সাধুকথাৰ গছপুলি (গাৰ্গী দাস)

অ’ আইতা, আইতা অ’ মই যেতিয়া ডাঙৰ হ’ম আমাৰ চোতালত সাধুকথাৰ এটা গছপুলি ৰুম। সাধুবোৰ তাতে লাগি থাকিব। সাধুবোৰৰ যে কিমান কথা থাকিব মোক কবলৈ। সাধুগছত সাধু ফুল ফুলিব ধুনীয়া ধুনীয়া। মৌ-মাখি আহিব। পখিলা পৰিব। আৰু কিজানি ফুলবোৰ খাবলৈ কেতিয়াবা কেতিয়াবা গৰু-ছাগলীও আহিব, নাহিবনে বাৰু। অ’ আইতা, … কি ফুল ফুলিব তাত? বগা নে হালধীয়া, ৰঙা নে নীলা?
চোৱা আইতা, গছপুলিটো এদিন বাঢ়ি-বাঢ়ি মোৰ সমানেই ওখ হৈ গৈ থাকিব। অ’ আইতা, যদি কেতিয়াৱা বিজুলী-ঢেৰেকনি আহে… ধুমুহা-বৰষুণ আহে, আৰু যদি সাধুফুলবোৰ সৰি পৰে, যদি গছডাল হালি পৰে…!!
একান্তমনে নাতিনীয়েকৰ কথা শুনি থকা আইতাকে মাজতে কৈ উঠে…. নাই নাই আইজনী, কিয়নো ৰুব লাগিছে চোতালত সাধুকথাৰ গছপুলি….! এটি গছপুলি মনতে ৰুবি। সাৰ-পানী দি ডাঙৰ কৰিবি। এপাহি-দুপাহিকৈ সাধুফুলবোৰ ফুলি উঠা চাবি। এদিন তোৰ দৰেই বাঢ়িব আইজনী সাধুকথাৰ গছপুলি। ছায়া দি আৱৰিব তোক জীৱনৰ আবেলি। ছায়া দিয়া গছক ৰ’দ-বৰষুণে হলাব নোৱাৰে অ’ মোৰ গোঁসানী।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments