আধুনিক অসমীয়া চুটিগল্প আৰু পাঁচজন গল্পকাৰৰ গল্প নিৰ্মাণ কৌশল (প্ৰাৰ্থনা ভূঞা)

আধুনিক অসমীয়া চুটিগল্পত নতুন আংগিক আৰু নিৰ্মাণ কৌশলৰ ব্যৱহাৰ হৈ আহিছে। চুটিগল্পই পাঠকৰ মনত ৰেখাপাত কৰিব পৰাকৈ শক্তিশালী কলা ৰূপত অৱতীৰ্ণ হৈছে। ৰামধেনুৰ পৰৱৰ্তী সময়ছোৱাত বহু প্ৰতিভাৱান গল্পকাৰৰ হাতত আধুনিক অসমীয়া চুটিগল্পই বৈচিত্ৰময় ৰূপ লাভ কৰিছে। ৰামধেনু বা আবাহন যুগৰ গল্পৰ তুলনাত বৰ্তমানৰ একবিংশ শতিকাৰ অসমীয়া চুটিগল্পই কেইবাটাও দিশত নতুনত্বৰ চৰিত্ৰ কঢ়িয়াই আনিছে। ৰামধেনু যুগৰ প্ৰায় সংখ্যক গল্পকাৰৰ ভাষা আছিল সৰল,  আংগিকো আছিল তেনেই সাধাৰণ। বৰ্তমান আংগিক আৰু বিষয়বস্তুলৈ পৰিৱৰ্তন আহি পৰিছে। বৰ্তমানৰ সামাজিক জীৱন ক্রমশঃ জটিলৰ পৰা জটিলতৰ হৈ পৰিছে। সমাজ জীৱন সংঘাতেৰে ভৰা, অস্থিৰ আৰু সদা উদ্বিগ্নময়।

বহু সমালোচকে কাহিনী বা বিষয়বস্তুবিহীন গল্পত কমনশৈলীৰ অভিনৱত্ব প্ৰয়োগ কৰাক ‘চমক’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে এনে চমকে গল্পক সুখপঠ্য কৰিব নোৱাৰে। চুটিগল্পৰ নিৰ্মাণ কৌশলত গল্পকাৰৰ ‘সুৰ আৰু গতি’ৰ যোগসূত্ৰ নাথাকিলে পাঠকৰ বাবে সেই গল্প বিৰক্তিকৰ হোৱাটো স্বাভাৱিক। কাহিনী আৰু কথনশৈলীৰ সামঞ্জস্য থাকিলে তেনে গল্পই পাঠকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয়। কোনো গল্পকাৰৰ একক শৈলী একে বিষয়, চৰিত্ৰ, বৰ্ণনা আৰু কৌশল গল্পবোৰত পুনৰাবৃত্তি হৈ থকাও পৰিলক্ষিত হয়। আধুনিক অসমীয়া গল্পৰ বিৱৰ্তনৰ প্ৰেক্ষাপটত অৱধাৰিতভাৱে আহি পৰা বিষয়বস্তুবোৰ হ’ল (১) সৰ্বসাধাৰণৰ অভাৱ অনাটন (২) ব্যক্তি জীৱনৰ নিঃসংগতা, বিষণ্ণতা (৩) আশাভংগ (৪) গাঁৱৰ সৰল জীৱনৰ অতীত স্মৃতি (নষ্টালজিয়া) (৫) পুৰুষ-নাৰীৰ সম্পৰ্ক (৬) ৰাজনৈতিক, সামাজিক জীৱনৰ ভ্ৰষ্টাচাৰ, মূল্যবোধৰ স্খলন (৭) হিংসা-সন্ত্ৰাস (৮) প্ৰেম-ভালপোৱা (৯) মানৱীয়তা (১০) মৃত্যু (১১) সপোন আৰু বাস্তৱৰ যাত্ৰা। এই বিষয়ৰ লগত গপ্লকাৰৰ গভীৰ উপলব্ধি, নিৰ্মাণ কৌশল সংপৃক্ত। তেনেই সাধাৰণ যেন লগা বিষয়বস্তুকো গপ্লকাৰৰ উপস্থাপন শৈলীৰ অভিনৱত্বই স্বয়ংসম্পূৰ্ণ কৰে। একোটা সাধাৰণ ঘটনাও গল্পকাৰৰ হাতত সাৱশীল বক্তব্যৰে মৰ্যদাপূৰ্ণ হৈ পৰে। কাহিনী যিমানে সাধাৰণ নহওঁক কিয়, গল্পকাৰে পাঠকৰ হৃদয় আৰু মগজুক আকৰ্ষণ কৰিব পৰাকৈ তাক অভিনৱ কৌশলেৰে উপস্থাপন কৰে। অতি সম্প্ৰতিক কালৰ গল্পকাৰসকলে গল্পৰ কাহিনী, চৰিত্ৰ, আৰম্ভণি, মধ্যভাগ পৰিণতিৰ ধাৰাবাহিকতা ভংগ কৰিছে। ঘটনাৰ বৰ্হিভাগতকৈ সেইবোৰৰ প্ৰতি গল্পকাৰৰ অন্তৰ্মুখীক্রিয়া-প্ৰতিক্রিয়াহে প্ৰকাশ হয়। গতিকে তেওঁলোকৰ গল্প হ’ল কাহিনীৰ সলনি খণ্ডিত হৈ থকা ইংগিতময়তা, প্ৰতীকী, স্মৃতি, সপোন, শব্দ ৰঙক একত্ৰিত কৰিব পৰা বহুমাত্ৰিক শৈলী। কিছুমান গল্পকাৰে নিজস্ব কথন শৈলীৰে যুগৰ অভিজ্ঞতাক দাঙি ধৰাৰ প্ৰয়াস কৰিছে। গল্পত উপস্থাপনকৰা দৃষ্টিভংগীয়ে গল্পকাৰজনৰ ব্যক্তিগত সীমাৰ ভিতৰত আৱদ্ধ নাথাকি একধৰণৰ সামাজিক পৰিৱেশৰ সৈতে পাঠকক সংযোগ স্থাপন কৰে। আমাৰ পৰিমণ্ডৰ সাধাৰণ মানুহৰ আঁৰত লুকাই থকা দুখ-যন্ত্ৰণা, জীৱন-সংঘাতৰ কাৰুণ্যক গল্পৰ কথন শৈলীৰে সংবেদনশীল কৰে। বিশেষকৈ নিম্ন-মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা, বাস্তৱধৰ্মী চৰিত্ৰ, সাৱলীল প্ৰকাশভংগীৰে উপস্থাপন কৰিছে আধুনিক গল্পকাৰসকলে।

সম্প্ৰতিকভাৱে অসমৰ বহু প্ৰতিভাৱান গল্পকাৰে নিজস্ব শৈলীৰে গল্পক শিল্পকলালৈ উন্নীত কৰিছে। বহুগৰাকী গল্পকাৰে এতিয়াও অলসভাৱে পৰম্পৰাগত ৰীতিৰে নিটোল গল্প নিৰ্মাণত জড়িত হৈছে। এই প্ৰবন্ধত সেইসকলৰ ভিতৰতে মাথোঁ পাঁচগৰাকী গল্পকাৰৰ গল্পৰ বিষয়ে সামান্য চৰ্চাৰ প্ৰয়াস কৰা হৈছে। এই পাঁচগৰাকী গল্পকাৰৰ বিষয়ে সামান্য চৰ্চাৰ প্ৰয়াস কৰা হৈছে। এই পাঁচগৰাকী গল্পকাৰক একে প্ৰজন্মৰ ভিতৰুৱা কৰি ল’ব নোৱাৰি। আংগিক আৰু বিষয়বস্তুৰ ক্ষেত্ৰতো পাঁচোগৰাকীয়েই ভিন্নধাৰাৰ প্ৰতিনিধি।

হৰেন্দ্ৰ কুমাৰ ভূঞা : ৰামধেনু যুগৰ গল্পকাৰসকলৰ অন্যতম হৰেন্দ্ৰ কুমাৰ ভূঞাই এই পৰ্যন্ত অনলসভাৱে গল্প সাহিত্যৰ ভঁৰাললৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। অৱশ্যে ভূঞাৰ এই গল্পসমূহৰ যথাৰ্থ আলোচনা তেনেই সীমিত। সমালোচক ড০ প্ৰহ্লাদ কুমাৰ বৰুৱাই গল্পকাৰ হৰেন্দ্ৰ কুমাৰ ভূঞাৰ ‘সন্ধ্যা নামে’ গল্পটোক অসমীয়া ভাল চুটিগল্পবোৰৰ ভিতৰতে এটা উৎকৃষ্ট গল্প হিচাপে স্বীকৃতি দিছে। ভূঞাৰ গল্পৰ বিষয়বস্তুত কোনো চমকপ্ৰদ বক্রগতি বা সম্পৰীক্ষণৰ প্ৰয়োগ হোৱা নাই। তেওঁৰ উপস্থাপন শৈলী প্ৰাঞ্জল আৰু ঋজুগতিৰ। মাজে মাজে তীব্ৰ শ্লেষ আৰু ব্যংগৰ প্ৰলেপে গল্পটোক নিটোল ৰূপ দিয়ে। ৰাজনৈতিক নেতা, চোৰ, দালাল আৰু দেহোপজীৱিনীয়ে ভূঞাৰ গল্পবোৰত সততে ভুমুকি মাৰে, নতুন এইবোৰেই কেন্দ্ৰীয় বিষয়বস্তু হৈ পৰে। সাম্প্ৰতিক সংঘৰ্ষৰ ভয়াবহ ছবি এখন দাঙি ধৰা ‘ৰক্তাক্ত’ (১৯৮২ গল্পটো হৰেন্দ্ৰ কুমাৰ ভূঞাৰ সাৰ্থক সৃষ্টি। গপ্লটোৰ বৰ্ণনা সৰল আৰু পোনপটীয়া। হিংসা-প্ৰতিহিংসাত দুটা ধৰ্ম-সম্প্ৰদায়ৰ মানুহ উন্মাদ হৈ ঘৰ জ্বলাইছে, পৰস্পৰে পৰস্পৰক হত্যা কৰিছে। মাজে মাজে শ্লেষ আৰু ব্যংগৰ প্ৰলেপ আছে। গল্পটোৰ আৰম্ভণিৰে পৰা শেষলৈকে চুটি চুটি বাক্যৰ প্ৰকাশভংগী। গল্পকাৰে ইয়াত কোনো নিৰ্দ্দিষ্ট কাহিনী বা কেন্দ্ৰীয় চৰিত্ৰক অলম কৰি লোৱা নাই। ভূঞাৰ শেহতীয়া গল্পবোৰৰ ভিতৰত ‘গভাইত’ (২০০৮) অন্যতম। পৰিৱৰ্তিত ৰাজনীতিৰ ভাইৰাচে কেনেকৈ চোৰ দালাল শ্ৰেণীক ক্রমে দোপতদোপে সমৃদ্ধিশালী হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে তাৰেই পৰিহাসক গল্পটোৱে উপস্থাপন কৰিছে। গল্পকাৰ ভূঞাৰ বিশেষত্বলৈ কাহিনীৰ মাজত সূক্ষ্ম হাস্য ৰসবোধৰ প্ৰয়োগ আৰু কথনৰীতিৰ পৰিশীলিত কৌশলৰ দ্বাৰা কাহিনীক এক স্বাভাৱিক গতি প্ৰদান। এই কাহিনীৰ ভেটি হ’ল বাস্তৱ সমাজ। হৰেন্দ্ৰ কুমাৰ ভূঞাৰ এটি উৎকণ্ঠা উদ্ৰেককাৰী গল্প হ’ল ‘দুছেও’ (২০০৭) ইয়াৰো মূল চৰিত্ৰ এটা চোৰেই। ভূঞাৰ অন্য এটা সাৰ্থক চুটিগল্প ‘জলবন্দী’ (২০০৮) দৰিদ্ৰ পীড়িত বানাক্রান্ত লোকৰ প্ৰতিচ্ছবি।

ভূপেন শৰ্মা : ১৯৬৭চনৰ পৰা গল্প লেখক হিচাপে আত্মপ্ৰকাশ কৰা ভূপেন শৰ্মা নিঃসন্দেহে এগৰাকী প্ৰতিভাসম্পন্ন গল্পকাৰ। শৰ্মাৰ প্ৰকাশিত গল্প সংকলন ‘ভোগ আৰু শ’, প্ৰেয়ঃ প্ৰতিভাসিক’। ভূপেন শৰ্মাৰ ‘তীৰ্থ’(১৯৬৬) গল্পটো তেওঁৰ সচৰাচৰ অন্য গল্পবোৰৰ কথনশৈলীৰ পৰা কিছু পৃথক। ইয়াৰ মূল বিষয়বস্তু হ’ল পিতৃৰ অস্থি ভষ্ম গংগাত বিসৰ্জন দিয়া আৰু তীৰ্থ ভ্ৰমণৰ অবিৰতা। কিয়নো বহু কামৰ তুলনাত একোটা পৰম্পৰা ৰক্ষা কৰিবলৈ সামাজিক অন্যায় সৃষ্টি নকৰা অস্থি বিসৰ্জনৰ দৰে সংস্কাৰ এটা দোষণীয় হ’ব নোৱাৰে।

বিৰিঞ্চি কুমাৰ মেধি: মেধি এগৰাকী সমাজ সচেতক গল্পকাৰ। তেওঁৰ গল্প সহজ-সৰল আৱেদন অনস্বীকাৰ্য। তেওঁৰ ‘পদাতিক’ (১৯৮৭) গল্পটোৰ কাহিনী সাধাৰণ জীৱনক আশ্ৰয় কৰি বিবৃত হৈছে। ড০ বিৰিঞ্চি কুমাৰ মেধিৰ এটি সফল গল্প হৈছে ‘দুখৰ ঠিকনা’ (১৯৮৯)।

ড০ মেধিয়ে ২০০৭চনত লিখা এটা গল্পলৈ ‘জহৰ-মহৰ’। এই গল্পটোত অৱহেলিত লৰীৰ চেতলৰে বিবৃত, সমাজৰ বাস্তৱ সত্য, যৌন ৰুচি আৰু দাৰিদ্ৰৰ নিৰ্মোহ অৱস্থাৰ সম্পৰ্কে দৃশ্যপট হয়। ড০ মেধিয়ে এনেকৈয়ে নতুন নতুন প্ৰেক্ষাপট আৰু বিষয়বস্তুক লৈ গ্ৰাম্য কথনৰীতিৰে সুৰুচিপ্ৰাণ গল্পৰ সৃষ্টি কৰিছে। তেখেতে তুচ্ছ বিষয় এটাকো অতি সাৱলীল ভাষাৰে বৰ্ণনা কৰে তেওঁৰ গল্পত। চৰিত্ৰৰ আবেগ-অনুভূতিৰ সৈতে গল্পকাৰ একাত্ম হৈ পৰে। শব্দৰ দ্বাৰা পৰিস্থিতিৰ বিসংগতিক দেখুৱাই গল্পকাৰজনে গল্পৰ মাজত হাস্য মধুৰ ৰসৰ উদ্ৰেক কৰে। খণ্ডবাক্য, যোজনাৰ সুপ্ৰয়োগেৰে ড০ মেধিয়ে হাস্য উদ্ৰেককাৰী পৰিস্থিতি অংকণ কৰে।

শিৱানন্দ কাকতী :  আধুনিক অসমীয়া চুটিগল্পৰ গল্পকাৰসকলৰ ভিতৰত শিৱানন্দ কাকতী এজন অন্যতম বলিষ্ঠ গল্পকাৰ। এই সুযোগ্য সন্তানজনৰ প্ৰকাশিত গল্প সংকলনসমূহ হৈছে ‘আমৃত্যু অমৃত’, ‘প্ৰথমজন দেশপ্ৰেমিক’ আৰু ‘জল ছবিত শেষ সাজ’। কাকতীদেৱৰ জীৱ, ইয়াত আৰু তাত এটা সাৰ্থক চুটিগল্প। গল্পটোত সমকালীন ৰাজনৈতিক অৱস্থাৰ ৰুঢ় বাস্তৱক বিষয়বস্তু হিচাপে নিৰ্বাচন কৰা হৈছে, কিন্তু বয়নশৈলীয়ে গল্পটোক সাৰ্থকতা প্ৰদান কৰিছে। গল্পটোৰ ৰচনা ৰীতি পৰম্পৰাগত তৃতীয় পুৰুষৰ বৰ্ণনাৰে কাহিনীক আগবঢ়াই নিয়া হৈছে। কাহিনীৰ গতিৰ লগত গল্পকাৰৰ নিয়ন্ত্ৰণ লক্ষণীয়। বাস্তৱ সমাজৰ অধ্যয়ন আৰু সেইবোৰৰ প্ৰতি মানৱীয় দৃষ্টিভংগীৰে গল্পকাৰে লক্ষ্য কৰাত তেওঁৰ ‘বাস্তৱবাদ’  সুস্পষ্ট ৰূপত উজলি উঠিছে।

তেখেতৰ অন্যতম সৃষ্টি ‘আমৃত্যু অমৃত’ ১৯৯৫চনৰ মুনীন বৰকটকী বঁটাপ্ৰাপ্ত গল্পটোত আধুনিক বাস্তৱবাদৰ প্ৰয়োগ দেখা যায়। আৰম্ভণিৰে পৰা বাস্তৱৰ তেনেই সাধাৰণ ছবি দৃশ্যবোৰক ‘ফট’গ্ৰাফিক বৰ্ণনাৰে বাংময় কৰি তোলা হৈছে। প্ৰতীকী ব্যঞ্জনাৰ সুষম ব্যৱহাৰে চৰিত্ৰৰ ‘ওভতনি যাত্ৰা’ক সুন্দৰ বিন্যাসেৰে উপস্থাপন কৰা হৈছে। অপ্ৰাপ্তিৰ যন্ত্ৰণাই যুৱকৰ মনলৈ নৈৰাশ্য আৰু হিংসাৰ ভাৱ উদয় কৰাৰ বাস্তৱতাক গল্পকাৰজনে গল্পটোত উপস্থাপন কৰাত সফল হৈছে। ইয়াৰ উপৰি সমকালীন সন্ত্ৰাসজৰ্জৰ অসমৰ পটভূমিক লৈ ৰচিত তেওঁৰ এটি অন্যতম গল্প হ’ল ‘যথাৱস্থান’।

কাকতী দেৱৰ অন্য এটি উল্লেখযোগ্য সফল গল্প হৈছে ‘বজাৰ’। গল্পটোত সাৱলীল ৰূপত উপস্থাপন কৰা বিষয়বস্তুসমূহ হৈছে গাঁৱৰ দুখীয়া মানুহৰ অসহায় অৱস্থা আৰু আনফালে প্ৰতিপত্তিশীল লোকৰ স্বাৰ্থপৰতাত পীড়িত পিতা-পুত্ৰৰ সহমৰ্মিতা।

আধুনিক জীৱন যাত্ৰাৰ বহুতো দিশেই গল্পকাৰ শিৱানন্দ কাকতীৰ গল্পত পৰিস্ফূট। আধুনিক মানুহবোৰ যে এক প্ৰকাৰ ‘ভোগবাদ’ৰ অনুৰাগী হোৱাৰ ক্ষণত গাঁৱৰ সৰলতা, অতীত মাধুৰ্য্যৰ নষ্টালজিয়াই কোনো চৰিত্ৰক ‘ওভতনি যাত্ৰা’ৰ বাবে লৈ যায় তাৰেই এটি উৎকৃষ্ট নিদৰ্শন হ’ল তেওঁৰ ৰচিত ‘কেৱল কপাহী’ (২০০৭) নামৰ গল্পটি। সমাজ সচেতন, নিবিড় জীৱনবোধসম্পন্ন গল্পকাৰ শিৱানন্দ কাকতী। ৰোমাণ্টিক ভাৱ-বিলাসিতাৰ পৰা মুক্ত হৈ বাস্তৱ চিন্তা-চৰ্চাৰে প্ৰকৃত সত্যক প্ৰতিষ্ঠা কৰাত গল্পকাৰজন সদায়েই সচেষ্ট। গাঁৱলীয়া জীৱন আৰু নগৰীয়া মধ্যবিত্তীয় মানসিকতাৰ দূৰ ব্যৱধানক অতি সংবেদনশীলতাৰে গল্পত পৰিস্ফূট কৰা হৈছে।

মানুহৰ সূক্ষ্মতম ভাৱৰাশিক কাকতীদেৱে সংবেদনশীল দৃষ্টিৰে আৰু সমাজ সচেতনতাৰে দাঙি ধৰিবলৈ অহোপুৰুষাৰ্থ কৰি সক্ষম হ’বলৈ চেষ্টা কৰিছে তেওঁৰ ৰচিত গল্পসমূহত।

কুল শইকীয়া : সাম্প্ৰতিক যুগৰ এগৰাকী তীক্ষ্ম প্ৰতিভাসম্পন্ন গল্পকাৰ হৈছে কুল শইকীয়া। পৰম্পৰাগত কাহিনীৰ সংঘটন আৰু তাৰ অনিবাৰ্য পৰিণতি নথকা শইকীয়াৰ প্ৰকাশ শৈলী সম্পূৰ্ণ ব্যতিক্রমধৰ্মী। স্বপ্ন আৰু দিঠক, নষ্টালজিয়াৰ টুকুৰা চিত্ৰই পাঠকক দিয়ে এখন বেলেগ পৃথিৱী। শইকীয়াৰ গল্পই গল্পৰ কোনো অৱধাৰিত পৰিণতিক অস্বীকাৰ কৰে, পাঠকক এক সম্ভাৱনাৰ পৰা অন্য দিশলৈ লৈ যায়। নতুন আংগিকৰ সহায়ত এক দৃশ্যপটৰ পৰা অন্য দৃশ্যপটলৈ কুল শইকীয়াই গল্পৰ চৰিত্ৰৰ মনস্তাত্বিক জগত উপস্থাপন কৰে। ভাষা শৈলীৰ ক্ষেত্ৰত শইকীয়াৰ কথনভংগী বক্রগতিৰ। ই পাঠকৰ বাবে অধিক দুৰ্বোধ্যময় হৈ পৰে।

ব্যক্তি জীৱনৰ একাকীত্ব, নিঃসংগতা কুল শইকীয়াৰ গল্পৰ এক উপাদন। নিঃসংগতাৰ যন্ত্ৰণাত আচ্ছন্ন এক চৰিত্ৰৰ উদ্ভট পৰিৱেশ অংকিত ‘আমিদ্বীপত’ (২০০৬)গল্পটো উল্লেখনীয়। তদুপৰি ‘ৰাতি শব্দ দুখ’ (২০০৬) নামৰ গল্পটোত শইকীয়াই স্বকীয় ৰীতিৰে বুদ্ধিদীপ্ত অথচ জটিলতাৰ প্ৰকাশভংগীৰে চেতনাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। কোনো অপেক্ষাৰত পিতৃৰ মানসিক উদ্বিগ্নতাৰ বিক্ষিপ্ত ছবি প্ৰকাশ পাইছে গল্পটিৰ মাজেদি। সময়ৰ গতিশীলতাৰ লগত এটা বন্ধ ঘড়ীৰ সম্পৰ্কক লৈ লিখা কুল শইকীয়াৰ অন্য এটা গল্প হ’ল ‘বন্ধ ঘড়ীৰ সময়’ (২০০৭) ঘড়ীটোকে আলম কৰি চৰিত্ৰ মনত জাগতিক চিত্ৰবোৰ বিক্ষিপ্তধৰণে ভাহি আহিছে। গল্পটোত লগতে পুৰণি বস্তুৰ সৈতে আৱেগ বিহ্বল কৰুণ স্মৃতিবোৰ গল্পকাৰজনৰ কাব্যিক যেন লগা সুললিত ভাষাৰ ব্যৱহাৰে অতীতৰ খণ্ডিত চিত্ৰবোৰক লৈ আনিছে পুৰণি বস্তু সম্ভাৰৰ পৰা। গল্পটিৰ চৰিত্ৰবোৰৰ নিজ অতীত যাত্ৰাই এক নাটকীয় গতিৰে আগবাঢ়িছে। গল্পৰ উপস্থাপন ৰীতিৰ অগতানুগতিকতা অন্তৰ্মুখী বৰ্ণনাই পাঠক সমাজক বিহ্বল কৰি তোলে। ঠিক তেনেদৰেই কুল শইকীয়াৰ ‘মোৰ স’তে মই’ (২০০৭) গল্পটোত দাঙি ধৰা হৈছে নিঃসংগতাৰ ভয়-শংকাত উদ্বিগ্ন এক চৰিত্ৰৰ মনত উদ্ৰেক হোৱা বিক্ষিপ্ত চিত্ৰ। তেখেতে গল্পটোত এক চিত্ৰপটৰ পৰা অন্য এটা চিত্ৰপটলৈ দৃশ্যান্তৰ কৰোঁতে কেতিয়াবা Lyrical গতিৰ আশ্ৰয় লৈছে। আত্মকথনৰ দ্বাৰা গল্পকাৰে বাস্তৱ আৰু কল্পনাত বিভ্ৰান্ত হৈছে। শইকীয়াদেৱে আধুনিক মনৰ সংশয়, দ্বিধা বিচ্ছিন্নতাবোধ আৰু নিঃসংগতাৰ সৈতে পৰিৱৰ্তনশীল জগতৰ সমান্তৰাল শেষ মুহূৰ্তলৈকে নিছে।

বাহ্যিক ঘটনাৱলীৰ প্ৰতি ব্যক্তিমনৰ ক্রিয়া-কলাপত প্ৰাধান্য দিয়া শইকীয়াৰ গল্পত পৰম্পৰাগত কাহিনীৰ আৰম্ভণি মধ্যভাগ পৰিণতি অথবা চৰিত্ৰৰ ভূমিকা পৰিহাৰ কৰা হৈছে। কাহিনীৰ পৃষ্ঠভূমি চৰিত্ৰৰ চেতনাৰ অপূৰ্ব জগতলৈ ক্রমে সলনি হৈ পৰে।

উপৰোক্ত আলোচনাৰ পৰা গল্পকাৰৰ গল্প নিৰ্মাণ কৌশলৰ ওপৰত যে একোটি গল্প সাৰ্থক বা সফল হোৱাটো ভালেখিনি নিৰ্ভৰ কৰে সেই কথা প্ৰতীয়মান হয় ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments