শিক্ষকতা জীৱনৰ কিছু অনুভৱ−২,৩ – (নিবেদিতা বৰি)

শিক্ষকতা জীৱনৰ কিছু অনুভৱ−২,৩
-(নিবেদিতা বৰি)


“শিক্ষাৰ কঠিয়াতলি ঘৰখন”
১)
ৰোহিতৰঞ্জন মেধাবী ল’ৰা হিচাপে যিমান জনাজাত শ্রেণীকোঠাৰ এটা মস্ত অঘাইতং বুলিও খ্যাত। শিৱানীয়ে তাৰ বিজ্ঞান বিষয়ৰ বহীখন চাবৰ বাবে বিচাৰি বিচাৰি হায়ৰান হৈছে। First Unit হোৱাৰ আগে আগে বহীবোৰ চাই দি ভুল−ক্রুটি শুধৰাই দিব পাৰিলে আচাৰ্য্যসকলে সকাহ পায়। আজি কিন্তু শিৱানীৰ খঙে সীমা চেৰালে; কাঠৰ স্কেল এপাতেৰে কলাফুলত তাক দুচাটমান দিলে। তেনেতে বেল পৰিলত তাই ক্লাছৰ পৰা ওলাই গল। ৰোহিতৰঞ্জনে মাৰ খাই খঙত একোনাই হৈ আচাৰ্য্য বহা টেবুল−চকী গুৰিয়ালে আৰু তাৰ বিজ্ঞান কিতাপখনৰ সোঁমাজত পেন্সিল কম্পাছৰ জোঙা আগটো সমস্ত জোৰেৰে খুছি খুছি কিতাপখনৰ অৱস্থা নাইকিয়া কৰিলে। তাই কমনৰূম গৈ পোৱাই নাছিল, দুজন ছাত্রই দৌৰি আহি সি কৰা কাণ্ডৰ কথা লগাই দিলেহি। তাই লগে লগে উভতি ক্লাছলৈ গল আৰু বহু ধৈৰ্য্যৰে খং সামৰি দুৱাৰমুখৰ পৰা তালৈ চাই থাকিল। আচাৰ্য্যাক দেখি সি অলপ শান্ত হল আৰু ফোপাবলৈ ধৰিলে। শিৱানীয়ে তাক একো নকলে, কাৰণ এজন ক্লাছ VIIৰ ছাত্রই বহু কথা জানে, উপলব্ধি কৰিব পাৰে। তাই কমনৰূমলৈ উভতি গল।
পিছৰ পাঠদানবোৰত তাই ৰোহিতক কোনো গুৰুত্ব নিদিয়াকৈ পাঠদান কৰি গল; ঘটনাটো ৰোহিতৰ ঘৰত গম পালে ছাগৈ। তিনি দিনৰ পাছত তাৰ মাক স্কুললৈ আহিল। তামোল−পাণ এযোৰেৰে ৰোহিতক গুৰুসেৱা কৰিবলৈ দি ক্ষমা খুজালে।
: “দেউতাকে ঘৰ বনোৱা কামত ব্যস্ত হৈ পৰাত তাৰ প্রতি মনোযোগ দিব পৰা নাই, সেইকাৰণেই নেকি তাৰ খং আৰু ক্ষোভ বাঢ়ি গৈছে”।
মানুহজনীয়ে কথাখিনি কওঁতে চকুহাল পানীৰে উপচি পৰিছিল আৰু মাতটো থোকাথুকিকৈ ওলাইছিল।

২)আজি বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিলে; ১১ বজাৰ লগে লগে মার্কচিট লবলৈ অভিভাৱকসকলে ভিৰ কৰিলেহি। নিজ নিজ সন্তানৰ মার্কচিট লৈ কোনোজনে আনন্দতে আচাৰ্য্যসকলক চাহ−তামোলপাণ খুৱাইছে, কোনোজনৰ মুখত অসন্তুষ্টি দেখা গৈছে, কোনোজনে আচাৰ্য্যসকলৰ ওপৰতে ভাল−বেয়া মন্তব্য আগবঢ়াইছে। মুঠতে ১বজাত মার্কচিটৰ বজাৰ সামৰি অভিভাৱকসকল ঘৰলৈ যাব পৰা হ’ল। শিৱানীও ঘৰলৈ বুলি আহি পংকজৰ ৰিজাল্টৰ খবৰ লওঁ বুলি তাৰ ঘৰত সোমাল। পংকজক বিচনাত পৰি থকা দেখি আৰু মাকে উচুপি উচুপি কান্দি থকা দেখি শিৱানী আচৰিত হল।
:কি হ’ল পংকজ?
শিৱানীক দেখি পংকজৰ মাকে ক’লে−−−
“অ’ মাষ্টৰনী নেকি, বহক। আমাৰনো দুখৰ খবৰ কি ল’ব! ফেল কৰা মার্কচিটখন দেখি বাপেকে পুতেকক উৰাই−ঘূৰাই পিটিলে আৰু খঙেৰে ঘৰৰ পৰা ওলাই গল”।
মাকৰ কথা শুনি শিৱানী অবাক হল। তাইটো জনামতে পংকজে ফেইল কৰা নাই; তাই তাৰ মার্কচিটখন চালে−−−শতকৰা ৫৮ নম্বৰ পাই দ্বিতীয় বিভাগত উত্তীর্ণ বুলি লিখা আছে। শিৱানীয়ে পংকজৰ মাকক মার্কচিটখন পঢ়ি বুজাই দিলে পুতেকে কি বিষয়ত কিমান নম্বৰ পাইছে, ইউনিটৰ পৰা অহা কিমান শতাংশ লোৱা হৈছে, ছয়মাহিলীৰ পৰা কিমান শতাংশ লৈছে, বছেৰেকীয়াত কিমান নম্বৰ পাইছে আৰু তাৰ বর্তমান নতুন শ্রেণীত হব লগা ৰোল নম্বৰ।
মাকে দুখেৰে ক’লে—
: “হয় জানো! শর্মা আচাৰ্য্যই চোন দেউতাকৰ পৰা মার্কচিটখন চাই ল’ৰা বেয়া হৈছে বুলি কৈ থৈ গ’ল। বাপেকে ল’ৰাই ফেল কৰিলে বুলি বুজি মাক−পুতেকক কিলাই−ভুকুৱাই ঘৰৰ পৰা ওলাই গৈছে”।
শিৱানীয়ে এটা হুমুনিয়াহ কাঢ়িলে। হাজাৰ টকা−পইচা থাকিলেও মাক−দেউতাক অলপ হলেও শিক্ষিত হব লাগে।
৩)
: “আচাৰ্য্যা, দীপজিতে কান্দি আছে”।
: “চাওঁ দীপজিত,এইপিনে আঁহা”
অঙ্কুৰ শ্রেণীৰ ছাত্র দীপজিতে আজি স্কুললৈ অহাৰে পৰা কান্দি আছে। শিৱানীয়ে মৰম কৰি তাক নানাকথা সুধিছে, তথাপি তাৰ কান্দোন বন্ধ নহয়। উপায় নাপাই তাই দীপজিতক লৈ শ্রেণীকোঠাৰ বাহিৰ ওলাল। তাক অলপ বাহিৰত ইটোসিটো দেখুৱাই তাইৰ বেগত থকা মর্টন এটা খুৱাই মন ভাল লগাই শ্রেণীকোঠালৈ লৈ আহিল। এইবাৰ তাৰ মুখ খোল খালে। সি উচুপি উচুপি ক’লে—“কালি ৰাতি পাপাই মাক খুব পিটিলে। পাপাই ৰঙাবটল খাই মাক সদায় পিটে”। কৈ কৈ সি উচুপি থাকিল।
দীপজিতৰ কথা শুনি শিৱানীৰ এটা হুমুনিয়াহ ওলাই আহিল। সঁচাই অতি দুর্ভাগ্যজনক আৰু লাজ লগা কথা। শিশু হ’ল এখন ঘৰৰ প্রতিচ্ছবি। শিশু এটিৰ লগত দুই এটা কথা পাতিলেই ঘৰখনৰ আৰু লগতে পৰিবেশ এটাৰ উমান পোৱা যায়। শিশু এটিয়ে যি শিকে বেছিভাগ ঘৰৰপৰাই শিকে। জন্মৰ পিছৰ পৰাই মাক−দেউতাকৰ লগত থাকি শিশুৱে ভাষা, শিক্ষা, ভদ্রতা, নম্রতা, ক্ষমা, সত্যবাদী আদি গুণবিলাক শিকে। সেয়েহে এটি শিশুক উপযুক্ত ঘৰুৱা পৰিবেশ দিবলৈ যত্নপৰ হ’ব লাগে যাতে শিশুটিৰ আবেগ−অনুভূতি আদিৰ সুস্থ বিকাশ হয়।


দোষ কাৰ?
প্রজ্ঞাপ্রিয়াৰ স্কুলত সদায় কাঠপেঞ্চিল আৰু ৰবৰ হেৰায়; সেইবাবে মাকৰপৰা সদায় তাই গালি খাব লগাত পৰে। আনকি কিতাপৰ দোকানত তাইৰ মাকক দেখিলেই মাকে খোজাৰ আগতেই দোকানীয়ে কাঠপেঞ্চিল আৰু ৰবৰ এডোখৰ উলিয়াই দিয়ে। মাকে স্কুলত আচাৰ্য্য−আচাৰ্য্যা সকলক আপত্তি দর্শাইও বিশেষ সুফল নাপালে। কাঠপেঞ্চিল আৰু ৰবৰ হেৰায়েই থাকিল। শিৱানীৰো কথাটো দৃষ্টিগোচৰ হ’ল আৰু শ্রেণীত তাই অনুসন্ধান আৰম্ভ কৰিলে। তাই দেখিলে যে প্রজ্ঞাপ্রিয়াৰ কাষত বহে দুষ্টৰো দুষ্ট অঘাইটং বুলি খ্যাত ডেভিদ। পিছে তাই বিশেষ সফল নহ’ল।
হঠাৎ এদিন ডেভিদৰ মাক স্কুললৈ আহিল হাতত এগালমান ৰবৰ আৰু কাঠপেঞ্চিল লৈ। ডেভিদৰ মাকৰ ভাষ্য − “ডেভিদৰ গাৰুৰ কভাৰৰ ভিতৰত এইখিনি বস্তু সোমাই আছিল। কালি গাৰুকভাৰটো ধুবলৈ বুলি খুলোতেই কাঠপেঞ্চিল আৰু ৰবৰ এসোপা ওলাই পৰিল। সি মাকৰ আগত হৈ কাঢ়িছে যে এইবোৰ লগৰ বন্ধু−বান্ধবীৰ পৰা চুৰি কৰা। লৰাৰ ভয়ঙ্কৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মাক হাজিৰ।
আগৰ তুলনাত আজিকালিৰ ল’ৰা−ছোৱালীক পিতৃ−মাতৃয়ে অভাৱৰ বিষয়ে জানিবলৈ নিদিয়ে। লৰা−ছোৱালীয়ে প্রয়োজনতকৈ বেছি সুবিধা পায়হে। তেনেক্ষেত্রত ডেভিদে কিয় এনে কৰিছে? নে তাৰ চোৰ প্রকৃতি এটা সৰুৰে পৰা আছেই !
অলপ দিনৰ পিছত অনুসন্ধান কৰি তাই বেমাৰৰ গুৰি ক’ত ধৰিব পাৰিলে−−−
ডেভিদ এটা তোলনীয়া ল’ৰা। সন্তানহীন মাক−দেউতাকে ডেভিদক চিকিৎসালয়ৰ পৰা লৈ আহিছিল আৰু নিজৰ সন্তানৰ দৰে তুলিছিল।
তাৰ কপাললৈ দুৰ্য্যোগ নামি আহিছিল যেতিয়া তাৰ ভাইটি এটা জন্ম হ’ল। নিজৰ তেজৰ সন্তান; মূৰত থলে ওকণিয়ে খাই, মাটিত থলে পৰুৱাই খায়। লাহে লাহে ডেভিদ ঘৰখনত যেন অৱহেলিত হৈ পৰিল। দেউতাকৰ পৰা মৰম পালেও সি যেন মাকৰ আগৰ মৰমবোৰৰ পৰা বঞ্চিত হৈছে! তাৰ মন বিদ্ৰোহী হৈ পৰিছে। বিশেষকৈ সি যিটো বিচাৰে সেইবিলাক যেন আজিকালি নাপায়!
সি স্কুললৈ প্রায়ে অপৰিস্কাৰ হৈ অহা দেখা যায়, যাৰ বাবে সি নিজে হীনমন্যতাত ভূগিছে। তাৰোপৰি আজিকালি সি পঢ়া−শুনাতো লগৰবোৰতকৈ বহু পিছপৰি গৈছে। যিদিনাখন দেউতাকে তাক সৰু পেঞ্চিলডোখৰ বাঁহৰ নালত লগাই দীঘল কৰি দিলে সেইদিনা সি লগৰ সমনীয়াৰ আগত লাজত অসহায় অনুভৱ কৰিছিল আৰু তাৰমনত দুষ্ট বেয়া বুদ্ধি খেলাবলৈ ধৰিলে আৰু আৰম্ভ হৈ গ’ল তাৰ পেঞ্চিল আৰু ৰবৰ চুৰি কাৰ্য্য।
শিৱানীয়ে ভাবিলে—“আমাৰ সৰুকালত বাঁহৰ নালত ফলিগুটি ভৰাই দীঘল কৰা হৈছিল, কিন্তু আজিকালি সপ্তাহে প্রতি ল’ৰা−ছোৱালীবিলাকে কলম−পেঞ্চিল কিনে। আমিটো আগতে এটা ফাউন্টেন পেনেৰে গোটেই বছৰ চলাই দিছিলো; মাত্ৰ নিব আৰু চিঁয়াহী কিনিব লাগে। আজিকালি ডট জেলপেন সপ্তাহে সপ্তাহে ল’ৰা−ছোৱালীয়ে ব্যৱহাৰ কৰে”।
এই ডেভিদহঁতৰ নিচিনাসকলৰ স্বভাৱ গঢ় লোৱাত দায়ী কোন? এই চুৰ প্রকৃতি সি ইমানতে এৰিবনে? ই যেন আচাৰ্য্যসকলৰ বাবে এটা সাঁথৰ হৈ ৰ’ল।

(ক্ৰমশ:)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments