পিকনিক -(আব্দুছ চাজিদ)

পিকনিক

-আব্দুছ চাজিদ
abdus sajid_anubhab2

আকৌ আহিল পিকনিকৰ বতৰ৷ ক্লাছ পিকনিক, স্কুল পিকনিক, ষ্টাফ পিকনিক, কল’নী পিকনিক, মহিলা পিকনিক, ড্ৰাই পিকনিক৷ ভাগে ভাগে, জাতে জাতে পিকনিক খোৱাৰ ধুম এতিয়া উঠিছেই৷ ভাল স্পটৰ সন্ধান চলিছে কেওদিশে৷ সুচল ঠাই পোৱাই টান হৈ পৰিছে৷

আমি হাইস্কুলৰ ক্লাছ ছিক্সত পঢ়াৰ দিন ধৰি পিকনিকলৈ যোৱাৰ কথা ভালকৈ ক’ব পাৰোঁ৷ তাহানিতে তোলা ক’লা-বগা ফটোবোৰ পুৰণি এলবামটোত এতিয়াও সযতনে সংৰক্ষিত হৈ আছে৷ থেলাগাড়ী বা কান্ধত চৰু-কেৰাহী কঢ়িয়াই বাঘমাৰী, চৰচৰিত পিকনিক খোৱাটো আছিল আমাৰ এটা বাৰ্ষিক কাৰ্য্যসূচী৷ আমাৰ লগত যায় পূৰ্ণানন্দ সূত ছাৰ, প্ৰবীণ বৰকটকী ছাৰ, যুক্তিনাথ খাউণ্ড ছাৰ৷ চৰচৰি, বাঘমাৰী আদি আমাৰ ওচৰৰ ঠাই৷ বৰ বেছি পাঁচ-ছয় কিল’মিটাৰমান৷ গতিকে খোজ কাঢ়িয়ে যাওঁ৷ শিলনী, শিলভেটা দূৰ৷ যাবলৈ হ’লে গাড়ী লাগে৷ ভেলৌঘাট, পানজুৰি, আকাশীগংগা, পানীমূৰ তাতোকৈও দূৰ৷ কাৰবি আংলঙৰ প্ৰকৃতিৰ বুকু একালত অনেক পিকনিক স্পটেৰে ভৰি আছিল৷ সময়ৰ সোঁতত তাৰে কিছুমান নিশ্চিহ্ন হ’ল৷ সম্প্ৰতি বন বিভাগ, গ্ৰামোন্নয়ন বিভাগ, পৰ্যটন বিভাগ আদিয়ে কোনো কোনো স্থানৰ প্ৰতিপালনৰ ক্ষেত্ৰত তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে৷ হ’লেও এইটো ক’বই লাগিব যে আগৰ সৌন্দৰ্য ম্লান পৰিছে৷

স্কুলীয়া দিনত ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ পৰা জানুৱাৰী শেষ হোৱালৈ, আনকি ফেব্ৰুৱাৰীকো সামৰি, বছৰত ছয়বাৰ পৰ্যন্ত পিকনিক খোৱা মনত পৰে৷ ক্লাছ পিকনিক খাবলৈ আমি খোজ কাঢ়িয়ে ওলাইছিলোঁ৷ মাজেদি ডাং একোডাল ভৰাই দুজনে মিলি কান্ধত লওঁ কেৰাহী, ডেকচি, হেতা, বাল্টি আদি৷ একেদৰে লোৱা মোনাৰ ভিতৰত থাকে চাউল-মাংস, আলু-কবি, ব্ৰে’ড-কমলা ইত্যাদি৷ ভ্ৰাতৃপ্ৰতিম অগ্ৰজ হাংমিজি হাঞ্চেই নিজৰ ক্লাছ বাদ দি আমাৰ লগত ওলায়৷ সি আমাক ভাল পায়৷ আমিও তাক ভাল পাওঁ৷ সি থাকিলে বেছ জমে৷ ডেকচি-কেৰাহীৰ ঢাকনিত হেতাৰে কোবাই কোবাই আবতৰীয়া বিহু চলে৷ আগ-সন্ধিয়া পিকনিকৰ বজাৰ কৰাৰ নামত বজাৰৰ আলু-পাচলিৰ বেপাৰীকেইটাক কমখন নগুৰ-নাগতি কৰা হৈছিলনে! হিচাপতকৈ কিমানযে বেছিকৈ সোমাইছিল থৈলাৰ বেগকেইখনত! সেইদৰে ফাঁক মাৰিব পৰাটোত বেলেগ এটা মজা আছিল৷ ব্ৰেড-কেক কিনাৰ সময়তো দলটোৰ গোটেইকেইটাকে বেকাৰিৰ ভিতৰলৈ মাতি নি চৌকাৰ পৰা উলিওৱা বিস্কুট তপতে তপতে খুৱাবলগীয়া হৈছিল ৰয় বেকাৰিৰ কৰ্মচাৰীয়ে৷ বিস্কুট বেকাৰিৰ অন্দৰমহল তেতিয়াই চাবলৈ সুযোগ পাইছিলোঁ৷

ডিফু-দলদলি পথেৰে পূৱলৈ গৈ ৰে’ল লাইন পাৰ হৈ অলপমান আগুৱালেই সেয়া চৰচৰি৷ পাহাৰীয়া জুৰিৰ পানী বহল পাথৰৰ ওপৰেৰে চৰচৰাই বৈ থাকে নিম্নভাগলৈ৷ গতিকে নামটো চৰচৰি৷ কাষেদি মিটাৰগজ ৰে’ল লাইনটো গৈছে৷ পকেটত ভৰাই নিয়া দহ পইচাৰ মুদ্ৰা এটা ৰে’ল আলিত পাতি থওঁ৷ অপেক্ষা কৰোঁ ট্ৰেইন অহালৈ৷ বহু পৰৰ মূৰত মালগাড়ী এখন আহে৷ চেপেটা কৰি পেলোৱা দহ পইচাটো গৰম হৈ থাকে, বহু পৰলৈ৷ ঘৰলৈ লৈ আহোঁ আৰু চবকে দেখুৱাওঁ৷ চাহ খাই উঠি হাতে হাতে দা-খুকুৰি লৈ পাহাৰত কলপাত বিচাৰি যাওঁ, খৰি লুৰিবলৈ যাওঁ৷ গামোচাৰে মাছ ধৰাৰ চেষ্টা কৰোঁ৷ নিজৰ কাৰণে বিলাহী আৰু আলুগুটি দুটামান অঙঠাত পুৰি বেলেগকৈ থওঁ৷ ছাৰৰ সৈতে লাগি-ভাগি ৰান্ধো, বিলাওঁ আৰু খাওঁ৷ স্ফূৰ্তি কৰোঁ৷ সেয়া আছিল বনভোজ৷ সঁচা অৰ্থত বনত ভোজ৷

পশ্চিম দিশে বাঘমাৰী৷ ৰিজাৰ্ভ ফৰেষ্টৰ মাজেৰে শক্তিমান ট্ৰাক যোৱা লিকেৰে দলেবলে খোজ দিওঁ বাঘমাৰীলৈ৷ বনৰীয়া হাতী ওলায়; গতিকে মনত সংশয়৷ হাতীৰ লাদ দেখোঁ, শহাপহু-বান্দৰ পাওঁ, বিভিন্ন জাতৰ চৰাই-চিৰিকটি লক্ষ্য কৰোঁ৷ পাহাৰীয়া ঝৰ্ণাত গা ধুওঁ৷ আহোঁতে চৰ্টকাট মাৰি ডিফু নৈ আৰু ৰে’ল আলি পাৰ হৈ ৰে’লৱে ষ্টেচনৰ সমীপত ওলাই দিওঁ৷ বলে পৰাকৈ প্ৰত্যেকৰে হাতে হাতে থাকে ঔটেঙা৷ ঢেঁকীয়া, ফিৰিঙী জলকীয়া, কলডিল আদিও জংঘলৰ ভিতৰত উভৈনদী অৱস্থাত দেখিবলৈ পাওঁ৷ এতিয়া কি বাঘমাৰী, কি চৰচৰি সকলোতে মানুহৰ বসতি হ’ল৷ বন নাই৷ সেই দিনৰ আনন্দদায়ক বনভোজো নাইকিয়া হ’ল৷

টিপং, গংগা লে’ক, কাজিৰঙা আদিলৈ মনত পৰে৷ ইটানগৰত বাছৰ পৰা নামি গংগা লে’কলৈ ট্ৰেকিং৷ কান্ধত কেৰাহী-ডেকচি৷ টিপং, কাজিৰঙালৈ বাছেৰে৷ এবাৰ পি.ডব্লিউ.ডি.ৰ জীপ এখন লৈও গৈছিলোঁ৷ পিকনিকৰ পিছত হুদটো খুলি লৈ ৰাষ্ট্ৰীয় অভয়াৰণ্য পৰিদৰ্শন কৰিলোঁ৷ একেদৰে টিপঙত পিকনিক খোৱাৰ লগতে কয়লা খনিও চালোঁ৷ মুঠতে বনভোজৰ লগতে এডভেন্সাৰ, ট্ৰেকিং, ঠাই চোৱা আদিৰো সমাহাৰ৷

কলেজত পঢ়োঁতে বনভোজস্থলী আছিল শিলভেটা, শিলনী, ভেলৌঘাট, পানীমূৰ আদি৷ কাৰবি আংলং অট’ন’মাছ কাউন্সিলৰ বাছখন ৰিজাৰ্ভ কৰা হয়৷ লগত যায় অনিল বৰা ছাৰ, সুদৰ্শন বৰুৱা ছাৰ, গোপাল চন্দ্ৰ মেধি ছাৰ আদি৷ নৈসৰ্গিক প্ৰকৃতিৰ বুকুত দিনটোৰ বাবে হেৰাই যোৱাৰ সেই মিঠা সোঁৱৰণি আজিও চকুৰ আগত ভাঁহে৷ শিলগুটিৰ ওপৰে ওপৰে খৰস্ৰোতা যমুনা নৈ পাৰ হৈ ডাঠ হাবিত সোমাই পৰোঁ পাতৰ সন্ধানত৷ ঘূৰি আহি ৰাতি শুই থাকোঁতে বাৰে বাৰে উচপ খাই উঠোঁ, কিহে পাইছিল, ইমান ৰিস্ক ল’বলৈ? শিলত কেনেবাকৈ পিছল খালে কি হ’ল হয়? তেতিয়া হয়তো কথাটো মুঠেই ভবা হোৱা নাছিল৷ বয়সটোৱেইযে তেনেকুৱা৷ তেতিয়াৰ দুৰ্দান্ত কৰ্মকাণ্ডবোৰ এতিয়া মাথো সাধুকথা৷

মাহঁতেও আয়োজন কৰে মহিলা পিকনিক৷ ট্ৰাকৰ পিছফালে উঠি খুৰী, বৰমাহঁতে একেলগে বনভোজ খাবলৈ যায়৷ বেঞ্চ যোৰা দি গাড়ীত উঠা-নমাৰ লগতে কাম-কাজত সহায় কৰি দিবলৈ মোকো লগত নিয়ে৷ সেইকণ সেৱা আগ বঢ়োৱাৰ বাবে লগৰ ল’ৰাৰ মাকহঁতৰ প্ৰত্যেকেই মোক আশীৰ্বাদ দিয়ে৷

সবাতোকৈ বিশাল আয়োজন আছিল আমাৰ গড়কাপ্তানি ক’লনিৰ বনভোজটোৰ৷ কেনেকৈ যে পৰিচালনা কৰিছিল এনে বৃহৎ পিকনিকৰ, এতিয়াও মাজে মাজে ভাবোঁ৷ দেউতাহঁত সেই কামত ব্যস্ত আছিল আৰু খুব নিষ্ঠাৰে কৰিছিল৷ মধুমিতা, হাংমা, গৌতম আদি বাছবোৰ পুৱা সোনকালে যথাস্থানত হাজিৰ হয়হি৷ স্কুল ফিল্ডৰ কাষত নাইবা শিৱ মন্দিৰৰ ওচৰত ৰাস্তাৰ দাঁতিত সকলোৱে দেখাকৈ গাড়ীবোৰ শাৰী পাতি ৰৈ থাকে৷ দৌৰাদৌৰিকৈ গৈ আমি চিট লওঁ৷ মাহঁতৰ বাবেও ঠাই ৰাখোঁ৷ লগৰ ল’ৰা কোনটো কোনখনত উঠিছে, কোনখন বাছ ধুনীয়া, কোনখনৰ কণ্ডিচন ভাল, কোনখন বেছি স্পীডত চলে, কোন ফাৰ্ষ্ট হ’ল, কোন চেকেণ্ড হ’ল ইত্যাদি ইত্যাদি অনেক কথা-বতৰা পিছত আমাৰ মাজত চলে৷ ডাঙৰ মানুহৰ কোনোবা কোনোবাই এছাৰি একোডাল হাতত লৈ থাকে কণ্ট্ৰ’লাৰৰ ৰূপত৷ কথা নুশুনি খিৰিকীৰে হাত-মূৰ উলিয়ালে বা দৰজা মুখলৈ আহিলে চেটেপ চেটেপকৈ কোবায়৷ ঠেক ৰাস্তাছোৱাত সন্মুখৰ পৰা অহা কুঁহিয়াৰৰ ট্ৰাক ক্রছ কৰোঁতেই হৰেনদাহঁতে টানি টানি কুঁহিয়াৰ বাহিৰ কৰে৷ মাজতে ভাঙি আমাকো তাৰে এটুকুৰা এটুকুৰা দিয়ে৷ দাঁতেৰে বাকলি গুচাই লগে লগে ৰস খোৱাত লাগি যাওঁ৷ ডাঙৰ ডাঙৰ খাঙত নিয়া কমলা টেঙাও বাছৰ ভিতৰত বিতৰণ কৰা হয়৷ বাকলি বখলিয়াওঁতে ওচৰতে বহা, ঢুকি পোৱা কাৰোবাৰ চকুত সি ক’ব নোৱাৰাকৈ টেপি ৰস ছিটিকাই দিওঁ৷ চকুটো কিছু সময়ৰ বাবে মুদি থাকিবলগীয়া হয়৷ প্ৰকৃতিস্থ হৈয়ে সি পিঠিত গদহা ভুকু কেইটামান মাৰে৷ সেইবোৰ আছিল নিৰ্ভেজাল ধেমালি৷ পাহাৰীয়া একা-বেঁকা পথছোৱাত কিছুমানে আকৌ বমি কৰি কৰি হায়ৰাণ হয়৷ হ’লেও পিকনিকলৈ নহাকৈ কিন্তু নাথাকে!

বাছকেইখনৰ আগে-পিছে বিভাগীয় ৱিলিজ জীপকেইখনো যায়৷ আগদিনা সন্ধিয়াৰ আগতেই এডভান্স পাৰ্টি যায়গৈ ডিপাৰ্টমেণ্টৰ ট্ৰাক লৈ৷ ডেকচি-কেৰাহী, খৰি, খাদ্য সামগ্ৰীৰে মেটমৰা হৈ যাত্ৰা কৰা মেইন ৰান্ধনি থানু কলিতাদা আৰু তেওঁৰ সহযোগীসকলে পিকনিক স্পটতে নিশা তম্বু তৰি থাকি লয়৷ আবেলি আমি স্কুল ফিল্ডত খেলি থকা অৱস্থাতে সেই যো-জা দেখা পাওঁ৷ আমাৰ মনবোৰ উৰা মাৰে, অচিন-অজান পিকনিক স্পটলৈ৷ বনভোজ খাই ঘূৰি আহোঁতে কহুঁৱা কেইডালমান হাতত আনিব পৰাটো বাহাদুৰীৰ কথা আছিল৷ সেইকেইডাল ড্ৰয়িংৰুমৰ এচুকত বহুদিনলৈ সজাই থোৱা হৈছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments