নকল পুৰাণ -(দেৱীকা ফুকন)

১)
নতুনকৈ হাইস্কুল গৈছোঁ। হাইস্কুল যোৱা মানে ডাঙৰ হৈছো। নতুন নতুন বান্ধৱী, নতুন নতুন কথা । কেৱল নতুনেই নহয়, কিছুমান আজৱ কাণ্ডও দেখিছোঁ। পৰীক্ষা চলি আছে স্কুলত। এইসময়ত প্রস্বাৱগাৰলৈ গ’লে অদ্ভূত কাণ্ড কিছুমান দেখোঁ। যিবোৰ কিতাপ গোটেই বছৰটো টেবুলত স্থান দিওঁ; নিতৌ সন্ধিয়া ধূপ জ্বলাই চিয়ঁৰি প্রাৰ্থনা গাই যিবোৰ পূজা কৰোঁ, সেই কিতাপবোৰ দেখোন চিৰিলা-চিৰিলকৈ ফালি কোনোবাই স্কুলৰ প্রস্বাৱগাৰত পেলাই থৈছে ! লগতে পৰি আছে বজাৰলৈ দেউতাই নিয়া দীঘল দীঘল লিষ্টবোৰৰ দৰে কিছুমান কাগজ। তাত লিখা আখৰবোৰ যে একেবাৰে পৰুৱাৰ দৰে । মায়ে মোক গালি পাৰে, মোৰ আখৰবোৰ যে কি বাঙ্ ফলা। কেতিয়াকৈ জানো মোৰ আখৰবোৰো ইমান সৰু সৰু কৰিব পাৰিম।
এই দীঘল লিষ্টবোৰ যি লিখিছে, সিহঁতৰ চাগে আজি খুউব চকু বিষাইছে।

nolop puraan
২)
হাইস্কুল পাছ কৰি নতুন কলেজৰ উচ্চতৰ মাধ্যমিক শ্রেণীত নাম লগালোঁ। নতুন পৰিবেশ। নতুন ৰুটিন। পৰীক্ষাৰ সময় আহিল। ঈশ্বৰৰ নাম লৈ লিখা আৰম্ভ কৰিছোঁ যদিও মনপুতি লিখিব পৰা নাই। কাষৰ গৰাকীয়ে মুগাৰ মেখেলা খমখমোৱাই বাৰেপতি ডেক্সখন লৰাই আছে। এনেকুৱাত লোকৰ যে অশান্তি হয়, বুজি নাপাই এইবোৰে। “নলৰাবাচোন” বুলি কওঁ ভাবি কাষৰ গৰাকীলৈ মূৰ তুলি চাই দেখোঁ, এইয়া কি ! মেখেলাৰ জাপে জাপে সেই হাইস্কুলৰ দিনত স্কুলৰ প্রস্বাৱগাৰত পৰি ৰোৱা লিষ্টবোৰ। তেখেত লিখাত ব্যস্ত। মোৰ তেখেতক দেখি হাত-ভৰি চেঁচা হৈ পৰিল। কলম নচলা হ’ল।অলপ পিছত হুচ্ আহিল যে, ফাইনেল বেল দিবলৈ বেছি পৰ নাই। কাষৰ গৰাকীক ইনভিজিলেটৰে দুবাৰমান কাষৰ পৰা চাই একো নোকোৱাগৈ গুচি গ’ল। হয়তো ভাবিলে- পাছ্ কৰক আৰু যেনে তেনে। বহী জমা দি ঈশ্বৰক প্রাৰ্থনা কৰিলোঁ-“কাইলৈ এইগৰাকীক সুমতি দিবা প্রভূ।“
চেহ্, মোৰ এটা প্রশ্ন থাকিয়ে আহিল, তাইৰ নকল কৰাৰ পন্থা চাই থাকোতে।

৩)
স্নাতক শিক্ষা ল’বলৈ মহানগৰী পালোহি। ইয়াত সেইবিধৰ পয়োভৰ কম। মেধাৱীসকলেহে ইয়াত স্থান পায়। আৰু, তেওঁলোকৰ নকল কৰাৰ প্রয়োজনেই বা কি ! কিন্তু , মোৰ ধাৰণা ভুল প্রমাণিত হ’ল। স্নাতক চূড়ান্ত পৰীক্ষাত অন্য বিভাগৰ এজন ল’ৰাক নকল কৰাৰ অপৰাধত পৰীক্ষাগৃহৰপৰা বহিষ্কাৰ কৰা হ’ল।
আচৰিত লাগিল- ল’ৰাজন সেই বিভাগৰ আটাইতকৈ নম্র আৰু নিৰ্জু প্রকৃতিৰ আছিল।
৪)
দুমাহমানৰ আগতে কলেজ এখনলৈ ৰাষ্ট্রীয় পৰ্যায়ৰ আলোচনা চক্রত গৱেষণা পত্র পাঠ কৰিবলৈ গৈছিলো। মোৰ পাল আহিবলৈ আৰু অলপ সময় আছে। হঠাৎে পিছপিনৰপৰা এগৰাকীয়ে-‘অ’ই কি খবৰ তোৰ’ বুলি পিঠিত হাত দিলেহি। অচিনাকী কলেজখনত কোননো ‘তই’ বুলি মাত লগোৱা চিনাকী ওলালহি বুলি আচৰিত হৈ পিছলৈ ঘূৰি চাই দেখো বিশ্ববিদ্যালয়ৰ এসময়ৰ সহপাঠী। বহু বছৰৰ মূৰত লগ পাই দুয়োৰে কথা আৰম্ভ। তাই বৰ্তমান সেইখন কলেজতে অধ্যাপনাৰত। মোৰ চাকৰি হোৱা নাই শুনি দুখ প্রকাশ কৰিলে। লগতে দিলে বহুত উপদেশ-কিতাপ লিখ, জাৰ্নেলত লিখ, পি এইচ্ ডি’ত কৈ এম্ ফিল্ কৰ—ইত্যাদি , ইত্যাদি। ঘৰলৈ উভটাৰ বাটত পুৰণা কথাবোৰ মনত পৰিল। পৰীক্ষাৰ পোন্ধৰ মিনিটতমান আগতে পৰীক্ষাগৃহৰ তলা খুলিছিল চকীদাৰে। নিজৰ ৰোলনাম্বাৰটো বিচাৰি বহি লৈ লগৰ দুজনীমানে ধুম্-ধাম্ স্কেচ্ পেনেৰে ডেক্সত লিখিছিল সম্ভাৱ্য(?) প্রশ্নৰ উত্তৰ।
সিহঁতৰ মাজত আজি লগ পাই অহা সেই অধ্যাপিকা লগৰীয়াজনীও আছিল।
৫)
আজি কলেজ এখনত সহকাৰী অধ্যাপিকা পদৰ সাক্ষাৎকাৰ আছে। যাৱতীয় নথি-পত্র লৈ কলেজ অভিমুখে যাত্রা কৰিলোঁ। ইতিমধ্যেই পঁচিশজনমান প্রাৰ্থী কলেজত উপস্থিত হৈছিল। এওঁলোকৰ প্রায়বোৰেই চিনাকী হৈ পৰিছে। সাক্ষাৎকাৰবোৰতে লগ পোৱা হয়। যদিও সাক্ষাৎকাৰ, তথাপি আজিকালি কোনো মৌখিক সাক্ষাৎকাৰ লোৱা নহয়। তাৰসলনি মাৰ্কছিটৰ নাম্বাৰে প্রাধান্য পায়। গতিকে, পূৰ্বৰ সাক্ষাৎকাৰবোৰৰ দৰে আজিকালি প্রাৰ্থীসকলৰ মুখত উদ্বিগ্নতা দেখিবলৈ পোৱা নাযায়। সকলোৱে হাঁহিমুখে কথা পাতি আছো। এনেতে এগৰাকী প্রাৰ্থীয়ে বুকুত ফাইল এটা সাৱটি সকলো বহি থকা কোঠালৈ সোমাই আহিল। চিনাকী চিনাকী লাগিল। ক’ত জানো দেখিছিলো! মোক চাই মাত লগালে- “ ভালনে?” “ভাল” বুলি উত্তৰ দিলোঁ যদিও মনত পৰা নাই ক’ত পাইছিলো। সাক্ষাৎকাৰ দি ওলাই আহোঁতে আকৌ তাইৰ মুখামুখি হওঁ। এতিয়া তাইৰ পাল। লগৰজনীক সুধিলোঁ-“চিনি পাইছ নেকি কোন হয়?” তাই ক’লে- “আমাৰ বিভাগৰে, ফাইনেলত নকল কৰি ধৰা পৰিছিল। ফাইনেল ইয়েৰ কাৰণে পৰীক্ষাগৃহৰ পৰা বহিষ্কাৰ নকৰিলে।“
আজি আকৌ ভগৱানক অনুৰোধ জনালোঁ- “তাই নকল কৰি গোটোৱা ফাৰ্ষ্ট ক্লাছ্ আৰু আমাৰ ফাৰ্ষ্ট ক্লাছবোৰৰ মাজত বিভেদ এটা ৰাখিবা প্রভু!”

দেৱীকা ফুকন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments