শ্ৰীমন্ত শংকৰদেৱৰ কাপত “ৰাসলীলা” : অসমীয়া কাব্যসাহিত্যলৈ অনন্য অৱদান -(স্মৃতিৰেখা ভূঞা)

(কাব্য সাহিত্য বিশেষ)

শ্ৰীমন্ত শংকৰদেৱৰ কাপত ৰাসলীলা” : অসমীয়া কাব্যসাহিত্যলৈ অনন্য অৱদান
-স্মৃতিৰেখা ভূঞা

শ্ৰীমন্ত শংকৰদেৱ অসমীয়া সাহিত্য আকাশৰ ভোটাতৰা। প্ৰকৃতি জগতৰ বৰ্ণনা, ভক্তিৰসৰ সহজ-সৰল ব্যাখ্যাত অদ্বিতীয় মহাপুৰুষজনাই পৌৰাণিক অসমীয়া কাব্যসাহিত্যৰ এক সুদৃঢ় ভেটি স্থাপন কৰি গৈছে। তেওঁ শ্ৰীমদ্ভাগৱতখন অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াইছিল। ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম অংশত কৃষ্ণৰ ৰাসলীলাৰ বৰ্ণনা আছে। মুঠ পাঁচটা অধ্যায়ত থকা ৰাসলীলাৰ বৰ্ণনাক একেলগে ৰাস পঞ্চাধ্যায় বুলি কোৱা হয়। তদুপৰি কীৰ্তনঘোষাত তেওঁ ৰাসলীলাৰ কাহিনীৰে ওঠৰটা কীৰ্তন ৰচনা কৰিছে। অসমীয়া পটভূমিত কৃষ্ণৰ ৰাসলীলাৰ চিত্ৰায়ণ তেওঁৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন।
ঋতু বৰ্ণনাত শংকৰদেৱৰ সমকক্ষ কবি নাই। দশম স্কন্ধ ভাগৱতৰ শৰত বৰ্ণনাত তেখেতে শৰতৰ অপৰূপ চিত্ৰ অঙ্কণ কৰিছে।
“শৰত কালৰ যত মহাগুণ
সবেয়ো বিদিত হৈল।।
গগণ নিৰ্মল স্বচ্ছ ভৈল জল
দূৰ গৈল মেঘগণ।
মহাসুখকৰ সুৰভি শীতল
বহ্নে বায়ু সৰ্বক্ষণ।।
পক্ষী কৰৈ ধ্বনি সৰোবৰ চানি
বিকশিত পুষ্পবন।
যেন যোগভ্ৰষ্ট দুনাই অভ্যাসিয়া
কৰিল নিৰ্মল মন।“
শৰতৰ এই মধুক্ষণত চন্দ্ৰাৱলী ৰাতি গোপীসহিতে কৃষ্ণই ৰাসলীলাত মগ্ন হয়।
“শৰত কালে চন্দ্ৰাৱলী ৰাতি।
দিব্য ৰাসক্ৰীড়া কৰিলা আতি।।
পঞ্চম ৰাগে গীত গাইলা হৰি।
শুনি মোহ ভৈলা গোপ সুন্দৰী।।“
 
ৰস শব্দৰ আদ্যাক্ষৰ “ৰ”ৰ পিছত “ আ-কাৰ” (আকৰ্ষণ)যোগ কৰি “ৰাস” শব্দৰ সৃষ্টি কৰা হৈছে। ৰসৰ মুল আধাৰ হ’ল শ্ৰী কৃষ্ণ। ৰাসৰ মুখ্য নায়িকা ৰসেশ্বৰী ৰাধা ৰসৰ অফুৰন্ত ভাণ্ডাৰ। বাকী গোপীসকল ৰসৰ উপকৰণ মাত্ৰ। ৰাধাৰ পৰা বিকশিত আনন্দময়ী শক্তিসমূহ অসংখ্য গোপীৰূপে নৃত্য ক্ৰিয়াত লিপ্ত হৈছে। শ্ৰীকৃষ্ণই গোপীসকলৰ লগত কৰা ৰসময় ক্ৰীয়াই হ’ল “ৰাসলীলা”।প্ৰকৃ্ততে ৰাধা শ্ৰীকৃষ্ণৰেই আনন্দময় শক্তিৰূপ। ৰাধাৰ জৰিয়তে এই শক্তিৰূপ সুন্দৰভাৱে প্ৰতিবিম্বিত হৈছে।
শুকদেৱে কৈছে-
“অনুগ্ৰহায় ভক্তানং মানুষং দেহমাশ্ৰিতঃ
ভজতে তাদৃশীঃ ক্ৰীড়া যাঃ শ্ৰুত্বা তৎপৰো ভৱেৎ।“
অৰ্থাৎ, ভগৱানে ভক্তসকলৰ অনুগ্ৰহৰ বাবে নৰতনু ধাৰন কৰি এনে লীলা কৰে যাৰ বাবে মানুহ ঈশ্বৰপৰায়ণ হয়। শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰম ব্ৰহ্ম আৰু সাধাৰণ মানৱৰ ( জীৱাত্মা) মিলনৰ নৃ্ত্যাভিনয়। পৰমব্ৰহ্মৰ লগত জীৱাত্মাৰ মিলনেই হ’ল আনন্দৰ চৰম পৰ্য্যায় তথা প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ হ’ল প্ৰিয়তমক পাবলৈ চৰম আকাংক্ষা, আকুলতা। শৰতৰ স্নিগ্ধ জোনাক নিশা বৃন্দাবনত শ্ৰীকৃষ্ণৰ ৰাধাসহিত গোপীসকলৰ লগত কৰা ৰাসলীলা সাত্বিক আৰু সমৰ্পিত প্ৰেমৰ উজ্জল নিদৰ্শন।
শংকৰদেৱৰ কাব্যত আছে অসমৰ প্ৰকৃতিজগতৰ অপূৰ্ব বৰ্ণনা। তেখেতৰ কাপত প্ৰকৃতিৰ প্ৰতিটো উপাদান জীৱন্ত হৈ পৰে। এনে লাগে যেন এখন চিত্ৰ সন্মুখত আঁৰি থোৱা আছে। গছ-বন, জীৱ-জন্তু, আকাশ-বতাহ সকলো তেওঁৰ তুলিকাত প্ৰাণৱ্ন্ত হৈ পৰে। তেওঁ লিখিছে _
“হেন হৰি যেখনে বংশীক নাদ কৰে।
গৰু মৃগগণৰো তেখনে চিত্ত হৰে।।
দান্তে তৃণ ধৰি কৰ্ণ ওপৰক তুলি।
চক্ষু মুদি থাকে যেন চিত্ৰৰ পুতলি।।”
কৃষ্ণৰ বাঁহীৰ সুৰত গছ-লতাৰ দেহ পুলকিত হয়। কেৱল গোপীসকলেই নহয় কৃষ্ণসাৰ হৰিণী, বনৰ পক্ষী, যমুনা নদী সকলো বাঁহীৰ মায়াবী ধ্বনিত মুগ্ধ হৈ কৃষ্ণ প্ৰেমত আচ্ছন্ন হয়। আনকি “মিত্ৰ বুলি মেঘে কৰে মধুৰ সম্বাদ”।ৰাসলীলাৰ মাজতেই অন্তৰ্ধান হোৱা কৃষ্ণক বিচাৰি ফুৰোঁতে শঙ্কৰদেৱে চেগ বুজি উদ্ভিদ জগতৰ বৰ্ণনা কৰিছে। গোপীসকলে কৃষ্ণক বিচাৰি প্ৰকৃ্তিৰ কাষ চাপিছে-
“উচ্চ বৃক্ষ দেখি সোধে সাদৰি
শুনিয়ো অশ্বত্থ বট পাকড়ি।।
হে’ কুৰুবক অশোক চম্পা।
কহিয়ো কথা কৰা অনুকম্পা।।
অবা তুলসী সমিধান দিয়া
তুমি গোবিন্দৰ চৰণ প্ৰিয়া।।
হে আম জামু বেল বকুল।
নাহি উপকাৰী তোমাৰ তুল।।”
থোৰতে ক’বলৈ গ’লে “ ৰাসলীলা” ৰ জৰিয়তে প্ৰকৃতি-মানৱৰ অঙ্গাঙ্গী সম্বন্ধক শ্ৰীমন্ত শঙ্কৰদেৱে বলিষ্ঠ ৰূপত উপস্থাপন কৰিছে। সাহিত্যত নৱৰসৰ সংমিশ্ৰণ ঘটোৱা মহাপুৰুষজনা অসমীয়া কাব্য-সাহিত্যৰ পুৰোধা ব্যক্তিৰূপে চিৰদিন নমস্য হৈ ৰ’ব।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments