এইমাহৰ অণুগল্প সংকলন

অণুগল্প

জ্যোতি প্ৰসাদ শইকীয়াoldlady

( ১ )

ৰামলাল মদাহী বুলিলে অঞ্চলটোত চিনি নোপোৱা মানুহ নাই৷ মদে মানুহটোক একে বাৰে শেষ কৰি দিলে৷ শুনিব পোৱামতে ঘৰতো মানুহজনীক দুই এচাট সোধায় মদৰ জালতে; গালি শপনিতো আছেই৷ মদ নোখোৱা অৱস্থাত মানুহটো ঠিকেই থাকে৷

সিদিনা যাদৱে কৈছিল কথাটো –ৰামলালৰ ঘৈণীয়েক মাজে মাজে সৰু সুৰা কাম কৰিবলৈ সিহঁতৰ ঘৰলৈ আহে৷ এদিন কথাৰ মাজতে ৰামলালৰ কথা ওলাল ……বুঢ়ীৰ বৰ দুখ! যাদৱেও কথাৰ চলতে কলে, কাম বন নাই মদ খাই অতপালি কৰি ফুৰে তাতকৈ মৰি থকাই ভাল৷

বুঢ়ী অলপ সময় ৰৈ কৈছিল “বোপাই অ’ বুঢ়াটোৰ কথা ইমান বেয়াকৈ নকবি! বুঢ়াৰ বাবেই ইমান দিনে দুবেলা দুমুঠি খালো৷ যিমান বেয়া হ’লেও সি যে মোৰেই মানুহটো; মোৰ নিজৰ মানুহ৷

(২)

….নিকুৰ কথাৰে….

সিদিনা নিহাৰ হতৰ ঘৰলৈ যাওতে নিহাৰৰ দেউতাকে সুধিলে তহতৰ বুঢ়ীৰ খবৰ কি অ? কিয় জানো হঠাতে এক অনামী আবেগে মনত খুন্দা মাৰি ধৰিলে, দেউতাকক নকলো কিন্তু বেছি সময় নৰৈ গুচি আহিলো!

মাৰ লগত কেতিয়াবা মত পাৰ্থক্য হয়, কেতিয়াবা খঙতে বুঢ়ী বুলিও কও কিন্তু আনে বুঢ়ী বুলিলে গাত লাগেছোন!

আপোন মানুহবিলাক এনেকুৱাই, বহু দুখ কষ্টৰ মাজতো আপোনত্বৰ এক ভাব হৃদয়জুৰি লুকাই থাকে! মাথো আমি অনুভৱ কৰিব নোৱাৰো সেই অনুভৱ! হয় মোৰ আপোনাৰ দৰেই ঘৰৰ মানুহৰ মাজত কেতিয়াবা ভুল বুজাবুজি হ’ব পাৰে কিন্তু আপোনজন সদায়ে আপোন! আহকচোন আপোনজনৰ মাজত কিছু সময় কটাও …..ব্যস্ততাৰে ভৰা জীৱনৰ মাথো কিছু ক্ষণ কেৱল আপোনজনৰ বাবে!

 

*******

 

 

অণুগল্প

পূৰ্ণ নেওগ

(১)

মলিন এযোৰ কাপোৰেৰে জীৰ্ণ শীৰ্ণ শৰীৰৰ বুঢ়ীজনী ৰাজপ্ৰাসাদযেন অট্টালিকাটোলৈ কিবা এটা পোৱাৰ আশাত সোমাই গ’ল৷

‘চি: চি: এইক ইয়াত কোনে সোমাবলৈ দিলে ৰামু’ ঘৰৰ মালিকনীয়ে লগুৱা ৰামুক চিঞৰিলে৷ বুঢ়ীজনী খপজপাই আঁতৰি গ’ল৷

থুনুক থানাক মাতেৰে নতুনকৈ এটা দুটা শব্দ ক’বলৈ শিকা এবছৰীয়া ল’ৰাটোৱে পাছফালৰ পৰা চিঞৰি উঠিল “আ-ই-তা…আ-ই-তা৷”

 

অণুগল্প

উৎপলা কৌৰ

 

(১)দেৱালী

 

মাকে পানীত তিয়াই উঠাই থোৱা মাটিৰ চাকিকেইটা কণমানি হাতখনে লিৰিকি-বিদাৰি আছিল৷ তাইৰ হেঁপাহৰ উৎসৱটো সমাগত৷ স্কুলত “প্ৰিয় উৎসৱ“ত সদায় তাই দেৱালীৰ কথা লিখি আহিছে৷

তেনেতে ডাঙৰজনী ছোৱালীয়ে মাকক সুধিলে

: মা, এইবাৰ বোলে আমি দেৱালীত ব’ম ফুটাব নোৱাৰিম? স্কুলত বাইদেৱে কৈছে?

শলিতা বটি থকা মাক

: উমম..নোৱাৰিবা

চাকি লিৰিকি থকা কণমাণি হাতখন ৰৈ গ’ল৷

: কিয়?

: কাৰণ এইটো দিনতে কিছুমান বেয়া মানুহে ডাঙৰ ডাঙৰ ব’ম ফুটাইছিল আৰু সেইকাৰণে বহুত মানুহ ঢুকাইছিল..

: তাতে কি হ’ল? ..আমিটো ফুটুৱা নাই! আমি ফুলঝাৰীহে জ্বলাম.. ফুলঝাৰী জ্বলালে কাৰোবাৰ কিবা হয় নেকি?

শলিতা বটি থকা বয়সস্থ হাতখন এইবাৰ স্থবিৰ হৈ পৰিল৷

কণমাণিজনীৰ জন্মৰ আগতে ঘটা সেই অভিশপ্ত দিনটোৰ কথা তাইক বুজাই দিবনে সেই ঘটনাৰ পৰা তাইক দূৰত ৰাখিব…বুজি নাপালে তেওঁ৷

 

 

(২)ৰুক্মিনী

 

দীঘলকৈ পৰি থকা ৰাস্তাটোৰে মাজনিশাৰ নিস্তব্ধতা ফাল আগবাঢ়ি যোৱা নৈশবাছখনত বিভিন্ন ভংগীমাত যাত্ৰীবোৰ নিদ্ৰাত ঢলি পৰিছে৷ আগদিনালৈকে সপোন হৈ থকা মানুহজনৰ কান্ধত মূৰ পেলাই, হাতত হাত থৈ তাই শুবলৈ যত্ন কৰিছে৷ সমাজ, লাজ, ভয় চলি থকা বাছখনে পিছপেলাই থৈ অহা ৰাস্তাৰ কাষৰ গছবোৰৰ দৰেই ক’ৰবাতে ৰৈ গ’ল যেন..

হুলস্থূলত লাহেকৈ চকু মেলিলে তাই৷ অচিনাকি বাচ ষ্টেণ্ড এটা! চাহৱালা, পেপাৰৱালাৰ চিঞৰ৷ লাহেকৈ মূৰটো ডাঙি চালে তাই, কান্ধটোৰ গৰাকীৰ চকুৱে চকুৱে পৰিল৷ লাজতে গৰম হৈ পৰা কাণদুখনে বাহিৰৰ নতুন সুৰুজটোৰ উত্তাপ তাইৰ মনলৈকে কঢ়িয়াই লৈ আনিলে৷

আজিৰ পৰা তাই এই কান্ধটোৰ গৰাকীয়ে তাইক উপহাৰ দিয়া বেলি এটা কঢ়িয়াব তাইৰ কপালত!

 

(৩)ভুল

 

আহিনে ভুমুকি মাৰিছে৷ দিনবোৰ চুটি হৈ পৰিছে৷ আকাশত তুলাৰ দৰে পাতল, শুকুলা মেঘবোৰে ওমলিছে৷ খিৰিকীখনৰ কাষত বহি তাইৰ মনটো গধুৰ হৈ পৰিছে৷ কিমান দিন যে ধনক দেখা নাই!

ফোনটো হাতত লৈ মাকলৈ লগালে তাই…

“নাই অ’ সি, গাটো বেয়া, ছৰ্দি লাগিছে…শুই উঠাই নাই..“

তাইৰ বুকুখন খালী খালী লাগে৷

তাইৰ মাত শুনিলে ধনে কান্দে৷ তাই শুনে৷ কিন্তুু মাকে তাইক শুনিবলৈ নিদিয়েে সেই কান্দোন৷

*********

স্কুটীখনৰ ছাবিটোৰ সংলগ্ন ছাবিটোৰে ৰুমৰ, (নহয়) তাইৰ নতুন ঘৰখনৰ দুৱাৰ খুলিলে তাই৷ বেগটো কান্ধত লৈ থকা অৱস্থাতে মেট্ৰিকত বিৰাশী শতাংশ পোৱাৰ বাবে পোৱা চৰকাৰে দিয়া কম্পিউটাৰটো অন কৰি বাথৰুমত সোমাল৷

“খিটিং“কৈ হোৱা শব্দটোত তাই মুখ মচি মচিয়েই মাউচটোত হাত বোলালে৷

পপ্ আপ স্ক্ৰীণখন দেখি তাইৰ ওঁঠৰ একোণেদি হাঁহি এটা সৰকি গ’ল..

……..তেনেতে ফোনটো বাজিল৷ আছলতে ফোনটো সদায় এইসময়তে বাজে৷

“মা, অ মা“ বুলি “ৰিংট’ন“ হিচাপে “কাষ্টমাইজ“ কৰি ৰখা ধনৰ মাতষাৰৰ লগতে তাৰ মুখখনো স্ক্ৰীণৰ পৰা তাইৰ আঙুলিৰ পৰশত নোহোৱা হৈ পৰিল৷

আজি তাইৰ ওঠৰ বছৰীয়া জন্মদিন৷

 

(৪)বিশ্বাস

বাৰে বাৰে চকুহালে আমনি দিছে মোক! কাৰুণ্যৰ সাগৰ একোখন হৈ মোক চাই আছে… সেই কাৰুণ্যই আইনাখনৰ মাজেৰে মোৰ হৃদয়ত খুন্দিয়াইছেহি!

খলা-বমা ৰাস্তাটোৰে মই সাৱধানে চলাই নিয়া ট্ৰেকাৰখনৰ পিছৰ চিটত গৰ্ভৱতী মানুহ এগৰাকী বহিছে৷ কাষতে বহিছে সেই কৰুণ চকুহালিৰ গৰাকী৷ তিনিবছৰ আগলৈকে মই পাগল হোৱা বা মোক পাগল কৰা সেই চকুহাল!

নিজৰ কৰিম কৰিম বুলি ভাবি থাকোঁতেই মহেন দোকানীৰ হৈ যোৱা চকুহাল! বহুদিন লাগিছিল বিশ্বাস হওঁতে, এনেকুৱাও হয়?

পকেটত গান গাই উঠা ম’বাইলটো নিঃশ্চুপ কৰি কাণত লওঁতেই সিফালৰ পৰা কোমলতা বৈ আহিল

: হেৰা, কেঁচা কমলা পালে লৈ আনিবাছোন.. ইম্মান খবলৈ মন গৈছে ..

: ও..হ’ব দিয়া

চকুহাল নেদেখা হোৱাকৈ মই আইনাখন ঘূৰাই দিলোঁ৷

কেঁচা কমলা ক’ত পোৱা যাব বাৰু? ..নহলে যে মোৰ সন্তানৰ মুখেৰে লেলাউটি বৈ থাকিব!

(৫)শৈশৱ

সৰুতে কাষৰ খুৰাহঁতৰ ছোৱালীবোৰৰ লগত দৰা-কইনা, ভাত-পানী ৰন্ধা খেলিছিলোঁ৷ কেতিয়াবা শাৰী পিন্ধিও খেলিছিলোঁ৷ মাজে মাজে নগাঁৱলৈ গৈ চিনেমা চোৱা হয়৷ খুৰাৰ ছোৱালীকেইজনীয়েও চায় ক’ৰবাত৷ মুঠতে যিয়েই নাচাওঁক হিন্দী চিনেমা চাই অহাৰ পাছত খেলবোৰত অলপ নতুনত্ব সানিবলৈ চেষ্টা কৰা হয়… যেনে, কেতিয়াবা ঠিক কৰোঁ যে আমি খেলোঁতে হিন্দীত কথা পাতিম৷ আমি পাতোঁ কিবাকিবি কথা–হিন্দীত৷ কিন্তুু কি কৈছোঁ সেইয়া আকৌ কওঁতাজনে অসমীয়াত ভাঙণি কৰি দিব লাগিছিল৷ কাৰণ আমি কোনেও হিন্দী নাজানিছিলোঁ তেতিয়া৷

 

******

 

 

অণুগল্প

-মল্লিকা শৰ্মা বৰদলৈ

 

(১)অপৰাধ

চোৰ চোৰ, ধৰ তাক, মাৰ মাৰ …সকলোৱে সমস্বৰে চিঞৰি উঠিছে৷ কি হৈছে নজনা বোৰেও মাৰিবলৈ খেদি আহিছে অপৰাধীক৷

চৰ, ঘোচা, ভুকু, যিয়ে যেনেকৈ পাৰিছে হাত দুখন ব্যৱহাৰ কৰিছে, কোনোৱাই লঠিয়াইছে…৷ তথাপি, তথাপি সি হাতৰ মুঠিটো খুলি দিয়া নাই৷ ভনীয়েকক যে আজি কিবা এটা আনিবই বুলি কথা দি আহিছে, সেয়ে হাতৰ মুঠিটো দেহৰ জোৰেৰে খামুচি ধৰিছে৷

কোনোৱাই তাৰ ফিচিকি যোৱা হাফপেণ্টটো টান মাৰি দিলে, আৰু তাৰ হাতৰ মুঠিৰ পৰা সুলকি পৰিল দুখন বিলাসী মূল্যৱান “শুকান ৰুটি “……৷

***********

 

অনুগল্প

-ৰঞ্জুমণি মহন্ত

(১)

অপ্ৰস্তুত হৈ মই পিছফালৰ পৰা চাই ৰৈছিলো অপসৃয়মান সেই নাৰীলৈ৷ আঃ! কিমান যে প্ৰিয় লেখিকা আছিল তেওঁ মোৰ বাবে৷ ফেচবুকত তেওঁ লিখা অনুগল্পবোৰে কিমান যে মোৰ চকুলো বোৱাইছিল৷ ঝুম কৰি কৰি চাই ৰওঁ নীউজ ফীডত মুখামুখি হোৱা তেওঁৰ ফটোবোৰ৷ কিমান যে কমনীয় সেই মুখ৷ সমগ্ৰ ব্ৰহ্মাণ্ডৰ কোমলতা বিচাৰি পাওঁ সেই মুখত৷ দুখীয়াৰ দুখত ব্যথিত হোৱা, ভোকাতুৰৰ ভোকত কন্দা, বন্যাৰ্তৰ শোকত দহা, আৰ্ত জনৰ দুখত ভগা সেই হৃদয় কোমল নহৈ পাৰেনে?

মানুহৰ বাবে অহৰহ কলম তোলা তেওঁক সিদিনা পাই গলো ’বিগ বজাৰ’ত বজাৰ কৰি থাকোতে৷ হাততে সৰগ ঢুকি পোৱা মই এক মুহূৰ্তও নৰৈ দৌৰ মাৰি গ’লো তেওঁৰ কাষলৈ -“নমস্কাৰ বাইদেউ৷ আপুনি অনুপমা ডেকা নহয় জানো?” মূৰ তুলি চালে সেই নাৰীয়ে৷ “আপোনাৰ লেখা মই ফেচবুকত পঢ়ো৷ খুউব ভাল পাওঁ আপোনাৰ লেখা পঢ়ি” একে উশাহে কৈ পেলালো তেওঁক৷

কি আচৰিত! প্ৰতি নমস্কাৰ এটা দিয়াৰ সাধাৰণ সৌজন্যকনো প্ৰদৰ্শন নকৰাকৈ “অঁ” বুলি কৈ তেওঁ দাম্ভিক খোজেৰে আতৰি গ’ল৷

ইমান অহংকাৰ! বুজিলো, ভোকাতুৰৰ ভোক, বন্যাৰ্তৰ দুখ অথবা আৰ্ত জনৰ শোক, তেওঁলোকৰ বাবে গল্প – উপন্যাসৰ প্লট মাথো৷ মানুহক এষাৰ মিঠা মাত দিব নোৱাৰা তেওঁৰ কুৎসিত মনটো বৰ বেয়াকৈ মোৰ সমুখত উন্মোচিত হৈ গল৷ ইমান দিনে তেওঁৰ লিখনি পঢ়ি তেওঁৰ প্ৰতি মোৰ মনত গঢ় লৈ উঠা শ্ৰদ্ধাৰ সৌধ খহি পৰিল তাচ পাত খহাদি৷

**********

 

অণুগল্প

-প্ৰাণজিৎ বৰা

 

(১)লাজ

আনদিনা তাই ৰে’ল ষ্টেচনলৈ উঠি যোৱা চিৰিটোৰ মুখতে বহে৷ কেতিয়াবা উপাৰ্জন কম হ’লে বাছ আস্থান বা ফাঁচী বজাৰৰ ফালেও যায়৷ কিন্তু এইফালে তাই নাহেই৷

যোৱা কিছুদিনতো তাই ষ্টেচনৰ ওচৰৰপৰাই আঁতৰি যোৱা নাছিল৷ তাইৰ শেষ কাপোৰযোৰো উৱলি গৈছে৷ অ’ত-ত’ত ফিচিকিছে৷ তাৰ মাজেৰে ওলাই আহিব খোজা শৰীৰটোলৈ বহুতে লুভীয়া দৃষ্টিৰে চাই৷ তাইৰ লাজ লাগে৷

ষ্টেচনটো অৱশ্যে সিহঁতৰ কাৰণে ঘৰৰ দৰে৷ তাত তেনেকৈ থাকিলেও তাইৰ লাজ নালাগে৷

আজি কিন্তু তাই দুপৰীয়াতে আহি একেবাৰে ঘাট পালেহি৷ বিজয়া দশমী৷ ঘাটত লোকাৰণ্য৷ ইদলৰ পাছত সিদল মানুহ আহি আছে নদীত প্ৰতিমা বিসৰ্জনৰ দিবলৈ৷ সকলো নাচ-গানা- ফূৰ্তিত মচগুল৷ তাৰ মাজতো অৱশ্যে দুই একে তাইৰ লাজ লগাকৈ তাইলৈ দৃষ্টি দি গ’ল৷

মাজনিশালৈকে প্ৰতিমা বিসৰ্জন পৰ্ব চলি থাকিল৷ তাইয়ো লাজ-লাজকৈ তাতেই থাকিল৷

এটা সময়ত সকলো নিজম পৰিল৷ তেতিয়া তাই পানীলৈ নামি গ’ল৷ সৰহভাগ প্ৰতিমাই ইতিমধ্যে সোঁতত উটি গৈছিল৷ তথাপিও পাৰত লাগি থকা কেইটামান প্ৰতিমা তাইৰ চকুত পৰিল৷ ওচৰলৈ গৈ তাই দুই হাত যুৰি সেৱা এভাগ জনালে৷ তাৰ পাছত লাহে লাহে প্ৰতিমাকেইটাৰ গাৰপৰা কাপোৰবোৰ এৰুৱাব ধৰিলে৷ কাপোৰখিনি এৰুৱাই আকৌ এটা সেৱা জনাই তাই পানীৰপৰা উঠি আহিল৷

ঘাটৰ শিল এটাৰ দাঁতিতে তাই পুৰণা কাপোৰযোৰ সলাই তাৰে এযোৰ পিন্ধিলে৷ বাকীকেইযোৰ হাতত লৈ তাই ষ্টেচনৰ ফালে আগবাঢ়িল৷

এতিয়াৰপৰা আৰু তাইৰ লাজ লাগি নাথাকে৷

***********

 

অণুগল্প

– হিমাংশু ভাগৱতী৷

(১)সংস্কাৰ

কলেজখনৰ সমুখত বাছখনত তিনিজনী ছোৱালী উঠি আহি মোৰ ওচৰত থিয় হ’ল, ইউনিফৰ্মত৷ দুজনী বয়সৰ জোখাৰে চঞ্চল, এজনী ঈষৎ গহীন৷ প্ৰথম দুজনীৰ গাৰ ৰঙ উজ্জ্বল, পোছাকৰো৷ তৃতীয় জনীৰ ৰঙটো অকণমান মলিন, পোছাক উজ্জ্বলেই৷ দুজনীয়ে অবিৰাম কিবা কিবি কৈ আছে, তৃতীয়জনীয়ে হাঁহিৰে মাজে মাজে সঁহাৰি দিছে৷ “বাছত গ’লে দহ টকা ৰাহি হয়, জমা কৰি মাজে মাজে চাওমিন, মম’ খাও৷“

-প্ৰথম জনীয়ে ক’লে৷ কৈ থাকোতে তাইৰ মুখখন পোহৰ হৈ গৈ থাকিল৷

“মইতো মোবাইল ৰিচাৰ্জো কৰো ঘৰত নজনাকে৷“

দ্বিতীয়জনীৰ চকু তিৰবিৰাই গ’ল৷

 

তৃতীয় জনীয়ে ক’ব খোজা নাছিল৷

“তোৰ ঘৰতো মোৰ সমানেই পইচা দিয়ে, জানো দে মই৷ কি কৰ ক৷“

দ্বিতীয়জনীয়ে পকাই সুধিলত তাই লাহেকৈ ক’লে,

“মই মানে জমা কৰি মাজে মাজে কিতাপ কিনো৷“

তৃতীয়জনীৰ মুখৰ উজ্জ্বলতা বাছখনত বিয়পি পৰিল৷

*********

 

অণুগল্প

-ৰেখাশ্ৰী বৰুৱা৷

 

(১)সেন্দূৰ

 

সৰু থাকোঁতে পুতলাৰ কইনা-দৰা খেলি খুব ভাল পাইছিলোঁ৷ নিজেও মাৰ মেখেলা চাদৰ পিন্ধি মুখত স্ন’-পাউদাৰ ঘহি কইনাৰ দৰে সাজি কাচি বেচ ফূৰ্তি পাইছিলোঁ৷ এবাৰ মায়ে নজনাকৈ লুকাই চুৰকৈ মাৰ সেন্দূৰৰ টেমাটো খুলি কপালত ডাঙৰকৈ ফোঁট এটা লৈছিলোঁ আৰু শিৰতো সেন্দূৰ বোলাই লৈছিলোঁ…..সেইদিনা মায়ে খুব মাৰিছিল৷

 

আজি বহুত দিনৰ মূৰত পুৰণি কথাবোৰে ঢৌ খেলি গ’ল……নিজকে আইনাত দেখি৷ কপালখন আজি একেবাৰে উকা৷ নাই সেই সেন্দূৰৰ ডাঙৰ ফোঁট, শিৰত নাই সেই সেন্দূৰীয়া বাট৷ মাৰ সাজযোৰো আজি নাই, আছে কেৱল এযোৰ শুদ্ধ বগা কাপোৰ৷ বুকুৰ ভিতৰত গধুৰ শিল এচপৰাই যেন খুন্দিয়াই আছে, অন্তৰ্ভেদি এটা চেঁপা কান্দোন ওলাই আহিব খুজিছিল….

 

হঠাতে পিছপিনৰ পৰা মইনাই আহি মোৰ ভৰিতে গবা মাৰি ধৰিলে৷ সি তাৰ ফুটা নুফুটা মাতেৰে মাতিবলৈ ধৰিলে

“মা…..মা…..“

মই তাক কোলাত তুলি সাবতি ধৰিলোঁ৷

 

**********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments