ৰক্তপিপাসু : ৬ -( জ্যোতি প্ৰকাশ নাথ :)

ৰক্তপিপাসু : ৬

(তেজপিয়া মানুহ)

– জ্যোতি প্ৰকাশ নাথ

চাৰিওপিনে জুই জুই কেৱল জুই।

অসহ্য গৰমত চাটিফুটি কৰি আছে ইন্সপেক্টৰ অপূৰ্ব কলিতা। কি হৈছে ধৰিব পৰা নাই তেওঁ। এয়া সন্মুখত জুই, গাৰ কাষত জুই, মুৰৰ ওপৰত জুই, চাৰিওপিনে কেৱল জুই আৰু জুই। চিঞৰিব খুজিও তেওঁ চিঞৰিব পৰা নাই। আঁতৰি আহিব খুজিও তেওঁ আঁতৰিব পৰা নাই। সৰ্ব্বশৰীৰ জ্বলি আহিছে তেওঁৰ। এইফালে জুইয়ে তেওঁক চৰিওফালৰ পৰা গ্ৰাস কৰি আহিছে। চাওঁতে চাওঁতে তেওঁৰ সম্পূৰ্ণ মুখমণ্ডল জুইয়ে আবৰি ধৰিলে। চকু দুটা পুৰি নাইকিয়া হোৱা যেন লাগিল তেওঁৰ। আপ্ৰাণ চেষ্টা কৰিলে মুখমণ্ডলৰ পৰা জুই আঁতৰাবলৈ, কিন্তু নোৱাৰিলে। অৱশেষত গোটেই গাটোৱেই তেওঁৰ জুইয়ে আবৰি ধৰিলে।

 

আহ………..

 

কি হৈছে এইবোৰ……….

 

ক’ত আছো মই………..

 

আহ…………

 

খপজপকৈ সাৰ পাই বিছনাৰ পৰা জপিয়াই নামি মজিয়াত পৰিল কলিতা। অহ, তাৰমানে সেয়া সপোনহে আছিল। কাচঁৰ খিড়িকীৰে দুপৰীয়াৰ প্ৰচণ্ড ৰ’দ চিধাই সোমাই আহি কলিতাৰ মুখত পৰি আছিল। তাতেই ইমান গৰম নে। আচৰিত হ’ল কলিতা। কিন্তু মুখখন এতিয়াও চেকচেকাই আছে। কি আচৰিত। এনেকুৱা লাগিছে যেন কোনোবাই মুখত জ্বলন্ত কয়লা এসোপামানহে দলিয়াই দিছে। প্ৰমাণ চাবলৈ কলিতাই এইবাৰ হাতখন ৰ’দ পৰি থকা ঠাইখিনিলৈ আগুৱাই দিলে।

 

আহ………….

 

কি আচৰিত, ইমান গৰম!

 

সুৰ্য্যৰ তাপ ইমান গৰম কেনেকৈ হ’ব পাৰে!

 

উতলা পানীত হাতখন সুমুৱাই দিয়াৰ নিচিনা লাগিল তেওঁৰ। কালি ৰাতিৰ সেই মৰামৰিখন কৰি আহি পূবে ফেহুজালি দিয়াৰ সময়ত ঘৰ সোমাইছিল তেওঁ। ইতিমধ্যে যথেষ্ট ভাগৰ লগাত কাপোৰ কানি নোখোলাকৈয়ে শুই পৰিছিল। গভীৰ টোপনি আহিছিল সম্ভৱতঃ তেওঁৰ। ৰ’দটো ইমান টানকৈ ওলোৱাতহে সাৰ পাই গ’ল। কিন্তু আগতেওটো এনেকৈ শোৱা মনত আছে তেওঁৰ। ৰ’দো পৰিছে এনেকৈ। কিন্তু ইমানকৈতো কেতিয়াও জ্বলা নাই। অৱশ্যে আগৰ মানুহজনো হৈ থকা নাই আৰু। দিনে দিনে নিজকে নতুনকৈ আৱিষ্কাৰেই কৰি আছে কলিতাই। এনেকৈ ৰ’দে পোৰাও নিশ্চয় দেহৰে কিবা অদ্ভুত পৰিৱৰ্তন হ’ব।

 

এইবাৰ দিয়াশলাইটো আনি কাঠি এটা জ্বলাই চালে কলিতাই। জ্বলন্ত কাঠিটো বাওঁহাতেৰে ধৰি সোঁহাতখন জুইৰ ওপৰত ধৰিলে। নাই যিমান পুৰিব বুলি ভাবিছিল সিমান নুপুৰিলে। কাঠিডাল নুমাই নোযোৱালৈকে তেওঁ হাতৰ তলুৱাত ধৰি থাকিব পাৰিলে। এনেকি কাঠিডাল জ্বলি জ্বলি শেষৰ অংশ বুঢ়া আৰু অনামিকা আঙুলি দুটাৰ মাজত জ্বলোতেও বিশেষ জ্বলা-পোৰা অনুভৱ নকৰিলে। তাৰমানে জুইতকৈ ৰ’দৰ পৰাহে এতিয়া বেছি সাৱধান হ’ব লাগিব। সৰুতে পঢ়া ‘ড্ৰাকুলা’ নামৰ কালজয়ী উপন্যাস খনলৈ মনত পৰি গ’ল তেওঁৰ। তাত উল্লেখ থকা তেজ খোৱা ড্ৰাকুলা নামৰ চৰিত্ৰটোৱে ৰ’দৰ পোহৰৰ পৰা বাচিবলৈ দিনটো কফিন এটাৰ ভিতৰত শুই থাকে আৰু ৰাতি চিকাৰলৈ ওলাই যায়। তাৰমানে কলিতাই নিজেও এতিয়া ৰাতিহে অকল ঘৰৰ বাহিৰ হ’ব পাৰিব নেকি। কথাটো বৰ ভাল ন’হল দেখোন। বাৰু যি কি নহওঁক পাছত দেখা যাব, সদ্যহতে দাস দাৰ ঘৰৰ পৰা এপাক অহা যাওঁক বুলি মনতে ভাৱি গাটো ধুবলৈ কলিতা স্নানাগাৰত সোমাল। ওলাই যাওতে ডিঙিয়ে মুখে চানস্ক্ৰীণ লোচনা সানি যাব লাগিব।

 

বন্ধৰ দিন বাবে মুকুট দাস ঘৰতে আছিল। দুমহলীয়া ঘৰটোৰ ওপৰ মহলাত সন্মুখৰ ফালে থকা বাৰাণ্ডাত বহি কিতাপ এখন পঢ়ি আছিল তেওঁ। মিউজিক চিষ্টেমত মৃদু লহৰত অ’পেৰা বাজি আছিল। মুকুট দাস চৌখীন মানুহ। বিয়া বাৰু নকৰালেও নিজৰ ঘৰটো বৰ পৰিপাটী আৰু ধুনীয়াকৈ সজাই ৰাখে। ইফালে ঘৰত দামী আৰু সুদৃশ্য আচবাব পাতিৰ সমাহাৰ দেখিলে বুজিব পাৰি যে ষ্টেট বেংকৰ চাকৰি কৰি কৰি তেওঁ বেছ কিছু ঘটিছে। ঘৰৰ আগফালেও বিভিন্ন ফুলেৰে সুন্দৰকৈ সজাই ৰখা এখন ফুলনি আৰু নানান ধৰণৰ ফলমূলৰ গছ। বাৰাণ্ডাখনত গছগছনিৰ ছাঁ ইমান ধুনীয়াকৈ পৰে যে গৰমৰ দিনত নিজৰ কোঠাৰ এচি বন্ধ কৰি প্ৰায়ে তেওঁ তাতে বহি থাকে। তাৰোপৰি বাৰাণ্ডাৰ পৰা পদুলিলৈ কোনোবা সোমাই আহিলেও দেখাপোৱা যায়। পুলিচৰ জীপছিখন দেখি তেওঁ বুজিব পাৰিলে সেয়া ইন্সপেক্টৰ কলিতা আহিছে। আগতে কেতিয়াও খবৰ নিদিয়াকৈ নাহে, কিন্তু আজি দেখোন হঠাৎ আহি ওলাল। পুলিচৰ ইউনিফ’ৰ্মৰ ওপৰত ক’লা অ’ভাৰকোট তাকো কলাৰ উঠোৱা, হাতত ছামৰাৰ গ্ল’ৱছ, চকুত ক’লা চানগ্লাছ। আগে পিছে বাৰু চানগ্লাছ পিন্ধিয়ে ঘুৰি ফুৰে কিন্তু ডিচেম্বৰ মাহৰ হাড় কপোৱা জাৰতো যিজন পুলিচে ইউনিফ’ৰ্মৰ ওপৰত অকল পাতল ছুয়েটাৰ এটা পিন্ধি ওৰে নিশা ডিউটি কৰে, আজি ভৰ দুপৰীয়াখন অ’ভাৰকোট। তাৰমানে কালি ৰাতি মানুহজনক দেখি অনুমানতে কিবা এটা হৈছে বুলি কোৱা কথাটো সত্য। কলিতা আৰু সাধাৰণ মানুহ হৈ থকা নাই। দাসৰ কপালত চিন্তাৰ ৰেখা পৰা স্পষ্টকৈ দেখা গ’ল।

 

: মই জানিছিলো আপুনি আহিব বুলি। কিন্তু আজিয়ে হঠাৎ এনেকৈ আহি ওলাব, তাকো ফ’ন এটা নকৰাকৈ সেয়া ভবা নাছিলো। আহক আহক এয়া বেলক’নিলৈকেই আহক ইয়াতে বহি কথা পাতো।

পদূলিৰে সোমাই আহি থকা কলিতাক উদ্দেশ্যি বেলকনিৰ পৰাই দাসে চিঞৰিলে।

 

: নালাগে দাসদা আমি ভিতৰতে কথা পাতিম, আপুনি তললৈ আহক, লাইব্ৰেৰীতে বহোঁ।

 

দাসৰ সৰু লাইব্ৰেৰীটোত মুখামুখিকৈ দুয়ো বহি পৰিল।

 

: এতিয়া কওঁক ক’ৰ পৰা আহিলে।

 

: মই ভাড়াঘৰৰ পৰাই আপোনাৰ ইয়ালৈ আহিলো।

 

: কিয় আজি ডিউটি নাই নে আপুনি ছুটি লৈছে ? নে আপোনালোকৰো আজি বন্ধ।

 

: হে..হে..হে..  দাসদা কি কয় হে, পুলিচৰো বন্ধ থাকে নেকি আৰু! আচলতে কালি ৰাতি থানাতে ভালেখিনি দেৰি হ’ল। মোৰ পুৰণা কেছবোৰ আকৌ খুলি খুলি চাবলগীয়া হ’ল। বেছিভাগেই পাহৰিছো। সেয়ে আজি নাই যোৱা। মই ৰাতিলৈ যাম। গতিকে একপ্ৰকাৰ অৰ্ধছুটি লোৱা বুলি ক’ব পাৰে।

 

কলিতাৰ কথাত দুয়োজনে হাঁহিলে। হাঁহি থাকোতে দাসে কলিতাৰ দাঁত দুপাৰিলৈ লক্ষ্য কৰিলে। দুয়োপাৰি দাঁতৰে কুকুৰ দাঁতকেইটা অলপ বেছি জোঙা যেন লাগিল।

 

: দাসদা আপোনাৰ পৰা মই একো লুকাই নাৰাখো। আপুনি জানেই মোৰ কোনো আপোন মানুহ নাই। আৰু পল্লৱীক মই এইবোৰ কথা ক’ব বিচৰা নাই। কালি তাই থানালৈ আহি মোক বহুত খঙ কৰিলে তাইৰ ওচৰলৈ নোযোৱাৰ বাবে। কিন্তু মোৰ লগত যিবোৰ ঘটনা ঘটি আছে তাৰ একো প্ৰভাৱ তাইৰ গাতো নপৰক বুলিয়ে নিজকে মই তাইৰ পৰা আঁতৰাই ৰাখিছো। বাৰু এইবিলাক বাদ দিয়ক মোক এটা কথা কওঁকচোন আপুনি বাৰু ভূত-প্ৰেত আদি বিশ্বাস কৰেনে ?

 

: কিয় সুধিলেহে কলিতা, অঞ্জন শৰ্মাই ভূত হৈ আপোনাক খেদি ফুৰিছে নেকি?

 

: অঞ্জন শৰ্মাৰ কথা ক’ম বাৰু কিন্তু আপুনি জানেনে ইমান দিনে মই ক’ত আছিলো?

 

: কিয় আপুনিয়েইতো কালি সকলোৰে আগত ক’লে যে মাছমৰীয়া কেইজনমানে আপোনাক নদীৰ পাৰৰ পৰা উঠাই লৈ সিহঁতৰ লগতে ৰাখিছিল আৰু আপোনাৰ স্মৃতিশক্তি ঘুৰাই পোৱাৰ পাছত আপুনি সিহঁতৰ পৰা বিদায় লৈ আহি গ’ল। বাকী আগৰ কথাতো আপোনাৰ একো মনত নাই বুলি কৈছে। অৱশ্যে সকলো মানুহেই আপোনাৰ এইষাৰ কথা বিশ্বাস নাই কৰা, কিন্তু পুলিচক বেছি প্ৰশ্ন সোধা বেয়া বুলি কোনোৱে আপোনাক একো সোধা নাই। তাতে আপোনাৰ যিটোহে গহীন গহীন ইমেজ, এনেয়ো মানুহে বেছি কথা পাতিবলৈ সাহস নকৰে।

 

: এটা কথা সঁচা যে নদীৰ গৰাত পৰি থকাৰ আগৰ কথা মোৰ একো মনত নাই কিন্তু তাৰপাছতো মই মাছমৰীয়াৰ লগত কেইদিনমান থকা কথাটো মিছা। আচলতে মই নিজেই নিজকে বালিচৰ এটাত বোকাৰ মাজত পৰি থকাত আৱিস্কাৰ কৰিছিলো আজিৰ পৰা দুদিন আগতে।

 

: তেন্তে তাৰ আগতে আপুনি ক’ত আছিল? আৰু সেইদিনা অঞ্জন শৰ্মাৰ ঘৰত কি ঘটিছিল? মানুহজন জীয়াই আছেনে?

 

: ‘মানুহজন’ নহয় দাসদা, অঞ্জন শৰ্মা এটা ভেম্পায়াৰ আছিল।

 

: কি ? কি কৈছে আপুনি এইবোৰ?

 

: হয়, আপুনি ঠিকেই শুনিছে। তেওঁ এটা ভেম্পায়াৰ আছিল। সেয়েহে আপোনাক মই সুধিছো আপুনি ভূত-প্ৰেত আদিত বিশ্বাস কৰে নেকি?

 

: কৰা নকৰাৰ মাজতে। কিন্তু সেইবিলাক পাছৰ কথা মই আপোনাৰ কথাত বিশ্বাস কৰিম কেনেকৈ?

 

: আপুনি প্ৰমাণ বিছাৰিছেতো! ৰব মই আপোনাক দেখুৱাই আছো।

 

কলিতাই বহাৰ পৰা উঠি মেজখনত বিছাৰি বিছাৰি এটা আলপিন উলিয়াই আনিলে। সোঁহাতত আলপিনটো লৈ বাওঁহাতখন মুঠি মাৰি দাসৰ সন্মুখত ধৰিলে আৰু বুঢ়া আঙুলিৰ কাষৰ পৰা কাষলতিৰ গুৰিলৈকে সেইটোৰে আকুহি দিলে। জোৰকৈ হেচি দিয়াৰ বাবে হাতখন ফালি দিয়াৰ নিছিনা হৈ গ’ল। মুকুট দাসে চিঞৰি কলিতাক বাধা দি উঠিল। হাতৰ পৰা ধাৰাসাৰে তেজ ওলাব ধৰিলে।

 

: ধৈৰ্য্য ধৰক দাসদা, এতিয়াই মোৰ কথাৰ প্ৰমাণ আপুনি পাই যাব।

 

মুকুট দাসে অবাক হৈ লক্ষ্য কৰিলে যে এক মিনিটমানৰ পাছতে কলিতাৰ বাওঁহাতৰ আলপিনেৰে ফালি দিয়া অংশখিনি লাহে লাহে যোৰা লাগিব আৰম্ভ কৰিছে। আৰু চাওঁতে চাওঁতে হাতখন আগৰ দৰে হৈ পৰিল। কেৱল তেজৰ দাগবোৰ থাকি গ’ল। মুকুট দাসে মুৰে কপালে হাত দি চকীত বহি পৰিল।

 

: কওঁক কওঁক ইন্সপেক্টৰ…কওঁক ! মই আপোনাৰ সকলো কথা বিশ্বাস কৰিছো, সেইদিনা তাত কি হৈছিল, অঞ্জন শৰ্মা কোন আছিল মোক সকলো কওঁক।

 

কলিতাই কছাৰীগাওঁৰ ছোৱালীজনীৰ হত্যাকাণ্ডৰ ঘটনাৰ পৰা শুভঙ্কৰ চক্ৰৱৰ্তীৰ কুকুৰ দুটাৰ হত্যাকাণ্ডলৈ সকলো কথা দাসক বিবৰি ক’লে।

 

সকলো কথা মন দি শুনাৰ পাছত দাস কিছু সময় মৌন হৈ চকীতে বহি থাকিল। তাৰ পাছত ঘপহকৈ বহাৰ পৰা উঠি কিতাপ ৰখা প্ৰকাণ্ড আলমাৰী তিনিটাৰ সন্মুখত থিয় হ’ল। মাজৰ আলামাৰীটোৰ ৰেক এটাত সঁজাই থোৱা কিতাপ তিনিখনমান আঁতৰাই পাছফালে লুকাই থকা ঢাকনী এখন খুলিলে। আৰু ভিতৰৰ পৰা দুখন প্ৰকাণ্ড ক’লেবৰৰ পকাবন্ধা কিতাপ উলিয়াই আনি আলমাৰীটো আকৌ আগৰ দৰে সজাই ৰাখিলে। পুৰণি কিতাপ দুখনৰ পৰা ধূলি আঁতৰাই তেওঁ কলিতাৰ সন্মুখৰ মেজত থৈ ক’লে ..

 

: পৃথিৱীত ভেম্পায়াৰৰ অস্তিত্ব আছে বুলি মই এই কিতাপ দুখনৰ পৰা জানিব পাৰিছিলো। তামিলনাডুৰ এটা গীৰ্জাঘৰৰ এজন বৃদ্ধ পাদুৰীয়ে এসময়ত এই কিতাপ দুখন মোক দিছিল। লিখক আৰু প্ৰকাশকৰ নাম জনা নাযায়, বহু পুৰণি কিতাপ। কিতাপ দুখন মোক দিয়াৰ সময়ত একেবাৰে উৱলি যোৱা অবস্থাত আছিল, পিছত মই নিজ হাতে বন্ধাই সংৰক্ষণ কৰি ৰাখিছো। আজিলৈকে এই কথা মই কাৰো আগত প্ৰকাশ কৰা নাই কাৰণ বুঢ়া পাদুৰীয়ে মোক আনক নেদেখুৱাবলৈ শপত খুৱাই থৈছিল। কিন্তু আজি আপোনাৰ পৰা যিখিনি কথা মই শুনিলো তাৰ পাছত এই দুখন কিতাপ আপোনাৰ পৰা লুকুৱাই ৰাখিবৰ কোনো প্ৰয়োজন নাই বুলি অনুভৱ কৰিছো। এই দুখন আপুনি লৈ যাওঁক, আপোনাৰ বহু প্ৰশ্নৰ উত্তৰ ইয়াত পাব।

 

: ধন্যবাদ দাসদা, কিতাপ দুখন মই নিশ্চয় লৈ যাম কিন্তু ভেম্পায়াৰৰ বিষয়ে আপুনি কি জানে আপোনাৰ মুখেৰে মই শুনিব বিছাৰিছো। আৰু আপুনি মোক নিৰাশ নকৰিব বুলিয়ে মোৰ বিশ্বাস।

 

: মই জনাত ভেম্পায়াৰ আফ্ৰিকাৰ ঘন জংঘলত পোৱা এক শ্ৰেণীৰ সৰু আকাৰৰ বাদুলি। সিহঁতে অন্য প্ৰাণীৰ তেজ শুহি জীৱন নিৰ্বাহ কৰে। কিন্তু অন্য প্ৰাণীৰ তেজ পান কৰি জীয়াই থকা এক শ্ৰেণীৰ মানুহো এই পৃথিৱীত আছে। তেওঁলোকে সাধাৰণ মানুহৰ দৰেই সমাজত মিলি বাস কৰে নিজৰ বিষয়ে আন কাকো জানিব নিদিয়াকৈ। কাৰণ মানুহ নামৰ জীৱবিধলৈ তেওঁলোকৰ ভয় যদিও শাৰীৰিক ভাৱে সিহঁত বহু বেছি শক্তিশালী। সিহঁতে ভয় কৰে পৃথিৱীৰ সকলো জীৱৰ ওপৰত অৱস্থান কৰি মানুহ সৰ্বশ্ৰেষ্ঠ হোৱাৰ দৰে সিহঁতকো দমন কৰি এদিন সিহঁতৰ ওপৰত অধিকাৰ চলাব। সেয়ে সিহঁতে নিজৰ মাজতে এখন গুপ্ত সমাজ গঠন কৰি লৈছে। সিহঁতৰ শৰীৰৰ গঠন মানুহৰ নিচিনাই। আনকি পাচন তন্ত্ৰও মানুহৰ সৈতে একে। সাধাৰণ মানুহে গ্ৰহণ কৰা খাদ্যও সিহঁতে খাব পাৰে কিন্তু সিহঁতৰ জীৱনী শক্তি নিহিত হৈ থাকে তেজত। যিকোনো ধৰণৰ তেজ পান কৰাৰ লগে লগে খাদ্য নলীত থকা বিশেষ কিছুমান ৰক্তকোষে তেজবোৰ শুহি লয় আৰু নিজৰ দেহৰ তেজত মিহলি কৰি দিয়ে। সাধাৰণ মানুহৰ শৰীৰত ইনজেকচনৰ সহায়ত তেজ প্ৰদান কৰিলে যেনেকৈ নিজৰ তেজৰ লগত মিলি যায় তেনেকৈ ইহঁতে মুখেৰে পান কৰিয়ে অন্য প্ৰাণীৰ তেজ নিজৰ দেহত গ্ৰহণ কৰিব পাৰে। কিন্তু তাতে তেজৰ গ্ৰুপৰ কিবা সাধাৰণীকৰণ আছেনে নাই সেয়া মই নাজানো। শুনামতে ইহঁতৰ কেতিয়াও বেমাৰ আজাৰ নহয়। মানুহৰ দেহত ৰোগৰ সৃষ্টিকৰা ভাইৰাছ, বেক্টেৰিয়া আদিয়ে ইহঁতৰ দেহৰ একো ক্ষতি কৰিব নোৱাৰে। সেয়ে ইহঁতে ডাক্টৰ চিকিৎসালয় আদিৰ পৰা আঁতৰত থাকিবলৈ সুবিধা পায়। আৰু ভেম্পায়াৰে দংশন কৰা মানুহ এজন কেনেবাকৈ জীয়াই থাকিলে পাছলৈ সিও এজন ভেম্পায়াৰলৈ ৰুপান্তৰিত হ’ব পাৰে, যিটো আপোনাৰ লগত হৈছে। আপুনি এক ৰক্তপিপাসুলৈ পৰিৱৰ্তন হৈছে কলিতা। সাধাৰণ মানুহৰ বাবে আপুনি এতিয়া এক সন্ত্ৰাস।

ইমানখিনি কথা একেধাৰে কৈ থমকি ৰল মুকুট দাস আৰু কলিতাৰ উত্তৰলৈ বাট চাই ৰ’ল। হুমুনিয়াহ এটা কাঢ়ি কলিতাই ক’বলৈ ধৰিলে..

 

: দাসদা মই জানো সাধাৰনৰ বাবে মই এতিয়া এক সন্ত্ৰাস কিন্তু আপোনাক কথা দিছো মোৰ এই পৰিবৰ্তন মই সমাজৰ দেশৰ ভালৰ হকে ব্যৱহাৰ কৰিম কাৰো হানি বিঘিনি নঘটোৱাকৈ। মই অসম পুলিচৰ এজন আৰক্ষী বিষয়া দাসদা আৰু মোৰ প্ৰথম কৰ্তব্য হ’ল জনসাধৰনক নিৰাপত্তা প্ৰদান কৰা। মই মোৰ কৰ্তব্য পালনত কেতিয়াও হেমাহি নকৰো, তেহেলৈ মই মানুহেই হওঁ বা চয়তানেই হওঁ। যি হওঁক এতিয়া উঠো, থানাত ধেৰ কাম পৰি আছে, আকৌ দেখা হ’ম।

 

কিতাপ দুখন হাতত লৈ কলিতা দাসৰ ঘৰৰ পৰা ওলাই আহিল। গাড়ী চলাই আহি থাকোতে মনত দাসৰ কথাবোৰে খুন্দিয়াই আছিল। দাসে নিশ্চয় সকলো কথা খুলি নাই কোৱা। কালি ৰাতি ছায়ামুৰ্ত্তিয়ে এনেয়ে দাসৰ নাম লোৱা নাছিল। ইহঁতৰ লগত মুকুট দাসৰ নিশ্চয় কিবা সংযোগ আছে। এই ভেম্পায়াৰ প্ৰজাতিৰ শুংসুত্ৰ উলিয়াবই লাগিব। ধৰাৰ বুকুলৈ ইতিমধ্যে আন্ধাৰ নামি আহিছিল। কাৰোবাৰ ঘৰত সন্ধিয়া জ্বলোৱা ধূণাৰ সুগন্ধি কলিতাৰ নাকত লাগিল। অজানিতে দুটোপাল লোতক নামি আহিল কলিতাৰ চকুৰ পৰা। তেওঁযে আৰু মানুহ হৈ থকা নাই। তীব্ৰ গতিত সদৰ থানা অভিমুখে জীপছি চলাই দিলে কলিতাই ….

 

(ক্ৰমশঃ…. )

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments