চাহ-বাগিচাৰ ‘অসমীয়া’ – স্বৰাজোত্তৰ চেতনাৰ ঔপনিবেশিক পৰম্পৰাৰ চানেকি

ঊনবিংশ শতিকাৰ আগভাগত অসমত চাহখেতিৰ ব্যৱসায়িক সম্ভাৱনা স্বীকৃত হোৱাৰ পাছত, ঔপনিবেশিক শাসক গোষ্ঠীৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা চাহ বাগিচাসমূহত কাম কৰাবলৈ ইংৰাজসকলে ছলে-বলে-কৌশলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ# পৰা বনুৱা আমদানি কৰি কৃত্ৰিমভাৱে চাহ বনুৱাৰ সামাজিক শ্ৰেণী এটাৰ সৃষ্টি কৰিছিল। এই সময়ছোৱাত আমাৰ ৰাজ্যত বৃহৎসংখ্যাত এই লেখীয়া বনুৱাৰ অভাৱৰ নিমিত্তেই তেনেকৈ বাহিৰৰ পৰা বনুৱা আমদানি কৰিবলগীয়া হোৱা কথাটো সম্প্ৰতি ঐতিহাসিকভাৱে প্ৰতিষ্ঠিত যদিও, আজি প্ৰায় ডেৰশ বছৰৰ পাছতো এই চাহ-বনুৱা শ্ৰেণীটো সামাজিকভাৱে আমাৰ পৰা সম্পুৰ্ণৰূপে বিচ্ছিন্ন হৈ থকা পৰিস্থিতিয়ে এতিয়া যথাৰ্থতে ইংৰাজসকলৰ উক্ত বনুৱা আমদানিৰ নীতিৰ অন্তৰালত অইন সুদূৰপ্ৰসাৰী অভিপ্ৰায়হে নিহিত হৈ থকাৰ ইংগিত দিয়ে। স্বদেশত পূৰ্ণ বিকশিত ধনতান্ত্ৰিক প্ৰক্ৰিয়াৰ অভিজ্ঞতাৰে পুষ্ট ইংৰাজসকলে চাহ-বাগিচাৰ আয় আৰু চাহ-বনুৱা শ্ৰেণীৰ ওপৰত শোষণৰ মাত্ৰাৰ মাজত থকা প্ৰত্যক্ষ সম্বন্ধৰ কথা ভালদৰে উপলব্ধি কৰা হেতুকে, প্ৰতিবাদহীন নিৰৱছিন্ন শোষণৰ প্ৰক্ৰিয়া এটা অব্যাহত ৰখাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য হৈ পৰিছিল। তেনেদৰে ঊনবিংশ শতিকাৰ মাজভাগৰে পৰাই দেশৰ সংঘবদ্ধ গোট কিছুমানৰ মাজত ইংৰাজবিৰোধী মনোভাব প্ৰকট হৈ পৰাৰ দৃষ্টান্তই ইংৰাজসকলক চিন্তিত কৰি তুলিছিল, আৰু এইজাতীয় পৰিবেশে যাতে শ্ৰমিকভিত্তিক চাহ-উদ্যোগৰ অনিষ্টসাধন কৰিব নোৱাৰে, তাৰ বাবেই তেওঁলোকে চাহ-বনুৱা শ্ৰেণীটোক স্থানীয় সামাজিক জীৱন যাত্ৰাৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি ৰখাৰ প্ৰয়োজন অনুভৱ কৰিছিল। এনেকুৱা কিছুমান দুৰদৰ্শী চিন্তাধাৰেৰে পৰিচালিত হৈয়েই ইংৰাজসকলে বাহিৰৰ পৰা বনুৱা আমদানি কৰিছিল যাতে মালিক পক্ষৰ শোষণৰ বিৰুদ্ধে কেতিয়াবা এওঁলোকৰ মাজত অসন্তোষৰ ভাবে দেখা দিলেও মূলসুঁতিৰ ৰাইজৰ সমৰ্থন আৰু সহানুভূতিৰ অভাৱত অনায়াসে তেনে বিদ্ৰোহৰ সম্ভাৱনাক নিৰ্মূল কৰিব পৰা যায়; আৰু আনহাতে, মূলসুঁতিৰ ৰাইজৰ মাজত ইংৰাজ-বিৰোধী মনোভাবে গা কৰি উঠিলেও উপযুক্ত যোগাযোগৰ অভাৱত তেনে ঢৌৱে যাতে কেতিয়াও চাহ-বাগিচা চুবগৈ নোৱাৰে। আৰু সেইবাবেই, বাহিৰৰ পৰা একোজন শ্ৰমিক সংগ্ৰহ কৰোঁতে মালিক পক্ষৰ তেতিয়াৰ দিনতে গড় হিচাপত ডেৰশ মানকৈ টকা খৰচ হোৱা সত্ত্বেও সীমিতসংখ্যক থলুৱা লোকক বনুৱা হিচাপে নিয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰা নাছিল। আৰম্ভণিতে অৱশ্যে চৰকাৰী পৃষ্ঠপোষকতাত মাটিৰ খাজনা  বঢ়াই দি স্থানীয় প্ৰান্তীয় খেতিয়কসকলক খেতি এৰিবলৈ বাধ্য কৰাই চাহ বাগিচালৈ শ্ৰমিক হিচাপে অনাৰ পৰিকল্পনা লোৱা হৈছিল যদিও, পাছলৈ কিন্তু স্বাভাৱিক কাৰণতেই তেনে প্ৰচেষ্টাৰ ওপৰত বিশেষ জোৰ দিয়া নহ’ল। ইংৰাজসকলৰ সেই নীতিয়েই সময়ত গৈ এনেকুৱা এক অশুভ পৰম্পৰাত পৰিণত হ’লগৈ যে, চাহ-শ্ৰমিকৰ বৃত্তি আমাৰ সামাজিক জীৱনযাত্ৰাৰ পৰা বিচ্ছিন্ন এক শ্ৰেণী ’কুলী-সম্প্ৰদায়’ৰ বাহিৰে অইনৰ বাবে এক অস্পৃশ্য হেন বৃত্তি হিচাপেহে স্বীকৃত হৈ পৰিল। চাহ বাগিচাৰ ওচৰৰে অসমীয়া গাঁৱৰ যুৱকজনে বাগিচাত কোৰ মৰাতকৈ ঘৰতে বহি অৰ্ধাহাৰে থকাটোকে শ্ৰেয় বুলি গণ্য কৰাৰ সামূহিক প্ৰৱণতাৰ ফলতে বাহিৰৰ পৰা অহা শ্ৰমিকসকলক কেন্দ্ৰ কৰিয়েই চাহ-শ্ৰমিকৰ জীৱিকাভিত্তিক পৃথক সামাজিক শ্ৰেণী এটাৰ সৃষ্টি হ’ল। অকল সেয়ে নহয়, উক্ত শ্ৰেণীটোৰ সৈতে আৰ্থ-সামাজিক সম্বন্ধ স্থাপনৰ সমূহীয়া প্ৰয়োজনবোধো কাহানিও নোহোৱাত মূল ভেটিৰ সৈতে সম্বন্ধ এৰি নিজৰববীয়াকৈ প্ৰবাসৰ ভাষা-সংস্কৃতিক আঁকোৱালি কেইবাপুৰুষো ধৰি অসমতে বাস কৰাৰ পাছতো তেওঁলোক চাহ-বাগিচাৰ ’কুলী’ হৈয়েই থাকিল,- চাহ-বাগিচাৰ ’অসমীয়া’ হ’ব নোৱাৰিলে। এনেকুৱা এক পৃথক সত্তাৰ মনোবৃত্তিয়ে ধাৰাবাহিকতা লাভ কৰাৰ ফলতে এপিনে যিদৰে ওচৰৰে চাহ-বাগিচাখনত বনুৱাৰ ওপৰত চলা শোষণক লৈ আমি কাহানিও মূৰ নঘমালো, আনপিনে তেনেদৰে, আমাৰ সামাজিক জীৱনত সময়ে সময়ে প্ৰতিফলিত হোৱা জনজাগৰণৰ ঢৌৱেও চাহ-বাগিচাৰ জীৱন বিশেষভাৱে প্ৰভাৱান্বিত কৰিব নোৱাৰিলে।

ইংৰাজসকলে এইদৰে আওপাকেদি গঢ় দি যোৱা ঔপনিবেশিক পৰম্পৰাৰ অনুকৰণতে স্বাধীনতা প্ৰাপ্তিৰ চল্লিশ বছৰৰ পাছতো ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশ ৰাইজে আজিও সংখ্যাৰ ৰাজনৈতিক প্ৰয়োজনৰ সময়ছোৱাৰ বাহিৰে অইন সময়ত কোনো সামাজিক স্বীকৃতি লাভ কৰিব নোৱাৰিলে; সৰ্বসাধাৰণ ৰাইজৰ দ্বাৰা উপেক্ষিত হোৱাতো সাধাৰণ কথা, ৰাজ্য চৰকাৰেও আনকি এই বিশ শতাংশ স্থায়ী বাসিন্দাৰ প্ৰতি কোনোধৰণৰ আৰ্থ-সামাজিক দায়বদ্ধতা গ্ৰহণ কৰাৰ প্ৰয়োজনবোধ নকৰিলে। কল্যাণকামী শাসনতন্ত্ৰৰ আদৰ্শত প্ৰতিষ্ঠিত ৰাজ্য চৰকাৰৰ নিয়মীয়া বাজেটৰ উল্লেখযোগ্য এটা অংশও চাহ-বাগিচাৰ ৰাইজৰ কল্যাণৰ নিমিত্তে ধাৰ্য কৰা নহয়, মালিকপক্ষই স্বইচ্ছাই তেওঁলোকৰ নিমিত্তে যিখিনি কৰিছে, তাতেই ৰাজ্য চৰকাৰ সন্তুষ্ট। সকলোৰে বাবে শিক্ষা, স্বাস্থ্য, সংস্থান ইত্যাদি বিষয়ত চৰকাৰী নীতিৰ কথা কোৱাৰ সময়ত চাহ-বাগিচাৰ ৰাইজক আমি সেইবোৰৰ অন্তৰ্ভুক্ত নকৰোঁ, বাকী আশী শতাংশ ৰাইজতে আমাৰ সকলো নীতি, পৰিকল্পনা সীমাবদ্ধ। সংবিধানমতে স্বাস্থ্য, শিক্ষা আদি বিষয়বোৰ আচুতীয়াকৈ ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত যদিও, অসমত কিন্তু এইবোৰ বিষয় ৰাজ্যিক সূচীৰ লগতে চাহ সূচীৰো অন্তৰ্ভুক্ত। চাহ-বাগিচাৰ ৰাইজক শিক্ষা, স্বাস্থ্য আদি বিষয়ত ৰাজ্য চৰকাৰৰ নিজৰ কোনো দায়িত্বতো নায়েই, অইন নালাগে, বাগিচাৰ মালিক পক্ষই এইবোৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লৈছে, তাৰ প্ৰতি চকু দিয়াৰো কোনো ফলদায়ক নিয়ম নাই। আবকাৰী বিভাগৰ আশীৰ্বাদত ’কুলী লাইন’ত চুলাই মদৰ নিয়মীয়া যোগান নিশ্চিত কৰাতেই যেন ৰাজ্য চৰকাৰৰ চাহ বাগিচাৰ ৰাইজৰ প্ৰতি থকা দায়িত্ব সীমাবদ্ধ। অথচ, শাসক গোষ্ঠীৰ সংখ্যাৰ ৰাজনৈতিক প্ৰয়োজনকণ কিন্তু এই বিশ শতাংশ ৰাইজেই সদায় নিৰ্বিবাদে পূৰণ কৰি আহিছে।

অসমীয়া কৃষকৰ ল’ৰা এজনে পৈত্ৰিক জীৱিকাৰ সৈতে সম্বন্ধ এৰি নিজাববীয়াকৈ অইন বৃত্তিত সংস্থাপিত হোৱাৰ পাছত তেওঁক আৰু আমি কৃষক শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি নাৰাখোঁ; নতুন জীৱিকা অনুসাৰেই তেওঁৰ সামাজিক স্থিতিও নতুনকৈ নিৰূপিত হয়। কিন্তু, চাহ-শ্ৰমিক সমাজৰ কোনোবাই চাহ-শ্ৰমিকৰ জীৱিকা ত্যাগ কৰি চাহ বাগিচাৰ বাহিৰলৈ ওলাই আহি অইন বৃত্তিত সংস্থাপিত হোৱাৰ পাছতো তেওঁ সদায় (প্ৰাক্তন) চাহ-শ্ৰমিক বুলিয়েই পৰিচিত, নতুন বৃত্তিয়ে তেওঁক কোনো নতুন সামাজিক স্বীকৃতি নিদিয়ে। চাহ-বাগিচা এৰি বাহিৰত গাঁও পাতি খেতি-বাতি আৰম্ভ কৰাজনে সাধাৰণ খেতিয়ক হিচাপে স্বীকৃতি পোৱাৰ পৰিৱৰ্তে প্ৰাক্তন চাহ-শ্ৰমিক বুলিহে পৰিচয় পায়; শিক্ষা-দীক্ষা লাভ কৰি চাহ-বাগিচাৰ সৈতে কোনো সম্পৰ্ক নথকা বাহিৰৰ জগতখনত অইন বৃত্তিৰে সংস্থাপিত হোৱাজনেও চাহ-শ্ৰমিকৰ ছাপটোৰ পৰা অব্যাহতি নাপায়। এশ বছৰ পূৰ্বে বিভিন্ন পৃথক বৰ্ণ-গোষ্ঠীৰ# সংমিশ্ৰণত গঢ় লোৱা শ্ৰমিক শ্ৰেণী এটাক এইদৰে সদায় বিচ্ছিন্ন কৰি ৰাখি, আমাৰ সামাজিক জীৱনযাত্ৰাত তেওঁলোকক বিলীন হৈ যাবলৈ নিদি, নিজে ক’ব নোৱাৰাকৈয়ে এতিয়া আমি এক কৃত্ৰিম জাতি গঠনৰ বাট মুকলি কৰি দিছোঁ; উচ্চ-নিম্ন সকলো বৰ্ণৰে চাহ-শ্ৰমিক, চাহ-শ্ৰমিকৰ বৃত্তি ত্যাগ কৰি অইন বৃত্তিত সংস্থাপিত হোৱাসকল,- বৰ্ণ, বৃত্তি উভয় ক্ষেত্ৰতে সমহৃত বিশ শতাংশ ৰাইজে এতিয়া নিজকে একেলগে ’চাহ জনজাতি’ বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছে।# ইংৰাজসকল গুচি যোৱাৰ পাছতো ঔপনিবেশিক পৰম্পৰাৰ অনুকৰণত চাহ-বাগিচাৰ ৰাইজক আমি মূলসুঁতিৰ সামাজিক জীৱনৰ পৰা বিচ্ছিন্ন কৰি ৰাখিবলৈ বিচাৰিছিলো এই বাবেই যে, তেনে কাৰ্যৰ দ্বাৰা যাতে তেওঁলোকক প্ৰাপ্য সমধিকাৰৰ পৰাও বঞ্চিত কৰি ৰাখিব পৰা যায়। কিন্তু হ্ৰস্বকালীন লাভালাভৰ দ্বাৰা পৰিচালিত আমাৰ সেই চক্ৰান্তই সময়ত যে নিশ্চিতকৈ ওলোটা দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিব এইষাৰ নিষ্ঠুৰ সত্যকে আগতীয়াকৈ আঙুলিয়াই দিবলৈ দূৰদৰ্শী নেতৃত্ব আজিলৈকে নোলাল। বিশ শতাংশ ৰাইজৰ একত্ৰীকৰণেৰে এটি কৃত্ৰিম জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত আমাৰ নিজস্ব অৱদানৰ কথা উত্তৰ পুৰুষে নিশ্চয় তিক্ততাৰে সুঁৱৰিব।

চকলাটিং চাহ-বাগিচাৰ বৰ লাইনৰ এচুকত পঞ্চাশ বছৰীয়া হিতেশ্বৰ বাউৰীৰ ঘৰ। আজি প্ৰায় ছবছৰমান আগতে বাগিচাৰ ফেক্টৰীত কাম কৰি থকা অৱস্থাতে চকুত জালি পৰি দৃষ্টিহীন হৈ পৰাত হিতেশ্বৰৰ নাম কটা যায়। নিয়মমতে হিতেশ্বৰৰ পৰিয়ালৰ এজনে লগে লগে বাগিচাত চাকৰি পাব লাগিছিলে যদিও, আজিলৈকে কিন্তু সেই ’বদলি’ৰ কোনো ব্যৱস্থা নোহোৱাত অক্ষম হিতেশ্বৰৰ তিনিজনীয়া পৰিয়ালটোৱে এতিয়া কোনোমতে বাহিৰত খুজি মাগি পেট প্ৰবৰ্তাব লগীয়া হৈছে। চাকৰি যোৱাৰ পাছত ঘৰৰ নিয়মীয়া মেৰামতিও কৰ্তৃপক্ষই বন্ধ কৰি দিয়াত ঘৰৰ ভেটি, ছালবোৰ উৱলি গৈছে। চাহ-বাগিচাৰ বনুৱাসকল ‘সুসংগঠিত’ হোৱা হেতুকে মালিক পক্ষই যিহেতু কেৱল ইউনিয়নৰ নেতাৰ সৈতেহে কথা পাতে, গতিকে হিতেশ্বৰৰ পৰিয়ালেও স্থানীয় ইউনিয়নৰ নেতাৰ ভৰষাতে দিন কটাইছে- কেতিয়াবা নেতাৰ সময় হ’ব, হিতেশ্বৰ বাউৰীৰ সমস্যাটো লৈ মালিক পক্ষৰ সৈতে আলোচনা কৰিব। আৰু সেই সময় নহালৈকে মালিক পক্ষৰো নিজৰ ববীয়াকৈ কৰিবলগীয়া একো নাই (বাগিচাৰ পৰিচালকৰ সৈতে হোৱা কথা প্ৰসংগত আমি হিতেশ্বৰৰ কথা উল্লেখ কৰোঁতে তেখেতে ইউনিয়নৰ পৰাতো তেনে কোনো অভিযোগ অহা নাই বুলি কৈ আমাকেই ভুল তথ্য পৰিবেশনকাৰীৰ শাৰীত তুলি প্ৰসংগ সামৰি থ’লে)। আনহাতে, হিতেশ্বৰ বাউৰী চাহ শ্ৰমিক হোৱা হেতুকেই ৰাজ্য চৰকাৰৰো তেওঁৰ পৰিয়ালৰ প্ৰতি কোনো দায়িত্বৰ প্ৰশ্ন নুঠে, যদিওবা স্বামী-স্ত্ৰীহালে ভোট কিন্তু নিয়মীয়াকৈয়ে দি আছে! চল্লিশ বছৰীয়া কল্যাণকামী শাসনতন্ত্ৰত হিতেশ্বৰ বাউৰীহঁতৰ দৰে সুসংগঠিত খণ্ডৰ মজদুৰসকলৰ ভৱিষ্যৎ এইদৰেই এমুঠিমান লোকৰ ইচ্ছাৰ ওপৰতে সদায় নিৰ্ভৰ কৰি আহিছে, চৰকাৰ আৰু ৰাইজ সকলো তাত নীৰৱ দৰ্শকহে মাত্ৰ।

মাণিক তাঁতী চিনামৰা চাহ বাগিচাৰ “কুলী লাইন”ৰ একমাত্ৰ গ্ৰেজুৱেট। ১৯৮৪ চনতে বি.কম. পাছ কৰা মাণিকে যোৱা চাৰি বছৰে প্ৰায় বিশটামান চাকৰিৰ ইণ্টাৰভিউ দিলে, দুখনকৈ চৰকাৰৰ মন্ত্ৰী, এম এল এ-ক কেইবাবাৰো লগ ধৰিলে, তথাপিতো আজিলৈকে তেওঁৰ চাকৰি এটাৰ যোগাৰ নহ’ল। বাহিৰত চাকৰি পোৱাটোতো বাদেই, নিজৰ বাগিচাতেই কেইবাবাৰো চাকৰি ওলাইছিল যদিও, প্ৰয়োজনীয় অৰ্হতা থকা সত্ত্বেও তেওঁ সেই চাকৰি নাপালে। স্থানীয় ৰাইজে আমাক জনোৱামতে, তেওঁলোকৰ বাগিচাৰ কাৰ্যালয়ত কাম কৰা মুঠ ত্ৰিশজন কৰ্মচাৰীৰ ভিতৰত মাত্ৰ দুজনহে হেনো চাহ শ্ৰমিক সম্প্ৰদায়ৰ। মাণিকৰ এই দুৰ্দশা দেখি লাইনৰ বনুৱাসকলে এতিয়া ল’ৰা-ছোৱালীক স্কুললৈ পঠিয়াবলৈ নিবিচৰা হৈছে -পঢ়া-শুনা কৰি সিহঁতৰ অৱস্থা মাণিকৰ লেখীয়াহে হ’ব! তাতকৈ বাগিচাৰ কামত মাক-দেউতাকৰ লগত লাগি দিলে পৰিয়ালৰ উপাৰ্জন অলপ বৃদ্ধি পাব, কপালত থাকিলে কেতিয়াবা বাগিচাত সুমুৱাই দিবও পৰা যাব। মাণিক তাঁতীৰ এই দুৰ্দশা যে কোনো বিক্ষিপ্ত ব্যতিক্ৰমহে, সেয়াও কিন্তু নহয়। পৰিতাপৰ বিষয় এয়ে যে, চাৰি বছৰ ধৰি নিবনুৱা হৈ ভৱিষ্যতৰ সৰলীকৃত উদাহৰণহে। যোৱাবাৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ সময়ত যোৰহাট সমষ্টিত মাত্ৰ এজনহে চাহ-বনুৱা সম্প্ৰদায়ৰ ল’ৰা বাছনিত উঠিছিল। বাছনিত উঠা অইন সকলোৰে চাকৰি ইতিমধ্যে হৈ গ’ল, মাত্ৰ খালী পদৰ অভাৱত (ৰাজনৈতিক সংযোগৰ অভাৱত?) এই ল’ৰাজনেহে এতিয়াও চাকৰি পাবলৈ বাকী। ক’ৰবাত এজন বা দুজন কাৰিকৰী শিক্ষাপ্ৰাপ্ত ডেকাল’ৰা ওলাইছে; এমএলএৰ পৰা মুখ্যমন্ত্ৰীলৈকে সকলোকে বাৰম্বাৰ লগ ধৰিও তেওঁলোকৰ সকলোৱে চাকৰি যোগাৰ কৰিব পৰা নাই। চাহ-বনুৱা সম্প্ৰদায়ৰ উচ্চ শিক্ষিত ডেকা ল’ৰা মানেই যেন কেৱল শ্ৰম বিভাগ আৰু চাহ বনুৱা ভৱিষ্যৎ নিধি বিভাগৰ বাহিৰে অইনত চাকৰি পাবই নোৱাৰে, এনেকুৱা ধৰণৰ অলিখিত নিয়মেই সম্প্ৰতি আমাৰ মাজত প্ৰতিষ্ঠা লাভ কৰিছে। ৰাজ্যখনৰ নিবনুৱা সমস্যা প্ৰতিকাৰৰ অৰ্থে ৰাজ্য চৰকাৰে নিতৌ হাতত লোৱা ন ন আত্ম সংস্থাপনৰ আঁচনি আৰু পৰিকল্পনাত চাহ-বাগিচাকেন্দ্ৰিক এক পঞ্চমাংশ জনসাধাৰণক কিন্তু কেতিয়াও অন্তৰ্ভুক্ত কৰা নহয়; অথচ, দুৰ্দশাগ্ৰস্ত এইখন সমাজৰ মানুহখিনিৰ আত্মসংস্থাপনৰ প্ৰয়োজন কিন্তু মূলসুঁতিৰ ৰাইজতকৈ কোনো গুণেই কম নহয়। গড় হিচাপত আঠজনীয়া একোটা পৰিয়ালৰ মাত্ৰ এজনেহে চাকৰি পায়; কিবা কাৰণত তেওঁৰ নাম কটা গ’লেহে পৰিয়ালৰ আন এজনে চাকৰি পোৱাৰ নিয়ম। কেতিয়াবা বাগিচাত কেইদিনমানৰ কাৰণে ’ফাল্টু মজদুৰ’ ল’লে লাইনৰ মানুহখিনিৰ মাজত হেতা-ওপৰা লাগে। বাগিচাৰ চাকৰিৰ আশা এৰি ওলাই আহি বাহিৰত খেতি-বাতি কৰিবলৈকো এওঁলোকৰ কোনো মাটি নাই, চৰকাৰী সহযোগ নাই। আৰু যি কেইজন ডেকাল’ৰাই ইমান দুৰ্দশাৰ মাজতো অশেষ কষ্টৰে পঢ়া-শুনা কৰি ওলাই আহে, তেওঁলোকৰ অৱস্থা চাৰি বছৰে কেৰাণীৰ চাকৰি বিচাৰি ভাগৰি পৰা মাণিক তাঁতী, প্ৰাথমিক শিক্ষকৰ বাছনিত উঠিও চাকৰি নোপোৱা কিৰণ তাঁতী, প্ৰথম বিভাগত উত্তীৰ্ণ হৈও স্থায়ী চাকৰি এটা যোগাৰ কৰিব নোৱাৰা অভিযন্তা মোহন তেলী,–এই দুৰ্ভগীয়াসকলৰ লেখীয়াহে হয়গৈ। চাহ বাগিচাৰ এই মানুহখিনিৰ আত্মসংস্থাপনৰ নিমিত্তে ৰাজ্য চৰকাৰে নিজৰববীয়াকৈতো কোনো ব্যৱস্থা নলয়েই, আনকি বাগিচাৰ মালিক পক্ষই বছৰৰ পাছত বছৰ ধৰি বেআইনীভাৱে পোষণ কৰি অহা শ্ৰমিক সংকোচন নীতিৰ বিৰুদ্ধেও কোনো বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। চিকনী চাহ বাগিচাৰ যুৱনেতা শ্ৰীসঞ্জয় ঠাকুৰে আমাক জনোৱামতে, বাগিচা বনুৱা আইন অনুসাৰে চাহ-বাগিচাৰ প্ৰতি একৰ মাটিৰ বিপৰীতে ডেৰজনকৈ স্থায়ী বনুৱা নিয়োগ কৰাৰ নিয়ম যদিও, শ্ৰমিক সংকোচন নীতিৰ ফলতে বৰ্তমানে তেওঁলোকৰ বাগিচাৰ মুঠ ৮৪১ একৰ মাটিৰ বিপৰীতে মাত্ৰ ৭০০ জনহে স্থায়ী বনুৱা আছেগৈ। অসমৰ চাহ বাগিচাসমূহত আগতে থকা এঘাৰ লাখ স্থায়ী চাহ-মজদুৰৰ ঠাইত বৰ্তমানে স্থায়ী মজদুৰৰ সংখ্যা পাঁচ লাখতকৈও কম। সময়ৰ লগে লগে যে চাহ বাগিচাসমূহত বনুৱাৰ প্ৰয়োজন কমি গৈছে, সেয়াও কিন্তু নহয়; স্থায়ী মজদুৰৰ সংখ্যা কমি যোৱাৰ লগে লগে বাগিচাত নিয়োগ কৰা অস্থায়ী মজদুৰৰ সংখ্যা কিন্তু প্ৰতিবছৰে সমানুপাতিকভাৱে বাঢ়ি যাবলৈ ধৰিছে। অৰ্থাৎ, মালিক পক্ষই কেৱল ব্যক্তিগত লাভালাভৰ দৃষ্টিভংগীৰেই পৰিচালিত হৈ বেআইনীভাৱে অস্থায়ী শ্ৰমিকৰ নিয়োগেৰে জনশক্তিৰ প্ৰয়োজন পুৰাবলৈ লৈছে। চাহ-বাগিচাৰ শ্ৰমিক সম্বন্ধীয় বিভিন্ন আইনৰ কাৰ্যকৰীকৰণৰ ওপৰত দৃষ্টি ৰাখিবৰ নিমিত্তে চৰকাৰৰ পুৰ্ণাংগ পৰিদৰ্শন বিভাগ এটা আছে যদিও, চৰকাৰী সদিচ্ছাৰ অভাৱতে মালিক পক্ষৰ ইচ্ছায়েই সম্প্ৰতি আইনত পৰিণত হৈছে।

চাহ-বাগিচাৰ বনুৱা বুলিলে সাধাৰণতে বিভিন্ন চৰকাৰী আইনৰ দ্বাৰা ’সুৰক্ষিত’ একশ্ৰেণী বনুৱাৰ কথাই পোনছাটে আমাৰ মনলৈ অহাৰ ফলত, চাহ বাগিচাৰ ৰাইজৰ সমস্যা মানেই কিছুমান ঊৰ্ধ্বতলীয় পৰ্যায়ৰ সমস্যা বুলিহে গণ্য কৰাৰ এক সামূহিক প্ৰৱণতাই আমাৰ মাজত সম্প্ৰতি গা কৰি উঠাটো পৰিলক্ষিত হৈছে। কিন্তু এইখিনিতে মন কৰিবলগীয়া কথা এয়ে যে, চাহ-বাগিচাকেন্দ্ৰিক সমাজখনৰ মুঠ জনসংখ্যাৰ মাত্ৰ শতকৰা দহভাগ মানহে এইদৰে বিভিন্ন আইনৰ দ্বাৰা ‘সুৰক্ষিত’ স্থায়ী বনুৱা; বাকী নব্বৈ শতাংশ ৰাইজৰ প্ৰতি মালিক পক্ষৰতো দায়বদ্ধতাৰ কোনো প্ৰশ্নই নুঠে, ৰাজ্য চৰকাৰেও সদায় তেওঁলোকক আৰ্থ-সামাজিক দায়বদ্ধতাবিহীন দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপেহে গণ্য কৰি আহিছে। জীৱিকা নিৰ্বাহৰ বাবে অইন কোনো বিকল্প অৱলম্বন নথকাত, কিবা প্ৰকাৰে ভাগ্যবান দহ শতাংশৰ শাৰীত উঠাটোৱেই বাকী নব্বৈ শতাংশৰ একমাত্ৰ উদ্দেশ্য হৈ পৰে, আৰু কেৱল সেই আশায়েই তেওঁলোকক পুৰুষানুক্ৰমে চাহ-বাগিচাৰ চাৰিসীমাতে আবদ্ধ কৰি ৰাখিছে। আনহাতে, বিভিন্ন চৰকাৰী আইন প্ৰণয়নৰ দ্বাৰা চাহ-বাগিচাৰ স্থায়ী বনুৱাসকলৰ নিমিত্তে নানান সা-সুবিধাৰ দিহা কৰা হৈছে যদিও, মালিক পক্ষ আৰু তদাৰকীৰ দায়িত্বত থকাসকলৰ সদিচ্ছাৰ অভাৱত দুখনমান বাগিচাৰ বাহিৰে অধিকাংশ বাগিচাৰে চাহ বনুৱাসকল সেইবোৰ প্ৰাপ্য সুবিধাৰ পৰা সদায়ে বঞ্চিত হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ১৯৫১ চনতে প্ৰণয়ন কৰা ‘বাগিচা বনুৱা আইন’ৰ জৰিয়তে চাহ-বাগিচাৰ স্থায়ী বনুৱাসকলৰ নিমিত্তে বিস্তৃত সা-সুবিধা প্ৰদান কৰা হৈছে যদিও, তাৰ কাৰ্যকৰীকৰণৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ হেমাহিৰ ফলতে গোটেই আইনখনেই সম্প্ৰতি এক ভেঁকোভাওনাতহে পৰিণত হৈছেগৈ। আইনত উল্লেখ থকা বিধি-বিধানবিলাক মালিক পক্ষই উলংঘা কৰাৰ কথা কোনোবা বনুৱাই সাহ কৰি আঙুলিয়াই দিলে তদাৰকীৰ দায়িত্বত থকাসকলৰ সহযোগীতাৰ অভাৱত তেওঁহে মালিক পক্ষৰ কোপদৃষ্টিত পৰিবলগীয়া হয়; আৰু সেইকাৰণেই এইবোৰ বিষয়ত মুৰ সুমুৱাই কোনেও অযথা বিপদ চপাই নলয়। তথাপিতো, কেতিয়াবা কোনোবাই মৰসাহ কৰি অভিযোগ তৰিলেও, শ্ৰম আদালততে একো-একোটা গোচৰ দীৰ্ঘদিনৰ বাবে নিষ্পত্তি নোহোৱাকৈ পৰি থাকে; ফলত মালিক পক্ষৰ কোপদৃষ্টিত অভিযোগকাৰীয়ে তাৰ আগতেই বাগিচাৰ পৰা বিদায় মাগিবলগীয়া হয়গৈ। তেনেদৰে, বাগিচা বনুৱা আইনৰ যিকোনো ধাৰা, বা সেই ধাৰাৰ অধীনত প্ৰণয়ন কৰা কোনো বিধি উলংঘা কৰাৰ নিমিত্তে মালিক পক্ষক পাঁচশ টকা পৰ্যন্ত জৰিমনাৰে দণ্ড বিহাৰ নিয়ম আছে; কিন্তু সেই জৰিমনাৰ পৰিমাণ আজি সাতত্ৰিশ বছৰেও একে থকাত অনেক সময়ত মালিক পক্ষই বিনা দ্বিধাই আইনৰ বিধি উলংঘা কৰিবলৈকো অকণো কুণ্ঠাবোধ নকৰাৰ প্ৰৱণতাও পৰিলক্ষিত হয়। অন্যায়ৰ বিৰুদ্ধে অভিযোগ তুলি জনমত সৃষ্টি কৰিব পৰা স্থানীয় পৰ্যায়ৰ মজদুৰ নেতাসকলো সাধাৰণতে মালিক পক্ষৰ প্ৰলোভনতে আচ্ছন্ন হৈ থকাৰ ফলত, সেই ধৰণৰ ‘সুৰুঙা’ বিলাকো আজিকালি আপোনা-আপুনি বন্ধ হৈ গৈছে। মজদুৰ লাইনসমূহ বসবাসৰ উপযোগী হোৱাকৈ ন্যূনতম যিবিলাক স্বাস্থ্যবিহিত ব্যৱস্থাৰ কথা বাগিচা বনুৱা আইনত উল্লেখ কৰা হৈছে, দুটামান কোম্পানিৰ বাহিৰে অইন বাগিচাসমূহত আজি পৰ্যন্ত সেই সাধাৰণ সুবিধাখিনিও দিয়া হোৱা নাই। শতকৰা নব্বৈভাগ চাহ-বাগিচাৰে মজদুৰ লাইন আৰু কাম কৰা ঠাইত কোনো পায়খানা আদিৰ ব্যৱস্থা নথকাত জীয়ৰী-বোৱাৰীকে ধৰি সকলোৱে আজিৰ দিনতো বাৰীয়ে-বাগিচাই মল-মূত্ৰ ত্যাগ কৰিবলগীয়া হৈ আছে; ফলত এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে। লাইনলৈ যোৱা বাট-পথৰ কোনো মেৰামতিৰ ব্যৱস্থা নাই, এজাক সৰু বৰষুণ আহিলেই বাট-পথ বোকাময় হৈ পৰে, জাবৰ-জোথৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। আইনমতে বাগিচাৰ প্ৰতি চাৰিঘৰ মজদুৰৰ মাজত একোটাকৈ পানীকল বহুৱাৰ নিয়ম যদিও কোনো বাগিচাতে সেইধৰণে পানী যোগানৰ ব্যৱস্থা কৰা হোৱা নাই। চিনামৰা চেণ্ট্ৰেলৰ বৰ-চৰ্দাৰ লাইনত ৪০ ঘৰ মানুহৰ মাজত মাত্ৰ এটা পানীকল; বামুণপুখুৰী চাহ-বাগিচাত ৫২ ঘৰ মানুহৰ মাজত এটা পানীকল; তাকো খৰালি কলত পানী নাথাকে। এনেকুৱা বাগিচাও পাইছোঁ, য’ত তিনিটা লাইনৰ মাজত পানী যোগানৰ নিমিত্তে মাত্ৰ এটা জৰাজীৰ্ণ নাদ; নাদটো আজি কেইবাবছৰো পৰিস্কাৰ নকৰাৰ ফলত তাৰ ঘোলা পানী খোৱাতো দুৰৈৰ কথা, অইন কামত ব্যৱহাৰৰো অনুপযুক্ত হৈছে। অথচ লাইনৰ মানুহে সেই পানীকে খাবলৈ বাধ্য হৈছে। তেনেদৰে, বাগিচা বনুৱা আইনৰ ৫৮ নং দফা অনুযায়ী কোম্পানিয়ে বছৰি শতকৰা অন্ততঃ আঠোটাকৈ পৰিয়ালৰ নিমিত্তে পকীঘৰ সাজি দিয়াৰ যি নিয়ম, সেই অনুসাৰে যোৱা ত্ৰিশ বছৰে সকলো চাহ বাগিচাৰে মজদুৰ লাইনৰ আটাইবোৰ ঘৰেই পকী হৈ উঠিব লাগিছিলে যদিও, অনেক বাগিচাতে আজিলৈকে মজদুৰৰ বাবে এটা পকীঘৰো সজা হোৱা নাই। মজদুৰ লাইনৰ ঘৰবোৰ বছৰত এবাৰকৈ মেৰামতি কৰি চূণ-তেল দিয়াৰ নিয়ম যদিও, চাল উৰুখা জৰাজীৰ্ণ ঘৰবোৰ দেখিলেই বাগিচাৰ আইন আৰু তাৰ ৰূপায়ণৰ মাজত সদায়ে বৰ্তি অহা পাৰ্থক্য ভালদৰে উপলব্ধি কৰিব পৰা যায়। অবিভক্ত শিৱসাগৰ জিলা আৰু কাছাৰৰ বাহিৰে ৰাজ্যখনৰ অইনবোৰ জিলাৰ চাহ মজদুৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ শিক্ষা-দীক্ষাৰ সম্পুৰ্ণ দায়িত্ব মালিক পক্ষৰ ওপৰতে আছে; ৰাজ্য চৰকাৰৰ সেই ক্ষেত্ৰত কৰিবলগীয়া বা মাতিবলগীয়া একো নাই। নিয়মমতে বাগিচাৰ বিদ্যালয়সমূহত প্ৰতি চল্লিশজন ছাত্ৰ-ছাত্ৰীৰ নিমিত্তে একোজনকৈ শিক্ষক থাকিব লাগে যদিও, ৰাজ্য চৰকাৰৰ কোনো এক্তিয়াৰ নথকা এই বিদ্যালয়বিলাকত কেতিয়াবা আনকি ডেৰশ-দুশ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতেও মাত্ৰ এজনহে শিক্ষক নিযুক্তি দিয়া হয়। কিছুমান বাগিচাত আকৌ স্কুলৰ শিক্ষকজনেই বাগিচাৰো কাম কৰিব লাগে। মই ভ্ৰমণ কৰা চাহ-বাগিচা এখনত বিদ্যালয়খনৰ শিক্ষকজনে নিতৌ স্কুল চলোৱাৰ উপৰিও অফিচতো কাম কৰিবলগীয়া হোৱা বাবে তাত বিদ্যালয় বহাৰ সময় পুৱা সাত বজাৰ পৰা দহ বজালৈকে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ’ব পৰা অৰ্হতাৰ অনেক শিক্ষিত ল’ৰা মজদুৰ লাইনতে থকা সত্ত্বেও বাগিচাৰ অধিকাংশ বিদ্যালয়তে ’বাহিৰৰ’ শিক্ষকহে নিয়োগ কৰাৰ ফলত, লাইনৰ প্ৰচলিত ভাষাত অভ্যস্ত কণ কণ ল’ৰা-ছোৱালীবিলাকে অনেক সময়ত শিক্ষকৰ ভাষাই বুজি নাপাই আধাতে পঢ়া এৰিবলগীয়া হয়। কেৱল আইনৰ দ্বাৰাই বাধ্য হৈ বিদ্যালয় খোলা মালিক পক্ষই স্বাভাৱিকতে এই সাধাৰণ কথাবোৰ লৈ মূৰ ঘমোৱাৰ প্ৰয়োজনবোধ নকৰে। পঞ্চাশগৰাকী বা ততোধিক মহিলা বনুৱা থকা বাগিচাত ছবছৰৰ তলৰ ল’ৰা-ছোৱালীৰ দিনটোৰ তত্ত্বাৱধানৰ বাবে মুখ্য বাগিচা পৰিদৰ্শকৰ দ্বাৰা অনুমোদিত বিভিন্ন সা-সুবিধাৰে স্বাস্থ্যসন্মত  ওমলাঘৰ থকাটো বাধ্যতামূলক যদিও, উপযুক্ত তদাৰকীৰ অভাৱত কোনো বাগিচাতে আজিলৈকে এনেকুৱা ‘বিলাসিতা’ৰ প্ৰয়োজন অনুভৱ কৰা হোৱা নাই; মাত্ৰ আঙুলিৰ মুৰত লেখিব পৰা দুখনমান বাগিচাতহে সম্প্ৰতি প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। প্ৰচলিত আইন অনুসাৰে মালিক পক্ষই বাগিচাৰ স্থায়ী বনুৱাসকলৰ নিমিত্তে পৰিপূৰক দৰত যোগান ধৰা চাউল, আটা আদি সামগ্ৰী অতি নিম্নমানবিশিষ্ট হোৱা স্বত্ত্বেও, স্বাভাৱিক কাৰণতেই স্থানীয় ইউনিয়নৰ নেতাসকলে তাৰ বিৰুদ্ধে প্ৰায়ে কোনো প্ৰতিবাদ নকৰে। (চিনামৰা বাগিচাৰ মজদুৰ লাইনত সোমে্বৰ পাটৰৰ ঘৰত আমি এইদৰে ৰেহাই দৰত যোগান ধৰা আটাৰে বনোৱা ৰুটীত একামোৰ মাৰিয়েই গোন্ধ আৰু বালিৰ প্ৰকোপত থৈ দিবলগীয়া হ’ল। আমাৰ সৈতে যোৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে তেনেকুৱা খোৱাৰ অনুপযোগী আটা আৰু চাউলৰ নমুনা কিছুমান দিছপুৰত দেখুৱাবলৈ লৈ আহিছে। দুৰ্নীতিৰ প্ৰমাণ বিচৰা চৰকাৰে এই বিষয়ত কিবা ব্যৱস্থা ল’ব বুলি আশা থাকিল।)

চাহ বাগিচাৰ বনুৱাসকলৰ আইনগত সা-সুবিধাবোৰৰ ৰূপায়ণৰ ওপৰত চকু ৰাখিবলৈ ১৯৫৬ চনৰ অসম বাগিচা শ্ৰম বিধি অনুসাৰে মুখ্য বাগিচা পৰিদৰ্শকৰ অধীনত বিস্তৃত ক্ষমতাৰে সুকীয়া তদাৰকীৰ দিহা কৰা হোৱা সত্ত্বেও, যথোপযুক্ত প্ৰতিনিধিত্বৰ অভাৱত মজদুৰসকলৰ ন্যূনতম মৌলিক প্ৰয়োজনসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰাতো নহয়েই, কেতিয়াবা পৰিদৰ্শক গ’লেও তেওঁ বনুৱাৰ নিমিত্তে থাকিবলগীয়া সা-সুবিধাবিলাক নিজে পৰীক্ষা কৰাৰ পৰিবৰ্তে মালিক পক্ষ আৰু স্থানীয় মজদুৰ নেতাসকলৰ ভাষ্য লৈয়েই উভতি আহে। ফলত, এই দুয়োটা পক্ষৰ মাজত সামান্য বুজাবুজিয়েই ভাল ৰিপ’ৰ্টৰ নিমিত্তে যথেষ্ট হৈ পৰে। সত্তৰৰ দশকৰ পৰাই চাহ উদ্যোগত নিয়মীয়াকৈ বৰ্তি অহা সমান্তৰাল সমৃদ্ধিৰ পৰা ৰাজ্য চৰকাৰে নিজেতো অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব নোৱাৰিলেই, বৰঞ্চ, সেই সাফল্যৰ অংশীদাৰস্বৰূপ চাহ-বনুৱাসকলৰ ন্যূনতম প্ৰয়োজনখিনি পূৰোৱাৰ নিমিত্তেও মালিক পক্ষক আজিলৈকে বাধ্য কৰাব নোৱাৰিলে। অসম গণ পৰিষদৰ নেতাসকলে এতিয়া বাগিচা বনুৱা আইনখনৰ বিস্তৃত সংশোধনৰ দাবী তুলি নতুন দিল্লীত ধৰ্ণ দিয়াৰ সিদ্ধান্ত লৈছে; কিন্তু বনুৱা আইনখনত থকা সীমিত ব্যৱস্থাসমূহৰেই কিমান সদব্যৱহাৰ কৰিছে, সেইটোও কম গুৰুত্বপূৰ্ণ বিষয় নহয়। ক্ষমতাত থকাসকলৰ আজি প্ৰয়োজনীয় সদিচ্ছা থকাহেঁতেন বাগিচাসমূহত চলি অহা ইমানবোৰ অনিয়ম আৰু দুৰ্নীতি চৰকাৰে আইনৰ সহায় নোলোৱাকৈও কেৱল সামান্য ৰাজনৈতিক হেঁচা প্ৰয়োগৰেই বন্ধ কৰিব পাৰিলেহেঁতেন। সংখ্যাৰ ৰাজনীতিত সদায় সিদ্ধান্তকাৰী ভূমিকা গ্ৰহণ কৰি অহা চাহ-বাগিচাবাসী ৰাইজৰ প্ৰতি সেই ৰাজনীতিৰেই ক্ষমতালৈ অহাসকলেই আকৌ সদায় অৱহেলাসূচক মনোবৃত্তি গ্ৰহণ কৰা কথাটোক ঔপনিবেশিক শোষণৰ পৰম্পৰাৰ আধাৰতহে কেৱল প্ৰতিষ্ঠা কৰিব পৰা যায়।

অসমৰ হাবিত চাহ গছ আৱিস্কৃত হোৱাৰ পাছত ইংৰাজসকলে প্ৰথমতে ব্যৱসায়িক ভিত্তিত চাহখেতি কৰিবলৈ চীনদেশৰ পৰা পাকৈত বনুৱা কিছুমান আমদানি কৰি আনি তেওঁলোকৰ হতুৱাই স্থানীয়ভাৱে সংগ্ৰহ কৰা বনুৱাসকলক প্ৰশিক্ষণ দিয়াই লৈ প্ৰয়োজনীয় বনুৱা শ্ৰেণী এটা গঢ়ি তোলাৰ আঁচনি লৈছিল। কিন্তু, সংখ্যাত তাকৰ এই স্বাধীনচিতীয়া স্থানীয় বনুৱাসকলৰ নিমিত্তে মূলসুঁতিলৈ উভতি গৈ সংস্থাপিত হোৱাৰ বিকল্প এটা সদায় মুকলি থকাত তোঁলোকক ইচ্ছানুযায়ী দমন কৰি কামত লগোৱাত ইংৰাজসকল ব্যৰ্থ হৈছিল; আৰু চাহ বাগিচাত বনুৱাৰ অশান্তি প্ৰায় নিয়মীয়া হৈ পৰিছিল। ১৮৪৮ চনতে নাজিৰাত অসম কোম্পানিৰ বনুৱাসকলে তিনি মাহলৈকে দৰমহা নোপোৱাৰ প্ৰতিবাদত ধৰ্মঘট কৰি কোম্পানিৰ অধীক্ষকজনক ঘেৰাও কৰি ৰাখিছিল। ভাৰতবৰ্ষত এইটোৱেই সংগঠিতভাৱে হোৱা প্ৰথম বনুৱা ধৰ্মঘট আছিল। সেই সময়ত স্থানীয় মানুহখিনিৰ ভিতৰত কছাৰীসকলকে শাসনত ৰাখিব পৰা যেন পাই কোম্পানিয়ে দৰং জিলাৰ পৰা যথেষ্টসংখ্যক কছাৰী বনুৱা সংগ্ৰহ কৰিছিল; কিন্তু পাছলৈ তেওঁলোকেও হাজিৰা বৃদ্ধিৰ দাবীত ধৰ্মঘট কৰি কোম্পানিক বিপাঙত পেলাইছিল।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত বনুৱা ঠিকাদাৰ মধু কোচৰ নেতৃত্বত অসম চাহ কোম্পানিৰ প্ৰায় দহ হাজাৰ থলুৱা বনুৱা আৰু কৰ্মচাৰীয়ে বাগিচাত ধৰ্মঘট কৰি অচলাৱস্থাৰ সৃষ্টি কৰিছিল। ইংৰাজসকলে কঠোৰ নীতি অৱলম্বন কৰি সেই ধৰ্মঘট শেষ কৰিবলৈ সক্ষম হৈছিল যদিও, তেতিয়াৰে পৰাই তেওঁলোকে বাগিচাৰ বনুৱাসকলক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিবৰ নিমিত্তে থলুৱা লোকক নিযুক্তি দিয়া নীতি পৰিত্যাগ কৰি বাহিৰৰ পৰা বনুৱা আনি মূল ভূমিৰ পৰা বিচ্ছিন্ন বনুৱা শ্ৰেণী এটা গঠনৰ পৰিকল্পনা হাতত লয়। সেই উদ্দেশ্যেৰেই কোম্পানিবিলাকে শ্ৰমিক সংগ্ৰহৰ সুবিধা থকা জিলাবোৰত নিজৰ খৰচত একোজনকৈ এজেণ্ট নিযুক্তি দি তেওঁৰ তত্ত্বাৱধানত ঠিকাদাৰৰ সহায়ত বিভিন্ন প্ৰলোভন আৰু ষড়যন্ত্ৰৰে শ্ৰমিক সংগ্ৰহৰ নিমিত্তে এজেন্সি অফিচো খুলিছিল। পাছলৈ বাগিচাৰ ছৰ্দাৰসকলকো প্ৰতিবছৰে নিজ ঠাইলৈ পঠিয়াই ওচৰ-চুবুৰীয়াক মিছা প্ৰলোভনেৰে ফুচুলাই শ্ৰমিক হিচাপে অনোৱাৰ ব্যৱস্থা কৰা হৈছিল। এইদৰে সংগ্ৰহ কৰা গিৰমিটীয়া বনুৱাসকলক সামন্তযুগীয়া দাসৰ দৰে ব্যৱহাৰ কৰা হৈছিল।# বাগিচালৈ বাহিৰা মানুহৰ আহ-যাহ নিষিদ্ধ থকা হেতুকে বাগিচাত বনুৱাৰ ওপৰত চলা অত্যাচাৰৰ কথা অইনে গমেই নাপাইছিল। কোম্পানিৰ স্বাৰ্থ সিদ্ধিৰ নিমিত্তে চৰকাৰেও বিভিন্ন আইন প্ৰণয়নেৰে এইদৰে শ্ৰমিক সংগ্ৰহৰ প্ৰক্ৰিয়া সুচল কৰি দিছিল। চুক্তি ভংগ কৰি কোনোবা বনুৱা পলাই যোৱা বা কোম্পানিয়ে বিচৰামতে কাম নকৰা কাৰ্যক ফৌজদাৰী অপৰাধৰ শাৰীত ধৰা হৈছিল আৰু মালিকসকলক  তাৰ বাবে বিভিন্ন শাস্তি বিহাৰ কৰ্তৃত্ব দিয়া হৈছিল। ১৮৮২ চনত ‍England Immigrant Act নামৰ আইনখন গৃহীত হোৱাৰ সময়ত আইন সদস্যগৰাকীয়ে এনেকৈ মন্তব্য দিছিলঃ ‍”The labour contract authorised by the Bill, is a transaction by which, to put it rather bluntly, a man is openly committed to Assam before he knows what he is doing and is thereupon held to his promise for four years with a threat of arrest and imprisonment if he failed to perform it. Conditions as like as these have no place in the ordinary laws of master and servant. We made them part of the law of the British India at the instance and for the benefit of the planters of Assam.” তেনেদৰে, অসমত চাহ খেতিৰ প্ৰতি ইংৰাজ পুঁজিপতিসকলক আকৰ্ষিত কৰিবৰ নিমিত্তে চৰকাৰে একে সময়তে ভূমি সম্পৰ্কীয় বিভিন্ন ৰেহাই ব্যৱস্থাৰো দিহা কৰিছিল। চাহ বাগিচা পাতিবলৈ সামান্য খাজনাৰ বিনিময়তে দীৰ্ঘম্যাদী পট্টাত বিস্তৃত সাৰুৱা মাটি আবণ্টন কৰাৰ উপৰিও বাগিচাৰ মালিকক তেওঁলোকৰ অধিকাৰত থকা মাটিত ৰায়ত বহুৱাব পৰা ক্ষমতাও দিয়া হৈছিল। চাহখেতিৰ ভৰ সময়ত অতিৰিক্ত বনুৱা বিচাৰি মালিকসকলে যাতে হাবাথুৰি খাবলগীয়া নহয়, সেই উদ্দেশ্যৰেই এইদৰে বাগিচাৰ বাবে আবণ্টিত মাটিতে বনুৱা বস্তি পতাৰ অনুমতি দিয়া হৈছিল। এনেকৈয়ে অসমত চাহ-বাগিচাকেন্দ্ৰিক বস্তি বনুৱাৰ শ্ৰেণী এটাৰ সৃষ্টি হয়।

মালিক পক্ষৰ অন্যায় আচৰণ আৰু শোষণত অতিষ্ঠ হৈ তাৰ প্ৰতিবাদত চাহ বনুৱাসকলৰ দ্বাৰা সময়ে সময়ে দুই-এটা বিক্ষিপ্ত ঘটনা সংঘটিত হ‍’লেও সেই শোষণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সংঘবদ্ধ হৈ থিয় দিয়াৰ সুযোগ তেওঁলোকে কেতিয়াও পোৱা নাছিল। শ্ৰমিকসকলৰ মাজত সামান্য অসন্তোষে দেখা দিলেই সম্ভাৱ্য বিদ্ৰোহ মষিমূৰ কৰিবৰ নিমিত্তে বাগিচাৰ এছিণ্টেণ্টসকলে চলোৱা অমানৱীয় অত্যাচাৰ, মালিকপক্ষৰ প্ৰতিয়েই সদা সহানুভূতিশীল আইন ৰক্ষকসকলৰো শ্ৰমিক-বিৰোধী মনোবৃত্তি, আৰু বাহিৰৰ সমাজখনৰ পৰাও তেনে কোনো সহায়-সহযোগিতাৰ অভাৱৰ কাৰণে মানুহখিনিয়ে সেই শোষণৰ প্ৰক্ৰিয়াক স্বাভাৱিক বুলি গ্ৰহণ কৰাৰ বাহিৰে অইন কোনো উপায় নাছিল। কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে মাত্ৰ স্বাধীনতা সংগ্ৰামৰ ব্যাপক প্ৰসাৰণে চাহ বাগিচাবোৰতো কিছু প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰজুৰি চলা অসহযোগ আন্দোলনৰ অনুকৰণত অসমৰো কেইবাখনো বাগিচাত বনুৱাসকলে প্ৰাপ্য অধিকাৰৰ দাবীত বিদ্ৰোহাচৰণ কৰিছিল; কিন্তু উপযুক্ত সংগঠনৰ অভাৱত সেই বিদ্ৰোহে বিস্তৃতি লাভ কৰিবলৈ নৌপাওঁতেই চৰকাৰী সহযোগিতাত মালিক পক্ষয়ো সমান তৎপৰতাৰে কঠোৰ দমননীতি অৱলম্বন কৰি তাক মষিমূৰ কৰি পেলায়। চাহ বাগিচাৰ বনুৱাসকলৰ স্থানীয় ৰাইজৰ সৈতে কোনো সামাজিক যোগাযোগ নথকাৰ সুযোগতে ইংৰাজসকলে কোনো অশুভ প্ৰতিক্ৰিয়াৰ কথা চিন্তা কৰিবলগীয়া নোহোৱাকৈ অমানৱীয় অত্যাচাৰেৰে বিদ্ৰোহী বনুৱাসকলক দমন কৰাৰ যি সুবিধা পাইছিল, তাৰ পূৰ্ণমাত্ৰা প্ৰয়োগেৰেই তেওঁলোকে ইমান বৃহৎ এক জনশক্তিক অনায়াসে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰিছিল। ত্ৰিশৰ দশকৰ পৰা অসমৰ চাহ বাগিচাসমূহত বাওঁপন্থী নেতাৰ প্ৰৱেশ আৰম্ভ হয় আৰু তেওঁলোকৰ নেতৃত্বতে বিভিন্ন বাগিচাত স্থাপন হোৱা বনুৱা সংঘবিলাকে চাহ শ্ৰমিকৰ সমস্যাৰাজিৰ ভিত্তিত সংঘবদ্ধভাৱে ধৰ্মঘটৰ পাতনি মেলে। এনেকুৱা সংঘবিলাকৰ আধাৰতে অসমৰ চাহ বাগিচাৰ এই সুবৃহৎ জনসংখ্যাৰ ওপৰত কমিউনিষ্ট প্ৰভাৱ সুস্পষ্ট হৈ পৰাৰ উপক্ৰম যেন দেখি স্থানীয় কংগ্ৰেছী নেতাসকলে সচকিত হৈ বিকল্প উপায় বিচাৰিবলৈ আৰম্ভ কৰে। সেই সময়ত সৰ্বভাৰতীয় পৰ্যায়তো গা কৰি উঠা একে সমস্যাৰে পৰিপ্ৰেক্ষিতত অকমিউনিষ্ট বনুৱা নেতাসকলে একত্ৰিত হোৱাৰ প্ৰয়োজন বোধ কৰি ১৯৪৭ চনৰ মে’ মাহত ৰাষ্ট্ৰীয়-মজদুৰ কংগ্ৰেছ (INTUC) জন্ম দিয়ে আৰু কংগ্ৰেছৰ অসম শাখাৰ নেতৃবৰ্গই পূৰ্ণোদ্যমে চাহ বাগিচাত সংগঠন আৰম্ভ কৰে। দেশ স্বাধীন হোৱাৰ পাছত বিভিন্ন দিশত শাসক দলৰ পৃষ্ঠপোষকতা পাই মজদুৰ কংগ্ৰেছে বাওঁপন্থী বনুৱা সংগঠনবিলাকতকৈ অধিক প্ৰতিপত্তি লাভ কৰিবলৈ আৰম্ভ কৰে। মজদুৰ কংগ্ৰেছৰ নেতাসকলে প্ৰথমতে অসমৰ চাহ মজদুৰসকলক জিলা পৰ্যায়ত সংগঠিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু সেই অনুযায়ী বিভিন্ন জিলাত চাহ মজদুৰ সংঘ স্থাপন কৰা হয়। ১৯৫৮ চনত বৰডুবিত বিভিন্ন জিলা পৰ্যায়ৰ চাহ মজদুৰ সংঘ মিলিত হৈ ‘অসম চাহ মজদুৰ সংঘ’ৰ জন্ম দিয়ে। ইতিমধ্যে বাওঁপন্থী সংগঠনবিলাকৰো প্ৰভাৱ লাহে লাহে কমি অহাত যোৱা কেইবছৰত চাহ মজদুৰ সংঘ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহত এনেকৈ সোমাই পৰিল যে সম্প্ৰতি এই সংঘয়েই কাৰ্যতঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ একমাত্ৰ চাহ শ্ৰমিক ইউনিয়ন হিচাপে স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদত এই সংঘ আৰু মালিক পক্ষৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি অনুযায়ী বনুৱাৰ হাজিৰাৰ পৰাই শ্ৰম সংঘৰ চান্দা কাটি লোৱাৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পাছত অইন কোনোবা নতুন সংগঠন আৰম্ভ কৰাৰ সম

One thought on “চাহ-বাগিচাৰ ‘অসমীয়া’ – স্বৰাজোত্তৰ চেতনাৰ ঔপনিবেশিক পৰম্পৰাৰ চানেকি

  • September 9, 2015 at 4:31 pm
    Permalink

    একালত মন্বা্ বাগিছাতে ডাঙৰ হৈ চাকৰি কিোকৰিলো টাওকাক চাহ বাগিছাত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!