মাননীয় ৰবীন্দ্ৰ চৌধুৰী দেৱৰ লগত ভ্ৰাম্যমান সম্পৰ্কীয় বিশেষ সাক্ষাৎকাৰ

বিশিষ্ট সাহিত্যসেৱী, পশ্চিম চামতা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা ভ্ৰাম্যমান থিয়েটাৰৰ সচেতন দৰ্শক মাননীয় ৰবীন্দ্ৰ চৌধুৰী দেৱৰ লগত ভ্ৰাম্যমান সম্পৰ্কীয় বিশেষ সাক্ষাৎকাৰ। Rabindra Choudhury

প্ৰস্তাবনা- সৰ্বপ্ৰথমে ইন্টাৰনেটৰ মাধ্যমৰে সমগ্ৰ বিশ্বৰ ভাষিক অসমীয়াৰ মাজত জনপ্ৰিয় হোৱা তথা ইউ জি চিৰ দ্বাৰা মান্যতা প্ৰাপ্য মাহেকীয়া অসমীয়া ই-আলোচনী- ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক শাৰদীয় ওলগ জনালোঁ।
ৰবীন্দ্ৰ চৌধুৰী (ৰ৹চৌ৹)– ধন্যবাদ।
সাহিত্য ডট অৰ্গ– সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰ নাট সমূহে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰাৰ লগতে এক সামাজিক বাৰ্তা দিয়াৰ ক্ষেত্ৰত কৰবাত যেন বিজুতি ঘটি আছে। এই ক্ষেত্ৰত প্ৰযোজক সকলে কেনেধৰণৰ পদক্ষেপ লোৱাটো কাম্য কৰে?

ৰ.চৌ– নাট্যকাৰ সকলে এতিয়া নাটক লিখে অৰ্থ উপাৰ্জনৰ বাবে, সাহিত্য সৃষ্টিৰ বাবে নহয়- যি সাহিত্যই সমাজৰ কল্যাণৰ বাবে বাৰ্তা বাহন কৰে। প্ৰযোজকসকলেও গৰিষ্ঠ সংখ্যক দৰ্শকৰ দোহাই দি সস্তীয়া মনোৰঞ্জনৰ নাট নিৰ্বাচন কৰি ধন ঘটিব পৰা উপায়ৰে চিন্তা কৰে। সামাজিক দায়বদ্ধতা পাহৰি যায়।

সাহিত্য ডট অৰ্গ – এইটো ঠিক যে ভ্ৰাম্যমাণ থিয়েটাৰে বহুতকে সংস্থাপন দি নিবনুৱাৰ সমস্যা লাঘৱ কৰাত কিছু হ’লেও সহায়ক হৈছে। কিন্তু প্ৰত্যেকজন শিল্পীয়ে প্ৰাপ্য অনুযায়ী মাননি পাই আছে নে? তাৰকা শিল্পীৰ মাত্ৰাধিক মাননিৰ বোজা আন শিল্পী সকলৰ লগতে প্ৰযোজকৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে নেকি?
ৰ.চৌ– প্ৰযোজকসকলে ঐক্যবদ্ধ ভাবে তাৰকা শিল্পীৰ অকাৰণ নিচা বাদ দিব পাৰিলে এনে ধৰণৰ সমস্যা বা প্ৰত্যাহ্বান নোহোৱা হোৱাৰ যথেষ্ট থল আছে বুলি মই ভাবো।

সাহিত্য ডট অৰ্গ – ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে আন পেচাদাৰী নাট প্ৰচাৰৰ মাধ্যমসমূহ মানে যাত্ৰাপাৰ্টি আৰু পুতলানাচ আদিয়ে নিজৰ সুনাম বৰ্তাই ৰাখিবলৈ কোন-কোন বিশেষ দিশৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো উচিত?

ৰ৹চৌ৹– ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত সমানে জনপ্ৰিয়তা আদায় কৰাৰ কাৰণে যাত্ৰাদল বা পুতলা নাচৰ দৰে উপযোগী ক্ষেত্ৰ এখন অসমত ক্ৰমশঃ নোহোৱা হৈ আহিছে। কলিকতা, মুম্বাই আদিৰ দৰে যাত্ৰাভিনয়ৰ বাবে স্থায়ী মঞ্চ গৃহ সৃষ্টি কৰিব পাৰিলে আৰু ইয়াৰ নাটসমূহ যদি সমাজৰ সমস্যাক লৈ ৰচিত হয় তেতিয়া হ’লে ইয়াৰ সুনাম অটুট থাকিব।

সাহিত্য ডট অৰ্গ – ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয়, নাট ৰচনা আদি কৰি বিভিন্ন কাৰকৰী দিশৰ প্ৰশিক্ষণ দিবলৈ এক প্ৰতিষ্ঠানৰ অভাৱ অনুভৱ কৰেনে? এইক্ষেত্ৰত প্ৰযোজক সকলৰ লগতে প্ৰতিষ্ঠিত শিল্পী সকলে কেনে ধৰণৰ পদক্ষেপ লোৱাটো বিচাৰে?

ৰ৹চৌ৹– অভিনয় এটি কলা। এই কলা সুন্দৰভাৱে আয়ত্ব কৰি এজন সফল অভিনেতা বা অভিনেত্ৰী হ’বলৈ হ’লে প্ৰশিক্ষণ লোৱাটো নিতান্তই জৰুৰী আৰু ইয়াৰ বাবে সকলো ধৰণৰ সুবিধা থকা অৰ্থ্যাৎ কাৰিকৰী দিশকে ধৰি উন্নত কলাসুলভ প্ৰশিক্ষণৰ প্ৰতিষ্ঠান এটিৰ প্ৰয়োজন আছে। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক আৰু শিল্পী সকলে (যি সকলে অত্যাধিক মাননি লয়) যিহেতু দৰ্শক ৰাইজৰ টিকট কিনা ধনেৰ ওপৰতেই তেওঁলোকৰ ব্যৱসায় চলাই আছে- গতিকে দৰ্শক ৰাইজক তাৰ বিনিময়ত তেওঁলোকৰ নাটক চোৱাৰ প্ৰত্যাশাক সন্মান জনাবলৈ অভিনয় সম্পৰ্কীয় কিবা কিছু শিকাৰ প্ৰচেষ্টাত ব্ৰতী হোৱাটো কাম্য।

সাহিত্য ডট অৰ্গ – সমগ্ৰ অসমবাসীৰ অতিকে মৰমৰ এই অনুষ্ঠানটো কিবা কাৰণত দৰ্শক ৰাইজৰ লগত দূৰত্ব বৃদ্ধি পাইছে নেকি? কিয়নো বহু সময়ত সচেতন দৰ্শকে বিভিন্ন মাধ্যমত নাটক আৰু অভিনয়ৰ মানদণ্ড নিম্নগামী হোৱা বুলি আক্ষেপ কৰা দেখা যায়। কিন্তু এইদিশ সমূহ বছৰৰ পিচত বছৰ আলোচিত হোৱাৰ পিছতো উন্নত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যোগাত্মক পদক্ষেপ লোৱা চকুত নপৰে। ইয়াৰ অন্তৰ্নিহিত কাৰণ আপোনাৰ মতে কি?
ৰ৹চৌ৹- নিচেই তাকৰীয়া এচাম সৎ চিন্তাৰ ব্যক্তিৰ বাহিৰে সমগ্ৰ দেশতে কি শিল্পী, কি ৰাজনীতিবিদ, কি বুদ্ধিজীৱী, কি ব্যৱসায়ী, সকলো স্তৰৰ লোকে নিজৰ ক্ষেত্ৰখনৰ প্ৰকৃত মূল্যবোধ দুভৰিৰে ঠেলি দি যেনে-তেনে অধিক ধন ঘটাৰ প্ৰচেষ্টাত নামি পৰাটোৱে ইয়াৰ কাৰণ।

সাহিত্য ডট অৰ্গ: অভিযোগ আছে যে ভ্ৰাম্যমাণ থিয়েটাৰে আধুনিকতাৰ গৰাহত পৰি নিজস্বতা হেৰুৱাইছে৷ ব্যৱসায়িক মনোবৃত্তিৰ বাবেই নৃত্য-নাটিকা প্ৰায় নোহোৱাই হৈ গৈছে৷ ৰেকৰ্ডিং সংগীতৰ বাবে সংগীত শিল্পীসকলৰ প্ৰয়োজন কমিছে৷ সচেতন মহলৰ প্ৰশ্ন যে এই বিবৰ্তনে ভ্ৰাম্যমান থিয়েটাৰক আৰু অধিক নিম্নগামী কৰিব নেকি! এই বিষয়ে আপোনাৰ কব লগা?
ৰ৹চৌ৹– সকলোৰে নিজস্বতা বুলি এটা কথা থাকে। এই নিজস্বতাই হে কাৰোবাক স্থায়ীভাবে বৰ্তাই ৰাখে। কাউৰীয়ে ম’ৰা চৰাই হ’বলৈ গৈ লটি-ঘটি হোৱাৰ দৰে বৰ্ত্তমান ভ্ৰাম্যমাণৰ মঞ্চত কথাছৱিৰ অনাহক পয়োভৰ শুভ লক্ষণ নহয়। সংগীত শিল্পীক মৰ্য্যদা দিবলৈ পাহৰি যোৱাটো শিল্প জগতৰ এটা অপৰাধ।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমান থিয়েটাৰো গ্লেমাৰৰ গৰাহত পৰিছে৷ ই ভ্ৰাম্যমানৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে?
ৰ৹চৌ৹– গ্লেমাৰৰ পিছত দৌৰাটো যেন এটি দুৰাৰোগ্য ৰোগ হৈ পৰিছে অসমৰ ভ্ৰাম্যমানৰ দৰ্শক সকলৰ। যিটো দলত গ্লেমাৰ আৰ্টিষ্ট নাই, সেই দলৰ নাট্যাভিনয় যেন চাব নোৱাৰি। দৰ্শকৰ এনে মানসিকতাই প্ৰযোজক সকলক বিপদত নেপেলোৱা নহয়। দ্বিতীয় প্ৰশ্নত দিয়া উত্তৰে ইয়াৰ সমাধান হ’ব পাৰে।

সাহিত্য ডট অৰ্গ: সময়ৰ পৰিৱৰ্তনৰ লগে লগে দৰ্শকৰ প্ৰকৃতিও সলনি হৈছে নেকি! ই ভ্ৰাম্যমানৰ ক্ষেত্ৰখনত কিদৰে প্ৰভাৱ পেলাইছে?
ৰ৹চৌ৹- দৰ্শকৰ প্ৰকৃতি সলনি হোৱা কথাটো আপেক্ষিক। ভ্ৰাম্যমানে প্ৰদৰ্শন কৰা অভিনয়ে সময়ৰ পৰিবৰ্ত্তনকো নিয়ন্ত্ৰণলৈ আনিব পৰা হ’ব লাগিব। দূৰদৰ্শনত প্ৰচাৰিত ৰমানন্দ সাগৰৰ ‘ৰামায়ণ’ আৰু বি আৰ চোপ্ৰাৰ মহাভাৰতে তাকেই প্ৰমাণ কৰে।

সাহিত্য ডট অৰ্গ: মাননীয় অচ্যুত লহকৰ ডাঙৰীয়া, যাক ভ্ৰাম্যমানৰ জনক বুলি কোৱাৰ পিছতো আজিৰ দিনত অৱহেলিত৷ অভিযোগ-প্ৰতি অভিযোগক যদি একাষৰীয়াকৈ ৰাখোঁ, এই ক্ষেত্ৰত চৰকাৰৰ, প্ৰযোজকসকলৰ আৰু অন্যান্য শিল্পীসকলৰ কৰণীয় কি বুলি আপুনি ভাৱে?
ৰ৹চৌ– ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰ ডাঙৰীয়াই নটৰাজ থিয়েটাৰৰ যোগেদি অসমৰ বুকুত নাট্য আন্দোলনৰ দিশত যি সবল পদক্ষেপ দিলে তাৰ ফলত নাট্যশিল্পী সকলে পালে নাট্য চৰ্চ্চাৰ লগতে অৰ্থ উপাৰ্জনৰ এখন উৰ্বৰ ক্ষেত্ৰ, প্ৰযোজক সকলে পালে ব্যৱসায়ৰ সুৱৰ্ণ সুযোগ। অসমৰ নাট্য সংস্কৃতিলৈ আহিল গৌৰৱৰ নতুন জোৱাৰ। কিন্তু এই সকলোবোৰৰ মূলতে যিগৰাকী ব্যক্তিৰ অক্লান্ত প্ৰচেষ্টা আৰু ত্যাগ জড়িত হৈ আছে, সেই গৰাকী ব্যক্তি গৰাকী আজি কি অৱস্থাত আছে সেয়া ঘুৰি চাবলৈ যেন কাৰোৱেই আহৰি নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক কিবা আছে বুলি মই নাভাবো। চৰকাৰে শিল্পীৰ মৰ্য্যদাৰে তেখেতৰ জীৱিত কালছোৱাত অভাৱ অনুভৱ নকৰাকৈ কটাব পৰাৰ ব্যৱস্থা কৰক। প্ৰযোজক আৰু শিল্পী সকলে তেওঁলোকৰ মাজত ধন সংগ্ৰহ কৰি তেখেতৰ নামত এটি ন্যাস প্ৰতিস্থা কৰি সন্তানে পিতৃৰ সেৱা কৰাৰ দৰে অথবা শিষ্যই গুৰু দক্ষিণা দিয়াৰ ব্যৱস্থা কৰক।

সাহিত্য ডট অৰ্গ: প্ৰায়ে দেখা যায় যে অঘোষিত আৰু অপ্ৰকাশ্যভাৱে ভ্ৰাম্যমানৰ জগতখনত দুটা ফৈদৰ সৃষ্টি হৈছে৷ অভিনয় শিল্পীসকলৰ ক্ষেত্ৰত মঞ্চাভিনয় শিল্পী আৰু ৰূপালী পৰ্দাৰপৰা অহা অভিনয় শিল্পীৰ মাজত, সামাজিক মূল্যবোধৰ বাবে নাট ৰচনা কৰা নাট্যকাৰ আৰু বানিজ্যিক উদ্দেশ্যৰে নাট ৰচনা কৰা নাট্যকাৰৰ মাজত, কষ্টেৰে উপাৰ্জিত ধনেৰে এঢাপ এঢাপকৈ আগবাঢ়ি যোৱা প্ৰযোজকসকল আৰু ক’লা ধনক বগা কৰিবলৈ আহি একেবাৰতে চমক দিয়া প্ৰযোজকসকলৰ মাজত, আনকি সংগীত শিল্পীসকলৰ মাজতো এই দুটা ফৈদ দেখা গৈছে৷ এই বিভাজনে ভ্ৰাম্যমানৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে বুলি আপুনি ভাৱে? ইয়াক প্ৰতিহত কৰাৰ কিবা উপায়?

ৰ৹চৌ৹- মঞ্চ জগত খনৰ পৰা অনা আৰু ৰূপালী পৰ্দাৰ পৰা অহা শিল্পী সকলক লৈ অসমৰ ভ্ৰাম্যমানৰ দুটা ফৈদ সৃষ্টি হোৱা বুলি মই নাভাবো। কাৰণ মঞ্চাভিনেতা বা ৰূপালী পৰ্দাৰ শিল্পী বুলি কোনো শ্ৰেষ্ঠ বা হীন নহয়। কিয়নো এসময়ত অভিনয়ৰ যোগেদি দৰ্শকক সন্মোহিত কৰি ৰখা ধৰণী বৰ্মন, মহানন্দ শৰ্মা, সুৰেন মহন্ত, ৰতন লহকৰ, ভবেশ বৰুৱা আৰু আজিৰ তপন দাস, প্ৰস্তুতি পৰাশৰক দৰ্শক ৰাইজে কোনো ভিন্ন স্তৰত স্থান দিব নিবিচাৰে।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমান থিয়েটাৰে আজিকালি সামাজিক দায়ৱদ্ধতা পালনত ব্যৰ্থ হৈছে নেকি? আপুনি কি কব?
ৰ৹চৌ৹- কথা খিনি আংশিক সত্য।

সাহিত্য ডট অৰ্গ – আমাৰ সকলোৰে অতিকে মৰমৰ অনুষ্ঠান- ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি আপোনাৰ আন্তৰিক বাৰ্তা?
ৰ৹চৌ৹– ভ্ৰাম্যমান থিয়েটাৰ সকলো দিশতে মানৱ কল্যাণকামী হওক।
সাহিত্য ডট অৰ্গ – ‘সাহিত্য ডট অৰ্গ’ৰ সদস্যৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ‌আপোনাৰ বহু মূল্যবান সময় উলিয়াই আমাক ‘মনৰ কথা’ জানিবলৈ সুযোগ দিয়া বাবে।
ৰ৹চৌ৹– ধন্যবাদ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments