ৰক্তপিপাসু : জ্যোতি প্ৰকাশ নাথ

ৰক্তপিপাসু

জ্যোতি প্ৰকাশ নাথ

 

—-ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ নিৰুদ্দেশ—-

কালিৰ ঘটনাটোৰ পৰা ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ মনটো উচপিচাই আছে। কোনো কামতে মনোযোগ দিব পৰা নাই তেওঁ। এই অঞ্জন শৰ্মা বোলা মানুহজন সাধাৰণ মানুহ নহয়। চাৰি বছৰীয়া পুলিচৰ জীৱনত ডেকা পুলিচ বিষয়া কলিতাই কেতিয়াও মানসিক ভাৱে এনেকুৱা শক্তিশালী মানুহ এজন লগ পোৱা নাই। জিলা প্ৰশাসনৰ পৰা পোৱা নিৰ্দেশ অনুসৰি কলিতাই যোৱা এমাহ ধৰি চহৰখনৰ ৰাজপথত বেআইনীভাৱে ৰখাই থোৱা গাড়ী-মটৰ সমূহক উঠাই পথসমূহ মুকলিকৈ ৰখাৰ কামত নিয়োজিত হৈ আছে। তিনিদিন আগতে তেওঁ ব্লাড বেংকৰ সন্মুখত কলা ৰঙৰ নতুন মদেলৰ হুণ্ডাই গাড়ী এখন চালক নোহোৱা অৱস্থাত নো-পাৰ্কিং এলেকাত আৱিষ্কাৰ কৰে। বহু সময় ধৰি মাইক যোগে সতৰ্ক কৰি দিয়াৰ পিছতো কোনো নহা দেখি চিৰাচৰিত ভাৱে তেওঁ গাড়ীখন ক্ৰেং লগাই থানালৈ লৈ আহে। সেইখিনিৰ পৰা থানাৰ দুৰত্ব বৰ বেছি নহয় যদিও অ’ত ত’ত খুন্দা খাই গাড়ীখনত বহুত দাগ লাগে আৰু সোঁফালৰ গ্লাছখন ভাগি থাকে। কালি ৰাতিপুৱা থানালৈ আহি নিশাৰ কৰ্তব্যত থকা বৰ্মন উপাধিৰ চাব্-ইন্সপেক্টৰজনৰ পৰা গম পায় যে অঞ্জন শৰ্মা বোলা মানুহ এজন ৰাতি তিনিবজাত আহি নগদ বিশহেজাৰ টকা দি গাড়ীখন লৈ যায় একো কাগজ পত্ৰ নোহোৱাকৈ। তাৰে নগদ পাঁচ হেজাৰ টকা কলিতালৈ আগবঢ়াই দি বৰ্মনে ক’লে
: কলিতা চাৰ, এইজন মানুহৰ কথা শুনিহে আছিলোঁ, কালি ল’গ পালোঁ। বৰ সাংঘাটিক মানুহ দেই,মোৰ চকুত চকু থৈ ক’লে বোলে মোৰ গাড়ীখন নিবলৈ আহিলোঁ, এয়া চাহ-পানীৰ খৰচ। কিছুমান মানুহক না ক’ব নোৱাৰি, অঞ্জন শৰ্মা তেনেকুৱা ধৰণৰ মানুহ।

কলিতাৰ এইবোৰ একেবাৰেই সহ্য নহয়। সমগ্ৰ চহৰখনতে তেওঁৰ নাম আছে ঘোচ নোখোৱা পুলিচ বুলি।

: বুজিছে বৰ্মন আপোনালোকৰ দৰে মানুহ থকালৈকে ৰাইজে পুলিচক ভাল চকুৰে নাচায়। এতিয়াই কৈ থ’লোঁ, ভৱিষ্যতে যাতে এইবিলাক টকা মোৰ আগলৈ নানে আৰু সেই টকা বিশহেজাৰ থানাতে ৰাখি যাওক। মই এতিয়াই মি: শৰ্মাৰ ঘৰলৈ গৈ গাড়ী আকৌ উভতাই আনিম। সকলো আইনী কাম সমাধা কৰিহে তেওঁ গাড়ী ঘুৰাই পাব।
কনিষ্টবল জনক জিপ্ছী উলিয়াবলৈ দি তেওঁ অঞ্জন শৰ্মাৰ ঘৰৰ ঠিকনা বিচাৰিবলৈ ধৰিলে। ৰাতি তিনিবজাত থানালৈ অহা কথাটো কলিতাই সহজভাৱে লব নোৱাৰিলে।

চহৰখনৰ গাতে লাগি থকা পাহাৰখনলৈ যোৱা ৰাস্তাটোৰে জিপ্ছীখন আগবাঢ়িল। এইখিনিতে মানুহৰ বসতি তেনেকৈ নাই বুলিবই পাৰি। পাহাৰখনৰ সিটো ফালেৰে ব্ৰহ্মপুত্ৰখন বৈ আছে। ৰাস্তাটোৰ দুয়োপিনে বনবিভাগে ৰোপণ কৰা শাৰী শাৰী চেগুণ গছ। পাহাৰৰ একেবাৰে ওখ ঠাই টুকুৰাত প্ৰাচীন মন্দিৰ এটা আছে। তাৰে কিছু নিলগত দুবছৰমান আগতে ৰজাদিনীয়া প্ৰাসাদ এটাৰ ভগ্নাৱশেষ পুৰাতত্ব বিভাগে আৱিষ্কাৰ কৰিছে। প্ৰবাদমতে সেয়া কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰে কোনোবা সামন্তৰ ঘৰ । অৱশ্যে ভালেকেইজন মুধা ফুটা পণ্ডিতেও কাকতে পত্ৰই এই প্ৰবাদ সত্য বুলি মত প্ৰকাশ কৰিছে। মন্দিৰটোৰ ওচৰে পাজৰে কেইঘৰমান বড়ো মানুহৰ ঘৰ। তেওঁলোকে ঘৰত গাহৰি পোহে আৰু ওচৰৰ বজাৰত গাহৰি মাংসৰ ব্যৱসায় কৰে। সন্ধিয়া সময়ত দেশীয় সুৰাৰ সোৱাদ বিচৰা মানুহৰো কিছু সমাগম হয় এই অঞ্চলত। আবকাৰী বিভাগৰ বিশেষ দলৰ সৈতে কলিতাৰ মাজে সময়ে আহি থকা হয় এইফালে, সেয়ে তেওঁ অঞ্চলটো মোটামুটি ভাৱে চিনি পায়। মন্দিৰৰ পৰা নদীখনলৈ নামি যোৱা ৰাস্তাটোৰে অলপমান গৈ তিনিআলি এটা, য’ৰ পৰা চিধাচিধি গৈ থাকিলে সৰু ঘাটটো পায়। তিনিআলিটোৰ পৰা বাওঁফালে ঘুৰি আনটো ৰাস্তা গৈছে পাহাৰখনৰ সিটো মূৰত থকা বড়ো মনুহৰ ঘন বসতি পূৰ্ণ অঞ্চল কছাৰীবস্তিলৈ। সেইপিনে এখন মিছনেৰীয়ে পতা মহাবিদ্যালয়ো আছে। তালৈ অৱশ্যে চহৰ সংযোগী আন এটা পকী পথ আছে। চৰকাৰী দলিলৰ তথ্য অনুসৰি অঞ্জন শৰ্মা নামৰ মানুহজনে তিনিআলিটোৰ পৰা এক কিলোমিটাৰমান আতৰত দুবছৰমান আগতে ঘৰ এটা সাজিছে। সকলোখিনি ভাৱি চিন্তি কলিতাই কিবা এটা ৰহস্যৰ গোন্ধ পালে। মন্দিৰটোৰ ওচৰ পোৱাত জিপ্ছীখন তেওঁ ৰখাবলৈ নিৰ্দেশ দিলে।

মন্দিৰৰ পূজাৰীৰ পৰা পোৱা তথ্য অনুসৰি অঞ্জন শৰ্মাৰ ঘৰটো থকা মাটিখিনি বহু বছৰ আগৰে পৰা ঘাঁহ বন গজি এনেয়ে পৰি আছিল। সাধাৰণ মানুহে সেইফালে যাবলৈ ভয় কৰে। কিবা বোলে অশুভ শক্তিয়ে তাত বাস কৰে। দুবছৰমান আগতে এদিন মানুহে দেখিলে তাত শিল-বালি আদি জমা হৈছে আৰু দক্ষিণ ভাৰতীয় বনুৱা কিছুমানে ঘৰ সজা কামত ব্যস্ত হৈছে। মন্দিৰৰ ওচৰৰ দুজনমান উৎসাহী যুৱকে খবৰ লোৱাত জানিব পৰা গ’ল সেইখিনি মাটিত আগতে অঞ্জন শৰ্মাৰ পূৰ্বপুৰুষে বাস কৰিছিল। তেওঁৰ আজোককাক স্বৰ্গীয় গুণমনি শৰ্মাই ডেকা বয়সতে ঘৰ-মাটি এৰি বৃটিছ মিছনেৰীৰ লগত খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ কামত ওলাই যায়। প্ৰায় ত্ৰিশ বছৰমান পিছত তেওঁ এবাৰ ঘুৰি আহি স্থানীয় বড়ো মানুহখিনিৰ মাজত যিছু খ্ৰীষ্টৰ বাণী প্ৰচাৰ কৰি পাঁচ বছৰমানৰ পিছত আকৌ উভতি যায়। আচৰিত কথাটো হ’ল তেইশ বছৰ বয়সত ঘৰৰ পৰা ওলাই যোৱা গুণমণি শৰ্মা কিন্তু উভতি অহাৰ সময়তো দেখিবলৈ তথা কামে কাজে ত্ৰিশ-পঁয়ত্ৰিশ বছৰীয়া যুৱকৰ দৰেই হৈ আছিল। অঞ্জন শৰ্মাই মিছনেৰী কলেজত জীৱ বিজ্ঞান পঢ়ায়, তেওঁ কোৱা মতে চেন্নাইত থকা তেওঁলোকৰ মূল অফিচৰ পৰা তেওঁক ইয়ালৈ ধৰ্ম প্ৰচাৰৰ লগতে দুখীয়া ল’ৰা-ছোৱালীক উচ্চশিক্ষাৰ দিয়াৰ বাবে পঠিয়াইছে; যিহেতু তেওঁৰ পূৰ্বপুৰুষ এইখন ঠাইৰে মানুহ। পূজাৰীৰ কথাবিলাক মনতে পাগুলি কলিতাই গৈ দুমহলীয়া ঘৰটোৰ সন্মুখত গাড়ী ৰখালে। প্ৰকাণ্ড এটা চৌহদ, প্ৰায় তিনি বিঘা মান মাটি হ’ব বুলি কলিতাই অনুমান কৰিলে। মূল গেটখনৰ পৰা পঞ্চাশ মিটাৰমান আতৰত থকা ঘৰটোলৈ সোমাই যাবলৈ পকী ৰাস্তা এটা আছে। ৰাস্তাৰ দুই ফালে হাবিয়নিৰ ৰূপ লোৱা ফুলনি এখন, চৌহদটোৰ বাকী অংশ আন গছা-গছনিৰে ভৰা। ঘৰটো চাৰিওপিনে এনেকৈ গছ-গছনিৰে আবৰা যে কলিতাৰ গুহা এটালৈ সোমাই গৈ থকা যেন অনুভৱ হ’ল। সন্মুখৰ পৰা দেখিবলৈ পোৱা সকলো দুৱাৰ খিৰিকী বন্ধ। বাৰাণ্ডাত থিয় হোৱাৰ লগে লগে দৰজা খুলি প্ৰায় ছফুটমান ওখ সুন্দৰ চেহেৰাৰ মানুহ এজন ওলাই আহি কলিতাক আচৰিত কৰি ক’লে

: মই ভাবিছিলোঁৱেই থানাৰ পৰা নিশ্চয় কোনোবা আহিব সোধ-পোছৰ বাবে, আহক আহক ভিতৰলৈ আহক, মই অঞ্জন শৰ্মা, এই ঘৰটো মোৰেই।

মানুহজনক দেখিয়েই কলিতা আচৰিত হৈ গ’ল, তেওঁৰ গাত কিবা সন্মোহন শক্তি থকাৰ দৰে লাগিল, সেয়ে চকুলৈ পোনে পোনে নাচাই কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়াই দিলে। কিন্তু কলিতা উচপ খাই উঠিল, শৰ্মাৰ হাতখন বৰফৰ দৰে চেঁচা। কিবা এটা সুধিবলৈ খুজিও তেওঁ সুধিব নোৱাৰিলে। ভাবিলে ডিচেম্বৰ মাহ যেতিয়া অতিপাত ঠাণ্ডাৰ কাৰণেও তেনেকুৱা হ’ব পাৰে। ভিতৰলৈ সোমাই কিবা অদ্ভুত অনুভৱ হ’ল কলিতাৰ, ভয় লাগিল নে কি হ’ল তেওঁ থিৰাং কৰিব নোৱাৰিলে। কলিতাই সৰুৰে পৰাই মাকৰ বাদে আন কাকো ভয় কৰি পোৱা নাই, আচলতে একোকে ভয়েই নালাগে তেওঁৰ। ঘৰটোৰ ভিতৰখন কিবা সেমেকা ধৰণৰ। তেওঁ জোতা বাহিৰত খুলি থৈ আহিছিল যদিও মোজা পিন্ধি আছিল, তথাপিও মজিয়াৰ কাৰ্পেটখন কিবা তিতি থকা যেন লাগিল। কোঠাটোৰ মাজতে পুৰণিকলীয়া চোফা চেট এটা আছে তাৰ বাহিৰে আন আচবাব কলিতাৰ চকুত নপৰি ভাবিলে এইটো বহা কোঠাই হ’ব। মূল দৰজাখন বন্ধ কৰি দিয়াৰ পিছত কোঠাটোৰ ভিতৰলৈ কেনিও সূৰ্যৰ পোহৰ নোসোমোৱা যেন লাগিল। পাতল ৰঙচুৱা পোহৰ এটাই কোঠাটো আবৰি আছে কিন্তু আচৰিত ধৰণে তাৰ উৎস ক’ত কলিতাই ধৰিব নোৱাৰিলে। শৰ্মাই বহিবলৈ ইংগিত দি নিজে আন এখন চোফাত বহি লৈ পোনপটীয়াকৈ ক’লে

: মি: কলিতা আইন ভঙ্গ কৰাৰ বাবে মই অত্যন্ত দুঃখিত আৰু লজ্জিতও। কিন্তু মোৰ গাড়ীখন মোৰ খুউৱ দৰকাৰ হৈছে কাৰণে মই এনেকৈ লৈ আহিব লগীয়া হ’ল। সেইদিনা বৰ লৰালৰিকৈ গাড়ীখন তাতে এৰি যাবলগীয়া হ’ল আৰু দুদিন ধৰি চহৰৰ পৰা আঁতৰি থাকিবলগীয়া হ’ল। কালি দুপৰীয়া আহি পাই বিচাৰ-খোঁচাৰ কৰিহে গম পালোঁ গাড়ীখন থানাত আছে বুলি আৰু লৰালৰিকৈ গৈ লৈ আহিলোঁ।

কলিতাই চোফাখনত বহি অস্বস্তি পাইছিল কাৰণ চোফাখনো কিবা সেমেকি থকা যেন লাগিছিল। সেয়ে শৰ্মাৰ কথাত সিমান মন দিব পৰা নাছিল। যিজন কলিতাই বহু ডাঙৰ ডাঙৰ অফিচাৰ তথা মন্ত্ৰী এমেলেৰ আগতো কথা ক’বলৈ ভয় নকৰে তেওঁ অলপ ইতস্ততঃ কৈ ক’লে

: কিন্তু মি: শৰ্মা আপুনি আইন অমান্য কৰিছে আৰু পুলিচক ঘোচ দিয়াৰ অপৰাধ কৰিছে, তাৰ বাবে আপোনাৰ শাস্তি গুৰুতৰ হ’ব পাৰে বুলি আপুনি জানেনে? মই আপোনাৰ গাড়ীখন আকৌ থানালৈ লৈ যাবলৈ আহিছোঁ, আইনমতে সকলো সমাধা কৰি আপোনাৰ টকাৰ লগতে গাড়ী ঘুৰাই লৈ আহিব।

: আমি যিখন সমাজত জীয়াই আছোঁ তাত আপোনাৰ দৰে পুলিচ অফিচাৰে মোক একো শাস্তি দিব নোৱাৰে, ধনৰ লোভ বৰ সাংঘাতিক। আপোনাৰ বয়স কম সেইবাবে উৎসাহী হৈ আছে। কথাবিলাক ভালকৈ চিন্তা কৰিবলৈ শিকক তাৰ পাছত কেতিয়াবা কেতিয়াবা আপোনাক লগ পাম, এতিয়া আপুনি যাব পাৰে।

অঞ্জন শৰ্মাৰ বজ্ৰশীতল কণ্ঠত যেন গোটেই পাহাৰখনেই কালি দুপৰীয়া কাঁহ পৰি জীণ

গৈছিল এনেকুৱা লাগিছিল কলিতাৰ। যাৰ মাত্ৰ এটা ধমকনিত বৰ বৰ গুণ্ডা বদমাছে কথা ক’বলৈ পাহৰি যায় তেনেকুৱা পুলিচ এজনে কালি বিনা বাক্যই সেই ঘৰটোৰপৰা ওলাই আহিছিল। সেয়ে কালিৰেপৰা তেওঁ থিৰেৰে থাকিব পৰা নাই। যিমানেই ভাবিছে সিমানেই অঞ্জন শৰ্মা নামৰ মানুহজন এটা অশৰীৰী অস্তিত্ব নিজৰ গাৰ চাৰিওপিনে কলিতাই অনুভৱ কৰিছে। মানুহজন সমাজসেৱী মিছনেৰী যদি হয়েই তেন্তে অপৰাধীৰ দৰে এনেকুৱা কথা কিয় ক’লে আৰু তেওঁ পৰিচয় নিদিয়াকৈ কলিতাৰ নামেই বা কেনেকৈ জানিলে। তদুপৰি ৰাতি তিনিটাত গাড়ীখন নিবলৈ তেওঁ কিয় থানালৈ আহিছিল, দিনত কিয় নাহিল। তেওঁক দেখিলে বয়স চল্লিশ মান যেন লাগিলেও মুখলৈ চালে একেবাৰে বিশ একৈশ বছৰীয়া ডেকা ল’ৰা যেন লাগে। তেওঁৰ কথা বতৰাবোৰ আকৌ বহু বয়সীয়াল মানুহৰ দৰে। আটাইতকৈ ডাঙৰ কথা মানুহজনৰ সন্মুখত কলিতাই বৰ অসহায় অনুভৱ কিয় কৰিলে। কালি ৰাতিও ভালকৈ টোপনি নহ’ল তেওঁৰ। শেষ ৰাতি চিলমিল টোপনিত তেওঁ এটা ভয়ানক সপোন দেখিলে। তেওঁ দেখিলে ৰাতি তিনি বজাত তেওঁৰ ম’বাইলত থানাৰ পৰা বাৰ্তা আহিছে বড়ো বস্তিৰ পৰা এজনী ছোৱালীয়ে ফ’ন কৰিছে পুলিচৰ সহায় বিচাৰি। কলিতাই ততাতৈয়াকৈ জিপ্ছী দৌৰাই গৈছে ঘটনাস্থলী অভিমুখে। যাওঁতে অঞ্জন শৰ্মাৰ ঘৰৰ সন্মুখেৰেই গৈছে। কিন্তু ই কি ? দিনত মৰিশালী সদৃশ হৈ থকা ঠাই টুকুৰা ৰাতি দিনৰ পোহৰৰ লেখীয়া উজ্জল হৈ আছে আৰু ঘৰটোৰ ভিতৰৰ পৰাও উজ্জল ৰঙা পোহৰ নিৰ্গত হৈ আছে। ৰাস্তাৰ পৰাই কলিতাই স্পষ্টকৈ দেখিলে শৰ্মাই হাত বাউল দি তেওঁক ভিতৰলৈ মাতিছে আৰু মন্ত্ৰমুগ্ধৰ দৰে কলিতাও গাড়ীৰ পৰা নামি ঘৰটোলৈ সোমাই গৈছে। শৰ্মাৰ শৰীৰৰ ৰঙ শেঁতা পৰা আৰু পিন্ধনতো এটা বগা হলৌ চোলা, কিন্তু চকু দুটা আৰু মুখ খন ভয়লগা ধৰণে ৰঙা পৰি আছে। তেওঁৰ হাতৰ আঙুলিৰ নখবোৰ দীঘল আৰু জোঙা চুৰীৰ দৰে ধৰাল, দাঁতবিলাকো জোঙা জোঙা, মুখৰ হনু দুটা তললৈ অদ্ভুত ধৰণে ওলাই অহা আৰু কাণ দুখনো ওপৰৰ পিনে জোঙা। কোঠাটোৰ সোঁমাজতে থকা বিছনাখনত এজনী উলংগ ছোৱালী শুই আছে, দেখাত মৃত্যু হোৱা যেন লাগিছে যদিও চকুৰে যেন সকলো চাই আছে। ছোৱালীজনীৰ ডিঙিৰ পৰা অবিৰাম তেজৰ সোঁত বৈছে। শৰ্মাই কলিতাক ছোৱালীজনীৰ পিনে আগুৱাই গৈ সেই তেজবোৰ চেলেকি চেলেকি খাবলৈ ধৰিলে আৰু কলিতাকো খাবলৈ ইংগিত দিলে। কলিতাইও সন্মোহিতৰ দৰে একেদৰেই তেজ খাবলৈ মুখ মেলোঁতেই সাৰ পাই নিজকে বিছনাত আৱিষ্কাৰ কৰিলে। ডিচেম্বৰ মাহৰ ঠাণ্ডাতো তেওঁৰ শৰীৰ ঘামত তিতি আছিল।

কনিষ্টবল তিলক ভূঞাই উৎকণ্ঠিত হৈ ক’লে

: ছাৰ বড়ো বস্তিত এজনী ছোৱালীৰ মৃতদেহ পোৱা গৈছে বুলি এইমাত্ৰ পেট্ৰ’লিঙত থকা বৰ্মন ছাৰে খবৰ দিছে আৰু আপোনাৰ নিৰ্দেশ কি সুধিছে।

: এতিয়াই মই গৈ আছোঁ বুলি কোৱা।

চহৰ সংযোগী পকী ৰাস্তাৰে জিপ্ছী দৌৰাই দহ মিনিটত কলিতা আহি ঘটনাস্থলীত উপস্থিত হ’ল। মৃতদেহটো ঘৰৰ পিছফালৰ পুখুৰীটোৰ পাৰত পৰি আছে সম্পূৰ্ণ উলংগ অৱস্থাত, অৱশ্যে দৰ্শনাৰ্থীৰ উৎপাতত পুলিচে এখন ত্ৰিপালেৰে ঢাকি থ’বলগীয়া হৈছে। কলিতাই ওচৰলৈ গৈ ত্ৰিপালখন গুচাই উচপ খাই উঠিল। ছোৱালীজনীৰ মুখখন ইমান চিনাকি চিনাকি কিয় লাগিছে বাৰু। হয় হয় এইজনী তেওঁ কালি সপোনত দেখা ছোৱালীজনীয়ে হয়, আৰু এয়া কি ছোৱালীজনীৰ শৰীৰটো একেবাৰেই শেঁতা পৰি আছে যেন গাত অকণো তেজ নাই। কলিতাই কথাবিলাক খৰকৈ ভাবিবলৈ ধৰিলে। তেওঁ যেন ঘটনাবিলাকৰ এটা যোগ সূত্ৰ বিচাৰি পালে। বৰ্মনক মৃতদেহ প’ষ্টম’ৰ্টেমলৈ পঠিয়াবলৈ কৈ অঞ্জন শৰ্মাৰ ঘৰলৈ বুলি জিপ্ছী দৌৰালে।

ঘৰটো পোৱাৰ আধা কিলোমিটাৰমান মান আতৰত গাড়ীখন ৰখাই কলিতাই খোজ কাঢ়ি আগবাঢ়িল হাবিৰ মজেৰে যাতে ঘৰটোৰ পাছফালে ওলাব পাৰি। সীমাৰ ওখ পকী দেৱালখন নিঃশব্দে পাৰ হ’ল কলিতাই। ইতিমধ্যে চহৰখনলৈ সন্ধ্যা নামি আহিছে। ঘৰটো আগফালে যিমান ডাঙৰ যেন লাগে পিছফালে তেনেকুৱা নালাগিল। তেওঁ দেখিলে পিছফালে ঘৰটোলৈ সোমাই যোৱা এখন দুৱাৰ অলপমান খুলি থোৱা আছে আৰু ভিতৰৰ পৰা ক্ষীণ ৰঙচুৱা পোহৰ আহিছে অলপ অলপকৈ। কলিতাই অকণো শব্দ নকৰাকৈ সেইফালেৰে সোমাই গ’ল আৰু এটা ঠেক ক’ৰিডৰ পালে। ক’ৰিডৰৰ সিটো মূৰত বগাকৈ কিবা এটা চকামকাকৈ বিপৰীত ফালে সোমাই যোৱা দেখিবলৈ পালে। তাক অনুসৰণ কৰিবলৈ আৰম্ভ কৰোঁতে কলিতাৰ কিবা এটা অদ্ভুত অনুভৱ হ’ল। তেওঁ যেন এই পৃথিৱীত নাই কিবা বেলেগ ঠাইতহে আছে। ক’ৰিডৰটো যেন লাহে লাহে বতাহত মিহলি হৈ গ’ল আৰু তেওঁ নিজকে অঞ্জন শৰ্মাৰ সেই বহা কোঠাটোত আৱিস্কাৰ কৰিলে। কোঠাটোৰ সোমাজতে থকা বিছনাখনত শৰ্মা বহি আছে তেওঁৰ পিনে চাই। শৰ্মাৰ দাঁতকেইটা ভয়লগাকৈ জোঙা হৈ পৰিছে আৰু জিভাখন ৰঙা হৈ আছে। চকুৰে যেন ৰঙা জুই ওলাই আছে। তেওঁ স্পষ্টকৈ কোৱা কলিতাই শুনিবলৈ পালে “কলিতা আপুনি ভাগৰুৱা, আহক মোৰ বিছনাখনত এবাৰ শুই লওকহি………….।“ সেই একেই বজ্ৰ শীতল কণ্ঠ, কিন্তু শৰ্মাৰ ওঁঠ দুটা লৰচৰ কৰা যেন দেখা নগ’ল। একেই বিকৃত হাঁহিৰে তেওঁ কলিতালৈ চাই আছে। মন্ত্ৰমুগ্ধৰ দৰে কলিতা আগবাঢ়ি গ’ল বিছনাখনৰ পিনে। তেওঁ দেখিলে তেওঁৰ গাত থকা খাকী পোছাকযোৰ আৰু নাই, সম্পূৰ্ণ নগ্ন দেহাৰে কলিতাই বিছনাখনত শুই পৰিল। লাহে লাহে শৰ্মাৰ জোঙা দাঁতবোৰ তেওঁৰ পিনে আগবাঢ়ি আহিল, নিজকে বৰ ভাগৰুৱা যেন লাগিল কলিতাৰ আৰু মধুৰ আমেজত তেওঁ চকু দুটা মুদি দিলে।

পৰিশিষ্ট: ম’বাইল ফ’নত বহুবাৰ ৰিং কৰাৰ পিছতো ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ পৰা একো সঁহাৰি নোপোৱাত চাব-ইন্সপেক্টৰ বৰ্মনে বিচাৰি গৈ এটা আওহতীয়া ৰাস্তাত তেওঁৰ জিপ্ছী খন আৱিষ্কাৰ কৰিলে। কিন্তু এমাহ ধৰি বহু বিচাৰ-খোঁচাৰ কৰিও কলিতাৰ একো সূং-সূত্ৰ নাপাই বৰ্মনে ডায়েৰিত লিখিলে “ইন্সপেক্টৰ অপূৰ্ব কলিতা ইছ মিছিং, অন দি ইনভেষ্টিগেছ’ন ডিউটি অব এ আনছ’লভ্দ ষ্ট্ৰেঞ্জ মাৰ্ডাৰ কেছ…”

><><><><><><><><><><><><><><><><><><><><><><><><><><><

[“ৰক্তপিপাসু” এটা একেধৰণৰ গল্পৰ শৃংখল য’ত প্ৰতিটো গল্পৰ মাজত ঘটনাৰ সংযোগ থাকিব। “ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ নিৰুদ্দেশ” এই গল্প শৃংখলৰ প্ৰথমটো গল্প।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments