কল্পবিজ্ঞান: চমু অৱলোকন (ৰক্তিম গগৈ)

কল্পবিজ্ঞান (Science Fiction)ৰ জন্ম ক’ত, কেতিয়া আৰু কেনেকৈ হৈছিল তাৰ কোনো নির্দিষ্ট তথ্য পাবলৈ নাই। কল্পনা আৰু বিজ্ঞানৰ দীঘ-বাণীৰে বোৱাই হৈছে একপ্রকাৰৰ মনোৰম সাহিত্য। বিভিন্নজনে ইয়াৰ সংজ্ঞা বিভিন্ন ধৰণে দিলেও জনপ্রিয় এনছাইক্ল’পেডিয়া বিট্ৰেনিকাৰ মতে কল্পবিজ্ঞানৰ সংজ্ঞা হৈছে, “সমাজ বা ব্যক্তিৰ ওপৰত প্রকৃত নাইবা প্রকল্পিত বিজ্ঞানৰ প্রভাৱক উপজীব্য হিচাপে লৈ সৃষ্টি কৰা কাহিনী নাইবা বেছি সাধাৰণভা‌ৱে ক’বলৈ গ’লে, অপৰিহার্য দিশ নির্ণায়ক উপাদান হিচাপে বিজ্ঞানক ভিত্তি কৰি সৃষ্টি কৰা কিছু কাহিনীৰ সমষ্টি”।  অন্যথা ক’ব পাৰি, “সাহিত্যৰ এই ধাৰা কিছুমান বৈজ্ঞানিক সত্য আৰু কল্পনাৰ মধুৰ মিলনৰ ফলত জন্ম হোৱা বিস্ময় সাহিত্য মাত্ৰ।”

লিপিবদ্ধ কোনো তথ্য পোৱা নাযায় যদিও মহান গ্রীক বংগ্য সাহিত্যিক লুচিয়ান(১২০-১৮০)কে কল্পবিজ্ঞানৰ জন্মদাতা আখ্যা দিয়া হয়। খ্রীষ্টিয় দ্বিতীয় শতিকাতে তেওঁ “ভেৰা হিষ্ট’ৰিয়া (Vera Historia )” বা “ট্রু হিষ্ট’ৰি(True history)” নামৰ গ্রন্থত চন্দ্রলৈ যাত্রা কৰাৰ ওপৰত কল্পিত এক মজাৰ কাহিনী লিখিছিল। কাহিনীৰ নায়ক এবাৰ এজাক ডাঙৰ পকনীয়া বতাহৰ মেৰপাকত পৰি চন্দ্রপৃষ্ঠ পায়গৈ। নায়কে তেতিয়া তেওঁৰ লগত থকা এখন যাদুকৰী দাপোনত চন্দ্রপৃষ্ঠৰ পৰাই পৃথিৱীত ঘটি থকা সমস্ত ঘটনাৱলী পযর্বেক্ষণ কৰিছিল। তেতিয়াই তেওঁৰ সেই লিখনি যথেষ্ট জনপ্রিয় হৈছিল যদিও ইয়াৰো কেইবা শতিকাৰ পাছতহে মূল কল্পবিজ্ঞানৰ চর্চা আৰম্ভ হয়। পুৰণি দিনৰে পৰা বর্ত্তমানলৈকে কল্পবিজ্ঞানৰ সমগ্র ৰচনা সম্ভাৰ যদি লক্ষ্য কৰা যায় তেন্তে বিজ্ঞানৰ গতানুগতিক বিষয় সমুহতকৈ কিছুমান অন্য বিষয়হে লেখকসকলে প্রাধান্য দিয়ে। এনেকুৱা এটা বিষয় হৈছে “মহাকাশ বিজ্ঞান”।

কেইবাজনো বিখ্যাত কল্পবিজ্ঞান লেখকৰ লিখনিত মহাকাশ বিজ্ঞানৰ সৰস কাহিনী পঢ়িবলৈ পোৱা যায়।বিচপ্ গড্উইনৰ “দ্য মেন ইন দ্য মুন(১৬৩৮)”, বিচপ্ উইলকিনছৰ “ডিস্কক’ভাৰী অফ্ এ ৱর্ল্ড ইন দ্য মুন(১৬৪০)”, জুলেভার্ণৰ “ফ্রম আর্থ টু দ্য মুন(১৮৬৫)”, এইছ.জি.ৱেলছৰ “দ্য ফাষ্ট মেন ইন দ্য মুন(1901)”, আর্থাৰ.চি.ক্লার্কৰ “২০০১: এ স্পেচ ওডিছি ইত্যাদি। অবশ্যে বর্ত্তমান বিজ্ঞান-প্রযুক্তিবিদ্যাৰ দ্রুত উন্নয়নৰ জিন্ প্রযুক্তিবিদ্যা,ভবিষ্যত বিজ্ঞান,কৃত্রিম বুদ্ধিমত্তা,আধুনিক চিকিৎসা বিজ্ঞান,ইলেক্ট্র’নিক,ৰৱটিক্স্ আদি নব্য বিষয়সমূহেও কল্পবিজ্ঞান সাহিত্যত স্থান লাভ কৰিছে।

আধুনিক কল্পবিজ্ঞানৰ পিতৃপুৰুষ হিচাপে আখ্যা দিয়া হয় ‘জুর্লভাণে’ক। এইগৰাকী মহান কল্পবিজ্ঞান লিখকৰ হাতত প্রাণ পাই উঠিছিল বহুকেইখন উৎকৃষ্ট গ্রন্থই।ভার্ণেৰ লিখনিবোৰ আছিল সীমাহীন ৰহস্য,বিজ্ঞান আৰু শিহৰণকাৰী এডভেঞ্চাৰৰ কাহিনীৰে ভৰপূৰ। “ফাইভ উইকছ্ ইন এ বেল’ন”,“এ জার্নী টু দ্য মুন”,“ফ্রম আর্থ টু দ্য মুন”,“এৰাউণ্ড দ্য ৱর্ল ইন এইটী ডেইজ”,“ড০অস্ক এস্কপেৰিমেনটছে এণ্ড আডাৰ ষ্টৰি’ছ” আদি তেখেতৰ দুখনমান বহুচর্চিত গ্রন্থ। তদুপৰি “এ ফ্লটিং ছীটি”  আৰু “ইয়েষ্টাৰডে’ এণ্ড টুমৰ’, দুখন উল্লেখযোগ্য চুটিগল্পৰ সংকলন। এইখিনিতে আন কেইগৰাকীমান জনপ্রিয় কল্পবিজ্ঞানৰ লেখকৰ ৰচনাসম্ভাৰ চমুকৈ দিয়া হ’ল।

মেৰী শ্যেলী(১৭৯৭-১৮৫৯): ইংৰাজী সাহিত্যৰ অতি জনপ্রিয় কবি প্রার্চী ব্যাচী শ্যেলীৰ পত্নী মেৰী শ্যেলী হৈছে বিশ্বৰ প্রথমগৰাকী মহিলা কল্পবিজ্ঞান লেখিকা। মেৰীৰ উল্লেখযোগ্য ৰচনাবোৰ হৈছে- “ফ্রেনকেনষ্টে’ইন”,“দ্য লাষ্ট্ মেন”,“টেলছ এণ্ড ষ্ট’ৰিছ”   ইত্যাদি।

এইচ.জি.ৱেলছ.(১৮৬৬-১৯৪৬): প্রথমবাৰৰ বাবে বিজ্ঞানধর্মী ৰোমান্সৰ সৃষ্টিত এইগৰাকী লেখকৰ অৱদান সর্বজনবিদিত।তেঁওৰ কেইখনমান বিখ্যাত উপন্যাস হৈছে-“দ্য টাইম মেচিন”,“দ্য ৱানডাৰফুল ভিজিট”,দ্য ইনভিজিব’ল মেন”,“হোৱেন দ্য শ্লিপাৰ ৱেকছ” ইত্যাদি।তদুপৰি “দ্য ষ্ট’লেন বেছিলাছ”,“টেলছ অফ স্পেচ এণ্ড টাইম”  আদি বহুপঠিত চুটিগল্পৰ সংকলন।

আথাৰ.চি.ক্লার্ক: ১৯১৭ চনত জন্ম লাভ কৰা এইগৰাকী লেখকৰ গ্রন্থবোৰ হ’ল-“প্রিলোড টু স্পেচ”,“ডলফিন আইলেণ্ড”,“দ্য র্গাডেন অফ ৰামা” ইত্যাদি।এই সকলো লিখকৰ উপৰিও র্লড লিটন,এড্গাৰ ৰাইচ বাৰোজ,এড্গাৰ এলেন পো,পল এণ্ডাৰচন,ৰর্বাট শ্বেকলি,এলব্রছ্ হার্ক্সলি,র্কাল ছেগান আদি লেখকসকলেও নিজ নিজ ৰচনাৰ জৰিয়তে বিশ্ব কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

   কল্পবিজ্ঞানক গল্প,উপন্যাস,নাটক,চুটিগল্প আদি বিভিন্ন মাধ্যমেৰে উপস্থাপন কৰা হয় যদিও জনপ্রিয়তাৰ ফালৰ পৰা চলচ্চিত্র কোনো গুণে কম নহয়।কল্পবিজ্ঞানভিত্তিক চলচ্চিত্ৰ নিমার্ণৰ আৰম্ভণি ঘটায় বিখ্যাত ফৰাচী যাদুকৰ “র্জজ মেলিছ”। তেওঁ ১৯০২ চনতে নিমার্ণ কৰে “এ ট্রিপ টু দ্য মুন (A Trip To The Moon)” নামৰ ছবিখন। সম্পূর্ণ ছবিখনৰ দৈর্ঘ্য আছিল ১৮ মিনিট আৰু ছবিখন আছিল নির্বাক।বোলছবিখনৰ চিত্রনাট্য আগবাঢ়িছিল এইধৰণে-“স্ক্রীণত কেইগৰাকীমান অত্যুৎসাহী ফৰাছী যুৱ বিজ্ঞানীয়ে তেওঁলোকৰ ৰাষ্ট্রপতিৰ লগত এক বৈঠকত মিলিত হৈছে;তেওঁলোকৰ উদ্দেশ্য হৈছে চন্দ্রপৃষ্ঠলৈ যাত্রা কৰা। উৎসুক ৰাষ্ট্রপতিয়েও একেষাৰে যোৱাৰ সন্মতি দিয়াত বিজ্ঞানীকেইজন এখন ডাঙৰ কেপছুল সদৃশ মহাকাশ যানত উঠি চন্দ্রপৃষ্ঠ পায়গৈ।কিন্তু তাত উপস্থিত হৈ তেওঁলোক তাৰ স্থানীয় বাসিন্দাসকলৰ ৰোষৰ বলি হয় আৰু তাতে বন্দী হয়। অৱশ্যে অৱশেষত কোনো উপায়েৰে গোটেইকেইজন মহাকাশচাৰী পৃথিৱীলৈ সফল প্রত্যাৱর্তন কৰিবলৈ সক্ষম হ’ল। র্জজ মেলিছৰ এই নতুন ধাৰাৰ ছবিখন প্রদর্শন হোৱাৰ লগে লগে সমগ্র ইউৰোপতে খলকনি লাগে। ইমানদিনে কিতাপৰ পৃষ্ঠাতে আবদ্ধ হৈ থকা কাহিনীভাগ “ৰীল লাইফত” যে ইমান বেছি উপভোগ্য হৈ উঠিব পাৰে তাৰ আভাস পাই হলিউডৰ নামী পৰিচালক-প্রযোজক সকল উঠি পৰি লাগে কল্পবিজ্ঞান বিষয়ক ছবি নিমার্ণত। কেইবছৰমানৰ ভিতৰতে নির্মিত হয় “টুৱেণ্টী থাউজেণ্ড লীগ্ আণ্ডাৰ দ্য চী”,“ডাঃজেকেল এণ্ড মি: হাইড”,ডাইনছৰক খলনায়ক সজাই “দ্য লষ্ট্ ৱর্ল্ড” ইত্যাদি ছবিবোৰ।ইয়াৰ পাছত ক্রমান্বয়ে বর্হিবিশ্বৰ প্রাণীক লৈ “এলগ’ল”,“প্লেনেট অৱ এপছ্”,“ষ্টাৰ ৱাৰ”,“এলফেভাই”,“একষ্ট্রা টেৰিষ্ট্রিয়েল”,“ৰবর্কপ”,“মেট্রিস্ক”,“ইণ্ডিপেনডেনচ ডে”,“ৱাৰ অৱ দ্য ৱর্ল্ডছ”; গোলকীয় উষ্ণতাক লৈ নির্মিত “ৱার্টাৰ বর্ল্ড” ইত্যাদি ছবিবোৰও দর্শকৰ মাজত প্রচুৰ জনপ্রিয় হয়।“দ্য ডে’ আফটাৰ টোম”,“মেন ইন ব্লেক”,“আই এম লিজেণ্ড” আদি ছবিবোৰত বিষয়-বস্তু ভিন্ন যদিও ছবিকেইখনৰ যোগেদি পৰিচালকে অদূৰ ভৱিষ্যতৰ এক সার্থক ইংগিত দি গৈছে। উদাহৰণস্বৰূপে,‘আই এম লিজেণ্ড’ ছবিখনত দেখুওৱা হৈছিল কিদৰে আধুনিক চিকিৎসা বিজ্ঞানক প্রত্যাহ্বান জনাই এক অচিন ৰোগৰ বীজাণুৱে নিমিষতে সমগ্র নিউর্য়ক মহানগৰী ধ্বংসস্তুপত পৰিণত কৰিছিল।

          কল্পবিজ্ঞান বিষয়ক বিভিন্ন গ্রন্থ,ছবি ইত্যাদি প্রকাশৰ উপৰি ১৮৮৬ চনত ছুইডেনৰ পৰা “ষ্টেলা” নামৰ এখন কল্পবিজ্ঞান পত্রিকা প্রকাশ কৰিছিল কেইজনমান উৎসাহী ছুইডিছ্ লেখকে। একেদৰে ১৯২০ ৰ দশকতে “এমেইজিং ষ্টৰিছ্” নামৰ এখন আমেৰিকান আলোচনীও প্রকাশ পাইছিল। পাছৰ কালত “জন ডব্লিও কেম্পবেল(জুনিয়ৰ)”ৰ দৰে বিখ্যাত সম্পাদকৰ প্রচেষ্টাত প্রকাশ পোৱা “এষ্টাওডিং চাইয়েণ্স ফ্রিক্সন” আলোচনীৰ যোগেদি এছিম’ভ,আর্থাৰ ছি ক্লার্ক,কার্ল ছেগানৰ দৰে লেখকসকলে কল্পবিজ্ঞানৰ চর্চা অব্যাহত ৰাখিছিল।

   বিশ্ব কল্পবিজ্ঞান সাহিত্যৰ তুলনাত ভাৰতবর্ষৰ কল্পবিজ্ঞান সাহিত্য এতিয়াও চালুকীয়া অৱস্থাতেই আছে।প্রখ্যাত ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্র বসুৱে ১৮৯৬ চনত প্রথমটো কল্পবিজ্ঞানৰ গল্প লিখি উলিয়াই।পাৰিসাংখ্যিক দৃষ্টিকোণেৰে চালে দেখা যায় যে ভাৰতত সর্বাধিক মাৰাঠী ভাষাতে কল্পবিজ্ঞানৰ চর্চা হয়;ইয়াৰ পিছতে স্থান বাংলা ভাষাৰ।অৱশ্যে তামিল ভাষাতো কম বেছি পৰিমাণে সাহিত্যৰ এই ধাৰাৰ চর্চা অব্যাহত আছে। অসমীয়া ভাষাত কল্পবিজ্ঞান সাহিত্যৰ চর্চা ভাৰতবর্ষত আৰম্ভ হোৱাৰো প্রায় চাৰিটা দশকৰ পাছতহে আৰম্ভ হয়। বিশিষ্ট গদ্যলেখক হৰিপ্রসাদ বৰুৱাদেৱে “বীৰচতিয়াৰ দেশ” শীর্ষক গল্পটোৰে এই চর্চা আৰম্ভ কৰে।গল্পটি ১৯৩৭ চনত “আৱাহন” কাকতৰ ৮ম বর্ষৰ,৭ম সংখ্যাত প্রকাশ পায়।১৯৩৮ চনত নগেন্দ্র নাৰায়ণ চৌধুৰীৰ “ৰসায়ন”,কুমুদেশ্বৰ বৰঠাকুৰৰ “এটম বোমা”,সৌৰভ কুমাৰ চলিহাৰ “মিনি নয়জ” আদি লেখনিৰে মাত্র এধানিমান লিখকে সাহিত্যৰ এই নব্য ধাৰাক ছেগা-চোৰোকাকৈ আগবঢ়াই নিয়ে।ষাঠিৰ দশকৰ পাচৰ পৰাহে অসমত কিছু বহলভিত্তিত কল্পবিজ্ঞানৰ চর্চা হ’বলৈ ধৰে।ইয়াৰে কেইগৰাকীমান জনপ্রিয় লেখক হ’ল- ড০ বিজয়কৃষ্ণ দেৱশর্মা,ড০দীনেশ চন্দ্র গোস্বামী,শান্তনু তামুলী,ৰঞ্জু হাজৰিকা,বন্দিতা ফুকন,ৰথীন্দ্র নাথ গোস্বামী,চাকিল জামান ইত্যাদি।ইয়াৰ উপৰিও বহুকেইজন অনুবাদকে বিভন্ন ভাষাৰ বিখ্যাত কল্পবিজ্ঞানৰ লিখনি সমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমৰ পঢ়ুৱৈ সমাজক আপ্লুত কৰাৰ লগতে কল্পবিজ্ঞানৰ প্রতি পঢ়ুৱৈসকলক আকর্ষিত কৰাত সহায় কৰিছে।

          আজিৰ উন্নত বিজ্ঞান-প্রযুক্তিবিদ্যাৰ যুগত কল্পবিজ্ঞানৰ প্রাসংগিকতাক লৈ বহুতে সন্দেহৰ দৃষ্টিৰে চায়।এইখিনিতে কেইটামান সৰু উদাহৰণ উল্লেখ কৰিব পাৰি।বিখ্যাত জ্যোতিপদার্থ বিজ্ঞানী “ফ্রেড হয়লে” ১৯৫০ দশকৰ আৰম্ভণিতে এটা নতুন তথ্য আবিষ্কাৰ কৰে।তেওঁ আবিষ্কাৰ কৰে যে মহাকাশৰ তৰাবোৰৰ মাজৰ খালী ঠাইবোৰ বিভিন্ন ৰাসায়নিক অণুৰ দ্বাৰা পৰিপূর্ণ; যিটো তাৰ আগলৈকে কেৱল হাইড্রজেন অণুৰে গঠিত বুলি ভৱা হৈছিল।ফ্রেডৰ এই তথ্য কিন্তু কোনেও মানি লোৱা নাছিল যাৰ ফলত ই কোনো এখন গৱেষণা পত্রতে ঠাই পোৱা নাছিল।উপায়হীন হৈ ফ্রেডে তেওঁৰ আবিষ্কৃত সমস্ত তথ্য সন্নিবিষ্ট কৰি এখন উপন্যাস লিখি উলিয়াই আৰু নামকৰণ কৰে  “দ্য ব্লেক ক্লাউড”।

উপন্যাস খন যথেষ্ট জনপ্রিয় হয় আৰ ফ্রেড কল্পবিজ্ঞান লেখকৰূপে জনাজাত হয়। কিন্তু তাৎপর্যপূর্ণভাৱে একেটা দশকৰ শেষৰফালে ফ্রেডৰ সেই তথ্যসমূহ শুদ্ধ বুলি প্রমাণিত হয়। ঠিক একেদৰে ১৭২৬ চনত “জনাথন চুইফটে” তেওঁৰ “গালিভাৰ’ছ ট্রেভেল” গ্রন্থত মংগল গ্রহৰ দুটা উপগ্রহৰ কথা উল্লেখ কৰিছিল আৰু সঁচাকৈয়ে কিছু বছৰৰ পাছত উপগ্রহকেইটা আৱিষ্কাৰ হয়।প্রখ্যাত কল্পবিজ্ঞান লিখক “আর্থাৰ.ছি.ক্লার্কে” ১৯৪৫ চনতে কৃত্রিম উপগ্রহৰ সহায়ত পৃথিৱীযোৰা সংযোগ স্থাপনৰ কথা উল্লেখ কৰিছিল। আৰু তাৰ ঠিক ১২ বছৰৰ পাছত ১৯৫৭ চনত সঁচাকৈয়ে পৃথিৱীৰ পৰা মহাকাশলৈ প্রথমটো কৃত্রিম উপগ্রহ পঠাবলৈ বিজ্ঞানীমহল সক্ষম হয়।ঠিক একেদৰ ভাৰতীয় কল্পবিজ্ঞান লিখক “জয়ন্তবিষ্ণু নার্লিকাৰে” ১৯৭৬ চনত এটা ধুমকেতু আৰু পৃথিৱীৰ মাজত হোৱা সংঘর্ষৰ সমস্যাকলৈ এটা গল্প লিখিছিল।১৯৮০ দশকৰ অন্তিমত ‘নাছা’ৰ বিজ্ঞানীসকল একে পৰিস্থিতিৰে সন্মূখীন হয়। গতিকে দেখা যায় যে,এটা কল্পবিজ্ঞানৰ লেখা সার্থক হোৱাৰ অন্তৰালত লেখক জনৰ অন্তদৃষ্টি আৰু বাহ্যিকদৃষ্টি দুয়োটাৰে প্রয়োজন।এক সুস্থ কল্পবিজ্ঞান লেখাই আমাৰ চাৰিওফালৰ মানৱসমাজ খনক আৰু পৰিবেশটোত বিজ্ঞানৰ ভাল,বেয়াৰ প্রভাৱক প্রতিফলন কৰাৰ লগতে ভৱিষ্যতৰ এক উজ্বল সম্ভাৱনীয়তাৰ সার্থক ইংগিত দিয়াত সক্ষম।অৱশ্যে ই সম্পূর্ণ নির্ভৰ কৰে লিখোঁতাজনৰ নিজস্ব ভা‌ৱাদর্শৰ ওপৰত।

          আমাৰ সমাজৰ প্রত্যেকৰে এক ধুনীয়া মন আছে,এক কল্পনাপ্রৱণ ভা‌ৱধাৰা আছে। তদুপৰি আমি আৱাল-বৃদ্ধ-বণিতা সকলোৱে কম-বেছি পৰিমাণে কল্পনাৰ বোকোচাত উঠি ৰং-চঙীয়া সপোনৰ ৰেখ আঁকি ভালপাঁও। তেনে এক বাৰেৰহণীয়া কল্পনাৰ লগত যদি বিজ্ঞানৰ মিলন হয়,তেন্তে সেই সাহিত্য প্রকৃততেই হৈ পৰে অতি বিতোপন,উপভোগ্য আৰু মনোগ্রাহী। গতিকে আহকচোন আমি সকলোৱে মিলি আমাৰ নিজস্ব প্রচেষ্টাৰে সাহিত্যৰ এই মনোৰম,ৰোমাঞ্চকৰ ধাৰাক লুপ্তপ্রায় অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত ব্রতী হওঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments