থুলুকৰ পুনৰজনম (ৰাজীৱ ৰঞ্জন)

ঘৈণীয়েকে যিমানেই গালি নাপাৰক, পুৱা চাৰে ন বজাৰ আগতে থুলুকে বিচনা নেৰে। বোলে টোপনি চিকুণ পুৱা। কালিও একেই কাহিনী। এফালে ঘৈণীয়েকৰ চিঞৰ বাখৰ আৰু আনফালে থুলুকৰ নাকৰ শব্দ। ন বাজি পঞ্চলিশত যেনে তেনে চকু মেলিলে। পিন্ধি থকা গামোচাখনৰ গাঁঠিটো ভালকৈ মাৰি লৈ চোতালত থিয় দিলে থুলুকে। খালি গাত পুৱাৰ ৰ’দ লৈ ভাল পায় সি। হঠাতে কুকুৰৰ কেং কেং আৰু নগেনৰ চিঞৰ। ভলৌহঁতৰ ঘৰৰ কালু কুকুৰৰ চকু নগেনৰ কুকুৰাৰ ওপৰত, ৰাতিপুৱাই এপাক নামাৰিলে কালুৰ দিনটো আৰম্ভই নহয়। আৰু নগেনৰো পুৱাৰ ভাগত কালুক খেদোৱাটো অভ্যাসত পৰিণত হৈছে। নতুনকৈ হোৱা দহটা পোৱালিৰে সৈতে নগেনৰ মুঠ কুকুৰা প্ৰায় ত্ৰিশটা মানেই হ’ব। কণীও পাৰে যথেষ্ট। চুবুৰীৰ বেছিভাগেই কণী তাৰ পৰাই কিনে। তাৰ পৰা মানে তাৰ ঘৈণীয়েকৰ পৰা। সেইটো ডিপাৰ্টমেণ্ট মানে কুকুৰা বেচা, কণী বেচা আৰু তাৰ পৰা পোৱা টকা ৰখাৰ ডিপাৰ্টমেণ্ট তাইৰ আৰু দানা খুওৱা, গড়াল চাফা কৰা, কণী বোটলা, কালুক খেদোৱা আৰু মুৰ্গী হেৰালে মাজ ৰাতিলৈ বিচৰাৰ ডিপাৰ্টমেণ্টটো নগেনৰ। থুলুকৰ ঘৈণীয়েকেও কণী কিনে, দিনে চাৰিটাকৈ, মাহেকীয়া হিচাপ।

“কি হে, আৰম্ভ হৈছে হে নে শেষ হ’বৰ হ’ল?” থুলুকে হামি এটা মাৰি নগেনৰ ফালে চাই চিঞৰিলে।
“এইবাৰ ধৰি তিনিবাৰ খেদিলোঁ। আৰু নাহে, হৈ গ’ল আজিলৈ”।

হাতৰ চাধা খিনি মলি মলি নগেনে উত্তৰ দিলে।
“ঐ, তামাম মাল এটা পাইছোঁ”।

জেওৰাখনৰ কাষলৈ আহি এইবাৰ অলপ সৰুকৈ নগেনে ক’লে। “এইফালে আহ”।

মুৰ্গীৰ গড়ালকেইটা নগেনৰ ঘৰৰ পৰা অকণমান আঁতৰত। আগতে ওচৰতে আছিল, পাছে এতিয়া মুৰ্গী বাঢ়িল, গতিকে সৰুকৈ একোঠলীয়া ঘৰ এটাই সাজি লৈছে। আৰু সেইটোৱেই হ’ল থুলুক আৰু নগেনৰ বাৰ তথা ক্লাবঘৰ। মদ খোৱা, তাচ খেলা আৰু নতুনকৈ আৰম্ভ কৰা ভাং খোৱাৰ জেগা সেই ৰূমটোৱেই।

“মণিপুৰী মাল। পুৰীয়া ত্ৰিশ টকা, এ-ৱান কোৱালিটী। চাৰি পেকেট লৈ ল’লোঁ কালি সন্ধিয়া এশ টকাত”।

হাতৰ চাধাখিনি চাফ কৰাত লাগিল নগেন। থুলুকেও বুজি পালে তাৰ দায়িত্ব কি। পানামাৰ পেকেটটোৰ পৰা চিগাৰেট এটা লৈ আঙুলিৰে পকাই উলিয়াই পেলালে সি ভিতৰৰ গোটেইখিনি চাধা। নগেনে টিপতে অলপমান তাৰে পৰা লৈ মিলাই দিলে হাতৰখিনিৰ লগত, যিখিনি আছিল সি কৈ থকা ‘মণিপুৰী মাল’।

“আৰু এটা চিগাৰেট বনা, এটা এটা খাম পুৰা”।

‘মণিপুৰী মাল’ জেং বুলি ৰাইজে এনেই নকয়। ভাঙৰ চিগাৰেটটো শেষ হয়গৈ মানে থুলুকৰ পুৰা নিচা লাগি গ’ল। নিচা মানে ভয়ংকৰ নিচা। চিগাৰেটটো শেষ কৰি নগেনৰ গড়াল ঘৰৰ ভিতৰৰ পৰা ওলাই নিজৰ ঘৰৰ চোতাল পায়গৈ মানে প্ৰায় একঘণ্টা মান সময় পাৰ হৈ যোৱা যেন ভাব হ’ল তাৰ। আৰু প্ৰায় ডেৰ কিল’মিটাৰমান যেন সি খোজ কাঢ়িলে। ঘৈণীয়েকৰ মুখখন মনলৈ অহাত তাৰ ভয় লাগিল। এনেয়ে ইমান গালি পাৰি আছিল, এতিয়া ভাং খাই অহা বুলি গম পালে কি হ’ব ভগৱানেহে জানে আৰু। সাতে সোতৰই মিলায় সি মনে মনে গৈ নিজৰ ৰূমত সোমাই শুই থকাৰ কথা চিন্তা কৰিলে। নিচা ফটাৰ পাচত উঠি কৈ দিব গা বেয়া লাগিছিল বুলি। ভবা মতেই কাম। যেনে তেনে গৈ সি বিচনাখন পায়েই শুই পৰিল।

কিমান সময় হৈছিল সি গম নাপায়। হঠাতে সি সাৰ পাই গ’ল। ইমান পোহৰ! ইমান বগা! “মই ক’ত আছোঁ”? অজানিতেই তাৰ মুখৰ পৰা ওলাল।
“বাছা, তই মৰিলি। মই তোক নিবলৈ আহিছোঁ। মই যমৰাজ”।
গলগলীয়া মাতটো অহাৰ ফালে চাই তাৰ বুকু কঁপি গ’ল। তাৰ সন্মুখত স্বয়ং যমৰাজ।
“নাই প্ৰভু, মোক নিনিব। বহুত কাম বাকী আছে। বাপেক হোৱাই নাই মই”।

কান্দি কান্দি কোনোৰকম ক’লে সি।

“সেইটো নহ’ব। তই যিহেতু মৰিলি, গতিকে তই এই দেহ ত্যাগ কৰিবই লাগিব। পাছে তোক মই এটা সুযোগ দিম। তই আকৌ জন্ম হ’বি। কিন্তু মানুহ হৈ নহয়”।
“প্ৰভু, যি হৈয়ে নহওক, মোক ইয়াতে থাকিবলৈ দিয়ক”।
“নিজৰ ঘৰত নহ’ব। লোকৰ ঘৰত হে থাকিব দিব পাৰিম”।
“ঠিক আছে প্ৰভু, মোক নগেনৰ ঘৰত থাকিবলৈ দিয়ক”।
“মুৰ্গী নহয় কুকুৰ, ক, কি হ’বি?”
কুকুৰ……লগে লগে তাৰ কালুলৈ মনত পৰিল। নাই নহ’ব, কুকুৰ হ’লে নগেনে থাকিবলৈ নিদিব।
“প্ৰভু, মুৰ্গী”।
“তথাস্তু!”
লগে লগে এছাটি বতাহ, তাৰ পিন্ধি থকা একমাত্ৰ গামোচাখন উৰি গুচি গ’ল। বিজুলী চমকিল। আৰু সি অনুভৱ কৰিলে তাৰ হাতখনত বগা বগা নোম গজি আহিছে। চাওঁতে চাওঁতেই সি হৈ পৰিল এটা মুৰ্গী আৰু নিজকে আৱিষ্কাৰ কৰিলে নগেনৰ গড়াল ঘৰটোৰ ভিতৰত। পাৰি থোৱা খেৰখিনিৰ ওপৰত বহি ইফালে সিফালে চাওঁতেই দেখিলে দুটা মতা কুকুৰা তাৰ ফালে আগবাঢ়ি আহিছে। সিহঁতৰ দৃষ্টি দেখিয়েই সি গম পালে যে সি মাইকী কুকুৰাত পৰিণত হৈছে।
“কেনেকুৱা লাগিছে? তুমি ইয়াত নতুন দেখোন”? ওচৰ চাপি অহা এটা কুকুৰাৰ মাত শুনি সি আচৰিত হ’ল। আৰে ইহঁতে দেখোন মানুহৰ নিচিনাকৈয়ে কথা ক’ব পাৰে।
কি ক’ব ভাবি নাপায় সি ক’লে মাথোঁ “ওঁ, ভালেই লাগিছে”।
হঠাতে সি তলপেটত কিবা এক আচৰিত ধৰণৰ বিষ অনুভৱ কৰিলে। চকুৱেদি ধোঁৱাকোঁৱা দখিলে সি। আস বুলি কৈ সি খেৰখিনিতে বহি পৰিল।
“আগতে কণী পাৰি পোৱা নাই নেকি”? মিচিকীয়াই হাঁহি আনটো কুকুৰাই মাত লগালে।
হে প্ৰভু, কণী??
আৰু কিবা ভাবিবলৈ পোৱাৰ আগতেই তাৰ তলপেটতো যেন ফুটি গ’ল তেনেকুৱা লাগিল। আৰু লগে লগে এক অনাবিল শান্তি। পেটটো অকণমান দাঙি সি চালে, এটা শুভ্ৰ বগা কণী। অপলক দৃষ্টিৰে সি চালে কণীটোলৈ, তাৰেই গাৰ পৰা ওলোৱা। হঠাতে মাতৃত্বৰ আবেগে তাৰ হৃদয় ভৰাই পেলালে। চুমা এটা খাবলৈও তাৰ এতিয়া ওঁঠ নাই, আছে ঠোঁট। সি ডেউকাখনেৰেই কণীটো চুই চালে।
হঠাৎ আকৌ সেই একেই অনুভৱ তলপেটত।
এইবাৰ সি উপভোগ কৰিলে গোটেই প্ৰক্ৰিয়াটো। বিষ, অলপ বেছি বিষ, আৰু অলপ, আৰু অলপ, আৰু শেষত শান্তি।
“দুটা কণী পৰাটো ভাল। তিনিটা হ’লেতো মালিকে খুব মৰম কৰিব। আমাৰ দুজনীয়েহে পাৰে তিনিটাকৈ কণী”।

মতা কুকুৰাটোৰ কথাখিনি শেষ হ’বলৈ নাপালেই। সি আকৌ অনুভৱ কৰিলে সেই একেই বিষ। মানে তৃতীয়টো কণী। বেঁকাকৈ চাওঁতে দেখিলে মতা কুকুৰাটোৱে তালৈ আচৰিত হৈ চাইছে। সিও চাঞ্চ ল’লে। অলপ ভালকৈ গাটো লৰাই বহি লৈ সি সাজু হ’ল তৃতীয়টো কণী পাৰিবলৈ।

বিষ, অলপ বেছি বিষ, আৰু অলপ, আৰু অলপ….হঠাতে এক প্ৰচণ্ড শব্দ আৰু তাৰ মূৰৰ পাছফালে এক প্ৰচণ্ড বিষ!!

“জহনীত যোৱা, খেতৰে ধৰিছে নেকি? কি খালি তই চাল্লা কুকুৰ? দুপৰলৈকে ফস্তি মাৰি শুই আছ আৰু এতিয়া এই বয়সত বিচনাতে হাগিছ। কোনে চাফা কৰিব এই সোপা?”

এটা হাতেৰে নাকত ধৰি আনটো হাতেৰে তাৰ পিঠিত অন্য এক প্ৰচণ্ড মাৰ সোধাবলৈ উদ্যত হোৱা তাৰ ঘৈণীয়েকৰ মুখখন দেখি সি থতমত খালে। চকুটো ঘূৰাই চালে সি বিচনাত, গাত কাপোৰ নাই, পিন্ধি থকা গামোচাখন মাটিত পৰি আছে।

(ইণ্টাৰনেটত পঢ়া কৌতুক এটাৰ আলমত)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Labajit Borah
7 years ago

কৃষ্ণ কৃষ্ণ