অহঙ্কাৰী সদাগৰ – ইমৰান হুছেইন

এবাৰ এখন দেশত এজন বৰ অহঙ্কাৰী সদাগৰে বাস কৰিছিল। তেওঁ দেশ-বিদেশত বেপাৰ কৰি অজস্ৰ ধন-সম্পত্তিৰ মালিক হৈছিল। ধন-ধানৰ চিন্তাত তেওঁৰ আনকি ঈশ্বৰৰ চিন্তা কৰিবলৈকো সময় নাছিল। যদিও তেওঁ কেতিয়াবা কেতিয়াবা ভিক্ষাৰী, দুখীয়া-নিছলা লোক সকলক দান-দক্ষিণা কৰিছিল, তথাপিও তেওঁলোকক বৰ হেয় চকুৰে চাইছিল। তেওঁৰ মতে এই সকলৰ বহুতেই হ’ল পৃথিৱীৰ বাবে এটা বোজা, ঈশ্বৰে এওঁলোকক অভিশাপ স্বৰূপেহে পৃথিৱীলৈ পঠাইছে।

    কিন্তু তেওঁৰ একমাত্ৰ ল’ৰাটো বৰ ঈশ্বৰ ভক্ত আছিল। কেতিয়াবা দুষ্টৰ ঘৰতো সজ্জনে জন্ম ল’য়। তেওঁলোকৰ ঘৰতো সেয়ে হ’ল- পিতৃ মহা অহঙ্কাৰী, কিন্তু পুত্ৰ মহা নিৰহংকাৰী। সি সদায় ভাবিছিল যে, মানুহৰ ধন-সম্পদৰ কোনো মূল্য নাই, ‘আজি যিখিনি মোৰ হাতত কালি সেইখিনি আন কাৰোবাৰ হাতত’,  সকলো হাতৰ ময়লা। সেয়ে সি কেতিয়াও ধনী-দুখীয়াৰ মাজত একো পাৰ্থক্য বিচাৰি পোৱা নাছিল। তাৰ মতে ধনী-দুখীয়া, ৰজা-ফকীৰৰ মাজত একো ভেদাভেদ নাছিল- ঈশ্বৰৰ দৃষ্টিত সকলো সমান। সেয়ে সি দুখীয়া লোক সকলৰ লগত সিমানেই মিলা-মিচা কৰি চলিছিল, যিমানখিনি মিলা-মিচা সি ধনীলোক সকলৰ লগত কৰিছিল।

    পুত্ৰৰ এইবোৰ স্বভাৱে অহঙ্কাৰী সদাগৰক বিতুষ্ট কৰি তুলিছিল। সেয়ে ল’ৰাটোৰ পোন্ধৰ বছৰ পাৰ হোৱাৰ পিচত তেওঁ ভাবিলে যে এইবাৰ বেপাৰলৈ গ’লে পুত্ৰকো লগতে লৈ যোৱা হওঁক- ‘সি অন্ততঃ বিভিন্ন ঠাইৰ দুখীয়া-নিছলা মানুহবোৰক নিজ চকুৰে চাই উপলব্ধি কৰক যে, সিহঁত কিমান অভাৱী, কিমান লেতেৰা, কিমান লুভীয়া, কিমান হীনমতি স্বভাৱৰ।’ এইখিনিতে তেওঁৰ আন এটা উদ্দেশ্যও আছিল- যাতে এই দৰিদ্ৰ মানুহবোৰক চাই সি উপলব্ধি কৰিব পাৰে, ঈশ্বৰে সিহঁতক কিমান সুখ-আৰামত ৰাখিছে বা দেউতাকৰ ধন-সম্পদবোৰৰ এই ক্ষেত্ৰত সিহঁতলৈ অৰিহণাই বা কিমান!

    সেইবাৰ বেপাৰলৈ যাওঁতে সদাগৰে পুত্ৰকো লগতে লৈ গ’ল- কি উদ্দেশ্যত তাক লগত লৈ তেওঁ বেপাৰলৈ ওলাইছে সেই সংক্ৰান্তত কিন্তু পুত্ৰক একো নকলে। সেইবাৰ ভ্ৰমণকালত তেওঁ পুত্ৰক বহু ঠাইৰ দুখীয়া-নিছলা লোক সকলক দেখুৱালে; সিহঁতৰ কষ্টকৰ, হীন জীৱনৰ লগত ৰিজনি কৰি নিজৰ আৰামৰ জীৱনৰ বাবে পুত্ৰই যাতে তেওঁক ধন্যবাদ দিব পাৰে তাৰো চেষ্টা এটা চলালে। সেয়ে তেওঁলোক ঘৰমুৱা হোৱাৰ পথত তেওঁ এবাৰ পুত্ৰক সুধিলে-

  • ‘কেনেকুৱা লাগিল তোমাৰ এই ভ্ৰমণটো?’
  • ‘এইটো সঁচাকৈয়ে মোৰ বাবে বৰ মহান উপলব্ধি আছিল দেউতা।’
  • ‘তুমি এই ভ্ৰমণটোৰ পৰা কি শিকিলা? তুমি বাৰু দুখীয়া-নিছলা লোক বিলাকক দেখি কিবা উপলব্ধি কৰিব পাৰিলানে? দেখিলানে সিহঁতৰ জীৱন কিমান হীন, কিমান ভয়ংকৰ? হয়তো তুমি এতিয়া উপলব্ধি কৰিব পাৰিছা যে, ঈশ্বৰে আমাক কিমান সুখ-আৰামত ৰাখিছে?’ সদাগৰে পুত্ৰক সুধিলে।
  • ‘হয় দেউতা, মই ভালকৈয়ে উপলব্ধি কৰিব পাৰিলো। মই দেখিলো যে, ৰক্ষিয়া হিচাবে আমাৰ এটাই দামী কুকুৰ আছে, কিন্তু তেওঁলোকৰ ৰক্ষিয়া হিচাবে চাৰিটাকৈ(ৰাস্তাত ঘূৰি ফুৰা) কুকুৰ আছে। আমাৰ মনোৰঞ্জনৰ বাবে আমাৰ সমুখৰ বাগিচাখনৰ মাজতে এটা সুন্দৰ পুখুৰী আছে, কিন্তু তেওঁলোকৰ মনোৰঞ্জনৰ বাবে সমুখত আছে পাৰাপাৰ নথকা সাগৰ আৰু কুলুকুলু সুৰেৰে বৈ যোৱা নদ-নদীবোৰ। বিদেশৰ পৰা আমদানি কৰা লণ্ঠনে সদায় আমাৰ বাগিচাখন সদায় নিশা পোহৰাই ৰাখে, কিন্তু তেওঁলোকৰ চোতালবোৰ নিশা পোহৰাই ৰাখে ঈশ্বৰৰ তৰকা, নক্ষত্ৰ- দীপ্তিমান জ্যোতিষ্কবোৰে। আমাৰ চোতাল আমাৰ ঘৰৰ সীমাৰ ভিতৰতে আৱদ্ধ, কিন্তু তেওঁলোকৰ চোতাল দূৰ-দিগন্ত ব্যাপি। আমি বাস কৰা মাটিডোখৰৰ চাৰিওটা সীমা আমি মাটিডোখৰৰ যি কোনো স্থানতে থিয় দি দেখা পাব পাৰো, কিন্তু তেওঁলোকৰ প্ৰত্যেকেই বাস কৰা মাটিবোৰৰ সীমা আমাৰ দৃষ্টিৰ বাহিৰত। আমাৰ ঘৰত বহুতো লগুৱাই আমাৰ আলপৈচান ধৰে, কিন্তু তেওঁলোকে লগুৱা হিচাবে থাকি আনৰ ঘৰত সেৱা কৰে। আমি খাবলৈ বজাৰৰ পৰা খাদ্য-শস্য কিনি আনো, কিন্তু তেওঁলোকে নিজৰ খাদ্য ও আমাৰ খাদ্যৰ বাবে খেতি-পথাৰ কৰে। আমাৰ ঘৰৰ পকী বেৰাই আমাক সুৰক্ষা দিয়ে, কিন্তু তেওঁলোকৰ বন্ধু-বান্ধৱে ইজনে সিজনক সুৰক্ষা দিয়ে। তেনেহলে চাওঁকছোন দেউতা- তেওঁলোকৰ তুলনাত আমি কিমান দুখীয়া-নিছলা, আৰু তেওঁলোক কিমান ধনী?’

    পুত্ৰৰ উত্তৰত দেউতাক অবাক লাগিল। তেওঁ সিদিনাৰ পৰা জীৱনৰ প্ৰকৃত অৰ্থ বুজি পালে। ঘৰলৈ ঘূৰি আহি আগৰ সকলো অংহকাৰ এৰি  ঈশ্বৰৰ প্ৰকৃত পথৰ সন্ধানত ব্ৰতী হ’ল- যিমান পাৰে দুখীয়া-নিছলা সকলক সহায় কৰিবলৈ ল’লে, তেওঁলোকৰ লগত দূৰত্ব বজাই জ নচলা হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments