ইন্টাৰষ্টেলাৰ আৰু বিজ্ঞান – (দেৱপ্ৰতীম হাজৰিকা)

interstellar_new_poster৭ নৱেম্বৰ, ২০১৪ তাৰিখে ছবিঘৰলৈ আহিছিল ক্ৰিষ্টফাৰ ন’লানৰ কল্পবিজ্ঞানভিত্তিক কথাছবি ‘ইন্টাৰষ্টেলাৰ’। ন’লানৰ কথাছবি বুলিলেই এক প্ৰকাৰে মনটো ভাল লাগি আহে। কাৰণ তেওঁৰ কথাছবিৰ বিষয়বস্তু। চোৱাৰ পাছত বহুদেৰিলৈ ছবিখনৰ ‘হেংগঅভাৰ’ত থকাটো খাটাং। ‘ইনছেপছন’, ‘মেমেন্ট’’, ‘প্ৰেষ্টিজ’ আদি ছবিৰ কথা ভাবিলে সেই কথা ভালদৰেই বুজা যায়।

কিন্তু ইন্টাৰষ্টেলাৰ যেন অলপ বেলেগ আছিল। প্ৰায় তিনিঘ্ন্টাৰ এই ছবিখন চাই অহাৰ পাছত বহুতেই কিজানি ভাবিছিল আকৌ এবাৰ চাব লাগিব, যিটো ময়ো ভাবিছিলো। কাৰণ আছিল ছবিখনৰ কঠিন বিষয়বস্তু। কোৱান্টাম বিজ্ঞান, ‘ৰিলেটিভিটি’, পঞ্চম পৰিসৰ(ডাইমেনছন) আদি অনেক কঠিন বিষয়বস্তুৰে ছবিখন আৱৰি ধৰিছিল। এবাৰ চাই বুজি পোৱাটো এক প্ৰকাৰে কঠিন। ৭৫শতাংশ বুজি পাইছিলো ছবিখন চাই, কিন্তু তেতিয়াও বুজিবলৈ বাকী আছিল ২৫ শতাংশ।
গতিকে সহায় ল’লো ইন্টাৰনেটৰ। ইউটিউবৰ ভিডিঅ’ চালো, বহুতো লেখা পঢ়িলো। আৰু তাৰ ফলস্বৰূপেই কিবা অলপ বুজি পালো।

এটা ‘ৱৰ্মহল’ৰ মাজেদি কুপাৰে(মেথিউ মেককাহানি) আৰম্ভ কৰিছিল এক যাত্ৰা এক নতুন পৃথিৱীৰ সন্ধানত। ‘ৱৰ্মহল’ এটা সুৰংগৰ দৰে, যি আছিল দুখন জগতৰ মাজৰ এটা চুটি পথ (চৰ্ট কাট)। এই পথ এক অৰ্থত হাইপ’থেটিকেল বা কাল্পনিক। ইয়াক ‘আইনষ্টেইন-ৰ’জেন ব্ৰীজ’ বুলিও কোৱা হয়।

এই পথত তেওঁলোক মুখামুখি হয় বিজ্ঞানৰ নানা চমকৰ, যিবিলাকৰ বিষয়ে আমি পঢ়িছো; যেনে- থিয়ৰি অৱ ৰিলেটিভিটি, পঞ্চম পৰিসৰ ইত্যাদি। চিনেমাখনত কোৱা হৈছিল পঞ্চম পৰিসৰৰ লোকৰ কথা মানে ‘being from the 5th Dimension’; বাৰে বাৰে উল্লেখ হৈছিল তেওঁলোকৰ কথা। তেন্তে কি আছিল এই পঞ্চম ডাইমেনছন? তলত তাকেই বুজাবলৈ অলপ চেষ্টা কৰা হ’ল।

প্ৰথম পৰিসৰ: এডাল সৰল ৰেখাকেই কোৱা হয় প্ৰথম পৰিসৰ। এটা বিন্দুৰ পৰা আৰম্ভ কৰি আন এটা বিন্দুলৈকে টনা ৰেখাই হৈছে প্ৰথম পৰিসৰ। বুজিবলৈ অতি সহজ এই পৰিসৰৰ কোনো বস্তুৰ কিন্তু কোনো বাস্তৱতা নাই।

দ্বিতীয় পৰিসৰ: যেতিয়া এডাল ৰেখাৰ লগত প্ৰস্থ যোগ দিয়া হ্য় তেতিয়া ই হৈ পৰে এখন সমতল, যি অন্তৰ্গত দ্বিতীয় পৰিসৰৰ, যাৰ থাকিব মাথো দীঘ-প্ৰস্থ, নাথাকিব কোনো উচ্চতা। অতি বেছি সমান এখন পিঠিক কোৱা হ’ব দ্বিতীয় পৰিসৰ। এনে এখন পৰিসৰৰো বস্তু বাস্তৱ পৃথিৱীত কল্পনা কৰাটো অতি কঠিন কাম।

তৃতীয় পৰিসৰ: আমি বাস কৰি থকা জগতখন হৈছে তৃতীয় পৰিসৰৰ অন্তৰ্গত। যেতিয়া এখন সমতলত উচ্চতা যোগ দিয়া হয় তেতিয়া ই হৈ পৰে তৃতীয় পৰিসৰ। আমি ব্যৱহাৰ কৰি থকা যিকোনো বস্তুৱেই তৃতীয় পৰিসৰৰ অন্তৰ্গত।

চতুৰ্থ পৰিসৰ: সময় হৈছে চতুৰ্থ পৰিসৰ। বৰ্তমান নিজৰ পৃথিৱীখন ভাৱক, তাৰ পাছত আপুনি ভৱিব পাৰে দহমিনিট আগৰ কথা নতুবা দহ মাহ বা দহ বছৰৰ আগৰ কথা। সময়ৰ ৰেখাৰে এই সকলোকেইটা মূহুৰ্ত্ত একে লগে স্ংলগ্ন কৰিব পাৰি। মানে তৃতীয় পৰিসৰৰ পৃথিৱীখনৰ পৰা আন এটা জাঁপ মাৰিলেই চতুৰ্থ পৰিসৰৰ এখন নতুন পৃথিৱীত আপুনি উপস্থিত।

এডাল সৰল ৰেখাক যদি আপুনি বেলেগ এটা কোণৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি দেখা পাব এখন সমতল। অৰ্থাৎ অলপ সময় আগলৈকে যি বহুতো বিন্দুৰ সমষ্টি আছিল সেইয়া এতিয়া আপোনাৰ সন্মুখত এখন সমতল। ঠিক তেনেকৈয়ে এখন সমতলক ভাল দৰে লক্ষ্য কৰক। এখন সমতল হৈছে এটা বস্তু বা যিকোনো জীৱিত বস্তুৰ এটা পিঠি, যাৰ উচ্চতা বা গভীৰতা নাই। এই পিঠিখনৰ ইপাৰে যদি আমি চাবলৈ যত্ন কৰো তেন্তে আমি উপস্থিত হ’ম তৃতীয় পৰিসৰত।

ঠিক তেনেদৰেই চতুৰ্থ পৰিসৰতো উপস্থিত হ’বলৈ চেষ্টা কৰিব পাৰোঁ ! যিদৰে এডাল সৰল ৰেখা হৈছে এখন সমতলৰ এটা পিঠি, এখন সমতল হৈছে এটা বস্তুৰ অৰ্থাৎ তৃতীয় পৰিসৰৰ বস্তু এটাৰ পিঠি, ঠিক সেইদৰে তৃতীয় পৰিসৰৰো যিকোনো বস্তু সময় ৰেখাডালৰ এখন পিঠি। ধৰি লওঁক আপোনাক এই সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে, তেতিয়া আপুনি আপোনাৰ সময়ৰ ৰেখাডালৰ ওপৰত ভিত্তি কৰি আপোনাৰ অতীত-বৰ্তমান-ভৱিষ্যত সকলো একেলগে চাবলৈ সক্ষম হ’ব।

পঞ্চম পৰিসৰ: ‘ইন্টাৰষ্টেলাৰ’ কথাছবিখনত আমি শেষৰ ফালে দেখা পাওঁ কুপাৰ এখন অদ্ভুৎ পৃথিৱীত উপস্থিত হৈছে, য’ৰপৰা তেওঁ নিজৰ জীৱনৰ লগত জড়িত সকলো ঘটনা একেলগে চাবলৈ সক্ষম হৈছে। সেইখন পৃথিৱীৰ পৰা কুপাৰে জীয়েক মাৰ্ফীক বাইনেৰী ক’ড দিবলৈ চেষ্টা কৰিছে, কথা পাতিবলৈ চেষ্টা কৰিছে।

ওপৰৰ চতুৰ্থ পৰিসৰৰ আলোচনাত কৈছিলো, যদি আপোনাক সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই লৈ অনা হয় তেন্তে কি হ’ব ? এই পৰিসৰটোৱেই হৈছে পঞ্চম পৰিসৰ, য’ৰ পৰা আপুনি আপোনাৰ সময়ৰ ৰেখাডাল নিৰীক্ষণ কৰিব পাৰে। এনেকুৱা এখন পৰিসৰ য’ৰ পৰা আপুনি আপোনাৰ জন্মৰ পাছৰ সকলোবোৰ ঘ্টনা একেলগে চাবলৈ সক্ষম। সময়ৰ ৰেখা যি আপোনাৰ সকলোবোৰ মূহুৰ্ত্তৰ সমষ্টি।

তেন্তে ইয়াৰ ওপৰতো আন পৰিসৰৰ কথা কল্পনা কৰিব পাৰি নেকি? পঞ্চম পৰিসৰৰ ওপৰতো আন অদ্ভুৎ পৰিসৰৰ এনে কিছুমান কাল্পনিক কথা বাস্তৱ জগতত নহ’লেও ছবিৰ পৰ্দাত দেখিবলৈ নিশ্চয় আশা কৰিম। সেয়েহে ‘ইন্টাৰষ্টেলাৰ’ৰ ছিকুৱেল এখনৰ পৰা কল্পবিজ্ঞানৰ নানা ধৰণৰ চমক আকৌ চাবলৈ পাম ক্ৰিষ্টফাৰ ন’লানৰ পৰা আশা কৰিলোঁ।

 

(সহায়: ইন্টাৰনেটত পোৱা বিভিন্ন প্ৰৱন্ধ, ইউটিউব ভিডিঅ’, উইকিপেডিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!