নৈৰ্ব্যক্তিক (চন্দন নাথ)

OLYMPUS DIGITAL CAMERAশ্ৰমিক বুলি মোক নক’বা ,

মই মানুহ
আদিম স্তৰৰ পৰা
অব্যাহত যাত্ৰা চিৰন্তন

মোৰ পতাকাৰ ৰং কিয় ৰঙা ?

তোমাৰ পতাকাত ৰঙৰ সীমা নাই ।
মোৰ মুখত বেলি সদায় ঘৰ্মাক্ত
তুমি টানি আনি বাধ্য নকৰিবা
ৰ’দৰ মাজত থিয় হ’বলৈ
মোৰ ক’লা ছাঁয়াত তোমাৰ কিহৰ আশ্ৰয় ?
মোৰ কঠিন বাটত
তুমি চিঞৰি নুঠিবা
মই পানীত তিওঁৱা ৰুমাল নহওঁ
মোক চেপি চেপি তিয়াব নোৱাৰা তোমাৰ ওঁঠ
মই সদায় কিয় ভোকাতুৰ
তুমি উদৰস্থ সপোনৰে
লাল চালাম নিদিবা মোক
মোক এবাৰ বহাই চোৱা
তোমাৰ আলহী বহা আৰামী চকীত
মোক এবাৰ খোৱা মেজত খাবলৈ দিয়া
সসন্মানেৰে সম্ভাষণ জোকাৰি
মোক দুৰ্বল বুলি কিয় ভাবিলা
মোৰ তেজ শুহি কোনেও নোদোকা নহয়
মোক নিষ্প্ৰাণ বুলি ভাবি
জগাই নুতুলিবা ৰাজপথ
মই শুই থকা নাই
তোমাৰ দৰে
জুই হৈ জ্বলাই
ধোঁৱা হৈ উৰাই
তোমাৰ হাত শূন্য বাবেই
মই শ্ৰমিক
তুমি ভাগৰুৱা হ’বলৈ ভয় কৰা বাবেই
মই অক্লান্ত নৈৰ্ব্যক্তিক
যুগান্তৰ সৰু বুলি
শিকাইছা মোক
তুমি শিকি লোৱা জীয়াই থকাৰ পাঠ
শ্ৰমিক বুলি নকবা মোক
তুমি এবাৰ শ্ৰমিক হৈ চোৱা ॥

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments