“নামচাঙৰ অন্তেষপুৰ” (অনামিকা বৰুৱা)

….আন দহজন সমনীয়াই হাতত কেটেপা লৈ চৰাই মাৰি ফুৰাৰ সময়ত কিশোৰটিও জংঘললৈ গৈছিল| পাৰ্থক্য এটাই- কিশোৰটিৰ হাতত কেটেপাৰ পৰিৱৰ্তে আছিল এডাল লাঠি, এখন বহী, এটা কলম| বয়স বঢ়াৰ লগে লগে কিশোৰটিও ক্ৰমে গাঁৱৰ এৰাবাৰীৰ পৰা গভীৰ হাবিলৈ গ’ল; নিজৰ মহকুমা, জিলাৰ পৰিসীমা চেৰাই বিচাৰিবলৈ ধৰিলে আৰণ্যক সুবাস| সেই কিশোৰটি আজি হৈ উঠিছে অসমৰ পৰিৱেশ আন্দোলনৰ অন্য নাম| অসমৰ প্ৰকৃতি সজাগতা আৰু তেওঁ এতিয়া সমাৰ্থক| প্ৰায় একক উদ্যোগত চক্ৰশীলাক অভয়াৰণ্যত পৰিণত কৰোৱা, জয়দিহিঙক বৰ্ষাৰণ্য ঘোষণা কৰিবলৈ চৰকাৰক নিৰন্তৰ হেঁচাৰে বাধ্য কৰোৱাত অগ্ৰণী ভূমিকা লওঁতা, হলৌ বান্দৰ সংৰক্ষণ
অন্দোলনৰ অন্যতম নেতা, আক্ষৰিক অৰ্থতে শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰতিখন অৰণ্যক সেউজ-সুন্দৰ কৰি ৰখাত গণসজাগতা সৃষ্টিৰ অগ্ৰদূত, চক্ৰশীলাৰ সোণালী বান্দৰক লোকচক্ষুলৈ আনোতা একালৰ সেই শিশুটি
আজি হৈ উঠিছে এক স্বয়ংসম্পূৰ্ণ অনুষ্ঠান, যাৰ নাম সৌম্যদ্বীপ দত্ত|

….দিগন্ত ওজাৰ এই সুন্দৰ পাতনিৰে আৰম্ভ হোৱা এই সৰ্বাংগসুন্দৰ কিতাপখনৰ নাম “নামচাঙৰ অন্তেষপুৰ”|
লেখক সৌম্যদ্বীপ দত্ত| অৰণ্যৰ বুকুত লুকাই থকা নৈসৰ্গিক সৌন্দৰ্যক তুলি ধৰাত আৰু প্ৰকৃতিৰ সুন্দৰতাক
অক্ষতৰূপত স্বাভাৱিক অৱস্থাত বৰ্তি থাকিবলৈ দিয়াত তেখেতে আজীৱন অহোপুৰুষাৰ্থ কৰি আহিছে| প্ৰকৃতি
আৰু প্ৰকৃতিৰ সৌন্দৰ্যক আলম কৰি তেখেতে বহুলেখা লিখিছে আৰুসেইবোৰে পাঠক সমাজত বিপুল আদৰ লাভ কৰিছে| নামচাঙৰ অন্তেষপুৰ ইতিপূৰ্বে সাতসৰীৰ পাতত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল| প্ৰথম সংখ্যাটো
প্ৰকাশ পাইছিল সাতসৰীৰ দ্বিতীয় বছৰ, ষষ্ঠদশ সংখ্যা (১৬-৩১ৰ মাৰ্চ, ২০০৭)ত| লেখাটো শেষ হৈছিল জুন,
২০০৯ চনত| পাছত ২০১০ চনৰ মাৰ্চ মাহত কিতাপ আকাৰত এইখনে প্ৰথম প্ৰকাশ পায়| মূল্য তিনিশ টকা|
প্ৰকাশক: বনফুল প্ৰকাশন| ISBN: 978-81-909523-6-1|

…..নামচাং এখন নদীৰ নাম| এই নদী প্ৰবাহিত হৈছে অৰুণাচল-অসমৰ বুকুৰে, জয়্দিহিং বনাঞ্চলৰ মাজেৰে| প্ৰকৃতিৰ ষোড়শোপচাৰেৰে সমৃদ্ধ জয়পুৰ, আপাৰ দিহিং আৰু ডিৰকক সামৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহত্‌
বৰ্ষাৰণ্যখনক সংৰক্ষণৰ বাবে সৌম্যদ্বীপ দত্তই নেচাৰ্ছ বেকনৰ জৰিয়তে এটা দশকৰো অধিক কাল ব্যাপী যি
আন্দোলনৰ সূচনা কৰিলে, দল-মতৰ ঊৰ্দ্ধত শত-সহস্ৰজনৰ সহৃদ্যতা আদায় কৰিলে, সেয়া সমাজ-আন্দোলনৰ
বাবে ভৱিষ্যতলৈ প্ৰেৰণা হৈ ৰ’ব| এফালে আমোলা-ৰাজনীতিকৰ কুটিল চক্ৰান্ত, আনপিনে গণসজাগতাৰ এই
সংগ্ৰামী ইতিহাস নিঃসন্দেহে হ’ব পাৰে নিৰাৱেগ গৱেষণাৰ বিষয়| “নামচাঙৰ অন্তেষপুৰ” এই অন্দোলনৰে বিৱৰণী|

ইয়াত নামচাং এটা ৰূপক মাত্ৰ, নামচাং নৈৰ অন্তেষপুৰহে কিতাপখনৰ মূল বিষয়| নামচাঙৰ অন্তেষপুৰ অসমৰ
সমাজ জীৱনৰ এক সময়খণ্ডৰ দলিল| জয়পুৰ, আপাৰ দিহিং, ডিৰকৰ মাজেৰে লেখকৰ যাত্ৰাতে ই সীমাবদ্ধ নহয়,
সমান্তৰালভাৱে অসমৰ ভূগোল আৰু জনগাঁথনি, অস্থিৰ বাতাৱৰণ আৰু বিভিন্ন সদৰ্থক কামৰ উল্লেখো ইয়াত
আছে| চক্ৰশীলাৰ পাৰ্শ্বৱৰ্তী এলেকাত সুলভ শৌচালয়ৰ ব্যৱস্থা কৰাত ধুবুৰীৰ প্ৰাক্তন উপায়ুক্ত বিশ্বৰঞ্জন চামালে উদ্যোগ লোৱা আদি প্ৰসংগ ইয়াৰ সামান্য উদাহৰণ মাত্ৰ| সমাজ বিজ্ঞানৰ দৃষ্টিকোণেৰে ভৱিষ্যতে এই সময়ছোৱাৰ মূল্যায়নৰ ক্ষেত্ৰত আপাতদৃষ্টিত এনে সৰু তথ্যয়ো গুৰুত্ব দাবী কৰে| এনে ভিন্ন প্ৰসংগৰ সংগতি ৰক্ষাৰ মাজতে আকৌ আহি পৰিছে অৰণ্যযাত্ৰাৰ বৰ্ণনা| এই বৰ্ণনা ইমান মনোৰম আৰু সাৱলীল যে অৰণ্যবাসীৰ চাল-চলন বুজাতো পাঠকক সহায় কৰাৰ লগতে পঢ়ুৱৈয়ে অৰণ্যবাসীৰ সৈতে লাভ কৰিব পাৰে গভীৰ একাত্মতা| কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে পাঠকে উপভোগ কৰিব পাৰে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ| লেখকৰ ভাষা, বিষয়বস্ত উপস্থাপনৰ দক্ষতা আৰু লেখকৰ গভীৰ পৰিবেশ-প্ৰেমে কিতাপখনক এক অন্য মাত্ৰা
প্ৰদান কৰিছে| পঢ়ি গৈ থাকোঁতে এনে লাগে যেন লেখকৰ সৈতে আমিও প্ৰকৃতিৰ অভ্যন্তৰত প্ৰবেশ কৰিছোঁ আৰু স্ব-চক্ষে প্ৰত্যক্ষ কৰিছো সমগ্ৰ ঘটনাৰাজি| মুখামুখি হৈছো বিভিন্ন ঘাত-প্ৰতিঘাতৰ| প্ৰকৃতিৰ দৰেই সৰল আৰু সুন্দৰ কিতাপখনৰ ভাষাই নামচাঙৰ অন্তেষপুৰৰ গদ্যক দান কৰিছে কাব্যিক সুষমা| অকণো অতিশয়োক্তি নকৰাকৈ ক’ব পাৰিঃ অসমীয়া বহুগল্প-উপন্যাসতো প্ৰকৃতিৰ এনে মনোৰম চিত্ৰপট দুৰ্লভ|

অৰণ্যক ভালপাওঁ বুলি কেৱল হাত সাৱতি বহি থাকি, ধ্বংস হৈ যোৱা অৰণ্যৰ বাবে চকুলো টুকি যে অৰণ্যক বচাব পৰা নাযায় সৌম্যদ্বীপ দত্তৰ “নামচাঙৰ অন্তেষপুৰ” পঢ়িলে উপলব্ধি কৰিব পাৰি| অসমৰ অৰণ্য সুৰক্ষাৰ ইতিহাসত এই গ্ৰন্থ এক বিশ্বস্ত দলিলৰূপে স্বীকৃত হ’ব পাৰে| প্ৰকৃতিৰ প্ৰতি মানৱৰ প্ৰকৃত কৰ্তব্য সম্পৰ্কে সজাগ হোৱাতো এই গ্ৰন্থই পাঠকক সহায় কৰিব|

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!