অন্য এক পৃথিৱী- মাধুৰীমা ঘৰফলীয়া

(১)

ঠিক ফাগুন মাহৰ দৰেই বতাহ এজাক বলি আছে৷ বতাহ লাগি গছবোৰত জৰ-জৰকৈ শব্দ এটা হৈছে যদিও চৰাইৰ কলকলনিয়ে সেই শব্দক তল পেলাই দিছে৷ মাজে মাজে বান্দৰ একোটাই আহি চৰাইবোৰক ভয় খুৱাই দিছে৷ এনে এটা পৰিৱেশ মহানগৰীত সতকাই পোৱা নাযায়৷ গতিকে ল’ৰা ছোৱালীকেইটা আনন্দত আত্মহাৰা হৈ পৰিছে৷ মমীয়ে বাৰে বাৰে কপালৰ আগলৈ আহি থকা চুলি কেইডাল সামৰি আছে৷ পপীয়ে অভিক কিবা কিবি কৈ আহিছে৷ অৰুণে সমুখত বহি যোৱা বৰ্ণাক বাৰে বাৰে কিবা এটা বুজাবলৈ চেষ্টা কৰিছে৷ পিছে বৰ্ণাই তাক পাত্তা দিয়া নাই৷ পাছৰ চিটত বহি একলব্য, ৰিকি আৰু পুনিয়ে তাল-ফাল লগাই আড্ডা মাৰি আহিছে৷ গোটেই গাড়ীখনত ড্ৰাইভাৰজন আৰু গাৰ্ডজনহে ঠাণ্ডা হৈ আছে৷ ড্ৰাইভাৰজনে তথাপিও মাজে মাজে এষাৰ দুষাৰকৈ অৰণ্যৰ বৰ্ণনা দি আহিছে৷ গাৰ্ডজনে তাকো কোৱা নাই৷
অৰণ্যৰ এই ভ্ৰমণ যাত্ৰাটোৰ বাবে সিহঁত ফাইনেল পৰীক্ষাৰ আগৰ পৰাই সাজু হৈ আছিল৷ কিমান আৰু পঢ়াৰ নামতে সময়বোৰ যাবলৈ দিব৷ তাতে এইবাৰ পৰীক্ষাৰ পাছতে গোটেই কেইটা ভাগ ভাগ হ’ব৷ ৰিকিৰ বাহিৰে বাকী গোটেইকেইটাই ৰাজ্যৰ বাহিৰলৈ যোৱাৰ কথা ভাবি আছে৷ গতিকে এইয়া চাগৈ একেলগে সিহঁতৰ শেষ ভ্ৰমণ৷ সিহঁতে এই সময়খিনি সম্পূৰ্ণকৈ উপভোগ কৰিব খুজিছে৷

ক্ৰেচচচচচচচচচচ….

অকস্মাৎ গাড়ীখন ৰৈ যোৱাত সকলোৰে মনোযোগ সলনি হ’ল৷ ড্ৰাইভাৰজনে আঙুলি এটা দেখুৱাই সৰুপানী চুবলৈ কাষৰ জোপোহা এটাৰ ফালে গুছি গ’ল৷ ৰিকিয়ে গাড়ীৰ আগলৈ ভূমুকিয়াই চালে, কেঁকুৰি এটাত গাড়ীখন ৰখাই থোৱা আছে৷ গাড়ীখন ৰখাই থোৱা ঠাইখিনিৰ সমুখত এধলীয়াকৈ খাৱৈ৷ গাড়ী যাব পৰা ৰাস্তাটো সোঁফালে আছে৷

-এখেতে গাড়ীখন ক’ত ৰখাইছে চোৱা৷
ৰিকিয়ে ভোৰভোৰাই নিজৰ চিটত বহিবলৈ লওঁতেই ভূতৰ দৰেই জানো ক’ৰপৰা জধলা বনৰীয়াৰ দৰে মানুহ এটা ওলালহি৷ মানুহটোক দেখি ল’ৰা ছোৱালী কেইটাৰ লগতে গাৰ্ডজনো চক খাই উঠিল৷ মানুহটোৱে অদ্ভুতভাৱে গাড়ীখনলৈ চালে, তাৰপাছত গাৰ্ডজনলৈ আৰু এবাৰ ল’ৰা ছোৱালী কেইটালৈ৷

-এইয়া কিমান চন?
ফুটা নুফুটা মাতেৰে মানুহটোৱে সুধিলে৷
মূৰটো আগলৈ উলিয়াই অভিয়েই উত্তৰ দিলে
– ২০১৬৷ অভিয়ে মাতষাৰ দিয়াৰ সময়তে জানো মানুহটোৰ কি হ’ল বিকট চিঞৰ এটা মাৰি জাঁপ মাৰি দিলে৷ ঠিক সেই সময়তে প্ৰলয়ৰ দৰেই বনৰীয়া হাতীৰ পাল এটাই আহি গাড়ীখনত বিৰাট জোৰেৰে খুন্দা মাৰি দিলে৷ গাড়ীখন তীব্ৰ বেগেৰে খাৱৈটোৰ ফালে চলি গ’ল৷ সকলোৱে হাহাকাৰ কৰি উঠিল৷ গাড়ীখন চলি যোৱা বাবে নহয়, পাছফালে যে যমদূতৰ দৰে বনৰীয়া হাতীৰ পাল এটা আছে সেইটো ভাবিহে৷ খাৱৈটোৰে টলং-ভটং কৈ আহি বিৰাট আকাৰৰ গছ এজোপাত খুন্দা মাৰি গাড়ীখন ৰৈ গ’ল৷
ড্ৰাইভাৰজনে গাড়ী ৰখাই নামি যোৱাৰ পৰা বৰ্তমান মুহূৰ্তলৈকে দুইমিনিটমান সময়ো হোৱা নাছিল৷ সেই অকণমান সময়তে ভূতৰ দৰে মানুহটো, হাতীৰ পালটো আৰু শেষত এই অৱস্থা৷ ল’ৰা-ছোৱালীকেইটা থক-থককৈ কঁপিবলৈ ধৰিলে৷ ছোৱালী কেইজনীয়ে চকু মেলি চাবলৈও ভয় কৰিলে৷ গাড়ীখনৰ সমুখৰ আইনাখন ভাঙি গৈছিল৷ গাৰ্ডজনৰ কপালৰ পৰা অলপমান তেজ ওলাইছিল৷ সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি তেওঁ হাতত থকা দুনলীয়া বন্দুকটো জোৰেৰে খামুচি ধৰি আছিল৷ অপেক্ষা কৰি আছিল হাতীৰ দলটোৱে আকৌ আক্ৰমণ কৰালৈ৷

এক… দুই.. পাঁচ… দহ মিনিট৷ নাই হাতীৰ দলটো অহাৰ গম গতিয়েই নাই৷ চাৰিওফালে মাথোঁ এক ভয়ানক নীৰৱতাই বিৰাজ কৰি আছে৷ গাৰ্ডজনে গাড়ীৰ ভিতৰতে মূৰটো ঘূৰাই অৰণ্যখনৰ ইফালে সিফালে চালে৷ কিবা এটা ভাবি তেওঁ গাড়ীৰ দুৱাৰত হাত দিলে৷

-গাড়ীৰ পৰা নামি নাযাব খুৰা৷
একলব্যই কঁপা কঁপা মাতেৰে বাধা দি কলে৷
গাৰ্ডজনে একো উত্তৰ নিদি লাহেকৈ দুৱাৰখন খুলি বাহিৰত ভৰি থলে৷

-কু..শ..ল..
গাৰ্ডজনে গাড়ীৰ পৰা নামিয়েই ড্ৰাইভাৰজনক চিঞৰিলে৷

-খুৰা, তেনেকৈ কিয় চিঞৰিছে৷ হাতীৰ দলটোৱে যদি শুনা পায়? ৰিকিয়ে ভয়াৰ্ত চাৱনীৰে ক’লে৷

-হাতীৰ দল নাই৷ কেনিবা গুচি গ’ল চাগৈ৷ তোমালোকো নামি আহিব পাৰা৷ এতিয়াতো আমি এইখন গাড়ীত ঘূৰি যাম বুলি আশা কৰিব নোৱাৰোঁ৷
গাৰ্ডজনৰ অভয় বাণী শুনি ল’ৰা ছোৱালীকেইটা চুচুক-চামাক কৈ নামি আহিল৷ তেতিয়াহে প্ৰত্যেকে নিজৰ দেহলৈ চালে৷ সকলোৱে ক’ৰবাত নহয় ক’ৰবাত অকণমান হ’লেও দুখ পাইছে৷ সিহঁতৰ অৰণ্যৰ ভ্ৰমণৰ নিচা ফাটিল৷

-আমি কোনফালৰ পৰা আহিছিলোঁ?
একলব্যৰ প্ৰশ্নতহে সকলোৰে সম্বিত ঘূৰি আহিল৷ তেতিয়াহে সকলোৱে মন কৰিলে গাড়ীখনৰ অলপ পাছতে দুজোপা প্ৰকাণ্ড গছ৷ হওতে ঠাইখিনি এঢলীয়া কিন্তু দুজোপা গছে বাট ভেটি আছে৷ গাড়ীখন ৰৈ আছে এজোপা গছত লাগি৷ তেন্তে এই কেইজোপা গছৰ মাজত গাড়ীখন কেনেকৈ সোমালহি!! সিহঁতে প্ৰশ্নবোধক দৃষ্টিৰে গাৰ্ড জনলৈ চালে৷ গাৰ্ডজন যেন তেতিয়া অন্য এক পৃথিৱীত আছিল৷ তেওঁ যেন সিহঁতৰ অস্তিত্বই পাহৰি গৈছিল৷

-খুৰা৷
ৰিকিয়ে গাৰ্ডজনৰ গাত ধৰি জোকাৰি দিলে৷ তেওঁ থতমত খাই উঠিল৷

-অ’ কোৱা৷

-আমি উভতি যাব লাগে নহয়৷

-অ’ বলা৷
অন্যমনস্কভাৱেই গাৰ্ডজনে উত্তৰ দিলে৷ সকলোৱে গাড়ীত থকা নিজৰ বস্তুবোৰ লৈ ল’লে৷ গাৰ্ডজনেও নিজৰ লিংখালিংখি বস্তুৰে ভৰা মোনাটো কান্ধত ওলোমাই লৈ অহাৰ বাটেৰেই আগবাঢ়িল৷
প্ৰায় দহ মিনিটমান খোজ কঢ়াৰ পাছতেই অভিয়ে আগে আগে যোৱা গাৰ্ডজনক আগভেটি ধৰি অলপ দম দিয়াৰ সুৰতেই ক’লে
– আমি এইটো ৰাস্তাৰে অহা নাছিলোঁ৷ আমি অহা ৰাস্তাটো মুকলি আছিল৷ আপুনি আমাক ভুল পথেৰে নিছে৷ আপোনাৰ অভিপ্ৰায় কি?
অভিৰ দৰে মতগজ ডেকা এজনে আগচি ধৰাত গাৰ্ডজনে অলপ ভয়ো খালে৷ আজিকালিৰ ডেকাৰ কথা কি ঠিক৷ তাতে তেওঁ অকলশৰীয়া৷ তেওঁ অভিৰ চকুলৈ চালে৷ তাৰ পাছত একদম শান্ত সৰুৰে ক’লে- আচলতে বাটটো মোৰো চিনাকি নহয়৷ আমি বাট হেৰুৱালোঁ৷

-কি!!!

(২)

গোটেই কেইটা ল’ৰা ছোৱালীয়ে একেলগে চিঞৰি উঠিল৷ অভিৰ চকু দুটা খঙত ৰঙা হৈ আহিল৷ সি গাৰ্ডজনৰ কাষলৈ গৈ তেওঁৰ চাৰ্টৰ কলাৰত খামুচি ধৰি আগতকৈ বেছি জোৰেৰে দম দিলে
– কি কথা ক’বলৈ আহিছে? আপুনি এইখন অৰণ্যতে সদায় ঘূৰি ফুৰে আৰু আজি ইয়াৰে বাট চিনি পোৱা নাই! আমাৰ ধৈৰ্যৰ পৰীক্ষা নল’ব৷ ভালে ভালে আমাক বাট দেখুৱাই নিয়ক৷

-আৰে তুমি ইমান খং কৰিছা কিয়? তোমাৰ দেউতাৰ বয়সৰ মই৷ তোমালোকক বিপদত পেলালে মোৰ কি লাভ হ’ব৷ মই কৈছোঁ নহয় মোৰ নিজৰো বাট ভুল হৈছে৷
গাৰ্ডজনে অভিৰ হাতখন আঁতৰাই কলে৷ কথা বেয়াৰ ফালে ঢাল খোৱা দেখি পুনি আগবাঢ়ি আহিল৷

-অভি, অলপ শান্ত হোৱা৷ তেওঁ কৈছেইচোন তেওঁৰো ভুল হৈছে বুলি৷
তাই অভিক গাৰ্ডজনৰ কাষৰ পৰা অলপ আঁতৰাই আনিলে৷ তাৰ পাছত গাৰ্ডজনলৈ চাই ক’লে
– বাৰু খুৰা কওঁকচোন, এতিয়া আমি কি কৰিলে ঘৰলৈ যোৱা বাট বিচাৰি পাম?
পুনিৰ হস্তক্ষেপত গাৰ্ডজনে অলপ উশাহ পোৱা যেন লাগিল৷ তেওঁ লগে লগে ক’লে
– মই নিশ্চিত যে আমাৰ গাড়ীখন যি ঠাইত ৰৈ আছে তাৰপৰা উত্তৰ দিশে গ’লে এটা জুৰি পাম৷ সেইযে আহোঁতে তোমালোকে দলং এখন পাৰ হৈছিলা, সেইটো জুৰি৷ আৰু আমি যদি জুৰিটোৰ গৰাৰ কাষেদি আগবাঢ়ি গৈ থাকো অৰণ্যৰ পৰা ওলাব পাৰিম৷
তেওঁৰ কথা শুনি সকলোৰে মুখ উজলি উঠিল৷ লগতে সকলোৱে পুনিলৈ প্ৰশংসা দৃষ্টিৰে চালে৷ তাইৰ এইটোৱেই আটাইতকৈ ডাঙৰ গুণ যে তাই যিকোনো পৰিস্থিতি চম্ভালিব পাৰে৷ আৰু কেতিয়াও সহজে হতাশ নহয়৷ একলব্যই লাহেকৈ পুনিৰ হাতখনত ধৰিলেগৈ৷ তাই তালৈ চাই মিচিকিয়াই হাঁহি এটা মাৰিলে৷

পুনৰ ওভতনি যাত্ৰা৷ গাড়ীৰখনৰ কাষ পাই সকলোৱে উত্তৰ দিশে খোজ ল’লে৷ আধাঘণ্টামান খোজ কঢ়াৰ পাছত সকলোৱে জুৰি এটা দেখা পালে৷ শেষ হৈ যোৱা ভ্ৰমণৰ নিচা যেন পুনৰ ঘূৰি আহিল, ৰিকি আৰু অৰুণে উকি এটা মাৰি জুৰিটোৰ কাষ পালেগৈ৷ গাৰ্ডজন আৰু পুনিৰ বাহিৰে গোটেইকেইটাই শিলৰ ফাঁকে ফাঁকে বৈ যোৱা পানীৰ লগত খেলিবলৈ আৰম্ভ কৰি দিলে৷
পুনিয়ে চাৰিওফালে চালে৷ চৰাই আৰু জন্তুৰ মাতে মুখৰ কৰি ৰখা এক অপৰূপ পৰিৱেশ৷ জুৰিটোৰ সিপাৰে এক আন্ধাৰ অৰণ্য৷ এইখন অৰণ্যত ইমান ডাঙৰ ডাঙৰ গছ আছে বুলি পুনিয়ে শুনা নাছিল৷ ভ্ৰমণৰ আগমুহূৰ্তত অৰণ্যখনৰ বিষয়ে ভালদৰেই পঢ়ি লৈছিল৷ তাত এই জুৰিটোৰ বিষয়েও ইমান সুন্দৰকৈ বৰ্ণনা কৰা নাছিল, যিমান দেখিছে৷ তাই গাৰ্ডজনলৈ চালে৷ মানুহজন যেন আকৌ অন্যমনস্ক হৈ পৰিছে৷ পুনিৰ কপালখন কোঁচ খাই আহিল৷ তেওঁৰ কাষলৈ গৈ তাই লাহেকৈ কলে
– খুৰা, এতিয়া কোনফালে যাম?

-হেহ৷
মানুহজন আকৌ উচপ খাই উঠিল৷

-আমি কোনফালে আগবাঢ়িম৷
এইবাৰহে যেন তেওঁ পুনিৰ প্ৰশ্নটো বুজি পালে৷

-সেইফালে..
তেওঁ জুৰিৰ ভটিয়নি সোঁতৰ ফালে আঙুলিয়াই দিলে৷
আকৌ যাত্ৰা৷
কিমান দেৰি জানো খোজ কাঢ়িলে হিচাপ নাই৷ এটা সময়ত ভৰি নচলা যেন পাই বৰ্ণাই মাত লগালে
– অলপ সময় বহি ল’ব নোৱাৰিনে? মোৰ ভৰিকেইটা নচলা হৈ পৰিছে!
বৰ্ণাৰ চলচলীয়া চকুকেইটা দেখি পুনি তাইৰ কাষ চাপি গ’ল৷ জোতাযোৰ খুলি বৰ্ণাৰ কাষতে থকা শিলটোত বহি তাই ফোঁপাই উঠিল৷ বাকীসকলেও য’তে পায় তাতে বহি ফোঁপাবলৈ ধৰিলে৷ গাৰ্ডজনে তেতিয়াও নিমাতে বহি কিবা এটা ভাবি আছিল৷

-আৰু কিমান দূৰ যাব লাগিব বাৰু খুৰা?

-হিচাপ মতে আমি মূল আলিবাট পাবহি লাগিছিল, কিন্তু…

-কিন্তু কি?

-বাৰু তোমালোকৰ ফোনবোৰ চোৱাচোন৷ নেটৱৰ্ক পাইছে নে নাই৷

-নাই সেই তেতিয়াৰ পৰাৰে চেষ্টা কৰি আছোঁ৷ ক’তো নেটৱৰ্ক নাই৷ ইমান ভিতৰুৱা ঠাই এইবোৰ৷ টাৱাৰ এটাই ঢুকি নাপায়৷
অভিয়ে মনৰ উষ্মাখিনি প্ৰকাশ কৰি কলে৷ তাৰ আচলতে এইটো ট্ৰীপলৈ আহিবলৈ মনেই নাছিল৷ এই পপীয়ে জোৰ কৰাতহে আহিল৷ এনেও সি এই গছ গছনি এইবোৰক ভাল নাপায়৷ ইণ্টাৰনেট মোবাইল, কম্পিউটাৰৰ মাজতে ব্যস্ত হৈ থকা ল’ৰা সি৷ কিহে যে পাইছিল তাক৷
পপীয়েও অভিক লক্ষ্য কৰি আছে৷ তাৰ যে খঙ উঠিছে তাই গম পাইছে৷ বেচেৰীয়েনো কি জানে এনেকুৱা কিবা এটা হ’ব বুলি!

-বলা যাওঁ৷
আধাঘণ্টামান বহাৰ পাছত গাৰ্ডজনে মাত লগালে৷ লগা-লগ গোটেইকেইটা উঠিল৷ ইতিমধ্যে সকলোৰে পেট ভোকত কলমলাবলৈ ধৰিছিল৷ সেইবাবেই যিমান পাৰে সিমান খৰখোজেৰে আগবাঢ়িল৷
খোজবোৰ খৰৰ পৰা লাহে লাহে ধীৰ হৈ আহিল৷ কিন্তু থমকি নৰ’ল৷ আগবাঢ়ি থাকিল৷ লগে লগে জুৰিটোও ডাঙৰ হৈ গৈ থাকিল৷ গভীৰ হৈ থাকিল অৰণ্যখনো!

-আস!!
শিল এটাত উজুটি খাই মমী আৰ্তনাদ কৰি উঠিল৷ সকলোৱে তাইৰ কাষলৈ লৰি আহিল৷ বুঢ়া আঙুলিৰ নখ এটা উভতি হৰহৰাই তেজ ওলাই আছে৷ বৰ্ণাৰ তেজ দেখিলে মূৰ ঘূৰাই যায়৷ তাই চকু দুটা মুদি দিলে৷ গাৰ্ডজনে হাবিৰ ফালে সোমাই গৈ কিবা বনৰীয়া পাত অলপ আনি পিহি লৈ নখটোত লগাই দিলে৷ অলপ সময়ৰ পাছত তেজ ৰ’ল৷ কিন্তু মমী তেতিয়াও উচুপি আছিল৷
-মায়ে মানা কৰিছিল৷ মই মাৰ কথা নুশুনি আহিছিলোঁ৷ কিয় যে মাৰ কথা নুশুনিলোঁ৷
মমীয়ে উচুপনিৰ মাজে মাজে কৈ থকা কথাবোৰ শুনি বাকীবোৰৰ মনটোও সেমেকি উঠিল৷ আনকি সাহসী পুনিৰো চকু দুটা চলচলীয়া হৈ উঠিল৷ একলব্যই হাতৰ ঘড়ীটোলৈ চালে৷ তিনিটা বাজিল৷ মানে পুৰা চাৰি ঘণ্টা সিহঁতে খোজ কাঢ়িলে৷ ইমান সময়তো কোনোবা এটা ফালেও অৰণ্যখন শেষ হ’ব লাগিছিল! ইমান ডাঙৰ অৰণ্যনে এইখন!

-মই এটা কথা ভাবিছোঁ …

-কি খুৰা?

-আমি পুনৰ গাড়ীখনৰ কাষলৈ উভতি যোৱাই ভাল হ’ব৷ ইতিমধ্যে আমাৰ দুৰ্ঘটনাৰ খবৰ চাগৈ কুশলে অফিচত জনাবগৈ পায়৷ আৰু অফিচৰ মানুহে আমাক বিচাৰি আহিলে তালৈকে আহিব৷
ইমানদূৰ আহি উভতি যোৱাৰ কথা ভাবি সকলোৰে মনবোৰ কোঁচ খাই গৈছিল যদিও হাবিৰ পৰা ওলোৱাৰ হেঁপাহত গাত বল বান্ধি পুনৰ খোজ ল’লে৷ মমীয়ে একলব্যৰ কান্ধত ধৰি লাহে লাহে আগবাঢ়িল৷
সিহঁতে গৈ যেতিয়া গাড়ীখনৰ কাষ পালেগৈ তেতিয়া ৰাতি দহ বাজিছিল৷ ল’ৰাকেইটাই দৌৰি গৈ গাড়ীখনৰ ইফালে সিফালে চালে কিজানি সিহঁত নথকাত কোনোবা আহিছিলেই৷ নাই কোনো অহাৰ চিন-চাব নাছিল৷ ৰিকিয়ে গাৰ জোৰেৰে চিঞৰ দুটামান মাৰিলে কিন্তু প্ৰত্যুত্তৰত দূৰৈৰ পৰা বাঘৰ গোঁজৰণি শুনি কেউটা ভয়ত পেপুৱা লাগিল৷ আজি ৰাতিটো যেনেতেনে পাৰ হলেই হয় আৰু বুলি ভাবি গাড়ীৰ ভিতৰতে লেপথেপকৈ গোটেইকেইটা শুই পৰিল৷ সাৰে থাকিল মাথো গাৰ্ডজন৷ তেওঁ তেতিয়াও ক’ৰবাত হেৰাই গৈছিল!
পুৱা প্ৰথম সাৰ পালে মমীয়ে৷ তাই ভৰিৰ আঙুলিটো ফুলি গৈছিল যদিও বিষ কমিছিল৷ তাইৰ গাতে ভেজা দি শুই থকা পপীক ঠেলা এটা মাৰি দিয়াত সাৰ পালে৷ বেচেৰীয়ে চাগৈ ঘৰত শুই আছিল বুলিয়েই ভাবিছিল৷ প্ৰথমে মুখখন উজ্জ্বল হৈ আছিল কিন্তু পাছমুহূৰ্ততে পৰিস্থিতিৰ গুৰুত্ব বুজি মুখখনত ডাৱৰ এসোপাই বিৰাজ কৰিলেহে৷ দুইজনীয়ে লাহেকৈ গাড়ীৰ নামি আহিল৷ জুই একুৰা জ্বলাই ড্ৰাইভাৰজন বহি আছিল৷

-আহা আহা৷ মই তোমালোক সাৰ পোৱালৈকে বাট চাই আছিলোঁ৷ অভিহঁতকো তুলি দিয়া৷
অভিহঁতক পিছে তুলিব লগা নহ’ল সিহঁত সাৰ পাইছিলেই৷ গাড়ীৰ পৰা নামিয়েই সিহঁতৰ মনটো ভাল লাগি গ’ল৷ সমুখৰ জুইকুৰাত হৰিণা এটা ওলমি আছিল৷

-খুৰা আপুনি এইটো কেতিয়া মাৰিলে?
মুখত মাংসৰ ডাঙৰ টুকুৰা এটা ভৰাই অৰুণে সুধিলে৷

-এন্ধাৰ হৈ থাকোঁতে৷

-কিন্তু হৰিণা মাৰিলে চৰকাৰে জেলত নভৰাব নে?
বৰ্ণাই খাম নেখামকৈ মাংস এটুকুৰা হাতত তুলি সুধিলে! পিছে উত্তৰ অভিয়েহে দিলে

-জেলত ভৰালেও ভৰাব৷ এই সময়ত কিবা এটা খাবলৈ নাপালে আমিকেইটা যে জীয়াই নাথাকিম সেইটো ধূৰূপ৷
অভিৰ কথাত বাকীকেইটাৰো যি অলপ সংকোচ ভাৱ আহিছিল সেয়াও নোহোৱা হৈ গ’ল৷ অলপ সময় মুখৰ চপচপনীৰ বাহিৰে আৰু একো শব্দ নোলাল৷
পেট গধুৰ হোৱাৰ পাছত সকলোৰে মনবোৰ অলপ হ’লেও ফৰকাল লাগিল৷

-আমি একদম বনৰীয়া জীৱনৰ সোৱাদ পাই গলোঁ দেই৷
ৰিকিয়ে দাঁতৰ মাজত লগা মাংস এটুকুৰা এৰুৱাবলৈ যত্ন কৰি কৰি কলে৷

-ভাবি চা আমি যদি কেনেবাকৈ ইয়াতে হেৰাই যাওঁ…

-আস তেনেকুৱা ভয়ানক কথা নকবা দেই অভি৷ দেখা নাই কালি বাঘে চিঞৰিছে৷
পপীয়ে কান্দোনমুৱা হৈ কলে৷

-মোৰ মতে আমি সঁচাকৈয়ে বাট হেৰুৱালোঁ৷
গাৰ্ডজনৰ কথাত ল’ৰা-ছোৱালীকেইটা পুনৰ চক খাই উঠিল৷

-খুৰা বাৰে বাৰেনো হেৰুৱালোঁ বুলি আমাক কিয় ভয় খুৱাই আছে!

-নহয় একলব্য মই সঁচাকৈয়ে কৈছোঁ এইখন ঠাই মোৰ চিনাকি নহয়!

-চিনাকি নহয় মানে?

-মানে যিখন অৰণ্যলৈ বুলি তোমালোকক মই লৈ আনিছিলোঁ তাৰ প্ৰতিজোপা গছেই মোৰ চিনাকি কিন্তু এইখন ঠাই নহয়৷

-আপুনি বলিয়া হ’ল নেকি হে!

-তোমালোকে বুজিবলৈ চেষ্টা নকৰা কিয়! তোমালোক শুই থাকোঁতে প্ৰায় দুঘণ্টা সময় মই অৰণ্যখনৰ ইফালে সিফালে ঘূৰিলোঁ। কিন্তু কতো চিনাকি চিন এটাও দেখা নাপালোঁ৷ আৰু এইযে হৰিণাটো মাৰিলোঁ, এইটো একেবাৰেই সহজেই মাৰিলোঁ৷ ইমান হৰিণা আগতে মই কেতিয়াও দেখা নাছিলোঁ৷ এই অৰণ্য মোৰ চিনাকি অৰণ্যখন নহয়৷
গাৰ্ডজনৰ কথাবোৰ শুনি অভিৰ ধৈৰ্য্যৰ সীমা চেৰাই গ’ল৷ সকলোৰে অতৰ্কিতে সি লাঠি এডাল লৈ গাৰ্ডজনক মাৰিবলৈ লওঁতেই ধোঁৱা এখিনিয়ে আহি ঠাইখন বেৰি ধৰিলে৷ আৰু এটা এটাকৈ গোটেইকেইটা টোপনিত ঢলি পৰিল৷

(৩)

জিলমিল পোহৰ এটা অভিৰ চকুত পৰিলহি৷ পোহৰটোৰ মাজেৰে চাওঁতে সি নিজৰ ৰুমটো দেখিলে৷ দেখিলে মাকে তাৰ কিতাপবোৰ চুই চুই কান্দি আছে৷ মাকক দেখি সি চিঞৰ মাৰি উঠিল৷ কিন্তু চিঞৰটো ডিঙিৰ পৰা বাহিৰলৈ ওলাই নাহিলে৷ সি চটফটাই উঠিল৷ সি মাকৰ ইমান কাষতে আছে অথচ মাকে তালৈ উভতিও চোৱা নাই৷ তাৰ চটফটনি বাঢ়ি গ’ল৷ আস্ অৱশেষত মাকে তালৈ চালে৷ কান্দি কান্দি চকু উখহাই পেলোৱা মাকলৈ সি হাতখন আগবঢ়াই দিলে৷ কিন্তু তাক আচৰিত কৰি মাক তাৰ গাৰ মাজেৰেই কান্দি কান্দি পাৰহৈ গ’ল৷

মা !!!!!!!
চিঞৰটো এইবাৰ ডিঙিৰ পৰা ওলাই আহিল৷ লগতে অভিও সপোনৰ পৃথিৱীৰ পৰা বাস্তৱত ধুপুচকৈ পৰিলহি৷ চকুকেইটা মেলি ইফালে সিফালে চালে৷ বুজিবলৈ চেষ্টা কৰিলে আচলতে সিহঁতৰ কি হৈছিল? অলপ অলপকৈ মনত পৰিল ধোঁৱা এখিনিয়ে সিহঁতক আগুৰি ধৰিছিলহি৷ এটা এটাকৈ সিহঁত ঢলি পৰিছিল৷ বেহুচ হোৱাৰ আগে আগে মানুহৰ অস্পষ্ট মাত কথা সিহঁতৰ কাষ চাপি অহা গম পাইছিল৷ কোনোবাই হাত ভৰি বান্ধি পেলাইছিল৷ তাৰ মানে কি সিহঁত কোনোবা উগ্ৰপন্থীৰ কবলত পৰিল !! হে ভগৱান!
ইতিমধ্যে তাৰ চিঞৰত বাকীকেইটাও সাৰ পাইছিল৷ প্ৰত্যেকে ভয়াৰ্ত চাৱনিৰে ইটোৱে সিটোক চালে৷ কিন্তু তাৰ মাজত গাৰ্ডজন নাছিল!

-মই কোৱা নাছিলোঁনে? এই গাৰ্ডটোৱেই যত কূটৰ ঘাই৷ ই আমাক আনি কোনোবা উগ্ৰপন্থীক গতাই দিলেহি৷
গোটা বাঁহেৰে সজা সৰু অথচ মজবুত কোঠাটোৰ বেৰখনত গুৰিয়াই গুৰিয়াই চিঞৰি উঠা অভিক একলব্যই সাবটি ধৰিলেহি৷

-ৰহচোন অভি ইমান অধৈৰ্য্য নহ’বি৷ তই ভবাৰ দৰে নহ’বও পাৰেচোন!

-নহ’ব মানে আমাক এই কোঠাটোৰ মাজত এনেকৈ বন্দী কৰি থোৱাৰ পাছতো তই বেলেগ কিবা ঘটিছে বুলি ভাবিছ নেকি? মোক যে কিহে পাইছিল অ’ এইবোৰলৈ আহিবলৈ৷
পোন্ধৰ মিনিটমান ইননি-বিননি কৰাৰ পাছত কেৰ কেৰ শব্দ এটা কৰি কোঠাটোৰ একমাত্ৰ দৰ্জাখন খোল খালে৷
সমুখত গাৰ্ডজনৰ সৈতে এজন ওখ পাখ ব্যক্তি৷ খহটা অথচ পৰিপাটিকৈ পিন্ধা ধুতি আৰু চোলাটোৰ সৈতে মানুহজনক কোনোবা মুখীয়াল যেন লাগিল৷ স্থিতপ্ৰজ্ঞৰ দৰে ব্যক্তিজনক দেখি গাৰ্ডজনৰ প্ৰতি থকা আক্ৰোশবোৰ অলপ সময়ৰ বাবে পাহৰি গ’ল৷ মানুহজন আহি কোঠাটোত থকা একমাত্ৰ চকীখনত বহিলহি৷ কাষতে মূৰে কঁপালে হাত দি গাৰ্ডজনো বহি পৰিল৷

-এইবাৰৰ সৈতে তিনিবাৰ মই তোমালোকৰ কাষলৈ আহিলোঁ৷ আগৰ দুবাৰ তোমালোক অজ্ঞান হৈ আছিলা মাত্ৰ এখেতেহে জ্ঞান ঘূৰাই পাইছিল৷
মানুহজনে সিহঁতৰ ফালে চাই গহীন গহীনকৈ কলে৷ আৰু সিহঁতে মাত মাতিব নোৱাৰা মানুহৰ দৰে তেওঁলৈ ভেবা লাগি চাই থাকিল৷

-তোমালোকৰ গা বেয়া লাগিছে নেকি?
আকৌ এবাৰ বৰ আন্তৰিকতাৰে মানুহজনে সুধিলে৷

-পানী খাম৷
পুনিয়ে কোনোমতে মাতষাৰ উলিয়াই কলে৷

-অহ তোমালোকৰ যে ভোক পিয়াহ লাগিব পাৰে মই পাহৰিছিলোৱেই৷ ৰ’বা মই ব্যৱস্থা কৰোঁগৈ৷
মানুহজন ওলাই গ’ল৷ উশাহটো ঘূৰাই সকলোৱে গাৰ্ডজনলৈ চালে৷ অভিয়ে হাতখন মুঠি মাৰি লৈও ৰৈ গ’ল৷ গাৰ্ডজনে কান্দিছে!
হয়, প্ৰয়োজন হলেহে এষাৰ দুষাৰ কথা কোৱা মানুহজনে কান্দিছে৷ ল’ৰা-ছোৱালীকেইটাৰ তেওঁৰ প্ৰতি থকা খঙবোৰ ঠাণ্ডা হৈ গ’ল৷

-খুৰা নাকান্দিব৷ আমাৰ দেতা ডাঙৰ চাকৰিয়াল৷ কিবা এটা কৰি হ’লেও আমাক এইসকল লোকৰ পৰা উদ্ধাৰ কৰি নিব৷
বৰ্ণাই মানুহজনৰ কান্ধত হাত থৈ সৰু ছোৱালীৰ দৰে বুজনি দিবলৈ চেষ্টা কৰিলে৷ মানুহজনে কিবা এটা কম বুলি লৈছিলহে। তেনেতে গাভৰু ছোৱালী এজনী সোমাই আহিল৷

-আপোনালোকৰ বাবে বৰমাই ভাত বাঢ়িছে৷ আহক হাত মুখ ধুই ল’ব৷
গাৰ্ডজনৰ বাহিৰে গোটেইকেইটা বিনাবাক্যই ছোৱালীজনীৰ পাছে পাছে কোঠাটোৰ পৰা ওলাই আহিল৷ বাহিৰলৈ ওলায়ে মূৰ তুলি ইফালে সিফালে চালে৷ পলকতে মন ভাল লগাই তুলিব পৰা এখন পৰিষ্কাৰ আৰু ধুনীয়া গাঁও৷ গাঁও বুলি নকৈ চুবুৰি বুলি কলেহে চাগৈ মিলিব৷ আঁতৰে আঁতৰে আঙুলি মূৰত গণিব পৰা কেইটামান বাঁহ আৰু কাঠেৰে সজা ঘৰ৷ দেখিলেই ধৰিব পাৰি আধুনিকতাই এতিয়াও এই গাঁওখনক চুব পৰা নাই৷ প্ৰতিটো ঘৰৰ কাষতে একোটাকৈ ভঁৰাল আৰু গোহালি৷ গোহালিবোৰত পিছে গৰুৰ বাহিৰে ম’হ হৰিণা আৰু বাকী জীৱ-জন্তুও দেখিলে৷ চকুৰে চেলেকি চাব পৰাখিনি চাই চাই সিহঁত পুখুৰী এটাৰ পাৰত ৰ’লগৈ৷ পুখুৰীত সাজি থোৱা কণমানি দলংখনত বহি মুখ হাতবোৰ ধুলে৷ তাৰ পাছত আকৌ ছোৱালীজনীৰ পাছে পাছে আহি ঘৰ এটাত সোমালহি৷
গৰম ভাতৰ সৈতে বিভিন্ন ধৰণৰ আঞ্জাই মলমলীয়াকৈ গোন্ধাই সিহঁতৰ বাবে অপেক্ষা কৰি আছিল৷
বহুদিন খাবলৈ নোপোৱা ভোকাতুৰৰ দৰে গোটেইকেইটা গো-গ্ৰাসে ভাত খাবলৈ লাগিল৷ খাই বৈ উঠাৰ পাছত পুনৰ ছোৱালীজনীৰ পাছে পাছে আহি সিহঁত আগৰ কোঠাটোত সোমালহি৷ আচৰিতভাৱে এই গোটেই সময়খিনিত কোনেও সিহঁতৰ সৈতে কথা পাতিবলৈ চেষ্টা নকৰিলে৷ আনকি সিহঁতৰ মুখৰ পৰাও এটা শব্দ নোলাল৷

-বহা৷ ভাত পানী ভালকৈ খালা নহয়৷
আগৰে পৰা গাৰ্ডজনৰ সৈতে তাত বহি থকা গাঁওবুঢ়াজনে মাত লগালে৷ সিহঁতে পিছে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে৷

-আপোনালোকে আমাক কিয় ধৰি আনিলে? আমাৰ পৰা আপোনালোকক কি লাগে?
গোটেইকেইটাৰ হৈ একলব্যই সুধিলে৷

-তোমালোকৰ পৰা আমাক একোকে নালাগে৷ আৰু তোমালোকক যদি আমি ধৰি নানিলোহেঁতন কোনোবা সময়ত বাঘ সিংহৰ পেটত সোমালাগৈহেঁতেন৷
মানুহজনে হাঁহি এটা মাৰিবলৈ চেষ্টা কৰি উত্তৰ দিলে৷

-যদি একোৱেই নালাগে তেন্তে আমাক তেনেকৈ অজ্ঞান কৰি কিয় আনিছিল?

-অজ্ঞান নকৰাহঁলে তোমালোকে আমাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিলাহেঁতেন৷

-আমাক ঘৰলৈ যাবলৈ দিয়ক৷

-ঘৰলৈ!! হুমমম… ঘৰলৈ৷

মানুহজনে এইবাৰ কোঠাটোতে পায়চাৰি কৰিবলৈ ধৰিলে৷ তেওঁ যে কথাবোৰ জুকিয়াইছে তেনে লাগিল৷

-মই যেতিয়া ইয়ালৈ আহিছিলোঁ ময়ো তোমালোকৰ দৰে খঙত চিঞৰ বাখৰ কৰিছিলোঁ৷ ঘৰলৈ যাবলৈ বুলি উৎপাত লগাইছিলোঁ৷ আৰু যেতিয়া গম পালোঁ এই ঠাইৰ পৰা আমাৰ ঘৰলৈ কোনো পথ নাই তেতিয়া হতাশ হৈ পৰিছিলোঁ৷ আৰু এটা সময়ত ইয়াতে মিলি গৈছিলোঁ৷ এতিয়া এইখনেই মোৰ ঘৰ৷ এটা সময়ত তোমালোকৰো ঘৰ হ’বগৈ৷

-আপোনাৰো আচল ঘৰ ইয়াত নহয়?

-এই ঠাইৰ পৰা ঘৰলৈ যাবলৈ বাট নাই?

-বাট যদি নাই নদীৰে যাব লাগে? আপুনি নগ’ল নাই আমি যাম৷ অভিহঁতে ওপৰা-উপৰিকৈ কৰা প্ৰশ্নবোৰ মানুহজনে মৌনভাৱে শুনি গ’ল৷ আৰু গোটেইকেইটাৰ প্ৰশ্নবোৰ শেষ হোৱা যেন অনুমান কৰাৰ পাছত তেওঁ কলে
– এই ঠাইৰ পৰা আমাৰ সেই পুৰণি ঠাইলৈ কোনো বাট নাই৷ সেয়া লাগিলে মাটিৰে হওক বা পানীৰে হওক৷ কাৰণ এইয়া সেইখন পৃথিৱী নহয়৷ এইয়া অন্য এক পৃথিৱী!! এইয়া অক্ৰাম৷

-অক্ৰাম!!!

[আগলৈ….]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক