ভাষা নজনাৰ ফল- বিচাৰিলোঁ কিবা, পালোঁ কিবা -(মনোজ মন কলিতা)

ভাষা নজনাৰ ফল- বিচাৰিলোঁ কিবা, পালোঁ কিবা

-মনোজ মন কলিতা


আজি প্ৰায় দুবছৰেই হ’ল কৰ্তব্যৰ স্বাৰ্থত টাইৱানত আহি বসবাস কৰি থকা। অসমত থাকোঁতে কেতিয়াও অনুভৱ কৰা নাছিলোঁ নতুন ভাষা এটা শিকাৰ প্ৰয়োজন কিমান। অসমৰ বাহিৰলৈ য’তেই যাওঁ হিন্দী অথবা ইংৰাজী কৈয়েই কাম চলি যায়। মই ইংৰাজীৰেই সকলো কাম সমাধা হ’ব বুলিয়েই মনত লৈ আহি উপস্থিত হ’লোঁ এই দেশত। এদিন দুদিন কৈ দিন বাগৰিল। লাহে লাহে বুজি উঠিলোঁ ইংৰাজী কৈ লাভ নাই, ‘হাঁ’ কৈ মুখ মেলি চাই থাকে সকলোৱে চকু টিপ নমৰাকৈ। প্ৰথম কেইদিনমান মোক লগৰ কেইজনে (তেওঁলোক ইয়াত মোতকৈ দুবছৰমান আগতেই অহা) অকলে ওলাই যাব নিদিছিল, জানোচা হেৰাই থাকোঁ কৰবাত। সময়ৰ লগে লগে ময়ো চীনা ভাষা কিছু শিকিলোঁ। বজাৰ কৰিব পৰা হ’লোঁ, কি খাম-নাখাম কব পৰা হ’লোঁ। মোৰ মন ‘খুছ’ হৈ গ’ল। মই ব্যৱহাৰ কৰি থকা মোবাইল সংযোগটো অলপ ব্যয়বহুল। এই সংযোগটো আগতীয়াকৈ ধন জমা দিয়া (প্ৰি-পেইড), ইয়াত সৰ্বনিম্ন ‘ৰিচাৰ্জ কাৰ্ড’ কিনিবলৈ ৩০০ ডলাৰ খৰচ কৰিব লাগে। মোৰ সংযোগটোৰ পৰা ফোন কৰিলে এক মিনিটতেই ৪-৫ ডলাৰ মান কাটে। এদিন ভাবিলোঁ যিহেতু ফোন কৰিবলৈ সিমান এটা প্ৰয়োজনো নাই সেয়ে অলপ কম ব্যয়ৰ এটা নতুন সংযোগ লোৱা যাওক। চীনাভাষা অলপ অলপ পৰা হৈছোঁৱেই যেতিয়া সেয়ে অকলেই ওলালোঁ যুদ্ধ জয় কৰিবলৈ। সোমাই দিলোঁ মোবাইল সংযোগ দিয়া এটা অফিচত। কিছু সময় শাৰীত থিয় হৈ থকাৰ পিছত মোৰ নম্বৰ আহিল। যেতিয়া গৈ তেওঁলোকৰ সন্মুখত থিয় হ’লোঁ, বোবাৰ দৰে হৈ পৰিলোঁ। কি কৈ আছে একো বুজি নাপাওঁ, আনপিনে মই ওস্তাদে প্ৰথম কেইশাৰীমান চীনা ভাষাতেই কৈ নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি ল’লোঁ। তাৰ পিছত ইংৰাজী কওঁহে কওঁ, কোনো এজন ইংৰাজী জনা লোক নোলাল। এজন এজনকৈ পলাই ফাঁট মেলিলে। শেষত যেনিবা এজন কৰ্মচাৰীয়ে আগবাঢ়ি অহাৰ সাহসকণ দেখুৱালে। তেওঁক আকাৰে-ইংগিতে বুজালোঁ যে মোক এটা নতুন সংযোগ লাগে। তেওঁ বুজি পাই মোৰ পাৰপত্ৰ, মোৰ পৰিচয় পত্ৰ আৰু টাইৱানত বাস কৰাৰ বাবে ইয়াৰ চৰকাৰে দিয়া পৰিচয় পত্ৰখন বিচাৰিলে। কিছুসময় খুঁট-খাট কৰি থাকি মোক এখন তালিকা দেখুৱালে য’ৰ পৰা মই মোৰ মন পছন্দৰ নম্বৰটো বিচাৰি লব পাৰোঁ। মন্ত্ৰমুগ্ধৰ দৰে তেওঁ যি কৈছে কৰি গৈছোঁ। শেষত মোক ভঙা ভঙা ইংৰাজীতে বুজালে যে মই এবাৰত ৩৮০ টাইৱানিজ ডলাৰ দিব লাগিব, যাৰ ফলত মোক ৬২০ টাইৱানিজ ডলাৰৰ কথা পতাৰ সময় দিব। মোৰো খুব স্ফূৰ্টি লাগিল ‘অফাৰ’ টোৰ কথা শুনি। হাজাৰ হওক বিনামূলীয়াকৈ কিবা পালে ভালেই লাগে দিয়কচোন। তেওঁ আৰু কিবা কিবি ক’লে, মইহে একো বুজি নাপালোঁ। মোক কিবা দুটামান স্বয়ন কৰাৰ সুবিধা দেখুৱালে, এটাত দেখিলোঁ ৬০০ লিখা আছে। মই ভাবিলোঁ ৩৮০ দিলে ৬২০, সেয়ে ৬০০ দিলে চাগে’ ১২০০ মান দিব। মোৰ ৫-৬ মাহ মানৰ বাবে হৈ যাব। চকু কাণ মুদি দিলোঁ সেইটোতে টিক মাৰি। তেওঁলোকে আৰু কিবা কিবি ‘মন্ত্ৰ’ মাতিলে, একো বুজি নাপলোঁ। মাথোঁ ‘হয়, ঠিক আছে’ বুলি কৈ থাকিলোঁ। শেষত জেনিবা মোক ‘চিম-কাৰ্ড’খন দিলে। ময়ো আহি মহা আৰামত ব্যৱহাৰ কৰি আছোঁ। সৌ সিদিনা, প্ৰায় এমাহ মানৰ পাছত, হঠাৎ মোলৈ এটা এছ.এম.এছ আহিল যে মই হেনো এপ্ৰিল মাহৰ বিল পৰিশোধ কৰা নাই। অনতি পলমে মই পৰিশোধ কৰিব লাগে। মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে, তেন্তে সেই ৬০০ টাইৱানিজ ডলাৰ (প্ৰায় ১১০০ ভাৰতীয় টকা) ক’লৈ গ’ল। মানে কি এমাহ মই ১১০০ টকা ফোনতেই উৰাই দিলোঁ, কিন্তু হিচাপ কৰিলে এমাহত মই প্ৰায় ২ ঘণ্টামানহে সৰ্বমুঠ কথা পাতিছিলোঁ। বুকুখন খোঁচ মাৰি ধৰিলে, হাজাৰ হওক কষ্টোপাৰ্জিত জেপৰ ধন কেইটা এনেই যোৱা বুলি ভাবি। আজি সেয়ে মোৰ টাইৱানিজ বন্ধু দুজনক লৈ গ’লোঁ কাৰ্যালয়টোলৈ। তাতেহে গৈ জোলোঙাৰ মেকুৰী ওলাই পৰিল। তেওঁলোকে মোক বুজাই দিলে সকলো কথা। তেতিয়া বুজি উঠিলোঁ যে আচলতে মোৰ সংযোগটো আগতীয়াকৈ ধন জমা দিয়া (প্ৰি-পেইদ) স্কিম সলনি হৈ ব্যৱাহাৰ কৰি উঠি ধন জমা দিয়া (প’ষ্ট-পেইদ) হ’ল। মই যে একো বুজি নোপোৱাকৈয়ে ‘হয়, ঠিক আছে’ বুলি মূৰ দুপিয়াই আছিলোঁ তাৰেই ফল এয়া। যাহওক, তেওঁলোকে এইটো কৈ সকাহ দিলে যে মোৰ ৬০০ ডলাৰ জমা হৈ আছে। ক’তো নাইকিয়া হৈ যোৱা নাই। কাৰ্যালয়টোৰ পৰা ওলাই আহি মনতে ভাবিলোঁ, ভাষা এটা নজনা আৰু নিজৰ দেশৰ নিৰক্ষৰ এজনৰ মাজত কোনো পাৰ্থক্য নাই। কিবা বিচাৰিলে কেতিয়াবা কিবাহে পোৱা যায়।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!