শৈশৱতে ধেমালিতে -(মনজিত বৰা )

“ভূত ভূত কি যে অদ্ভুত”

গৰমৰ দিন। সন্ধিয়াৰ সময়। বিদ্যুতৰ পৰশৰ পৰা বঞ্চিত হৈ থকা এখন গাঁৱৰ চিনাকী গাঁৱলীয়া পৰিবেশ। হাতত গামোচাখন লৈ মহ খেদি খেদি কথাৰ মহলাত ব্যস্ত কেইজনমান লোক। সেইয়া পাপুহঁতৰ চোতাল। প্ৰকৃততে তেওঁলোক গোট খাইছিল পাপুহঁতৰ কলা-বগা টিভিটোত ৭ বজাৰ বাতৰি চাবলৈ, কিন্তু আজি আকৌ বেটাৰিৰ চাৰ্জ নাই। । সেয়ে আজি কেবল আদ্দা। আজিৰ আদ্দাৰ বিষয় ভূত। ওচৰৰ গাঁও এখনত বোলে ভূত ওলাইছে। দিন ৰাতি ছেদ-ভেদ নোহোৱাকৈ শিলগুটি দলিয়াই আছে মানুহ এঘৰত। তাৰ আলমতে বিভিন্নজনে কৈ গৈছে নিজৰ নিজৰ ভূতৰ অভিজ্ঞতা । তেওঁলোকৰ কথাৰ মহলাত ভাগ নললেও চুপচাপ কাহিনী শুনি আছে পাপুৱেও। কণ খুৰাকে কৈছে কেনেকৈ ৰাতি ভাওনা চাই আহোঁতে কলিমন বেজৰ ঘৰৰ সন্মুখত চৰি থকা বগা ঘোঁৰাটো তেওঁৰ চকুৰ আগতে নাইকিয়া হৈ গৈছিল। বেজে বোলে ভূত পোহে। কুঁহিৰাম বৰদেউতাকে কৈছে তেওঁ মৌজাদাৰৰ ঘৰৰ পৰা সকাম খাই পথাৰৰ মাজেদি আহোঁতে গাঁওৰ এমূৰৰ বাঁহনিডৰাত যখিনীয়ে কেনদৰে হাঁহি আছিল আৰু তেওঁ কেনেকৈ নামঘোষাখন বুকুত লৈ প্ৰাৰ্থনা গাই বাঁহনিডৰা পাৰ হৈছিল। সেইদিনা বোলে নামঘোষাখন নথকা হ’লে তেওঁক যখিনীয়ে ধৰিলেহেঁতেন যে খাটাং। মুঠতে চাৰিওফালে ভূতৰ জয়জয়কাৰ। এনেইও ডাঙৰৰ আদ্দা শুনি ভাল পায় পাপুৱে, তাতে আকৌ ভূতৰ আদ্দা, বিৰাট ৰস পাইছে সি। পিছে আদ্দাৰ সময় বাঢ়ি যোৱাৰ লগে লগে তাৰ কিন্তু উচপিচনিও আৰম্ভ হৈছে, কাৰণ সি আদ্দাত সক্ৰিয় অংশগ্ৰহণ কৰিব পৰা নাই। লগৰ লৰাৰ আদ্দা হোৱা হ’লে সি ইমান সময় তিনিটামান কাহিনী শুনালেহেঁতেন। পিছে এতিয়াৰ কথাটো অলপ বেলেগ। দেউতাক আছে আদ্দাত। দেউতাকলে ভয় খায় সি বহুত, কাৰণ তেখেতে কেতিয়া ধমকি দি দিয়ে একো ঠিক নাই। তথাপি মনে মনে ভাৱিছে সি,
-” কালি কুশলে কোৱা কাহিনীটোকে কৈ দিওঁ নেকি, সেই যে সিহঁতৰ মোমায়েকৰ ঘৰত ভূত ওলাইছিল আৰু বেজে ভূতক পিটি পিটি খেদাৰ সময়ত ভূতক কৈছিল চিন দি যাবলে আৰু ভূতে যাবৰ সময়ত আমগছৰ ডাল এটা ভাগি থৈ গৈছিল।” নাই নাই এই কাহিনীটো ইমান ভাল নহ’ব, লগৰকেইটাক মই কোৱা কাহিনীটোকে কওঁ, ভা‌ৱি ভা‌ৱি কাহিনীটো সজালে সি, “আমাৰ মামাৰ ঘৰতো ভূত ওলাইছিল। বেজে সোধাত কৈছিল সি ক’লা জামুক গছজোপাত থাকে। আৰু বেজে তাক যাদুৰ দ্বাৰা খেদাৰ পাছত, পিছদিনা জামুক গছজোপা শুকাই গৈছিল আৰু গছজোপাৰ তলত ঢোৰা কাউৰি এটা মৰি আছিল।” নাই পিছে মামাৰ ঘৰত ভূত ওলোৱাই নাই। মাহঁতে গম পাই যাব মই মিছা কৈছোঁ। কি কৰা যায় ? ঠিক আছে লগৰ এটাৰ ঘৰত হোৱা বুলি কম, গম নাপাব সচাঁ নে মিছা। মুখখন উজ্বলি উঠিল পাপুৰ। সি একো নভবাকৈ আৰম্ভ কৰি দিলে,
-“এবাৰ জানে, ”
-“আৰে তই পঢ়িব নগৈ ডাঙৰৰ লগত সমানে সমানে কথাৰ মহলা মাৰি আছ? যা হাত ভৰি ধুই কিতাপ পঢ়।” সি মুখ খোলাৰ লগে লগে দেউতাকৰ বজ্ৰ-কঠোৰ মাত তাৰ কাণত পৰাত উচপ খাই উঠিল সি। “ইচ, ছমহীয়া পৰীক্ষা গৈছে হে, পঢ়িবলে খেদিব হ’লেই। আৰু মইও কিয় যে মাত মাতিছিলোঁ , এতিয়া শুনাৰো মুদা মৰিল।” খং উঠি গ’ল তাৰ। পিছে খং কৰি কি লাভ, সৰু হোৱাৰ এইয়াই শাস্তি, ভাবিলে সি।
-” গ’লি নে তই, নে দুচাট মান লাগে” দেউতাকৰ উচ্চবাক্য চলিয়ে আছে।
-“যাওঁ যাঁও” ভুৰভুৰাই উত্তৰ দিলে সি।
-“যা, প্ৰথমে টিউবৱেলত গৈ হাত ভৰি ধুই ল।তাৰ পাছত কিতাপ পঢ়। ” আদেশৰ বানপানী বোৱাই আছে দেউতাকে।
-“চে: এতিয়া কি কৰা যায়। ইমান ভাল আদ্দাতো আধাতে এৰিব নোৱাৰি, কিন্তু এইবাৰ আদ্দাত গ’লে যে দুচাটমান পাম সেইয়া খাটাং ।” হাতভৰি ধুই থাকোতে ভা‌ৱিলে সি। কিবাকিবি ভা‌ৱি ইফালে সিফালে চাই থাকোতে হঠাৎ প্ৰশান্তহঁতৰ বাৰীৰ চুকৰ কোঁটকোৰা গছজোপাত চকু পৰিল তাৰ। সেইজোপাৰ গুৰিতে প্ৰশান্তহঁতৰ জন্মতে ঢুকোৱা কেঁচুৱাটো পুতিছিল। কথাটো মনত পৰা লগে লগে বুধি এটা খেলালে তাৰ মূৰত, আৰু লগে লগে চিঞঁৰি উঠিল সি,
-“ভূত ঐ, খালে ঐ, মা ঐ”
তাৰ চিঞঁৰ শুনি সকলো দৌৰি আহিল তাৰ ফালে।
-“কি হ’ল কি হ’ল, ক’ত দেখিলি, কি দেখিলি? ” আটাইকেইজনে প্ৰাই একেলগেই চিঞঁৰি উঠিল।
-“সেই তাত, কিবা এটা আছিল, ভূত ভূত।” কোঁটকোৰা জোপাৰ ফালে আঙুলিয়াই দেখালে সি। লগে লগে পাপুক লৈ ব্যস্ত হৈ গ’ল সকলো।
-“ধেৎ, ভূতলে ভয় কৰে হ’বলা? সন্ধিয়াতে ভূত নোলাই নহয়, তথাপি ভূত দেখিলে, সৰিয়হ চতিয়াই দিবি ভূত পলাব, নহলে মাটিৰ চপৰাত প্ৰস্ৰাৱ কৰি মাৰি দিবি ভূত পলাব, নহলে “মুক্তিত নিস্পৃহা যিটো” গাই দিবি ভূত পলাব,,,,,,,,” মুঠতে ভূত খেদাৰ অলেখ বুধি দিলে সকলোৱে। “হ’ব আহ এতিয়া মোৰ লগত বহিবি” ভুত দেখি ভয় খোৱা বুলি তাক লৈ গৈ কাষতে বহাই ললে কণখুৰাকে। লাহে লাহে কথাৰ মহলা আৰম্ভ হলে আকৌ। আৰু মুখত মিচিকিয়া হাঁহি এটালৈ খুৰাকৰ কাষত বহি চুপচাপ শুনি গ’ল পাপুৱে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments