অভিজ্ঞতা: এতিয়া ৰসাল তেতিয়া ভয়াল- ভাস্কৰ জ্যোতি বৰুৱা

সাঁতোৰ বোপাই সাঁতোৰ, বাহু মেলি সাঁতোৰ৷
সাঁতুৰিব নোৱাৰিলে ৰসাতলে যা৷

জীৱন নৈত কিদৰে সাঁতুৰি আছো, সেয়া বেলেগ কথা৷ ক’লৈ যাব খুজিছিলো আৰু ৰ’লোগৈ ক’ত সিও এক বেলেগ প্ৰসংগ৷ কিন্তু সিদিনা মোৰ সন্মুখত আছিল বহাগৰ জাঁজী নৈ৷ বেছি পানী নাই, কিন্তু বৰষুণকেইজাকৰ বাবে ন-পানীৰে অলপ ভৰিছে নৈৰ বুকু৷
: জোনমণি তুমি সাঁতুৰিব জানানে? বিপুল ককাইদেৱে সুধিছে৷ বিহুৰ বন্ধত শিবসাগৰৰ গাৱঁলৈ গৈছো আৰু ফুৰিবলৈ পদুমণিৰ এপাদেউহঁতৰ ঘৰলৈ আহিছো৷ খুব সম্ভৱ মই তেতিয়া নৱম শ্ৰেণীত৷
: ওঁ, জানো৷ অভাৰ কনফিডেন্স, কৈ দিলো৷ অভিজ্ঞতাৰ নামত লখিমপুৰৰ চুকুলিভৰীয়াত গৰিয়াজানটোত ইফালৰ পৰা সিফালে সাঁতুৰি পাৰ হ’ব পৰা হৈছো মাত্ৰ৷
: ব’লা সিপাৰলৈ যাওঁ, ককাইদেউৰ প্ৰস্তাৱ৷
: ব’লক- মোৰ সন্মতি৷ পাহাৰৰ সিটো ফালে, নৈখনৰ সিটো পাৰে সৰুৰে পৰাই মোক আকৰ্ষণ কৰি আহিছে৷
দুয়োটাই কাপোৰ সলাই গামোচাৰে একবস্ত্ৰ হৈ ল’লো৷ একে লগে পাৰৰ পৰা পানীত জাঁপ দিলো৷ প্ৰথমৰছোৱা উপভোগ কৰিছোঁ৷ কিন্তু কেনা লাগিল নৈৰ মাজ পাওঁতেহে৷ হাত-ভৰিবোৰ দেখোন অৱশ হৈ আহিছে৷ ককাইদেউক ক’লো – “মই আৰু নোৱাৰো, ভাগৰ লাগিছে”৷ ককাইদেউ অবাক – “হেই কি কোৱা”! ! ! মই বোলো – “সঁচাকে ককাইদেউ”৷
: মোৰ গাত ধৰা আৰু যিমান পাৰা ভৰি দুখন মাৰি থাকা – ককাইদেউৰ সমিধান৷
ময়ো তাকে কৰিলো৷ উপায় নাই৷ যেনেতেনে গৈ সিপাৰৰ নৈৰ পানীৰ তলৰ মাটি ভৰিয়ে বিচাৰি পালে৷ মোৰ লগতে ককাইদেউও অৱশ৷ পানীতে বহি ঘন ঘনকৈ উশাহ লৈ থাকিল৷ মই সিপাৰ পোৱাৰ আনন্দত গৰালৈ উঠিলো৷ কিমান সময় তন্ময় হৈ থাকিলোঁ ক’ব নোৱাৰো৷ ককাইদেউৰ মাতত সম্বিৎ ঘূৰাই পালো৷ উৱা, ককাইদেউচোন এতিয়াও পানীতে বহি আছে! ইমানেই ভাগৰ লাগিলেনে? লাগিবও পাৰে মোৰো বোজা কঢ়িয়াব লগা হ’ল৷ মাজে মাজে ককাইদেৱে তল মূৰ কৰি পানীলৈ চায়৷
: জোনমণি এইফালে আহাচোন৷ – মোক মাতিছে৷ কাষ চাপি গ’লো৷ – “ পানীত বহাচোন মোৰ কাষত৷ কথা এটা আছে”৷ ককাইদেউৱে আকৌ কৈছে৷
: কিয়? মোৰ প্ৰশ্ন৷ কাৰণ মই একো বুজি পোৱা নাই৷
: বহাচোন, মই কৈছোঁ৷ ককাইদেউৰ চিৰিয়াছ মুড৷
মই বহি দিলো৷ আৰু ক’লো – অঁ, এতিয়া কওক৷
: তোমাৰ গামোচাখন দিয়া৷ পানীৰ তলেৰে পাৰ কৰি দিয়া৷ তুমি গামোচাতে ধৰিলা হয়তো৷ উটি গ’ল৷ এতিয়া তোমাৰখন দিয়া আৰু সিপাৰৰ পৰা মই তোমালৈ কাপোৰ আনোগৈ৷

ইয়াৰ পিছৰ ২০-২৫ মিনিট মোৰ জীৱনত আজিলৈকে সন্মুখীন হোৱা আটাইতকৈ বেছি উৎকণ্ঠিত হোৱা সময়বোৰৰ অন্যতম৷ বস্ত্ৰহীনভাৱে মই পানীত বহি আছো৷ উঠিব নোৱাৰো৷ অনতি দূৰত গাৱঁৰ জীয়ৰী-বোৱাৰীয়ে কাপোৰ ধুই আছে৷ ককাইদেউৱে সিপাৰলৈ বুলি বাহু মেলি মেলি সাঁতুৰি আছে৷ পাৰেৰে অহা-যোৱা কৰা মানুহে অচিনাকি দেখি মোলৈ চাই চাই নিজৰ খোজৰ গতি ধীৰ কৰি দিছে৷ মই যিমান পাৰি নৈৰ গভীৰতালৈ নামি দিছোঁ৷ দুই এজনে ৰৈ আন্তৰিকতাৰে সুধিছে – কাৰ ঘৰৰ আলহী? চিনি পোৱা নাই! ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments