অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম -(সমুদ্র কাজল শইকীয়া)

অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম
-সমুদ্র কাজল শইকীয়া
আজিলৈ অসমীয়া সঙ্গীত, বিশেষকৈ অসমীয়া লোকসঙ্গীতকে কেন্দ্ৰীয় বিষয় হিচাপে লোৱা যাওক। “অসমৰ লোকসঙ্গীত চহকী”, “অসমীয়া লোকসঙ্গীত বৈচিত্ৰ্যময়” এনেবোৰ কথা আমি কৈ থাকোঁ, বা মানি থাকোঁ। পোণচাতেই এই দুয়োটা কথাকেই নাকচ কৰা হ’ল। আমি অন্তঃকৰণে বিশ্বাস কৰোঁ যে অসমৰ লোকসঙ্গীত তেনেই নিচলা, আচলতে পয়ালগা। দ্বিতীয়তে একান্তই বৈচিত্ৰ ৰহিত। আৰু এঢাপ আগুৱাই গৈ ক’ব পাৰোঁ অসমৰ লোকসঙ্গীত স্তিমিত, পৰাহত অথবা অস্তমিত। লোকসঙ্গীত আজিৰ তাৰিখত অসমত নাই বুলিলেই হয়। আনটো কথা, বৈচিত্ৰ্য- যিটো শংকৰী, ভক্তিবাদী বা বৈষ্ণৱ ধাৰাটোৰ দ্বাৰা অথবা বিহুকেন্দ্ৰিকতাৰ দ্বাৰা ইমানকৈ আক্ৰান্ত যে বৈচিত্ৰ্য বুলিলে যিটো বুজা যায় সেয়া আৰু চকুত নপৰে। এতিয়া অলপ ফঁহিয়াই চোৱা যাওক।
সময়ে সময়ে সাংস্কৃতিক পৰিমণ্ডলৰ পৰিভাষাবোৰ সলনি হয়। ৰূপান্তৰেই জগতৰ চিৰায়ত নিয়ম। একো একোটা খণ্ডৰ সংজ্ঞা সলনি হয়। কেতিয়াবা সংজ্ঞা অপৰিৱৰ্তিত থাকিলেও তাৰ অভিধা, ব্যাখ্যা বা ইপ্সিত মানে বদলি হৈ যায়। সেয়েহে সময়ে সময়ে কিছুমান প্ৰাথমিক সংজ্ঞা বা পৰিভাষা সম্পৰ্কেও কথা পতাটো প্ৰয়োজনীয় হৈ উঠে। এনে কাৰণতেই এটা ঐতিহাসিক পৰ্যবেক্ষণৰ সৈতে ক্ৰমিক পাঠে গুৰুত্ব পায়। দূৰ্ভাগ্যবশতঃ অসমৰ ভাষা-সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে এনে ক্ৰমানুসাৰ পৰ্যাবেক্ষণৰ অভাব সদায়েই অনুভৱ কৰি আহিছোঁ। বহুদিন ধৰি মনতে উকমুকাই থকা কিছুমান কথাৰে এই লেখাটো আগুৱাই নিম। কোনো অধ্যয়ন প্ৰসূত লেখা নহয় বাবেই ইয়াত তথ্য-প্ৰমাণৰ দিশত কিছুমান আঁসোৱাহ থাকি যাব। কিন্তু অনুধাৱন যোগ্য কিছু দিশ নিশ্চয় পোৱা যাব।

লোকসঙ্গীত/ জনসঙ্গীত/ গণসঙ্গীত
অসমৰ আটাইতকৈ বেছি জকমকাই থকা গীতি-সাহিত্য বা সঙ্গীত ভাগ হ’ল বিহু। কিন্তু “লোকসঙ্গীত” বুলি কোৱাতকৈ বিহুক আমি “জনসঙ্গীত” বুলিহে ক’ম। লোকসঙ্গীতৰ সকলো উপাদান বিহুনামত থাকিলেও (আমি আজিও বিহুগীত বোলাতকৈ বিহুনাম বুলিহে ভাল পাওঁ) তাৰ প্ৰয়োগ আৰু সৃষ্টি-প্ৰক্ৰিয়া দুয়োটাই লোকসঙ্গীতৰ আকাংক্ষিত পদ্ধতিৰ পৰা বহুদূৰ আঁতৰি আহিছে। আমি যিমানেই মিছা কথাৰে নিজকে পতিয়ন নিয়াবৰ চেষ্টা নকৰোঁ কিয় এই কথা সঁচা যে, বিহু নামেৰে কোনো চহা যুৱকে আজি আৰু মনৰ বেথা প্ৰকাশ নকৰে। সম্প্ৰতি বিহুনামৰ ৰচয়িতা থাকে, ষ্টুডিও’ত বহি কম্পোজিচন কৰা হয়। খ্যাতিমান গায়কক দি পৰিবেশন কৰা হয় আৰু সেই ষ্টুডিও-প্ৰডাক্ট ব্যৱসায়িক ভাবে সফল হ’লেহে আমি গুণগুণাও। এয়া হ’ল সৃষ্টি প্ৰক্ৰিয়া। আৰু আমি গুণগুণাও ক’ত কেতিয়া? বিহু-কুঁৱৰী, বিহু-সম্ৰাজ্ঞী প্ৰতিযোগিতাবোৰত। নহ’লেবা গাড়ীত গৈ থাকোতে। কিশোৰ কুমাৰৰ পুৰণা হিন্দী চিনেমাৰ গীত শুনি শুনি আমনি লাগিলে অলপ সময় বিহুকে শুনি লওঁ। অথবা পিকনিক, পাৰ্টি বা যি কোনো অ’কেজনত- যেতিয়াই আমাৰ জাতীয় সত্বা জাগি উঠে। আন এটা কাৰণ আছে, যিটো এই লেখাৰ এটা অন্যতম উপাদান যে- বিহুৰ বাহিৰে নো আৰু থাকিল গৈ কিটো?
সি যি কি নহওক, কথাৰ মাজতে আমি “লোকসঙ্গীত” আৰু “জনসঙ্গীত” বুলি দুটা কথা ক’লোঁ। লোকসঙ্গীত মানে কি আমি মোটামুটি সকলোৱা জানো বুলিয়ে ধৰি লৈছোঁ। কিন্তু এই জনসঙ্গীতটো আকৌ কি? লোকসঙ্গীত আৰু জনসঙ্গীতৰ মাজত তফাৎটোৱেই বা কি? এৰা, এইখিনিতেই বিনীত ভাবে অন্য এটা কথা উত্থাপন কৰিলোঁ। জনপ্ৰিয়, বহুল সমাদৃত আৰু সাম্প্ৰতিক প্ৰভূত্ববাদৰ দিশলৈ চাই এটা নতুন টাৰ্ম বা পৰিভাষা বিচাৰিয়েই “জনসঙ্গীত ” কথাষাৰ ক’লোঁ। এই মুহূৰ্তত অন্য শব্দ মনলৈ অহা নাই। বিদ্বৎজনৰ পৰামৰ্শমৰ্মে পাছলৈ ইয়াৰ শুধৰণি বা পুনৰীক্ষণ কৰিবলৈ আমি প্ৰস্তুত। লোকসঙ্গীত বা লোকগীত যদি ইংৰাজী ফোকলোৰৰ (folklore/ folksong) প্ৰতিশব্দ হয়, জনসঙ্গীত হ’ব পাৰে মাছ-কালচাৰ (mass culture) বা পপুলাৰ কালচাৰৰ (popular culture) এটা নতুন প্ৰতিশব্দ। এয়া এটা প্ৰস্তাৱ। গুণীজনে ভাবি চাব পাৰে। গণসঙ্গীত (people’s music?) কথাষাৰ ব্যৱহাৰ কৰিব পৰা নাযাব। তাৰ অন্য এটা মাত্ৰা আছে। তাৰ এটা পলিটিকেল যোগ আছে। একোটা উদ্দেশ্য প্ৰণোদিত জনজাগৰণৰ প্ৰত্যাশা নাথাকিলে কোনো এটা গীত বা সঙ্গীত গণসঙ্গীত হৈ নুঠে। এই ভাবে লোকসঙ্গীত আৰু গণসঙ্গীতৰ ধাৰণা আমাৰ মাজত অল্পবিস্তৰে পৰিষ্কাৰেই বুলিব পাৰি। কিন্তু জনসঙ্গীত? মাছ কালচাৰ? পপুলাৰ কালচাৰ? আৰবান ফোক (Urban Folk)?
জনসঙ্গীত লোকসঙ্গীতৰেই এটা নতুন ৰূপ- এটা পৰিৱৰ্তিত ৰূপ, অথবা নতুন এটা ৰূপ যিয়ে লোকসঙ্গীতৰ সমান্তৰাল প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰে। কথাবোৰ বুজিবলৈ আচলতে সহজ। ধৰাহওক, লোকসংস্কৃতি গাঁৱলীয়া কৃষিজীৱী মানুহৰ সম্পদ। আমি সকলোৱে একে আষাৰতে মানি ল’লোঁ। এতিয়া কথা হ’ল, গাঁওবোৰ সলনি হ’ল। কৃষিভিত্তিক সমাজখন আৰু কৃষিভিত্তিক হৈ নাথাকিল। গাঁও নগৰ হ’ল, নগৰ চহৰ হ’ল। কিন্তু সেইবুলি সংস্কৃতি নাইকিয়া হৈ যাব নেকি? কথাষাৰ ওভোটাই ধৰিলে- কেৱল কি গাঁৱৰ মানুহৰহে সংস্কৃতি থাকে নেকি? ধ্ৰুপদী বা লোকায়ত শিল্প সংস্কৃতিৰ ৰক্ষণশীল আলোচকসকলৰ পৰা ফালৰি কাটি আহি যিসকল গৱেষকে সমসাময়িক চৰ্চাৰ বিশ্লেষণত মনোনিৱেশ কৰে তেওঁলোকে এই নতুন অভিধাখিনিত আলোকপাত কৰে- আৰ্বান ফ’ক (নগৰীয়া লোক), পপুলাৰ কালচাৰ (জনপ্ৰিয় সংস্কৃতি) বা মাছ কালচাৰ (জন-সংস্কৃতি)। এই আপাত নতুন অভিধাবোৰৰ আঁত ধৰিয়েই আমি ভাবোঁ যে লোকসঙ্গীত হিচাপে বিহুগীতে বা বিহুনামে আগৰ মৰ্যাদা হেৰুৱাইছে আৰু তাৰ ঠাইত জনসঙ্গীতৰ ৰূপ লৈ উঠিছে। এফালৰ পৰা ই ভালৰে কথা। যি সময়ত অসমৰ বেছিভাগ লোকসঙ্গীত কালৰ বুকুত হেৰাই যাবৰ উপক্ৰম হৈছে, সেই সময়ত বিহুনামে এটা নতুন ৰূপত নিজকে গঢ় দি ল’লে। আন হাতে টোকাৰী গীত, দেহবিচাৰৰ গীত, ওজাপালি, বনগীত আদিবোৰ ক্ৰমশঃ নাইকিয়া হৈ যাবলৈ লৈছে।
হুঁচৰিৰ আঁত ধৰি
আধুনিক গীতৰ ভাগটোক বাদ দি অসমীয়া গীত-সঙ্গীতৰ দুটাই ঠেঙুলি জকেমকি উঠা দেখিবলৈ পাওঁ। এটা বিহুকেন্দ্ৰিক আৰু আনটো ভক্তি-ৰসকেন্দ্ৰিক। নাম-ভক্তিৰ প্ৰাচুৰ্য অসমৰ ক্ষেত্ৰত অলপ আঁসোৱাহ পূৰ্ণ যেন লাগে। অতিমাত্ৰা শঙ্কৰ-ভক্তি আৰু নব্য-বৈষ্ণৱবাদে গোটেই তথাকথিত মূলসূতিৰ অসমীয়া সমাজখন বৈচিত্ৰহীন কৰি ৰাখিছে। ইয়াৰ কুফল বহুমুখী। বিভিন্ন সময়ত আমি সিবোৰৰ কথা আলোচনা কৰিছোঁ। লোকসঙ্গীতৰ ক্ষেত্ৰখনত দেখা পোৱা কুফলসমূহ চাওক। এসময়ত হুঁচৰি আছিল মূলতে ল’ৰাহঁতৰ ধেমালি গীত। সেইবোৰ আছিল বহুলাংশে ননচেন্স পদ্য-গীত। ‘পৰি হাঁহকণী ভাগিল’, ‘ভলুকা বাঁহৰে আখি’ এই কথাবোৰৰ কোনো মানে নাছিল, কিবা নিৰ্দিষ্ট মানে থাকিবই লাগিব বুলি কোনেও কেতিয়াও আশাও কৰা নাছিল। হয় জটিল অৱচেতন মনৰ কোনোবা প্ৰান্তত সেইবোৰৰ জন্ম, নহয় একান্তই পাৰিপাৰ্শ্বিক একোটা অৱস্থাত সেইবোৰে গা কৰি উঠিছিল। হুঁচৰি মাৰিবলৈ অহা ডেকাহঁতে গৃহস্থৰ কুশল-মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়ে যদিও তাৰ ধাৰ্মিকতা আছিল তেনেই তাকৰীয়া। নাম-ধৰ্ম ভক্তিবাদৰ কিছুমান উপাদান তাত থাকিলেও তাৰ এটা অনবদ্য চেকুলাৰ ৰূপ আছিল। তাত বুঢ়া হনুমন্তই কলমৌ খায়। কৃষ্ণাইৰ মূৰত বকুল তাত নিয়ৰ পাই মুকলি হয়, কিন্তু এই কৃষ্ণাইৰ কথা কওঁতে বৈষ্ণৱপ্ৰাণ ভক্তিত গদ্‌গদ্‌ হ’ব লাগিব বুলি কোনো কথা নাছিল। আনকি “গোবিন্দাই ৰাম” বুলি কওঁতেও তাত ধৰ্ম বা ভক্তিৰ ৰেশ তেনেকৈ অনুভৱ কৰা নগৈছিল। ডেকাশক্তিৰ অফুৰন্ত প্ৰাণ-প্ৰাচুৰ্যহে আছিল হুঁচৰি নামৰ নিৰ্যাস। বিহু মৰা ঠাইত এনেকি দুবৰিৰো গজিবৰ সাধ্য নাই- আৰু ক’ব লাগিছেনে? আশীৰ্বাদৰ বেলিকাও আশীৰ্বাদ কৰা হয় মূৰৰ ছুলি ছিঙি। কোনেও কেতিয়াও সোধা নাই, সুধিবৰ প্ৰয়োজন বোধ কৰা নাই, আশীৰ্বাদ দিবৰ বেলিকা হঠাতে এবাতি নহৰু, এবাতি পণৰু আৰু এবাতি খুতৰা শাক হঠাতে ক’ৰ পৰা কেনেকৈ আহিল। কিন্তু ক্ৰমশঃ এই আশীৰ্বাদৰ ঠাই ল’লে নামঘোষা প্ৰধান প্ৰাৰ্থনাই। ডেকাল’ৰাৰ দুষ্টালি ভৰা ধেমেলীয়া নামৰ ঠাই ল’লে হৰিনামে আৰু কীৰ্তনৰ ঘোষা-পদে।
হুঁচৰিৰ কথা অলপ বিতং কৈ কোৱা হ’ল। অসমীয়া লোকসঙ্গীতৰ বাকীবোৰ সমলতো একেটা ঘটনাই ঘটিবলৈ ল’লে। আজিকালি টোকাৰী গীত বুলি যিবোৰ শুনিবলৈ পাওঁ, সেইবোৰ আচলতে হৰিনাম। দেহবিচাৰৰ গীতৰো ঠাই ল’লে হৰিনামে। ফলত হ’ল কি, এটা সময়ৰ প্ৰাণ প্ৰাচুৰ্য হেৰাই গ’ল। কথনভঙ্গীৰ যি এক বৈচিত্ৰ্যময়তা আছিল, সি মষিমূৰ হৈ গ’ল। অনামী কোনোবা গীতিকাৰৰ দিন-প্ৰতিদিনৰ যি কথাবোৰ এসময়ত ধ্বনিত হৈছিল, সেইবোৰ লোপ পালে। হৰিনামকেন্দ্ৰিক হৈ পৰাৰ ফলত আনকি ধৰ্মীয় অনুসংগ থাকিও চেকুলাৰ হৈ উঠিব পৰা যি এটা গুণ আছিল, অসমীয়া লোকসঙ্গীতৰ পৰা সেই গুণ নোহৱা হ’ল। কীৰ্তন আৰু নামঘোষাৰ অতিমাত্ৰিক ব্যৱহাৰৰ ফলত একান্তই লোকেল বা স্থানীয় প্ৰসঙ্গবোৰ নাইকীয়া হৈ গ’ল। ভঙুৱা শিৱলৈ বিয়া দিয়াৰ পিছত দুখ-দুৰ্দশাৰ কথা বৰ্ণনা কৰি গোৱা এটা গীতৰ মাজত আচলতে এগৰাকী অনামী মহিলাৰ নিজৰ দুখ-দুৰ্দশাৰ প্ৰতিফলন ঘটিছিল। শিৱ-পাৰ্বতীৰ জড়িয়তে ধৰ্মীয় প্ৰসংগ থাকিলেও সেইবোৰ তেনেকৈয়ে চেকুলাৰ। তেনেকৈয়ে ব্যক্তিবিশেষৰ নিজা কথন। কিন্তু কীৰ্তন বা নামঘোষা কেন্দ্ৰিক চৰ্চাৰ মাজত সেই ব্যক্তিবিশেষৰ স্বকীয় অনুভূতিৰ স্বাক্ষৰটো বিচাৰি পাবলৈ টান হৈ উঠিল।
ল’ৰাই গা, বুঢ়াই গা…
এতিয়া অসমীয়া লোকসঙ্গীত যে ইতিমধ্যেই নিঃশেষিত, সেই কথা প্ৰতিপন্ন কৰিবলৈ অলপ ফালৰি কাটি যোৱা কেইটামান কথা ক’ম।
প্ৰায় এটা দশকৰ আগৰ কথা। নদীয়াৰ মনচুৰ ফকীৰৰ লগত বন্ধুত্ব হৈ উঠিছিল। তেওঁ দোতাৰাখন হাতত তুলি ল’লে খল্‌খল্‌ সুৰধনি নিগৰিছিল। গানৰ মাজে মাজে তেওঁ কিছুমান আমোদজনক কাহিনী শুনাইছিল। হাৰাধন বাউলৰ পৰা কে’বাটাও বাউল গীত শিকিছিলোঁ। মই শান্তিনিকেতনত থকা কালত তেওঁ আহি মোৰ লগতে থাকিছিল। চিউৰীৰ নিতাই খোলৰ ওজা। তেওঁ গানৰ আসৰ জমাব পাৰে। খোল হাতত পৰিলেই তেওঁ বিৰাট কাৰচাজী দেখুৱাব পাৰে। এদিন ৰাতি আড্ডা জমি উঠিছিল এটি অন্তৰংগ মুহূৰ্তত। নিতাইক গান গাবলৈ ক’লোঁ। অলপ পৰ সেমেনা সেমেনি কৰি তেওঁ একতাৰা তুলি ল’লে। একতাৰা, ডুগডুগী, ঘুংগুৰু আৰু দোতাৰা- চাৰিটাকৈ সজুলি তেওঁ একে সময়তে বজালে। চকু দুটা মুদি ধ্যানমগ্ন হৈ গাই গ’ল লালন আৰু ৰামপ্ৰসাদী। উত্তমদাক কলকাতাত লগ পাওঁ। এদিনতো তেওঁ মোক অবাক কৰি গাই শুনালে- “ঢৌ দেখি হালে জালে গা হে কলীয়া…” হাতত দোতাৰা। পিছত গম পাইছিলোঁ তেওঁ বজোৱা দোতাৰাখন প্ৰতিমা পাণ্ডে বৰুৱাই তেওঁক নিজ হাতে উপহাৰস্বৰূপে দিছিল। এদিন পাৰ্বতী বাউলে মোক কৈছিল কেনেকৈ তেওঁ গুৰুৰ দীক্ষা লাভ কৰিবলৈ কষ্ট কৰিব লগা হৈছিল। কেনেকৈ দিনৰ পিছত দিন ধৰি তেওঁ মাটিয়ে বালিয়ে শুই, বাৰী-বন কৰি গুৰুৰ আশ্ৰমত নিজৰ সাধনাৰ প্ৰতি থকা আগ্ৰহ সাব্যস্ত কৰিব লগা হৈছিল।
উজ্জয়িনী, বিদিশা, ভূপাল আদি মালৱাৰ কেইবাখনো ঠাই ঘূৰি ফুৰিছিলোঁ কবীৰৰ গান শুনি শুনি। দেখিছিলোঁ কেনেকৈ কবীৰৰ গানত মত্ত হৈ আছিল হেজাৰে হেজাৰে, ওহো নহয়, লাখে লাখে মানুহ। দেখিছিলোঁ কেনেকৈ কবীৰৰ গান শুনিবলৈকে মানুহে আহাৰ-নিদ্ৰা-বাসস্থান ত্যাগ কৰি ঢাপলি মেলিব পাৰে। শুনিছিলোঁ প্ৰহ্লাদ তিপ্পানিয়াৰ তাম্বুৰা। এজন ইৰাণীয়ান গায়কে মেণ্ডোলিনজাতীয় কিবা এখন বজাই ইৰাণী গান এটা গাইছিল। ইৰাণী ভাষা নুবুজিলেও সেই গানটো দেখোন আমি সকলোৱে বুজি পাইছিলোঁ। ওচৰৰ পৰা চুই চাইছিলোঁ মুৰালালাৰ তম্বুৰাটো। সেইটো হেনো শ্বাহ লটিফৰ জামানাৰ পৰা চলি অহা এটা তম্বুৰা। মীৰ মুখতীয়াৰ আলি আৰু মুৰালালাক মাতি আনি “কাণখোৱা আনডিফাইন্‌ড” নামেৰে এলানি সঙ্গীতৰ আয়োজন কৰিছিলোঁ যোৱা দুটা বছৰত।
এতিয়া আমাৰ আলোচনালৈ ঘূৰি অহা যাওক। আমি ‘সংস্কৃতি প্ৰেমী’ অসমীয়াই লোকগীত শুনিছোঁ ৰেডিঅ’, দূৰদৰ্শন, কেছেট আৰু চিডিত। আমি কাকো দেখা নাই প্ৰাণৰ আনন্দত গান গোৱা। অসমৰ ক’তো কোনেও শুনা নাই, দেখা নাই এই দৃশ্য- যে কোনবাই টোকাৰী এখন বজাই মনৰ আনন্দত গান গাইছে আৰু এজাক মানুহ সেই সুৰত মছগুল হৈ উঠিছে। ওখ মঞ্চ নহ’লে আমাৰ গায়কে গান নাগায়। সন্মুখত মাইক্ৰোফন নাথাকিলে আমাৰ গায়কৰ মুখেৰে মাতেই নোলায়। মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতাবোৰক বাদ দি ঘৰুৱা পৰিবেশত পাৰ্বতি প্ৰসাদৰ গান কাৰো মুখত আজিলৈকে শুনা নাই। শুনিলোঁ কলকাতাত এজন বঙালী সঙ্গীতপ্ৰিয় ব্যক্তিৰ মুখত। এই লাজক কি নাম দিম? আমি কথাই কথাই প্ৰতিমা পাণ্ডে বৰুৱা বা গোৱালপৰীয়া গীতৰ কথা কওঁ। কিন্তু বাস্তৱিকতে সিবোৰ গান জীৱন্ত হৈ আছে পশ্চিমবঙ্গত। পশ্চিমবঙ্গতহে সেইবোৰ গান মানুহে গায়, শুনে, নাচে – ছন্দে-লয়ে-তালে একাত্ম হয়। প্ৰতিমা পাণ্ডেৰ সহযোগী সঙ্গীতশিল্পী এজনে বাটত ভিক্ষা কৰি পেট প্ৰৱৰ্তাই আছে বুলি মাজতে বাতৰিত পাইছিলোঁ। আমি অসমীয়াই লোকসঙ্গীত তেতিয়াহে গুণগুণাও যেতিয়া সেই গানটো জুবিন, পাপন বা তেনেকুৱা কোনোবা নামকৰা গায়কে এলবাম উলিয়ায়। লোকসঙ্গীতৰ কথা দূৰতে থাওক। সঙ্গীতৰ একান্তই প্ৰাথমিক কিছু চৰিত্ৰ আমি বুজিয়েই নাপালোঁ। সঙ্গীত এটা লাইভ আৰ্ট। ই ক্ষণস্থায়ী। গানে বিচাৰে এটা জীৱন্ত শৰীৰ। গায়ক এজনে সোঁশৰীৰে আপোনাৰ সন্মুখত আছে আৰু গান গাই আছে, আৰু আপুনি শুনি আছে। এই আনন্দকণ আপুনি অনুভৱ কৰিব পাৰে নে? এই লাইভ আৰ্টটোক টেকনোল’জীৰে আবদ্ধ কৰি তাৰ কৃত্ৰিম সোৱাদ ল’বলৈ হে আমি ভাল পাওঁ। এনে এখন সমাজত সৰ্বত্ৰ কৃত্ৰিমতাই ছানি ধৰাটো একো আচৰিত কথা নহয়। যি খন সমাজে মনৰ আনন্দত গান গাব নাজানে, মনৰ আনন্দত গান শুনিব নাজানে, সেইখন সমাজত ব্যক্তিগত জীৱনৰ হা-হুতাশা আৰু স্বাৰ্থপৰতাৰ বাহিৰে আৰু কি থাকিব পাৰে বাৰু? বেজবৰুৱাই অসমীয়া মানুহে হাঁহিব নজনাক লৈ যেনেদৰে কৈছিল, ঠিক একেদৰেই অসমীয়া মানুহে গান গাব নজনা আৰু গান শুনিব নজনাক লৈ ক’বৰ মন যায়- ল’ৰাই গা, বুঢ়াই গা… কোন ক’ত আছ, গা হে’ৰ গান গা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments