অজান মুলুকৰ এগৰাকী বোৱাৰীৰ কথাৰে…… – ৰাজীৱ ৰাজখোৱা

“বোৱাৰী, ভাত কেইটা সিজাওঁতে ইমান পৰ নে? মাজনীৰ ভোক লাগিছে৷ তাই কেতিয়াবাই ভাত খোৱা৷ অলপ খৰ খেদা কৈ ভাত কেইটা বনাই দিব নোৱাৰা…? ”

শাহুৱেকৰ মাতষাৰত তাইৰ খংটো উঠি আহিছিল৷ সাঁজ লগানো কিমান পৰ হৈছে? ভাতৰ কথা চিঞৰিলেই যে? খন্তেক আগতে চাহ জলপান খাই উঠিছিল হে, তাইৰচোন সেয়াও ভাগত নপৰিল খাবলৈ…
এজনী মানুহে কেনি কোন ফালে কৰিব? ইফালে কেঁচুৱাৰ আমনিবোৰ আছেই! পুৱাৰ পৰা ৰাতি দুপৰলৈ বিছনাত পৰা লৈকে কমখন ঢপলিয়াই থাকিব লাগে নে? আজি আলহি আছে বুলি অলপ বেছিকৈয়ে ৰান্ধিব লগা হৈছে৷ কেঁচা খৰি ফুঁৱাই ফুঁৱাই ৰন্ধাজনীয়েহে জানে কি যাতনা৷ ভাত ৰান্ধি কাঁহীত সজাই ঘটি লুটাত পানী-দুনি ভৰাই পিৰা-ঢৰা পাৰি সকলোৰে আগত এভাগ এভাগ কৈ দিয়া জনীয়েহে গম পায় কঁকালটো কেনেকুৱা কৰে৷ শাহু হ’ল বুলি একেবাৰে কঁকাল বেঁকা হোৱাগৈ নাই নহয়৷ পৰা কামখন টো সহায় কৰি দিব লাগে! নিজৰ জীয়েকে খাইছে নাখাইছে ঘনাই হিচাব৷ তাই যে পুৱাই ঠাণ্ডাভাত একাঁহী খাইয়ে দিনটো কটাইছে সেইটো হ’লে হিচাব ল’বলৈ আহৰি নাই৷ হোৱাটো নোহোৱাটো বোৱাৰী অমুক…. বোৱাৰী তমুক….৷
তাইৰ মনত আছে ঘৰত থাকোঁতে ককায়েকক দাবি দি হলেও তাইৰ ভাল লগা চিৰিয়েলখন চাবই৷ দৰকাৰ হলে ককায়েকে আনৰ ঘৰত গৈ যি চায় চাই আহিবগৈ..৷ ৰিমোটটো এবাৰ তাইৰ হাতত পৰাৰ পিছত কাৰো সাধ্য নাই লবলৈ…৷ বিয়াৰ পিছৰ আজি তিনিটা বসন্ত পাৰ হবৰ হলহি, তাই ৰিমোট চুই পোৱা নাই..৷ টিভি দেখি পোৱা নাই..৷ শাহুৱেকে নিজে এপৰলৈকে চাই থাকিব৷ তাইক হলে চাবলৈ নিদিয়ে৷ বোলে চিৰিয়েলবোৰ চালে বোৱাৰীবোৰ বেয়া হয়৷ নিজে পিছে কি সংস্কাৰ শিকিছে?
-সৌৱা সিঁহতৰ হাঁহিৰ খিল খিল শব্দবোৰ আহি তাইৰ কাণত পৰিছেহি৷ মাকে জীয়েকে একেলগে বহি চিৰিয়েলবোৰ সন্ধিয়াৰ পৰা একেৰাহে চাই আছে ইখনৰ পিছত সিখন৷ কোন চেনেলত কি চিৰিয়েল কিমান সময়ত দিয়ে জীয়েকৰ আঙুলিৰ মূৰত৷ জীয়েকে হাতত ৰিমোট লৈ এমূৰৰ পৰা চাই গৈছে, মাকে শলাগি গৈছে৷ কেতিয়াবা কাৰোবাক গালি পাৰে.. কেতিয়াবা দুখ কৰে..৷ কিয় জীয়েক বেয়া নহব নেকি চিৰিয়েলবোৰ চাই থাকিলে? তাইয়ো চোন এতিয়া এঘৰৰ বোৱাৰী? ?
আবেলি চাহৰ পাতত জীয়েকে শাহুয়েকে গালিপৰা কথা কওঁতে মুখে মুখে লাগিবলৈ যেনেকৈয়ে প্ৰৰোচনা কৰিছিল শুনি তাইৰ পেটতে হাতভৰি লুকাল৷ জীয়েকৰ বেলিকা হলে প্ৰতিবাদ, তাইৰ বেলিকা হ’লে….? ? ?
কথাবোৰে তাইৰ মূৰৰ পৰা ভৰিৰ কোনোবা খিনিয়েদি এপাক ঘূৰি যায়৷ এডাল যেন কাঁড়শলা সাপহে শৰীৰৰ মাজেৰে প্ৰবাহিত হৈ গৈছে…৷ কেতিয়াবা তাইৰো মন যায় কিবা এটি কৰি দিবলৈ.. কিবা এটা কৈ পেলাবলৈ… পিছে নোৱাৰে তাই৷ বুকুখন আজিকালি তাইৰ শিলৰ দৰে কঠিন হৈ পৰিছে৷ সহজে যি কোনো কথাই তাইক চুবগৈ নোৱাৰে৷ সঁচা কথাত তাই এইবোৰ কথালৈ আজিকালি কাণ নাপাতে৷ সকলো সময় আৰু নেদেখা জনৰ ওপৰত এৰি দি এমূৰৰ পৰা নিয়াৰিকৈ কৰি যায়৷
ৰাতি কেঁচুৱাই আমনি কৰি টোপনি খতি কৰা সময়ত তাইৰ বৰকৈ মাকলৈ মনত পৰে..৷ দুদিনমান আহি থাকিলেহি তাই শান্তিৰে নিশাটো টোপনি যাব পাৰে৷ কিন্তুু মাকে জানো থাকিব পাৰিব সদায় কাষত…? কিন্তুু শাহুৱেক..? এপৰলৈকে চিৰিয়েল চাই পুৱা দেৰিলৈকে শুই থাকিব৷ ৰাতি কেঁচুৱাই কান্দিলেও নিচুকাব নোৱাৰাৰ গালি খাব লাগে তাই৷ টোপনি খটি হয় বোলে কান্দোনত৷ বোকোচাত কেঁচুৱাটি লৈ পুৱা বাহিবন কৰিব লাগে৷ তাই ভাগৰি পৰে৷ প্ৰতিবাদ নো কাক কৰিব? তাইক আপোন মানুহজনৰহে প্ৰয়োজন যি তাইৰ দুখৰ কথা বুজিব.. যি তাইৰ হাতত হাত ধৰি আলফুলে হাজাৰ দুখ-ভাগৰৰ পৰা অব্যাহতি দিব পাৰিব৷ কোন…? কোন…? সেইজন…? ঘৰৰ মতত বিয়া হোৱা তাইৰ গিৰিয়েক….? ওহোঁ, সুখ-দুখৰ সন্ধিক্ষণত তাইৰচোন মনলে নাহেই তেওঁৰ মুখখন৷ বছৰৰ যি কেইটা সময় মিলিটেৰী চুটি লৈ তাইৰ লগত থাকিবলৈ পায় সেই কেইটা দিনো ইফাল সিফাল কৰোঁতেই যায়৷ তাইৰ দুখৰ কথা বা তাৰ সুখ-দুখৰ কথাবোৰ বুজিবৰ নৌ পাওঁতে যাবলৈ হয়েই৷ তেন্তে কোন…? কোন সেইজন? ? ? কাৰ কথা ভাবে তাই? যি বুকুৰ ভিতৰত একাজঁলি সেউজীয়া হৈ আজিও জীয়াই আছে…?
তাই উশাহটো দীঘলকৈ লয়৷ সেইজনৰ কথা মনত পৰিলে তাইৰ বুকুৰ শিলচটা চিৰাচিৰ কৈ ফাটি পৰিব ধৰে..৷ কিয় জানো আজিও তাই পাহৰিব পৰা নাই…মচিব পৰা নাই…৷ তাইটো জপনা দেওদি পাৰ হৈ আহিছে সেইখন আকাশ..! তথাপি কিয়জানো দুচকু মুদিলেই সেইখনেই আকাশ সেইখনেই পৃথিৱী তাইৰ চকুৰ আগত ভাঁহি আহে..৷ কিয় জানো..? ? সদায় প্ৰথম ভাত হেতা বাঢ়োতে তেওঁৰ মুখখনহে মনলৈ বাৰে বাৰে আহে৷ তেওঁৰ সেই চাৱনিবোৰ সেই কথাবোৰ যিবোৰ লৈ সপোন আঁকিছিল এখন নেদেখা সেউজীয়া পৃথিৱীত…..
তেওঁৰ বাৰু তাই লৈ মনত পৰেনে? ?
তাই সদায় এনেকুৱা এটি দুমোজা লৈয়ে ৰাতি বিছনাত পৰে৷ এটি প্ৰশ্ন… এটি সাঁথৰ… যিটোৰ উত্তৰ তাই নাজানে… তাই নাজানে আৰু কোনোদিন নাজানিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক