নৈপৰীয়াৰ দুখ – অঞ্জন কুমাৰ শৰ্মা

ধক্ ধক্ ধক্ কৈ সন্মুখৰ পানী ফালি গৈ থকা ফেৰীখন মাজ বাটতে এটা বিকট চিঞৰ মাৰি ৰৈ গ’ল। মানুহবোৰৰ মাজত হুলস্থুল লাগিল। নাকত ধৰা কিবা পোৰা পোৰা গোন্ধ এটা চৌদিশে বিয়পি পৰিল। ‘ঐ ইঞ্জিন জ্বলিল, ইঞ্জিন জ্বলিল।’ কোনোবা এটাই চিঞৰিবলৈ ধৰিলে। চালকৰ আসনত বহি থকা ফেৰীখনৰ মালিক গজেন কাইটিয়ে মুৰে কপালে হাত দিলে। কি কৰা যায় এতিয়া!
ফেৰীখন বহু পুৰণি। তাৰ ককাকৰ দিনৰে। বৰ মৰমৰে যতন লৈছিল সি ফেৰীখনৰ। আগতেও কেইবাবাৰো সি ফেৰীখনৰ ইঞ্জিন সলাইছে। মানুহ বহিব পৰা চিটবোৰত লাগি থকা কাঠবোৰ অকণমান পঁচিলেই সেইবোৰ সলাই সি হালধীয়া ৰং কৰি দিছিল। এইখনেই সিহঁতৰ ঘৰখনৰ উপাৰ্জনৰ মূল আকৰ আছিল। অসমৰ বহু নামী দামী লোকক লুইতখন পাৰ কৰাই শদিয়ালৈ নিয়াৰ বিৰল অভিজ্ঞতা আছে গজেন কাইটিৰ। বহু মন্ত্ৰী, বিধায়ক, আমোলা, বিষয়া তাৰ ফেৰীখনত উঠিছিল। এবাৰ ভূপেনদাই তেখেতৰ নিৰ্দিষ্ট আসনখনৰ পৰা উঠি আহি গজেন কাইটিৰ কাষতে ঠিয় হৈ হাত দুখন মেলি বৰ লুইতলৈ চাই দীঘল কৈ উশাহ এটি লৈ ‘ মহাবাহু ব্ৰহ্মপুত্ৰ ‘ গীতটি গাইছিল । সেই কথা ভাবিলেই এতিয়াও গজেন কাইটিৰ বুকুখন দুই ইন্সিমান ডাঠ হৈ পৰে । তেতিয়াৰে পৰাই গজেন কাইটিয়ে তেওঁৰ লগত এটা টেপ ৰেকৰ্ডাৰ ৰাখি ভূপেন দা ,খগেনমামাৰ গীতবোৰ শুনিছিল। খগেন মামাৰ ‘মা আমি শদিয়ালৈ যামেই….’ গীতটো ডাঙৰকৈ বজাই যেতিয়া সি ফেৰীখনৰ ষ্টিয়েৰিং পকাই পকাই পানীবোৰ ফালি আগবাঢ়িছিল তেতিয়া গজেন কাইটিৰ মনটো এক অনাবিল আনন্দত মতলীয়া হৈ পৰিছিল।
হাতত ৰেন্স, হাতুৰী লৈ গজেনে ইঞ্জিনটো ঠিক কৰিব পাৰি নেকি অকণমান চেষ্টা কৰিলে যদিও তাৰ চেষ্টা অথলে গ’ল। একেবাৰে বিকল হৈ পৰিল ইঞ্জিনটো। বাৰিষাৰ বৰ লুইতৰ মাজত আৱদ্ধ হৈ পৰা মানুহবোৰক অন্য এখন ফেৰীলৈ ট্ৰেন্সফাৰ কৰিবলৈ গজেনে কেৰেপাইলৈ ফোন লগালে। নেটৱৰ্কৰ প্ৰব্লেম আছিল যদিও প্ৰায় আধা ঘন্টা মানৰ পাছতে অহা ফেৰী এখনত উঠি মানুহবোৰ ইটো পাৰ পালেগৈ। সাধাৰণতে আনৰ দুখ নুবুজা দুজনমানে যোৱাৰ পৰত দুখনমান গাড়ীৰ সৈতে ফেৰীখনত থাকি যোৱা গজেন কাইটিক অলপমান টানকৈ শুনাই থৈ গ’ল….”তহঁতৰ আৰু বেছি দিন নাই …এইখন ভাল নকৰিলেও হব’ দে। দলংখন খুলি দিলেই তহঁতৰ সকলো মুদা মৰিব ৰ’হ, চাই থাক।”
এইবোৰ কথা আজিকালি গজেনহঁতে সহজেই হজম কৰিব পৰা হ’ল। পাৰ হোৱা সময়বোৰত সিহঁতে অনেক ভাল-বেয়া মানুহৰ সান্নিধ্য লাভ কৰিছে। কিছুমানে কাষতে বহি কথা পাতি সিহঁতৰ সুখ দুখৰ গম গতি লয় আৰু কেতিয়াবা কিবা যান্ত্ৰিক বিজুতি ঘটিলে অথবা খৰালি বাম মাটিত ফেৰী লাগি ধৰিলে কিছুমানৰ পৰা ককৰ্থনাও শুনিব লগা হয় । এইবোৰ কথাৰে মুৰ নঘমাই মাথো সিহঁত পুৱাৰে পৰা গধুলিলৈ ব্যস্ত হৈ পৰে, নৈৰ বুকুৰে মানুহ কঢ়িয়াই দুপইচা আৰ্জিলেহে সিহঁতৰ জুহালত দুবেলা দুমুঠি অন্ন সিজে।
গজেন কাইটিহঁতৰ আৰ্থিক অৱস্থা এসময়ত নদন বদন আছিল। বৃটিছ চাহাবৰ দিনতে কাইটিহঁতৰ ককাকে উজনিৰ বাগান এখনত বৰমহৰীৰ চাকৰি কৰিছিল। সলসলিয়াকৈ ইংৰাজী ক’ব পাৰিছিল। বৰলুইতৰ সিপাৰে থকা সিহঁতৰ গাঁৱৰ ঘৰখনৰ পণিয়লি বেৰবোৰৰ শাল খুটাবোৰ বহু দুৰৈৰ পৰাই জিলিকি আছিল। চোতালত দুটাকৈ মেটমৰা ভঁৰাল, খিৰতী গাই কেইজনীমানেৰে গৰুৰ প্ৰকাণ্ড গোহালি এটাৰ লগতে চোতালত হাতী এটাও বান্ধি ৰাখিছিল। নদীত মাছৰ উজান দিলেই মাছবোৰ আানিবলৈ ভঁৰালত দুখনকৈ খুটি নাওঁ ওলোমাই থৈছিল। সময়ৰ লগে লগে চাকৰিৰ পৰা ৰিটায়াৰ হৈ আহি ককাকে সিহঁতৰ খেতি বাতিবোৰ চোৱা মেলা কৰিবলৈ ধৰিলে। বাৰণ্ডাৰ তাঁত শালখনৰ ওচৰতে থকা বেতৰ আৰামী চকীখনত বহি কৰক্ কৰকৈ হোকা হুপি হুপি পালি-পহৰীয়া মাউত, চাকৰ-বাকৰবোৰক ইংৰাজীতে গালি শপনি পাৰিছিল ককাকে। সময়ৰ লগতে নদীখনেও গতি সলালে। গৰাখহনীয়াত কাইটিহঁতৰ প্ৰকাণ্ড বাৰীখনৰ তামোল নাৰিকল গছবোৰৰ লগতে ভঁৰাল গোহালিকে আদি কৰি ঘৰৰ মূল ভেটিটোও লুইতৰ বুকুত জাহ গ’ল। তেতিয়াৰে পৰা লুইতৰ পাৰৰ ইকৰা, খাগৰিৰে চিটিকা পাতি, বৰশী , জালেৰে মাছ ধৰি শৈশৱৰ সোনালী দিনবোৰ পাৰ কৰা গজেনহঁতৰ লুইতখন দেখিলেই খং উঠা হ’ল। ঘৰৰ দৰকাৰী সম্পদ দুটিমান বচাই চৰকাৰে দিয়া টিনৰ চালিত পানীয়ে চুব নোৱাৰা ঠাই এটুকুৰাত সিহঁতে বাস কৰিবলৈ ললে। ইতিমধ্যে হাঁপানীত ভুগি ককাকো ঢুকাল। অভাৱ অনাটনেৰে জীৱন নিৰ্বাহ কৰি কোনোমতে পি ইউটো পাছ কৰি গজেনহঁতে গাঁৱৰ ৰাইজৰ সহযোগত কাঠৰ নাওঁ এখন সাজি বঠা বাই নৈৰ বুকুৰ মাজেৰে মানুহবোৰ অনা নিয়া কৰিবলৈ ধৰিলে। তাৰ বিনিময়ত যি দুপইচা পাই সেইয়োৰে ঘৰখনৰ পোহপাল দিয়ে। গাঁৱৰ শিক্ষিত ডেকা লৰা এটাৰ পৰামৰ্শ মতে সি বেংকত এটা একাউন্ট খুলি দুপইচা সাঁচিবলৈ ললে। এদিন সি সিহঁতৰ হাতনাওঁখন ডাঙৰকৈ সাজি ইঞ্জিন এটা লগাই ফেৰীলৈ পৰিবৰ্তিত কৰিলে। ডুমডুমাৰ ৰাধেশ্যামৰ ৰঙৰ দোকানৰ পৰা হালধীয়া আৰু নীলা ৰং কিনি আনি মানুহ বহিব পৰা চিটবোৰত ৰং সানি ফেৰীখন সজাই পৰাই তুলিলে। এটি ধুনীয়া নাম দিলে ‘জলপৰী মোহিনী’। মোহিনী তাৰ আইতাকৰ নাম আছিল। প্ৰথম অৱস্থাত মোহিনীয়ে বাৰুকৈয়ে মানুহক মুহিবলৈ ধৰিছিল। লাহে লাহে ঘাটটোত কেইবাখনো ফেৰী হ’ল। গভৰ্নমেন্টেও কম ভাড়াত দুখনমান চলাবলৈ ললে। যাত্ৰীও বাঢ়িল।
বৰ সুন্দৰকৈ একমাত্ৰ ছোৱালীজনীৰ সৈতে পত্নী মালতীৰ লগত গজেনে তাৰ সংসাৰখন চলাই যাবলৈ ধৰিলে। সিহঁতৰ লৰা এটিও আছিল, পিছে সৰুতেই কিবা অচিন জ্বৰত ঢুকাল। ছোৱালীজনী পঢ়াই শুনাই বেচ চোকা। আজুককাকৰ দৰেই তাই ইংৰাজীত বেছ পাৰ্গত। দুবছৰৰ আগতে হোৱা মেট্ৰিক পৰীক্ষাত ইংৰাজীত সৰ্বোচ্চ নম্বৰ পাই ড্ৰিষ্টিংচন লৈ পাছ কৰিছিল তাই। তাইৰ কৃপাতে এদিন গজেন আৰু মালতী টি ভিত ওলাল। সৰুৰে পৰাই তাইৰ গুৱাহাটীত পঢ়াৰ মন। মাক দেউতাকেও বাধা নিদিলে। কটনত হোষ্টেলত থাকি পঢ়ে। যাতায়তৰ অসুবিধাৰ বাবে ঘৰলৈ কমকৈ আহে তাই। যেতিয়াই আহে, তাইক গজেনে অকলে ফেৰীত উঠাই ঘৰলৈ লৈ আনিব লাগে। মুকলি আকাশলৈ চাই বহুদিনৰ মুৰত ঘৰলৈ অহাৰ আনন্দত ফেৰীখনত ঠিয় হৈ তাইৰ দুটামান উকি মৰাৰ অভ্যাস। নৰেন্দ্ৰ মোদীক তাই বৰ ভাল পায়। কাৰণ বহু বিৰতিৰ মুৰত ক্ষীপ্ৰতাৰে কাম হাতত লৈ ঘৰলৈ যাবলৈ দলংখন সম্পূৰ্ণ কৰি দিছে। এইবাৰ তাই ঘৰলৈ বাছেৰেই যাব। সোনকালেই ঘৰ পাই ৰাতি পাৰ’ৰ আঞ্জাৰে ভাত খাব।
তিনি ঘন্টামানৰ বিৰতিত কেৰেপাইহঁত আহি গজেনৰ ফেৰীখন ৰচীৰে বান্ধি টানি নি ঘাট পোৱালেগৈ। ভাগৰে-জুগৰে ঘৰ পাই মালতীক গজেনে ফিকা পানী এবাতি আনিবলৈ কলে। ‘হেৰা…’আজি জানো কাৰ মুখ চাই ওলাইছিলোঁ, এপইচাও হাতলৈ নাহিল বুজিছা। নৈৰ মাজতে ইঞ্জিনটো বেয়া হৈ থাকিল। “….’হব’ দিয়া…. বিজিনেচত এইবোৰ লাভ লোকচান আছেই। ইমানকৈ চিন্তা নকৰিবা।”….মালতীয়ে সাউতকৈ বিচনী এখন আনি গজেনৰ হাততে গুজি থৈ সান্ত্বনাৰ মাত এষাৰ লগাই জলপান আনিবলৈ পাকঘৰলৈ গ’ল।
বন্ধন বেংকত সাঁচি থোৱা ধন কেইটাৰে বজাৰৰ পৰা নতুন ইঞ্জিন এটি আনি ফেৰীখনত লগোৱাৰ পৰিকল্পনা কৰিলে গজেনে। পৰিকল্পনাটো মানুহজনীক জনোৱাত মালতীয়ে কলে….. “নালাগে দিয়া … দলংখন মুকলি হ’বলৈ আৰু দুদিনমানহে আছে। তেতিয়া তোমালোকৰ এই ফেৰীবোৰৰ কাম নাইকিয়া হব’। সাঁচতীয়া টকা কেইটা অবাবতে পানীত পেলাব নালাগে।”
গজেন কোনোপধ্যে মান্তি নহয়। তাৰ বাপটি-সাহোন মৰমৰ ফেৰীখন এনেকৈ অচল অৱস্থাত পেলাই থ’ব নোৱাৰি। নতুন ইঞ্জিন এটা লগাবই। মাজনী এইবাৰ গুৱাহাটীৰ পৰা আহিলে তাইকতো আনিবলৈ ফেৰীখন লাগিব। তাই চাগৈ কিমান আগ্ৰহেৰে ধলা ঘাটত দেউতাকৰ বাবে ৰৈ থাকিব। …..কথাষাৰ মানুহজনীক কোৱাত মালতীয়ে কলে ….’অ’ আপোনাক কবলৈ পাহৰিছিলোৱেই। আমাৰ মাজনী, নৰেন্দ্ৰ মোদীয়ে দলংখন মুকলি কৰাৰ পাছতহে ঘৰলৈ আহিব। তাই ফোন কৰিছিল। বাছেৰে আহি দলংখন তেনেই ওচৰৰ পৰা চাবলৈ বৰ মন তাইৰ।’
বিচনীখন হাতত লৈ চোতাললৈ ওলাই আহি গজেন কাইটিয়ে আকাশলৈ চালে। গোমা কৰি আহিছে , ৰাতি বৰষুণ দিব যেন পাওঁ !

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments