অসম সাহিত্যসভাৰ কলিয়াবৰ অধিৱেশনৰ কেইটামান শ্নেপশ্বটঃ (- নীলোৎপল শৰ্মা)

মোৰ টেলেকা চকুৰে…

শ্নেপশ্বট ১
আদৰণি বুলি লিখা মূল তোৰণেৰে সোমাই গৈয়ে দেখিলো আনন্দৰাম ঢেকিয়াল ফুকনৰ এটি আৱক্ষমূৰ্ত্তি (অৱশ্যে ‘আৱক্ষমৰ্ত্তি’ বুলিহে লিখা আছিল, “ূ” ডাল নিদিলেও হয় চাগে !! )। নাৰ্জি ফুলৰ মালা আৰু সন্মুখত চাকি জ্বলাই থোৱা হৈছে । বেকগ্ৰাউণ্ডত তেওঁক লৈ ভিন্নজনে ভিন্ন ভংগিমাৰে ফটো উঠাত ব্যস্ত । তেনেতে দেখিলো – বিশ বাইশ বছৰীয়া এহাল ডেকা গাভৰুৱে দৌৰা দৌৰিকৈ মোৰ কাষৰে পাৰ হৈ গৈছে । ছোৱালী জনীয়ে ক’লে- “অহ্ গড, ষ্টেচুটো কিহেৰে বনাইছেনো, কালাৰটো চোৱা না, তামাম লাগিছে দেই ।“ আনফালে যুৱকে চিন্তাত মগ্ন – কোন হ’ব পাৰে এইজন ! যদি যুৱতীয়ে সুধি দিয়ে ।
“আৰে এইবোৰ বাদ দিয়া না, তুমি ফটো উঠা না আগতে“- যুৱকে লৰালৰি কৰিলে ।
“অকে… অকে…” — যুৱতী এইবাৰ অভাৰ কনচিয়াছ ।


আকৌ কিবা এটা মনত পৰা যেন কৰি – “অই শুনাচোন, মূৰত এইটো পাগুৰি নিচিনা কি পিন্ধি আছে নো, পঞ্জাৱী মানুহ নেকি !!”
যুৱকৰ মুখখন চাবলগীয়া, যেনেতেনে মেনেজ কৰি- “এহ বাদ দিয়া না… তুমি ফটো উঠাচোন ।“
“অহ্.. অউকে, অউকে…”
“এক্সকিউজ মি আংকল, আংকল… অলপ চাইদ দিয়ক না প্লিজ…যুৱকৰ ৰিকুৱেষ্ট…দুয়োৰে মাজত আহি গৈছে এজন আংকল ।“
ইফালে আকৌ আংকল ব্যস্ত ফটো উঠাবলৈ প্ৰকাণ্ড কেমেৰাটোৰে ফ্ৰেম বনোৱাত..
সন্মুখত আঠ বছৰীয়া পুতেক আৰু পাঁচ বছৰীয়া জীয়েক । সিহঁতৰ বেকগ্ৰাউণ্ডত ঢেকিয়াল ফুকন ।
ফ্ৰেম ঠিক কৰি থকাৰ মাজতে আঠবছৰীয়া পুতেকে সুধিলে – “পাপা, আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল নো ?“
পাপাঃ (কেমেৰাটো চকুৰ পৰা আঁতৰাই আনি) এইজন অসমৰ ফাৰ্ষ্ট গ্ৰেজুৱেট বাবা…
পুতেকঃ অকে…
লগে লগে পিছৰ প্ৰজন্মৰ মানে কাষতে থিয় হৈ থকা পাঁচবছৰীয়া ভনীয়েকৰ ককায়েকলৈ প্ৰশ্ন- “মানে কি নো দাদা…??”
মই বোলো ইয়াতে ঢেকিয়াল ফুকনৰ জীৱনী উদ্ধাৰ কৰি থাকিলে নহ’ব, সোনকালে ফটো দুখনমান তুলি সেই ঠাইৰ পৰা আঁতৰিলো…
এনেকুৱা এটা আদৰণি পিছে বেয়া নালাগিল ।

শ্নেপশ্বট – ২
গ্ৰন্থমেলাত সোমালো । ‘চন্দ্ৰ প্ৰকাশ’লৈতো চাবই নোৱাৰি । যেন কিতাপৰ লগত সোণৰ মুদ্ৰাহে ফ্ৰি দি আছে । মানুহে আগুৰি আছে । তাৰ তুলনাত বাকীবোৰত মানুহৰ উপস্থিতি তেনেই সেৰেঙা । মই তেনেকুৱা সেৰেঙা এখনলৈকে আগুৱাই গ’লো । এজন আংকলে আগৰ পৰাই মামনি বাইদেউৰ ‘মামৰে ধৰা তৰোৱাল’খনৰ পাত লুটিয়াই আছে, সম্ভৱ দাম চাইছে । মইও কিতাপবোৰত চকু ফুৰোৱাত লাগিলো । তেনেতে এজন ভদ্ৰলোক খৰখেদাকৈ আহি দোকানীক সুধিলে- “হেৰি, হিমন্ত বিশ্ব শৰ্মাৰ কিতাপখন আছে নেকি…”
দোকানীয়ে আছে বুলি কিতাপখন উলিয়াবলৈ লওঁতেই ‘মামৰে ধৰা তৰোৱাল’খন চাই থকা জনে লগে লগে সেইখন থেকেচামাৰি থৈ দোকানীক সুধিলে- “হেৰি, নৰেন্দ্ৰ মোডীৰ কিবা জীৱনী আছে নেকি হে ?”
দোকানীৰ উত্তৰঃ নাই নহয় দাদা…
এইবাৰ তেওঁ কিছুপৰ চিন্তা কৰি ক’লে- “অখিল গগৈৰ কিবা কিতাপ আছে যদি দিলেও হ’ব দিয়ক । ‘উঁয়েখোৱা তৰোৱাল’খন মানে আগতে পঢ়িছো ।“

মইনো আৰু কি কৰিম… ‘মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা’ খনকে লৈ আঁতৰি আহিলো আৰু…

 

শ্নেপশ্বট -৩ 
বাণিজ্যমেলাত সাংঘাটিক ভীৰ । কিন্তু কোনো মানুহেই হাতত বজাৰ কৰা টোপোলা লৈ ফুৰা চকুত নপৰিল । মইও তেতিয়ালৈ খালি হাতেৰেই ঘূৰি আছো । ভাবিলো নাই কিবা এটা কিনিব লাগিব । পিছে চকুতো একো পৰা নাই । তেনেতে দেখিলো এখন দোকান । কাঠৰে তৈয়াৰী জীৱ জন্তু কিছুমান থৈ দিয়া আছে । দূৰৈৰ পৰাই জিলিকি থকা প্ৰকাণ্ড হৰিণাটো আৰু গড়টো দেখি ওচৰ চাপি গ’লো । এজনে দৰ দাম কৰি আছে গড়টোৰ । মই ওচৰ পোৱাৰ লগে লগে সেইজনে মুখৰ ভিতৰতে কিবা এষাৰ মোৰ কাণত পৰাকৈ ভোৰাভোৰাই কৈ আঁতৰি গ’ল । মই লাহেকৈ দোকানীক সুধিলো – “এই গড়টোৰ দাম কিমান হে…?”
দোকানীয়ে গৌৰৱেৰে বুকু ফিন্দাই ক’লে- “পোন্ধৰ হাজাৰ দাদা ।“
মই তেতিয়াহে বুজিলো সেই মানুহজনে ভোৰভোৰাই কৈ যোৱা কথাষাৰ অৰ্থ-
“তাতকৈচোন চোৰাংচিকাৰীক পোন্ধৰ হেজাৰ দিলে অৰিজিনেলটোৱে পাই যাম হে । ৰকিৰ চিনাকি থাকিলেতো পোন্ধৰ হেজাৰো নপৰে !!”

 

শ্নেপশ্বট – ৪ 
মোৰ চকুত ক’লা চশমা । ক’লাও ক’লা, একেবাৰে ভিতৰৰ টেলেকা চকুদুটাই কাক চাইছো, কেনেকৈ চাইছো সমুখত থকা জনেও ধৰিব নোৱাৰিব । তেনেতে বোৱা মেখেলা চাদৰৰ দোকানখনৰ পৰা দিপলিপ মেনকা এগৰাকী ওলাই অহা দেখি মই খোজটো অলপ শ্লো কৰি দিলো । মেনকাই মোলৈ বৰকৈ চাইছে । পিন্ধনত তেৰাৰ সেউজীয়া টপ,ক’লা জিনছ্… মোৰো ডিল একেবাৰে গ্ৰীণ গাৰ্ডেন হৈ গৈ আছে গতিকে মইও চাই আছো । ক’লা চশমাযোৰ মোৰ প্ৰতেকশ্বন । মেনকাইও বৰকৈ চাই আছে , মইও । মুঠতে চশমাযোৰে বাধা নিদিয়া হ’লে আমাৰ চাৰি চকুৰ মিলন খাতাং আছিল । মোক চাই থকি মেনকা খোজ কাঢ়িবলৈকো পাহৰি গৈছিল । হয়তো মইও । কিছুসময় তেনেকৈয়ে পাৰ হ’ল । হয়তো এবাৰত মেনকাৰ ভবা চিন্তাত যঁতি পৰিল । উপায় নাই, সাহিত্য সভাহে । প্ৰেম কৰাৰ অনুমতি নাই । গতিকে লগে লগে মেনকাই এখোজ দুখোজকৈ আগবাঢ়িল । পিছে এয়া কি… মেনকাইচোন লেঙেৰাই খোজ কাঢ়িছে । ভৰিখন তাৰমানে বেয়া তাইৰ…নিজৰেই কিবা বেয়া লাগিল । ইমান ধুনীয়া ছোৱালীজনীৰ দুখটো কিবা সহ্য নহ’ল । ঈশ্বৰকে এবাৰ মনৰ ভিতৰতে গালি এজাউৰি দি ক্ষোভটো কমালো । মেনকা মোৰ গাৰ কাষেৰে ভৰিখন দুপিয়াই দুপিয়াই পাৰ হৈ গ’ল । মোৰ বুকু ভাঙি গৈছে সেই দৃশ্য দেখি । মই শেষ বাৰৰ বাবে তাইক চাওঁ বুলি ভাবোতেই তাই মোৰ কাণত পৰাকৈ শুনাই গ’ল- “ছোৱালী দেখা নাই নেকি জীৱনত, এই চব সাহিত্য সভা চাব আহিছেনে ছোৱালী লাইন মাৰিব আহিছে বা…!!”
মই একেবাৰে থতমত খালো, খামেই দিয়কচোন, প্ৰেম কলিতেই মৰহিলে সকলোৰে দুখ লাগে । ইমান খিনি শুনোৱাৰ পিছত আশা কৰা নাছিলো যদিও এবাৰ ঘুৰি চালোঁ, কিজানি মেনকাই ঘূৰি চায়েই…পিছে তেতিয়াহে বুজিলো, মেনকাৰ খং বেলেগতহে… মই তেনেকৈ চাই থকাৰ কাৰণেই তাই আচলতে খোজে কাঢ়িব পৰা নাছিল, কাৰণ মেনকাৰ চেণ্ডেলযোৰ চিগিল…।
চেহ্… বেচেৰীকতো চবেই এতিয়া ভৰি বেয়া ছোৱালী বুলিয়ে ভাবিব আৰু… মনটো আকৌ এবাৰ সেমেকি উঠিল…
পিছে উপায় নাই… মাহীৰ তিনিবছৰীয়া ল’ৰাটোৱে বাইন’কুলাৰ এটা লৈ যাবলৈ কৈছিল… সেইটোৰে সি বোলে ঘৰত বহিয়ে কাজিৰঙাৰ গড়কেইটা কোনে মাৰে চাই থাকিব পাৰিব…
অউকে…লেটছ গ’… মোৰ এই টেলেকা চকুৰে এইবাৰ মিছন বাইন’কুলাৰ কৰিয়ে চাওঁচোন…

(১০০ % গেৰান্টিযুক্ত সত্য ঘটনা । কলিয়াবৰ অধিবেশন-০১/০২/২০১৫ )

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!