ফাগুনঃ এক স্বাৰ্থপৰতা ….

 

 

মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকৈ ক’বলৈ….

মই ক’ব নোৱাৰাকৈ সদায় ফাগুন আহি পাইহি মোৰ পদূলিত৷

ধুলিয়ৰী বাটেদি মনে মনে খোজ কাঢি আহে ফাগুন৷

পলাশ আহে,মদাৰ ফুলে, বলিয়া হয় ৰঙা ৰঙা শিমলু৷

প্ৰতি বাৰেই ফাগুনে লৈ আহে মোলৈ এনে এখন পৃথিৱী,যাৰ আকাশত ৰৈ থাকে হাঁহি আৰু বিশ্বাসৰ নীলা৷

কিন্তু বাৰে বাৰে ফাগুনে মোলৈ এৰি যায় প্ৰতাৰনাৰ নিষ্ঠুৰ উপলব্ধি ৷

হয় চাগৈ মোৰ ফাগুনে তোমাৰ কথাকে ক’বলৈ আহে৷তুমি কোন, জানে জানো কোনোবাই!

!তুমি হয়তো আশা সেইবোৰ হৃদয়ৰ যাৰ ওচৰত থাকি গ’ল কাৰোবাৰ সেউজীয়া ছবি,

তুমি হয়তো সেইবোৰ পেটৰ ভোক যাৰ কলিজাত বাজি আছে আজিও হেৰাই যোৱা ঘৰখনৰ প্ৰ্তিবিম্ব,

তুমি হয়তো সেইবোৰ মাকৰ দুখ,ভনীয়েকৰ বেদনা,ভায়েকৰ কষ্ট নাইবা দেউতাকৰ হুমুনিয়াহ

যাৰ বুকুত ওলমি আছে কোনোবা আপোনৰ শিল হোৱা শৰীৰৰ চাপ…৷

fagun ek swartho porota

ফাগুনে লৈ আহে মোলৈ এক অনন্য উপলিব্ধ,

মোৰ বাবে ই প্ৰেমৰ মাহ নহয়,

ফাগুন মোৰ বাবে বিষাদৰ আন এক নাম৷

ফাগুন আহিলেই মই ডুবি যাওঁ বেদনাৰ এক নিৰ্জন উপত্যকাত…

উদভ্ৰান্ত হৈ পৰে পলাশ শিমলু ফুল৷

ফাগুন আগবাঢে ৰঙা ৰঙা ফুলবোৰ লৈ..কিন্তু দি যায় কি!…

বাটত অপদস্ত হৈ পৰি থকা হাজাৰ হাজাৰ পলাশ শিমল ফুল….লঠঙা হৈ নাঙঠ হোৱা হাজাৰ জোপা গছ৷৷

অ’ই দুষ্ট ফাগুন কিয়নো চুৰকৈ চাৱ মোক…

উৰুৱাই নিনিবি মোৰ ঊৰ্ণা মোৰ প্ৰেমিকে খং কৰিব তোক……

ধুলিয়ৰী বাটেদি আহি মোক ফাগুনে দি যায় কি…

.ইমানবোৰ ধুনীয়া ফুলৰ সমাধিত মই মাত্ৰ বিচাৰি পাওঁ ফাগুনে মোক কৰা প্ৰতাৰণা৷

কিমান প্ৰেমিকৰ প্ৰেমিকাক চুৰকৈ চোৱাৰ অভিযোগ৷

হঠাতে ইমানবোৰ ভালপোৱাৰ কথা লৈ একে উশাহতে খালী কৰি থৈ যায় হিয়া৷

মন আৰু কলিজাত আকৌ বহুদিনৰ বাবে স্তুপীকৃত হয় এষাৰেই কথা—ফাগুন মোৰ বাবে নহয় প্ৰেমৰ আন এটা নাম…

ই মাথোঁ এক স্বাৰ্থপৰতা৷

পলাশ শিমলুৰ এপিটাফত ধুলিৰ চিঞাহীৰে নিজৰ নাম লিখি যোৱা এক প্ৰতাৰণাৰ নাম৷

—-অভিজ্ঞান ফুলকোঁৱৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments