নাৰিকলৰ পাত বনাম সাপৰ নেগুৰ : ইন্দিৰা গোস্বামী

বৰবৌহঁতৰ চোতালখন প্ৰকাণ্ড৷ খেতি চপোৱা দিনবোৰত একেলগে চাৰিটামান মৰণা পেলাব পৰা চোতাল৷ চুবুৰীৰ আটাইবোৰ ল’ছালীয়ে স্কুলৰ পৰা অহাৰ পাছত সেই চোতালখনতে খেলে৷ সাদৰী বৰবৌৱে একো হকা-বধা নকৰে বৰঞ্চ কেতিয়াবা বাৰীৰে কল, ৰবাব টেঙা আদি ল’ছালীমখাক খাবলৈ দিয়ে৷ কেতিয়াবা, কেতিয়াবা গাঁৱৰ বুঢ়ামখাই বৰবৌৰ ঘৰৰ বাৰান্দাত তাছ খেলে; সেইদিনাখন চোতালখনত বিঢ়িৰ গোন্ধ আৰু হাই-উৰুমিৰ বাবে ল’ছালী মখাই নেখেলাকৈ থাকে৷

 বৰবৌৰ প্ৰকাণ্ড চোতালখনত সিহঁতে হৰেক ৰকমৰ খেল খেলে৷ ৰখাই থোৱা গৰুগাড়ী কেইখনো সিহঁতে খেলৰ অংগ কৰি লয়৷ কেতিয়াবা ল’ছালীমখাৰ মাজত দ্বন্দ লাগে; কাউৰীৰ বাঁহত জুই লগা যেন পৰিস্থিতিৰ সৃষ্টি হয়৷ বৰবৌৱে পাৰেমানে চেষ্টা কৰে যুঁজখন ভাঙিবলৈ৷ প্ৰচণ্ড খঙৰ ভমকত সিহঁতবোৰৰ মাজত মাতবোল নোহোৱা হয়৷ আধাতে খেল সামৰি আটাইবোৰ ঘৰা-ঘৰি গুচি যায়৷ খুব বেছি এটা দিনলৈ বৰবৌৰ চোতালখন নিজান পৰে৷ দ্বিতীয় দিনা স্কুললৈ যাবৰ পৰত এটাই আনটোক ৰিঙিয়াই; দেখিলে কোনেও ক’ব নোৱাৰে এই অসুৰমখাৰ মাজত দুদিন আগত থৈয়া-নথৈয়া দ্বন্দ লাগিছিল বুলি!

 অকল বৰবৌৰ চোতালখনেই নে? হ’বই নোৱাৰে৷ লুকা-ভাকু খেলখন জানো চোতালত খেলিব পাৰি? সেই ৰুদ্ধশ্বাস খেলখনত চুবুৰীৰ এঘৰৰো ভঁৰালৰ তল, গোহালিৰ চাঙ তল, খেৰৰ মেজি, খৰি থোৱা ঘৰ, দ্ৰয়িংৰুম  বাদ নপৰে৷ এনেকৈ লুকা-ভাকু খেলি থকা দিন এটাতে বৰবৌহঁতৰ মমিবাৰ চিঞৰত আটাইকেইটা লুকাই থকা ঠাইৰ পৰা ওলাই আহিল৷ আৰু তাইক সিহঁতৰ খৰি থোৱা ঘৰৰ কাষত চিঞৰি থকা দেখিবলৈ পালে৷ ভালকৈ মন কৰোঁতেহে সিহঁতে বুজিব পাৰিলে যে তাই সাপৰ নেগুৰত ধৰি চিঞৰি আছে৷ এইবাৰ আটায়ে ঐ তই সেইডাল দলিয়াই পেলা বুলি সমস্বৰে চিঞৰিব লাগিল৷ ভাগ্য ভাল আছিল তাইৰ একো নহ’ল৷

  লুকাবলৈ বুলি খৰি ঘৰৰ পিনে যোৱা মমিক মাকেই জুই ধৰিবলৈ বুলি শুকান নাৰিকলৰ পাত কেইটামান আনি দিবলৈ নিৰ্দেশ দিয়াত তায়ো নুৰিয়াই বান্ধি থোৱা নাৰিকলৰ পাতৰ মাজৰ পৰা সাপডালকে নেগুৰত ধৰি টানি আনিছিল৷ খেলৰ ভমকতে শুকান নাৰিকলৰ পাতৰ সৈতে একাকাৰ হৈ থকা সাপৰ নেগুৰ ডাল মমিয়ে মনেই নকৰিলে।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!