সম্পাদকীয় (ৰুদ্ৰ নাৰায়ণ বৰকাকতি )

কৃষি পদ্ধতিৰ বিৱৰ্তন আৰু বিষমুক্ত খাদ্যৰ প্ৰাসংগিকতা

বিশ্ব খাদ্য সংস্থাৰ ২০১০চনৰ এক প্ৰতিবেদন মতে সতেজ ফল-মুল, শাক-পাচলি, গাখীৰ, মুখ্য মছলা, সতেজ মাংস, মৰাপাট, এৰীতেল আদিৰ উৎপাদনত ভাৰত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছে৷ ইয়াৰ বিপৰীতে, ধান আৰু ঘেঁহু উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়৷ কফি, কপাহ, হাঁহ-কুকুৰাৰ মাংস উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম পাঁচখন দেশৰ মাজত ভাৰতো এখন৷ ইতিহাসৰ পাট লুটিয়ালে দেখা যায়,-ভাৰতীয় কৃষি কৰ্ম ৯০০০ খ্ৰীষ্টপূৰ্বৰ পৰা আৰম্ভ হৈছিল৷ সেই সময়ত ঘেঁহু, বাৰ্লি আদিৰ কৰ্ষণ কৰা হৈছিল৷ তাৰ লগে লগে ভেঁড়া আৰু ছাগলী পোহিবলৈ আৰম্ভ কৰিছিল৷ ভাৰতত কপাহ খেতিৰ আৰম্ভনি ৫০০০ খ্ৰীষ্টপূৰ্বৰ পৰা হৈছিল আৰু কপাহৰ পৰা আঁহ সংশ্লেষণৰ ভাৰতীয় পদ্ধতি আধুনিক যান্ত্ৰিক যুগলৈকে প্ৰচলিত আছিল৷ সিন্ধু সভ্যতাত ৪৫০০ খ্ৰীষ্টপূৰ্বৰে পৰা খেতিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰমাণ পোৱা যায়৷ তাৰোপৰি কৃত্ৰিম জলাশয়ত পানী সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়েও সেই সময়ৰ মানুহে জানিছিল৷ ২৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা জন্তুচালিত নাঙলৰ ব্যৱহাৰ হয়৷ প্ৰায় ১০০০-৫০০ খ্ৰীষ্টপূৰ্বৰ বৈদিক যুগৰ সময়ছোৱাত লোৰ ব্যৱহাৰ হৈছিল৷ শস্য, শাক-পাচলি, ফল-মূলৰ কৰ্ষণ কৰাৰ লগতে মাংস আৰু গাখীৰ দৈনিক আহাৰৰ অংশ আছিল৷ পশুপালন হৈছিল৷ মাটি কেইবাবাৰো হাল বাই গুটি সিঁচা হৈছিল৷ গোবৰ সাৰ আৰু জলসিঞ্চনৰ সুপ্ৰয়োগেৰে অধিক ফচল লাভ কৰিবলৈ সক্ষম হৈছিল৷
লাহে লাহে কৃষি ব্যৱস্থাই আধুনিক যুগত ভৰি থ’লে৷ কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু যোগানৰ বৰ্ধিত দাবীৰ সমান্তৰালকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ সংশ্লেষণৰ পদ্ধতি আৱিষ্কাৰ হ’ল৷ ট্ৰেক্টৰৰ আৱিষ্কাৰ তথা ব্যৱহাৰে কৃষিযান্ত্ৰিকীকৰণৰ পথ সুচল কৰিলে৷ উদ্ভিদৰ পৰিপুষ্টিৰ বাবে যিদৰে বিভিন্ন ৰাসায়নিক সাৰ ব্যৱহৃত হ’ল, ঠিক তেনেকৈ পোক-পতংগৰ বিৰুদ্ধে ডি.ডি.টি. কে ধৰি অন্যান্য কীটনাশক ব্যৱহাৰ হ’ল ৷ ফলশ্ৰুতিত শস্যৰ উৎপাদন বাঢ়িল৷ কিন্তু এই সাময়িক সকাহে মানৱ-স্বাস্থ্যত বিৰূপ ক্ৰিয়া আৰম্ভ কৰাৰ ফলত মানুহ আকৌ জৈৱিক কৃষিৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিলে৷

বৃটিচ উদ্ভিদ বিজ্ঞানী ছাৰ এলবাৰ্ট হাৱাৰ্ডে পৰম্পৰাগত কৃষি পদ্ধতিক বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰিশোধন কৰি আধুনিক জৈৱিক কৃষিৰ বাট মুকলি কৰিলে৷ তেওঁৰ পত্নী গেব্ৰিয়েলা এগৰাকী শস্যশৰীৰবিদ আছিল ৷ দুয়ো ১৯০৫ চনৰ পৰা ১৯২৪ চনলৈ বিহাৰৰ পুছাস্থিত Imperial Agricultural Research Institute ত কৃষি উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰে৷ তেওঁলোকে দাবী কৰে যে ভাৰতীয় পৰম্পৰাগত কৃষি পদ্ধতি ইউৰোপৰ নব্য কৃষি পদ্ধতিতকৈ অনেক গুণে উন্নত আৰু এই তথ্য ১৯৪০ চনত প্ৰকাশিত “An Agricultural Testament” নামৰ গ্ৰন্থত উল্লেখ কৰে৷ ইফালে জাৰ্মেনীত ৰুডল্ফ ষ্টেইনাৰে ১৯২৪ চনত ক’বাৰৱিজ (বৰ্তমান পলেণ্ড)ৰ এখন পামত জৈৱিক কৃষিৰ এক পৰীক্ষণ আৰম্ভ কৰে ৷ ষ্টেইনাৰৰ মতে,- প্ৰাণী, উদ্ভিদ আৰু মাটিৰ এক নিৰৱচ্ছিন্ন সম্পৰ্ক আছে৷ সুস্থ-প্ৰানী সুস্থ-উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আকৌ সুস্থ-উদ্ভিদ সুস্থ-মাটিৰ ওপৰত নিৰ্ভৰশীল আৰু ঠিক তেনেদৰে সুস্থ-মাটি সুস্থ-প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল ৷ ১৯৩৯ চনত জৈৱিক কৃষিক গুৰুত্ব দি লেডি ইভা বালফ’ৰে ইংলেণ্ডত “হাউলী পৰীক্ষা” আৰম্ভ কৰে৷ ১৯৩৭ চনত জাপানত মাছান’ব’ ফুক’উকাই জৈৱিক কৃষি আৰম্ভ কৰে৷ আনহাতে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাৰ পৰা কীটনাশকৰূপে ডি.ডি.টি.ৰ ব্যৱহাৰ হ’বলৈ ধৰে ৷ ১৯৪৪ চনৰ পৰা আন্তৰ্জাতিকভাৱে খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে ” সেউজ বিপ্লৱ”ৰ সূচনা হয়৷ যাৰ ফলত কৃষিভূমিয়ে অবাঞ্চিত মাত্ৰাত সংশ্লেষিত কৃত্ৰিম ৰাসায়নিক পদাৰ্থক সহ্য কৰিব লগা হ’ল৷ শস্যৰ উৎপাদন বাঢ়িল, কিন্তু মাটি-পানী-বায়ু প্ৰদূষিত হৈ পৰিল৷ ইফালে ১৯৫০ চনৰ পৰা মাৰ্কিন যুক্তৰাজ্যত আধুনিক কৃষিৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কে জে. আই. ৰুদালীয়ে জনসাধাৰণক অৱগত কৰে৷ ১৯৬২ চনৰ ২৭ চেপ্টেম্বৰত প্ৰকাশিত মাৰ্কিন লেখিকা ৰাছেল কাৰ্চনৰ “চাইলেন্ট স্প্ৰিং” নামৰ গ্ৰন্থখনে বিশ্বত খলকনি তোলে ৷ শস্যক্ষেত্ৰ বা অন্য ঠাইত প্ৰয়োগ কৰা ডি.ডি.টি. পানীৰ লগত উটি গৈ এটা পানীৰ সুঁতিত পৰে, য’ত অসংখ্য পক্ষীৰ অবাধ বিচৰণ আছিল, তাৰ পৰা চৰাইবোৰ হঠাৎ নাইকীয়া হ’ল৷ কুলি-কেতেকীৰ কাকলীবিহীন বসন্তত পামৰ গৰাকীয়ে লক্ষ্য কৰিলে,- কুকুৰাই কণী পাৰে, কিন্তু উমনি দিলে পোৱালী নোপঁজে; গাহৰীবোৰৰ পোৱালীবোৰ তেনেই সৰু আৰু বেছিদিন বাছি নাথাকে; আপেলত ফুল ফুলিছে কিন্তু পৰাগ সংযোগৰ বাবে মৌ-মাখি নাই; মাছ নথকা পানীৰ মৃত সুঁতিত ভেকুলীৰ টোৰটোৰণিও নাই; মুঠতে সকলো নিৰৱ-নিস্তব্ধ৷ ডি.ডি.টি.ৰ দ্বাৰা মানৱ সমাজৰ লগতে সমস্ত জীৱজগত কিদৰে ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বৰ্ণনা থকা এই গ্ৰন্থখনে মাৰ্কিন যুক্তৰাষ্ট্ৰত এই কীটনাশক ব্যৱহাৰত নিষেধজ্ঞা দিবলৈ বাধ্য কৰে ৷ সময়ৰ লগে লগে ৰসায়নবিদ সকলৰ অহোৰাত্ৰ কষ্টৰ ফলস্বৰূপে বহু কেইটা কীটনাশক আৱিষ্কাৰ হ’ল আৰু এটা এটাকৈ কেইবাটিও নিষিদ্ধ হ’ল ৷ ষাঠিৰ দশকৰ মাজভাগৰ পৰা পঞ্জাৱ-হাৰিয়ানাৰ নেতৃত্বত সেউজ বিপ্লৱৰ সময়খিনিৰ পৰাহে ভাৰতীয় কৃষক সকল কৃত্ৰিম ৰাসায়নিকৰ লগত পৰিচিত হয়৷ তাৰ আগলৈকে ভাৰতীয় কৃষকে জৈৱিক কৃষিয়ে কৰিছিল৷ এতিয়া প্ৰদূষণৰ গৰাহত পৰা সেই ৰাজ্য কেইখনে জৈৱিক কৃষিত গুৰুত্ব প্ৰদান কৰিছে ৷ কৃষি সংকটত সাময়িক সকাহ দিয়া কৃত্ৰিম ৰাসায়নিকৰ বাণিজ্যই বহুলোকক জীৱন নিৰ্বাহৰ পথ মুকলি কৰিছে যদিও কৃষকক দীৰ্ঘদিনীয়া ফলপ্ৰসূ ফলাফল দিবলৈ অক্ষম ৷
হোম বা অগ্নিহোত্ৰ জৈৱিক কৃষি
হোম বা অগ্নিহোত্ৰ জৈৱিক কৃষিৰ নাম শুনাৰ লগে লগে আধুনিক বিশ্বৰ লগত পৰিচয় ঘটা প্ৰতিজন মানুহৰ মনত অৱজ্ঞাসূচক ভাৱ এটা নিশ্চয় ফুটি উঠিব ৷ কিন্তু ভাৰতত বৈদিক যুগত প্ৰচলিত এই জৈৱিক কৃষিয়ে এতিয়া নতুনকৈ সমাদৃত হ’ব ধৰিছে৷ জাৰ্মানী, অষ্ট্ৰেলিয়া আদি উন্নত দেশত হোম আৰু অগ্নিহোত্ৰ জৈৱিক কৃষিৰ ওপৰত যথেষ্ট গবেষণা আৰম্ভ হৈছে৷ কৰ্নাটকৰ ধাৰৱাড়স্থিত “ইউনিভাৰ্চিটি অব এগ্ৰিকালছাৰেল চায়েঞ্চ” এ সম্পাদন কৰা হোমা আৰু অগ্নিহোত্ৰ জৈৱিক কৃষিৰ এক পৰীক্ষণত দেখা গৈছিল যে, চয়াবিন শস্যৰ ১৮-৪৩% পোক-পতংগ আৰু ১৬-২৯% ৰাষ্টৰোগৰ আক্ৰমণ হ্ৰাস পোৱাৰ লগতে কাৰ্বন, পটাছিয়াম, তাম, মেংগানিজ, লো, জিংক আদিৰ মাত্ৰা বৃদ্ধি পাইছিল৷ শস্য উৎপাদনো ৫-২০% বৃদ্ধি হৈছিল৷ তামিলনাডু কৃষি বিশ্ববিদ্যালয়ে উদ্যান শস্যৰ ওপৰত হোমা আৰু অগ্নিহোত্ৰ পদ্ধতিৰ প্ৰয়োগ কৰি আশাপ্ৰদ ফলাফল লাভ কৰিছে৷ বিশেষকৈ গোলাপ, জাৰ্বেৰা আদি ফুলৰ আকাৰ আৰু আকৰ্ষনীয়তা বৃদ্ধিৰ লগতে আলু, কবি আদি পাচলিৰ উৎপাদন বাঢ়ি গৈছে৷ অগ্নিহোত্ৰৰ পৰা উৎপন্নহোৱা শক্তি, ১২ কিলোমিটাৰ পৰ্যন্ত উচ্চতাত খুন্দিয়াব পাৰে আৰু ইয়াৰ প্ৰভাৱ ১৫০ একৰ অঞ্চলত পৰে৷ ইয়াৰ পৰা উদ্ভৱ হোৱা ধনাত্মক শক্তিৰ বাবে শস্য নদন-বদন হয়৷
অগ্নিহোত্ৰৰ বাবে প্ৰয়োজনীয় উপকৰণঃ(ক) অগ্নিহোত্ৰ পিৰামিড, (খ) শুকান গোৱৰ, (গ) নিৰ্ভেজাল লৱণহীন গৰু ঘী, (ঘ) গোটা পলিচ্ নকৰা আৰু নিসিজোৱা চাউল, (ঙ) তৰংগ সৃষ্টিৰ বাবে অগ্নিহোত্ৰ মন্ত্ৰ আৰু (চ) সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সঠিক সময় ৷
তামেৰে তৈয়াৰী অগ্নিহোত্ৰ পিৰামিদত শুকান গোৱৰ আৰু ঘী জ্বলাই নিম্নোক্ত মন্ত্ৰক সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সঠিক সময়ত পবিত্ৰ মনেৰে উচ্চাৰণ কৰি ঘী-চাউল আহুতি দিয়াৰ ফলত উৎপন্ন হোৱা তৰংগই ঠাইখিনি বিশুদ্ধ কৰে৷ ধনাত্মক শক্তিক সক্ৰিয় কৰে৷ তাৰোপৰি, হোমৰ ছাঁইৰ ৰোগমুক্তিৰ ক্ষমতা বৃদ্ধি পায় ৷

(১) সূৰ্যোদয়ৰ সময়ত অগ্নিহোত্ৰ মন্ত্ৰ

সূৰ্যায়ে স্বাহা সূৰ্যায়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত প্ৰথমাংশ ঘি/ চাউল জুইত দিব লাগে)
প্ৰজাপতয়ে স্বাহা প্ৰজাপতয়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত দ্বিতীয়াংশ ঘি/ চাউল জুইত দিব লাগে)
(২) সূৰ্যাস্তৰ সময়ত অগ্নিহোত্ৰ মন্ত্ৰ
অগ্নায়ে স্বাহা অগ্নায়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত প্ৰথমাংশ ঘি/ চাউল জুইত দিব লাগে)
প্ৰজাপতয়ে স্বাহা প্ৰজাপতয়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত দ্বিতীয়াংশ ঘি/ চাউল জুইত দিব লাগে)
বিভিন্ন দেশত সম্পাদিত হোমা জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে, http://homafarming.com/content/effect-agnihotra-yield-and-quality-horticulture-crops এই ৱেবচাইটত উপলব্ধ৷

সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা
কৃষি ক্ষেত্ৰত পোক-পতংগ নিৰ্মূলৰ বাবে সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সকলোৰে জ্ঞাত ৷ ১৯৬৭ চনৰ পৰা বিশ্ব খাদ্য সংস্থাই গুৰুত্ব প্ৰদান কৰা “সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা” (Integrated Pest Management বা চমুকৈ IPM)ত,- অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা, ভৌতিক, যান্ত্ৰিক, জৈৱিক, থলুৱা প্ৰযুক্তি কৌশল আদি নিয়ন্ত্ৰণ ব্যৱস্থা সমূহ যথাযথভাবে ব্যৱহাৰ কৰাৰ পাছতো যদি অপকাৰী কীট-পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা (Economic Threshold Level বা ETL ,- মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্মণৰেখা) অতিক্ৰম কৰে তেতিয়াহে কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ অনুমতি দিয়া হয় ৷ ভাৰত চৰকাৰে ১৯৮৫ চনৰ পৰা “সু-সংহত পতংগনাশক ব্যৱস্থাপনা”ক, চৰকাৰী যোজনাৰ অন্তৰ্ভুক্ত কৰিছে ৷ কিন্তু ৰাসায়নিক কীটনাশকৰ অবিবেচনীয় ব্যৱহাৰৰ ফলত অপকাৰীৰ লগতে উপকাৰী কীট-পতংগও ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ ফলত এই ব্যৱস্থাপনা সমালোচনাৰ সম্মুখীন হ’বলৈ ধৰিলে ৷ সমালোচক সকলে, “সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা”ক “সু-সংহত পতংগনাশক ব্যৱস্থাপনা” নামেৰে অভিহিত কৰিব ধৰিলে ৷ আমি সকলোৱে এতিয়া উপলব্ধি কৰিছোঁ যে,- কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে আমাৰ পৰিবেশতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে ৷
ইক’লজিকেল ইঞ্জিনিয়াৰিঙ
ইক’লজিকেল ইঞ্জিনিয়াৰিঙৰ ধাৰণাটো সৰ্বপ্ৰথমে অডাম নামৰ পৰিবেশবিদজনে ১৯৬২ চনতে দাঙি ধৰে৷ পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধ্যয়ন হয়৷ বৰ্তমান ভাৰতৰ হাইদৰাবাদস্থিত “ৰাষ্ট্ৰীয় বনস্পতি স্বাস্থ্য প্ৰবন্ধন সংস্থান” (NIPHM)ৰ দ্বাৰা ইক’লজিকেল ইঞ্জিনিয়াৰিঙ সুপ্ৰয়োগৰ দ্বাৰা কৃত্ৰিম ৰাসায়নিক বিহীন খাদ্য উৎপাদনৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে৷ কৃষি পৰিবেশ তন্ত্ৰত অপকাৰী কীট পতংগ সমূহৰ লগতে উপকাৰী কীট পতংগও থাকে ৷ যিদৰে বাঘে হৰিণাক খাদ্যৰূপে গ্ৰহণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিছে, ঠিক তেনেকৈ উপকাৰী কীট সমূহে অপকাৰীবোৰক প্ৰাকৃতিক ভাৱে দমন কৰি আছে৷ কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে অপকাৰী আৰু উপকাৰী উভয়ধৰণৰ পতংগ ধ্বংস কৰি আমাৰ পৰিবেশ তন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে ৷ কীটনাশকৰ সক্ৰিয়তা হ্ৰাস হোৱাৰ পাছত প্ৰাকৃতিক শত্ৰুৰ অভাৱত অপকাৰী কীটসমূহৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায় ৷ সেয়েহে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ আগেয়ে মানুহ সচেতন হোৱাৰ আৱশ্যক ৷ ইক’লজিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োগেৰে, কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিক ভাবে দমন কৰি থকা জীৱবোৰৰ সক্ৰিয়তাৰ বাবে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈও শস্যৰক্ষা কৰিব পৰা যায় ৷ উদাহৰণস্বৰূপে,- জিঁয়াই শস্য অনিষ্টকাৰী পোকৰ কণী খায়, সেইবোৰৰ বংশবৃদ্ধি ৰোধ কৰে; আকৌ, মকৰাই বহুত পোকক জীৱন্তে খাদ্যৰূপত গ্ৰহণ কৰে৷ পোক পতংগৰ বিকৰ্ষক উদ্ভিদৰ কেইটামান শাৰী মুখ্য খেতিৰ মাজে মাজে লগাব পাৰি ৷ খেতিৰ চৌপাশে অতি স্পৰ্শকাতৰ গছ ৰুই পোক পৰুৱাক তালৈ আকৰ্ষিত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি ৷ উদাহৰণ স্বৰূপে,- বন্ধা কবিৰ প্ৰধান শত্ৰু “ডাইমণ্ড বেক মথ” সৰিয়হৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়, গতিকে কবিৰ চাৰিওকাষে সৰিয়হ লগাই এই পোকক তালৈ আকৰ্ষিত কৰি, তাতেই নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিলে গোটেই কবিডৰাক এটোপাল কীটনাশক ব্যৱহাক নকৰাকৈ ৰক্ষা কৰিব পাৰি৷ সেইদৰে, বিলাহীৰ শত্ৰু “হেলিক’ভাৰ্পা আৰ্মিজেৰা” নামৰ কীটৰ পৰা ৰক্ষা কৰিবলৈ বিলাহীডৰাৰ চাৰিওকাষে নাৰ্জীফুল প্ৰায় এপষেক মানৰ আগতে লগাব লাগে৷ ইফালে শস্যকৃমি আক্ৰান্ত অঞ্চলত খেতিৰ মাজে মাজে নাৰ্জীফুল ৰুব লাগে, কিয়নো এই ফুলৰ শিপাত শস্যকৃমিক নিয়ন্ত্ৰণ কৰিব পৰা ৰসায়ণ থাকে ৷ ইয়াক “ইক’লজিকেল ইঞ্জিনীয়াৰিং” বুলি কোৱা হয়, শ্ৰুতিমধুৰ এই শব্দটোৰ লগত কোনো “ৰকেট চায়েঞ্চ” জড়িত নহয়, তথাপি ই শস্যৰক্ষা কৰি মানুহক খাদ্য সুৰক্ষা দিবলৈ সক্ষম৷
সভ্যতাৰ বিৱৰ্তনৰ বিভিন্ন সময়ৰ সমান্তৰালকৈ কৃষি পদ্ধতিৰো পৰিবৰ্তন ঘটিল৷ কৃষিখণ্ডই বৰ্ধিত জনগণক দুবেলাৰ অন্ন যোগানৰ হেঁচা দিনক দিনে বাঢ়িব ধৰিলে৷ খাদ্য নিৰাপত্তাৰ লগতে বিষমুক্ত খাদ্যৰ গুৰুত্ব বৃদ্ধি পালে৷ কৃষি যান্ত্ৰিকীকৰণৰ অসংখ্য উপকৰণ তথা সুলভ কৃত্ৰিম ৰাসায়নিকৰ অবাধ ব্যৱহাৰৰ পাছত আকৌ মানুহে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজনত জৈৱিক কৃষিৰ প্ৰাচীন পৰম্পৰালৈ আকোৱালি লবলৈ বাধ্য হৈছে৷ সাধাৰণতে আমি যেতিয়া শাক-পাচলিৰ বজাৰত সোমাই বেপাৰীৰ লগত দৰদাম কৰো সেই সময়ত আমি চকুত লগা সতেজ চিকচিকিয়া পাচলিখিনিহে পচন্দ কৰো৷ সামান্য বেকা বেকি হোৱা বা পোকে আক্ৰমণ কৰি থোৱা পাচলিখিনি আমাৰ বাচনিত মুঠেই নুঠে ৷ কিন্তু আমাৰ যি সকলৰ খেতি বাতিৰ বিষয়ে সামান্য হ’লেও জ্ঞান আছে, সেই সকলে নিশ্চয় জানে যে,- তজবজীয়া পাচলিখিনি উৎপাদন কৰিবলৈ নানান ৰকমৰ কৃত্ৰিম সাৰ বা কীটনাশকৰ প্ৰয়োজন হয় ৷ ইয়াৰ বিপৰীতে পচনসাৰ-গোৱৰ দি কৰা জৈৱিক ফচল সমূহক বেমাৰ-আজাৰে আক্ৰমণ কৰিলে নিৰাময়ৰ বাবে খুব কম সংখ্যক ঘৰতে তৈয়াৰ কৰি ল’ব পৰা কীটনাশক আছে৷ ফলত, এনে জৈৱিক ফচলৰ উৎপাদন কিছু হ্ৰাস হয় আৰু দেখিবলৈও কেতিয়াবা কুৰূপ হ’ব পাৰে৷ কিন্তু ভাৰতৰ বজাৰত জৈৱিক উৎপাদিত সামগ্ৰীৰ দাম আৰু কৃত্ৰিম সাৰ-কীটনাশকেৰে উৎপাদিত সামগ্ৰীৰ দামৰ বিশেষ তফাৎ নাই বৰঞ্চ কেতিয়াবা জৈৱিক উৎপাদে কম মূল্য লাভ কৰাৰ ফলত কৃষকসকল নিৰুত্সাহিত হৈ পৰে৷ এইক্ষেত্ৰত উন্নত দেশ সমূহৰ কথা সুকীয়া৷ তাত স্বাস্থ্যকৰ খাদ্য হিছাপে জৈৱিক খাদ্যৰ চাহিদা আছে৷ সেয়েহে দেশৰ বাহিৰৰ বজাৰখন পাব পৰাকৈ উত্তৰ-পূৰ্বাঞ্চলৰ যি সমূহ ঠাইত অজানিতে বা অ‌ৱহেলাৰ বাবে কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত হৈ আছে তেনে অঞ্চল চিনাক্ত কৰি জৈৱিক কৃষিৰ বাবে সংৰক্ষণ কৰিব লাগে৷ জৈৱিক প্ৰমাণিকৰণ সংস্থাৰ লগত আগতিয়াকৈ যোগাযোগ কৰি কৃষক সকলক প্ৰশিক্ষিত কৰি এই কাৰ্যত আগবঢ়া ভাল৷ এইক্ষেত্ৰত মন দিব লাগে সংশ্লিষ্ট পক্ষৰ ত্যাগী মনোভাৱ আৰু কৃষকৰ সততা৷ জৈৱিক কৃষিত যাতে ভুলতেও কোনো অজৈৱিক পদাৰ্থ মিহলি নহয় তাৰ বাবে কৃষকজনৰ যিদৰে সততাৰ প্ৰয়োজন ঠিক তেনেকৈ কৃষকজনে কষ্টৰ ফচলখিনিৰ যাতে সঠিক দাম লাভ কৰে সেয়াও প্ৰশাসন যন্ত্ৰই মন দিব লাগে৷ এইধৰণে আগবাঢ়িলে জৈৱিক কৃষিৰ জৰিয়তে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত চিৰসেউজ বিপ্ল‌ৱৰ সূচনা হ’ব৷

2 thoughts on “সম্পাদকীয় (ৰুদ্ৰ নাৰায়ণ বৰকাকতি )

  • July 16, 2014 at 11:42 am
    Permalink

    এটা অগতানুগতিক থীমেৰে জুলাই ২০১৪, সাহিত্য.অৰ্গ সংখ্যাটোৰ লেখাবোৰে এক নতুন সোৱাদ দিছে। একান্তই অবিচ্ছেদ্য অথচ দিনে দিনে (নগৰমুখী) জীৱনৰ পৰা আঁতৰি অহা বিষয়টোক নতুন দৃষ্টিৰে চোৱাৰ সুযোগ এই সংখ্যাটোৱে দিছে। ধন্যবাদ আৰু অভিনন্দন।
    সম্পাদকীয় লেখাটোৰ মাজৰ পৰা (নিৰপেক্ষ বৈজ্ঞানিক অনুসন্ধানেৰে সত্যতা প্ৰতিপন্ন কৰিব পৰা বুলি সজাত যাব নোৱাৰা) কিছু নিৰ্বাচিত অংশ বাদ দিলে লেখাটোত জানিবলগীয়া যথেষ্ট কথা আছে।

    Reply
  • July 17, 2014 at 12:10 am
    Permalink

    পোনপ্ৰথমেই সম্পাদকৰ এমাহযোৰা একনিষ্ঠ কৰ্মৰ ফলশ্ৰুতিত প্ৰকাশ পোৱা অগতানুগতিক কৃষি বিশেষ সংখ্যটিৰ বাবে সম্পাদক Rudra Narayan Borkakati ক ধন্যবাদ জনাইছো৷ সম্পাদনা সমিতিৰ সদস্য হিচাপে তেখেতৰ শৃংখলাবদ্ধ, উৎসৰ্গিত কৰ্মপদ্ধতিৰ শলাগ লৈছোঁ৷
    এতিয়া আহোঁ সম্পাদকীয়টোলৈ৷ তথাকথিত আলোচনীসমূহৰ সম্পাদকীয়তকৈ কিছু দীঘলীয়া তথ্যপূৰ্ণ লেখনিটি প্ৰথম দৃষ্টিত সম্পাদকীয়তকৈ এটা প্ৰবন্ধৰ শাৰীত ৰাখিব পাৰি বুলি ভাৱিব পাৰি যদিও, সাহিত্য ডট্ অৰ্গৰ অগতানুগতিকলৈ লক্ষ্য কৰি সেই সিদ্ধান্ত উলাই কৰিব পাৰি৷
    দ্বিতীয়তে, খুব কম পৰিসৰত ঐতিহাসিক বা প্ৰাগৈতিহাসিক প্ৰেক্ষাপটত আধুনিক সময়লৈ ভাৰতীয় কৃষি পদ্ধতিৰ এক থুলমূল আভাস দিয়াত সম্পাদকে যৎপৰোনাষ্টি কৰিছে, আৰু সেই উদ্দেশ্যত সম্পাদক সফল বুলিয়েই মই অভিহিত কৰিম৷
    তৃতীয়তে, হোম বা অগ্নিহোত্ৰ জৈৱিক কৃষি বিষয়ক সম্যক বৰ্ণনাত লিখকে এক পৰম্পৰাগত ভাৰতীয় কৃষিপদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে, যিখিনি তেখেতৰ নিজৰ মতামত বুলি ভৱাটো অনুচিত৷ এইটো মোৰ দৰে বহুতৰ বাবেই এক নতুন তথ্য৷ মই তন্ত্ৰ-মন্ত্ৰৰ, তাবিজ-মাদুলী আদিৰ দৈৱিক শক্তি তিলমাত্ৰও বিশ্বাস নকৰোঁ৷ বহুক্ষেত্ৰত যিকোনো পৰম্পৰাগত আচাৰ-বিধিক ধৰ্মীয় আচ্ছাদনেৰে আবৃত কৰি, পৌৰাণিক শাস্ত্ৰ সমূহৰ কাহিনীবোৰক আধুনিক ব্যাখ্যা কৰিবলৈ যোৱাটো ভাৰতীয় সমাজত বিৰল নহয়৷ বহুবোৰ পৰম্পৰাগত আচাৰ-বিধিৰ বৈজ্ঞানিক ভেঁটি আছে যদিও বেছি্ভাগেই অন্ধবিশ্বাসজনিত৷ পৰম্পৰাগত আচাৰ-বিধিৰ বিজ্ঞানসন্মত অধ্যয়নে কেতিয়াবা গুৰুত্বপূৰ্ণ তথ্য-জ্ঞান আৰু প্ৰযুক্তিৰ জন্ম দিব পাৰে৷
    সম্পাদকীয়টো পঢ়ি মই উৎসুকতাৰ বশৱৰ্তী হৈ অগ্নিহোত্ৰ জৈৱিক কৃষিৰ বিষয়ে কিছু তথ্যৰ সন্ধান কৰিছিলো৷সম্পাদকে কোৱাৰ দৰে বিদেশতো এই পদ্ধতিৰ ওপৰত গৱেষণা হোৱাটো সত্য৷ বহুকেইটা অধ্যয়নত কিন্তু অগ্নিহোত্ৰ যাগ-যজ্ঞজনিত প্ৰভাৱ, আনপদ্ধতিৰ প্ৰভাৱ আৰু প্লেচিব’ (অসমীয়া কি হ’ব?) প্ৰভাৱৰ মাজত বিশেষ প্ৰাৰ্থক্য দেখা পোৱা নগ’ল৷ ওপৰত উল্লেখ কৰাৰ দৰে মই তন্ত্ৰ-মন্ত্ৰৰ দৈৱিক শক্তিয়ে কৃষিৰ ওপৰত প্ৰভাৱ পেলাই বুলি একেবাৰেই বিশ্বাস নকৰোঁ৷ কিন্তু দুটা কথা মনলৈ আহিছে-
    ১) অগ্নিহোত্ৰ জৈৱিক কৃষিত ব্যৱহৃত যজ্ঞসদৃশ জুই আৰু তাৰ গেছীয় উপাদানসমূহে কীট-পতংগ নাশ কৰাত হয়টো কিছু সহায় কৰিব পাৰে৷যিদৰে কাতি মাহত আমাৰ পথাৰত আকাশ বন্তি জ্বলোৱা হয়, বা ধূপ-ধূনা আদিয়ে পোক-পতংগ খেদোৱাত সহায় কৰে৷কৃষিক্ষেত্ৰত কাঠৰ ছাই আদিৰ ব্যৱহাৰ আজিও এক মান্য পদ্ধতি৷ গতিকে যজ্ঞৰ পৰা উৎপাদিত ফুটছাইখিনিয়ে হয়টো কৃষিত ব্যৱহাৰ কৰা হৈছিল৷
    ২) বিশেষ ছন্দযুক্ত শব্দতৰংগ বা আতিশাব্দিক তৰংগই উদ্ভিদৰ বৃদ্ধি, বিকাশ, আৰু প্ৰজননত বিশেষ অৰিহণা যোগাই বুলি আধুনিক গৱেষণাই প্ৰমান কৰিছে (কেইখন প্ৰসংগসূত্ৰ তলত দিলোঁ)৷মানুহৰ ক্ষেত্ৰটো সংগীত আদিয়ে জিনৰ কাৰ্য্যপ্ৰণালীত বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে আৰু শৰীৃবত্তীয় তথা মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে বুলি সাহিত্য ডট্ অৰ্গতে আগৰ এটা প্ৰবন্ধত মই উল্লেখ কৰিছিলো (দ্ৰষ্টব্য: http://goo.gl/9qFm99)৷অগ্নিহোত্ৰ কৃষিপদ্ধতিত উচ্চাৰিত মন্ত্ৰ সমূহৰ বিশেষ শব্দতৰংগই উদ্ভিদৰ শৰীৰৰ জিনসমূহৰ কাৰ্য্যপ্ৰণালীক প্ৰভাৱিত কৰিব পৰাৰ সম্ভাৱণীয়তাক নুই কৰিব নোঁৱাৰি৷ কিন্তু, এই বিষয়সমূহত ধৰ্মীয়, দৈৱিক শক্তিৰ ব্যাখ্যা দিয়াৰ সলনি অতীজৰ সেই কৃষি পদ্ধতিৰ সবিশেষ, আধুনিকভাৱে তাৰ সম্পৰীক্ষা কৰি আণৱিক পৰ্য্যায়ত অধ্যয়ন কৰাৰ প্ৰাসংগিকতা নিশ্চয় নথকা নহয়৷
    মুঠৰ ওপৰত বহুবোৰ জনা-নজনা কথাৰে চিন্তাৰ উদ্ৰেক কৰাত সক্ষম হোৱা এটা অগতানুগতিক সম্পাদকীয় প্ৰবন্ধৰ বাবে সম্পাদকক ধন্যবাদ জনালোঁ৷এইবাৰৰ সংখ্যটোৱে সাহিত্য ডট্ অৰ্গক অগতানুগতিকাৰ মন্ত্ৰক সৰোগত কৰি আৰু এখোজ আগবঢ়াই নিলে৷
    অত্যুৎসাহী সকলৰ বাবে কেইটামান প্ৰসংগসূত্ৰ:
    1)http://www.newmoa.org/solidwaste/FSWoodAsh.pdf
    2) http://online.liebertpub.com/doi/pdf/10.1089/107555304322849039
    3) http://mschien.com/documents/guss_exhibition.pdf
    4) http://www.nrcresearchpress.com/doi/abs/10.1139/b68-152#.U8Z8SPmSwmA
    5) http://literatur.vti.bund.de/digbib_extern/bitv/dk038377.pdf
    6) http://www.amjbot.org/content/93/10/1466.full#ref-163
    7) Singh T. C. N. Ponniah S.. 1955b. On the response of structure of the leaves of balsam and mimosa to musical sound of violin. Proceedings of the Indian Scientific Congressional Association 42: 254.
    8) Singh T. C. N. Ponniah S.. 1963. On the effect of music and dance on plants. Behar Agricultural College Magazine 13: 19-22.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!