অসমীয়া জাতীয়তাবাদ আৰু গোষ্ঠীচেতনা (টুনুজ্যোতি গগৈ)

[এক]
অলপতে জনপ্ৰিয় নৱ্য মাধ্যম ফেইচ বুকৰ দেৱালত দুটা আপডেট পঢ়িলো, য’ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক বহু উদাহৰণসহ বৰ্ণবাদী [আহোম বিদ্বেষী]বুলি প্ৰতিপন্ন কৰি কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে৷ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উলহ-মালহেৰে উদযাপন হৈ যোৱাৰ পাছতে তেওঁৰ বিৰুদ্ধে এনে কটুক্তি -সমালোচনা পঢ়িব লগীয়া হোৱাটো আপাতদৃষ্টিত অতি দুৰ্ভাগ্যজনক৷ কেৱল আহোম জনগোষ্ঠীৰ তৰুণ প্ৰজন্মই নহয়, তথাকথিত নিম্নবৰ্ণৰ বুলি পৰিচিত অন্যান্য জনগোষ্ঠীৰ একাংশয়ো প্ৰাচীন বা তুলনামূলকভাৱে অৰ্বাচীন গ্ৰন্থাদিত তেওঁলোকৰ সম্পৰ্কে তথাকথিত উচ্চবৰ্ণৰ লোকসকলে অপমানসূচক মন্তব্য কৰিছে বুলি মাজে সময়ে অভিযোগ উত্থাপন কৰি অহা পৰিলক্ষিত হৈছে৷ উদাহৰণস্বৰূপে, বেজবৰুৱাৰ ‘বীণ বৰাগী’ত উপলব্ধ মৰাণসকলে দেশ ধ্বংস কৰিলে বোলা বাক্যশাৰীক লৈ বা হেমচন্দ্ৰ বৰুৱা প্ৰণীত ‘হেমকোষ’ৰ দুটিমান শব্দক লৈ মটক আৰু মৰাণজনগোষ্ঠীয়ে প্ৰায়ে ক্ষোভ প্ৰকাশ কৰে৷

jatiyata
সেইদৰে, যোৱা ২০১২চনত অসমৰ অন্যতম ঐতিহাসিক পুৰুষদ্বয়¸ শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত ‘কীৰ্তনঘোষা’ আৰু‘নামঘোষা’ শীৰ্ষক ধৰ্ম গ্ৰন্থ দুখনৰ এফাকি ব্ৰজাৱলী পদ্যৰে বড়ো জনগোষ্ঠীক টুলুঙা মন্তব্য কৰা বুলি অভিযোগ তুলিছিল বিশ্ব বড়ো ঐতিহাসিক সমাজ নামৰ সংগঠনটোৱে৷ এখন সংবাদ মেলত সংগঠনটোৰ সচিব প্ৰধান তথা ৰাজনীতিক ছানছুমা খুংগুৰ বিছমুতিয়াৰীয়ে ‘কীৰ্তনঘোষা’ত থকা–’কলিৰ শেষত হৈবা কল্কি অৱতাৰ৷ কাটি-মাৰি ম্লেছক কৰিবা বুন্দামাৰ৷৷ সৱাকো বধিবা বৌদ্ধগণ যত আছে৷ কলিৰ শেষত সত্য প্ৰৱত্তাইবা পাছে৷৷– শীৰ্ষক পদ ফাকি বড়ো জনগোষ্ঠী বিৰোধী বুলি আঙুলিয়াই দি অসম চৰকাৰক ‘কীৰ্তনঘোষা’ আৰু ‘নামঘোষা’ নিষিদ্ধৰ দাবীও তুলিছিল৷ বিশ্ব বড়ো ঐতিহাসিক সমাজৰ এনে অভিযোগ আৰু দাবীয়ে অসমৰ বৌদ্ধিকমহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷
অনাগত দিনবোৰতো শংকৰদেৱৰ ৰচনাৱলীৰ বিৰুদ্ধেই হওক বা বেজবৰুৱাৰ ৰচনাৱলীৰ বিৰুদ্ধেই হওক বা আন কোনো খ্যাত-অখ্যাত লেখকৰ ৰচনাৱলীৰ বিৰুদ্ধেই হওক কোনো সম্প্ৰদায় বিশেষে এনেধৰণৰ অভিযোগ উত্থাপন কৰাৰ সম্ভাৱনা নথকা নহয়৷ এনে অভিযোগসমূহে অসমীয়া জাতিগঠন প্ৰক্ৰিয়া বা জাতীয়তাবাদ নিৰ্মাণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে/কৰিব নেকি? যদি কৰিছে/কৰিব, তেন্তে ইয়াৰ সমাধানৰ পথ কেনেধৰণৰ হ’ব? বড়ো, কোচ-ৰাজবংশী, কাৰ্বি আদি জনগোষ্ঠীসমূহে পৃথক ৰাজ্যৰ দাবীত বিভিন্ন ধৰণৰ সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়ত বা এই জনগোষ্ঠীসমূহৰ নেতৃত্বই নিজকে ‘অসমীয়া’ বুলি নকৈ ‘খিলঞ্জীয়া’ বুলিহে ক’ব বিচৰাৰ সময়ত এই প্ৰশ্নবোৰৰ যথোচিত উত্তৰ বিচাৰি আৱেগ বৰ্জিত বাস্তৱ সত্যৰ নিৰ্মোহ অধ্যয়ন আৰু বস্তুনিষ্ঠ ইতিহাস চৰ্চা কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷
[দুই]
অসমৰ ভিন্ন জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ দাবীত চলাই অহা পৃথকতাবাদী সংগ্ৰামে যে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটোক পদে পদে বাধাগ্ৰস্ত কৰি আহিছে, তাত সন্দেহ নাই৷ এনে সংগ্ৰামবোৰে আওপকীয়াকৈ গোষ্ঠীচেতনা আৰু গোষ্ঠীদ্বদ্বৰ বীজো ৰোপণ কৰিছে বাবেই ভিন্ন জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক বিদ্বেষ, হিংসা, বিক্ষোভ আদিও পৰিলক্ষিত হৈছে৷ সেয়ে অসমৰ সমাজ জীৱনত ‘জগতগুৰু’ বা ‘সাহিত্যৰথী’ বুলি বন্দিত ব্যক্তি একোজনো কোনো বিশেষ সম্প্ৰদায়ৰ দ্বাৰা নিন্দিত-সমালোচিত হ’বলগীয়া হৈছে৷ এনে প্ৰেক্ষাপটতে পৃথকতাবাদী সংগ্ৰামবোৰ সৃষ্টিৰ আঁৰৰ কাৰণসমূহ কি বা এই জনগোষ্ঠীসমূহৰ সংগ্ৰাম ভৱিষ্যতে সফল হ’ব নে নহ’ব, সেই আলোচনাও প্ৰাসংগিক হৈ পৰিছে৷
স্মৰণীয় যে ঔপনিৱেশিক ব্ৰিটিছ আমোলত শিক্ষা-দীক্ষাত আগবাঢ়ি যোৱা বৰ্ণহিন্দুসকলে যৎকিঞ্চিৎ চৰকাৰী সা-সুবিধাৰ সিংহভাগ দখল কৰাৰ ফলত হেঁচা খাই থকা আন সম্প্ৰদায়সমূহৰ মাজত ক্ষোভ আৰু অসন্তোষৰ উদ্ৰেক হৈছিল৷ সেই ক্ষোভ আৰু অসন্তোষক বৰ্ণহিন্দু নেতাসকলে গুৰুত্ব দিব নিবিচৰাৰ ফলত গোষ্ঠীবাদ বা দলিত চেতনা বৃদ্ধি পাইছিল আৰু তাত ব্ৰিটিছৰ কূটনীতিয়ে নানা কৌশলেৰে সাৰ-পানী দি তেওঁলোকৰ শাসন নিগাজী কৰাৰ প্ৰয়াস পাইছিল৷ ব্ৰিটিছ আমোলত পোনপ্ৰথমে গোষ্ঠীগত চেতনাৰে জাগ্ৰত হৈছিল পূৰ্বৰ ৰাজকীয় গৌৰৱ আৰু শৌৰ্য-বীৰ্য হেৰুৱাই ভূত-ভৱিষ্যতৰ চিন্তাত মুজুৰা পৰি থকা আহোম জনগোষ্ঠী৷ এই গোষ্ঠী চেতনাৰ অন্যতম কাৰণ হ’ল, আৰ্য জাত্যভিমানী বৰ্ণবাদীসকলে ৰাজ্যখনৰ প্ৰশাসনীয় কাম-কাজত সহায় কৰিবলৈ অহা একাংশ বঙালী আমোলাৰ লগ লাগি জনগোষ্ঠীটোক পদে পদে বিভিন্ন প্ৰকাৰে দলিত কৰিবলৈ অপচেষ্টা চলাইছিল৷ পূৰ্বে আহোম ৰাজঘৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সত্ৰানুষ্ঠানসমূহে ‘ৰিপুঞ্জয় স্মৃতি’ আৰু ‘সৰ্বজ্ঞান মঞ্জুৰী’ৰ দৰে কল্পনাপ্ৰসূত পুথি প্ৰণয়নেৰে আহোমসকলৰ লগতে অষ্ট্ৰীয়-মংগোলীয় জনগোষ্ঠীসমূহক সামাজিকভাৱে স্তৰীকৃত আৰ্য জাত-পাতৰ একেবাৰে নিম্ন খাপলৈ প্ৰক্ষেপ কৰি অৰ্থাৎ ‘শূদিৰ’ৰ স্থানত বহুৱাই প্ৰকাৰন্তৰে অপমানেই কৰিছিল৷ তেনে এক সন্ধিক্ষণতে আৰ্থিক-সামাজিক-মানসিকভাৱে পশ্চাদমুখী হোৱা সাধাৰণ আহোম জনগণৰ মাজত স্বাভিমান জগাই তুলিবলৈ পদ্মনাথ গোহাঞি বৰুৱা, ৰাধাকান্ত সন্দিকৈ আদিৰ প্ৰচেষ্টাত, ১৮৯৩ চনত সদৌ অসম আহোম সভা গঠিত হৈছিল৷ আহোম সভাৰ আত্মজাগৰণৰ দৃষ্টান্ত গ্ৰহণ কৰি অসমৰ অন্যান্য অষ্ট্ৰীয়-মংগোলীয়-তিব্বতবৰ্মী জনগোষ্ঠীসমূেহও ১৯৩৪ চনত ট্ৰাইবেল লীগ গঠন কৰিছিল৷
লক্ষ্যণীয় যে এই জনগোষ্ঠীসমূহৰ মাজত গোষ্ঠীগত বা দলিত চেতনা বৃদ্ধি পালেও অসমীয়া পৰিচয় হ’লে কোনেও ত্যাগ কৰিব বিচৰা নাছিল৷ আহোমসকলৰ সুকীয়া পৰিচয় ভিত্তিত উন্নয়নৰদাবী উত্থাপন কৰা পদ্মনাথ গোহাঞি বৰুৱাই স্পষ্টভাৱেই কৈছিল – ‘তেওঁ যদি বাৰ অনা অসমীয়া, চাৰি অনা আহোম’৷ সেইদৰে, ১৯৩৫চনত ছাইমন কমিছনৰ আগত বড়োসকলে আৰ্জি পেচ কৰোতে বড়োসকলৰ নিজস্ব সাম্প্ৰদায়িক সমস্যাবোৰ ব্ৰিটিছ চৰকাৰৰ আগত উত্থাপন কৰিও দোহাৰিছিল যে তেওঁলোক অসমৰে অসমীয়াই৷ এই দুটা উদাহৰণেই প্ৰমাণ কৰে যে জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্তৰায় কাহানিও নাছিল৷ ‘বৈচিত্ৰৰ মাজত ঐক্য’ – এয়াই আছিল অসমীয়া জাতি গঠনৰ প্ৰধান বৈশিষ্ট্য৷ এই বিচিত্ৰতা হ’ল ভৌগোলিক আৰু বাৰেৰহণীয়া জনগোষ্ঠীয় বিচিত্ৰতা৷ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত কোনটো জনগোষ্ঠীয়ে কি কি ধৰণৰ অৱদান যোগাই আহিছে, সেয়া কম-বেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত৷
পৰিহাসৰ বিষয় যে তৎকালীন সমাজ জীৱনৰ কেতবোৰ বিভ্ৰান্তি আৰু অৰ্ধসত্যৰ কণকঠীয়া পৰৱৰ্তী কালতো নাশ কৰিব নিবিচৰাৰ ফলত স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত বৃহত্তৰ অসমীয়া জাতিৰ বিকাশ প্ৰক্ৰিয়া ক্ৰমশঃ স্থবিৰ হৈ আহিল৷ ১৯৬৮ চনত অসম বিধানসভাৰ আলোচনাত শেষবাৰৰ বাবে ভাগ লৈ মেঘালয়ৰ প্ৰথমজনা মুখ্যমন্ত্ৰী কেপ্টেইন ডব্লিউ এ চাংমাই কৈছিল–’আমি জনজাতিসকলে যদি ভাৰতীয় মূল সুঁতিত মিলিব লাগে, তেন্তে অন্য কোনো গৌণসুঁতিৰ জৰিয়তে কিয় যাব লাগে? আমি দেখোন পোনে পোনেই ভাৰতীয় মূল সুঁতিলৈ যাব পাৰো৷’কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ৷ তথাকথিত মূলসুঁতিৰ আৰ্যাভিমানী ভাৰতীয় বা অসমীয়াসকলৰ আধিপত্যকামী মানসতাই যে বিংশ শতিকাতো তথাকথিত উপসুঁতিৰ অৰ্থাৎ তিব্বত বৰ্মী মংগোলীয় জনগোষ্ঠীসমূহক তিক্ত-বিৰক্ত কৰি আহিছিল, সেয়া এ চাংমাৰ বক্তব্যতে স্পষ্ট হৈ পৰে৷
পাহৰীয়া জনজাতিসকলৰ দৰে এনে এক উপলব্ধি প্ৰকাশ কৰিবৰ বাবে অসমৰ ভৈয়ামৰ জনজাতিসকলৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ’ল৷ ইয়াৰ কাৰণ এয়াই যে বেছি সংখ্যক পাহৰীয়া জনজাতিয়ে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ ইংৰাজী আধুনিক শিক্ষাৰ প্ৰভাৱত আত্মোত্থানৰ বাবে উদ্বুদ্ধ হোৱাৰ পৰিৱেশ লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে ভৈয়ামৰ জনজাতিসকলে হিন্দুধৰ্মৰ স্তৰীকৃত সামাজিক জখলাৰ নিম্নস্থানত অৱস্থান কৰি [এওঁলোক কিন্তু ঐতিহাসিকভাৱে হিন্দুধৰ্মী নাছিল, নিজস্ব দেৱ-দেৱীৰ উপাসকহে আছিল] আত্ম উত্থানৰ যি বাট সন্ধান কৰিবলৈ বাধ্য হৈছিল, সেই বাট আছিল আত্মপলায়ন আৰু অধোগতিৰহে৷ ধৰ্মীয় প্ৰতিনিধি [দালাল?]সকলে জনজাতিসকলৰ বাবে সামাজিক জখলাৰে নিম্ন স্থানৰ পৰা উচ্চস্থানলৈ উধোৱাৰ কিছু বিধান ৰাখিছিল৷ সেই বিধান অনুসৰিয়েই অবিভক্ত নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং, দৰং, কামৰূপ আদি জিলাৰ তিৱা, কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ হেজাৰ হেজাৰ লোকে অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰতি পিঠি দি কেৱল সামাজিক মান-মৰ্যাদা আহৰণৰ স্বাৰ্থত ‘উদ্ধাৰ’ পাই প্ৰথমে ‘সৰুকোচ’লৈ উন্নীত হ’ল৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চিৰি-চেহেৰাত মংগোলীয়ত্বৰ চিহ্ন নথকা কোনো মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ লগে লগেই ‘বৰকোচ’লৈ উন্নীত হৈছিল৷ এনেদৰে ‘বৰকোচ’ৰ পৰা ‘সৰু কলিতা’লৈ, ‘সৰু কলিতা’ৰ পৰা ‘বৰ কলিতা’লৈ আৰু ‘বৰকলিতা’ৰ পৰা ‘কায়স্থ’লৈ উন্নীত হোৱাৰ যি দীৰ্ঘম্যাদী বিধান উপলব্ধ হৈছিল, সেই বিধানে জাতিভেদ প্ৰথাক বেছি শক্তিশালীহে কৰি তুলিলে৷ কাৰণ, ‘সৰুকোচ’লৈ উদ্ধাৰ পোৱাজনেও পূৰ্বৰ নিজৰ জনগোষ্ঠীটোকে ঘৃণা কৰাৰ বা হীন চকুৰে চোৱাৰ এক অমানুষিক প্ৰথা উদ্ভৱ হ’ল৷
ইতিমধ্যে স্বাধীন ভাৰত চৰকাৰৰ নিজা সংবিধানগৃহীত হ’ল৷ সংবিধানত অবিভক্ত অসমৰ অবিকশিত জাতি-সত্তাবোৰক জনজাতি ৰূপে স্বীকৃতি দি ষষ্ঠ অনুসূচীভুক্ত কৰা হ’ল৷ তথাকথিত মূলসুঁতিৰ অসমীয়াৰ আধিপত্যকামী আচৰণত অতিষ্ঠ পাহাৰীয়া জনজাতিসকলে নিজকে সুকীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগিল আৰু কালক্ৰমত স্বীকৃতিও লাভ কৰিলে৷পাহাৰীয়া জনজাতিসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰাৰ সময়তহে অসমৰ ভৈয়ামৰ জনজাতিসকল যেন টোপনিৰ পৰা সাৰ পাই উঠিল৷ অত বছৰে হিন্দু ধৰ্মৰ নিম্ন স্থান নিৰ্বিবাদে মানি অহা জনগোষ্ঠীসমূহে বুজি পালে যে নিজস্ব কৃষ্টি-পৰম্পৰা বা ধৰ্মীয় পৰিচয় ত্যাগ কৰি হিন্দু ধৰ্মৰ কঠোৰ শৃংখলাত আত্মোত্তৰণৰ স্বপ্ন দেখি একো লাভ নাই, আত্মোত্তৰণৰ বাবে প্ৰয়োজন অৰ্থনৈতিক-সামাজিক-সাংস্কৃতিক স্বাধীনতা আৰু বিকাশ৷ তেওঁলোকে হিন্দু ধৰ্ম নিয়ন্ত্ৰিত সামাজিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰথমে ক্ষীণ স্বৰে আৰু বৰ্তমান উচ্চ স্বৰে মাত দিবলৈ ধৰিলে আৰু পাছলৈ লিপি, ভাষাৰ মাধ্যম, নিবনুৱা সমস্যা সমাধান আদিৰ দাবীত সক্ৰিয় হৈ উঠিল৷ ইয়াৰ লগে লগে হিন্দু ধৰ্মৰ সামাজিক জখলাৰে নিম্নৰপৰা উচ্চলৈ উধোৱাৰ অবিজ্ঞানসন্মত প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হ’ল আৰু জাতিভেদ প্ৰথাও বহু পৰিমাণে শিথিল হৈ আহিল৷
ভৈয়ামৰ জনগোষ্ঠীসকলৰ ভিতৰতে যি সকলে ষষ্ঠ অনুসূচীৰ স্বীকৃতি লাভ কৰিছিল, তেওঁলোকে নিজৰ অস্তিত্ব সুকীয়াভাৱে ৰখাৰ দাবী সাব্যস্ত কৰাৰ পৰিণতিত কালক্ৰমত স্বায়ত্তশাসিত পৰিষদ তথা আঞ্চলিক পৰিষদ গঠনৰ সুবিধাও পালে৷ কিন্তু, যিধৰণৰ স্বায়ত্ত শাসনে বিভিন্ন জাতিগোষ্ঠীৰ মাজত ভ্ৰাতৃত্বৰ বান্ধোন অটুট ৰখাৰ লগতে যিকোনো সংগ্ৰামী জাতিসত্তাৰ গৰিষ্ঠ সংখ্যক খাটিখোৱা মানুহক মুক্তিৰ বাটলৈ আগুৱাই লৈ যাব পাৰে, সেইধৰণৰ স্বায়ত্ত শাসন অসমৰ ভিন্ন জাতিসত্তাসমূহে নোপোৱাত গোষ্ঠীদ্বদ্বও অব্যাহত থাকিল৷ এই গোষ্ঠীদ্বদ্বই বহু সময়ত অসমৰ সমাজ-জীৱনক অস্থিৰ, অশান্ত আৰু অগ্নিগৰ্ভা কৰি আহিছে৷ সেইদৰে, সংগ্ৰামৰ নেতৃত্ব বহন কৰা মধ্যবিত্ত শ্ৰেণী অৰ্থনৈতিকভাৱে টনকীয়াল হ’লেও খাটিখোৱা জনগণই পৰিৱৰ্তনৰ কোনো সুমিষ্ট স্বাদ নাপালে৷
লক্ষ্যণীয় যে অসমীয়া জাতিৰ সমস্যা আৰু অসমৰ ভিন্ন জনগোষ্ঠীসমূহৰ সমস্যা একেধৰণৰ নহয়৷ অসমীয়া জাতিটোৰ সমস্যা হ’ল মূলতঃ অসমীয়া ভাষা-সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জাতীয় চেতনাৰে উদ্দীপ্ত আৰু ঐক্যবদ্ধ হোৱা সকলৰ স্ববিকাশৰ আৰু অস্তিত্ব ৰক্ষাৰ সমস্যা৷ ইপিনে, পৃথকতাবাদী জনগোষ্ঠীসকলৰ সমস্যা হ’ল তেওঁলোকৰ অস্বীকৃতজাতীয় স্বীকৃতি আদায় কৰা আৰু সুকীয়া সীমাৰ ভিতৰত নিজৰ অস্তিত্ব ৰক্ষা আৰু বিকাশৰ ব্যৱস্থা কৰা৷ কিন্তু আমি পাহৰিলে নহ’ব যে কোনো বিশেষ জনগোষ্ঠীৰ সংস্কৃতিৰ সাঁচত এটা বৃহৎ আৰু সবল জাতি তথা জাতীয় চেতনা গঢ়ি উঠা কঠিন৷ জনগোষ্ঠীয় পৰিসৰ অতিক্ৰম কৰিহে এক আধুনিক জাতি গঢ়িব পৰা যায়৷ এই আপাহতে অসমীয়া পৰিচয় ত্যাগ কৰিব বিচৰা বা পৃথক স্বায়ত্তশাসন বা ৰাজ্যৰ দাবীত সৰৱ হৈ উঠা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ নেতাসকলে এই কথা বুজা উচিত যে বিশ্বায়নৰ যুগত কোনো জাতিসত্তাৰ বাবেই আছুতীয়া মুক্তি অবাস্তৱ কল্পনা মাথোন৷ জাতিসত্তাৰ স্বায়ত্ত শাসন আন্দোলনৰ প্ৰবক্তাসকলে বা সম্প্ৰতি পৃথক ৰাজ্যৰ দাবীত সৰৱ হৈ উঠা নেতাসকলে এই কথা পাহৰিলে নহ’ব যে কোনো জাতিসত্তাৰ বাবেই আছুতীয়া মুক্তি অবাস্তৱ কল্পনা মাথোন৷ গাইগুটীয়া মুক্তিৰ সপোন দেখিব পাৰে, কিন্তু সেই সপোন শীঘ্ৰেই সাম্প্ৰদায়িকতাৰ ঘৃণ্য চক্ৰান্তৰ বলি হৈ পৰে৷ প্ৰতিক্ৰিয়াশীল শাসন-শোষণ ব্যৱস্থা চিৰকালেই ক্ষুদ্ৰ-বৃহৎ সকলো জাতিসত্তাৰ স্বাধীন বিকাশ আৰু স্বাধীন অস্তিত্বৰ বাবে প্ৰতিবন্ধক স্বৰূপ৷ জাতি সত্তাৰ আন্দোলনবোৰ মূলতঃ হ’ব লাগিব প্ৰতিষ্ঠান বিৰোধী, অন্য জাতিসত্তা বিৰোধী নহয়৷ জাতীয় মুক্তিৰ বাবে চলা একোটা সংগ্ৰামক আপাত দৃষ্টিত প্ৰগতিশীল যেনেই লাগে, কিন্তু ই কিমান দূৰ প্ৰগতিশীল, সেয়া নিৰ্ভৰ কৰে অন্যান্য জাতীয় মুক্তিসংগ্ৰামবোৰৰ লগত থকা সম্পৰ্কৰ চৰিত্ৰৰ ওপৰত৷ অন্যান্য জাতিসত্তাৰ ন্যায্যসংগ্ৰামৰপৰা বিচ্ছিন্ন বা অন্যান্য জাতিসত্তাৰ সংগ্ৰামৰ বিৰোধী শিবিৰত অৱস্থান লোৱা জাতীয়তাবাদী সংগ্ৰাম দৰাচলতে জনবিমুখ-জনবিচ্ছিন্ন-জনবিৰোধী৷
আজিৰ তাৰিখত আমি স্থানান্তৰত উল্লেখ কৰি অহা ‘জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্তৰায় কাহানিও নাছিল’ কথাষাৰ মনত ৰাখি আৰু ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ নীতিক সৰোগত কৰি সেই অসমীয়াত্বকে আদৰণি জনাব লাগিব: যি অসমীয়াত্বই বড়ো, কাৰ্বি, কোচ-ৰাজবংশী আদি জনগোষ্ঠীৰ সুকীয়া অস্তিত্বক মুক্তচিত্তে স্বীকাৰ কৰি ল’ব পাৰিব৷ প্ৰাচীন অসমৰ সমাজ-সভ্যতাৰ ভেটি গঢ়োতা এই জনগোষ্ঠীসমূহৰ সুকীয়া অস্তিত্বক স্বীকৃতি দিলে যদি অসমীয়াভাষা-সংস্কৃতি ধ্বংস হয়, তেন্তে সেয়া প্ৰকৃত অসমীয়াত্ব হ’ব নোৱাৰে৷ ভিন্ন জনগোষ্ঠীৰ সুকীয় অস্তিত্বক স্বীকৃতি দিয়াৰ পাছতো যি অসমীয়াত্ব অক্ষয়-অব্যয় হৈ ৰ’ব, সিহে প্ৰকৃত অসমীয়াত্ব৷ অৰ্থাৎ, অসমীয়া জাতিৰ অস্তিত্ব সংঘীয় আধাৰতহে সংৰক্ষিত আৰু পৰিৱৰ্ধিত হ’ব৷ এনে এক উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিবৰ বাবে ‘অতি[মূলসুঁতি?] অসমীয়া কেন্দ্ৰিক’ অহমিকা বৰ্ণহিন্দু সম্প্ৰদায়সমূহে ত্যাগ কৰিবই লাগিব৷ অতীতৰ পৰা এনে অহমিকাই অসমীয়া মধ্যবিত্তশ্ৰেণীক তিব্বতবৰ্মী¸ জনগোষ্ঠীসমূহৰ সামাজিক প্ৰস্থিতি আৰু বিভিন্ন সমস্যাৰ প্ৰতি অহৈতুকভাৱে সন্দেহবাদী, উদাসীন আৰু দমনমূলক কৰি আহিছে৷ অসম সাহিত্য সভাৰ দৰে তথাকথিত জাতীয় সংগঠনে স্বাধীনতাৰ পৰবৰ্তীকালত জোৰকৈ অসমীয়াকৰণৰ অপচেষ্টা চলোৱাৰ পৰিণতিতে যে মিজো, খাচী, অৰুণাচলীসকল অসমৰ পৰা আঁতৰি গ’ল বা বড়ো, কাৰ্বি আদি জনগোষ্ঠীয়ে আঁতৰি যাব বিচাৰিছে, সেই বাস্তব সত্যক কোনো কাৰণতে পাহৰি গ’লে নহ’ব৷
[তিনি]
প্ৰবন্ধৰ প্ৰাৰম্ভতে আমি অসমৰ সমাজ জীৱনৰ দুগৰাকী ভোটাতৰা সদৃশ ব্যক্তিৰ বিৰুদ্ধে ৰাজ্যখনৰ দুটিমান সম্প্ৰদায় বিশেষে বিষোদগাৰ প্ৰকাশ কৰাৰ বিষয়ে উল্লেখ কৰিছিলো আৰু প্ৰবন্ধৰ দ্বিতীয় অধ্যায়ত আমি তেনে বিষোদগাৰ সৃষ্টিৰ আঁৰৰ কাৰণসমূহ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অতীত-বৰ্তমান-ভৱিষ্যতৰ প্ৰসংগত সমাজ বিজ্ঞানৰ আলোকত পৰ্যালোচনা কৰিবলৈ প্ৰয়াস কৰিছিলো৷ উল্লেখিত বিষয়টো মনোবিজ্ঞানৰ আলোকত আলোচনা-পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তাও নিশ্চয় আছে৷
প্ৰাচীন বা আপেক্ষিকভাৱে অৰ্বাচীন গ্ৰন্থাদিত তথাকথিত উচ্চবৰ্ণৰ লোকে তথাকথিত নিম্নবৰ্ণৰ বিৰুদ্ধে বা নিম্নবৰ্ণৰ লোকে উচ্চবৰ্ণৰ বিৰুদ্ধে অপমানজনক, অৱজ্ঞাসূচক মন্তব্য কৰাৰ উদাহৰণ বিচাৰিবলৈ গ’লে বহুত ওলাব পাৰে৷ কিন্তু, তেনে মন্তব্যবোৰক লৈ আজিৰ তাৰিখত ব্যস্ত হোৱাৰ বা পাৰস্পৰিক গোষ্ঠী বিদ্বেষ কঢ়িয়াই লৈ ফুৰাৰ প্ৰয়োজন আছে জানো? আচলতে এনে আঁহফলা চিন্তা-চৰ্চা বাদ দি এনে প্ৰসংগবোৰ তৎকালীন সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটৰ কথা মনত ৰাখি বিচাৰ-বিশ্লেষণ কৰাটোৱেই সকলো পক্ষৰ বাবে মংগলদায়ক হ’ব৷ বিশ্বায়নৰ যুগত বিগত অতীতৰ কেইবাটাও শতিকা একেজাঁপে পাৰ হৈ এটা অপ্ৰমাদী আদি অস্তিত্বত উপনীত হ’ব বিচৰাটো যেনেদৰে এক প্ৰগতিবিৰোধী ভ্ৰান্ত অতীত বিলাস, তেনেদৰে পূৰ্বৰ অনাদৰ-অপমানৰ কথাকে পেঘেনিয়াই পেঘেনিয়াই লেটা কুণ্ডাই নিজৰ ভিতৰতে সোমাই থকাৰ অৰ্থ হ’ব গোষ্ঠীবাদী সংকীৰ্ণতা আৰু পুনৰুত্থানবাদী ভাৱধাৰাক আদৰণি জনোৱা৷ এনে অতীতবিলাস আৰু সংকীৰ্ণ চিন্তা-চৰ্চাই কোনোদিনেই এখন সাম্য আৰু গণতান্ত্ৰিক সমাজ গঢ় দিব নোৱাৰে৷ এনে পশ্চাদমুখী চিন্তাই কেৱল বৃহৎ অসমীয়াজাতিকে খণ্ড-বিখণ্ড নকৰে, বৃহৎ সমাজখনক ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত কৰি বিজাতীয় আৰু সাম্ৰাজ্যবাদী মহলৰ শোষণ-দমনৰ অসহায় ক্ৰীড়নকলৈ ৰূপান্তৰিত কৰিব৷
নক’লেও হয় যে শংকৰদেৱ বা বেজবৰুৱাই তৎকালীন ধৰ্ম নিয়ন্ত্ৰিত সামাজিক-সাংস্কৃতিক পৰিৱেশৰ প্ৰভাৱতে তথাকথিত নিম্নবৰ্ণৰ জনগোষ্ঠী সকলৰ সম্পৰ্কত যিবোৰ মন্তব্য কৰিছিল, সেই মন্তব্যবোৰক লৈ ভৱিষ্যত প্ৰজন্ম ক্ষুণ্ণ হ’ব পাৰে বুলি ভৱা নাছিল৷ ভবাৰ অৱকাশো হয়তো নাছিল৷ নিৰপেক্ষ দৃষ্টিভংগীৰে চালে শংকৰদেৱ বা বেজবৰুৱাৰ সামূহিক দৃষ্টিভংগী সেই যুগৰ তুলনাত বহু পৰিমাণে প্ৰগতিশীল আছিল৷ আমি ক’বলৈ যোৱা নাই যে যুগাগ্ৰগামী ঐতিহাসিক পুৰুষ শংকৰদেৱ সকলো দোষ-ত্ৰুটি বা সমালোচনাৰ উৰ্ধৰ ব্যক্তি৷ কেতবোৰ মানৱীয় দোষ-দুৰ্বলতা বা ত্ৰুটি-বিচ্যুতি শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজিতো নিশ্চয় পৰিলক্ষিত হয়৷ কিন্তু, সেই বুলিয়েই অসমৰ সমাজ জীৱনলৈ শংকৰদেৱে আগবঢ়াই থৈ যোৱা বহুমূলীয়া অৱদান সমূহক আওকাণ কৰি ‘কীৰ্তনঘোষা’ক কোনো সম্প্ৰদায় বিশেষে নিষিদ্ধৰ দাবী তোলাটো বা ধৰ্মমত নিমিলাৰ বাবেই শংকৰদেৱক অন্য ধৰ্মাৱলম্বীয়ে অকথ্য ভাষাৰে গালি-গালাজ কৰাটো কেতিয়াও সমৰ্থনযোগ্য নহয়৷
আহোম ৰাজত্বৰ সময়ছোৱাত লিখিত বহু বুৰঞ্জীতেই বিভিন্ন জাতি বা জনগোষ্ঠীৰ প্ৰতি উপেক্ষা আৰু অৱজ্ঞাৰ মনোভাবৰ নিৰ্দশন দেখা যায়৷ ‘গান্ধীখোৱা মৰাণ’ৰ প্ৰতি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ চৰম অৱজ্ঞাৰ ফল কেনে বিষম হৈছিল, সেয়া বুৰঞ্জীৰ ছাত্ৰমাত্ৰেই জানে৷ সেইদৰে ঠায়ে ঠায়ে কৈৱৰ্ত আদি তথাকথিত নিম্ন জাতিৰ প্ৰতিও অৱজ্ঞা আৰু অৱদমনৰ বহু উল্লেখ পোৱা যায়৷ ইয়াৰ অন্তৰালত পুৰণি অসমৰ থলুৱা পৰম্পৰা তথা ব্ৰাহ্মণ হিন্দুধৰ্মৰ কঠোৰ জাতি-ভেদৰ প্ৰভাৱেই যে ক্ৰিয়া কৰিছিল, সেয়াও সত্য৷ কিন্তু, সেই বুলিয়েই বুৰঞ্জীসমূহ নিষিদ্ধকৰণৰ দাবী কৰাটো হ’ব চূড়ান্ত মূঢ়তাৰ পৰিচায়ক৷
বেজবৰুৱাৰ ৰচনাত বৰ্ণবাদী চেতনা যে ঠায়ে ঠায়ে প্ৰচ্ছন্ন হৈ আছিল, সেয়া বেজবৰুৱা ৰচনাৱলীৰ বস্তুনিষ্ঠ অধ্যয়নে নিশ্চয় পোহৰাই দিয়ে৷ সময়াময়িক সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ সৈতে থকা বৌদ্ধিক প্ৰতিদ্বন্দ্বিতাৰ বাবেই যে লক্ষ্মীনাথ বেজবৰুৱাই ‘ভোকেন্দ্ৰ বৰুৱা’, ‘মলক গুইন গুইন’আদি ৰচনা লেখিছিল, সেইটো পুনৰাই নক’লেও হয়৷ যি বেজবৰুৱাই অনাৰ্য উপাদানেৰে সমৃদ্ধ অসমৰ জাতীয় উৎসৱ বিহুক আন শিক্ষিত বৰ্ণহিন্দুসকলৰ দৰে ঘৃণা আৰু অৱজ্ঞাৰে নাচাই বিহুৰ স্বকীয়তা প্ৰতিষ্ঠাৰ হকে প্ৰায় অকলশৰেই যুঁজ দিছিল, সেই বেজবৰুৱাই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে ঠায়ে ঠায়ে কটুক্তি কৰাৰ কাৰণ এনেকুৱাও হ’ব পাৰেঃ তেওঁৰ ব্যক্তিবিদ্বেষ ৰূপান্তৰিত হৈছিল গোষ্ঠীবিদ্বেষলৈ৷ তৎকালীন সামাজিক-সাস্কৃতিক পৰিৱেশৰ কেতবোৰ অশুভ প্ৰভাৱৰ দ্বাৰা বেজবৰুৱাও কিছু পৰিমাণে আক্ৰান্ত হৈছিল বাবেই সম্ভৱতঃ তেওঁৰ মনত গোষ্ঠীচেতনা বা গোষ্ঠীবিদ্বেষ ক্ষীণকৈ হ’লেও জাগ্ৰত হৈছিল৷ বেজবৰুৱাৰ সেই মানৱীয় দোষ-দুৰ্বলতাক আমি এতিয়া উদ্দেশ্য প্ৰণোদিতভাৱে টানি-আঁজুৰি আনি আৰু তেওঁক উগ্ৰভাষাৰে সমালোচনা কৰি অসমৰ সমাজ-জীৱনলৈ আগবঢ়োৱা তেওঁৰ অৱদানসমূহক একেকোবেই নাকচ কৰি দিয়াটো কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ কথাবোৰ আমিএনেদৰেওতো ভাবিব পাৰো : বেজবৰুৱা-গোহাঞিবৰুৱাৰ মাজৰ সেই বৌদ্ধিক প্ৰতিদ্বন্দ্বিতা আৰু সংঘাতে তেওঁলোক দুয়োজনকে সমৃদ্ধ কৰাই নহয়, অসমীয়া ভাষা-সাহিত্যকো সমৃদ্ধ কৰিলে৷ কেতবোৰ ঐতিহাসিক বিসংগতি পৰিলক্ষিত হ’লেও তেওঁৰ বুৰঞ্জীমূলক নাটক কেইখনত দেখোন আহোম ৰাজত্বৰ গৌৰৱগাঁথাই ফুটি উঠিছে৷ সেইদৰে, বেজবৰুৱাই তেওঁৰ আপোন সম্প্ৰদায়ৰ কেতবোৰ চৰিত্ৰকো ব্যংগৰ শেলেৰে থকা-সৰকা কৰিছিল৷ তেনেস্থলত পূৰ্বতে ‘গগৈ’ উপাধি লেখি পাছলৈ ‘গোহাঞিবৰুৱা’ উপাধি গ্ৰহণ কৰা বা ব্ৰিটিছ শাসনৰ প্ৰতি অন্ধ আনুগত্য প্ৰদৰ্শন কৰা গোহাঞিবৰুৱাক বেজবৰুৱাৰ দৰে স্বাধীনমনা ব্যক্তি এজনে আক্ৰমণৰ লক্ষ্য কৰি লোৱাটোত আচৰিত হ’বলগীয়াও একো নাই৷
লক্ষ্যণীয় যে পদ্ননাথ গোহাঞিবৰুৱায়ো আহোম সম্প্ৰদায়ৰ উদগতিৰ বাটত হেঙাৰ হৈ পৰা বুলি ভবা উচ্চই হওক বা নিম্নই হওক সম্প্ৰদায়সমূহক সমালোচনা নকৰাকৈ থকা নাছিল৷ সদৌ অসম আহোম-এচোচিয়েচন-সন্মিলনীৰ সভাপতিৰ অভিভাষণ [১৯৪১]¸ত গোহাঞি বৰুৱাইকৈছিল–’আহোমৰ ৰাজগৌৰৱ, জাতিগৌৰৱ আৰু স্বাধীনতাৰ বল ক্ষয় হোৱাৰ বাবেই , একালত অসম জুৰি ফেৰ মেলি উঠা আহোম বৰগছ হলি পৰিল, সেই হলা গছক আটায়ে আঁজুৰি মাটিত চেপেটা লগালে৷ এনে কি, হৰিণাই বাঘৰ গাল চেলেকাৰ দৰে, আহোম পদানত লোকেও সেই পতিত গছৰ ওপৰে দেওদি পাৰ হ’বলৈ ধৰিলে৷’ গোহাঞিবৰুৱাৰএনেধৰণৰ মন্তব্যই তেওঁৰ মনত সক্ৰিয় হৈ থকা গোষ্ঠীবিদ্বষকে প্ৰকট নকৰেনে?
সি যি কি নহওক, আমি পাহৰিলে নহ’ব যে আৰ্যাভিমানী বৰ্ণহিন্দু আৰু আত্মাভিমানী আহোমৰ লগতে অন্যান্য তিব্বতবৰ্মী জনাগোষ্ঠীসমূহ – দুয়োটা চামেই অতীতত যেনেদৰে বহু ভুল-ভ্ৰান্তি কৰিছিল, তেনেদৰে বহু সজ কামো কৰিছিল৷ ¸ অতীতৰ সেই ভুল-ভ্ৰান্তিবোৰ শুধৰাই নতুন প্ৰজন্মই মিলি-জুলি নিষ্ঠা আৰু উদাৰতাৰে এনে এখন সমাজ গঢ়িবলৈ চেষ্টা কৰা উচিত- য’ত জাত-পাতৰ ভিত্তিত বিশেষ মৰ্যাদা বা অধিকাৰৰ দাবী কোনেও কৰিব নোৱাৰিব, য’ত ব্যক্তিগত-মৌলিকতা-প্ৰতিভা আদিৰ জৰিয়তেহে মানুহে নিজৰ মৰ্যাদা সাব্যস্ত কৰিব পাৰিব আৰু এনে এখন সমাজৰ উপযোগী সাৰ্বজনীন মানৱ ধৰ্ম প্ৰতিষ্ঠিত হ’ব৷ এয়া নিঃসন্দেহে দীঘলীয়া আৰু কষ্টকৰ কাম৷ কিন্তু, ইবোৰক আওকাণ কৰি অতীতৰ বুকুত স্বগোষ্ঠীৰ নিষ্কলংক গৌৰৱৰ মৰীচিকা খেদি ফুৰিলে বৰ্তমানৰ সোণালী ক্ষণবোৰ অযথা অপচয় হ’ব আৰু ভৱিষ্যতো অন্ধকাৰ হৈ পৰাৰ সম্ভাৱনাই অধিক৷
আমি এয়াও মনত ৰাখিব লাগিব যে তাহানি কমলাকান্ত ভট্টাচাৰ্য, চন্দ্ৰনাথ শৰ্মা আদিয়ে জাতি-ভেদ আৰু বৰ্ণবিদ্বেষ দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলাইছিল৷ ত্ৰিছৰ দশকত উদাৰমনা কৃষ্ণ শৰ্মাই হৰিজনক গোসাঁইঘৰত স্থান দিয়া বাবে যোৰহাটৰ ব্ৰাহ্মণ সমাজে তেওঁক এঘৰীয়া কৰিছিল৷ সেই দিনবোৰৰ তুলনাত বৰ্তমান বৰ্ণবাদ দূৰীকৰণেৰে সামাজিক সাম্য আৰু গণতান্ত্ৰিক ভাৱধাৰা প্ৰতিষ্ঠাৰ বাবে এক সুষম পৰিবেশ গঢ়ি উঠিছে যেন ভাৱ হয়৷ সামাজিক সাম্য আৰু গণতান্ত্ৰিক ভাৱধাৰা প্ৰতিষ্ঠাৰ বাবে তথাকথিত উচ্চ আৰু নিম্নবৰ্গৰ দুয়োপক্ষৰ শিক্ষিত আৰু উদাৰমনা তৰুণ প্ৰজন্মই আন্তৰিকতাৰে আগুৱাই আহিব লাগিব৷ সকলোৰে প্ৰচেষ্টাত দীৰ্ঘদিন ধৰি বৰ্তি থকা অমানুষিক সংস্কাৰ আৰু প্ৰথাসমূহ মষিমূৰ কৰাটো নিশ্চয় কঠিন নহ’ব৷ এক সাম্প্ৰদায়িক চক্ৰই যে উদ্দেশ্য প্ৰণোদিতভাৱে অতীতৰ সেই বন্ধ্যাময় আৰু অমানুষিক ব্যৱস্থা বৰ্তাই ৰাখিবলৈ অপচেষ্টা চলাই আছে, সেইটোও সত্য৷ আমি সেই চক্ৰটোক চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকৰ সকলো ধৰণৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব৷ তথাকথিত উচ্চবৰ্ণৰ লোকসকলে অতীতৰ ভুলবোৰৰ শুধৰণিৰ বাবে অকপট আৰু আন্তৰিক প্ৰচেষ্টা চলাব বুলি আমি নিশ্চয় আশা কৰিব পাৰো৷ তেওঁলোকে কমলাকান্ত ভট্টাচাৰ্য, চন্দ্ৰনাথ শৰ্মা আদিৰ উদাৰ নৈতিক আদৰ্শ গ্ৰহণ কৰাটো এই সময়ত খুবেই প্ৰয়োজন হৈ পৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments