পাখি – ডিম্বেশ্বৰ গগৈ

যেন বুকু ফাটি ওলাইছিল চিঞৰটো! কঁপি উঠিছিল কাষৰ বন-বিৰিখ৷ নৈখনৰ বুকুত বিশাল জলাধাৰ৷ ইয়াৰ ভটিয়নীৰ ফালে প্ৰতিধ্বনিত হৈ গুচি গৈছিল মোৰ চিঞৰটো৷ চিঞৰটোৰ তীব্ৰতাত মোৰ নিজৰেই স্বপ্নভংগ ঘটিল৷

হয়, তাতেই শেষ দেখা পাখিৰ সৈতে মোৰ৷ ডিব্ৰুগড় জিলাৰ পশ্চিম প্ৰান্তৰ শেষ সীমনাৰ এখনি সৰু নৈ৷ নাম দিখাৰী৷ খৰালি ঠায়ে ঠায়ে এজাপ মাথোঁ ইয়াৰ প্ৰস্থ৷ কিন্তুু বাৰিষা ইয়াৰ ৰূপ অনন্য, ব্যতিক্ৰম৷ দাঁতিকাষৰীয়া পথাৰৰ বিস্তীৰ্ণ এলেকা সামৰি বৈ যোৱা খৰালিৰ এজাপ জোখৰ নৈখন বাৰিষা হৈ পৰে সাগৰসদৃশ৷

সেউজ-সুন্দৰ শিলপোতা পথাৰৰ পৰা এজাক লগৰীয়াৰ সৈতে সিদিনা শেষ আবেলি ঘৰমুখী হৈছিল পাখি৷ মই চফল ডেকা তেতিয়া৷ কৰ্মস্থলী গুৱাহাটীৰ পৰা গৈ কিছুদিন ঘৰত আছিলোঁ৷ ফুৰিবলৈ বুলি ওলাই গৈ এদিন আবেলি দিখাৰীৰ পাৰতে বহিলোঁ৷ বাৰিষা কাল৷ সুবিশাল ৰূপ লৈ ফেনেফোটোকাৰে বৈ আছিল দিখাৰী তেতিয়া৷ ডুব যোৱা বেলিটোৱে পশ্চিম আকাশত শেষবাৰৰ বাবে চটিয়াই থৈ গৈছিল তেজৰঙা কিছু বিগলিত আবিৰ৷ তাৰেই যৎকিঞ্চিত দুচকুত লৈ ঘৰমুখী হোৱা পাখিয়ে লগৰীয়াজাকৰ মাজৰ পৰা মোলৈ চাইছিল৷ বৰ কাৰুণ্যভৰা আছিল সেই চাৱনি৷ বিমুগ্ধ বদন৷

মই মাত দিলোঁ: পাখি …

কাষ চাপি আহিল তাই৷ খোজত লহমাৰ ঢৌ৷

বেলি ডুবাৰ পাছতো মুকলি ঠাইবোৰ সাধাৰণতে পোহৰ হৈ থাকে বহুপৰলৈ৷ কিন্তুু মই ৰৈ থকা ঠাইডোখৰলৈ নামি আহিছিল গেজেপনি মৰা এন্ধাৰ এচমকা৷ কাৰণ কাষত আছিল এজোপা বৃহৎ আঁহতজৰী গছ, একাধিক বেটৰ জোপোহা আৰু এজাৰৰ নিছিগা লানি৷ দুই নলতকৈ অধিক নিলগৰ পৰা মণিব নোৱৰা এন্ধাৰত পাখি আৰু মই৷ বহাৰ পৰা উঠি চুমা এটা খাই মোৰ গাল এখন ঘঁহি দিলোঁ পাখিৰ গালত৷ দীৰ্ঘদিনৰ মূৰত সান্নিধ্য পাই মোৰ দৰেই মতলীয়া হ’ল পাখিও৷ উঠিল মোৰ আলিংগনৰ জোৱাৰ৷ এনেদৰে কিমান সময় পাৰ হ’ল ক’ব নোৱাৰোঁ৷ এন্ধাৰ গাঢ় হৈ অহাত ঘৰলৈ যাবলৈ ক’লোঁ পাখিক৷ তাই গুচি গ’ল৷

পুনৰ কৈছোঁ — সেয়ে আছিল পাখিৰে মোৰ শেষ দেখা৷ শেষ ঊমাল সান্নিধ্য তাইৰে মোৰ৷ কিন্তুু আমৃত্যু পাহৰিব নোৱাৰোঁ পাখিক মই৷ কলিজাৰে গঁঠা হৈ ৰ’ল তাই৷ পাখি অবিহনে আৱেগহীন, অসাৰ শৈশৱ – কৈশোৰ তথা যৌৱনৰ প্ৰাককালৰ মোৰ স্মৃতি সম্ভাৰ৷ শৈশৱত আছিল তাই মোৰ ওমলা সংগী৷ কৈশোৰত তাইৰ পিছ লৈয়ে কৰ্মক্ষম হৈ উঠিছিলোঁ ক্ৰমাৎ মই৷ তাইৰ সান্নিধ্যতেই যৌৱনপ্ৰাপ্ত হৈছিলোঁ মই৷ মোৰ ডাঙৰ দদাইদেউ প্ৰয়াত খগেন গগৈয়ে এটা বাঁহী বনাই দিছিল মোক৷ পাখিৰ বাহিৰে কোনো নাছিল যৌৱনৰ প্ৰাককালৰ মোৰ প্ৰথম বাঁহী বাদন শুনিবলৈ৷ লৈ গৈছিলোঁ প্ৰায়েই তাইক মই আমাৰ ঘৰৰ সন্মুখৰ সুবিশাল সৰগফলা পথাৰৰ মাজৰ নিৰ্জনতাৰ মাজলৈ বাঁহী বজাই বজাই৷ কি অনিৰ্বচনীয় আছিল সেই সংগ সুখ৷ বাৰিষা ফেনেফোটোকাৰে বৈ থকা দিখাৰীত সাঁতুৰিবলৈ শিকিছিলোঁ পাখিৰ সহযোগতেই৷ পাখিয়ে মোক কি দিয়া নাছিল! মোৰ পুষ্টিৰ ভঁৰালৰো তায়েইতো আছিল অন্যতম! পাখিক কেনেকৈ পাহৰিব পাৰোঁ মই? তাইৰ গাৰ গোন্ধ আজিও লাগি আছে মোৰ নাকত, যি মতলীয়া কৰি ৰাখে প্ৰতিনিয়ত মোক৷
পাখিৰ আচল নাম আছিল শিংকাটি৷ পাখি বুলি মইহে মাতিছিলোঁ মৰমতে৷ পাখিৰ বংশ পৰিচয় উলিওৱাটো কেতিয়াও সম্ভৱ হৈ নুঠিল৷ তাৰো কাৰণ আছে৷ মোৰ এজন মাজু দদাইদেউ কমল গগৈয়ে কোৱা মতে পাখি হেনো বনৰীয়া আছিল৷ শিৱসাগৰ জিলাৰ কেঁকুৰাখুঁটি ৰিজাৰ্ভ( সংৰক্ষিত বনাঞ্চল )ত ফান্দ পাতি ধৰা হৈছিল তাইক৷ সেয়া ককাদেউতাহঁতৰ দিনৰ কথা৷ পাখিক বশ কৰিবলৈ ফান্দত পৰাৰ সময়তে তাইৰ বিশালাকৃতিৰ শিংযোৰৰ আগ কাটি দিয়া হৈছিল৷ সেয়ে পাখিৰ নাম ৰখা হৈছিল শিংকাটি৷

পাখিৰ পৰাই আমাৰ ঘৰত জাকে জাকে ম’হ হ’ল৷ কত আহিল, কত গ’ল৷ শেষ মুহূৰ্তলৈকে ৰৈ গৈছিল মাথোঁ পাখি৷ ম’হ পালনৰ ক্ষেত্ৰত পাখিয়েই আৰম্ভণি পাখিয়েই শেষ আমাৰ ঘৰত৷

বৰ শান্ত প্ৰকৃতিৰ আছিল পাখি৷ দেখিলে অনুমান কৰাৰ কাৰো সাধ্য নাছিল যে তাই এসময়ত বনৰীয়া আছিল৷ চেহেৰাও আছিল পৰ্বতকাই৷ তাইৰ পিঠিত উঠি মই বাঁহী বজাইছিলোঁ৷ সাঁতুৰিবলৈ শিকাৰ আগতেই তাইৰ নেগুৰত ধৰি ইপাৰ-সিপাৰ হৈছিলোঁ ভৰ বাৰিষাৰ নৈ৷ তাই টনা মৈত উঠিছিলোঁ৷ সেই অনুপম অনুস্মৃতি লৈ আজি পুৱতি নিশা সপোনত দেখা দিছিলহি তাই৷ মোৰ মৰমৰ পাখি তাই৷ কোন কাহানিবাতেই মৰিল৷ মৰিও হাড়ত বন গজিল৷ সেই বনৰো চিনচাব নোহোৱা হ’ল৷ কিন্তুু এক সৰসসেউজ স্মৃতি হৈ ৰৈ গ’ল তাই মোৰ মনৰ আঁহে আঁহে, কোঁহে কোঁহে৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments