ফোন- দেৱাঙ্গ পল্লৱ শইকীয়া

ফোনৰ প্ৰপিতামহ ডাঙৰ ৰিচিভাৰটো এতিয়া ঘৰৰ এচুকত এলাগি হৈ পৰি ৰয়৷ এসময়ত এই ডাঙৰ ফোনটোৱে কঢ়িয়াইছিল মাতবোৰ৷ মাতত শান্তি৷ মাতত ধুমুহা৷ মাতত পোহৰৰ খবৰ৷ মাতত এন্ধাৰ৷ ফোনটোৱে জানিছিল ইথাৰেদি অহা মাতবোৰ৷ গৰাকীয়ে জনা নাছিল৷ এক আশ্চৰ্যকৰ আনন্দ বা উৎকণ্ঠা আছিল ৰিঙটোত৷ কোনে বা কৰিছে! ! কেতিয়াবা কথাবোৰ দীঘলীয়া৷ কেতিয়াবা মাতটো শুনা মাত্ৰেই হেল্ল’ হেল্ল’ বুলি মুহূৰ্ততে ঠেকেছি পেলাইছিল কেডেলদাল৷ ৰিচিভাৰটোৱে চাই ৰৈছিল আৱেগৰ এই খেল৷ দীঘলীয়া কোমল কথাবোৰ বা মাত শুনা মাত্ৰেই ঠেকেছি পেলোৱাৰ উঁহবোৰ ৰিচিভাৰটোৱে জনা নাছিল৷ ৰিচিভাৰটোৱে মাথোঁ জানিছিল কিছুমান মাতত পোহৰ আহিছিল ইথাৰেদি৷ কিছুমান মাতত মেঘ৷ এইবোৰ সুঁৱৰি ৰিচিভাৰটোৱে ঘৰৰ এচুকত অৱসৰৰ দিন কটাই আহিছে৷ কিছুমান ৰিচিভাৰে এতিয়াও মাত কঢ়িয়াই আছে৷ তুলনাত তাকৰ৷ এতিয়াৰ ফোনবোৰৰ অনুভৱ শক্তি প্ৰখৰ৷ যেন ফোনবোৰৰো আছে একো একোখন হৃদয়৷ ফোনৰো আছে আবেগ৷ ফোনে নম্বৰ চিনি পায়, মাত চিনি পায়, মাতৰ আবেগ অনুভৱ কৰে৷ ফোনবোৰ ৰৈ থাকে কিছুমান মাতলৈ৷ দিনটোৰ কামৰ অন্ততঃ ছোৱালীয়ে বাপেকলৈ ফোন কৰি কয় “ভালে আছো পিতা” – ফোনৰ ইমূৰৰ পৰা অহা শান্তিৰ নিশ্বাসত ফোনটো যেন জী উঠে! ফোনটোৱেও শান্তি পায়৷ ফোনটোৱে মাকৰ মাতটো চিনে৷ পুতেকে মাকলৈ ফোন কৰালৈ ফোনটোৱে দিনটো ৰৈ থাকে৷ যেন ফোনৰো মাক! ! ফোনটোৱে ঈশ্বৰক খাঁটে ইমূৰৰ এই ৰ’দত ছাঁ দিয়া মানুহবোৰ ভালে থাকক৷ বহুত বছৰৰ মূৰত কোনোবা বান্ধৱে ফোন কৰে৷ গৰাকীয়ে আনন্দত জঁপিয়াই উঠে৷ ফোনটোৱেও আনন্দত কিৰিলি পাৰে৷ ফোনে অভিমান কৰে৷ ফোনে অভিমান ভাগে৷ ফোনটো ৰৈ থাকে ইমূৰৰ পৰা ভাঁহি আহক অভিমান ভগাৰ মন্ত্ৰ! বহুদিন, বহুবছৰ ব্যৱহাৰ নোহোৱা আত্মীয়, বন্ধুৰ নম্বৰবোৰ গৰাকীয়ে এদিন টিপক – এই হেঁপাহ ফোনৰ বহুদিনীয়া৷ ক্ৰমশঃ দূৰলৈ যোৱা মানুহ, সম্বন্ধবোৰ লগ হওক মাতেৰে৷ ফোনটো ৰৈ থাকে কোনোবাই আগভাগ লওক, কোনোবাই নম্বৰ টিপক৷ সম্বন্ধবোৰ পাহৰণি নহওক৷ মাহ, বছৰ ধৰি অভিমানত মাত নুশুনা মাকক ফোনে সান্ত্বনা দিয়ে৷ নম্বৰটো ডায়েল কৰি আধাতে কাটি দিলে ফোনটোৱে যেন মানুহজনীক কৈ উঠে – আৰু দুই ছেকেণ্ড ৰওকচোন৷ ৰিঙ হ’বলৈ দিয়ক! কিজানে সিমূৰে পুতেকেও/জীয়েও ৰৈ আছে একেই অভিমানেৰে! ! কিজানি নম্বৰ দেখিলেই গলি যাব বুকুৰ সমস্ত মেঘ! ! গৰাকীয়ে ফোনটো বিমৰ্ষ হৈ থকা টেবুল এখনত থৈ দিয়ে৷ ফোনটোৱে হাঁহাকাৰ কৰে৷ মানুহবোৰ লগ হওক! ! কিছুমান নম্বৰ গৰাকীয়ে মচি দিয়ে৷ অথচ ফোনটোৱে মাতটো সাঁচি ৰাখে৷ বহুত বছৰৰ মূৰত অচিনাকি নম্বৰৰ পৰা চিনাকি মাত এটাই সোধে – কেনে আছে! গৰাকীয়ে কোৱাৰ আগতেই যেন ফোনটোৱে কৈ পেলাব সিমূৰৰ চিনাকি মাতটোক কোন কেনেদৰে আছে! ফোনটোৱে কথাবোৰ সাঁচি ৰাখিছে৷ মচি পেলোৱা কথা-বতৰাবোৰ ফোনটোৱে ৰাখি থৈছে৷ গৰাকীয়ে ফোনটোক অফ কৰাৰ পিছত ফোনটোৱে সেই কথাবোৰ পঢ়ি থাকে৷ ফোনে চিনি পায় মাতবোৰ৷ ফোনে জানে খবৰবোৰ৷ কেতিয়াবা গাঁৱৰ বৃদ্ধ ফোনৰ গৰাকীয়ে ফোনটোকে সেৱা এটা কৰে৷ পুতেকৰ পাছ কৰাৰ খবৰত, চাকৰি হোৱাৰ খবৰত, জীয়েক মাক হোৱা খবৰত৷ ফোনটোৱে সদায় ইচ্ছা কৰে গৰাকীক পোহৰ অহাৰ খবৰ দিয়ক৷ কিন্তু অসহায়! ! কেতিয়াবা ইমূৰৰ মাতটোৱে কৈ উঠে জীৱন শেষ হোৱাৰ খবৰ, মানুহ বিচ্ছেদ হোৱাৰ খবৰ৷ ফোন ধৰি থকা হাতখন কঁপে৷ ফোনটোও কঁপি উঠে৷ ক’ৰবাত উদাস হৈ পৰি ঈশ্বৰক খাঁটে এনেকুৱা খবৰ মোৰ বুকুৰে গৰাকীৰ কাণলৈ নাহক৷ অপৰাধবোধত ভোগে ফোন৷ ফোন থোৱাৰ পিছত গৰাকীৰ হাঁহি বা হুমুনিয়াহ ফোনটোৱে দূৰৰ পৰা চাই থাকে৷ ৰাতি গৰাকীয়ে শোৱাৰ সময়ত ফোনবোৰ সাৰে থাকে৷ মাতবোৰ পাগুলি থাকে৷ গৰাকীৰ বুকুত মাতবোৰ ৰৈ আছেনে উমান লয়৷ ওৰে ৰাতি ফোনে প্ৰাৰ্থনা কৰে – গৰাকীয়ে বিচৰা মাতবোৰ ঘূৰি আহক! ইথাৰেদি ভাঁহি আহক নৈখন বৈ থকাৰ খবৰ৷ দূৰলৈ গৈ থকা সম্বন্ধ, আত্মীয়তাবোৰ ফোনেৰে ওচৰ চাপক৷ ফোনে মনে মনে গৰাকীক কয় – আপুনিয়েই লওকচোন আগভাগ মোৰ সতে! ! লগ হওক পুৰণি বন্ধু, আত্মীয়! ! ফোনটোৱে মাতবোৰ চিনি পায়৷ সকলো জানে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments