টেকেলী বৰতাৰ কাহিনী – নিশান্ত বৰদলৈ

টেকেলী বৰতাৰ কাহিনী-১

°°°মিল মালিতা°°°

বৰমায়ে টেকেলী বৰতাক মিললৈ ধান কূটাবলৈ পঠালে৷ ধান কূটাই বৰতা ঘৰ পালেহি৷ চাইকেলত চাউলৰ বস্তাটো নাই! বৰমায়ে মূৰে-কঁপালে হাত দিলে-

: অ’ মোৰ গোসাঁই, চাউলখিনি কি কৰিলে?
টেকেলী বৰতাই তপা মূৰত হাত ফুৰাই গহীন হৈ উত্তৰ দিলে-
: ধেৎ তেৰী, নামঘৰটোৰ কাষতে কিবা এটা পৰাৰ শব্দ শুনিছিলো নহয়, মই উলতিহে নাচালো মৰতী!

●▲●

টেকেলী বৰতাৰ কাহিনী-২

°°গামোচা পুৰাণ°°

টেকেলী বৰতাহঁতৰ পাকঘৰ ভাঙিছে৷ বৰতাৰ শালপতিয়েক ঘৰৰ চালত৷ বৰতাও অতিকৈ ব্যস্ত৷ এনেপৰতেই বৰমাৰ ভনীয়েক আহি ওলালেহি-
: হেৰী শুনিছেনে, তামোল দেখোন এটাও নাই!
বৰমায়ে কথাষাৰ ক’বলৈহে পালে, বৰতা গৈ তামোল গছৰ ওপৰত৷ তামোলৰ থোকাটোত ধৰি টান মাৰি দিওঁতেই বৰতাৰ গামোচাখন তললৈ সুলকি সৰি পৰিল৷ ’অ এতিয়া বাপ্পেকে খা’ বুলি বৰতাৰ চিঞৰ শুনি শালপতিয়েকে ওপৰলৈ মূৰ তুলি চাই দেখিলে- গছজোপাত সাৱটি বৰতাই তেওঁৰ চকুলৈকে পোন্দোৱাকৈ চাই আছে! যেন গামোচাখন শালপতিয়েকেহে খুলি দিলে! ! বৰমায়ে ভিতৰৰ পৰা দৌৰি আহি চোতালতে লুটিখাই পৰিল৷ আলহীয়েও প্ৰাণ লৈ পলায়ন কৰিলে৷
সেইদিন ধৰি বৰতা তামোল গছত উঠা নাই, ভৱিষ্যতেও নুঠে বুলি মোৰ বিশ্বাস৷

●▲●

টেকেলী বৰতাৰ কাহিনী-৩
°°°ৰ’দৰ মানুহ°°°

আমি সকলোৱে ডকাইত বুলি ভবা গাঁৱৰ তুতুদাৰ অসুখ৷ তুুতুদাক বিশ্বনাথৰ কেথলিক্ মিছন হাস্পতাললৈ নিবলৈ গাড়ী এখন ভাড়া কৰি আনিছোঁ৷ ফোঁপাই-জোপাই টেকেলী বৰতা আহি ওলালেহি৷ গামোচাখনৰে বান্ধি অনা খুচুৰা পইচাৰ টোপোলাটো বৰতাই কুকুলী দাদা আৰু মোলৈ আগবঢ়াই দিলে-
: বোপাই, ইয়াত ১৩৫ টকা আছে, ঘৰৰ বাঁহৰ চুঙাটো মনে মনে কাটি আনিছো, তই আকৌ বৰমাক কৈ নিদিবি, ল’ৰাটো ভাল হ’লে হওকচোন!
তুতুদা ভাল হৈ ঘূৰি অহা নাছিল৷ মোৰ দৃঢ় বিশ্বাস- ১৩৫ টকাৰ বাবেই তুতুদাৰ নৰক যাত্ৰাৰ পথ ৰুদ্ধ হৈছিল, ১৩৫ টকাৰ বাবেই কুকুৰ এটাই তুতুদাক স্বৰ্গলৈ বাট দেখুৱাই লৈ গৈছিল!

●▲●

টেকেলী বৰতাৰ কাহিনী-৪
°°°পাৰ চৰাই উৰি গ’ল,
পালে নদী পাৰ°°°

আলহী আহি উপস্থিত৷ দুপৰীয়াৰ আলহী সাক্ষাৎ দামোদৰ৷ বৰমায়ে পাৰ হাল ধৰি বৰতাক ঠিক-ঠাক কৰি দিবলৈ ক’লে৷ বৰতায়ে এটা পাৰ মাৰি আনটো পাৰ মাৰিবলৈ লওঁতেই, মৰা পাৰটো উৰা মাৰিলে৷ সেইটো ধৰিবলৈ হাত দাঙোতেই ইটোও বাপ্পেকে উৰা মাৰিলে৷
বৰমায়ে বহুত সময় বৰতাৰ মাত-কথা নুশুনি বাহিৰলৈ ওলাই আহি দেখে পাৰও নাই, মানুহো নাই! সন্ধিয়া ঘৰ আহি ওলোৱা বৰতাই চাকিৰ পোহৰত আৰু এটা ভয়ংকৰ সত্য আৱিষ্কাৰ কৰিলে- ভৰিত মাথোঁ এপাত ছেন্দেলহে আছে, এপাত নাই! টেকেলী বৰতা গৰজি উঠিল- “পাৰ মাৰিবলৈ দিছিলি নহয় মৰতী, এতিয়া মোক ছেন্দেল ক’ৰ পৰা আনি দিয় দে! “

●▲●

টেকেলী বৰতাৰ কাহিনী-৫
°°°নদীৰ দৰেই তোৰো যে জীৱন সঁচা°°°

নাটক আৰম্ভ হ’বলৈ পাঁচ মিনিটমান বাকী৷ হঠাতে আঁৰকাপোৰখন দাং খাই গ’ল৷ কণমানি মৰমলগা ছোৱালী এজনীয়ে বিহু নাচি নাচি ওলাই আহিল৷
মই অনুষ্ঠানটোৰ সম্পাদক আছিলো৷ আঁৰ কাপোৰৰ দায়িত্বত থকা গোলাপাৰ ওচৰলৈ দৌৰি গ’লো- ’তোক কোনে কাপোৰ দাঙিবলৈ কৈছিল? ’ মোৰ খং উঠা যেন দেখি গোলাপে টেকেলী বৰতালৈ আঙুলিয়াই ক’লে- ’চব এইজনৰ কাৰণে হ’ল! ’
: বৰতা অ’ আপুনি কিয় এনে কৰিলে? ?
বৰতায়ে মোক মানুহ এগৰাকীলৈ আঙুলিয়াই ক’লে-
: চাচোন তই, কিমান আশাৰে দুখীয়া মানুহ গৰাকীয়ে ছোৱালী দুজনীক নচুৱাম বুলি, লোকৰ ঘৰৰ পৰা বস্তু খুজি আনি সিহঁতক সজাই-পৰাই আনিছে, নাচিবলৈ নিদিলে মানুহ গৰাকীয়ে কম আঘাত পাবনে?
মই পুনৰ ঘোষনা কৰিলোঁ- ’শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, আৰু এটি বিহু নৃত্যৰ পাছতেই…! ’
বৰতাৰ মুখত হাঁহি বিৰিঙিল, ফৰকাল হাঁহি!

●▲●

টেকেলী বৰতাৰ কাহিনী-৬
°°°পাৱে পৰি হৰি°°°

টেকলী বৰতাৰ মাকে ডাঙৰকৈ সেন্দূৰৰ ফোঁট লৈছিল৷ তৰা লিখিব পৰা ঘৰটোত বৰতাৰ মাকে প্ৰাণ খুলি হাঁহিছিল৷ বৰতাই ক’ৰবাত কিবা জগৰ লগালেও মাকে মেখেলাখনৰ এটা মূৰ কঁকালত গুজি লৈ চিঞৰি উঠিছিল- ’ঐ অমুকীৰ ল’ৰাই কেতিয়াও তেনেকুৱা নকৰে৷ ’ চাপৰিত খেৰ কাটিবলৈ ওলালে মাকৰ মুখখন কৰুণ হৈ উঠিছিল৷ এপৰলৈকে ঘূৰি নিশা দেৰিকৈ ঘৰ সোমাই মাকে গম নোপোৱাকৈ বৰতাই ঢাকোনৰ ভাত খাইছিল৷ পুৱা অকণমান দেৰিলৈকে শুলে মাকে পিঠিত বাঘ ঢকা সোধাইছিল৷
দিনৰ এঘাৰমান বাজিছে৷ বৰতাৰ মাকৰ মূৰত জ্বৰ উঠিল৷ ভ্ৰম বকিবলৈ আৰম্ভ কৰিলে৷ কাষতে বহি থকা বৰতাক মাকে ক’লে- ’তুমি কোন, সেয়া কোন, এয়া কোন? ’ বৰতাই ভাবিলে নিজৰ পুতেককে যেতিয়া চিনি পোৱা নাই এইটো মাকৰ গাত ভয়ংকৰ পিশাচ লাগিল৷ মাকক বিছনাতে এৰি বৰতাই মাৰিলে দৌৰ৷ গোটেই গাঁৱৰ মানুহ গোটাইহে বৰতা ঘৰলৈ উভতিল৷ ঘৰ পাই দেখে মাকে তাঁত বৈ আছে৷
হাতত ফলাখৰি লৈ চোতালত মাক, পদূলিমুখত ৰাইজ আৰু মাজত বৰতা৷ বৰতাই আঠুকাঢ়ি গাবলৈ ধৰিলে- ’পাৱে পৰি হৰি, কৰোহো কাতৰি…৷ ’

●▲●

টেকেলী বৰতাৰ কাহিনী-৭
°°°আদালত°°°

টেকেলী বৰতাৰ লগত বৰমাৰ কাজিয়া৷ পাঁচদিন মাতবোল নাই৷ অবুজন দুয়োকে সৈমান কৰিবলৈ গৈ পুতেক ভাগৰি পৰিছে৷ শেষত একো উপাই নেদেখি পুতেকে বৰতাৰ ককায়েক গজেন ককা আৰু জাপান ককাক বিচাৰৰ বাবে আমন্ত্ৰণ জনালে৷
বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ দুয়ো ককায়েক কাঠৰ চকীত বহি দুয়ো পক্ষৰ মতামত বিচাৰিলে৷ বৰমায়ে দীঘলকৈ ওৰণিখন লৈ, কান্দি-কাতি ক’বলৈ ধৰিলে-
: ককাইদেউ অ’, মানহটোহে চুটি-চাপৰ, কথা যি কেইটা কয় একেবাৰে আগমঙহ ভেদি যায়!
টেকেলী বৰতা টোপা কাঁড় অহাদি বৰমাৰ ফালে চোঁচা মাৰি আহিল-
: ডেকা বয়সত চকুত আইনা মাৰি মাৰি বলীয়া কৰিলি? এতিয়া মই লাঠি লৈ ওলালে, তই দা লৈ মোক আগভেটি ধৰিবি মৰতী!
ভায়েক-বোৱাৰীয়েকৰ প্ৰেম কাহিনী শুনি দুই বৰজনাক ভিতৰৰ পৰা ওলাই লৰ মাৰিলে৷ বৰতাই কাঠৰ চকীখনত বহি টপা মূৰত দুটা চাপৰ মাৰি বৰমাক হুংকাৰ দিলে- ’আজি হয় ৰঙামাটি নহয় গুৱাহাটী! ’■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক