তেজীমলাৰ মাকৰ সাধু-( মিতালী বৰ্মন)

মৃদুল শৰ্মাৰ উপন্যাস “তেজীমলাৰ মাকৰ সাধু”
– মিতালী বৰ্মন

তেজীমলাৰ মাকৰ সাধু
ঔপন্যাসিক: মৃদুল শর্মা
প্রকাশক: আঁক-বাক
প্রথম প্রকাশ: ডিচেম্বৰ, ২০১১
মূল্য: দুশ ত্রিশ টকা

লোককথাৰ “তেজীমলা” সাধুটো আমি সকলোৱে জানো। তেজীমলাক মাহী মাকে যি অবর্ণনীয় অত্যচাৰ কৰি হত্যা কৰিছিল সেই কথা হৃদয়ংগম কৰিলে পাঠক সমাজৰ তেজীমলাৰ দুখত চকুলো ওলায়। তেজীমলা হয় আমাৰ সহানুভূতিৰ পাত্রী, কিন্তু তাৰ বিপৰীতে তেজীমলাৰ মাহী মাক হৈ পৰে পাঠকৰ ঘৃণাৰ পাত্রী। তেজীমলাৰ মাহী মাক যেন আমাৰ সমাজৰ মাহী মাক এগৰাকীৰে প্রতিনিধি— প্রচলিত সমাজ ব্যৱস্থাই যেন তাকেই সোঁৱৰাই দিয়ে বাৰে বাৰে! কিন্তু নাৰী হৈয়ো আন এগৰাকী নাৰীৰ প্রতি ইমান কঠোৰ কিয় হ’বলগীয়া হ’ল তেজীমলাৰ মাহী মাক— এয়া কেতিয়াবা বিচাৰ কৰা হৈছে নে? মাত্র মাহী মাকৰ নির্যাতনৰ কথাবোৰৰ বাবে তেওঁক সজাই তোলা হৈছে সমাজৰ এটি নেতিবাচক চৰিত্রৰূপে। এই সকলো দিশৰে বিশ্লেষণ কৰিবলৈ প্রয়াস কৰা দেখা গৈছে মৃদুল শর্মাৰ “তেজীমলাৰ মাকৰ সাধু”ত। মূল “তেজীমলা”ৰ সাধুটোক জুমুঠি হিচাপে লৈ ঔপন্যাসিকে আগবঢ়াই নিছে “তেজীমলাৰ মাকৰ সাধু”ৰ কাহিনীভাগ।

ভোগেশ্বৰ, সাদৰী, বতাহী, শাওনী, সুমিত্রা, মনবৰ, বগীৰাম, মঙলা, অহল্যা, তৰবৰী আদি নানা চৰিত্রৰ সমাৱেশ ঘটিছে “তেজীমলাৰ মাকৰ সাধু”ত। গ্রাম্য জীৱনৰ নানা অবৈধ সম্পর্কৰ কথা ঔপন্যাসিকে সাধু সাধু লগা কথাৰে কাহিনীভাগৰ মাজলৈ টানি আনিছে। নাৰীৰ প্রতি আসক্ত ভোগেশ্বৰ সদাগৰৰ নিজৰ ধনৰ বলত, গাৰ জোৰত গাঁৱৰ কেইবাগৰাকীও গাভৰু জীয়ৰী-বোৱাৰীৰ লগত আছিল অবৈধ সম্পর্ক আছিল। সাদৰীক বিয়া পাতি অনাৰ পাচত যদিও ভোগেশ্বৰৰ সাদৰীতে মন বান্ধ খাইছিল যদিও সাদৰীৰ গর্ভৱতী অৱস্থাত ভোগেশ্বৰে বতাহীৰ লগত নৈশ যাপন কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাছিল। এসময়ত তেজীমলাক জন্ম দি সাদৰী “কাল হ’ল”। সাদৰীৰ মৃত্যুৰ পাচত বতাহী আৰু শাওনীৰ লগত ভোগেশ্বৰৰ অবৈধ সম্পর্ক তুংগত উঠিল। তাকে দেখি ভোগেশ্বৰৰ সখীয়েক মনবৰে সখীয়েকক পুনৰ বিয়া পাতিবলৈ খাতনি ধৰে। বহু বুজনিৰ পাচত সুমিত্রাৰ স’তে ভোগেশ্বৰ বিয়াত বহিবলৈ ৰাজী হয়। ভোগেশ্বৰৰ বিয়াৰ সংবাদটো শাওনী আৰু বতাহীয়ে সহজভাবে ল’ব নোৱাৰিলে। সমাজক দেখুৱাই বিয়া পাতিলেও কিন্তু ভোগেশ্বৰে সিহঁত দুজনীৰ সংগ এৰিব নোৱাৰিলে। আনকি, ফুলশয্যাৰ নিশাও শোৱাপাটীত নব-পৰিণীতাক এৰি সিহঁতৰ কাষ পালেগৈ ভোগেশ্বৰ।

এবছৰ দুবছৰকৈ বাৰ বছৰ পাৰ হ’ল। বিয়া হৈ ভোগেশ্বৰৰ ঘৰত সোমোৱাৰ দিনাৰে পৰা সুমিত্রাই তেজীমলাৰ লগতে দিনবোৰ পাৰ কৰিলে। সুমিত্রা হৈ পৰিল আদৰৰ জী ‘মলা’ৰ আদৰৰ ‘আই’, ইজনীক এৰি আনজনী এক্ষন্তেকো থাকিব নোৱাৰে। কিন্তু গিৰিয়েকৰ প্রাপ্য মৰমৰ পৰা বঞ্চিতা সুমিত্রাৰ মনোজগতত কিছুমান কথাই অহৰহ ক্রিয়া কৰি থাকিবলৈ লয়। আনকি, তেজীমলাক কোনোৱে “সাদৰীৰ জীয়েক” বুলি কোৱাটোও তাই সহ্য নকৰে। সুমিত্রাৰ মতে, তেজীমলাক কেঁচুৱা কালৰে পৰা সুমিত্রাই ডাঙৰ-দীঘল কৰিছে, সেয়ে তেজীমলা সুমিত্রাৰহে জীয়েক। সুমিত্রাক নিজৰ মানুহজনৰ মৰমৰ পৰা বঞ্চিত কৰি শাওনীয়ে তাইক সুধিছিল “কি অ’ ন-ছোৱালী, নতুন খবৰ-খাতি নিদিয় হ’বলা?” শাওনী-বতাহীয়ে যেন সুমিত্রা আৰু তেজীমলাৰ কুৎসা ৰতনা কৰি সমাজত দুয়োকে মুখ উলিয়াব নোৱাৰা কৰিব এনে ভাবনাই ক’ব নোৱাৰাকৈয়ে সুমিত্রাৰ মন-মগজুত থিতাপি ল’লে। সেইবাবে এই সমাজখনৰ কুপ্রভাবৰ পৰা ৰক্ষা কৰিবলৈ আদৰৰ জী তেজীমলাক সখীয়েকৰ বিয়াৰ আচিলা কৰি মোমোয়েকহঁতৰ ঘৰলৈ পঠিয়াই দিয়ে। কিন্তু তাৰ পাচতো সপোনত আহি যেন বতাহী আৰু শাওনীয়ে সুমিত্রাক তেজীমলাৰ বিপক্ষে উচতাই থাকিল। অবচেতন মনত সুমিত্রাৰ স্বগতোক্তি:

“তয়ে মোৰ চকুৰ মাণিক, গলৰ সাতসৰী। পিছে তোৰ আয়েৰে এইখন কি নিকাৰ ভুঞ্জিবলগীয়াত পৰিছে তইতো নাজান! তোক নেদেখোঁতেই বুকুত যিমান মৰম-চেনেহ আছে সিমানেৰে তোক আৱৰি ৰাখিম বুলি মন বান্ধিছিলোঁ। ভাবিছিলোঁ মানুহে দিয়া মাহী আইৰ বদনামটো অন্ততঃ সলনি কৰিম তোৰ বেলিকা। পিছে এইখন কি বাঘ-ঘোঙৰ যুঁজ লাগিছে তই যদি গম পালিহেঁতেন! তই নথকা হ’লে জানো মানুহটোক মই মোক এৰি থৈ যাবলৈ দিলোঁহঁতেন, সেই নিশা? খোবাখুবিৰ নিশা? তই নথকা হ’লে জানো তোৰ পিতায়েৰে মোক এইখন নৰকলৈ আনিলেহঁতেন? তয়েই সাৰ। তোৰ কাৰণেই মোৰ এই ভাৰস্তলৈ আহি ভাৰ ব’বলগীয়া অৱস্থা। তোৰ কাৰণেই মোক মানুহে সন্দেহ কৰিবলৈ পাইছে। তোৰ কাৰণেই—তোৰ কাৰণেই…”

অৱচেতন মনতে খঙত ক’ব নোৱাৰা হৈ সুমিত্রাই তেজীমলাক নানা শাস্তি দিয়ে। একমাত্র তৰবৰীয়ে বুজি পাইছিল যে এয়া সুমিত্রাৰ এক মানসিক বিকাৰ। “আচল নৰিয়াটো মনৰহে বুইছ? পিছে দেহৰো যোগ আছে তাত।… এতিয়া মানুহজনীক মৰমেৰে ভাললৈ আনিলেহে আনিব পাৰহঁক।… মানুহ যে পগলা হয়, এনেকুৱা কথাটো। আই পাগলী হৈছে বুইছ? দিঠক আৰু সপোন মানুহজনীৰ কাৰণে একেকাঠি হৈ পৰিছে। এনেকুৱাতে মানুহ নথকাটোও দেখে।” এসময়ত সদাগৰ বণিজৰ পৰা উভতি আহিছে। ছটফটাই সুমিত্রাই ভোগেশ্বৰক কৈছে “আপুনি বিশ্বাস কৰক মই তাইক মৰা নাই… মোক ইহঁত দুজনীয়েহে উচতাই দিছিল… মোৰনো কি দোষ? মইনো বাৰু কেলেই তাহাঁতৰ কথা শুনিলোঁ? কেলেই বাৰু মই মোৰ আইজনীক… কোনটো সতেৰে মই মাৰিলোঁ বাৰু?” কাহিনীৰ শেষলৈ সুমিত্রা “কাঠৰ মূঢ়া”লৈ পৰিণত হৈছে । পানীমলৰ লগত তেজীমলাৰ বিয়া হৈছে।

পুৰুষতান্ত্রিক সমাজত অৱহেলাৰ দৃষ্টিৰে চোৱা এগৰাকী নাৰীৰ মনোজগতৰ ৰহস্যখিনি সমাজৰ আগলৈ তুলি ধৰিব বিচৰা হৈছে “তেজীমলাৰ মাকৰ সাধু”ত। যেন “তেজীমলা”ৰ সাধুত তেজীমলাৰ ওপৰত মাহী মাকৰ যি অত্যাচাৰ চলিছিল সেয়া যেন দিঠক নহয়, সপোনহে! মানসিক চাঁপত বিভ্ৰান্ত হোৱা এগৰাকী মানুহৰ মনৰ ভ্ৰমহে! মূল কাহিনী ভাগত যতি নপৰাকৈ কাহিনীয়ে মেলি দিছে নানা শাখা-প্রশাখা, কিন্তু শেষত সেই আটাইবোৰ শাখা-প্রশাখা গতি একমুখী হৈ আগবাঢ়ি গৈছে নাৰীমনৰ গোপন ৰহস্যৰ অনুসন্ধানৰ বাবে। এগৰাকী নাৰীৰ দৃষ্টিভংগীৰে কথাবোৰ বিশ্লেষণ কৰাত ঔপন্যাসিকে সফলতা লাভ কৰিছে। ঔপন্যাসিকৰ বক্তব্য “পুৰুষ আৰু নাৰীৰ মাজত সংঘটিত যৌন সংসর্গই জীৱ-জগতখনৰ ঘাই চালিকাশক্তি। সেইবুলি ইয়াত উভয়ে সমভাগী নহয় বা সমান দায়িত্বৰ অংশীদাৰ নহয়। সংঘটিত হোৱা একোটা ঘটনাৰ দায়িত্ব আটাইখিনি মূৰ পাতি ল’বগৈ লগা হয় নাৰীয়ে। সেইকাৰণেই নাৰীৰ মানসিক বা মনস্তাত্ত্বিক সমস্যাও পুৰুষতকৈ বহুগুণে বেছি।” লোককথাৰ তেজীমলাৰ সাধুটোক উপন্যাসৰ ৰূপ দিওঁতে ঔপন্যাসিকে ব্যৱহাৰ কৰা লোক-জীৱনৰ অন্যতম সম্পদ ফকৰা-যোজনা, প্রবাদ-পটন্তৰ আৰু থলুৱা শব্দসম্ভাৰ আদিয়ে উপন্যাসখনৰ সোণত সুৱগা চৰাইছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments