সপোন (অনুপমা বৰগোহাঁই)

“History is created by people. Each individual is a key protagonist in that endeavor. Instead of relying on others, we must enact our own great drama of creativity. Then we can break through the shell of our limited self, advancing and improving ourselves day after day.”

সাধাৰণ মানুহেই বুৰঞ্জী সৃষ্টি কৰে। প্রতিজন মানুহেই বুৰঞ্জী সৃষ্টিৰ প্রচেষ্টাত নিজৰ অমূল্য অৱদান আগবঢ়াই একোজন তাৰকা হ’ব পাৰে। পৰিবৰ্তনৰ বাবে লোকৰ ওপৰত নিৰ্ভৰ কৰি হাত সাৱটি বহি নাথাকি সামৰ্থ্যৰ ভিতৰত থকা কামবোৰ সততাৰে কৰি গ’লেই নিজৰ ভিতৰত সোমাই থকা তাৰকাজনক উদ্ধাৰ কৰিব পাৰি।

এই পৃথিৱীত বিনামূল্যে পোৱা অমূল্য বস্তু দুবিধ হ’ল পানী আৰু বায়ু। পৃথিৱীৰ সকলো জীৱৰ বাবেই নিৰ্মল বায়ু, স্বচ্ছ জলধাৰা অপৰিহাৰ্য। কিন্তু আমি মনুষ্য জাতিয়ে প্রকৃতিৰ নিৰ্মল বায়ু, স্বচ্ছ জলধাৰাক আমাৰ স্বাৰ্থপৰতাৰ বাবেই প্রদূষিত কৰি গৈ আছোঁ। আমাৰ আৰাম, স্বচ্ছন্দতা আৰু শান্তিৰ বাবে প্রকৃতিক বিপৰীত দিশে ঘূৰাবলৈ চেষ্টা কৰি জীৱনটো অশান্তি, উৎকণ্ঠা আৰু অসহজ কৰি গৈ আছোঁ। আমি বাৰু কেতিয়াবা ৰৈ ভাবিবলৈ চেষ্টা কৰিছোঁনে – কিহৰ বাবে এই অশান্তি, উৎকণ্ঠা, মাৰ-পিট, হিংসা, প্রতিহিংসা?? সকলোৱে নিজৰ সপোনৰ পিছে পিছে দৌৰিছে। সোণৰ অসম – সোণৰ ভাৰত – এই সকলোবোৰ একোটাহঁত সপোন! কিন্তু শান্তি আৰু সততাৰ অবিহনে এই সপোনবোৰ ফলবতী হ’বনে? আমি বাৰু কিমানে পৰস্পৰৰ হৃদয়ৰ ওচৰ চাপিছোঁ! কিমানে পৰস্পৰৰ হৃদয়ৰ ভাষা পঢ়িব পাৰিছোঁ! হৃদয়ৰ দুৱাৰবোৰ খুলিব নোৱাৰিলে সপোন কেতিয়াও ফলবতী নহয়।

প্রায় দুহেজাৰ বছৰৰ আগত চীন চেশত য়াও নামৰ এজন মহান সম্রাট আছিল। সিংহাসনত বহাৰ দিনৰ পৰাই তেওঁ নিজৰ জীৱনটো প্রজাৰ হিতৰ বাবে সমৰ্পণ কৰিবলৈ প্রতিজ্ঞাবদ্ধ হৈছিল। তেওঁৰ শাসন কালত পঞ্চাশ বছৰ ধৰি দেশত কেনো অশান্তি, হিংসা, বিপ্লব হোৱা নাছিল। চাৰিও দিশে কেৱল শান্তি আৰু শান্তি। ইমান বেছি শান্তি আৰু নীৰৱতাই সম্রাট য়াওৰ মনলৈ অশান্তি আনি দিছিল। তেওঁৰ মনলৈ বাৰে বাৰে ভাব আহিছিল –সঁচাকৈয়ে বাৰু মোৰ দেশৰ সকলো প্রজা শান্তিত আছে নে? সকলো প্রজা সঁচাকৈয়ে সুখীনে? ..এনেবোৰ চিন্তা-ভাবনা কৰি এদিন মাজৰাতি সম্রাট য়াও প্রসাদৰ পৰা ওলাই গ’ল। ছদ্মবেশ ধাৰণ কৰি তেওঁ দেশৰ সাধাৰণ প্রজাগণৰ মাজত নিজে বিলীন হৈ পৰিল। এদিন এনেকৈ ঘুৰি ফুৰোঁতে এখন সৰু গাঁৱৰ পথাৰ এখনত কেইটিমান সৰু ল’ৰা-ছোৱালীয়ে হাতত ধৰা ধৰি কৰি গান গাই গাই কিবা খেলি থকা দেখিলে। সম্রাট য়াওৱে ল’ৰা-ছোৱালীকেইটিৰ ওচৰলৈ গৈ গানটো শুনিলত মনটো সন্তোষ্টিৰে ভৰি পৰিল। ল’ৰা-ছোৱালীকেইটাই সম্রাট য়াওৰ প্রশস্তি গীত গাই আছিল। কিন্তু কিছু দিনৰ পিছত সম্রাট য়াওৰ মনত পুনৰ অশান্তিৰ সৃষ্টি হ’ল– তেওঁ ভাবিলে প্রজাগণৰ সঁচাই সুখী হয় জানো! কেৱল সৰু ল’ৰা–ছোৱালীকেইটিমানৰ প্রশস্তি গীত শুনিয়েই জানো সকলো প্রজা সুখে–শান্তিৰে আছে বুলি ধাৰণা কৰি লোৱাটো উচিত হ’ব জানো!! তেওঁ আকৌ ছদ্মবেশ ধাৰণ কৰি প্রজাৰ মাজত উপস্থিত হ’ল। এইবাৰ তেওঁ চহৰৰ উপকণ্ঠত এজন বৃদ্ধ খেতিয়কে কাঠৰ টঙি ঘৰ এটাত বহি আনন্দৰে গাই থকা শুনিলে–

বেলি ওলালেই আমি যাওঁ
ধাননি পথাৰলৈ––আহাৰ গোটাবলৈ
বেলি ডুবিলেই আমি যাওঁ
নিজৰ ঘৰলৈ––শেতেলীত পৰিবলৈ
সুন্দৰ সপোন
শান্তিৰ নীড়
আমাক আৰু কি লাগে––
হ’ব পাৰে সম্রাট মহানৰো মহান
আমাৰ শান্তিৰ সপোনত
তেওঁৰ নাই কোনো প্রভাৱ!

খেতিয়কৰ গানটো শুনি সম্রাট য়াও কিছু সময় থমকি ৰ’ল। তেওঁ ভাবিলে –

খেতিয়কৰ হৃদয়ৰ পৰা ওলোৱা গীতটোৱে চোন পৰোক্ষ ভাৱে তেওঁকে প্রশস্তি কৰি গোৱা হৈছে! এখন দেশৰ প্রজাই যদি বেলি ওলালেই আনন্দৰে নিজৰ কাম কৰে – বেলি ডুবিলে নিজৰ ঘৰত নিশ্চিন্ত মনে শুবলৈ পাৰে – তাৰ অৰ্থ হ’ল দেশৰ প্রজাগণ শান্তিত আছে। দেশৰ শাসন কৰ্তাৰ প্রভাৱৰ পৰা সাধাৰণ জনগণ মুক্ত। ৰজাৰ ভয়, শাসনকৰ্তাৰ মইমতালি, অন্যায়, স্বজনপ্রীতি আদিৰ পৰা মুক্ত এখন দেশ সঁচায়ে সপোনৰ দেশ – শান্তিৰ দেশ। এনে এখন দেশত প্রতিজন ব্যক্তিৰ সৰ্বতোপ্রকাৰে বিকাশ অনিৰ্বায!

সম্রাট য়াওৰ দৰে এজন শাসনকৰ্তা –বেলি ওলালেই আনন্দৰে নিজৰ কাম কৰিবলৈ ওলাই যাব পৰা আৰু বেলি ডুবিলে নিজৰ ঘৰত নিশ্চিন্ত মনে শুবলৈ পৰা – এনে এটা পৰিবেশেই মোৰ মাতৃভূমিৰ বাবে সপোন! আমি সকলোৱে হৃদয়ৰ দুৱাৰ খুলি ৰাখিলেহে, পৰস্পৰৰ হৃদয়ৰ ভাষা বুজি পাম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments