প্ৰশংসা, সমালোচনা আৰু আত্মসন্মানবোধ – এক মানসিক অৱতৰণ (ড° লোচন শইকীয়া)

সমালোচনা, সন্ধি ভাঙিলে সম+আলোচনা। কোনোবাই কাৰোবাক কিবা ভাল উদ্দেশ্যে ক’লে প্ৰশংসা। বেয়াকৈ ক’লেই সমালোচনা। আওপকীয়াকৈ সোধোঁ, সমালোচনা কোনোবাই ভাল পায়নে? কিয় কোনো কোনোৱে সমালোচনা কৰি আন এজনক তুচ্ছ, লঘু বা লজ্জিত কৰিব বিচাৰে? ফেচবুক বন্ধুৰ ভাৰচুয়েল পৃথিবীখনত এজনে আন এজনক (প্ৰায়েই অচিনাকী) বিৰূপ মন্তব্যৰে ক্ষুণ্ণ কৰাতো সততেই দেখিবলৈ, পঢ়িবলৈ পোৱা যায়।

মনত ৰাখিব মহামান্য চাণক্যই কৈছিল –

न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः।

व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥

ভাঙনি- প্ৰকৃতাৰ্থত কোনো মিত্ৰ বা শত্ৰু নহয়, মিত্ৰ বা শত্ৰু ব্যক্তিগত কাৰণত আচাৰ-ব্যৱহাৰৰ দ্বাৰা নিজে সৃষ্টিত।

আহকচোন, মানুহৰ চিনাকী যেন লগা অচিনাকী মনটোৰ সন্ধান কৰোঁ আৰু বুজিবলৈ যত্ন কৰোঁ, কিয় মানুহে এনেকুৱা কৰি ভাল পায়?

সঁচা ক’বলৈ গ’লে সমালোচনাৰ ধনাত্মক গুণো আছে। কামত ভুল হ’লে কৰ্ত্তৃপক্ষই, মুৰব্বীয়ে দুষাৰ টান কথাৰে কৰা সমালোচনাত শুধৰণীৰ ইংগিত থাকে। সন্তানে কৰা ভুলৰ কাৰণে পিতৃ-মাতৃ বা ডাঙৰে বা তত্তাৱধায়কে কৰা সমালোচনা গঠনমূলক। গঠনমূলক সমালোচনাও পশ্চাদগতি কৰে যেতিয়া যাক লৈ সমালোচনা কৰা হয় সেইজনে কথাটো বুজি নাপায়। ভুল ধৰাকে সমালোচনা নকয়।

ঋণাত্মক সমালোচনা কৰাজনৰ মনটোক এনেকুৱা কিহে উচতায়, যি আনৰ বিষয়ে বা আনে কৰা কামৰ বাবে কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে তুচ্ছ মন্তব্য দিবলৈ পিচ নুহুহোকে। এই কথাষাৰ ভাবি চায়নে? আমি ধৰি ল’ব পাৰোঁ যে মানুহ মাত্ৰেই নিজৰ কামত সদায় কৃতকাৰ্য্য হ’ব বিচাৰে। সমালোচনা কৰাজনেও তেওঁৰ কথাই ৰজিব লাগিব, তেনে এটা অন্তৰ্নিহিত ভাৱ লৈয়ে আগবাঢ়ে। ধৰি লওক, কোনো এটা কথা বা বিষয়ত সমালোচনা কৰাজনৰ বিপৰীতে প্ৰতিজন মানুহেই যদি ভুল সিদ্ধ হয়, তেনেহ’লে একেবাৰে শেষত তেওঁহে ৰয়গৈ শুদ্ধ ৰূপত। এইয়া কি বিড়ম্বনা!

ধৰক মোকে কৈছে, এইবোৰ লিখি কিয় মই সময় নষ্ট কৰিছোঁ! ইৰ্ষা ও নীচাত্মিকা ভাবেও এনে ক্ষেত্ৰত এক ভূমিকা পালন কৰে। সমালোচকৰ মনৰ ভিতৰত তেনে সময়ত এনে এটা ভাৱেই খেলা কৰে। যিটো কাম আপুনি বা আন সক্ষম এজনে কৰি উঠে, তেনেস্থলত সমালোচকজনৰ অপৰাগতা ফুটি উঠে আৰু সহজে ৰণ জিকাৰ উদ্দেশ্যে সমালোচনাতেই মুখৰিত হৈ উঠে। এনেকুৱা পৰিস্থিতিত হয় সমালোচকজনক একেবাৰে গুৰুত্ব দিব নালাগে নতুবা নিজৰ ভুল শুধৰাবলৈ তেওঁ যাতে এটা সুযোগ পায়, তাৰ বাবে অন্তত এবাৰ অপেক্ষা কৰিব লাগে। যদিহে সমালোচকজনৰ উদ্দেশ্যত সাধুতা নাই আৰু এনেকুৱা সমালোচনাত ব্যস্ত থাকিহে সুস্থ অনুভৱ কৰে, তেনেহ’লে তেওঁ আগলৈও সমালোচনা কৰিবলৈ নেৰিব। এই ধৰণৰ পৰিস্থিতি আপুনি হয় এৰাই চলিব পাৰে বা মুখামুখি হৈ আক্ৰমণ কৰিব পাৰে। দেখিব, এনে অৱস্থাত সমালোচকজনে নিজক বচোৱাৰ যত্ন কৰে। এই ধৰণৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ ফেচবুকত প্ৰায়ে দেখা যায়।

আপুনি মন কৰিছেনে ঋণাত্মক সমালোচকে দুবাৰ চিন্তা নকৰাকৈ ৰণত নামি পৰে? কেতিয়াবা এনেকুৱাও হ’ব পাৰে যে তেওঁলোকৰ যুক্তিৰ কোনো প্ৰাসঙ্গকিতাই নাথাকে। মুঠতে ক’ব পাৰি মতানৈক্যৰ বাবে মজিয়াখন বিৰাজমান হেতু পিচৰ ঘটনাক্ৰমৰ আভাষ নাপায় আৰু এটা সময়ত দুয়োপক্ষ মনে-মনে থাকে।

সমালোচনা কৰা বিষয়টোক আলোচনাৰ মজিয়ালৈ আনি ইয়াৰ কল্পনাতীত ধ্বংসাত্মক শক্তিৰ কথা পাতিব পাৰোঁ। ঋণাত্মক সমালোচনাই কোনো সফলতা দাবী কৰিব নোৱাৰে, বৰং মাছ নোহোৱা পুখুৰীৰ পানী ঘোলাহে কৰে।

এজনে নিক্ষেপ কৰা ঋণাত্মক বাণীয়ে সিজনক আঘাত দিয়ে, সেইটো আপুনি, মই বুজিব পাৰোঁৱেই বা নোৱাৰোঁ, সেইতো ঘটিবই। খং প্ৰকাশে খঙকে নিমন্ত্ৰণ কৰে। আক্ৰোশ প্ৰকাশে আক্ৰোশেই লভে। আমি ইজনে সিজনৰ কামত হস্তক্ষেপৰ জৰিয়তে আত্মসন্মানবোধত আঘাত কৰি প্ৰত্যেকৰ কাষৰ পৃথিবীখনৰ প্ৰতি সলনিমূলক ভাব দিব পাৰোঁ। এইটো কৰোঁতেই আমি নিজৰ পৃথিবীখনতে ঋণাত্মক শক্তি বিয়পাই পেলাওঁ। আনলৈ যিটো, মোলৈও সেইটো। আপুনি বাৰু নিজে এনেকুৱা ঋণাত্মক কথাবোৰ আপোনাৰ প্ৰতি আনৰ মুখ/কলম-ৰ পৰা ভাল পায়নে? নিশ্চয় নাপায়। মনত ৰখা উচিত যে আমি মানুহ, আমাৰ দ্বাৰা ভুল হ’ব পাৰে। ভুলে আমাক শুদ্ধ পথৰ সন্ধান দিয়ে। আপুনি যদি ভাবে ইপক্ষ সঁচাকৈয়ে ভুল, তেনেহলে গুৰুত্ব নিদিব, নহ’লে ইপক্ষৰ বল বৃদ্ধিহে পাব। ভুল হ’লেতো শুধৰাইয়ে ল’ব। নে কি কিয়?

০০০০ প্ৰশংসা ০০০০

ঋণাত্মক সমালোচনাৰ বিপৰীতে ধনাত্মক মন্তব্যক প্ৰশংসা কৰা বুজায়। প্ৰশংসাত অধিক শক্তি নিহিত হৈ আছে। প্ৰশংসাই কামত উদ্গনি দিয়ে। প্ৰশংসাবাণীয়ে কামৰ সাৰ্থকতাৰ পথ সুগম কৰে। প্ৰশংসা যি কোনো এজনৰ পৰিচয়ৰ সোপান। প্ৰশংসাই কিছু পৰিমাণে জীয়াই থকাৰ সাৰ্থকতা বিচাৰি পোৱাত সহায় কৰে। একেবাৰে কেঁচা ভাষাত কওঁ -প্ৰশংসা তেনেকুৱা মানুহৰ মুখেদি নিগৰে যি আপোনাৰ কামত তেওঁলোকে ভবাতকৈ বেছি কৃতকাৰ্য্যতা দেখে আৰু আশ্চৰ্য্যবোধ কৰে। স্বতঃস্ফুৰ্তভাবে প্ৰশংসাবাণী ওলাই আহে।

মাৰ্ক টোৱেইনে কৈছিল – “I can live for two months on a good compliment”

মানুহে মানুহক গ্ৰহণ কৰা আৰু আনৰ পৰা প্ৰশংসা বিচৰা মানুহৰ মানসিক জীৱনত গভীৰভাৱে সম্পৃক্ত হৈ থকা হেঁপাহ কাহানিও পূৰ নোহোৱা মানসিক দাবী। সেই কাৰণে উইলিয়াম জেমচে এবাৰ কৈছিল “The deepest principle of human nature is the craving to be appreciated”

আমি জানো এটা সাধাৰণ ধন্যবাদৰ শব্দই দিনটোৰ সুন্দৰ আৰম্ভণি কৰিব পাৰে। মানুহে মানসিকভাবেই আনে গ্ৰহণ কৰা আৰু সন্মান কৰাটো বিচাৰে। আমাৰ নিজৰো যে পৰিচয়ৰ গুৰুত্ব আছে, প্ৰশংসাও প্ৰাপ্য, এনে ধৰণৰ মনোবৈজ্ঞানিক কাৰণবোৰে আমাক পৰিচালিত কৰে। এই প্ৰক্ৰিয়াৰ মাজেদি এইটো আৱশ্যক হৈ পৰে মানুহে কি ধৰণে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰিব যিটোৱে প্ৰশংসাসূচক বাতাবৰণ এটা সৃষ্টি কৰিব। ইয়াৰ ফল সুদূৰপ্ৰসাৰী।

চীন দেশত প্ৰশংসা হেনো বৰ বিৰল। প্ৰশংসাই অনিষ্টও কৰে। এটা মনোবৈজ্ঞানিক পৰীক্ষা চাওক। পৰীক্ষাটোৰ উদ্দেশ্য সক্ষমতা বনাম চেষ্টা। Mueller and Dweck (1998) এ ৪০০ ল’ৰা-ছোৱালীৰ ওপৰত এটা লিখিত পৰীক্ষা চলাইছিল। পৰীক্ষাটো পাতি পৰীক্ষকে পৰীক্ষাৰ্থীসকলক ক’লে যে তেওঁলোকে সকলোৱে শতকৰা ৮০ নন্বৰ পাইছে। তাৰ পিচত ক’লে যে আধাখিনি পৰীক্ষাৰ্থী বুধিয়ক হোৱা কাৰণে শতকৰা ৮০ নম্বৰ পালে। বাকী আধা পৰীক্ষাৰ্থীয়ে বেছি কষ্ট কৰা কাৰণে ৮০ নম্বৰ পাইছে। ইয়াৰ পিচতে আটাইখিনি পৰীক্ষাৰ্থীক টান কাম আৰু সহজ কামৰ, দুটাৰ ভিতৰত এটা বাচিবলৈ ক’লে। দেখা গ’ল বুধিয়ক শ্ৰেণীৰ ৬৫ শতাংশ পৰীক্ষাৰ্থীয়ে সহজ কামতো বাচি ল’লে। অন্যহাতে বেছি কষ্ট কৰা শ্ৰেণীৰ ৪৫ শতাংশই টান কামটো বাচি ল’লে। এই পৰীক্ষাত এইটো ওলাই পৰিছে যে বুধিয়কৰ প্ৰশংসাপ্ৰাপ্তসকলে সহজ কামটোৰ পৰা আঁতৰি থাকি নিজকে কম বুধিয়ক বুলি প্ৰমাণ কৰিব নিবিচাৰে। আনহাতে যিসকলক কষ্ট কৰা কাৰণে প্ৰশংসা কৰা হৈছিল, তেওঁলোকে কষ্ট কৰিলে প্ৰশংসা পোৱা যায় নিসন্দেহে সেইটো দুবাৰ প্ৰমাণ কৰিলে। পিচৰ পৰীক্ষাবোৰতো দেখিবলৈ পোৱা গৈছিল যে যিসকলক কষ্ট কৰা কাৰণে প্ৰশংসা কৰা হৈছিল তেওঁলোকে কষ্ট কৰি গৈছিল। লগতে যিসকলক বুধিয়ক আখ্যা দিয়া হৈছিল সেইসকলৰ অধিক সংখ্যকে কাম নকৰাকৈ ৰৈ দিছিল।

তেনেকুৱা আন এটা পৰীক্ষাত ১৪, ২৬, ৩৮, ৬০ মহীয়া শিশুৰ ক্ষেত্ৰত Gunderson et al (2013) এ পৰীক্ষা চলাই লক্ষ্য কৰিছিল যে শিশুৰ পৰ্য্যায়ৰ কামৰ ক্ষেত্ৰত কষ্ট কৰাসকলক প্ৰশংসা কৰাৰ পিচত যিসকলৰ শিশুৰ পাঁচ বছৰ হৈছিল সেইসকল ল’ৰা-ছোৱালী বুধিয়ক, সহজে মিলিব পৰা গুণ আয়ত্ব কৰিছিল।

০০০০ অহঙ্কাৰ ০০০০

প্ৰশংসা জড়িত আত্মসন্মানবোধৰ প্ৰসঙ্গ আহিলে অহঙ্কাৰৰ বিষয়ে অকণমান নক’লে আলোচনাটো আধাৰুৱা হৈ থাকি যায়। আত্মসন্মানবোধ আৰু অহংকাৰ ইটো সিটোৰ সম্পূৰ্ণ বিপৰীত। অথচ একেখন মজিয়াৰ পৰাই দুয়োটা আহে। মানুহ ভিন্ন অন্য জন্তুৰ ক্ষেত্ৰত এই দুই বিপৰীত ধৰ্মী স্বভাৱ দেখা নাযায়। অহঙ্কাৰ বস্তুবাদীমূলৰ পৰা আৰম্ভ হয়। সম্পত্তি আহৰণ, খিতাপ আহৰণ, আনৰ ওপৰত প্ৰভাব, ক্ষমতাৰ স্তৰ ইত্যাদিয়ে অহঙ্কাৰৰ জন্ম দিয়ে। অহঙ্কাৰীজনে অনবৰতে নিজকে সুখী অনুভৱ কৰিবৰ বাবে আনৰ লগত তুলনা কৰি চায়। তেওঁলোকে কথাও বেছি কয়, লগতে আনক তুচ্ছ জ্ঞান কৰে। তেওঁলোকে প্ৰকৃততে কি শুদ্ধ, তাক গুৰুত্ব দিয়াতকৈ কোন বেছি শুদ্ধ, সেইটোতহে গুৰুত্ব আৰোপ কৰে। তেওঁলোক অভাৱী মানসিকতাৰ চিকাৰ হোৱা কাৰণে আভ্যন্তৰীণ নিৰাপত্তা, বাহ্যিক তুলনা, অন্য উত্স, নিজৰ সমান সম্পত্তি বা প্ৰতিপত্তি আনৰ ওচৰত পৰ্য্যাপ্ত থাকিব নোৱাৰে মনোভাবেৰে গঢ়িত।

অহং ভাব ক’বলৈ গ’লে নীচাত্মিকাৰ ৰঙা পতাকা, যাৰ সহায়ত নীচাত্মিকাবোধৰ গৰাকীয়ে নিজৰ দুৰ্বলতা, নিৰাপদহীনতা ঢাকিবলৈ ব্যৱহাৰ কৰে। অহং ভাবৰ গৰাকীয়ে আনক তুচ্ছ জ্ঞান কৰি নিজকে নিজৰ ওচৰত মহান কৰাৰ প্ৰয়াস কৰে। ঠিক ইয়াৰ বিপৰীতে আত্মসন্মানবোধ থকা ব্যক্তিৰ নিজৰ ওচৰত আত্ম-পৰিচয়বোধ থকা কাৰণত তেওঁ নিজে নিৰাপদবোধো উপলদ্ধি কৰে। সেই কাৰণেই আত্মসন্মানবোধৰ গৰাকীয়ে কি কৰিছে নিজে জানে, আনে কি ভাবিছে সেইবোৰ লৈ মূৰ নঘমায় আৰু আনক সহায়ো কৰে। এইদৰেই আনকো উত্সাহী কৰি আনন্দ পায় আৰু লগতে মানসিকভাবে তৃপ্ত হয়।

তলৰ তালিকাখনলৈ মন কৰক –

অহংকাৰ-আত্মসন্মান

বাহ্যিক নিৰাপত্তা-আভ্যন্তৰীণ নিৰাপত্তা

অভাৱী মন-ভৰপূৰ মন

আনৰ লগত তুলনা কৰা মনোবৃত্তি-তুলনা কৰা মনোবৃত্তিহীন

প্ৰতিপত্তিমূলক মনোভাব-নিজ মূল্যাঙ্কণ

নীচাত্মিকাবোধ, আনক লঘূ কৰা প্ৰয়াস-আনক ওপৰলৈ তুলি ধৰা মনোবৃত্তি

কোন শুদ্ধ লৈ ব্যস্ত-কি শুদ্ধত গুৰুত্ব

Stephen R. Covey, Principle-Centered Leadership (New York: Simon & Schuster, 1990).

মনোৰোগ বিশেষজ্ঞ চিগমাণ্ড ফ্ৰয়েডে কৈছিল -“We are so made, that we can only derive intense enjoyment from a contrast and only very little from a state of things.”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দিগন্ত,
2 years ago

খুউব ভাল লাগিল।