অন্তৰ্ধান (কৌশিক শাণ্ডিল্য)

“দাদা, হৰিপুৰৰ চ’ক পালো , নামক”। হেণ্ডিমেন জনৰ চিঞৰটোত খকমককৈ সাৰ পাই বাছ খনৰ পৰা নামিলোঁ।

ঘনাই নোৱাৰিলেও বছৰত এবাৰ যেনেকৈ নহওক গাঁৱৰ ঘৰ খনলৈ পাক এটা মাৰোঁ। আগতে আতা-আবু থাকোতে গাঁৱৰ ঘৰলৈ যোৱাৰ মাদকতাই বেলেগ আছিল। তেতিয়া গাওঁৰ ঘৰলৈ আহিবলৈ কেৱল সুৰুঙাহে বিচাৰি ফুৰিছিলোঁ। এতিয়া খালী ঘৰটো গাৱঁৰে ল’ৰা এজনক চোৱা-চিতা কৰিবলৈ দি আহিছোঁ, গতিকে মাজে মাজে আহি থাকোঁ আৰু।

কঁকালটো পোনাই বেগটো দাঙি লৈ সমুখৰ পিনে চোৱাৰ লগে লগে বুকুখনত মোচৰ এটা খোৱা যেন অনুভৱ কৰিলোঁ। চকুৰ সমুখৰ আকাশখনে উকা কপালখনৰ দৰে এক বিশাল শূণ্যতাক সাৱটি ধৰি আছে। বুজাত কেইচেকেণ্ডমান পলম হ’ল। দেখিলোঁ আশৈশৱ আমাৰ চিৰপৰিচিত চ’কটোৰ বিয়াগোম আঁহত গছ জোপা অন্তৰ্ধান।

সেই গছডাল আমাৰ ওমলা লগৰী আছিল, আমাৰ গৌৰৱৰ বিষয় আছিল। আমাৰ গাঁৱৰ ঘৰৰ ঠিকনা কাৰোবাক দিব লাগিলে সগৌৰৱে কৈছিলোঁ – “হৰিপুৰ চ’কত নামি যিজোপা প্ৰকাণ্ড ডাঙৰ আঁহত গছ দেখিব, তাৰ কাষৰ ৰাষ্টাটোৰেই সোমাই যাব। তিনি আলিটো পালে মোৰ বা দেউতাৰ কথা কাৰোবাক সুধিব।” প্ৰকাৰান্তেৰে এইটোও বুজাইছিলোঁ যে গাৱঁৰ সকলোৰে মাজত মই জনাজাত।

হঠাৎ অদুৰত ৰাষ্টাৰ কামৰ মেছিন এটাৰ কৰ্কশ শব্দত সচকিত হৈ দেখোঁ, মই উকা ঠাই খিনিৰ ওচৰতে ঠিয় হৈ আছোঁ। যোৱাবাৰ আহোতে গছডাল আছিল। এইবাৰ ফ’ৰলেন ৰাষ্টাৰ কাম এইপিনে আগবাঢ়িছে। গতিকে ৰাষ্টা বহলাবৰ বাবে গছডাল কটাটো প্ৰয়োজন। মুহূৰ্তৰ বাবে চ’কটোকে অচিনাকি যেন লাগি গ’ল। মেছিনটোৰ কৰ্কশ ঘৰ ঘৰ শব্দটো যেন মোৰ বুকুতো বাহ লৈছে।

যন্ত্ৰৱৎ ঘৰলৈ বুলি খোজ পেলালো। কিছুদূৰ যাব লাগে ঘৰলৈ। এই ৰাষ্টাডোখৰো মোৰ বৰ প্ৰিয়।

দুয়োপিনৰ ঘন গছ, বাহঁনিৰ মাজেৰে খোজ কাঢ়ি এক অনামী পুলক অনুভৱ কৰোঁ, সদায়েই।

– “হাও আদো দেখু, ঘৰোৰ পে না?” – হঠাৎ কাৰোবাৰ মাতত সম্বিত ঘুৰাই পাই দেখোঁ গোপাল আতা মোৰ পিছপিনে ঠিয় হৈ আছে। কিমান সময় বা ঠিয় হৈ আছিলোঁ নিজেই গম নাপাওঁ। তেতিয়া মই অন্য এক পৃথিৱীত। মোৰ মৰমৰ ৰাষ্টাৰ দুয়োপাৰৰ গছবোৰ, গেজেপনি বাঁহনিবোৰ অন্তৰ্ধান। তাৰ ঠাইত বিশৃংখলকৈ অ’ত–ত’ত গজি উঠিছে দুই এটা পকী ঘৰ আৰু গোটেই পথাৰ বোৰত খণ্ড-বিখণ্ডকৈ পকী পোষ্ট। যেন ছৱি এখনৰ ইপিঠি-সিপিঠি।

— “থৰ্ থৰ্ কে কি চাই আছা?”

__ “চাইছোঁ মানে, এইবোৰ কি আতা?”

–”নকবি আৰ্ আদো, মানহুমাখাই নিজোৰে মুৰা খাইছি। গাউৰ ছলি খেতি কৰবা টান পাৱা হ’ল। মাটি বিক্ৰি কৰি পইচা লৈছি। বিজনেচ কৰবো। ইতা নেদখিছা গাউৰ অৱস্থা।”

আতাই সঁচা কথাই কৈছে। সৰুতে কম ঘুৰিছিলোঁনে এইবোৰ ঠাইত!!!

…… ফ্লেচবেক …. স্নেপশ্বট …. গৰম বন্ধ … পুৰা এমাহ সাতদিনৰ বাবে গাঁৱৰ ঘৰ …. আতা-আবু ….পঢ়া-শুনাৰ বাধ্যবাধকতা নাই …..নগেন, নয়ন, বিতু, মিতু মই …. হাতত গুলটিছ লৈ গছ-বন, ঘন বাঁহনিৰ মাজে মাজে বিচৰণ …. প্ৰখৰ ৰ’দত বাঁহনিৰ শীতলতা …. দুপৰীয়াৰ গৰমত লেৰেলা পাতৰ গ্ৰীষ্ম গ্ৰীষ্ম গোন্ধ…. বাটৰ কাষৰ গড়খাৱৈত কেচুৰ টোপেৰে চেংমাছ ধৰা ….”চেং কাকা, ল’ৰি আহ, মোৰ বৰহত ধৰবি আহ , অন্যৰ বৰহ তিতা মোৰ বৰহ মিঠা….” গোটেই গাওঁখনত এক শীতল পৰিৱেশ। মানুহৰ মাত, চৰাই-চিৰিকতিৰ মাত, ঢেকীৰ শব্দ, তাঁতৰ মাতে গাওঁখনত এক মধুৰ সাংগীতিক পৰিৱেশৰ সৃষ্টি কৰে।

মাহঁতে নিবলৈ অহাৰ দিনাখন বুকুখনত দুখে সোপা মাৰি ধৰে। মোৰ কন্দা-কটা ……আবুৰ কন্দা-কটা …. মাৰ বুজনি- “স্কুল খতি কৰিলে নহ’ব নহয়- পূৰা এমাহ সাত দিনটো থাকিলিয়েই …”।

আৰু আজি গাওঁ খনত এক নিমাওমাও পৰিৱেশ। যেন সেই কোলাহলক ধৰি ৰখাৰ শেষ আপ্ৰাণ চেষ্টা, কিন্তু সকলো উদং হৈ পৰিছেক। তাৰ চাপ যেন মই গোলাপ আতাৰ চেহেৰাতো দেখা পালোঁ। পথাৰ, বাঁহনি, মাছ ধৰা খাৱৈবোৰৰ আজি আৰু কোনো অস্তিত্ব নাই। সেউজীয়া সাজযোৰ সলাই এই এবছৰতে গাওঁখনে যেন পাৰেমানে কংক্ৰিটৰ সাজ পিন্ধিছে।

— “দুদিন মেন আছানা বাপা? আমাৰ সহে পাক এটা মাৰবি।”

মনটো সেমেকি গৈছিল। কোনোমতে আতাৰ কথাৰ উত্তৰ কিবা এটা দি আগবাঢ়িলোঁ। কিবা এটা ভাল নলগা অনুভৱে বাহ ললে মনত।

ঘৰ পোৱাৰ কিছু আগে আগে আমাৰ সকলোৰে উমৈহতীয়া কাকা “সত্যেন কাকাৰ” দোকানখন। আমি বুজি পোৱা হোৱাৰে পৰা দেউতাহঁতে কাকা বুলি মাতে; গতিকে আমাৰো কাকাই হৈ গ’ল। মনৰ ভাৱনাবোৰ জোকাৰি পেলাই কাকাক মাত এষাৰ লগাই তামোল এখন খাওঁ বুলি দোকানলৈ আগবাঢ়িলোঁ।

সন্মুখৰ ঘাঁহ-বন নিয়াৰিকৈ নিৰাই সদায় চিকচিকিয়াকৈ সাৰি থোৱা মুকলি ঠাইডোখৰেৰে সৈতে সেইখনেই কাকাৰ দোকান। তৰ্জাৰ বেৰ, দুৱাৰৰ জাপচটা খুলি বাঁহ এডালেৰে দাঙি থলে আন এখন চাল দিয়া বাৰান্দাৰ সৃষ্টি হয়। তাতে এখন বাঁহৰ চাং – মানুহ বহিবৰ বাবে। দোকানৰ সন্মুখৰ পিনে বেৰত সৰু মাটিৰ টেকেলি এটাৰ ডিঙিতে ৰচি এডালেৰে বান্ধি এটেকেলি চূণ ওলোমাই থোৱা থাকে। আন এডাল ৰচীত এটুকুৰা সৰু বাঁহ বান্ধি সেইডালো টেকেলীৰ ডিঙিতে বন্ধা থাকে। চূণ লোৱা লাঠি।

দেখিলোঁ কাকাৰ দোকান অপৰিৱৰ্তিত। কেৱল বয় বস্তু বাঢ়িছে। ভাল লাগিল দেখি। অলপ হ’লেও পুৰণিৰ গোন্ধ এটা আছে – মোৰ পুৰনি গাঁওখনৰ গোন্ধ।

— “কি খবৰ কাকা? ভালে আছা না?”

— “হাও, বাপা, আহ আহ, কহেৰ পে? বহ।”- কথাৰ লাচতে কাকাই তামোল, কটাৰী, পান উলিয়াইছে।

— “ঘৰৰ পৰাই কাকা, বহুদিন অহা নাই, ভাবিলোঁ এপাক মাৰি যাওঁ। তোমালোকৰো খবৰ এটা লৈ যাওঁ।”

— “দে দে ভালে কচ্ছা দে। আইহবা লাগে মাজে মাজে। তুহাক দেখলিও অলপ মনতু ভাল লাগে। আমাৰতো আৰ এইয়ে।’’

কাকাৰ কথা বতৰাত এক গভীৰ আন্তৰিকতাৰ সুৰ অনুভৱ কৰোঁ। সদায়েই।

— “পিছে গাওঁখনৰ এইবোৰ কি ৰূপ কাকা? হৈছে কি মানুহবোৰৰ?”

— “কি ক’বি বাপা, মানহু গিলাক বেমাৰে ধচ্ছি, মাটি বিক্ৰি কৰা বেমাৰ। গাউৰ ৰূপনু কি দেখছাহ্ আইহচাহে মাত্ৰ, নাউংমেন ৰহ, আৰো দেখবি ৰূপ।’’

মনে মনে আচৰিত হ’লোঁ। কয়নো কি? আৰু ৰূপ মানে? এবছৰত ……………………..

বেছি ভাবিব লগা নহ’ল। চীনা মাটিৰ প্লেটখনত আগুৱাই দিয়া তামোল-পান মুখত ভৰাইছোঁ মাত্ৰ, হুৰুসকৈ বাইক এখন আহি ৰ’ল। সস্তীয়া হিন্দী গান এটা গাই গাই পুলক নামি আহিল। গাঁৱৰে ল’ৰা। আমাৰ কোলাতে ডাঙৰ হোৱাৰ দৰে।

কাকাই ঠাঁৰে-চিয়াৰে মোক ইংগিত দিলে -”মাটি বেছি লোৱা বাইক”।

চাবিপাত আঙুলিৰ মুৰত ঘূৰাই ঘূৰাই পুলকে মাত দিলে -”কি দাদা কিক্ খ্খবৰ”?

মই চমুকৈ ভালেই বুলি কৈ তাৰ কামতে মনযোগ দিলোঁ। সি খুব বিন্দাচ্ ধঙত মোৰ কাষতে থিয় হৈ কাকাক ক’লে – “ফিলটাৰ এটা দিয়াহে কাকা”।

মোৰ বুকুত এটা হাতুৰীৰহে যেন কোব পৰিল। কাকাৰ পিনে চালোঁ , শুকান মুখেৰে তলমূৰকৈ চিগাৰেট এটা উলিয়াই দিলে। সি খুব সহজভাবে দোকানৰ বিস্কুটৰ বৈয়ামৰ ওপৰত থকা দিয়াচলাইটোৰে চিগাৰেটটো জ্বলালে। তাৰ পিছত দীঘল দীঘল দুটা টান মাৰি মাত দিলে -”যাওঁ দিয়া দাদা -আৰ্জেণ্ট কাম অলপ আছে”।

মই তাৰ পিনে মুৰ তুলি চাব পৰা নাই। কাকাৰ পিনে চালোঁ , বয়সে গৰকা চকু চলচলীয়া।

ফ্লেচবেক…. স্নেপশ্বট…… কলেজৰ বন্ধত গাঁৱলৈ আহিছোঁ…. মনত এক ডেকা ল’ৰা ডেকা ল’ৰা ভাৱ … লগৰে এটাই এদিন দেউতাকৰ পকেটৰ পৰা চিগাৰেট এটা সৰকালে। চিগাৰেটটো হাতত লৈ এক নিষিদ্ধ উত্তেজনাত কঁপিছো। এল.পি. স্কুলখনৰ ভঙা খিৰিকিয়েদি ভিতৰ সোমাই গোটেইমখাই মিলি চিগাৰেটটো হুপিছোঁ। কোনোমতে বাহিৰ ওলাইছোঁ মাত্ৰ, সন্মুখত দেখোঁ কাকা। গোন্ধ পায় বুলি ৰূমালেদি মুখ ঢাকি কিবা কিবি বুদ্ধি কৰি কাকাৰ পৰা আঁতৰি আহিছোঁ। কাকা আমাৰ উমৈহতীয়া গাৰ্জেন। মা-দেউতাহতৰ ভৰসাৰ ৰিপ’ৰ্টাৰ।

“দোকান নকৰিলি পেট নভৰে কাৰণে কৰি আছু অ’, আগৰ দিন আৰো নাই। কিবা ভাল নালগা হৈছি …………….।”

— কাকাৰ মাতটো যেন বহুদুৰৰ পৰা ভাঁহি আহিছে। উত্তৰ দিবলৈ একো ভাষা নাই। কাকাৰ সমুখত থকাৰো মানসিক শক্তিখিনি নাইকিয়া হৈ গ’ল। ভৰি দুখন যেন অৱশ হৈ গৈছে মোৰ।

দোকান এৰি আগবাঢ়িলোঁ। মোৰ চকুৰ আগেদি ৰেলৰ ডবাৰ দৰে এটা এটাকৈ দৃশ্যবোৰ পাৰ হৈ গৈ আছে — নাইকিয়া হোৱা আঁহত ডাল, বাঁহনিবোৰ, পুলকহঁতৰ মানৱীয়তা, মূল্যবোধবোৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments