সিদ্ধান্ত – বন্দিতা গগৈ বৰা

“বৌ ,বৰ ধুনীয়া ছোৱালী এজনী দেখিলোঁ আজি স্কুলৰ পৰা আহি থাকোঁতে ।”
ভাতকেইটা বাটিটোৰ শেষৰ মাছৰ জোলকণেৰে সানি লৈ কথাষাৰ কৈ বৌয়েকৰ মুখলৈ চাই ভাতগৰাহ মুখত ভৰাবলৈ লৈয়ো প্ৰবাল ৰৈ গ’ল। তাৰ মুখা-মুখিকৈ বহি হাতেৰে ভাতৰ কাঁহীখনৰ ভাতকেইটা লিৰিকি -বিদাৰি আছে বৌৱেকে। কাঁহীৰ ভাত ভাত হৈয়ে আছে এটাও মুখলৈ নিয়া নাই মানুহজনীয়ে। মুখলৈ নিব খোজা ভাতগৰাহ কাঁহীলৈ নমাই আনিলে সি ,
“বৌ, ভাত খোৱা, এইদৰে ভাত-পানী নোখোৱাকৈ থাকিলে নিজৰ লগতে আহিব লগীয়া জীৱনটোৱেও কষ্ট পাব।” বৌয়েকৰ চকুৰ কোণেৰে নিগৰি ওলাব খোজা চকুপানী দুটোপাল চাবলৈ সাহস নহ’ল প্ৰবালৰ । লৰালৰিকৈ উঠি গৈ বেচিনত হাতখন ধুলে সি ।
*********
মাত্ৰ এবছৰৰ আগতে বিয়া হৈ এইখন ঘৰলৈ আহিছে তাৰ বৌয়েকজনী। ককায়েক আৰু সি, এই দুটা প্ৰাণীৰ ঘৰ এইখন। মাইকীমানুহ এজনীৰ বৰ প্ৰয়োজন আছিল ঘৰখনত । বৰ কষ্টৰে পঢ়াইছে ককায়েকে তাক । বহু সৰুতেই পিতৃ-মাতৃহীন হোৱা সিহঁত দুটাই আছিল এটা সিটোৰ লগ। তাক পঢ়াবলৈ আধাতে স্কুল সামৰি ককায়েক বাছত হেণ্ডিমেন হৈছিল। শেষত বাছৰ ড্ৰাইভাৰো হৈছিল। সি শিক্ষকৰ চাকৰিটো পোৱাৰ পাছতে জোৰ কৰি ককায়েকৰ বিয়াখন পাতি দিলে। ছোৱালী ককায়েকে পচন্দ কৰিয়েই থৈছিল, নিয়মটো কৰি বৌয়েকক ঘৰ সোমোৱালেহি, ৰাংঢালী বৌয়েকজনী আহি ঘৰখন পোহৰাই পেলালে । স্কুলৰ পৰা অহালৈ ভাতখাবলৈ ৰৈ থাকে বৌয়েক। দুইটাই হাঁহি-হাঁহি বিভিন্ন কথা কৈ কৈ ভাত খায়। কেতিয়াবা গাড়ী চলাবলৈ নগ’লে বা কিবা বন্ধ হ’লে ককায়েকো এইদৰে দুপৰীয়া সাঁজ তাৰ লগত খাবলৈ ৰৈ থাকে। পাছলৈ বাছ চলাবলৈ বাদ ককায়েক ভুবনে চিনাকী মানুহ এজনৰ গাড়ী এখন চলাবলৈ লৈছিল । আজি তিনিমাহমানৰ আগতে ভাড়া লৈ গুৱাহাটীলৈ যোৱা ভুৱন আৰু ঘূৰি নাহিল । গাড়ী ভাড়াকৰি যোৱা যাত্ৰীৰূপী ডকাইত কেইটাই ভুৱনক হত্যা কৰি হাবিত পেলাই থৈ গৈছিল। পাচঁদিনৰ মূৰত উদ্ধাৰ হোৱা ভুৱনৰ মৃতদেহ, প্ৰবালেই চিনাক্ত কৰি ঘৰলৈ আনিছিল। তেতিয়া বৌক এমাহৰ গৰ্ভৱতী,হাঁহাকাৰ লাগিছিল প্ৰবালৰ আৰু বৌয়েকৰ জীৱনত। হেৰাই গৈছিল জীৱনৰ সকলো হাঁহি। মৰিশালিলৈ পৰিণত হ’ল এই সৰু সুখী পৰিয়ালটি। কেতিয়াও কোনো মানুহৰে অপকাৰ নকৰা ভুৱন, প্ৰবালৰ দোষ কি আছিল সেয়া প্ৰবালে এতিয়াও নুবুজিলে। জীৱনটোত দুখৰ বাহিৰে একোৱেই নাপালেছোন সি? এই সহজ-সৰল বৌকজনীৰেই বা কি দোষ, কি লৈ জীয়াই থাকিব তাই। আহিবলৈ ধৰা সন্তানটিয়ো যে পিতৃহাৰা হ’ল। বিচনাখনত ওপৰলৈ মূৰ কৰি পৰি প্ৰবালে ভাবি ৰ’ল কথাবোৰ ।
**********
জুনুকাৰ তিনিবছৰ হ’ল আজি । জুনুকা মানে প্ৰবালৰ ভতিজাক জুনুকা। সি পেটত থাকোঁতেই মৃত্য হৈছিল প্ৰবালৰ ককায়েকৰ । পিছলৈ বৌয়েকৰ লগ হ’ব বুলি আৰু এনে সময়ত মহিলা এগৰাকী লগত থাকিলে সুবিধা হ’ব বুলি বৌয়েকৰ মাকক লৈ আহিছিল এইখন ঘৰলৈ। তেতিয়াৰ পৰা তেওঁ সিহঁতৰ লগতে আছে। মাকক পাই স্বামীহাৰা বৌয়েকৰ মনৰ দুখবোৰ বহুখিনি পাতল হৈছিল। আনদিনাৰ দৰেই স্কুলৰ পৰা আহি ভাত কেইটা খাই বিচনাত বাগৰ দিছে প্ৰবালে। তাৰ কোঠা আৰু বাৰান্দাখন লগালগি। ওচৰৰে কোনোবা মহিলা আহি বৌয়েকৰ মাকৰ লগত বহি কথা-বাৰ্তা হৈছে , সি চকু দুটা মুদি শুবলৈ চেষ্টা কৰিলে। অলপ পাছত এঠাইত গৈ ল’ৰা-ছোৱালী কেইটামানক টিউচন কৰাবলৈয়ো আছে। বাহিৰৰ দুই এটা কথা তাৰ কাণত পৰিল ,তাৰনামটো উচ্ছাৰণ হোৱা দেখি সি কাণ উনালে ,
“বোলো বোৱাৰীৰ মাক, নাতি ডাঙৰ হ’ল।”
“কতনো ডাঙৰ হৈছে, গোটেই জীৱন পৰি ৰৈছে।”
“এৰা হওঁতে হয়, বাপেকী নাইকিয়া ল’ৰা দেহি, পিছে প্ৰবালৰ দৰে খুৰাকটো আছে যেতিয়া সিমান চিন্তা নাই।”
“হওঁতে হয় ,প্ৰবালেই ভৰষা আৰু।”
“পিছে তোমালোকে তাৰ বিয়া-বাৰুৰ চিন্তা কৰিছানে? ল’ৰাটো সদায়ে এনেকৈয়ে থাকিব নে ?
“আপোনাৰ ভাবিবৰ দৰকাৰ নাই সেইবোৰ কথা ,আমি আছো নহয় ভাবিবলৈ।” বৌয়েকৰ প্ৰায় চিঞৰি কোৱা কথাষাৰত প্ৰবাল উচপ খাই উঠিল। বৌয়েকেও ছাগে বাৰান্দাতে ৰৈ মাকহঁতৰ কথা শুনিয়েই আছিল। অলপ উষ্মা মিহলি বৌয়েকৰ মাতষাৰ শুনি প্ৰবালৰ মনটো সেমেকিল। শুবলৈ বাদ দি টিউচন কৰিবলৈ ওলাই যোৱাটোকে ঠিক কৰিলে সি ।
***********
চাইকেলৰ পৰা ক্লাৱঘৰটোৰ ওচৰতে প্ৰবাল নামিল। ইয়াতে সি ল’ৰা -ছোৱালী কেইটামান পঢ়ায়। হাতলৈ পইচা কেইটামান আহি থাকে আৰু সংসাৰৰ ইটো-সিটো লেঠাবোৰ মিলাবলৈ সুবিধা হয়, দৰমহাৰ টকাৰেছোন টনা-টনি হয়গৈ। সিহঁতৰ খেতি-মাটি বুলিবলৈ নাই। থকা ভেটিটোৱেই মাথোঁ। সকলো বস্তু কিনি খাব লাগে। ক্লাৱলৈ সোমাই যোৱা পথটোৰ কাষতে আমজোপাৰ তলত তাই ৰৈ আছিল।
”শেৱালি ,তুমি ইয়াত ?”
“আৰু কি কৰিম প্ৰবালদা, তুমিতো আজিকালি মোৰ খবৰ নকৰাই হ’লা।” শেৱালিৰ গোলমুখখন অলপ ফুলি উঠিল ,অভিমানত, খঙত, জোঙা নাকৰ পাহিদুটা কঁপিল। প্ৰবালে চাইকেলখন গছতে আওজাই থৈ আম গছৰ গুৰিৰ ওলাই থকা শিপা এডালত বহিল। ঘৰৰ পৰা সোনকালেই আহিছে সি। এতিয়াও অলপ সময় বাকী ,কথা পাতিব পাৰিব। শেৱালিও থেপেককৈ তাৰ ওচৰতে বহিল। তাইৰ অভিমান ভৰা মুখখনলৈ চাই প্ৰবালৰ মৰম লাগিছিল, মন গৈছিল তাইৰ হাতদুখন নিজৰ হাতত লৈ তাইক অলপ মৰম কৰিবলৈ, নাইবা এনেই কিবা এটা কৈ তাইৰ আৰু অকণ খং তুলিবলে। কিন্তু কিয় জানো কিবা এটা অসহায় যেন লাগিল তাৰ। কিবা এটা যেন হেৰুৱাই পেলাইছে সি, এৰা শেৱালিক সান্ত্বনা দিয়াৰ অধিকাৰ হেৰুৱাই পেলাইছে সি। অন্যায় কৰিছে এই ছোৱালীজনীৰ প্ৰতি, বুজে সি ভালকৈ বুজে।
“কি হ’ল, মাটিলৈ চাই বহি আছে যে প্ৰবালদা একো নকয় মোক? ইমান পৰ হৈ গলো মই ?”
দুচকুলৈ অভিমানৰ কলীয়া ডাৱৰ আহোঁ আহোঁ, প্ৰবালে এবাৰ মূৰ তুলি চাই চকু নমালে ।
“কালি নামঘৰত বৌক পাইছিলো ,মোক দেখি নেদেখা ভাও জুৰিলে ,মাত লগালো নামাতিলে, মই কি জগৰ লগালোঁ কওক। পুতলী বৰমা গৈছিল আজি আপোনাৰ ঘৰলৈ ?”
“হু!”
“বৰমাক হেনো বহু কথা শুনাই পঠাইছে, মোক আপোনালৈ ৰৈ থাকিবলৈ মানা কৰিবলৈয়ো ইংগিত দিছে। মই জানিব পাৰোঁনে এইবোৰৰ পৰা মই কি বুজিম। আমাৰ ঘৰতো এইবিষয়ে আলোচনা হৈছে দাদাহঁতে আপোনাক লগ ধৰাৰো কথা। মইহে বাধা দিছো ,আগতে আপোনাৰ পৰা জানিব খোজোঁ ,কথাবোৰ কি হৈছে প্ৰবালদা ।”
“শেৱালি ল’ৰা-ছোৱালীবোৰ পাবহি, তুমি এতিয়া যোৱাগৈ মই শীঘ্ৰে তোমাৰ লগত কথা পাতিম।” আচলতে শেৱালিৰ তীক্ষ্ণ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰবালে যেন ভয় কৰিলে। তাই আৰু একো নকৈ এখুজি-দুখুজিকৈ তাৰ ওচৰৰ পৰা ঘৰলৈ বুলি খোজ ল’লে। চাই ৰ’ল প্ৰবালে তাইলৈ অসহায় ভাবে। দুই এদিনতে এই ছোৱালীজনীৰ হৃদয়খন শাণিত অস্ত্ৰৰে খুছি-বিন্ধি যাব। বিশ্বাস হেৰুৱাই পেলাব তাই পৃথিৱীৰ পুৰুষ জাতিৰ প্ৰতি ।
********
পঢ়াবলৈ মন নগ’ল সেইদিনা প্ৰবালৰ ,অলপ পঢ়ায়েই বিদায় দিলে। বহি ৰ’ল ক্লাৱঘৰটোৰ কোঠাটোত অকলে ।
মৰিবলৈ ওলাইছিল আপোনঘাতী হৈ বৌয়েকজনী। সেইদিনা সি শেৱালিৰ কথা উলিয়াইছিলহে মাত্ৰ। ধুনীয়া ছোৱালী এজনী বাটত দেখা পাইছিলো বুলি শেৱালিৰ কথাই সি কবলৈ ওলাইছিল। কিন্তু সেইৰাতিয়েই গৰ্ভৱতী বৌয়েকজনী আপোনঘাতী হ’বলৈ ওলাইছিল তাৰ আৰু শেৱালিৰ সম্পৰ্কৰ কথা শুনিয়েই। নিজৰ আৰু সন্তানৰ ভৱিষ্যত অন্ধকাৰ দেখিয়েই হেনো বৌয়েক মৰিবলৈ ওলাইছিল। সেইদিনাই সি নিজৰ জীৱন সম্পৰ্কে বহু কথা ঠিক কৰিয়েই পেলালে। অৱশ্যে সময়ত সকলো ঠিক হ’ব বুলি ইমান বছৰ অপেক্ষা কৰিছিল, কিন্তু আজি বৌয়েকৰ ব্যৱহাৰটো দেখি মনতে সিদ্ধান্ত লৈয়ে পেলালে। কাইলৈ গৈ শেৱালিৰ ককায়েকক লগ কৰি সকলো কথা বুজাই,শেৱালিৰ জীৱনৰ পৰা একেবাৰেই আতৰি আহিব। সি জীৱনত বিয়া-বাৰু নকৰায়, মৃত ককায়েকৰ পৰিয়ালটোক প্ৰতিষ্ঠা কৰাতেই জীৱনটো কামত লগাব। বিয়া কৰাই অশান্তি হোৱাটো, শেৱালিৰ দুখ হোৱাটো সি নিবিচাৰে। অলপ দিন তাক হেৰুৱাই আজি শেৱালিৰ দুখ হ’ব, কিন্তু বেলেগ এজনৰ সৈতে বিয়া-বাৰু কৰিলে পাছৰ জীৱনটো তাইৰ সুখৰ হ’ব। কিন্তু তাৰ লগত বিয়া হলে গোটেই জীৱন হাই-কাজিয়াৰ মাজতে পাৰ হ’ব। বৌয়েকে শেৱালিক হাঁহিমুখে কেতিয়াও আদৰি নলয়। তাতকৈ সি বিয়া নকৰোৱাকৈ জীৱনটো পাৰ কৰিব। এইকণ ত্যাগৰ বিনিময়ত দুটা জীৱন অলপ হ’লেও তাৰ ওচৰত আশ্বস্ত হৈ থাকিব পাৰিব। মৃত ককায়েকৰ বাবে এইকণ কৰিবলৈ সি নিজকে প্ৰস্তুত কৰি তুলিছে।

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments