শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষা ( ইউনিকোডীয় ৰূপান্তৰ – প্ৰতিম প্ৰতাপ বৰুৱা)

শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষা ( ইউনিকোডীয় ৰূপান্তৰ – প্ৰতিম প্ৰতাপ বৰুৱা)

 

|| নমো শ্ৰীকৃষ্ণায় নমো নম: ||

৷৷ ভজন ৷৷

||ঘোষা || ছবি ||

মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি ||১
যাৰ ৰাম-কৃষ্ণ নাম নামে ভৱ-সিন্ধু তৰি
পাৱে পৰমপদ পাপী যত |
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহোঁ হৃদয়ত ||২

নমস্কাৰ
মত্স্যৰ কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম বৰাহ শ্ৰীৰাম |
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম ||৩

উপদেশ
একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত |
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত ||৪
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ |
দূৰতো বিদূৰ হোন্ত তাৰ ||
অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ ||৫
যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে |
হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি-গুণ গায়া নাচে ||৬
সকল নিগমে লতা তাৰ অবিনাশী ফল
কৃষ্ণ-নাম চৈতন্য-স্বৰূপ |
সুমধুৰ সুমঙ্গল শ্ৰদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্ৰ তৰে ভৱ-কূপ ||৭
অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন |
এতাৱন্ত মূৰ্ত্তিশূণ্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ||৮
যিটোজনে কৃষ্ণ-কথা বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয় |
যত তীৰ্থ স্নান দান দেৱ-পিতৃ-যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয় ||৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে |
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে ||১০
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সিসি
অনুষ্ঠান সমস্তে কৰিল |
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
আশাক যিজনে পিঠি দিল ||১১
অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱৱা যদি
সমস্তে অৱস্থা আছা পায়া |
কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে-ভিতৰে হোৱে কায়া ||১২
সেহিসে চতুৰ যিটো পুণ্যৰ নিদান-ভূত
নাৰায়ণ-নামক উচ্চাৰে |
অচতুৰ সিসি আতি পাপৰ নিদান-ভূত
নামে অৰ্থবাদ যিটো কৰে ||১৩
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন |
শুনিয়ো পাৰ্ব্বতী মঞি মনত শঙ্কঞো ৰঙ্গে
ৰাম বুলিবেক ইটোজন ||১৪
কৰ্ণ-পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰা সমস্তয় |
জলৰ যতেক মল যেহেন শৰত-কালে
স্বভাৱতে নিৰ্ম্মল কৰয় ||১৫
হুয়া দেৱ দিগম্বৰ ভস্ম-বিভুষিত-অঙ্গ
শিৰত ধৰিছা জটা-ভাৰ |
মহেশে সেৱন্ত যাক হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ||১৬
ব্ৰহ্মা আদি দেৱগণে নিচল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি |
লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাঙ্ক সৰি ||১৭
সমস্ত-বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত-ৰস পাই |
পৰম সন্তোষে পান কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই ||১৮
মহাভাগৱত-ৰস মাধৱৰ নাম-যশ
আক পান কৰিল যিজনে |
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ-আদি ৰসে
ৰতি আৰ নকৰয় মনে ||১৯
কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয় |
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয় ||২০
চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
নাহি নাম-গুণ বিনে আন |
সেহিসে কাৰণে হৰি নিজ-যশ-প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ ||২১
যিহেতু চৈতন্য-পূৰ্ণ পৰমাত্মা-ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি |
তাতেসে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জড়ৰাশি ||২২
ৰাম-কৃষ্ণ-হৰি-নাম সৰ্ব্ব-ধৰ্ম্ম-অনুপাম
সকল নিগম-তত্ত্ব-সাৰ
যত পৰে ধৰ্ম্ম নাহি আৰ |
হেন নাম নূসুমৰি কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ ||২৩
বিষ্ণু-পাদোদক গঙ্গা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয় |
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শব্দৰ স্বৰূপ আছয় ||২৪
পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম-সিংহে
প্ৰকাশ কৰয় আতি বড়ে |
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ-হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে ||২৫
আপুনি আপুন বন্ধু আপুনি আপুন শত্ৰু
আপুনি আপুন ৰাখে মাৰে |
হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপুনাক তাৰে ||২৬
দুৰ্ল্লভ মনুষ্য-তনু লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা |
সন্তৰ সঙ্গত বসি সুখে হৰি-গুণ গায়া
সন্তোষ-অমৃত পান কৰা ||২৭
হৰি-নাম-কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি |
হৰিত শৰণ লৈয়ো কেৱলে হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি ||২৮
বিষয়-সম্বন্ধ-সুখ সমস্ত যোনিত পায়
হৰি-সেৱা একো থানে নাই |
হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য-তনু
জানি ফুৰা হৰি-গুণ গাই ||২৯
মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰি-গুণ-কীৰ্ত্তন নকৰে |
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি-নাম-কীৰ্ত্তনত পৰে ||৩০
মৃত্যু তৰিবাৰ যত আছয় উপায় আন
বিঘিনি-দূষিত নিৰন্তৰে |
বিঘিনি-ৰহিত যত মাধৱৰ-গুণ-কৰ্ম্ম
কীৰ্ত্তন কৰন্তে সুখে তৰে ||৩১
লুব্ধ-মতি মনুষ্যৰ হৰি-কীৰ্ত্তনত পৰ
নাহিকে ৰহস্য-বিত্ত আৰ |
আন আশা পৰিহৰি মাধৱক মনে ধৰি
হৰিৰ কীৰ্ত্তন কৰা সাৰ ||৩২
শুনা পৰমাৰ্থ-তত্ত্ব শ্ৰীমন্ত-শঙ্কৰ-মত
ধৰিয়োক সজ্জনসকল |
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল ||৩৩
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰি-গুণ ভাগৱত সাৰ |
সাধু-সঙ্গ অনুসৰা শ্ৰৱণ-কীৰ্ত্তন কৰা
পৰিহাৰা পাষণ্ড-আচাৰ ||৩৪
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ |
হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ ||৩৫
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা
তাহাৰ দুৰ্ল্লভ কিছু নাই |
নাৰায়ণ-পৰ ভৈলে তথাপি কিঞ্চিতো আন
নবাঞ্জয় সেবা-সুখ পাই ||৩৬
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস-থান
মুখ নয়নৰ পান-পাত্ৰ |
দিগপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ-পদ্ম মাত্ৰ ||৩৭
পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাৱে লাগ
তপ জপ যাগ যোগ দানে |
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ-চিত্তে মাথে
অভিষেক নকৰয় মানে ||৩৮
গ্ৰাম্য-কথা-বিনাশন উত্তম শ্লোকৰ গুণ
প্ৰসৱয় সাধুৰ সঙ্গত |
তাক অনুদিন যিটো সেৱে তাৰ সতী মতী
হোৱে বাসুদেৱ-চৰণত ||৩৯
সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্ন নোহয় দুৰ্দিন |
হৰি-কথা-অমৃতৰ সম্যক-আলাপ-ৰসে
যিটো দিন হোৱয় বিহীন ||৪০
আত্মা-ঈশ্বৰক লাগ প্ৰত্যেকে সততে পাই
নপাই জানা তাঙ্ক অবিদ্যাত |
অবিদ্যা নশিলে লাগ কৃষ্ণক পাৱয় যেন
কণ্ঠ-লগ্ন বস্তুক সাক্ষাত || ৪১

নিন্দা

নাৰায়ণ হেন ইটো শৱদ আছয়ে মুখে
বশৱৰ্ত্তী বচন আছয় |
তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি
মল-মতি মনুষ্য মৰয় ||৪২
তৰ্ক-শাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায় |
সংসাৰ বনত পশি পতি-পুত্ৰ সমন্বিতে
উপনিষত্‍-ধেনু ধৰি খায় ||৪৩
সৰ্ব্ব-শ্ৰুতি-শিৰোৰত্ন ভগৱত-বন-মাজে
হৰি-নাম-সিংহ প্ৰকাশয় |
তাৰ মহাধ্বনি শুনি নিজ পৰিয়াৰ সমে
তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয় ||৪৪
স্মৰহু গোবিন্দ মূঢ় বোলহু গোবিন্দ মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে |
মৰণ সন্নিতে পাইলে গোবিন্দেসে ৰাখিবন্ত
নৰাখিবে ’ডুকৃঞ কৰণে’ ||৪৫
ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়-মতি |
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিত সিটো
অৱশ্যে হুইবেক উত্পকত্তি ||৪৬
মায়া আদি কৰি যত সমস্তে জগতে জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ |
চৈতন্য কৃষ্ণক এড়ি জড়ক ভজিয়া মৰে
কিনো লোক অধম মুগুধ ||৪৭
তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যু-বেলা |
মৰন্তাজনক বেঢ়ি বোলে সৱে ৰাম বোলা
হেন নাম এতিখণে হেলা ||৪৮
পৰলোক-সময়ৰ বান্ধৱ হৰিৰ নাম
সৱ এড়ি যিহেতু সুমৰে |
এতিখণেকি কাৰণে হেনেয় হৰিৰ নাম
মল-মতি নৰে নুসুমৰে ||৪৯
দুৰ্ঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা
তেজি হৰি-নামক সম্প্ৰতি |
কমন উপায়ে আন পণ্ডিতসকলে আৱে
লভিবেক আপুন মুকুতি ||৫০
লভিয়া মনুষ্য-তনু যিসৱ পণ্ডিত নৰে
নসাধিলে গতি আপুনাৰ |
কৌটি জনমক লাগি সংসাৰ-সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ ||৫১
গোৱিন্দক নৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোনজন |
হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
’কোবা কোবা’ কুবাক্য-বচন ||৫২
শঙ্কৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব
প্ৰচাৰিলা শাস্ত্ৰ-সাৰ জানি |
তাহাঙ্ক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপুনাৰ মহত্ত্ব বখানি ||৫৩
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি |
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহামূঢ়-মতি ||৫৪
নজানে শাস্ত্ৰৰ নয় যেন আসে তাকে কয়
ছেদিবাক নপাৰে সংশয় |
গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে
মান্য-সতকাৰ খুজি লয় ||৫৫
বচনে কেৱসে মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয় |
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয় ||৫৬
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ-মন্ত্ৰচয় |
হে হৰি তোমাতেসে খেলাৱে কেৱলে বাদ
তোহ্মাৰ তত্ত্বক নজানয় ||৫৭
ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰাঙ্মুখ ভৈলা যিটোজন |
যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ-মহা-
পঙ্কে পৰি হোৱয় গমন ||৫৮
হৰি-নাম ধ্বজ কৰি বেদ-পথ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল |
ইহ-পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰে আতি পৰম নিষখল ||৫৯

প্ৰাৰ্থনা

তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মঞি নাথৱন্ত |
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত ||৬০
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ |
দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
দিয়ো মোক সেহি উপদেশ ||৬১
তুমি ভক্ত-কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ |
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা-ৰস-সাৰ ||৬২
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক |
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
তযু নামে সদা ৰতি হৌক ||৬৩
হে ভগৱন্ত গুৰু তযু পদে মন মোৰ
যিকালত থিতিক লভয় |
তোহ্মাৰ কৃপাত তেৱে সমস্তে সাধন-শ্ৰম
এৰাই সুখী হুইবাহো নিশ্বয় ||৬৪
হে প্ৰভু নৰহৰি তোহ্মাৰ চৰণ চুই
প্ৰেমভাৱে স্মৰণ-দুৰ্ল্লভ |
যথাকথঞ্চি-ৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হুয়োক সুলভ ||৬৫
হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপা-দৃষ্টি চাহিয়োক মোক |
সহজ বাসনা-ৰূপ শৰণ দিয়োক নাথ
মোৰ অহঙ্কাৰ দূৰ হোক ||৬৬
নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জণ
নমো দেৱ দৈৱকী-দায়াদ |
পৰম অনাথ আমি তোমাৰ চৰণে নামি
মাগো প্ৰভু ভকতি-প্ৰসাদ ||৬৭
ব্ৰহ্ম হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যত সদা পশয় শৰণে
আৰ আন নাহি ত্ৰিভুৱনে |
ভকতজনৰ বন্ধু তুমিসে কৰুণা-সিন্ধু
মোৰ গতি তোমাৰ চৰণে ||৬৮
মায়াৰ নিগ্ৰহে মঞি পৰম আতুৰ ভৈলো
প্ৰাণ যদুপতি জীৱন যদুপতি |
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি ||৬৯
হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
আছে পাপী তাৰ আমি সীমা |
চৰণে থাপিয়ো মোক পতিত-পাৱন নিজ
দেখা কোন নামৰ মহিমা ||৭০
তোহ্মাত বিমুখ হৰি হৈবাৰ দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত |
এৱে হৰি তযু পদে সেৱাতে যিমতে ৰহো
হেন কৃপা কৰিতে উচিত ||৭১
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ |
আপুনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰা পৰিত্ৰাণ ||৭২
তোহ্মাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহিয়াছে আহ্মাক সমুলি |
গুচায়োক মায়া স্বামী তোহ্মাৰ চৰণে আমি
ভজিলোহে জয় জয় বুলি ||৭৩
মঞি অনাথক দায়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত
থৈয়ো নিজ ভৃত্যৰ সঙ্গত |
আঞ্জুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিঙ্গি দেঞো চৰণত ||৭৪
অপৰাধ-বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে
আন গতি নাহিকে মৰণে |
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে ||৭৫
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী-নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ |
কৃপাময় শ্ৰীগোবিন্দ তযু পদ-অৰবিন্দ
কৰো মই লক্ষ নমস্কাৰ ||৭৬
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম-মালা-ধাৰী |
নমো পদ্ম-সম-নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়-হাৰী ||৭৭
বসুদেৱ-সুত-কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস-চাণুৰাদি-বিমৰ্দ্দন |
দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন ||৭৮
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপ-হাৰী |
ই জানি গোবিন্দ মোক যে যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি ||৭৯
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মই মহামূঢ়জন |
আমি প্ৰভু তযু দাস আকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন ||৮০
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয় |
হৃদি-স্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেনয় ||৮১
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চিত |
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত ||৮২

অনুনাথনা

তোহ্মাৰেসে অবিদ্যায়ে আহ্মাক মুহিলে হৰি
নজানোহো তোহ্মাৰ তত্ত্বক |
তোহ্মাৰ চৰণে হৰি শৰণ পশিয়া সাৰ
কৰিলোহো তোহ্মাৰ নামক ||৮৩
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য-স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত |
আৱৰ যতেক ইটো তোহ্মাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত ||৮৪
তযু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
আৱৰ সমস্তে গুণময় |
একেক জানিয়া হৰি তোহ্মাৰ নামৰ মাত্ৰ
কৰিলোহো সাৰ কৃপাময় ||৮৫

মহিমা

কৃষ্ণ-পাদ-পঙ্কজৰ সেৱাৰ মহিমা-কথা
শুনি বড় আনন্দ মিলয় |
যাৰ ভকতৰ সঙ্গে সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে
চড়ি আতি কৌতুক কৰয় ||৮৬
যদি ভৱ-ভয়-ভঙ্গ মনে ইচ্ছা কৰ ভাই
সদা সাধু-সঙ্গ কৰা সাৰ |
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৱ তৰিবাৰ ||৮৭
হৰি-কীৰ্ত্তনৰ মহা- আনন্দ-সুখক আশে
কতো কতো সৱ মহাজনে |
মুকুতি-সুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে ||৮৮
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম-কৰ্ম্ম
বেদে যাৰ নজানে মহিমা |
হৰি-নাম-কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তন-সুখৰ নাহি সীমা ||৮৯
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন-ৰস
মঙ্গলৰো পৰম মঙ্গল |
এতেকেসে মুকুতিকো তেজি হৰি-গুণ গায়া
ফুৰে মহা মহন্তসকল ||৯০
পৰম নিপুণসৱে বুজিয়া শাস্ত্ৰৰ তত্ত্ব
হৰি-পদ-পঙ্কজে ভজিয়া |
হৰি-কীৰ্ত্তনৰ মহা- নিৰ্ভৰ আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া ||৯১
গোৱিন্দৰ নাম-গুণ কীৰ্ত্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্ৰয়াস |
নিজ-গুণ-লুব্ধ হৰি কীৰ্ত্তন কৰন্তে আসি
হৃদয়তে হোৱন্ত প্ৰকাশ ||৯২
যিসৱ চতুৰ নৰে মাধৱৰ নাম-গুণ
কীৰ্ত্তন কৰন্ত সাৱধানে |
দেৱৰো দেৱতা হৰি তাহাৰ হৃদয় এৰি
যাইবাক নপাৰা আন থানে ||৯৩
যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত
তেন্তে নিজ কীৰ্ত্তনত বশ্য |
জানি মাধৱৰ নাম কীৰ্ত্তন কৰিয়ো সদা
ইটো সৱে শাস্ত্ৰৰ ৰহস্য ||৯৪
হৰি-ভক্তি-সৰোবৰে সন্তোষ-অমৃত-জলে
কৃষ্ণ-পাদ-পদ্ম প্ৰকাশয় |
ৰাম-নাম ৰাজহংস ছানিয়া আৰাৱ কৰে
শুনি আতি কৌতুক মিলয় ||৯৫
সমস্তে তীৰ্থত স্নান কৰিলেক সৰ্ব্ব যজ্ঞ
দীক্ষিত ভৈলেক সিটোজন |
সমস্তে দানৰ ফল সিসিজনে পাইলে আতি
যিটো কৰে হৰিৰ কীৰ্ত্তন ||৯৬
মাধৱে বোলন্ত মোক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সদায় সুমৰে সিটোজনে |
জল হন্তে যেন পদ্ম নৰকৰপৰা তাঙ্ক
আপুনি উধাৰো ৰঙ্গ মনে ||৯৭
ঊঅদাপি দুৰ্জ্জন কলি হৰিৰ ভকতি-পথ
কৰিলেক বিৰল-প্ৰচাৰ |
একান্ত শৰণে যিটো শ্ৰৱণ-কীৰ্ত্তন কৰে
ওচৰো নচাপে কলি তাৰ ||৯৮
পৰম-পুৰুষ দেৱ পৰম-কাৰণ প্ৰভু
পৰম-ঈশ্বৰ ভগৱন্ত |
সদানন্ত সদাশিৱ সত্য সনাতন হৰি
জয় জয় অচিন্ত্য অনন্ত ||৯৯

আত্ম-উপদেশ

হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়
জান তঞি ৰসৰ সাৰক |
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ-নাম-অমৃতক ||১০০
হে জিহ্বা তঞি সদা আহ্মাত নিৰ্দ্দয়া ভৈলি
কেনে নোবোলস ৰাম-বাণী |
সংসাৰ-সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী ||১০১
হে কৰ্ণ সদা তোৰ শবদ মাত্ৰসে প্ৰিয়
তঞি শব্দ মধুৰ জানস |
কোটি অমৃততোধিক পৰম মধুৰ শব্দ
শুন সদা কৃষ্ণ-নাম-যশ ||১০২
হেন মন তোৰ কাম সঙ্কল্প-বিকল্প-ধৰ্ম্ম
তেজি মিছা ব্যাপাৰ সকল |
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুদৃঢ় মন
কৃষ্ণ-নাম পৰম মঙ্গল ||১০৩
শুনিও হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোড়য় |
তাক তেজি কৃষ্ণ-নাম অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয় ||১০৪
শুনিয়োক বুদ্ধি তোৰ কেৱলে নিশ্চয়-ধৰ্ম্ম
তেজি সৱে বিনাশী বিষয় |
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাকে মাত্ৰ কৰিয়ো নিশ্চয় ||১০৫
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপুন মাৰ
মিছা অহম্মমক তেজিয়ো |
পৰম ঈশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধু-সঙ্গে কৃষ্ণক ভজিয়ো ||১০৬
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয় |
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নাছাড়িবা তাজান আশ্ৰয় ||১০৭
কৃষ্ণ নিষ্ট ইষ্টদেৱ আত্ম প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন |
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি-ৰতি
কৃষ্ণ-পাৱে নিমজোক মন ||১০৮

আত্ম-নিন্দা

শান্ত চিদানন্দ শুদ্ধ অনন্ত-মহিমা নিত্য
নিৰ্ম্মল তৰঙ্গ-চয়-হীন |
হেনয় পৰমানন্দ অমৃত-সাগৰে মজি
আচান্ত নকৰি বুদ্ধি-ক্ষীণ ||১০৯
হে হৰি সাৰ-শূণ্য মৃগতৃষ্ণাৰ্ণৱ-জলে
মহা শ্ৰান্ত হুয়া মোহ পাঞো |
স্নান পান আচমন কৰহো ৰমণ তাতে
কতোহো উপঙ্গো তল যাঞো ||১১০

বস্তু-প্ৰকাশ

পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া
আতি গুপ্ত-স্বৰূপে আছিল |
লোকক কৃপায়ে হৰি শঙ্কৰ-স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল ||১১১
হৰি-নাম প্ৰেম ৰস অমৃত-নিধিক বান্ধি
গুপ্ত কৰি থৈল দেৱগণে |
দায়ালো শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা
সুখে পান কৰে সৰ্ব্বজনে ||১১২
হৰি-নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব |
হেন হৰি-নাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰি
চূৰ কৈলা দেৱতাৰ গৰ্ব্ব ||১১৩

প্ৰশংসা

বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত
সৱে হৰি-নামৰ কিঙ্কৰ |
হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ ||১১৪

অনুধিতা

হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ-যোগ্য
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক |
হেনয় দ্বাৰত বেত্ৰ- প্ৰহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক ||১১৫

নাম

অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন
হংস নাৰায়ণ অষ্ট নাম |
পৰম মঙ্গল-ৰূপ যিটো অহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মনকাম ||১১৬

পৰমাৰ্থ-সাৰ

মাধৱ মাধৱ নাম বচনত সুমৰয়
মাধৱ মাধৱ হৃদয়ত |
নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নাম
উচ্চাৰয় সমস্তে কাৰ্য্যত ||১১৭
পৰম মঙ্গল-ৰূপ মাধৱ মাধৱ নাম
যিটো মহাজনে উচ্চাৰয় |
তাৰ অমঙ্গল-ৰূপ গুচয় সংসাৰ-ভয়
মাধৱৰ নিকট পাৱয় ||১১৮
দু:স্বপ্ন-নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট-গ্ৰহ-ভয়-বিমোচন |
পৰম সম্পদ-ৰূপ জানি মাধৱৰ নাম
সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন ||১১৯
মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু
মাধৱেসে দেৱতা পৰম |
পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা
মনুষ্যৰ ইসি নিজ ধৰ্ম্ম ||১২০
পৰম চতুৰ সিসি বুদ্ধিত কুশল আতি
যিটো মাধৱৰ গুন গাৱে |
মিছা কলেৱৰগোটে মুকুটি-বাণিজ কৰি
ভৱ তৰি মাধৱক পাৱে ||১২১
যিজনে একান্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই |
দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিবাক আৰ নাই ||১২২

সাৰ-নিৰ্ণয়

ভগৱন্ত ঈশ্বৰ গুণ-সমূহক যিটো
শুনিতে উদ্যত কৰে নৰ |
তেখণৰেপৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মত্সবৰ ||১২৩
ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজ গতি |
হেনয় নিশ্চয় যিটো কৰিলে কলিত আতি
সিসিজন পৰম সুকৃতি ||১২৪
সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতে চণ্ডালে লৱয় |
হেনয় পৱিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয় ||১২৫
ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল-ৰূপ
যাৰ মুখে প্ৰকাশ কৰয় |
চিৰকালে মহাতীৰ্থ কৰিয়া পৱিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নুই ||১২৬
জগত-আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান
তাক প্ৰতি যেৱে আছে মন |
ভগৱন্ত ঈশ্বৰৰ চৰণ-পঙ্কজে সদা
হুয়ো তেৱে একান্ত শৰণ ||১২৭
ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক
গাৱ ভাই মাধৱৰ গুণ |
নিচিন্ত আপুন মাৰ সুখে আপুনাক তাৰ
হুয়ো ভাই পৰম নিপুণ ||১২৮
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি-নাম-কীৰ্ত্তনত
সমস্তে প্ৰাণীৰ অধিকাৰ |
এতেকেসে হৰি-নাম সমস্তে ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ ||১২৯

বৰ্ণাশ্ৰম

বৰ্ণাশ্ৰম-ধৰ্ম্ম যত যাৰ যেন বিহি আছে
তাৰেসে কেৱলে অধিকাৰ |
হৰি-নাম-কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাঝে সাৰ ||১৩০

হৰবাৰ

অধমে কেৱলে দোষ লৱয় মধ্যমে গুণ-
দোষ লৱে কৰিয়া বিচাৰ |
উত্তম কেৱলে গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ ||১৩১
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ |
মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন ||১৩২
অবিদ্যা-জনিত সুখ সত্য লোক আদি কৰি
আত নিৰপেক্ষ নিৰন্তৰ |
কেৱলে চিদাঙ্গ-শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষজনৰ ||১৩৩
বিদ্যা-অবিদ্যা-জন্য সুখে নিৰপেক্ষ হুয়া
কৰিল আপুন মন থিৰ |
সকলে জগত ইটো বাসুদেৱ্ময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ ||১৩৪
সমন্তে সুখকে তেজি পুৰুষোত্তম প্ৰেম
ভকতিক কৰিল আশ্ৰয় |
ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয় ||১৩৫
মুমুক্ষজনৰ যেৱে অবিদ্যা-জনিত সুখে
বিৰকতি ভৈল আতিশয় |
কেৱলে আত্মাত মাত্ৰ সদায়ে ৰমণ কৰে
তেৱে বিধি-কিঙ্কৰ গুচয় ||১৩৬
জ্ঞান-নিষ্ঠজনে বিদ্যা- অবিদ্যা-জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে |
বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেৱে ||১৩৭
পোৰুষোত্তমৰ প্ৰেম ভকতি-সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন |
শৰণ-কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা শ্ৰৱণ-কীৰ্ত্তন ||১৩৮
ভৰত ৰত্নৰ দীপ মনুষ্য-শৰীৰ নৌকা
ৰাম-নাম মহাৰত্ন সাৰ |
হেনয় বাণিজ পাই যিটো জীৱে নকৰিল
তাত পৰে দুখী নাহি আৰ ||১৩৯

নামৰ অন্বয়

কৃষ হেন শব্দ ইটো পৃথিৱী-বাচক ভৈল
ণ আনন্দত প্ৰবৰ্ত্তয় |
দুইৰো এক পদ ভৈলে পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম-আনন্দক মাত্ৰ কয় ||১৪০
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ |
এহি হেতু্তেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ আনয় মনোহৰ ||১৪১
নিৰন্তৰে নিজানন্দ- সুখ-পৰিপূৰ্ণ-ৰূপ
অখণ্ড আনন্দ নুগুচয় |
এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ঈশ্বৰকে বুলিয় নিশ্চয় ||১৪২
ক ইশ পদে বিষ্ণু মহেশ্বৰ হৰি
প্ৰতি প্ৰতি তিনিৰো অন্বয় |
ৱ পদে নাৰায়ণে তিনিকো আছয় চান্দি
এহি হেতু কেশৱ বোলয় ||১৪৩
ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভুত |
এহি হেতুতেসে জানা যতেক মহন্তসৱে
ঈশ্বৰক বোলয় অচ্যুত ||১৪৪
ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসৱো
আতিশয় হোৱয় উত্তম |
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ঈশ্বৰৰ নাম নৰোত্তম ||১৪৫
ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰি
সিংহ যেন ভ্ৰমন্ত নিৰ্ভয় |
এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল
মহাজনসকলে কহয় ||১৪৬
ঈশ্বৰৰ পাদ-পদ্ম ভজি শুদ্ধ-চিত্ত হুয়া
অধমো তেজয় বামানয় |
এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে
ঈশ্বৰকে বামন বোলয় ||১৪৭
মোক্ষ আদি কৰি যত সুখ ঈশ্বৰ-সেৱাৰ জানা
অণু একো নুহি সমসৰ |
এহি হেতু মহাজনে জানিবা পৰমানন্দ
নাম ধৰি আছন্ত ঈশ্বৰ ||১৪৮
যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱ-ৰাশি
নিৰন্তৰে আনন্দ লভয় |
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয় ||১৪৯
যিকাৰণে নাৰায়ণে পঞ্চ-ভুতে পঞ্চ-বৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত |
এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত ||১৫০
ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয়-জন্য
সুখ জীৱে অধ:কৃত কৰে |
এহি কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে ||১৫১
চৈতন্যত কৰি পৰ মায়াত উপজি জড়
আছে তাক ৰমাৱন্ত হৰি |
এতিসে কাৰণে জানা পৰম ঈশ্বৰ প্ৰভু
পৰ্শুৰাম নাম আছা ধৰি ||১৫২
চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম-অনুৰূপে |
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে ||১৫৩
অনন্ত-চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময় |
এহি হেতু ৰাম পদে পৰমব্ৰহ্ম-স্বৰূপক
কহে ৰাম-নামৰ অন্বয় ||১৫৪

দুলড়ি

স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ-দুখ হৰন্ত |
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত ||১৫৫
আত্মা-ৰূপে জানা ইটো জগতত
আছন্ত হুয়া প্ৰৱেশ |
এহি হেতুতেসে ঈশ্বৰক বিষ্ণু
বুলিয় নাম বিশেষ ||১৫৬
ইন্দ্ৰিয়-বৰ্গত যিহেতু ঈশ্বৰ
আছন্ত হুয়া প্ৰৱেশ |
এতেকে মহন্ত- সকলে বোলয়
ঈশ্বৰক হৃষীকেশ ||১৫৭
অন্তৰ্য্যামী-ৰূপে যিহেতু জীৱক
সুখ-দুখ ভুঞ্জাৱন্ত |
এতেকেসে পৰ- মাত্মা নাম ধৰি
আছা প্ৰভু ভগৱন্ত ||১৫৮
পৰম ঈশ্বৰ- স্বৰূপে জীৱৰ
আছন্ত হুয়া আশ্ৰয় |
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিব্য আন্বয় ||১৫৯
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নপাৰে ছন্ন ||
এহিসে কাৰণে মহন্তসকলে
বোলে তাঙ্ক নিৰঞ্জন ||১৬০
সত্ত্ব ৰজ তম তিনি গুণ-বৃত্তি
লুপ্ত তাঙ্ক নকৰয় |
সেহিসে কাৰণে বেদ-শাস্ত্ৰগণে
বোলে তাঙ্ক নিৰাময় ||১৬১
যতেক প্ৰাকৃত আকাৰ-বৰ্জ্জিত
ভৈলন্ত যিহেতু হৰি |
সেহি হেতুতেসে নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি ||১৬২
মা পদে লক্ষ্মী- দেৱীক বোলয়
তাহান স্বামী ঈশ্বৰ |
এতেকেহে তাঙ্ক বোলয় মাধৱ
মহাজন নিৰন্তৰ ||১৬৩
জনা পদে মায়া দেৱীক বুলিয়
ভক্তৰ মায়া মৰ্দ্দন্ত |
এহি হেতুতেসে জনাৰ্দ্দন নাম
ধৰি আছা ভগৱন্ত ||১৬৪
মধুৱতে মায়া উন্মত কৰায়া
আছা যত জীৱগণ |
ভক্তৰ মায়াক পীড়ন্ত নিমিত্তে
বুলিয় মধুসুদন ||১৬৫
গো পদে বেদ ইন্দ্ৰিয়ক বুলি
কৰন্ত তাম পালন |
এতেকেসে তাঙ্ক বুলিয় গোপাল
জানিবাহা মহাজন ||১৬৬
ইন্দ্ৰ আদি দেৱে গোৰ ইন্দ্ৰ পাতি
কৰিলন্ত অভিষেক |
পৰম প্ৰসিদ্ধ গোবিন্দ নামক
ধৰিলা হৰি প্ৰত্যেক ||১৬৭
দেশে কালে তাঙ্ক একোৱে প্ৰকাৰে
কৰিতে নপাৰে অন্ত |
এহি হেতুতেসে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল অনন্ত ||১৬৮
যত বেদবাদী বেদক বিচাৰি
কৰিতে নপাৰে আদি |
এতেকেসে তান পৰম প্ৰখ্যাত
হুয়াছে নাম অনাদি ||১৬৯
অধম পুৰুষো হবয় উত্তম
ভজিয়া যাৰ চৰণে |
পুৰুষোত্তম নামক ধৰিয়া
আছন্ত এহি কাৰণে ||১৭০
ক্ষৰ পদে ইটো দেহক বুলিয়
অক্ষৰ শবদে ব্ৰহ্ম |
দুইটো কৰি ইটো উত্তম নিমিত্তে
প্ৰখ্যাত পুৰুষোত্তম ||১৭১
প্ৰকৃতি পুৰুষ দুইটো কৰি পৰ
দুইহানো নিজ কাৰণ |
পৰম ঈশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ ||১৭২
কৰ্ম্ম অনুসাৰে ইটো জগতক
পালন্ত হৰি সাক্ষাত |
এহি হেতুতেসে জগন্নাথ নাম
আছন্ত হুয়া প্ৰখ্যাত ||১৭৩
ঈশ্বৰৰ সেৱা কৰিলে জীৱৰ
গুচয় মায়াৰ ভ্ৰম |
ব্ৰহ্ম পদে শুধ জীৱক বুলিয়
ঈশ্বৰক পৰমব্ৰহ্ম ||১৭৪
অন্তৰ্য্যামী ৰূপে জীৱ আদি কৰি
নিয়মন্ত সমস্তক |
এহি হেতুতেসে পৰমাত্মা পদে
বুলি জানা ঈশ্বৰক ||১৭৫
ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু
ঐশ্বৰ্য্যৰ নাহি অন্ত |
এহি হেতু মহা- মহন্তসকল
বোলে তাঙ্ক ভগৱন্ত ||১৭৬
নিজ ভক্ত পদে গৰুড়ক ধ্বজ
কৰিলা হৰি যিহেতু |
সেহিসে কাৰণে মহন্তসকলে
বোলয় গৰুড়-কেতু ||১৭৭
কাল মায়া আদি যাহাৰ নামক
কৰিতে নপাৰে কুণ্ঠ |
এহিসে কাৰণে ইশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ ||১৭৮
সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময় |
এতেকেসে ৰাম পদে পৰমব্ৰহ্ম
ৰূপক বুলি নিশ্চয় ||১৭৯
চৈতন্য স্বৰূপে যিহেতু সদায়ে
ৰমাৱন্ত জগতক |
এতেকেসে ৰাম সুমধুৰ পদে
বুলি জানা ঈশ্বৰক ||১৮০
জগততে কৰি আছন্তে নিৱাস
জগতো তান্তে বসয় |
এতেকেসে তাঙ্ক বুলি বাসুদেৱ
নামৰ দিব্য অন্বয় ||১৮১

শৰণ

হৰি-পদ-সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে |
তাৱত মায়াক নতৰে হৰিত
শৰণ নলৱে যাৱে ||১৮২
মঞি দুৰাচাৰ কেৱলে তোহ্মাৰ
অপৰাধী নাৰায়ণ |
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ ||১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো |
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাঞো ||১৮৪
হে যদুপতি মঞি মূঢ়-মতি
নজানো সেৱা তোহ্মাৰ |
কেৱল তোহ্মাৰ চৰণ-পঙ্কজে
শৰণ কৰিলো সাৰ ||১৮৫
পুৰুষ-উত্তম পৰম-পুৰুষ
পৰম-আনন্দ স্বামী |
তযু পাদ-পদ্ম- মকৰন্দ আশে
শৰণ পশিলো আমি ||১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন-জন তাৰণ |
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ ||১৮৭

ভজন

জয় জয় জয় কৃষ্ণ কৃপাময়
ভজিলো তোহ্মাৰ পাৱে |
তোহ্মাৰ চৰণ- পঙ্কজত মন
মজোক মোৰ স্বভাৱে ||১৮৮
জয় জয় ৰাম জগত-কাৰণ
জগত-জীৱন স্বামী |
পৰম দেৱতা জানিয়া তোহ্মাৰ
চৰণে ভজিলো আমি ||১৮৯
অনাদি অনন্ত হে ভগৱন্ত
ভজো কৰি প্ৰণিপাত |
মুকুতি-ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত ||১৯০

নমস্কাৰ

নমো কৃষ্ণদেৱ পাপী বুলি কেৱ
মোকো মোৰ নোবোলয় |
পতিত-পাৱন জানিয়া তোহ্মাত
আপুনি গৈলো বিক্ৰম ||১৯১
নমো হৰি-পদ- পঙ্কজ যুগল
বিমল সুখ সাগৰ |
অনাদি অনন্ত সন্ত সদাশিৱ
ভগৱন্ত ভৱ-হৰ ||১৯২
মোহ মায়া ৰাগ মদ মল কাম
দম্ভ দ্বেষ আদি ভাৱ |
যি গুৰুজনত ইসৱ নথাকে
প্ৰণামো তাহানে পাৱ ||১৯৩
জয় যদুপতি গোপাল গোৱিন্দ
যাদৱ মাধৱ ৰাম |
ভকতৰ ধন জীৱৰ জীৱন
কৰোহো পাৱে প্ৰণাম ||১৯৪
নমো নিত্যানন্দ জগত-কাৰণ
বাসুদেৱ ভগৱন্ত |
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
পুৰুষ প্ৰভু অনন্ত ||১৯৫
ৰাম নিৰঞ্জন দানৱ-গঞ্জন
ভকৰ-ৰঞ্জন দেৱ |
তুমিসি পৰম গুৰু নাৰায়ণ
তুৱা পাৱে কৰো সেৱ ||১৯৬

উপদেশ

ৰাম-কৃষ্ণ-নাম ধৰ্ম্ম অনুপাম
সদায় যিটো সুমৰে |
যত মহাপাপ নাম অপৰাধ
সৱে মষিমূৰ কৰে ||১৯৭
ঘোৰ সংসাৰৰ ঔষধ হৰিৰ
তেজিয়া নাম সম্প্ৰতি |
আৱৰ কমন উপায়ে পণ্ডিতে
লভিবে আপুন গতি ||১৯৮
মোৰ ভক্তি-যুক্ত যোগীৰো জানিবা
মোতেসে চিত্ত যাহাৰ |
জ্ঞান কৰ্ম্ম বিনে কেৱল ভক্তিত
পাৱয় সংসাৰ-পাৰ ||১৯৯
কেৱল ভকতি পুৰুষত তাৰে
সহায় কাকো নচাৱে |
জ্ঞানে কৰ্ম্মে তাৱে তাৰিতে নপাৰে
ভকতি নপাৱে যাৱে ||২০০
দুষ্ট কলি-সৰ্পে সৱাকো দংশিলে
হৰাইল চেতন জ্ঞান |
ইহাৰ ঔষধ শুধা ৰাম-নাম
বিনে নাহি নাহি আন ||২০১
সকলে পুণ্যৰ অবিনাশী ফল
হৰি-গুণ-নাম সাৰ |
হৰিক সন্তোষ কৰাইবাৰ হেতু
নাম বিনে নাহি আৰ ||২০২
বেদে ৰামায়ণে পুৰাণে ভাৰতে
আদি মধ্য অৱসানে |
হৰিকেসে মাত্ৰ কহৱে নিশ্চয়
জানা তথ্য এহিমানে ||২০৩
সত্য অসত্যৰ জড় চৈতন্যৰ
মাজত যিটো প্ৰকাশে |
তাকে বুলি মন সেহি সিটো পাৱে
যিজনে যাক উপাসে ||২০৪
মায়া আদি কৰি সমস্তে অসন্ত
জানিবা জড় নিশ্চয় |
হৰি মাত্ৰ সন্ত চৈতন্য ঈশ্বৰ
পৰম তত্ত্ব নিৰ্ণয় ||২০৫
বাসুদেৱ বাসু- দেৱ বাসুদেৱ
বুলিয়া যিটো সুমৰে |
সিটো পুৰুষৰ জানা যম ৰাজা
লিখন মাৰ্জ্জন কৰে ||২০৬
দিব্য সহস্ৰেক নাম তিনিবাৰ
পড়ি যাৱে যত ফল |
একেবাৰ কৃষ্ণ- নাম উচ্চাৰিলে
পাৱয় তাক সকল ||২০৭
যতেক অনৰ্থ আছে সংসাৰত
তাতে তিনি বিধ সাৰ |
কাম ক্ৰোধ লোভ আঔন-নাশন
জানি কৰা পৰিহাৰ ||২০৮
আত্মা-নাশ-হেতু কাম ক্ৰোধ লোভ
নৰকৰ তিনি দ্বাৰ |
জানি আক তেজি কেৱলে কৃষ্ণৰ
ভকতিৰ কৰা সাৰ ||২০৯
কাম ক্ৰোধ লোভ তেজি যিটো জনে
ভজয় কৃষ্ণৰ পাৱে |
কৃষ্ণৰ কৃপাত হোৱয় কৃতাৰ্থ
সুখে মুকুতিক পাৱে ||২১০
কৃষ্ণকেসে মাত্ৰ ভজে যিটোজনে
অব্যভিচাৰী ভকতি |
তিনি গুণ অতি- ক্ৰমি ব্ৰহ্ম-ৰূপ
পাৱে সিটো মহামতি ||২১১
তিনি-গুণময় যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ-কাৰণ |
জানি তাম তেজি একান্ত ভকতি
ভজিয়ো কৃষ্ণ চৰণ ||২১২
ৰজোগুণ তমো- গু

Subscribe
Notify of
15 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

Krishna!
Rendered speechless by the sublime dedication of this group of noble volunteers through whose noble efforts today we are witnessing the transition of this Venerable Text from sanchi-pat to computer-screen, enabling all-time, all-clime accessibility to this magnificent masterpiece.
Thank you!

Pulin Kalita
9 years ago

It is also a great job

Anonymous
8 years ago

সুন্দৰ প্ৰচেষ্টা। আটাইলৈকে ধন্যবাদ।

কমলেশ্বৰ ডেকা
8 years ago

সুন্দৰ প্ৰচেষ্টা। আটাইলৈকে ধন্যবাদ।

প্ৰাঞ্জল গগৈ
8 years ago

অসমীয়া সমাজৰ অতি গুৰুত্বপূৰ্ণ অংগ গৈছে নাম-ঘোষা। নাম-ঘোষাৰ ই-সংস্কৰণ প্ৰকাশ কৰাৰ বাবে অশেষ ধন্যবাদ থাকিল।

তিলক হীৰা
6 years ago

Online নামঘোষা পাই বৰ ভাল লাগিল ৷ অশেষ ধন্যবাদ ৷

arabinda
5 years ago

awsome job

Dhruba Jyoti Pathak
5 years ago

বহুত ভাল লাগিছে আপোনাক অশেষ ধন্যবাদ

অলকেশ চক্ৰবৰ্তী
5 years ago

মাধৱ দেৱ গুৰু জনাৰ নামঘোষা যি খনক হাজাৰী ঘোষা বুলি ও কোৱা হয় অনলাইনত উপলব্ধ হোৱা টো বৰ সুখৰ খবৰ ৷

Anonymous
5 years ago

Online ত নামঘোষা খন পঢ়িৱ পায় বহুত আনন্দ পালো আপোনালৈ বহুত ধন্যবাদ ।জয় আই অসম ।

Anonymous
4 years ago

Comment text..কৃষ্ণ বাপ আমি নামঘোষা ভাগি অনলাই পাই বহুত আনন্দিত হলো ও কৃত কৃত হলো।ধন্যবাদ থাকিল আপোনালৈ।

প্ৰবীন মেধি
4 years ago

বহুত কৃতাৰ্থ হলো …..ধন্যবাদ ।

Putul
1 year ago

অনলাইন ঘোষা ভাগি পাই সুখি হলো। পৰবৰ্তী পৰ্য্যায়ত ভাঙনীৰ আশা ৰাখিলো। কৃষ্ণ ।

অবিনাশ কলিতা
1 year ago

প্ৰথম ঘোষাটিৰ আদিতে ‘মুক্তিত’ ৰ ঠাইত ‘মুক্তিতো’হে হ’ব লাগে।

অবিনাশ কলিতা
1 year ago

প্ৰথম ঘোষাটিৰ আদিতে ‘মুক্তিত’ৰ পৰিৱৰ্তে ‘মুক্তিতো’হে হ’ব লাগে।