখাত তেনেই উদং৷ ওচৰ পাই বুজিলো সেইয়া স্কোৱাচ খেতি৷ চপাবৰ সময় হৈছে৷ হেলনীয়া পাহাৰৰ বিস্তৃত বক্ষত স্কোৱাচ খেতিৰ চাং৷ মোৰ ধাৰণাই নাছিল যে পাহাৰীয়া ঠাইতো খেতি এনেকৈ হয়৷ মিজোৰামে আৰু এক খেতি বিচাৰি উলিয়াইছে৷ ফুল খেতি৷ যিটো ভৈয়ামৰ মাটিত মুঠেই ভাল নহয়৷ এন্থুৰিয়াম৷ ৰঙা, সেউজীয়া, হালধীয়া, কুহুমবুলীয়া, বগা অনেকৰঙী এন্থুৰিয়াম৷ এতিয়া মিজোৰামৰ এন্থুৰিয়াম বিদেশ পাইছেগৈ৷ নতুন দিল্লীৰ কেইবাখনো কৃষি প্ৰদৰ্শনীত মিজোৰামৰ এন্থুৰিয়াম দেখিবলৈ পাইছো৷ টিপতে কৈ থওঁ, দেখিবলৈ অসমৰ মেম জলকীয়াহেন, মিজোৰামৰ ‘ধানী’ নামৰ তেজৰঙা পকা শুকান জলকীয়াও সুদূৰ লণ্ডন পাইছেগৈ৷
মিজোৰামৰ বাঁহনাচ (Bamboo dance) সকলোৰে বিদিত৷ মিজোৰাম বুলিলে বাঁহৰ কথা নোকোৱাকৈ থাকিব পাৰি জানো! বাঁহকলৈয়ে আমাৰ ভাষাত বহুত শব্দ, সঁজুলি, বহুত ৰীতি-নীতি৷ অসমীয়া ভাষাক বাঁহে বহুলাংশে সমৃদ্ধ কৰিছে৷
২০০৮ৰ মাৰ্চত আকৌ যাবলগীয়া হল৷ শ্বিলং হৈ ১৫৪ নং ৰাষ্ট্ৰীয় পথেৰে শিলচৰৰ মাজেদি ৫৪ নং মিজোৰাম ৰাষ্ট্ৰীয় পথ৷ মিজোৰাম সোমোৱাৰ ছয়ছল্লিশ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিচতেই সন্মুখত থিয় পাহাৰ৷ অকোৱা-পকোৱা ক্ৰমাম্বয়ে থিয় পাহাৰীয়া পথ৷ আৰম্ভণিৰ কিছুদূৰ সৰল গছৰ ছাঁয়া৷ যেই বাঁহনি আৰম্ভ, বাঁহেই বাঁহ৷ কিমান যে বেলেগ বেলেগ বিধৰ বাঁহ৷ মাজে-সময়ে বাটৰ কাষে-কাষে পাহাৰৰ হেলনীয়া ঢালটোৰ গইনালৈ কিছুমান ঘৰ৷ মানুহথকা ঘৰ৷ দোকান ঘৰ৷ বাঁহৰ৷ কাঠৰ৷ সংমিশ্ৰণৰ৷ এটাৰ কাষত এটা৷ একোখন গাঁও৷
উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া ঠাইৰ ভৌগালিক ঠাঁচ কাৰো সৈতে নিমিলে৷ পাহাৰীয়া ৰাষ্ট্ৰীয় পথ আৰু ভৈয়ামৰ ৰাষ্ট্ৰীয় পথৰ চৰিত্ৰ, ক’তো নিমিলে৷ মাজে-সময়ে সৰু বাহন খনিৰ চালকলৈ চাও৷ খুউব সাৱধানেৰে এক মনেৰে গাড়ী ওপৰলৈ চলাই গৈ আছে৷ আগেয়েই কথা পতা মানা কৰি থৈছে৷ কেনেবাকৈ পিচ হুঁহকিবলগীয়া হোৱা মানেই বোলে ইপুৰী৷ চালককাইটি আগেয়ে মিজোৰামলৈ আহি পোৱা নাই৷ কোনোবাই কৈ পঠিয়াইছে৷ সেয়ে সাৱধান৷ চালককাইটিক তেওঁৰ আসনতে এৰি বলক আমাৰ মিজোৰামৰ পথত আগ বাঢ়ো৷

এই যাত্ৰাৰ কেন্দ্ৰবিন্দু আইজাল, লুংলেই৷ মাজত চেৰচ্চিপ৷ পথত কোলাছিব৷ কোলাছিবতে ভাৰতৰ গেৰিলা যুদ্ধৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ৷ ভাৰত চৰকাৰৰ মিজো নেতা লালডেংগাৰ নেতৃত্বত চাব্বিশ বছৰীয়া ঐতিহাসিক সংগ্ৰামৰ লগত গেৰিলা যুদ্ধও সাঙুৰ খাই আছে৷ হুলেৰে হুল কঢ়া৷ কোলাছিব পাৰ হৈ আহিলো৷
মাৰ্চ মাহ৷ গাড়ীৰ বাহিৰত ঠাণ্ডা যিমানেই ওপৰলৈ, সিমানেই ঠাণ্ডা৷ বিজ্ঞানৰ হিচাবত সাগৰ পৃষ্ঠৰ ওপৰলৈ প্ৰতি একহাজাৰ ফুটত এক ডিগ্ৰী চেলচিয়াচ কম হয়৷ তেনেতে চকু পৰিল বাঁহনিত ওলমি থকা হাতৰ মুঠিটোৰ সমান সেউজীয়া ৰঙৰ ফল৷ এটা নহয়, দুটা নহয়৷ অনেক৷ ভাবিলো বাঁহত বগোৱা কোনো লতাজাতীয় গছৰ ফল৷ যিমানেই আগবাঢ়ো, একেই ফল৷ চালককাইটিক সমান চাই ঠাই এটুকুৰাত গাড়ীখন ৰখাবলৈ কলো৷ কাইটিয়ে কলে- এই পাণ্ডব বৰ্জিত ঠাইত কিয় ৰখাইছে? দেখিছেনে নাই ইমান দূৰ আহিলো, চৰাই এটিও নাই৷ আকাশ চানি ধৰা ধোঁৱা৷ এইখিনিতেই কৈ থোৱা ভাল, উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া ঠাইবোৰত ঝুমখেতিৰ প্ৰচলন যদিও কমিছে, এতিয়াও কিছু কিছু আছে৷
ডাৱৰ৷ সন্মুখত৷ ডাৱৰ গালত৷ ডাৱৰে যেন আমাক চুইহে চাইছে৷ পানীৰ আন এক ৰূপৰ বুজাব নোৱাৰা শিহৰণ৷ একোলা ডাৱৰ যেন আঁকোৱালি লম৷ ইফালে মুঠিটোৰ সমান সেউজীয়া ৰঙৰ ফলটো কি চাবলৈ আছেই৷ বাটৰ কাষৰ বাঁহ এজুপিৰ ওচৰ চাপি গলো৷ উৱা, এইবোৰ দেখোন বাঁহৰ জেঙতেই লাগি থকা ফল৷ কেমেৰাটো উলিয়াই স্নেপকেইটামান ললো৷ যদিও অনধিকাৰ কেইটামান বাঁহগুটি চিঙি আনিলো৷ ডাঠ সেউজীয়া৷ মিহি৷ তলটো অকণমান জোঙামূৰীয়া৷ কঠুৱা৷ অকনমান গধুৰ৷ ভিতৰত কি আছে পিচত চাবলৈ গাড়ীত ভৰালো৷ পুনৰ ৰাওনা৷from internet
মিজোৰামৰ ইতিহাসত বাঁহকলৈ অলেখ কাহিনী৷ মানুহৰ বয়স হয়৷ বয়সে গৰকা ডেকা, এদিন বুঢ়া হয়৷ বুঢ়াহৈ সৰুবোৰক কয়৷ বাঁহৰ এটা কাহিনী৷ কাহিনীয়ে কয় কেনেকৈ মিজোৰামত এদিন বাঁহ ফুলিল৷ বাঁহ এনেয়ে নুফুলে৷ কেতিয়াবাহে ফুলে৷ ফুলিলে ৰক্ষা নাই৷ বাঁহ ফুলিলে দু্ৰ্ভিক্ষ হয়৷ বাঁহবোৰ মৰি যায়৷ মূখত হাত দি সৰুবোৰে অবাক দৃষ্টিভঙ্গীৰে শুনে৷
ভৰালত থকা ধান, মাকৈবোৰো ৰাতিটোৰ ভিতৰতে নোহোৱা হয়৷ নোহোৱা আৰম্ভ হয় প্ৰথমে খেতি পথাৰত৷ কিবা এটা আহে৷ উৰি আহে৷ পথাৰত খচ্-খচ্ শব্দ হয়৷ অনেক শব্দৰ সমষ্টি৷ ষেন চৰাইৰ পাখি কোবোৱাৰ শব্দ৷ মানুহবোৰ ভয়তে পেপুৱা লাগে৷ আন্ধাৰ নিশা৷ চোৰে চৰিয়ালেও একো নেদেখা আন্ধাৰ৷ পথাৰখনো কাষত নহয়৷ তাতেই এঢলীয়া পাহাৰ৷ আন্ধাৰত তললৈ বাগৰি পৰা ভয়৷ পুৱা দেখে পথাৰত চপাবলৈ একো নাই৷ এজন মানুহে গোটেই জীৱন কালত দুবাৰ বা তিনিবাৰ তেনেকুৱা কিবা-কিবি এটা অহা গম পায়৷ সেইয়া কি ? দেখা নাই৷ কিবা এটা উৰি আহে৷ পথাৰত খচ্-খচ্ শব্দ হয়৷ চৰাইয়ে পাখি কোবোৱা শুনে৷ সৰুতে শুনা, আগৰ কথা মনলৈ আহে৷ মানুহবোৰ ভয়তে পেপুৱা লাগে৷ দুৱাৰত শলখা লগাই কাণ পাতি ৰয়৷ জানোচা ঘৰৰ ভিতৰলৈ সোমাই আহে৷ সোমালে যে কি হব! মানুহবোৰে ভাবি পাৰ নাপায়৷ পুৱাৰ ফালে পাখি কোবোৱা, খচ্-খচ্ শব্দবোৰ ক্ষীণ হৈ আহে৷ যেন উৰি গল৷
মানুহবোৰ নিজা পথাৰলৈ যাবলৈ উথপ্-থপ লগায়৷ জানোচা এইবাৰ চপাবলৈ কিবা ৰয়! এজাক সৈনিকে পেৰেড কৰি পথাৰখন যেন সমান কৰি থৈ গল৷ আজি এখন৷ কাইলৈ কাষৰে কোনোবা এখন৷ ভঁৰালত থকা ধান-মাহকেইটাও নিৰাপদ নহয়৷ সেইখিনিৰে কেইদিনৰ যোগাৰ! গাঁওৰ পিচত গাঁও৷ পথাৰৰ পিচত পথাৰ৷ এটাই মিল৷ বাঁহ ফুলে৷ খোৱা বস্তু শেষ৷ দুৰ্ভিক্ষ আৰম্ভ হয়৷ মানুহকে নুজুৰে৷ জীৱ-জন্তুৰ কথা ভাবিব ক’ৰপৰা ! নেদেখা আপদৰ কথাৰ পাখি গঁজে৷ ভৈয়ামৰ মানুহেও শুনে৷ কথাই ৰূপ কাহিনীৰ ৰূপ লয়৷ বাঁহ বোলে ভাললৈ নুফুলে৷ সঁচা-মিছাৰ বাচ-বিচাৰ নোহোৱা হয়৷ এপুৰুষ যায়৷ পিচৰ পুৰুষ আহে৷ দেখাই নাই৷ কব কি?

মিজোৰামৰ আইজল বৰ ধুনীয়া চহৰ৷ স্বাধীন ভাৰতৰ ২৪তম প্ৰদেশ৷ আইজল চায়ে মিজোৰামৰ আঠোখন জিলাৰ বিষয়ে সঠিক ধাৰণা কৰিব নোৱাৰি৷ যিটো পিচৰ সময়ছোৱাত বুজিছিলো৷ মোৰ ডিচেম্বৰৰ যাত্ৰা আইজলতে সীমাবদ্ধ৷ দেখাত জীৱনটো যেন বৰ সহজ৷ চাৰিওফালে অসম আৰ্হিৰ ঘৰ৷ সকলো ঘৰৰ লগতে একোটা ডাঙৰ আকৃতিৰ বৰষুণৰ পানী গোটোৱা জলাধাৰ৷ দক্ষিণ-পশ্চিম মৌচুমীয়ে মিজোৰামতো খুন্দিয়ায়৷ মিজোৰামৰ বছৰেকীয়া গঢ় বৰষুণ ৪২০ চেণ্টিমিটাৰ৷ অসমৰ দুগুণ৷ পাহাৰীয়া স্ৱাভাবিকতাৰে পানী তললৈ বৈ যায়৷ খৰালি যেতিয়া হয়, পানীৰ দাম উঠে৷ খেতি ইয়াত সহজ শব্দ নহয়৷
বাঁহো খেতি৷ প্ৰকৃতিৰ স্বতঃস্ফূৰ্ততাৰে জীৱন পৰিক্ৰমা সমাপণেৰে বাঁহ ফুলে৷ গুটি হয়৷ হাতৰ মুঠিহেন ফলটোৰ পৰা অলেখ গুটি৷ বাৰিষা আহে৷ গুটিয়ে গজালি মেলে৷ গুটি দি মৰি যোৱা বাঁহজুপিৰ ঠাইত অলেখ বাঁহগছ গজে৷ বাঁহৰ প্ৰজাতিভেদে আয়ুস ৩৫ বছৰ, ৪৮ বছৰ৷ কিন্তু বাঁহ ফুলিলে দুৰ্ভিক্ষ কিয়? গুটিবোৰ পূৰঠ হোৱা সময়ত নিশা উৰি অহা সেইটো কি ? পথাৰৰ চপাবলৈ থকা শইচবোৰ কোনে লৈ যায় ? নিজৰ জীৱন কালত নিজকে সুধিবলৈ এবাৰ বা দুবাৰ৷ উত্তৰ নাহে৷ দুৰ্ভিক্ষ মিজো ভাষাত ‘মৌতম’৷
বাঁহগুটি এন্দুৰৰ প্ৰিয় খাদ্য৷ বাঁহৰ গুটিত প্ৰটিনৰ মাত্ৰা অধিক৷ যিমানেই গুটি সিমানেই প্ৰজনন৷ এন্দুৰৰ বংশবৃদ্ধি৷ প্ৰকাণ্ড একোটা একোটা ক’লা এন্দুৰ৷ বংশবৃদ্ধি জাকৰুৱা৷ হাজাৰ, হাজাৰ৷ যেনি যায় সৈনিকৰ দল যোৱাদি দলবান্ধি যায়৷ নিশাচৰী৷ যি পায়, এফালৰ পৰা ঢাঁহি-মুঁহি নিয়ে৷ দিনত খেতিত লাগি থকা মানুহে ৰাতি গমকে নাপায়৷

খোৱাবস্তুৰ সন্ধানত নিশা এন্দুৰ সেনাবাহিনী পথাৰৰ ফালে গতি কৰে৷ দিনত পাহাৰীয়া হাবিত লুকাই থাকে৷ মানুহৰ বাবেহে দুৰ্গম পাহাৰ৷ এন্দুৰৰ কাৰণে কোনো কথাই নহয়৷ এন্দুৰৰ পৰা প্লেগ বেমাৰ৷ আতঙ্ক৷ এইবোৰ গম পোৱা গল এজন জনহিতৈষী বিদেশীৰ পৰা৷ মিজোৰামৰ মানুহখিনিক বুজালে বাঁহ ফুলা প্ৰাকৃতিক ঘটনা৷ বাঁহ ফুলিছে, এন্দুৰ ধ্বংসযজ্ঞৰ বাবে সাজু হওক৷
২০০৬-০৮ত মিজোৰামত বাঁহ ফুলিল৷ চৰকাৰে ঘোষণা কৰিলে প্ৰতিডাল এন্দুৰৰ নেজৰ বাবদ এটকা৷ কিছু শইচ এন্দুৰে খালে৷ ২০০৬-০৮ত মিজোৰামত ‘মৌতম’ নাহিল৷ আগলৈও নাহে৷
কোনোবা বুঢ়াই নাতি-নাতিনীক ক’ব এন্দুৰৰ নেজ জমা কৰি মিজোৰাম চৰকাৰৰ পৰা কিমান ধন পালে৷ নিশা অহা, নেদেখা, ডেউকা কোবোৱা, খচ্-খচ্ কৰা আতঙ্ক লৈ অহা মৌতম নামৰ এটি ৰূপকথাৰ ইতি পৰিল৷

 

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments