সাংবাদিকৰ দুখ : দিগন্ত চহৰীয়া

মই পঢ়াত বৰ এটা ঠিক নহয় ৷ ঠিক নহয় মানে টাউনত পঢ়িব যাওঁতে চিনেমাৰ হাৱা লাগিল ৷ স্কুলৰ পৰা পলাই চিনেমা চাব ল’লো ৷ ভালদৰে পঢ়া নহ’ল ৷ পঢ়া সময়ত চিনেমাৰ কথা ভাবি থাকিলে কত পঢ়া হব ? গতিকে ৰিজাল্ট ভাল নহল ৷ ক্লাছ নাইনত থাকোতে চিনেমা হ’লৰ গেট-কীপাৰ হ’ম বুলি ভাবিছিলোঁ ৷ যিয়েই নহওঁক, মেট্ৰিক এবাৰতে পাছ কৰিলো ৷ উচ্চতৰ মাধ্যমিকত ৰিজাল্ট ইমান বেয়া নহল ৷ সেই দুবছৰ চিনেমা তেনেকৈ চোৱা নাছিলোঁ ৷ অলপ মনপুতি পঢ়িছিলোঁ ৷ কিন্তুু বি এ-ৰ ৰিজাল্ট ভাল নহল ৷ সেই পুৰণি বেমাৰ ৷ চিনেমা চালোঁ বেছি ৷ পঢ়া ধোৱা চাঙত উঠিল ৷ কোনোমতে বি এ পাছ কৰিলোঁ বাৰু৷ এতিয়া কৰিম কি ? মই সাধাৰণ বি এ পাছ ৷ এই কথা ভাবি থাকোতে এটা সুযোগ পালোঁ ৷ স্থানীয় সংবাদদাতা হোৱাৰ ৷ জনসাধাৰণ পেপাৰৰ মঙলদৈৰ স্থানীয় সংবাদদাতা হ’লো মই ৷ প্ৰথমতে খেলৰ নিউজ পঠাইছিলোঁ ৷ পিছলৈ বেলেগ নিউজো পঠোৱা হ’লোঁ ৷ মই কিমান ভাল লিখিছিলোঁ নাজানো ৷ কিন্তুু মোক দেখোন পেপাৰৰ মুখ্য কাৰ্যালয়ত কাম কৰিবলৈ মাতিলে ৷ মই তেতিয়া ভালদৰে ইংৰাজী নাজানো ৷ পঢ়াত বেয়া আছিলোঁ ৷ কেনেকৈ জানিম ? তথাপি মৰসাহ কৰি জনসাধাৰণ পেপাৰত উপ সম্পাদকৰ পদত যোগদান কৰিলোঁ ৷ মই খেলৰ নিউজ কৰিব লাগে ৷ দৰমহা আছিল মাহে ২,৫০০ টকা ৷ ২০০৫ চনত মোৰ দৰে গাধ ল’ৰাৰ এয়া আছিল উপযুক্ত পাৰিশ্ৰমিক ! যিয়েই নহওঁক, কাম কৰি ভাল লাগিল ৷ ছিনিয়ৰৰ পৰা যথেষ্ট শিকিলোঁ ৷ লাহে লাহে লে-আউট কৰিব পৰা হ’লো ৷ খেলৰ নিবন্ধ লিখিব পৰা হ’লো ৷ বিস্ময়, সাতসৰী, প্ৰান্তিক আদি আলোচনীৰ লগতে অসমীয়া প্ৰতিদিন কাকতত মোৰ খেলৰ নিবন্ধ প্ৰকাশ পাবলৈ ধৰিলে ৷ ২০০৮ চনৰ পৰা ‘প্ৰান্তিক’ আলোচনীৰ ‘ক্ৰীড়াংগন’ শিতান নিয়মীয়াকৈ লিখি আছোঁ বুলি গৌৰৱ কৰিব পৰা হ’লো ৷ মানে গৌৰৱ কৰি কোৱা আৰম্ভ কৰিছিলোৱেই ৷ পিছে এতিয়া বয়স হোৱাত অনুভৱ কৰিছো জীৱনত বৰ ডাঙৰ ভুল কৰিলোঁ ৷ সাংবাদিক হবলৈ আহিব নালাগিছিল ৷ মই উপ সম্পাদক, ইংৰাজীত Sub Editor ৷ শুনিবলৈ বৰ ধুনীয়া আৰু সন্মানীয় এটা শব্দ ৷ চৰকাৰী অফিচৰ বিষয়াৰ সম পৰ্যায়ৰ এটা পদবী ৷ সেয়ে গৌৰৱ অনুভৱ কৰিছিলোঁ ৷ ঠিক একেদৰে পদ মৰ্যাদাৰ দিশৰ পৰা যিহেতু বিষয়া পদ, সেয়ে গুৱাহাটীলৈ আহি যিকোনো ৰুম ভাৰা লবলৈ লাজো লাগিছিল ৷ ছাব এডিটৰ এজন তৰ্জা বেৰ থকা ৰুমত থাকিব জানো ? ‘ষ্টেণ্ডাৰ্ড’ৰ কথা আছে৷ সেয়ে দৰমহা কম হ’লেও বেলেগৰ লগত ‘শ্বেয়াৰ’ কৰি হ’লেও অলপ ভাল ৰুমত থাকিব ললো ৷ এয়া দহ বছৰ আগৰ কথা ৷ এতিয়া মই অনুশোচনাত দগ্ধ ৷ সাংবাদিকতা লাইনলৈ আহিবই নালাগিছিল ৷ এতিয়া ঘূৰি যাবও নোৱাৰো ৷ বহু পলম হৈ গ’ল ৷ মানুহে কয় সাংবাদিকতা পবিত্ৰ বৃত্তি ৷ আচলতে একো পবিত্ৰ বৃত্তি নহয় ৷ এতিয়া সৱতে দালাল সাংবাদিকৰ দৌৰাত্ম্য ৷ প্ৰতিটো ক্ষেত্ৰৰ দৰে এতিয়া সাংবাদিকতা ক্ষেত্ৰতো দুৰ্নীতিয়ে ছানি ধৰিছে৷ বহুত ভাল ভাল কথা কোৱা, প্ৰথম পৃষ্ঠাত ডাঙৰ ডাঙৰ কথা লিখা সাংবাদিক এতিয়া দুৰ্নীতিত বেয়া ধৰণে নিমজ্জিত ৷ সাংবাদিকৰ দৰমহা এনৰেগাত কাম কৰা শ্ৰমিকতকৈও কম ৷ তাৰ পিছতো বহুত সাংবাদিকে আলাদিনৰ চাকি ক’ত পাই সেয়া সঁচাই আচৰিত ৷ আচলতে সাংবাদিকৰ গাত দোষ নাই ৷ মালিক পক্ষই ইমান কম দৰমহাত খটুৱাই যে সাংবাদিকজনে বাহিৰা উৎসৰে ধন ঘটিবলৈ বাধ্য ৷ মই কবলৈ সংকোচ নকৰো ৷ কালচাৰেল পেজ কৰাৰ বাবদ ময়ো থিয়েটাৰৰ পৰা পইচা পাইছিলোঁ ৷ অৱশ্যে মই কাকো পইচা দিবৰ কাৰণে জোৰ কৰা নাছিলোঁ ৷ যি ৫০০ বা ১০০০ টকা পাইছিলোঁ, পাব্লিচিটিৰ বাবে কাম কৰা মানুহে উপযাচি দিছিল ৷ সেইখিনি পইচাৰে মোৰ বহু অভাৱ দূৰ হৈছিল ৷ কাৰণ এতিয়া বয়-বস্তুৰ আকাশলংঘী দামৰ সময়ত মই দৰমহা পাওঁ মাত্ৰ ৮০০০ টকা ৷ গুৱাহাটীত এই আঠ হাজাৰ টকাৰে চলিব পাৰি জানো ? এতিয়া অৱশ্যে নাপাও ৷ গতিকে আকৌ অভাৱ ৷ গাঁৱত বহুতে সোধে মই কিমান দৰমহা পাওঁ ৷ লাজতে ১৫ ৰ ওপৰত বুলি কওঁ ৷ এই যে সাংবাদিকে কম দৰমহা পায় ইয়াৰ বাবে আমাৰ সাংবাদিকেই দায়ী ৷ সাংবাদিকৰ মাজত একতা নাই ৷ ওপৰ লেভেলৰ সাংবাদিকে বিভি
ন্ন উৎসৰ পৰা উপাৰ্জন কৰি ৰাজ অট্টালিকা বনাইছে ৷ কিন্তুু আমাৰ দৰে উপ সম্পাদকে মাহৰ শেষত ধাৰ কৰিবলগীয়া হয় ৷ মালিক পক্ষই এনেকুৱা এটা ‘ছিষ্টেম’ বনাইছে যাতে সাংবাদিকে বাহিৰা পইচা খাই তেওঁলোকৰ শোষণৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ৷ ইয়াৰ ফলত সৎ সাংবাদিক বলিৰ পঠা হৈছে ৷ পৰাগ কুমাৰ দাসৰ আদৰ্শৰ কথা কোৱা বেছিভাগ সাংবাদিকেই দুৰ্নীতিগ্ৰস্ত ৷ গতিকে মই নিজে পৰাগ কুমাৰ দাসৰ আদৰ্শত বিশ্বাসী নহয় ৷ আৰে, মাহৰ শেষত পইচাৰ চিন্তা কৰা সাংবাদিকে কি পৰাগ কুমাৰ দাসৰ আদৰ্শ পালন কৰিব ? উপ সম্পাদক এজনৰ হেনো প্ৰতিটো বিষয়ৰ ওপৰত সম্যক ধাৰণা থাকিব লাগে ৷ মানে সাংবাদিক বা উপ সম্পাদক এজনে যথেষ্ট পঢ়া শুনা কৰাৰ প্ৰয়োজন ৷ পিছে মাহৰ শেষত চাউলৰ চিন্তা কৰা সাংবাদিক, উপ সম্পাদক এজনৰ পৰা সেয়া আশা কৰিব পাৰি জানো ! এইখিনি কথা ক্ষোভত লিখিলোঁ ৷ সাংবাদিকতা বৃত্তি পবিত্ৰ ৷ মাত্ৰ বতাহ খাই সাংবাদিকতা কৰিব পাৰিব লাগিব, তেতিয়া সদায় পবিত্ৰ হৈ থাকিব ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments