উৰাজাহাজৰ চাহকাপ- পিংকি বৰুৱা

গাঁৱৰ ঘৰখনত ডাঙৰ পুতেকৰ পৰিয়ালটোৰ লগতে বৰুৱা থাকে৷ বৰুৱাৰ পৰিবাৰ ঢুকোৱা চাৰিবছৰ মানেই হ’ল৷ সৰু পুত্ৰ ৰমেন দিল্লীত থাকে৷ ৰমেন আৰু বোৱাৰী নিশিতা মাল্টিনেচনেল কোম্পানী এটাত চাকৰি কৰে৷ ৰমেন আৰু নিশিতাৰ ল’ৰা সন্তান এটা আছে৷ বৰুৱাই প্ৰায়ে তাক চাব বিচাৰি থাকে৷ নিশিতা বিয়াৰ পিছতেই এবাৰ গাঁৱৰ ঘৰলৈ আহিছিল৷ তাইৰ চাকৰি আৰু ল’ৰাটো সৰু হৈ থকাৰ বাবে তাৰ পিছত আৰু অহা নাছিল৷ ৰমেন মাজে মাজে আহি দেউতাক আৰু ককায়েকৰ খা খবৰ লৈ থাকে৷ বৰুৱাই নাতিটোক বৰকৈ চাব বিচৰাৰ বাবে এইবাৰ ৰমেনে আহি বৰুৱাক দিল্লীলৈ লৈ গৈছিল৷ দিল্লীখনো দেখুৱাব পাৰিব৷ এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখনতে ৰমেনে দেউতাকক লৈ গৈছিল৷ জীৱনত প্ৰথম উৰাজাহাজত উঠিব পাৰি বৰুৱাৰ চকুৰে আনন্দৰ লোতক বাগৰি আহিছিল৷ উৰাজাহাজৰ পৰা তলৰ ওখ ওখ বিল্ডিংবোৰ ক্ৰমান্বয়ে সৰু জুইশলা বাকচটোৰ নিচিনা হৈ পিছত একেবাৰে নেদেখা হৈছিল৷ বিমানখন বহুত ওপৰলৈ উৰি গুচি গৈছিল৷ বৰুৱাই খিৰিকীৰে বাহিৰখন চাইছিল৷ তললৈ চালে একো নেদেখি৷ চাৰিওফালে মেঘ আৰু মেঘ৷ তাৰ মাজে মাজে উৰাজাহাজখন গোঁ গোঁৱাই গৈ আছিল৷ বৰুৱাই কেতিয়াও কল্পনাই কৰা নাছিল এনেকৈ এদিন উৰাজাহাজত উঠিবলৈ পাম বুলি৷ ৰমেনৰ মাক লগত থকাহেঁতেন আজি….

— দেউতা৷ ৰমেনৰ মাতত তেওঁ চঁক খাই উঠিছিল৷
….কিবাকিবি অলপ আছে৷ খাই লওক দেউতা৷ এয়াৰ হোষ্টেছে আগবঢ়াই দিয়া খাদ্যৰ পেকেটটো ৰমেনে লৈ আগৰ ছীটৰ লগত সংলগ্ন ফল্ডিং টেবুলখনত থৈ দিলে৷ ৰমেনে পেকেটটো খোলাত দেউতাকক সহায়ো কৰি দিলে৷ বৰুৱা আচৰিতেই হৈছিল ইমান ধুনীয়া ছোৱালীবোৰে ইমান ধুনীয়াকৈ সাজি কাচি মানুহবোৰক চাহ জলপান দি আছে৷ কি মিঠা ব্যৱহাৰ তেওঁলোকৰ৷ খোৱা বস্তুবোৰ বৰুৱাই খাবলৈ বৰ এটা ভাল নাপালে৷ তথাপিও অলপমান খালে৷ চাহ হে খাবলৈ মন গৈছিল বৰুৱাৰ৷ ভাবোতেই পিছে চাহ আহিল৷ কিন্তু চাহপাত, চেনি, গাখীৰৰ সৰু পেকেটবোৰ বেলেগে বেলেগে দিছিল৷ ৰমেনে চাহকাপ বনোৱাত বৰুৱাক সহায় কৰি দিছিল৷ সেইবোৰ কৰি চাহ খোৱালৈ চেঁচাই হৈছিলগৈ চাহকাপ৷ হ’লেও আকাশৰ ওপৰত চাহ খাবলৈ পোৱাটো কম সৌভাগ্যৰ কথানে? বৰুৱাৰ লগৰ তালুকদাৰ, শইকীয়া, ডেকাহঁতক ক’লে কম জ্বলিবনে তেওঁলোক! বৰুৱাৰ মুখৰ ভিতৰতে হাঁহি বিৰিঙিল৷
দিল্লীত থকা কেইদিন বৰুৱাই দুই বছৰীয়া নাতি ৰোহানৰ লগত হেঁপাহ পলুৱাই খেলিলে৷ বোৱাৰী ৰমেনৰ লগত কামলৈ একেলগে ওলাই যায় বাবে বন কৰা মহিলা এগৰাকীৰ হাততে ৰোহানৰ দায়িত্ব দি থৈ যায়৷ ছাঁয়া নামৰ আদহীয়া মহিলা গৰাকীয়ে পিছে তাৰ ভালকৈয়ে যত্ন লয়৷ তথাপি বৰুৱাৰ বেয়া লাগে নাতিটোলৈ৷ এই বয়সতে মাক দেউতাকে সি পাবলগীয়া মৰম, আব্দাৰৰ পৰা তাক বঞ্চিত কৰিছে৷ আজিকালি মানুহৰ লাহ বিলাহ বেছি হোৱাৰ পৰা মানুহবোৰ টকা ঘটা মেচিনৰ দৰে হ’ল৷ ৰমেনে যিখিনি টকা উপাৰ্জন কৰিছে সেইখিনিৰে তাৰ পৰিয়ালটো ধুনীয়াকৈ চলিব পাৰিলেহেঁতেন৷ বোৱাৰীয়ে চাকৰি বাকৰি নকৰি ল’ৰাটোকে চাব পাৰিলেহেঁতেন….৷ বৰুৱাই ৰোহানৰ লগত খেলি থাকোতে কথাবোৰ ভাবে৷ – ই ডাঙৰ হৈ টকা ঘটা মেচিন এটা হ’বলৈ গৈ আছে৷ মাক বাপেকৰ প্ৰতি টান ভাবটো পিছলৈ ইয়াৰ নোহোৱা হ’ব৷ যেনে পৰিৱেশত ডাঙৰ হৈছে তেনেদৰেই গঢ় লৈ উঠিব৷ ইয়াতকৈ মোৰ গাঁৱৰ ঘৰত থকা নাতি কেইটাই ভাগ্যৱান৷ কম বুলি ভাবিও বৰুৱাই কথাকেইটা ৰমেনক ক’ব নোৱৰে৷
ৰমেনে সময় উলিয়াই বৰুৱাক তাজমহল, লালকিল্লা, কুতুবমিনাৰ আদি পৰ্য্যতনস্থলীবোৰ দেখুৱাইছিল৷ কিতাপত পঢ়িবলৈ পোৱা ভাৰতৰ বিখ্যাত বস্তুবোৰ দেখি বৰুৱাৰ ভাল লাগিল৷ তাজমহলৰ সন্মুখত ৰমেন, বোৱাৰী আৰু নাতিৰ লগত ফ’টোও উঠিলে বৰুৱাই৷ বৰুৱাৰ কথামতে ৰমেনে ফ’টোখন ফ্ৰেম কৰি আনি বৰুৱাৰ হাতত দিছিলহি৷ তাজমহলৰ সন্মুখত পো-বোৱাৰীৰ লগত উঠা ফ’টোখন ওচৰ চুবুৰীয়াক দেখুৱাব লাগিব৷ ৰমেনে তেওঁক বিলাসী হোটেলত নি কেতিয়াও খাই নোপোৱা বিবিধ খোৱা বস্তু খুৱাইছিল৷ ইয়াত খাবলৈ দিয়া মানুহবোৰেও ইমান ধুনীয়াকৈ পৰিপাটীকৈ সাজ পোছাক পিন্ধি থাকে৷ তেওঁলোকৰ তাত বিয়া সবাহতহে মানুহ ইমান ধুনীয়াকৈ সাজ পোছাক কৰি যায়৷ খোৱাৰ পিছতো ৰমেনে খোৱাবস্তু দিয়া মানুহবোৰক বেলেগকৈ পইচা দিয়া দেখিছিল বৰুৱাই৷ ৰমেনক তেওঁ সুধিম বুলি ভাবিও নুসুধিলে৷ বোৱাৰীৰ আগত সুধিবলৈ সংকোচ হ’ল৷ পিছত কেতিয়াবা সুধিব লাগিব৷ এই দামী হোটেলবোৰৰ খাদ্য খাই পিছে বৰুৱাই অলপো ভাল নাপায়৷ উপায় বিহীন হৈহে খাব লগা হৈছে৷ ৰমেনৰ আগ্ৰহক উপেক্ষা কৰিবলৈও ভাল লগা নাই৷ বৰুৱাৰ গাঁৱৰ ঘৰত ডাঙৰ বোৱাৰীজনীয়ে ৰন্ধা মাছৰ টেঙা, ঔ টেঙা মাটিমাহৰ দাইলখন, পুঠি মাছৰ সৰিয়হ দি বনোৱা জোলকনলৈহে বেছিকৈ মনত পৰি থাকে৷ ইয়াত ছাঁয়াই বনোৱা সোৱাদ নোহোৱা কিবাকিবিবোৰ খাই বৰুৱাৰ আমনি লাগি গৈছে৷ বৰুৱাৰ অৱস্থাটো বুজিব পাৰি কেতিয়াবা ৰমেন ঘৰলৈ সোনকালে আহিলে আগতে ৰমেনৰ মাকে বনোৱাৰ নিছিনাকে মাছৰ তৰকাৰী খন সি বনায়৷ সেইদিনা বৰুৱাই পিছে দুগৰাহমান ভাত বেছিকৈয়ে খায়৷ বোৱাৰী পিছে পাকঘৰত নোসোমায়৷
দিল্লীলৈ অহা এমাহ মানেই হৈছিল৷ বৰুৱাই ঘৰলৈ যাবলৈ বৰকৈ মন কৰি থকা বাবে দুদিন পিছতে ৰমেনে গুৱাহাটীলৈ ফ্লাইটৰ টিকট দুটা কাটিছিল৷ ৰমেনে গৈ তেওঁক থৈ আহিবগৈ৷ নাতিটোক এৰি বৰুৱাৰ যাবও মন নাছিল, কিন্তু অনবৰতে ঘৰৰ ভিতৰতে সোমাই থকা পৰিৱেশটো বৰুৱাৰ ভাল নালাগে৷ ইয়াত কথা এষাৰ পাতিবলৈও মানুহ এটা নাই৷ দিনটো ঘৰৰ ভিতৰত সোমাই থকাটো কম ডাঙৰ কথা নহয়৷ একেটা বিল্ডিঙতে ইমানবোৰ মানুহ থাকে অথচ কোনো কাৰোৰে ঘৰলৈ নাহে৷ দৰ্কাৰ নহ’লে কোনেও কাকো নামাতে৷ এনেকৈনো মানুহ থাকেনে! গাঁৱত হ’লে অচিনাকি মানুহ দেখিলে চিনি নাপালেও বৰুৱাই আগ ধৰি মাতি ঘৰলৈ লৈ গৈ চাহ তামোল খুৱাই পঠিয়ায়৷ তাত সময়বোৰ কেনেকৈ পাৰ হয় বৰুৱাই গমকে নাপায়৷ ইয়াত এমাহেই নাযায় নুপুৱায় যেন লাগিছে৷
আজি বৰুৱা নিজৰ ঘৰখনলৈ যাব৷ কোম্পানীৰ ডাঙৰ মেনেজাৰ এজন অহা বাবে ৰমেন যাব নোৱাৰিব৷ টিকট কেঞ্চেল কৰিব লগীয়া হ’ল৷ বৰুৱাক দুদিনমান ৰমেনে ৰাখিছিল যদিও বৰুৱা যাম বুলি আকোঁৰগোজকৈ লাগিল৷ আহোতে কি কি কৰিব লাগে সকলো দেখিছেই বৰুৱাই৷ ইয়াত উঠিব লাগে আৰু গুৱাহাটীত নামিবহে লাগে৷ ঘৰৰ কাষৰ হীৰেণলৈ ফ’ন কৰিলেই সি আহি এয়াৰপৰ্টৰ পৰা বৰুৱাক লৈ যাবহি৷ কথাটো নোহোৱাও নহয় ৰমেনে ভাবিলে৷ ননষ্টপ ফ্লাইট যেতিয়া দিগদাৰ নহ’ব৷ উপায় নাপাই ৰমেনে বৰুৱাক অকলেই পঠিয়াবলগীয়া হ’ল৷ কাগজ এটুকুৰাত ক’ত কি কৰিব লাগিব সকলো লিখি বৰুৱাৰ পকেটত ভৰাই দিলে৷ কিবা অসুবিধা হ’লে ৰমেনলৈ ফ’ন কৰিব দিলে৷ ৰমেনে হীৰেণকো আগদিনাই ফ’ন কৰি বৰুৱাক নিবলৈ পিছদিনা দুঘণ্টাৰ আগতেই এয়াৰপৰ্টলৈ মাতিছে৷
চিকিওৰিটি চেক কৰাই ৰমেনে বৰুৱাক এয়াৰপৰ্টৰ ভিতৰলৈ লৈ গ’ল৷ নিজৰ বাবে গেট পাচ লৈ ৰমেনে বৰুৱাৰ বেগৰ চেকিং কৰা চাই থাকিল৷ বৰুৱা ভিতৰলৈ সোমাই যোৱাৰ পিছতে অফিচৰ পৰা তাক বিচাৰি ফ’ন কৰা বাবে ৰমেন গুচি আহিব লগা হ’ল৷ তাৰ বেয়াও লাগিছিল দেউতাকক অকলে পঠিয়াব লগা হোৱাৰ বাবে৷ দেউতাক আৰু এসপ্তাহমান থকাহেঁতেন সি নিজে থৈ আহিব পাৰিলেহেঁতেন৷ হীৰেণ আহিছেনে নাই বুলি ৰমেনে ককায়েকলৈ ফ’ন কৰোতে গম পালে হীৰেণৰ লগত ককায়েকো এয়াৰপৰ্টলৈ দেউতাকক নিবলৈ আহিছে৷ ককায়েক আহিছে বুলি গম পাই ৰমেনৰ মনটো অলপ ভাল লাগিল৷
ঠিকে ঠাকে বৰুৱা গৈ বিমানত বহিছিলগৈ৷ ৰমেনক ফ’ন কৰি বৰুৱাই কথাটো ক’লে৷ এয়াৰহোষ্টেছৰ কথা মতে বৰুৱাই ফ’নৰ চুইছটো অফ কৰি পকেটত থ’লে৷ অলপ পিছতে উৰাজাহাজ খন উৰিবলৈ ধৰিছিল৷ জীৱনত প্ৰথম অকলে উৰাজাহাজত উঠিছে৷ কিয় জানো বৰুৱাৰ বুকুখন অজান ভয়ত দুৰু দুৰুকৈ কঁপিছিল৷ অকলে অহাৰ বাবেই চাগৈ৷ বৰুৱাৰ কাষতে বাৰ বছৰীয়া ছোৱালী এজনী আৰু দেউতাক বহিছিল৷ তাই বৰুৱাৰ খিৰিকী কাষৰ ছীটটোৰ লগত নিজৰ মাজৰ ছীটটো সলাই লৈছিল৷ বৰুৱাই তাইক কি নাম, ক’ত ঘৰ, কোন ক্লাচত পঢ়া সুধি গৈছিল৷ অলপ পিছতে এয়াৰহোষ্টেছে চাহ আৰু কিবাকিবি লৈ আহিছিল৷ বৰুৱাকো একাপ দিছিল৷ বৰুৱাই অকল চাহকাপ লৈছিল৷ ইয়াৰ খোৱাৰ বস্তুবোৰ তেওঁৰ ভাল নালাগে৷ চাহকাপ পিছে আজি তেওঁ নিজেই বনাই খালে৷ বেয়া নালাগিল৷ লগত বহা মানুহজনৰ লগতো চা চিনাকি হ’ল৷ মানুহজনৰ লগত কথা পাতি বৰুৱাই ভালেই পালে৷ অলপ পিছতে এয়াৰহোষ্টেছ গৰাকীয়ে আহি বৰুৱাক চাহ খোৱাৰ পইচা বিছাৰিলেহি৷ বৰুৱা হতবাক হ’ল৷
– যাওঁতে পইচা দেখোন লোৱা নাছিল৷ এতিয়া যে পইচা লৈছে৷ কাষৰ মানুহজনলৈ চাই বৰুৱাই ক’লে৷

– দি দিয়ক৷ ইয়াত দিব লাগে৷ মানুহজনে বৰুৱাক ক’লে৷
পকেটৰ পৰা দহটকীয়া এখন উলিয়াই বৰুৱাই এয়াৰহোষ্টেছ গৰাকীলৈ আগবঢ়াই দিলে৷ এয়াৰহোষ্টেছ গৰাকীয়ে চকু বহল কৰি দহ টকীয়া খন আৰু বৰুৱালৈ চালে৷ যেন বৰুৱাই নকৰিবলগীয়া বেয়া কাম এটাহে কৰিলে৷ লগে লগে এয়াৰহোষ্টেছ গৰাকীয়ে বৰুৱাক কিবা কিবি ক’ব ধৰিলে৷ তেওঁ তেনেকুৱা ধেমালি ভাল নাপায়৷ চাহৰ সঠিক মূল্য দিব লাগে৷ দহটকীয়া খন আগবঢ়াই কি বুজাব বিছাৰিছে……
বৰুৱা আচৰিতেই হ’ল৷ পইচা দিয়াৰ পিছতো কিয় বকি আছে ছোৱালীজনীয়ে! লগৰ সহযাত্ৰীজনে এয়াৰহোষ্টেছ গৰাকীক অলপ মনে মনে থাকিবলৈ ক’লে৷ বাকী পেচেঞ্জাৰৰ পইচা লৈ আহকগৈ৷ তেওঁ বৰুৱাৰ লগত কথা পাতি ল’ব৷ কিবা এটা ভুল বুজাবুজি হ’ব পাৰে৷ মানুহজনে ইচ্ছাকৃত ভাবে কৰা নাই ছাগৈ৷ তেওঁ পইচা দিব৷
বৰুৱাই নিজেই সহযাত্ৰীজনক ক’লে
– চাহৰ দাম বিচাৰিছে পইচা দিছোঁ নাই লোৱা কিয়?
– খুৰাদেউ চাহৰ দাম দহ টকা নহয়৷

– কিমান নো? মই দহটকা ভাবিহে দিছিলোঁ৷
– এশ টকা খুৰাদেউ৷
– দহ টকীয়া চাহ কাপ এশ টকাত দিব আহিছে৷ একো সোৱাদ নোহোৱা চেঁচা চাহ৷ তদুপৰি নিজে বনাই খাব লাগে৷ ইহঁতে মানুহক ভালকৈয়ে ঠগিছে৷ বৰুৱাই ভোৰভোৰাই উঠিল৷ তেওঁ আগতেই ইমান দাম ল’ব বুলি জনাহেঁতেন কেতিয়াও এনেকুৱা চাহ কিনি নাখালেহেঁতেন৷ সেইদিনা যাওঁতে এপইচাও লোৱা নাছিল৷ বৰুৱাৰ বৰ খং উঠিছিল৷
– খুৰাদেউ সেইদিনাৰ ফ্লাইটখনত খোৱাৰ পইচা আগতেই টিকটতে লৈ থৈছিল চাগৈ৷ সেয়ে আপুনি গম নাপালে৷ ইয়াত খালে পইচা দিব লাগিব৷ আপুনি বাটে ঘাটে দহ টকাত খোৱা চাহ কাপৰ কথা বাদ দি কথা এটা ভাবকচোন খুৰাদেউ৷ আপুনি আকাশৰ ডাৱৰৰ মাজত প্লেনত বহি চাহকাপ খাবলৈ পাইছে, গতিকে অলপ দাম ল’বই৷ দি দিয়ক খুৰাদেউ৷ আপোনাৰ নিচিনা বয়সীয়াল মোৰ দেউতাৰ বয়সৰ মানুহ এজনক সাধাৰণ ছোৱালী এজনীয়ে টানকৈ ক’লে সহ্য কৰিবলৈ বৰ টান পাওঁ৷ খুচুৰা নাই যদি মইয়ে দিওঁ নেকি খুৰাদেউ? সহযাত্ৰীজনৰ কথাখিনিয়ে বৰুৱাক সঠিক পথ দেখুৱালে৷ বৰুৱাই এয়াৰহোষ্টেছ গৰাকীক মাতিলে আৰু দুকাপ চাহৰ অৰ্ডাৰ দিলে৷ একাপ সহযাত্ৰী গৰাকী আৰু একাপ তেওঁৰ নিজৰ বাবে ল’লে৷ বৰুৱাই নিজৰ চাহকাপ এয়াৰহোষ্টেছ গৰাকীক বনাই দিবলৈও ক’লে৷ ছোৱালীজনীকো নুডলচৰ পেকেট এটা কিনি দিলে৷ পাঁচশ টকীয়া এখন হাঁহিমুখে এয়াৰহোষ্টেছ গৰাকীলৈ আগবঢ়াই ক’লে
– কিবা এটা বেচাৰ আগতে ইয়াৰ দাম আৰু মানুহজনে খাবনে নাই সুধিবা৷ কাৰণ আমি সাধাৰণ মানুহ৷ তোমালোকৰ বেপাৰৰ এই পলিচিবোৰ আমি বুজি নাপাওঁ৷
এয়াৰ হোষ্টেছ গৰাকীয়ে বৰুৱাৰ অসমীয়া কথাকেইটা বুজি নাপাই সহযাত্ৰীজনলৈ চাইছিল৷ সহযাত্ৰীজনে ইংৰাজীতে বুজাই দিছিল৷ এয়াৰহোষ্টেছ গৰাকী খঙত নে লাজত ৰঙা চিঙা পৰি তাৰপৰা আঁতৰি গৈছিল বৰুৱাই ধৰিব নোৱাৰিলে৷ সহযাত্ৰীজনে বৰুৱাক চাহ আৰু নুডলচৰ পইচা ঘূৰাই দিব বিচাৰিছিল যদিও বৰুৱাই নল’লে৷ তেওঁ বৰুৱাক আজি ল’ৰাৰ নিচিনাকৈ বহুত সহায় কৰিলে৷ সহযাত্ৰীজনে বৰুৱাক ফ্লাইটৰ পৰা নমাৰ পিছতো বাহিৰত ৰৈ থকা ডাঙৰ পুতেকৰ ওচৰলৈ লৈ গৈছিল৷ তাৰ পিছত তেওঁ ছোৱালীজনীৰ লগত গুচি গৈছিল৷ গাড়ীত বহি যাওঁতে হীৰেণে বৰুৱাক সুধিলে
– বৰদেউতা, উৰাজাহাজত উঠি কেনেকুৱা পালে?

– বহুত ভাল লাগিল৷ ইয়াৰ দহটকীয়া চাহকাপ তাত এশ টকাত কিনি খাই আহিছোঁ বেয়া লাগিবনে… বাকী খিনি কথা বৰুৱাই কাকো কেতিয়াও নকয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments