প্ৰত্যয়- কুলদীপ ৰঞ্জন দত্ত

ধমক লগাটো কটা! এহেলৈ মই তাক মাছে-মঙহে ৰান্ধি খুৱাই তেজ বঢ়াইছোঁ৷পানী এগিলাচ নিজে লৈ নাখায়… তাৰ আল ধৰি দেহা শুকুৱাইছোঁ…. তাৰ ওপৰত আকৌ তাৰ ডেমাকি সহা মানুহজনীও অমুকীহে৷ —– নিৰলা বৰমাই বকি বকি টিউবৱেলৰ কাষলৈ আহি মোৰ ওচৰতে থিয় দি ৰ’ল৷ হাতত বাহি বাচন এজাপ৷ কালিৰে৷

“ কি হ’ল নো বুঢ়াৰ? “ —- অলপতে পূৰ কৰা পানীভৰ্তি বাল্টিটোত তিয়নীখন জুবুৰীয়াই এবাৰ চেপি অৰুণে মাত দিলে৷

“ চাহটোপা কাঢ়া হ’ল৷ তাতে শহুৰেকৰ নাম ধৰি ৰাগ টানিছে৷ “ — বৰমালৈ চালোঁ মই৷ পৌঢ় মুখাৱয়বত বয়সৰ চাপ ক্ৰমাৎ ফুটি উঠিছে৷ চকুৱে-মুখে গোমা ভাৱ এটা বেচ অশান্তিৰে ওলমি আছে৷ হয়তো খং উঠি থকাৰ বাবেই৷

“ আজি হ’বপায় নাইট ডিউটি আছে “ —- বাচন-জাপ নমাই খালী বাল্টি এটা কলৰ মুখত পাতি হেণ্ডেলডাল তুলি বৰমাই সুধিলে৷

“ নাই, আজি ঘৰলৈ যাম৷ কৃষ্ণই ডাবোল মাৰি দিব৷ “ কলিতা কেতিয়াকৈ আহিব?“ — পানী মাৰি মাৰি বৰমাই সুধিলে৷

“ আজি আবেলিমানে আহিব লাগে৷ যোৱা সপ্তাহৰ পৰাই নাই৷ বিয়া খাবলৈ গৈ নিজৰে যোগাৰত লাগিল যেন পাইছোঁ৷ “ —- কৈ কৈ অৰুণ নিজৰ কোঠাৰ ফালে আগবাঢ়িল৷

বাৰাণ্ডাত গোহাঁইদাই ষ্ট’ভ চাফা কৰি আছে৷ ফিতাবোৰ বৰ মনোযোগেৰে টানি উলিয়াই ব্লেড এখনেৰে সমান জোখত কাটি গৈছে৷ এনেয়ে গহীনকৈ মানুহটো৷ কিন্তু, হাঁহে প্ৰচুৰ৷ সৰু সৰু কথাবোৰতে ঢেক ঢেকাই হাঁহি থাকে বহুপৰলৈ৷

“ গোহাঁইদাই আজি ভোজ ৰান্ধিব যেন পাইছোঁ “—- যাওঁতে চুপতি মাৰি গ’ল অৰুণে৷

“ এঁহে হেঁ …. হয় …. হে হে হে হে … “

— তেখেতে এইবাৰ কাপোৰ এখনত হাত দুখন মচি নিজৰ কোঠালৈ সোমাই গ’ল৷ ফোন আহিছিল৷ হয়তো ঘৰৰ পৰা৷ অৰুণ তাৰ কোঠাত সোমাইছিলগৈ৷ দীঘলীয়া ভাড়াঘৰটোৰ শেষৰ ৰূমটোৱেই অৰুণহঁতৰ৷ মানে অৰুণ, কলিতা আৰু কৃষ্ণৰ৷ বৰলা ডেকা৷ আই টি আই কৰি এতিয়া ৰে’লৱেৰ চাকৰিয়াল৷ অস্থায়ী কাম৷ অস্থায়ী থকাৰ ব্যৱস্থাও৷

তাৰ আগৰ কোঠাটো খগেন বৰতাহঁতৰ৷ ক’ব পাৰি আৱাসস্থলীটোৰ স্নায়ুকেন্দ্ৰ৷ তাৰ কাহিনীৰে মহাকাব্য গ্ৰথিত হয়৷ তাৰ পটভূমিতে ভাওনা হয়৷ নাটকো চলে৷ কেতিয়াবা ৰোমাণ্টিক৷ কেতিয়াবা কৰুণ৷

দ্বিতীয়টো ৰূম গোহাঁইদাৰ৷ পৰিয়াল আছে তেখেতৰ৷ কিন্তু, গাঁৱৰ ঘৰত৷ ইয়াত তেখেত অকলেই থাকে৷ নিৰহ-নিপানী, নিজঞ্জাল এটা মানুহ৷ কোঠাত বিছনা এখন আৰু ষ্ট’ভ এটা৷ চুক এটাত আলু-পিয়াজ পৰি থাকে৷ ৰচী এডালত ওলমি থাকে কেইপদমান কাপোৰ৷

….. আৰু একেবাৰে প্ৰথম কোঠাটো মোৰ৷ তিনি কাৰ্টুন কিতাপ, প্লাষ্টিকৰ চকী-মেজ আৰু অলেখ সা-সৰঞ্জামেৰে যেতিয়া মই ইয়াত প্ৰৱেশ কৰিছিলোঁ — পুৰণি আৱাসীগণে মোক আচৰিত বস্তু চোৱাদি চাইছিল৷ লাহে লাহে প্ৰতিৱেশীকেইজন মোৰ দৈনন্দিন জীৱনৰ একো একোটা চৰিত্ৰ হৈ পৰিছিল৷ নানা আদেশ-উপদেশ পাইছিলোঁ ….. পাইছিলোঁ স্নেহ-শুভকামনাও …

কলেজীয়া ছাত্ৰ মই৷ বিশেষ পৰিস্থিতিত হোষ্টেল এৰি ওলাই আহিছিলোঁ৷ সেই সময়ত পি-জি বোৰো খালী নাছিল৷ ঘৰৰ পৰা আহিবলৈও দিনে চাৰি ঘণ্টা অতিক্ৰম কৰাটো সহজসাধ্য নহয়৷ গতিকে, শেষ পন্থা হিচাপে ইয়াতে মূৰ গুজিলোঁহি৷

বিশেষ অসুবিধাৰ সন্মুখীন নহৈছিলোঁ৷ পুৱাতেই আলু বইলেৰে ভাত খাই কলেজলৈ ওলাই গৈছিলোঁ৷ আবেলি উভতি আহি নাকে-কাণে কৰ্কৰা দুটামান গুজি টিউচনলৈ বাট বুলিছিলোঁ৷ সন্ধিয়া মাছে-পাচলিয়ে, কাগজে-বহীয়ে প্ৰৱেশ কৰিছিলোঁহি কোঠালিত৷ নিজম আৱাসত৷

দিনবোৰ সহজভাৱে গৈ আছিল৷ কিন্তু, তাৰ মাজতে ব্যতিক্ৰমৰ আসৰ বহিছিল৷ নিনাদিত কোলাহলৰ আসৰ৷ দিগভ্ৰান্ত হৈ উঠা আসৰ৷

কালি নিশাটোত মই সুস্থিৰে টোপনি মাৰিব পৰা নাছিলোঁ৷ খগেন বৰতাহঁতৰ কোঠাৰ পৰা নিৰ্গত বীভৎস কোলাহলবোৰে মোক শাণিত বেজি হৈ আঘাত কৰিছিলহি কৰ্ণপটহত৷ ইমান হাল্লা ….. ইমান সন্ত্ৰাস … ইমান কোলাহল …. ইমান অশান্তি! !

“ আ .. আ .. ই … ঐ …. বখলিয়ালে ঐ …. ই মোক শেষ কৰিব আজি …. “ —- নিৰলা বৰমাৰ সকৰুণ বিননি ভাঁহি আহিছিল৷

“ অ .. ই .. ই .. ত …. চুপ …. মুখতে দিম ….. “ —- খগেন বৰ্তাৰ ধমক ভাঁহি আহিছিল৷

অৱধাৰিতভাৱে সেই ৰণাংগণত বাধা দিবলৈ কোনো নাছিল৷ খগেন বৰতা কাষৰীয়া ৰে’ল ষ্টেচনটোৰ কৰ্মচাৰী৷ ল’ৰা-বোৱাৰী-নাতিৰে ভৰুণ সংসাৰ৷ কিন্তু, ইয়াত কেৱল তেখেত আৰু বৰমাহে থাকে৷ পো-বোৱাৰী ৰে’লৱে কোৱাৰ্টাৰত থাকে৷ বৰতাই পোৱা কোৱাৰ্টাৰ৷ কিন্তু, তাত ঠাই কম আৰু ইয়াৰ পৰা বহু দূৰো৷ এতেকে,বৰতাহঁত আছেহি ইয়াত৷ ল’ৰাজনে মাছৰ ব্যৱসায় কৰে৷ নিম্নবিত্ত সমাজৰ অংশীদাৰ৷ গতিকে, দেউতাকৰ কোৱাৰ্টাৰতেই থিতাপি লৈ আছে৷

“ মৰিলোঁ …. ঔ ….. আৰু কিমান খুন্দ … তই …. “ —- এইবাৰ নিৰলা বৰমাৰ কণ্ঠ আৰু উচ্চ হৈ উঠিছিল৷

এই সমগ্ৰ ব্যাপাৰটোত কেতিয়াবা মই কিছু আচৰিতো হওঁ৷ কাৰণ, খগেন বৰ্তা তেনেই ক্ষীণ-মিন, চুটি-চাপৰ নিমাখিত মানুহ এটা৷ শক্তিৰ ফালৰ পৰা ভীমতো নহয়েই …. নকুল-সহদেৱো নহয়! মানুহটো থিয় হৈ থাকিব পৰাটোৱেই যেন তেখেতৰ বাবে এটা ডাঙৰ সক্ষমতা৷ কিন্তু, গোলাপী নিচাত আচ্ছন্ন হৈ পৰাৰ লগে লগে তেখেতৰ অভিব্যক্তিয়েই সলনি হৈ পৰে৷ সেই মুহূৰ্তত তেখেতে নিজকে কোনোবা অসীম শক্তিধৰ যোদ্ধা বুলিয়েই ভাৱে৷

কিন্তু, নিৰলা বৰমা স্বাস্থ্যৱতী৷ স্থূলকায় শৰীৰ৷ খগেন বৰ্তাক অনায়াসে ডাঙি লৈ ফুৰিব পাৰে৷ তৎসত্ত্বেও, নিশাৰ ৰণাংগণত অপৰিৱৰ্তিত বৈপৰীত্য৷

“ এই দুজনৰ আতিশয্যত নিশা শুব নোৱাৰা হৈছোঁ “ —- কাষৰে পি-জি ত থকা সহপাঠী অংকুৰক কৈছিলোঁ মই৷

“ এটা কাম কৰিবা৷ তেওঁলোকে সেই পৰ্ব আৰম্ভ কৰিলে তুমি কাঁহী এখন লৈ বজাবলৈ ধৰিবা …. কিবা সুধিলে ক’বা … আপোনালোকে গোৱা গানটোৰ লগত মিলাকৈ বজাইছোঁ …. “ —- অংকুৰে কৈছিল৷ সি হয়তো মোৰ অৱস্থাটো আৰু উপভোগ্য কৰি তোলাৰ যত্নত আছিল৷

যোৱা নিশা সীমা পাৰ হৈ উঠা চিঞৰ-বাখৰ বোৰত মই তেওঁলোকৰ কোঠাত ভূমুকি মাৰি চাইছিলোঁ৷ বৰ্তাই লাঠি এডালেৰে নিৰলা বৰমাক কোবাই আছিল৷ মই গৈ আজোঁৰ মাৰি লাঠিডাল লৈ পিছফালৰ খালটোত পেলাই থৈ আহিছিলোঁ৷

আজি শনিবাৰ৷ দুই পোন্ধৰৰ ৰে’লখনত গ’লে সন্ধিয়া ঘৰ পাই কালিলৈ দিনটো থাকি পৰহি পুৱা পাঁচ বজাৰ ৰে’লত আহি কলেজ পাব পাৰিমহি৷ মনতে হিচাপটো কৰি লৈ কুকাৰত ভাতমুঠি বহাই, কেৰাহী মাজিবলৈ বুলি টিউবৱেলৰ কাষ পালোঁহি৷

পীৰা এখনত বৰ্তাক বহুৱাই নিৰলা বৰমাই তেতিয়া গা-ধুৱাই আছে৷ চুলিত চেম্পুও সানিছে৷

“ ইমান মৰম কৰোঁ, ইমান মৰম কৰোঁ; তেও তোমাৰ বুকুত সোমাবলৈ নাপাওঁ ….. “ —- অস্ফূটভাৱে কোৱা কথাকেইটা মোৰ কাণত ঠিকেই পৰিলহি৷ মই আঁৰ হৈ দিলোঁ৷

বিয়লি ঘৰলৈ বুলি ওলাই কোঠাৰ দুৱাৰত তলাটো ওলোমাই ৰাস্তাত উঠিলোঁহি৷ দীঘল ভাড়াঘৰটোৰ বাৰাণ্ডাৰ এচুকত তেতিয়া ফ’ল্ডিং খাট এখন পাৰি খগেন বৰ্তা আৰু নিৰলা বৰমাই লুডু খেলি আছে৷ বৰমাৰ মুখ ঢৌৱাই যোৱা হাঁহি এটাই অকৃত্ৰিমভাৱে মোৰ দুচকুত ধৰা দিলেহি৷

সেয়া চিৰ-অনুৰাগৰ হাঁহি৷ বিশ্বাসৰ হাঁহি৷ প্ৰত্যয়ৰ হাঁহি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!