অতৃপ্ত আশা — (এটা ভৌতিক গল্প) – দ্বীপজ্যোতি গগৈ

চৌকিডিঙ্গী চাৰিআলিত ৰৈ শেৱালিয়ে ঘনে ঘনে হাতৰ ঘড়ীটোলৈ চাব ধৰিলে, চাৰে চাৰি বাজি গ’ল অনুপম এতিয়ালৈকে নাহিল! কালিয়ে অনুপম শ্বিলঙৰপৰা ডিব্ৰুগড়লৈ আহিছে, আজি সিহঁত ৰাধাকৃষ্ণ মন্দিৰলৈ যোৱাৰ কথা৷ কলেজীয়া দিনৰে সিহঁতৰ প্ৰেমে ইতিমধ্যে পাঁচটা বছৰ অতিক্ৰম কৰিছে, কলেজত পঢ়োঁতে সিহঁত প্ৰায়ে ৰাধাকৃষ্ণ মন্দিৰলৈ গৈছিল৷ অনুপমে শ্বিলঙত চাকৰি পোৱাৰ পিছত আজি সম্পূৰ্ণ এটা বছৰৰ মূৰত আজি সিহঁত লগ হ’ব৷ কিমান উৎকণ্ঠাৰে যে তাই এই দিনটোলৈ বাটচাই আছিল..

এনেতে ৰিক্সা এখনৰপৰা অনুপম নামি আহিল..

: অহ্ ছৰী, অলপ পলম হ’ল, তুমি কেতিয়া পালাহি?

: পলমকে অহাটো তোমাৰতো পুৰণি অভ্যাস, শেৱালিয়ে কৃত্ৰিম খং দেখুৱাই ক’লে৷

: হ’ব এতিয়া খং কৰি থাকিব নেলাগে৷ ব’লা সেই বিক্ৰমখনত উঠোগৈ৷

গাড়ী মন্দিৰ অভিমুখে যাব ধৰিলে, অলপ সময়ৰ পিছতে দুয়ো মন্দিৰত প্ৰৱেশ কৰিলে৷
: অনুপম প্ৰথমে দৰ্শন কৰি আহো ব’লা৷

: তুমি যোৱা শেৱালি, মই বাহিৰতে ব’হো৷

: তোমাৰ সদায়ে এটা নতুন অজুহাত, ৰখা তেন্তে বাহিৰতে৷
শেৱালি মন্দিৰলৈ সোমাই গ’ল আৰু অলপ পিছতে উভতি আহিল৷

: এইয়া লোৱা প্ৰসাদ, শেৱালিয়ে বুট দুটামান আগবঢ়াই দিলে,
লগে লগে অনুপম দুখোজ পিচুৱাই আহিল, নাই অ’ মোৰ পেট বেয়া, তুমিয়ে থৈ দিয়া৷

: কি হৈছে তোমোৰ? মই অথনিৰেপৰা লক্ষ্য কৰিছো, তুমি যেন সহজভাৱে মোৰ লগত কথা পতা নাই৷ কিবা সমস্যা হৈছে নেকি অনুপম?

এনেতে কুকুৰ এটায়ে অলপ দূৰত ৰৈ তাঁহাতৰ ফালে চাই ভূকিবলৈ ধৰিলে,
ইয়াৰপৰা যাওঁ ব’লা শেৱালি, বেলেগ ক’ৰবাত বহোঁগৈ, অনুপমে ভয়াৰ্ত দৃষ্টিৰে কুকুৰটোৰ ফালে চাই ক’বলৈ ধৰিলে…

: অনুপম এনেকৈ আৰু কিমান দিন ফাঁকি দিম ঘৰত, এইবাৰ তুমি দেউতাৰ লগত কথা পাতিব লাগিব! আৰু তোমাৰ চকুদুটা কি হ’ল, ইমান ৰঙা হৈ আছে যে?

: শেৱালি বহুত সপোন দেখিছিলো মই, তোমাক নিজৰ কৰি লোৱাৰ, ভনীজনীক ভাল ল’ৰা এটালৈ বিয়া দিয়া, ঘৰটো পকা কৰা, বহুত আশা আছিল, কিন্তুু সকলো আশা আধৰুৱা হৈ থাকিল!

: এইবোৰ তুমি কি কৈছা অনুপম, কি আশা আধৰুৱা হ’ব, তুমি কিয় ভাগি পৰিছা, মই আছো নহয় তোমাৰ লগত৷
: মোক পাহৰি নতুনকে জীৱন আৰম্ভ কৰা শেৱালি, এই যে কাণিমুনি হৈ থকা সন্ধিয়াৰ আন্ধাৰকণ, ময়ো তোমাৰ জীৱনৰ এটি আঁউসীৰ আন্ধাৰ আছিলো বুলি ভাবি ল’বা৷
: তোমাৰ এই ফিল’ছফিবোৰ বন্ধ কৰা৷ কি ভুল কৰিলো মই?
শেৱালিয়ে হুকহুকাই কান্দি উঠিল, লাহে লাহে উঠি তাই দৌৰি মন্দিৰৰপৰা গুচি গ’ল৷
অনুপম তাতে ৰৈ থাকিল, তাৰ ৰঙা দুচকুৰ পৰা দুটোপাল লোতক গালেৰে বাগৰি আহিল৷

ঘৰ আহিয়ে শেৱালি নিজৰ ৰুমলৈ সোমাই গ’ল, অলপ সময়ৰ পাছতে তাইৰ বান্ধৱী ময়ুৰী সোমাই আহিল৷

: শেৱালি তই এনেদৰে ভাগি নপৰিবি, মৃত্যুক আমি বাধা দিব পাৰো জানো ক’?

: তই কাৰ মৃত্যুৰ কথা কৈছ ময়ুৰী?

: কালি শ্বিলঙৰপৰা অহা নৈশ বাছ এখন বুঢ়াপাহাৰত দুৰ্ঘটনা হৈ সকলো যাত্ৰীৰে মৃত্যু হ’ল, তাৰ মাজত অনুপমদাও আছিল৷

: তোৰ মূৰতো গৰম হৈছে নেকি ময়ুৰী, অলপ আগতে মই অনুপমক লগ কৰি আহিছো৷ চাচোন, সি পাগলে মোক সম্বন্ধ শেষ কৰিব কৈছে, শেৱালিয়ে থোকাথোকি মাতেৰে ক’লে৷

: মোৰ কথা যদি তোৰ বিশ্বাস হোৱা নাই, তেন্তে ব’ল, নিজে চাই ল’ টিভিত
…..“কালি ৰাতি এক ভয়ংকৰ বাছ দুৰ্ঘটনাত অতি কৰুণভাৱে দহজন যাত্ৰীয়ে মৃত্যুক সাবটি ল’বলগা হয় আৰু বহুসংখ্যক গুৰুতৰভাৱে আহত হয়৷
নিহত যাত্ৰীসকলৰ নামসমূহ হৈছে, যতীন বৰা-শিৱসাগৰ, পল্লৱী গগৈ-যোৰহাট, অনুপম সন্দিকৈ-ডিব্ৰুগড়…
শেৱালিয়ে টিভিৰ পৰ্দাৰ ফালে চাই চিঞৰি উঠিল, তেন্তে অলপ আগতে মোৰ লগত থকাজন কোন আছিল, মানে অনুপম …! !
এটা চিৎকাৰ কৰি লগে লগে শেৱালি অজ্ঞান হৈ ঢলি পৰিল…
টিভিৰ পৰ্দাত অনুপমৰ ফ’টোখন জিলিকি আছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments