পিকলু ডেকা আৰু ভিনটেজ কাৰ মিউজিয়াম (মনোৰঞ্জন বৰা)

১৯ জুলাই, ২০১৫ দেওবাৰ। ব্ৰহ্মপুত্ৰ ৰিজ’ৰ্টৰ কাষেৰে যোৱা লুংলুঙীয়া ওখোৰা-মোখোৰা পাহাৰীয়া পথটোৰে আমি আগবাঢ়িছিলোঁ। লক্ষ্য আছিল ভিনটেজ কাৰ মিউজিয়াম। উদেশ্য আছিল আমি নগৰাকী বন্ধু-বান্ধৱীয়ে গৰমৰ বন্ধৰ আজিৰ দিনটোত অলপ সময় ফুৰ্ত্তি তামছা কৰি সময় পাৰ কৰা। চহৰৰ হাই-উৰুমিৰ পৰা আঁতৰত এডোখৰ নিৰ্জন ঠাইৰ নিৰ্বাচনৰ প্ৰসঙ্গ ওলাওটেই বন্ধু ৰিণ্টু পোনচাটেই সোনাপুৰ অঞ্চলৰ এই ঠাই ডোখৰৰ নামটো প্ৰস্তাৱ কৰিলে। আমি বাকীবোৰে মানে ভাস্কৰ, হেমন্ত, যুগল, কাবেৰী, ৰঞ্জিতা, সাগৰীকা, ৰিকু আৰু মই সমৰ্থন জনালোঁ। ব্ৰহ্মপুত্ৰ ৰিজ’ৰ্ট পাৰ কৰিয়েই আমি গাড়ী কেইখনৰ পৰা নামি দি আধা কিলোমিটাৰমান বাট খোজকাঢ়ি আগবাঢ়িলোঁ। কাৰণ গাড়ীত উঠি এই বাটছোৱা গ’লে যেন গাড়ীয়ে বৰ কষ্ট পাব, এনে লাগিছিল। যি কি নহওঁক, দুয়োকাষৰ পাহাৰৰ সেউজীয়া খিনিৰ মাজেৰে খোজ কাঢ়ি আমি আমাৰ গন্তব্য ঠাইটকুৰা পালোঁ। সংগ্ৰহালয়ৰ বাটচ’ৰা পাওঁতেই মনটো ভাবিব নোৱাৰাকৈ ভাল লাগি গ’ল। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া! হৃদয় জুৰাই যোৱাকৈ সকলো সজাবলৈ চেষ্টা কৰিছে পিকলু ডেকাই। বৃত্তিগত ভাৱে ASEB ৰ Junior Engineer তেখেত। একান্ত নিজা প্ৰচেষ্টাত তেখেতে ঠাইডোখৰ সজাবলৈ চেষ্টা কৰি আহিছে। পুৰণি গাড়ী মটৰচাইকেল ঘড়ী ফোন আদিবোৰৰ প্ৰেমত মছগুল এই ব্যক্তি গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আৰু ব্যক্তিৰ ঘৰৰ পৰা সংগহ কৰিছে প্ৰায় ৬০ খনতকৈও অধিক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ গাড়ী, চাইকেল, মটৰচাইকেল বোৰ। হাঁহিমুখীয়া সৰল অন্তৰৰ এই ব্যক্তিজনৰ স’তে প্ৰথম দেখাদেখি হওঁতে অভিভূত হৈ পৰিছিলোঁ আমি। মনৰ কৌতুহল ৰখাব নোৱাৰি বহু কথা সুধিলোঁ। আঁৰ-বেৰ নৰখাকৈ তেখেতেও কৈ গৈছিল কিদৰে সৰুতেই পুৰণি গাড়ী -গুৰাৰ প্ৰেমত পৰিছিল, কিদৰে আৰু কিয় এই পাহাৰীয়া ঠাইটুকুৰাত সংগ্ৰহালয়টো আৰম্ভ কৰিছিল। কেনেদৰে আৰ্থিক অনাটনৰ মাজতো অকণমানো বিচলিত নোহোৱাকৈ আজিকোপতি নিৰৱিছিন্নভাৱে সাধনাত ব্ৰতী আছে তেখেত। মই সুধিছিলোঁ ….আপোনাৰ এখন সংসাৰ আছে, আপোনাৰ স্ত্ৰীৰ ভূমিকা এই ক্ষেত্ৰত কেনেকুৱা। তেখেতৰ উত্তৰ আছিল ভূমিকা অভূতপূৰ্ব। মোৰ প্ৰেমক আদৰি লৈছে মোৰ স্ত্ৰীয়ে সেয়ে চৰম দৈন্যতাৰ সময়তো হাঁহি থাকিব পাৰোঁ। আকৌ সুধিছিলোঁ, আপুনি এই যে সংগ্ৰহালয়টো স্থাপন কৰিছে ইয়াৰ উদেশ্য? তেখেতে ক’লে…. জন্মৰ পাছৰে পৰা নমৰা পৰ্য্যন্ত আমি ধৰুৱা। জীয়াই থাকিবৰ বাবে টকা পইচাৰ প্ৰয়োজন নিশ্চয় আছে, তথাপি কিন্তু সমাজৰ প্ৰতি, নতুন প্ৰজন্মৰ প্ৰতি আমাৰ কিছু ধাৰ থাকি যায়। মোৰ এই প্ৰচেষ্টাত কোনোবাই যদি হৃদয়ৰ অনাবিল শান্তি অলপ সময়ো পায়, তেন্তে অলপ হলেও মোৰ ধাৰৰ বোজা কমিব, সেয়াই মোৰ উদ্দেশ্য। শেষত তেখেতৰ এটা কথাই সঁচাকৈয়ে হৃদয় চুলে। পিকলু ডেকাদেৱে কলে…. আপুনি যদি টেনচনক এনজয়মেণ্ট হিচাপে লয় আপোনাক টেনচনে অস্থিৰ কৰিব নোৱাৰে কোনো কালে! এটা সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত আমি আটায়ে খুউব ফুৰ্ত্তি কৰি এটা সময়ত তাৰ পৰা বিদায় লৈ উভটি আহিলোঁ। ইয়ালৈ অনাৰ বাবে বিশেষভাৱে বন্ধুবৰ ৰিন্টু বৰদলৈক জনালোঁ আন্তৰিক ধন্যবাদ। এই লেখাটোৰ উদ্দেশ্য হ’ল, যাতে গুৱাহাটীৰ গাতে লাগি থকা সোনাপুৰৰ এই সংগ্ৰহালয়টোত এবাৰ গৈ অকণমান সময় আপুনি লব পাৰে কিছু নিৰ্মল আনন্দ আৰু পিকলু ডেকাদেৱক দিব পাৰে কিছু উৎসাহ আৰু উদ্দীপনা। অনুস্থানটো আমাৰ হৈ জী উঠক তাৰেই কামনা। ধন্যবাদ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments