নিশা মুক্তি কেন্দ্ৰত কৃষ্ণদুলাল (দিগন্ত যাদৱ শৰ্মা)

Diganta Yadav Sarma_Bhinnoswadকৃষ্ণদুলাল তালুকদাৰক মনত আছেনে? সেই যে বোপা-ককাই দি যোৱা নামটো সলাই বিপদত পৰিছিল! নতুনকৈ ভৰ্তি হোৱা মহাবিদ্যালয়ৰ নতুন বান্ধৱী পলিক জন্মদিনত ঘৰলৈ নিমন্ত্ৰণ কৰি যে নাজল-নাথল অৱস্থাত পৰিছিল। পাহৰিছে যদি দুটামান কথা আকৌ কৈ লওঁ। কৃষ্ণদুলালৰ পলিক বৰ ভাল লাগিছিল, অৱশ্যে তেতিয়ালৈকে প্ৰেমৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল। কিন্তু সেই আশাত তাৰ মাকেই চেঁচাপানী ঢলাত প্ৰথমবাৰতেই নিৰ্বাপিত হৈছিল। মাকৰো দোষ নাছিল। হোজা মাকজনীয়ে কৃষ্ণদুলালে যে হাইস্কুল শিক্ষান্তৰ নামভৰ্তিৰ সময়ত নাম সলাই প্ৰগল্ভ হৈছিল তাৰ ভুকে পোৱা নাছিল। প্ৰগল্ভ ওৰফে কৃষ্ণদুলালে অনবৰতে ৰান্ধনিঘৰ, তাঁতশালত ব্যস্ত থকা বাহিৰৰ জগতখনৰ ভু-ভা নোপোৱা মাকক নাম সলনি কৰাৰ খবৰটো দিয়াৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। জন্মদিনৰ নিমন্ত্ৰণ লৈ পৰিশেষত পলিয়ে নক্সা মতে কৃষ্ণদুলালৰ ঘৰ আহি পালে আৰু প্ৰথমতে মাকৰ সন্মুখীন হ’ল।
: খুৰিদেউ নমস্কাৰ। মই পলি, প্ৰগল্ভৰ বন্ধু।
: তোমাকতো মই চিনি নেপাওঁ। প্ৰগল্ভ আৰু কোন?
: খুৰিদেউ আপুনি ধেমালি কৰিছে। এইটোৱেটো প্ৰগল্ভৰ ঘৰ। মোক আজি নিমন্ত্ৰণ কৰিছে।
: নহয় মা! তুমি ভুল কৰি আমাৰ ঘৰলৈ আহিলা। মোৰ দুটা ল’ৰা। ডাঙৰটো কৃষ্ণদুলাল, সৰুটো নন্দদুলাল। ইহঁতৰ দেউতাক সৰু থাকোতেই ঢুকাইছিল। আৰু কোনো নাথাকে ইয়াত।
পলিয়ে চকু চলচলিয়া কৰি অহাবাটেৰে উভটি গৈছিল। আৰু সেইদিনটোৰ পৰা পলিৰ লগত কৃষ্ণদুলালৰ মাত-বোলো বন্ধ হৈছিল।
নিশা মুক্তি কেন্দ্ৰৰ লগত অৱশ্যে এই ঘটনাবোৰৰ একেবাৰে সংযোগ নোহোৱা নহয়! চিনাকিটো দিবলৈ বুলিহে প্রথমতে দুই এটা কথা কৈ লোৱা হৈছে। কৃষ্ণদুলালৰ ইংৰাজীত কথা ক’বলৈ বৰ হেপাহ। কোনোমতে দেৰগুণ-দুইগুণ সময় বেছিকৈ লৈ অইনৰ সহায়ত কলা বিভাগৰ সাধাৰণ স্নাতক হ’ল। ৰেডিঅ’ত ক্ৰিকেট খেলৰ ‘কমেন্ট্ৰি’ শুনি শুনি ইংৰাজীত কিছু ক’ব পৰা হ’ল যদিও কথাবোৰত গাভাস্কাৰ, চেতন চৌহান, কৃষ্ণমচাৰী শ্ৰীকান্ত, কপিল দেবৰ ‘চিক্সাৰ’, ‘উইকেট’ আদিৰ কথাই বেছিকৈ সোমাই থকা হ’ল। স্নাতক হৈ চাৰি নম্বৰ গলিৰ ধঞ্চিতাৰ লগত চিনাকি হ’ল। আবেলি আবেলি আঠ নম্বৰ গলিৰ পৰা প্ৰণব, কল্যাণ, বসন্তৰ লগত দৰ্শন পাবৰ বাবে আৰু সুবিধা পালে দুই এটা কথা কোৱাৰ লোভত ধঞ্চিতাৰ ঘৰৰ আগেৰে অহা যোৱা কৰিব ধৰিছিল। স্বভাৱতে স্বতন্তৰীয়া ধঞ্চিতা উজনিৰ ‘অইল কোম্পানি’ এটাত দেউতাক চাকৰি কৰি থকাৰ সুত্ৰে তাতেই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িছিল। মুখত ইংৰাজী আখৈ ফুটাদি ফুটিছিল। প্ৰণব, কল্যাণহঁতে কথাৰ মাজে মাজে দুই এটা ইংৰাজী বাক্য ক’বৰ বাবে সমৰ্থবান হৈছিল। কিন্তু আমাৰ কাহিনীৰ নায়ক কৃষ্ণদুলালে ক্ৰিকেট খেলৰ ‘কমেন্ট্ৰি’ৰে কাম নচলিব বুলি জানি মনে মনে থাকিছিল। ঘৰুৱা শাক-ভাত খোৱা কথা আহিলেহে কিবা এটা ক’বলৈ চেষ্টা কৰে।
এদিন হলেওঁ তাৰ ভাল দিন আহিছিল। সিদিনাখন সি তাইৰ ঘৰৰ আগেৰে অহা যোৱা কৰোতে তাই দোকানলৈ বুলি ওলাই আহিছিল। মিচিকিয়া হাঁহি এটিৰে ইংৰাজীতে সম্ভাষণ জনাই দুয়ো একেলগে আগবাঢ়িল। ইফালে থৌকি-বাথৌ মনটোৰ পৰা কৃষ্ণদুলালে কিবা এটা ক’বলৈ একো বিচাৰিয়েই নোপোৱা হ’ল। হঠাৎ মনলৈ আহিল যে সি দেখোন ধঞ্চিতাই দোকানত কি কিনিবলৈ যাব তাকেই সুধিব পাৰে। তাৰ মুখত হাঁহি বিৰিঙি উঠিল।
: তুমি দোকানলৈ কি কিনিবলৈ যাবা?
: অ’! ঘৰত গাখীৰ শেষ হ’ল। মায়ে গাখীৰৰ পেকেট এটা নিবলৈ পঠিয়াইছে।
কৃষ্ণদুলালৰ হঠাৎ মনলৈ আহিল। আজি এই সুযোগতে ইংৰাজীতে দুই এটা কথা ক’ব পাৰে দেখোন। লগে লগে মুখৰ পৰা ওলাই আহিল-
: You know ধঞ্চিতা! Milk is white.
কৃষ্ণদুলাল ওৰফে প্ৰগল্ভৰ কথা শুনি ধঞ্চিতাই ইমানেই ৰস পালে যে হাঁহি ৰখাবই নোৱাৰাই হ’ল। কোনোমতে ক’লে-
: প্ৰগল্ভ, তুমি মোৰ আগত ইংৰাজী নক’বা না! একো নক’লেই তোমাক ভাল লাগে।
সেই দিন ধৰি কৃষ্ণদুলালে ধঞ্চিতাৰ ওচৰ চপা নাছিল। পিছত “Milk is white” কথাষাৰ লৈ ধঞ্চিতাই প্ৰণব, কল্যাণহঁতৰ লগতো ৰগৰ কৰিছিল। কৃষ্ণদুলালৰ মনটো ভাগি গৈছিল। প্ৰথমতে পলি, তাৰ পিছত ধঞ্চিতা। নাই তাৰ বোধকৰো কোনো ছোৱালীৰ লগত প্ৰেম কৰা নহ’ব। লাজে-অপমানে সি ভাগি পৰিল। ৰাতিলৈ নিচা কৰিলে। তেনেকৈ এদিন দুদিন কেইবাদিনো পাৰ হ’ল। শেহান্তৰত কিছুবছৰ যোৱাৰ পিছত কৃষ্ণদুলাল মোটামোটি নিচাসক্ত হৈ পৰিল। সঁচাকৈ মানুহক মদ খাবলৈ এটা বাহানাহে লাগে। কৃষ্ণদুলালৰ ক্ষেত্ৰতো সেইটোৱেই হ’ল।
এটা সময়ত বিয়া-বাৰু কৰাই বাপেকো হ’ল। নাই, নিচা কৰাৰ অভ্যাসটো থাকিয়েই গ’ল। পত্নীয়ে মৰমেৰে বহুদিন চেষ্টা কৰি চাইছে। আনকি কৃষ্ণদুলালেও কথাবোৰ বুজি পায়। সেয়ে সি নিজেও একাধিকবাৰ মদক এৰুৱাবলৈ চেষ্টা কৰি চাইছে। কিবা-কিবি ঔষধো খাই চাইছে। নাই! ফল হ’লে একো ধৰা নাই। মাজে মাজে পদপথৰ ওপৰেৰে গৈ থাকিলে কোনোবাই দুই-এখন কাগজ হাতত গুজি দিয়ে। পঢ়ি চাই। তাত লিখা থাকে-
“গোপনে মদ এৰুৱাব খোজে নেকি? যোগাযোগ কৰক কবিৰাজ ‘অমুক’, কবিৰাজ ‘ভহুক’। আমাৰ নিচামুক্তি কেন্দ্ৰলৈ আহক। এবিচিডি হোটেল, পল্টনবজাৰ, গুৱাহাটী। ফোন নং…….৷”
ল’ৰা ডাঙৰ হৈ আহিছে। এতিয়াই এইবোৰ বন্ধ কৰিব নোৱাৰিলে ল’ৰা ৰসাতলে যোৱাৰ সম্ভাৱনা আছে। লগৰকেইটাও এই কথাবোৰ জানে।
আজি কেইদিনমানৰ আগৰ কথা। কৃষ্ণদুলালে আন দুজনৰ লগত এঠাইলৈ গৈ ভালদৰে ‘পাৰ্টি’ কৰি আহি আছিল। ৰাধাগোবিন্দ পথত থকা চিৰিয়াখানাৰ ওচৰমান পাওঁতে খুব জোৰেৰে সৰুপানী চুবলৈ লাগিল। সেইদিনা নিচা বেছিয়েই হৈছিল। ৰাতি প্ৰায় এঘাৰমান বাজিছিল। সুবিধাজনক ঠাইত গাড়ীখন ৰখালে। লগৰ দুজন গাড়ীতে থাকিল। হঠাৎ অস্ফুট চিঞৰ এটা শুনি এজনে খিৰিকীৰে চাই দেখে কৃষ্ণদুলালে জাবৰৰ দম এটাত সোমাই ওলাবৰ চেষ্টা কৰি আছে।
: অই! কি হ’ল। ইমানবোৰ জাগা থাকোঁতে তাত কেনেকৈ সোমালি?
নাকটোত হাতখন দি আনজনক আহিবলৈ ইঙ্গিত দি হাতখন আগবঢ়াই দিলে। সি দেখোন উঠিবলৈ চেষ্টা কৰা বাদ দি পদপথত থকা প্ৰস্ৰাৱঘৰটোৰ বেৰখনলৈ একেথৰে চাই আছে। ইফালে গোন্ধত থাকিবই নোৱাৰি। এইকেইদিন বৰষুণত অহা জাবৰ-জোঠৰবোৰ ভৰলু নৈৰ পৰা উঠাই পথৰ দাঁতিত জমা কৰি থোৱা আছে।
: উঠ আকৌ! কি চাই আছ? নিচা ফাটিল বোধকৰো!
ইতিমধ্যে কৃষ্ণদুলাল দুই বন্ধুৰ সহায়ত উঠি আহিল। হাত-ভৰি জোকাৰি থাকোতেও প্ৰস্ৰাৱঘৰৰ বেৰখনলৈ চাবলৈ এৰা নাছিল। দুই বন্ধুৱে গাড়ীত উঠিবলৈ দি কলে-
: উঠ এতিয়া। উপাই নাই! ভিতৰখনতো লেতেৰা হবই!
সঁচাকৈয়ে কৃষ্ণদুলালৰ নিচা ফাটি গৈছিল। উঠাৰ আগতে লগৰ দুজনক আঙুলি টোৱাই প্ৰস্ৰাৱঘৰৰ বেৰখনলৈ চাবলৈ কলে। ‘নিয়ন লাইট’ৰ পোহৰত বেৰত স্পষ্টকৈ লগাই থোৱা ‘প’ষ্টাৰ’খনলৈ চকু গ’ল। তাত ৰঙা আৰু ক’লা ডাঙৰ ডাঙৰ ছপা আখৰৰে লিখা আছিল-
“নিচামুক্তি কেন্দ্ৰ। কবিৰাজ ‘অমুক’ৰ দ্বাৰা চিকিৎসা……” -এটা বিজ্ঞাপন য’ত যোগাযোগৰ বাবে এখন হোটেলৰ ঠিকনা দিয়া আছে।
আহি থাকোঁতে তিনি বন্ধুৱে খুব হাঁহিলে। এজনে কৃষ্ণদুলালক ক’লে-
: অই কৃষ্ণদুলাল ভালেই হ’ল দে। ইমান দিনে যি বিচাৰিছিলি আজি বাটতে পালি! এতিয়াৰ পৰা ৰাতি ৰাতি ইয়াত নাকত হাত নিদিয়াকৈ জাবৰৰ দমত সোমাই কেইদিনমান সৰুপানী চুবলৈ আহিলে তোৰ এক্কেবাৰে নিচামুক্তি হ’ব। হাঃ হাঃ হাঃ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments