ৰঙা চৰ্দাৰৰ মুক্তিপণ (মৃদুল কুমাৰ শৰ্মা)

ৰঙা চৰ্দাৰৰ মুক্তিপণ- (The Ransom of Red Chief)
মূল- অ’ হেনৰী
ভাবানুবাদ- মৃদুল কুমাৰ শৰ্মা
—————————–

(১)

দেখোঁতে কথাটো ভালেই আছিল- পিছে ৰ’ব, গোটেইখিনি শুনি লওক আগেয়ে৷ অপহৰণ কৰাৰ দুৰ্বুদ্ধিটো মূৰলৈ অহাৰ সময়ত বিল ড্ৰিস্কল আৰু মই দক্ষিণফালে আছিলো, আলাবামাত৷ বিলে পিছত কোৱা মতে, সেই সময়ত হেনো আমাক কিবা ভূত নহ’লে বীৰাই লম্ভিছিল৷

আলাবামাৰ ওচৰতে ছামিট নামৰ চহৰ এখন আছিল, যাৰ বাসিন্দাসকল আছিল তেনেই নিমাখিত, হোজা আৰু সহজে সন্তুষ্ট হোৱা প্ৰকৃতিৰ খেতিয়ক৷

বিল আৰু মোৰ যুটীয়া মূলধন আছিল প্ৰায় ছশ ডলাৰ আৰু পশ্চিম ইলিনইত এটা ঠগবাজী ধাণ্ডা চালু কৰিবলৈ আমাৰ আৱশ্যক আছিল দুহেজাৰ ডলাৰ৷ হোটেলৰ সন্মুখৰ খটখটীত বহিয়েই আমি গুণা-গঁথা কৰিছিলোঁ এই বিষয়ে৷ আমাৰ দুয়োৰে মতে সাধাৰণতে এনেকুৱা অৰ্ধ-গ্ৰাম্যাঞ্চলবোৰৰ লোকৰ অপত্য স্নেহ কিছু বেছিয়েই থাকে; গতিকে এটা ‘অপহৰণ প্ৰকল্প’ এনেকুৱা ঠাইত সফল হোৱাৰেই সম্ভাৱনা অধিক৷ তদুপৰি এনেকুৱা ঠাইত খবৰৰ মচলা বিচাৰি কোনো সাংবাদিকো নাহে৷ বৰ বেছিৰ বেছি ছামিটৰ পৰা ধেকুৰা কুকুৰ কেইটামান লগত লৈ দুজনমান কনিষ্টবল ওলাব পাৰে আমাৰ সন্ধানত৷ অৱশ্যে “সাপ্তাহিক কৃষি সংবাদ”ত এটা দুটা গৰিহণা পৰিব পাৰে৷ গতিকে গোটেই দিশৰ পৰাই পৰিকল্পনাটো ভালেই দেখিলো৷

আমাৰ বলিৰ পঠা হিচাপে বাচি ল’লো ইবেনজাৰ ডৰছেট্ নামৰ এক নামজাদা লোকৰ একমাত্ৰ পুত্ৰক৷ ডৰছেট্ এক খামিডাঠ পুৰুষ আছিল আৰু তেখেতে ‘সুনাম’ সহিতে বন্ধকীৰ ব্যৱসায় চলাই আছিল৷ মুখত ফুট ফুট দাগ আৰু ঠিক পুৰণি আলোচনীৰ বেটুপাটৰ ৰঙৰ দৰেই ৰঙচঙীয়া চুলিৰ অধিকাৰী পুত্ৰৰ বাবে তেওঁ যে দুহেজাৰ ডলাৰ অতি সহজে দিব তাত আমাৰ কোনো সন্দেহেই নাছিল৷ ৰ’ব ৰ’ব, আগতে গোটেইখিনি শুনি লওকচোন৷

ছামিটৰ পৰা প্ৰায় দুমাইল আঁতৰত ঘন জংঘলেৰে ভৰা এখন সৰু পৰ্বত আছিল আৰু তাৰেই পিছফালে থকা এটা গুহাত আমি ঘাটি পাতি যোগাৰ-যন্ত্ৰ কৰিলো৷ এদিন সাঁজ লাগি ভগাৰ পিছত আমি দুয়ো এখন বাগীত উঠি ডৰছেটৰ ঘৰৰ ওচৰ পালোগৈ৷ ল’ৰাটোৱে ৰাস্তাতে আছিল আৰু সিহঁতৰ ঘৰৰ বিপৰীত দিশত থকা জেওৰাখনত উঠি থকা মেকুৰী পোৱালি এটালৈ শিলগুটি দলিয়াই আছিল৷

বিলে তাক মাতিলে, “সোণটো ঔ, চকলেট খাই খাই আমাৰ লগত বাগীত উঠি ফুৰিব যাবা নেকি?”

(২)

সৰু হ’লেও ল’ৰাটোৰ নিচান ভালেই আছিল৷ ইটাৰ টুকুৰাটো বিলৰ চকুত ভালদৰেই লগালে সি! গালি-শপনি পাৰি বিলে ক’লে, “বুঢ়াই আৰু পাঁচশ ডলাৰ বেছিকৈ ভৰিব লাগিব এইটোৰ কাৰণে”৷

ল’ৰাটোক ধৰাৰ সময়ত ভাল যুদ্ধ এখনেই হ’ল আৰু সি এটা দুইমোনীয়া ভালুকৰ দৰেই পৰাক্ৰম দেখুৱালে৷ অৱশেষত তাক ধৰি বাগীখনত উঠাই আমি গুচি আহিলো৷ গুহালৈ আহি পোৱাৰ পিছত মই ঘোঁৰাটো গছ এডালত বান্ধিলো৷ এন্ধাৰ নামি অহাৰ পিছত মই বাগীখন তিনি মাইল দূৰৈৰ সৰু গাঁও এখনত থৈ আহিলো য’ৰ পৰা আমি বাগীখন ভাড়ালৈ আনিছিলোঁ৷ উভতি আহোঁতে খোজকাঢ়িয়েই আহিলো পৰ্বতখনলৈ৷

মই আহি পাই দেখোঁ বিলে তাৰ ঘাঁ আৰু ছাল-বাকলি যোৱা ঠাইবোৰত প্লাষ্টাৰ লগাই আছে৷ গুহাটোৰ প্ৰবেশদ্বাৰৰ ঠিক মুখতে থকা প্ৰকাণ্ড শিলটোৰ পিছফালে একুৰা জুই ধৰি থোৱা আছিল৷ মূৰৰ ৰঙা চুলিত দুটা চিলনী পাখি লগাই আমাৰ পণবন্দীয়ে জুইকুৰাত তুলি থোৱা এটা পাত্ৰত কফি উতলোৱা চাই আছে৷ মোক দেখা পাই সি মোলৈ এডাল লাঠি টোঁৱাই ক’লে-
“ঐ শেঁতাপৰা মৰকেলেপটো৷ ভৈয়ামৰ আতংক, ৰঙা চৰ্দাৰৰ গুহাত সোমাবলৈ সাহস আছে?”

‘এতিয়া তাক ভালেই দেখিছ’, পটলুনটো ওপৰলৈ কোঁচাই ভৰিৰ ক’লা পৰি উঠা আঘাতবোৰ পৰীক্ষা কৰি বিলে ক’লে৷ ‘আমি ইণ্ডিয়ান ইণ্ডিয়ান খেলিলো৷ মোৰ দৰে গোনা ম’হ হেন মানুহটোক সি নাম দিছে বুঢ়া হেংক৷ মই হেনো নোমৰ বাবে জন্তু ফান্দ পাতি ধৰিবলৈ আহোতে সি মোক ধৰি বন্দী কৰি থৈছে৷ আৰু কাইলৈ কাহিলি পুৱাতেই মোৰ মূৰৰ ছালখন বখলিয়াব৷ ভাই, এই ল’ৰাটোৱে বৰ জোৰে গোৰ মাৰিব পাৰে দেই৷’

হয়, ডাঙৰীয়া! সেই ল’ৰাটোৱে জীৱনত নোপোৱাই পোৱাদি ফুৰ্টি কৰিছিল৷ এটা গুহা শিবিৰত এনেদৰে ৰং-তামাচা কৰিবলৈ পাই সি পাহৰিয়ে গৈছিল যে সিহে আচলতে পণবন্দী৷ সি লগে লগে মোক এক গুপ্তচৰ সাজি সাপ-চকুৱা নামেৰে বিভূষিত কৰিলে আৰু ঘোষণা কৰিলে যে, যেতিয়া তাৰ বীৰ সৈন্যবোৰ যুদ্ধৰ পৰা উভতি আহিব তেতিয়া সূৰ্যোদয়ৰ লগে লগে মোক কাঠৰ খুঁটাত বান্ধি জুইত পুৰিব৷

তাৰ পিছত আমি ৰাতিৰ আহাৰ খাবলৈ ল’লো, আৰু সি মুখত একেলগে মাংস, পাউৰুটী আৰু তৰকাৰী ভৰাই লৈ পেকপকনি আৰম্ভ কৰিলে৷ গোটেই খোৱাৰ সময়জুৰি সি দিয়া ভাষণটো এনেকুৱা আছিল:
‘মোৰ এনেকৈয়ে ভাল লাগিছে৷ মই কেতিয়াও এনেদৰে বাহিৰত শিবিৰত থকা নাই; কিন্তু মোৰ এটা পোহনীয়া কেৰ্কেটুৱা আছিল আৰু যোৱাবছৰ মোৰ নৱম জন্মদিন আছিল৷ মই ইচ্কুললৈ যাবলৈ বেয়া পাওঁ৷ জিমি টেলবটৰ খুড়ীয়েকৰ কুকুৰাজনীৰ ষোল্লটা কণী এন্দুৰে খাই পেলালে৷ সৌ অৰণ্যখনত সঁচাসঁচিকৈ কোনোবা ইণ্ডিয়ান আছেনে? মোক আৰু অলপ তৰকাৰী লাগে৷ গছবোৰ লৰচৰ কৰিলে বতাহ বলে নেকি? আমাৰ পাঁচটা কুকুৰ পোৱালি আছিল৷ হেংক, তোমাৰ নাকটো কিয় ইমান ৰঙা পৰিছে? মোৰ দেউতাৰ বহুত টকা আছে৷ তৰাবোৰ গৰম নেকি? শনিবাৰে মই এড ৱাকাৰক দুবাৰ চাবুকেৰে কোবাইছিলোঁ৷ মই ছোৱালীবোৰক বেয়া পাওঁ৷ ৰছী এডাল নহ’লে ভেকুলী ধৰিবলৈ সাহসেই কৰিব নোৱাৰা৷ ষাঁড় গৰুৱে শব্দ কৰেনে? সুমথিৰা কিয় ঘুৰণীয়া হয়? এই গুহাটোত শুবলৈ তোমালোকৰ বিচনা-পাতি আছেনে? এম’ছ মুৰেৰ ভৰিত ছয়টা আঙুলি আছে৷ ভাটৌৱে কথা ক’ব পাৰে কিন্তু বান্দৰ বা মাছে নোৱাৰে৷ কি কি যোগ কৰিলে বাৰ হ’ব?

(৩)

প্ৰতি কেইমিনিটমানৰ মূৰে মূৰে তাৰ মনত পৰে যে সি হ’ল এক ৰেড ইণ্ডিয়ানৰ চৰ্দাৰ আৰু তাৰ লাঠিৰে সাজি লোৱা ৰাইফলটো উঠাই লৈ খুপি খুপি খোজ দি গুহাৰ মুখলৈ গৈ কোনো ‘ঘৃণনীয় শেঁতামুখীয়া’ৰ চোৰাংচোৱা আহিছে নেকি চাই আহেগৈ৷ মাজে মাজে সি এটা বিকট যুদ্ধনিনাদ মুখেৰে উলিয়ায় যিটো শুনিলেই ‘বুঢ়া হেংক’ৰ কঁপনি উঠে৷ বেচেৰা বিলক ল’ৰাটোৱে আৰম্ভণিৰ পৰাই সন্ত্ৰষ্ট কৰি থৈছিল৷
-‘অ’, ৰঙা চৰ্দাৰ৷ ঘৰলৈ যাবা নেকি?’ মই সুধিলোঁ৷
-‘এহঃ, কিহলৈ বা?’ সি ক’লে৷ ’মই ঘৰত অলপো ধেমালি কৰিব নাপাওঁ৷ মই ইচ্কুললৈ যাব বেয়া পাওঁ৷ মই জংঘলত থাকিব ভাল পাওঁ৷ তুমিতো মোক আকৌ ঘৰলৈ লৈ নোযোৱা নহয় সাপ-চকুৱা, নিবা নেকি বাৰু?’
-’ঠিক এতিয়াই নহয়৷’, মই উত্তৰ দিলোঁ৷ ’আমি এই গুহাতেই বেচ কিছুদিন থকিম৷’
-’ঠিক আছে! বঢ়িয়া হ’ব৷ মোৰ গোটেই জীৱনত কেতিয়াও এনেদৰে ফুৰ্তি কৰা নাছিলোঁ৷’ ৰঙা চৰ্দাৰে ক’লে৷

প্ৰায় এঘাৰ বজাত আমি শুবলৈ যো-জা কৰিলোঁ৷ কেইখনমান বহল কম্বল আৰু লেপ পাৰি লৈ ৰঙা চৰ্দাৰক আমি মাজত শুৱাই ল’লো৷ সি পলাই যাব পাৰে বুলি আমাৰ মুঠেও ভয় লগা নাছিল৷ তিনি ঘণ্টামান সি আমাক শুবলৈ নিদিলে৷ মাজে মাজে সি জাঁপ মাৰি উঠি তাৰ ৰাইফলটো খেপিয়াব ধৰে, আৰু বিল আৰু মোৰ কাণত ’চচচচচ্! বাঘ,’ এনেকুৱা কিছুমান শব্দ কৰে যেন কোনোবা গুপ্ত শত্ৰু হাতত সাৰে ভৰিত সাৰে গুহালৈ আহোঁতে ভৰিৰ গচকত গছৰ শুকান তলসৰা পাত ভঙা শব্দহে সি শুনি পাইছে৷ অৱশেষত বহু কষ্টৰ মূৰত মোৰ টোপনি আহিল, আৰু সপোনত দেখিলো যে মোক এক ৰঙাচুলীয়া নৃশংস জলদস্যুৱে অপহৰণ কৰি নি এডাল গছত শিকলিৰে বান্ধি থৈছে৷

কাহিলি পুৱাতেই মই বিলৰ কেইটামান অদ্ভুত চিঞৰ শুনি সাৰ পাই উঠিলোঁ৷ পুৰুষৰ কণ্ঠনলীৰ পৰা নিৰ্গত হ’ব পৰা কোনোধৰণৰ ধ্বনি বা মাতৰ লগতেই সেই বিকট চিঞৰকেইটাক ৰিজাব নোৱাৰি৷ ভূত বা বিছা দেখিলে যেনেদৰে কোনো মহিলাই ভয়াৰ্ত চিঞৰ মাৰে প্ৰায় তেনেকুৱাই আছিল সেই কেইটা চিঞৰ৷ বিলৰ দৰে শকত, পাহোৱাল, উগ্ৰ এজন লোকে ঢলপুৱাতেই গুহা এটাত অসহায় ভাবে মৰা চিঞৰকেইটা বৰ শ্ৰুতিমধুৰ নাছিল৷

ঘটনাটো কি চাবলৈ মই জাঁপ মাৰি উঠিলোঁ৷ বিলৰ চুলিকোঁচা এখন হাতেৰে খামোচ মাৰি ধৰি ৰঙা চৰ্দাৰ বিলৰ বুকুত বহি আছিল৷ আনখন হাতত আমি মাংস কাটিবলৈ ব্যৱহাৰ কৰা ধাৰাল চুৰীখন লৈ সি বিলৰ মূৰৰ ছালখন চেলাবলৈ বৰ উৎসাহেৰে চেষ্টা চলাই আছিল, যোৱা সন্ধিয়া সি বিলৰ বিৰুদ্ধে দিয়া ৰায়দানটোৰ মতে৷

(৪)

মই ল’ৰাটোৰ হাতৰ পৰা চুৰীখন কাঢ়ি আনি তাক পুনৰ শুৱাই দিলোঁ৷ কিন্তু সেই মুহূৰ্তৰ পৰাই বিল মানুহটো কিবা মৰামুৱা হৈ পৰিল৷ সি বিচনাত আনফালে শুই পৰিল কিন্তু চকু জপাই আৰু শুবলৈ চেষ্টা নকৰিলে৷ মই এঘুমতি মাৰিলো যদিও ভালদৰে পোহৰ হ’বলৈ ধৰাৰ লগে লগে মনত পৰিল সূৰ্যোদয় হোৱাৰ লগে লগে আজিতো মোক জ্বলাই মৰাৰ কথা৷ মই চিন্তিত হোৱা নাছিলোঁ বা ভয়ো খোৱা নাছিলোঁ; কিন্তু উঠি বহি পাইপডাল জ্বলাই শিল এটাত আউজি ল’লো৷

-‘ছেম, ইমান সোনকালে কেলেই উঠিলিনো?’, বিলে সুধিলে৷

-‘মই? অসঃ নাই, এনেয়ে৷ কান্ধত এটা বিষ উঠিছে৷ ভাবিলোঁ উঠি বহিলে সকাহ পাম চাগৈ৷’, মই ক’লো৷

‘তই এটা মিছলীয়া!’, বিলে ক’লে৷ ‘তই ভয় খাইছিলি৷ তোক সূৰ্যোদয়ৰ লগে লগে পুৰি মৰাৰ কথা আছিল আৰু সি সেইটো কৰিবই বুলি তোৰ ভয় লাগিছিল৷ জুইশলা এটা বিচাৰি পালে সি সেইটোকে কৰিলেহেঁতেন৷ এইটো বৰ কিবা অদ্ভুত কথা নহ’লনে? তই ভাব নেকি এই বিহৰ গুটিটোক ঘূৰাই পাবলৈ কোনোবাই আমাক পইচা দিব?’

‘নিশ্চয় দিব!’ মই ক’লো৷ ‘তাৰ নিচিনা উৎপতীয়া ল’ৰাবোৰক মাক-বাপেকবোৰে বৰ মৰম কৰে৷ এতিয়া তই আৰু চৰ্দাৰে মিলি পুৱাৰ জলপানৰ দিহা কৰ আৰু মই পৰ্বতৰ ওপৰৰ পৰা অলপ পৰিস্থিতি চাই আহোঁ৷’

সৰু পৰ্বতখনৰ শিখৰটোৰ ওপৰলৈ উঠি মই চৌদিশে এপাক চকু ফুৰালো৷ ছামিটৰ দিশলৈ চাওঁতে মই আশা কৰিছিলোঁ হাতে হাতে কাঁচি আৰু হুলাবাৰি লৈ ৰাস্তাৰ দুয়োদিশ কোবাই কোবাই ছামিটৰ গাঁওৰক্ষী বাহিনীটোৱে দুদ্ধৰ্ষ অপহৰণকাৰীবোৰক বিচাৰি চৌদিশ চলাথ কৰি ফুৰিব৷ কিন্তু মই যি দেখিলো সেয়া আছিল এজন খেতিয়কে এটা মুগা বৰণৰ খচ্চৰেৰে মাটি চহাই থকাৰ এক শান্ত সমাহিত দৃশ্য৷ কোনেও অলপো মূৰ ঘমোৱা নাছিল৷ “গোটেইখন বিচাৰি চলাথ কৰিলোঁ, কিন্তু ল’ৰাটোৰ শুংসূত্ৰ নাপালোঁ”- ঠিক এনেকুৱা বাৰ্তা দিবলৈ অহা কোনো লোককে দেখা নাপালোঁ৷ আলাবামাৰ উপকণ্ঠৰ যিমানদূৰলৈ মোৰ চকু গ’ল সকলোতে এক শান্ত, গাঁৱলীয়া, কানীয়া ভাব বিৰাজমান কৰাহে দেখা পালো৷ ’বোধহয় কুকুৰনেচীয়াই যে ভেড়াৰ ছাল চেলাই নিলে কথাটো চাগে এতিয়ালৈকে কোনো গমেই পোৱা নাই৷ কুকুৰনেচীয়াৰ জয় হওক৷’ এইবুলি মই নিজকে কৈ তললৈ নামি আহিলো পুৱাৰ জলপান খাবলৈ৷

(৫)

গুহা আহি পাই মই দেখোঁ যে, বিলে ফোঁপাই ফোঁপাই গুহাৰ বেৰত লিপিত খাই আউজি আছে আৰু ল’ৰাটোৱে সৰু নাৰিকল এটাৰ সমান ডাঙৰ শিল এটা লৈ তাক মাৰিম বুলি ভাবুকি দি আছে৷

বিলে ক’বলৈ ধৰিলে, ’সি মোৰ পিঠিত প্ৰচণ্ড গৰম সিজোৱা আলু এটা থৈ ভৰিৰে চেপেটা কৰি দিলে; আৰু মই তাক কাণতলীয়া ঘোঁচা এটা মাৰিলো৷ ছেম, তোৰ লগত বন্দুক পিষ্টল কিবা আছে নেকি?’

মই ল’ৰাটোৰ হাতৰ পৰা শিলটো কাঢ়ি ল’লো আৰু দুয়োৰে মাজত একপ্ৰকাৰ মিটমাট কৰিলোঁ৷ ’মই তোমাক চাই ল’ম,’ বিললৈ চাই ল’ৰাটোৱে ক’লে৷ ’আজিলৈকে ৰঙা চৰ্দাৰৰ ওপৰত কোনেও হাত দঙা নাছিল, কিন্তু তুমিতো মজাপালি পাবাই৷ ভালদৰে সাৱধান কৰি দিলোঁ!’

জলপান খোৱাৰ পাছত ল’ৰাটোৱে জেপৰ পৰা ৰচীৰে মেৰিওৱা চামৰা এটুকুৰাৰ পেচ খুলি খুলি গুহাৰ বাহিৰলৈ ওলাই গ’ল৷

‘এতিয়া বা সি কি কৰে?’ বিলে উদ্গ্ৰীৱ হৈ ক’লে৷ ‘ছেম, সি পলাই যাব পাৰে বুলি নাভাবনে?’

‘সেইটোৰ কোনো ভয় নাই৷’, মই ক’লো৷ ‘সি বৰ ঘৰখুন্দা ল’ৰা নহয় যেন লাগিছে৷ কিন্তু এতিয়া আমি মুক্তিপণৰ পৰিকল্পনাটো কৰিব লাগে৷ ছামিটৰ ফালে সি হেৰোৱা কথাটো লৈ বিশেষ একো চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা নাই, বোধহয় সিঁহতে চাগে সি যে হেৰাইছে সেইটো গমেই পোৱা নাই ছাগে৷ সি জেন খুড়ী নতুবা কাষৰ কোনোবা এঘৰৰ তাত ৰাতি থকা বুলিও ভাবিব পাৰে৷ বাৰু, আজি তাৰ বিচাৰ-খোচাৰ হ’বই৷ আজি ৰাতিয়েই আমি তাৰ দেউতাকক দুহেজাৰ ডলাৰৰ মুক্তিপণ বিচাৰি খবৰ এটা দিব লাগিব৷

ঠিক তেনেতে আমি এটা যুদ্ধ নিনাদ শুনা পালো, যেন ডেভিদে পৰাক্ৰমী গোলিয়াথক ধৰাশায়ী কৰি উঠি মৰা নিনাদটোহে৷ ৰঙা চৰ্দাৰে জেপৰ পৰা এটা বাটলু উলিয়াই মূৰৰ ওপৰেৰে তীব্ৰ জোৰে ঘূৰাই আছিল৷

মই তৎক্ষণাত আঁতৰি দিলো, আৰু শুনিলো এটা শব্দ, “ধুম”, আৰু লগে লগে বিলৰ মুখেৰে সৰি পৰিল এটা আৰ্ত হুমুনিয়াহ৷ এটা কণীৰ সমান ডাঙৰ ক’লা শিলটো বিলৰ বাওঁকাণৰ থিক পিছফালে লাগিছিল৷ জুইৰ ওপৰত পাতি থোৱা বাচন ধুবলৈ গৰমপানী কৰা পাত্ৰটোৰ ওপৰত বিল ঢেলপোঙা খাই পৰিল৷ মই তাক চোঁচোৰাই টানি উলিয়ালো আৰু আধা ঘণ্টামান মূৰত ঠাণ্ডা পানী ঢালিলো৷

(৬)

লাহে লাহে বিল উঠি বহিল আৰু কাণৰ পিছফালে চুই চুই ক’লে, ‘ছেম, মোৰ আটাইতকৈ প্ৰিয় বাইবেলীয় চৰিত্ৰ কোন জাননে?’

‘চব ঠিক হৈ যাব, তই এতিয়াই ভাল পাই যাবি৷’, মই ক’লো৷

‘ৰজা হেৰড,’ বিলে ক’লে৷ ‘তই মোক ইয়াত অকলে এৰি থৈ গুচি নাযাবি দেই ছেম৷’

মই বাহিৰলৈ ওলাই গৈ ল’ৰাটোক ধৰিলোঁ আৰু খুব জোৰকৈ তাক জোকাৰিলোঁ৷
‘যদি তই ভালদৰে নাথাক মই তোক চিধা ঘৰত থৈ আহিম৷ এতিয়া ভাল ল’ৰাৰ দৰে থাকিবি নে নাই ক?’ মই ক’লো৷

‘মই ধেমালিহে কৰি আছিলো,’ সি মুখখন এন্ধাৰ কৰি ক’লে৷ ’মই বুঢ়া হেংকক আঘাত কৰিব খোজা নাছিলোঁ৷ কিন্তু সিনো মোক মাৰিছিল কেলেই? মই ভালল’ৰাৰ দৰেই থাকিম সাপ-চকুৱা, যদিহে তুমি মোক ঘৰলৈ নপঠোৱা আৰু মোক আজি ব্লেক স্কাউট খেলিবলৈ দিয়া৷’

‘মই সেই খেলটো নাজানো৷ সেইটো তুমি আৰু মিষ্টাৰ বিলে মিলি ঠিক কৰি লোৱা৷ আজি দিনটোৰ কাৰণে তেওঁ তোমাৰ খেলৰ লগৰীয়া৷ মই আলপ কামত ওলাই গৈ আছো৷ এতিয়া তুমি তেওঁক আঘাত কৰা বাবে ক্ষমা খোজা আৰু মিলামিছা কৰা৷ নহ’লে এতিয়াই চিধা ঘৰ পাবাগৈ৷’ এইবুলি কৈ মই তাক বিলৰ লগত কৰমৰ্দন কৰাই দিলো আৰু বিলক একাষৰীয়াকৈ মাতি নি ক’লো যে মই তিনি মাইল দূৰৰ ’পপলাৰ ক’ভ’ নামৰ সৰু গাঁও এখনলৈ গৈ ছামিটত ঘটনাটোৰ কি প্ৰতিক্ৰিয়া ঘটিছে যি পাৰো জানি আহো৷ মুক্তিপণৰ পৰিমাণ আৰু ক’ত কেনেকৈ দিব লাগিব এই বিষয়ে খাৰংখাচকৈ এখন চিঠি লিখি আজিয়েই বুঢ়া ডৰছেটক পৌচাই দিয়াতো ভাল হ’ব বুলি ভাবিছোঁ৷

‘ভাই ছেম, তই জানই৷ আজিলৈকে ভূমিকম্প, বানপানী, জুৱাখেল, ডিনামাইট ফুটোৱা, পুলিচৰ তালাচী, ৰেল ডকাইতি আৰু ধুমুহা আদি সকলোতে মই তোৰ কাষত আছো৷ এই দুঠেঙীয়া ধুমকেতুটোক অপহৰণ কৰাৰ আগমুহূৰ্তলৈকে মই কেতিয়াও কোনো কথাতে বিচলিত হোৱা নাছিলোঁ৷ ইয়েই মোৰ মাথাটো খাই পেলালে৷ তই মোক তাৰ লগত বেছি দেৰিলৈকে এৰি থৈ নাযাৱতো ছেম?’ বিলে ক’লে৷

মই ক’লো, ’মই আবেলি সময়তে আহি পাম৷ মই ঘূৰি আহি নোপোৱালৈকে তই ল’ৰাটোক ফুচুলাই ঠাণ্ডা কৰি ৰাখিব লাগিব৷ আহ, এতিয়া বুঢ়া ডৰছেটলৈ চিঠিখন লিখোহি৷’

(৭)

বিল আৰু মই কাগজ কলম লৈ চিঠি লিখা আৰম্ভ কৰিলো আৰু ইফালে ৰঙা চৰ্দাৰে কম্বল এখন গাত মেৰিয়াই লৈ গুহাৰ মুখত এবাৰ ইফালে এবাৰ সিফালে অহা যোৱা কৰি পহৰা দিবলৈ ধৰিলে৷ বিলে কন্দনামুৱা হৈ মোক মুক্তিপণটো দুহেজাৰৰ পৰিৱৰ্তে পোন্ধৰশ কৰিবলৈ কাবৌ কৰিলে৷ বিলে ক’বলৈ ধৰিলে, ‘মই পিতৃ-মাতৃৰ অপত্য স্নেহৰ নৈতিক দিশটো উলাই বা অপমান কৰিব চেষ্টা কৰা নাই কিন্তু আমি মানুহৰ লগত কাম কৰি আছো আৰু এই ফাপৰে খোৱা জংঘলী মেকুৰীটোৰ কাৰণে দুহেজাৰ ডলাৰ পেলাবলৈ বাধ্য কৰাতো নিতান্তই অমানৱীয় হ’ব৷ মোৰ হিচাপত পোন্ধৰশ ডলাৰেই ঠিক হ’ব৷ তোৰ ভাগত কম পৰাখিনি মোৰ পৰাই লৈ লবি দে৷’

গতিকে, বিলক সকাহ দিবলৈ তাৰ কথাত মান্তি হ’লো আৰু আমি দুয়ো মিলি লিখা চিঠিখন এনেকুৱা আছিল:

প্ৰতি,
ইবেঞ্জাৰ ডৰছেট্ ডাঙৰীয়া:

আমি আপোনাৰ পুত্ৰক ছামিটৰ পৰা বহু দূৰৈৰ এখন ঠাইত লুকুৱাই থৈছো৷ আপুনি বা আন কোনো ওস্তাদ অনুসন্ধানকাৰীয়ে তাক বিচাৰি বৃথা প্ৰচেষ্টা নচলোৱাতোৱেই ভাল৷ মাত্ৰ তলৰ চৰ্তকেইটা মানি ল’লেই আপুনি তাক ঘূৰাই পাব: মুক্তিপণ হিচাপে পোন্ধৰশ ডলাৰ আমাক দিব লাগিব ডাঙৰ নোটেৰে; টকাখিনি আজি মাজনিশা তলত বৰ্ণনা দিয়া ঠাইটুকুৰাত থকা বাকচটোত থৈ দিব য’ত তাৰআগতে আপুনি আমাৰ পত্ৰৰ উত্তৰ দিয়াব৷ যদি আমাৰ চৰ্ত মঞ্জুৰ আছে, তেন্তে আপোনাৰ উত্তৰ লিখিত ৰূপত আজি ৰাতি চাৰে আঠবজাত এজন বাৰ্তাবাহকৰ হাতত দি পঠিয়াব৷ বাৰ্তাবাহকক অকলে পঠিয়াব৷ ঔল ক্ৰিক পাৰ হৈ, পপলাৰ ক’ভলৈ যোৱা পথত, ঘেঁহুপথাৰখনৰ বেৰাৰ সোঁফালে এশ খোজ মান দূৰত তিনিডাল ডাঙৰ ডাঙৰ গছ আছে৷ তিনি নম্বৰ গছডালৰ সমুখত থকা বেৰা-খুটিটোৰ তলত এটা সৰু চন্দুক পাব৷ আপোনাৰ দূতে আপোনাৰ উত্তৰ এই চন্দুকটোতে থৈ লগে লগে ছামিটলৈ উভতি যাব৷ যদি বিশ্বাসঘাটকতা কৰে বা আমাৰ কৰা দাবী মানি লোৱাত বিফল হয়, তেন্তে আপুনি আপোনাৰ ল’ৰাক আৰু কাহানিও দেখা নাপায়৷
যদি আপুনি আমাৰ দাবী মতে ধনৰাশি দিয়ে, আপোনাৰ ল’ৰাক তিনি ঘণ্টাৰ ভিতৰতে সুস্থ অৱস্থাত ঘূৰাই পাব৷ এই চৰ্তকেইটা চূড়ান্ত, আৰু যদি আপুনি সেইকেইটা মানি নলয়, পুনৰাই কোনো যোগাযোগ কৰা নহ’ব৷

ইতি,
দুজন উগ্ৰ মানুহ৷

(৮)

মই চিঠিখনত ডৰছেটৰ ঠিকনা লিখি জেপত ভৰাই ল’লো৷ মই ঠিক যাবলৈ ওলাইছিলোৱেই, এনেতে ল’ৰাটোৱে আহি ক’লে, ’অ’, সাপ-চকুৱা, তুমি যে কৈছিলা যে তুমি যোৱাৰ পিছত মই ব্লেক স্কাউট খেলিবলৈ পাম৷’

‘নিশ্চয় খেলিবা,’ মই ক’লো৷ ’মিষ্টাৰ বিলে তোমাৰ লগত খেলিব৷ এইটো কেনেধৰণৰ খেলনো?’

‘মই হম ব্লেক স্কাউট আৰু মই গড়ৰ কাষলৈ গৈ তাৰ বাসিন্দাবোৰক সাৱধান কৰি দিম যে ইণ্ডিয়ানবোৰ আহি আছে৷ মই নিজে ইণ্ডিয়ান হৈ হৈ আমনি পাইছোঁ৷ মই এইবাৰ ব্লেক স্কাউট হ’ব বিচাৰো৷’ ৰঙা চৰ্দাৰে ক’লে৷

‘ঠিক আছে৷ এইটো বৰ ভয়ানক খেল যেন লগা নাই মোৰ৷ মিষ্টাৰ বিলে বদমাচবোৰৰ বিপক্ষে তোমাক সহায় কৰিব৷’ এইবুলি মই ল’ৰাটোক ক’লো৷

‘মই কি কৰিব লাগিব?’ সন্দেহৰ চাৱনিৰে ল’ৰাটোলৈ চাই বিলে সুধিলে৷

‘তুমি ঘোঁৰা হ’বা,’ ব্লেক স্কাউটে ক’লে৷ ‘তুমি আঠুকাঢ়ি মাটিত হাতদুখন পাতি লোৱা৷ এটা ঘোঁৰা নোহোৱাকৈ মই গড়টোলৈ কেনেকৈ যাম বাৰু?’

বিলক মই ক’লো, ’আমাৰ কামটো হৈ নুঠালৈকে কিবাকৈ তাক ফুচুলাই ৰাখচোন৷’

বিলে আঠুকাঢ়ি লৈ চাৰিঠেঙীয়া হ’ল৷ শহাপহু এটা ফান্দত ধৰাৰ সময়ত তাৰ চকুদুটা যেনেকুৱা হয় ঠিক তেনেকুৱা কৰুণ ভাব এটা বিলৰ মুখত দেখা দিলে৷

‘গড়টোলৈ কিমান দূৰ ঔ বোপাই?’ বিলে শেহাই শেহাই সুধিলে৷

‘নব্বৈ মাইল,’ ব্লেক স্কাউটে উত্তৰ দিলে৷ ‘আৰু সঠিক সময়ত সেইখিনি পাবলৈ তুমি জঁপিয়াই জঁপিয়াই যাব লাগিব৷ হেই হেই হেই৷ হুৰৰৰৰৰৰ!’

ব্লেক স্কাউট বিলৰ পিঠিত জাঁপ মাৰি উঠিল আৰু তাৰ ভৰিৰ গেৰোৱাদুটা বিলৰ কৰঙণত খুচি ল’লে৷

‘হে ভগবান! ভাই ছেম, যিমান পাৰ সোনকালে গুচি আহিবি দেই৷ এতিয়া ভাবিছো মুক্তিপণটো হেজাৰ ডলাৰৰ ওপৰত কৰিবই নালাগিছিল৷ বিলে ক’লে৷ ‘ঐ, গুৰিয়াই নাথাকিবি নহ’লে মই ঠিয় হৈ দিম আৰু ভাল মজাপালি পাবি৷’

মই পপলাৰ ক’ভলৈ খোজকাঢ়ি গৈ ডাকঘৰ আৰু দোকানবোৰৰ ওচৰত বহি তাত বস্তু বেচিবলৈ অহা বেপাৰীবোৰৰ লগত কথা পাতিবলৈ ধৰিলোঁ৷ এজনে ক’লে যে ইবেঞ্জাৰ ডৰছেটৰ ল’ৰাটো হেৰালে নাইবা কোনোবাই চুৰ কৰিলে আৰু সেইকাৰণে গোটেই ছামিটখনেই দুখত ম্ৰিয়মান হৈ পৰিছে৷ বচ, ইমানখিনিয়ে মোৰ জনাৰ প্ৰয়োজন আছিল৷ ক’লা মটৰমাহৰ দামটো এনেয়ে সুধি মই অলপ ধঁপাত কিনিলোঁ আৰু সাউৎকৈ গৈ চিঠিখন ডাকত দিলোঁ৷ প’ষ্টমাষ্টৰজনে ক’লে যে ছামিটলৈ ডাক নিবলৈ এঘণ্টা পিছত ডাকগাড়ী আহিব৷

(৯)

গুহা আহি পাই মই দেখোঁ যে, বিল আৰু ল’ৰাটোৰ এটাও নাই৷ গুহাৰ ওচৰে পাজৰে চালো, এটা দুটা উকি মাৰিও চালো, কিন্তু কাৰো উমঘাম নাই৷
কিনো ঘটে চাওঁ বুলি মই পাইপডাল জ্বলাইলৈ শেলুৱৈৰে ভৰা গড়া এটাত বহিলোঁ৷

প্ৰায় আধাঘণ্টামান পিছত মই জোপোহাবোৰ খৰমৰাই উঠা শুনিলোঁ, আৰু গুহাটোৰ সমুখৰ মুকলি ঠাইডোখৰত বিল ভুটুংকৈ ওলালহি৷ তাৰ ঠিক পিছফালে ল’ৰাটোৱে স্কাউটৰ দৰে খুপি খুপি খোজ দি দাঁত নিকটাই হাঁহি আছিল৷ বিলে ৰৈ মূৰৰ পৰা টুপীটো খুলি ল’লে আৰু এখন ৰঙা ৰুমালেৰে মুখখন মচি ল’লে৷ ল’ৰাটো তাৰ প্ৰায় আঠফুট পাছফালে ৰৈ থাকিল৷

বিলে মোলৈ চাই ক’লে, ‘ছেম, হয়তো তই মোক পলৰীয়া বুলি ভাবিবি, কিন্তু মই এইটো নকৰি নোৱাৰিলো৷ এজন মতামানুহৰ থাকিবলগীয়া পুৰুষসূলভ গুণবোৰ আৰু আত্মৰক্ষাৰ অভ্যাস মোৰ আছে৷ কিন্তু এটা সময় আহে যেতিয়া গৰ্ব, অহংকাৰ এই ব্যৱস্থাবোৰে হাৰ মানে৷ ল’ৰাটো গ’ল৷ মই তাক ঘৰলৈ পঠালোঁ৷ খেল খতম৷ প্ৰাচীন কালত ছহিদসকলে আত্মসমৰ্পণ নকৰি তিল তিলকৈ মৃত্যুক সাৱটি লৈছিল৷ কিন্তু কোনেও মোৰ নিচিনাকৈ এনে ‘অতিপ্ৰাকৃতিক’ অত্যাচাৰ সহিব লগা হোৱা নাছিল৷ মই আমাৰ “ধ্বংস অনুচ্ছেদ”ৰ বিশ্বাসভংগ নকৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাৰো সীমা আহি পৰিল৷

‘সমস্যাটো কি হৈছে বিল?’ মই তাক সুধিলোঁ৷

’মোক ঘোঁৰা দৌৰালে গড়টোলৈ৷ পূৰা নব্বৈ মাইল, এক ইঞ্চিও বাদ নিদিয়াকৈ৷’ বিলে ক’লে৷ ’তাৰ পিছত যেতিয়া তাৰে বাসিন্দাসকলক উদ্ধাৰ কৰা হ’ল, মোক ওট্চ খাবলৈ দিলে৷ বালি জানো খাব পৰা বস্তু? আৰু তাৰ পিছত, এঘণ্টাজুৰি মই তাক বুজাবলগাত পৰিল ফুটাৰ ভিতৰত কিয় একো নাথাকে, ৰাস্তা এটা কেনেকৈ দুফালে যাব পাৰে আৰু ঘাঁহবোৰ কিয় সেউজীয়া হয়৷ ছেম, মানুহে ইয়াতকৈ আৰু বেছি সহ্য কৰিব নোৱাৰে৷ মই তাৰ চোলাটোৰ গলাবন্ধত ধৰি পৰ্বতৰ তললৈ চোঁচোৰাই লৈ গ’লো৷ গোটেই পথছোৱাত সি গুৰিয়াই গুৰিয়াই মোৰ আঠুৰ তলৰ পৰা ভৰি দুখন ক’লা কৰি পেলালে; আৰু মোৰ বুঢ়া আঙুলি আৰু হাতৰ দুই তিনি ঠাইত কামুৰি জোলা ফুটাই পেলালে৷

‘কিন্তু সি এতিয়া গ’ল’, ঘৰলৈ গ’ল৷’ বিলে বকিয়ে থাকিল৷ ‘মই তাক ছামিটলৈ যোৱা ৰাস্তাটো দেখুৱাই দিলো আৰু এটা গোৰ মাৰি আঠফুট নিলগত পেলাই দিলো৷ মুক্তিপণটো হেৰুওৱা বাবে মই দুখ পাইছোঁ কিন্তু হয় মুক্তিপণ পালিহেঁতেন নতুবা বিল ড্ৰিস্কল পগলাফাটেকত থাকিলহেঁতেন৷’

(১০)

বিলে ফোঁপাই জোঁপাই আছিল যদিও তাৰ গুলপীয়া মুখমণ্ডলত কিবা এক বুজাব নোৱাৰা ধৰণৰ শান্তি আৰু ভৰপুৰ সুখে বিৰাজ কৰিছিল৷

মই সুধিলো, ‘বিল, তহঁতৰ পৰিয়ালত কাৰো হৃদ্যন্ত্ৰৰ বেমাৰ নাই নহয়?’

‘নাই,’ বিলে উত্তৰ দিলে৷ ‘সঘনাই হোৱা মেলেৰিয়া আৰু দুৰ্ঘটনাৰ বাহিৰে একো নাই৷ কেলেই সুধিলি?’ ‘তেন্তে এবাৰ ঘূৰি লৈ তোৰ পিছফালে চাচোন’ মই তাক ক’লো৷

পিছফালে ঘূৰাৰ লগে লগে বিলে ল’ৰাটোক দেখা পালে আৰু তাৰ মুখখন মুজুৰা পৰি গ’ল৷ সি ধুপুচকৈ মাটিত বহি দিলে আৰু জধেমধে ঘাঁহবোৰ আজুৰি আজুৰি ছিঙিবলৈ ধৰিলে৷ এঘণ্টামানৰ বাবেতো মই সি পগলা হ’ল বুলি ভয়েই খাই আছিলোঁ৷ তাৰপিছত মই তাক ক’লো যে মোৰ পৰিকল্পনামতে গোটেই কামটো অতি শীঘ্ৰেই সমাপন কৰিম আৰু এবাৰ মুক্তিপণটো পোৱাৰ পিছত মাজনিশাৰ ভিতৰতে এইটোৰ লেঠা ছিঙিম, যদিহে বুঢ়া ডৰছেটে আমাৰ প্ৰস্তাবটোৰ মতে কাম কৰে৷ কথাটো শুনি বিলে নিজকে কিবাকৈ চম্ভালি লৈ ল’ৰাটোৰ ফালে চাই দুৰ্বলচিতীয়া হাঁহি এটা মাৰিলে আৰু গাটো অলপ ভাল পালেই ’জাপানী যুদ্ধ’ এখনত ৰাচিয়ান হৈ তাৰ লগত খেলিব বুলি কথা দিলে৷

ধৰা পৰাৰ অলপো আশংকা নোহোৱাকৈ মুক্তিপণটি হস্তগত কৰাৰ মই যিটো যোজনা তৈয়াৰ কৰিছিলোঁ সেইটোক ঘাগু অপহৰণকাৰীয়েও বাহবা নিদিয়াকৈ থাকি নোৱাৰে৷ যিডাল গছৰ তলত উত্তৰটো এৰি থৈ যোৱাৰ কথা আৰু আগলৈ টকাখিনিও দিয়াৰ কথা, সেইডাল পথৰ বেৰৰ দাঁতিতে আছিল আৰু তাৰ চৌদিশ জুৰি আছিল ডাঙৰ, মুকলি পথাৰ কেইখনমান৷ যদি কনিষ্টবলৰ গোট এটাই লুকাই খেপ পিতি থাকে কোনে চিঠি নিবলৈ আহে চাবলৈ, সিহঁতে তাক পথাৰখন পাৰ হওঁতে নাইবা পথত দেখিবই৷ কিন্তু সেইটো মুঠেই নহ’ব ডাঙৰীয়া! চাৰে আঠ বজাৰ লগে লগে মই সেই গছডালত উঠি এটা পাতবেঙৰ দৰেই লুকাই পৰিলো আৰু বাৰ্তাবাহক অহালৈ অপেক্ষা কৰিব ধৰিলোঁ৷

ঠিক সময়মতে, এটা চেমনীয়া ল’ৰাই এখন চাইকেল চলাই পথটোৰে আগুৱাই আহিল আৰু বেৰৰ খুঁটিৰ তলত বাকচটো বিচাৰি উলিয়াই লৈ, তাত জাপি থোৱা কাগজৰ টুকুৰা এটা ভৰাই দিলে আৰু পেডেল মাৰি মাৰি ছামিটৰ দিশে উভতি গ’ল৷

মই এঘণ্টা অপেক্ষা কৰিলো আৰু বুজি উঠিলোঁ যে এতিয়া আৰু একো গোলমাল হোৱাৰ সম্ভাৱনা নাই৷ মই চুঁচৰি গছডালৰ পৰা নামি আহি চিঠিখন লৈ, বেৰখনৰ দাঁতিয়েদি বগুৱাবাই জংঘলৰ ভিতৰত সোমালো আৰু আধাঘণ্টা পিছত পুনৰ গুহাত সোমালোহি৷ চিঠিখন মেলি লৈ মই লেমটোৰ ওচৰলৈ গ’লো আৰু বিলক পঢ়ি শুনালো৷ কাউৰীঠেঙীয়া আখৰেৰে লিখা চিঠিখনৰ কথাখিনিৰ সাৰমৰ্ম তথা মূলভাব এনেকুৱা আছিল:

(১১)

প্ৰতি,

দুজন উগ্ৰ মানুহ৷

হে ভদ্ৰলোকদ্বয়: মোৰ ল’ৰাটোক ঘূৰাই দিয়াৰ বিনিময়ত আপোনালোকে দাবী কৰা মুক্তিপণ সম্বন্ধে লিখা আপোনালোকৰ পত্ৰখন আজিৰ ডাকত পালো৷ মই ভাবো যে আপোনালোকৰ দাবীটো অলপ বেছি হৈছে, আৰু মই ইয়াৰদ্বাৰাই আপোনাসবক এক প্ৰতি-প্ৰস্তাৱ আগবঢ়ালো, যিটো মই বিশ্বাস কৰিবলৈ বাধ্য যে আপোনালোকে গ্ৰহণ কৰিবই৷ আপোনালোকে জনীক ঘৰলৈ ঘূৰাই লৈ আনক আৰু মোক নগদ দুশ পঞ্চাশ ডলাৰ দিয়ক, আৰু মই তাক আপোনালোকৰ হাতৰ পৰা ওভোতাই ল’বলৈ ৰাজী আছো৷ আপোনালোকে ৰাতি অহাই ভাল হ’ব, কিয়নো ওচৰ চুবুৰীয়াই জানে সি হেৰোৱা বুলি, আৰু তাক ঘূৰাই লৈ অহাজনক সিহঁতে দেখা পালে যি কৰিব তাৰ কাৰণে মই জগৰীয়া হ’ব নোৱাৰোঁ৷
সন্মানপূৰ্বকভাবে,

ইতি,
ইনেঞ্জাৰ ডৰছেট্৷

‘কটা ডকাইত! অভদ্ৰৰ চূড়ামণি–’, মোৰ মুখেৰে নিৰ্গত হ’ল৷

কিন্তু মই বিলৰ ফালে চাই ইতঃস্ততঃবোধ কৰিলোঁ৷ মই তাৰ চকুত এক বোবা আবেদনৰ চাৱনি দেখা পালো৷

‘ছেম,’ সি মোক ক’লে, ‘দুশ পঞ্চাশ ডলাৰনো কি কথানো বাৰু? আমাৰতো টকা আছেই৷ আৰু এনিশা আমাৰ লগত থাকিলে এই ল’ৰাটোৱে মোক পাগলখানাত ভৰ্তি কৰাব৷ তদুপৰি, এজন সদাশয় ভদ্ৰলোক হিচাপে মিষ্টাৰ ডৰছেটে আমাক উদাৰ প্ৰস্তাবেই দিছে৷ তই এই সুযোগটো অথলে যাব দিবি জানো?’

‘সঁচা কথাটো তোক কওঁ বিল,’ মই ক’লো, ‘এই সৰু প্ৰাণীটোৱে মোকো বেচ জ্বালা দিছে৷ আমি তাক ঘৰলৈ লৈ যাওঁ, মুক্তিপণটো আদায় দিওঁ আৰু পলাও ব’ল৷’

সেই ৰাতিয়েই আমি তাক ঘৰলৈ লৈ গ’লো৷ দেউতাকে তাৰ বাবে এটা ৰূপ খটোৱা ৰাইফল আৰু এযোৰ ৰেড ইণ্ডিয়ানে পিন্ধা জোতা কিনি থৈছে আৰু পিছদিনা আমি ভালুক চিকাৰ কৰিবলৈ যাম বুলি কৈহে তাক নিয়াব পাৰিলোঁ৷

যেতিয়া আমি ইবেঞ্জাৰৰ ঘৰৰ সমুখৰ দুৱাৰত টোকৰ মৰিছিলোঁ তেতিয়া ঠিক বাৰ বাজিছিলে৷ যিটো মুহূৰ্তত মই গছৰ তলৰ চন্দুকটোৰ পৰা পোন্ধৰশ ডলাৰ উলিয়াই ল’ব লাগিছিল, আমাৰ আগৰ যোজনামতে, সেই মুহূৰ্তত বিলে গণি গণি দুশ পঞ্চাশ ডলাৰ ডৰছেটৰ হাতত দিছিল৷

যেতিয়া ল’ৰাটোৱে ধৰিব পাৰিলে যে আমি তাক ঘৰত থৈ যাম, সি জাহাজত বজোৱা শিঙা এটাৰ দৰে আটাহ পাৰিবলৈ ধৰিলে আৰি বিলৰ ভৰি এখনত জোক এটাৰ নিচিনাকৈ মেৰিয়াই ধৰিলে৷ প্লাষ্টাৰ এৰুওৱাৰ দৰে বাপেকে তাক লাহে লাহে এৰুৱাই নিলে৷

(১২)

‘আপুনি তাক কিমান সময় ধৰি ৰাখিব পাৰিব?’ বিলে প্ৰশ্ন কৰিলে৷

‘মোৰ আগৰদৰে গাত সিমান শকতি নাই৷ কিন্তু মই ভাবো দহ মিনিটমান পাৰিম চাগে৷’ বুঢ়া ডৰছেটে ক’লে৷

‘যথেষ্ট,’ বিলে ক’লে৷ ‘দহ মিনিটত মই মধ্য, দক্ষিণ আৰু মধ্য পশ্চিম ৰাজ্য কেইখন পাৰ হৈ কানাডাৰ সীমান্ত পামগৈ৷’

দৌৰাত মই বেচ পাকৈতেই আছিলোঁ৷ তথাপি সেই ঘোৰ অন্ধকাৰ ৰাতি, পেটুৱা বিলক মই ছামিটৰ দেৰ মাইলমান বাহিৰতহে পুনৰ লগ ধৰিব পাৰিলোঁ৷

-সমাপ্ত-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments